Class 8 Assamese Chapter 6 Question Answer | প্ৰগতিৰ সোণালী বাট

শ্ৰেণী (Class)অষ্টম শ্ৰেণী (Class 8)
পাঠ (Lesson)প্ৰগতিৰ সোণালী বাট (Class 8 Assamese Chapter 6)
সমাধানপাঠভিত্তিক প্ৰশ্ন উত্তৰ
বিষয় (Subject)অসমীয়া
মাধ্যম (Medium)অসমীয়া
পাঠ্যক্ৰমNCERT

আপুনি Assamese Medium ৰ অষ্টম মান শ্ৰেণীৰ শিক্ষাৰ্থী নেকি? আপুনি Class 8 Assamese Chapter 6 Question Answer তথা প্ৰগতিৰ সোণালী বাট নামৰ অধ্যায়ৰ প্ৰশ্ন উত্তৰ বিচাৰি আছে নেকি, তেন্তে এই লিখনি আপোনাৰ বাবেই। আমি আজি ইয়াত Class 8 Assamese Chapter 6 Question Answer আলোচনা কৰিছো।

ইয়াৰ লগতে আমি ইয়াত Class 8 Assamese Chapter 1 Question Answer [নিয়ৰৰ প্ৰশ্ন উত্তৰ], Class 8 Assamese Chapter 2 Question Answer [যুগমীয়া শৰাইঘাটৰ প্ৰশ্ন উত্তৰ], Class 8 Assamese Chapter 3 Question Answer [এন ফ্ৰেঙ্কৰ ডায়েৰীৰ প্ৰশ্ন উত্তৰ], Class 8 Assamese Chapter 4 Question Answer [জাগা জননীৰ সন্তানৰ প্ৰশ্ন উত্তৰ] Class 8 Assamese Chapter 5 Question Answer [ভক্তপ্রাণ প্রহ্লাদ প্ৰশ্ন উত্তৰ] আলোচনা কৰিছো, ইয়াৰ পৰা আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি পঢ়িব পাৰে।

আপুনি যদি পঢ়ি উপকৃত হৈছে, তেন্তে আপোনাৰ আন আন বন্ধুবান্ধৱী সকলৰ সৈতে ভাগ বতৰা কৰক যাতে সিহঁতে পঢ়ি উপকৃত হব পাৰে। ইয়াৰ ওপৰিও যদি আপোনাৰ কিবা অসুবিধা থাকে তেন্তে অনুগ্ৰহ কৰি Comment Section ত জনাব নাইবা Assamese Medium Facebook PageFollow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে কৰিব পাৰিব। আমি আপোনাৰ যিকোনো সমস্যাৰ সমাধান যথা সময়ত দিবলৈ প্ৰয়াস কৰিম।

Class 8 Assamese Chapter 6 Question Answer

Class 8 Assamese Chapter 6 Question Answer । পাঠভিত্তিক ক্রিয়াকলাপ

ক – পাঠভিত্তিক ক্রিয়াকলাপ

২। উত্তৰ দিয়া

(ক) হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লােকে লােকাৰণ্য হােৱাৰ কাৰণ কি?
উত্তৰঃ হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লােকে লােকাৰণ্য হােৱাৰ কাৰণ হ’ল অঞ্চলটোৰ মহিলাসকলে তাত আত্ম সহায়ক গােটৰ প্রদর্শনী পাতিছে।

(খ) প্রদর্শনীখন কোনে পাতিছিল?
উত্তৰঃ প্রদর্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল।

(গ) মানুহে ভিৰকৰা বিপণিখনত কি প্রদর্শন কৰা হৈছিল?
উত্তৰঃ মানুহে ভিৰ কৰা বিপণিখনত এড়ী পলু পােহাৰপদ্ধতি প্রদর্শন কৰা হৈছিল।

(ঘ) অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গােটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছিল?
উত্তৰ: অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গােটত ভাগ হৈ একো একোটা ক্ষুদ্র উদ্যোগ গঢ়ি তুলিছিল।
সেইবােৰেই আত্মসহায়ক গােট।

(ঙ) স্বাবলম্বনৰ কাৰণে গঠন কৰা গােটবােৰক কি বুলি জনা যায়?
উত্তৰঃ স্বাৱলম্বনৰ কাৰণে গঠন কৰা গােটবােৰক আত্মসহায়ক গােট বুলি জনা যায়।

(চ) এই গােটৰবাৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়?
উত্তৰ এই গােটবােৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্রাহকৰ চাহিদা পূৰ কৰা হয়।

(ছ) ২০০১ চনটো কি বর্ষ হিচাপে ঘােষণা কৰা হৈছিল?
উত্তৰঃ ২০০১ চনটো আন্তর্জাতিক নাৰী সবলীকৰণ আৰু সমমর্যাদাৰ বর্ষ হিচাপে ঘােষণা কৰা হৈছিল।

(জ) উত্তৰ-পূর্বাঞ্চলত উল্লেখযােগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম কি ?
উত্তৰ: উত্তৰ পূৰ্বাঞ্চলত উল্লেখযােগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম হ’ল বয়ন

(ঝ) প্রাকস্বাধীন কালতেই নাৰীক অর্থনৈতিকভাবে স্বাবলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল?
উত্তৰঃ প্রাক-স্বাধীন কালতেই নাৰীক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল।

প্ৰগতিৰ সোণালী বাট Class 8 Assamese প্ৰশ্ন উত্তৰ | Class 8 Assamese Chapter 6 Question Answer

৩। চমুকৈ বর্ণনা কৰা

(ক) আত্মসহায়ক গােটৰৰে দুখীয়া পৰিয়ালৰমহিলাসকলক কেনেকৈ সহায় কৰে?
উত্তৰঃ আত্মসহায়ক গােটৰবাৰে স্থানীয় সহজলভ্য সম্পদ বিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানা আকর্ষণীয় সামগ্রী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্রাহকৰ চাহিদা পূৰ কৰে। এই কামত দুখীয়া পৰিয়ালৰ মহিলাসকলে বিশেষ খৰচান্ত নােহােৱাকৈ সহজে জড়িত হ’ব পাৰে আৰু আর্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হােৱাৰ পথত আগবাঢ়িব পাৰে। এই সকল দুখীয়া পৰিয়ালৰ মহিলাই ঠাইতে পােৱা ফল-মূলৰ আচাৰ, চর্বত আদি বনােৱা, পেলনীয়া বুলি ভবা বিবিধ সামগ্ৰীৰে বিবিধ নতুন নতুন সামগ্ৰী আদি হাতেৰে তৈয়াৰ কৰা আদিৰে আর্থিকভাৱে যথেষ্ট স্বাৱলম্বী হ’ব পাৰে।

(খ) পাঠত থকা প্রাচীনকালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ প্রাচীন কালৰ প্ৰচুৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ নাম উল্লেখ কৰা মতে গার্গী আৰু মৈত্রেয়ী। এই দুয়ােগৰাকী মহিলাৰ বিষয়ে তলত চমুকৈ উল্লখ কৰা হ’ল—
গার্গী :→ প্রাচীন ভাৰতৰ এগৰাকী চিৰকুমাৰী তপস্বিনী ব্রহ্মবাদিনী বিদুষী নাৰী। এওঁ গর্গ মুনিৰ কন্যা কাৰণে তেওঁৰ নাম গার্গী। কেৱল নাৰী জগততেই নহয় সেই কালৰ পুৰুষ সমাজতাে শ্রেষ্ঠ বিদুষী আৰু শ্রেষ্ঠ ব্রহ্মবাদিনী বুলি গাৰ্গীৰ সন্মান আছিল। প্ৰচুৰ জ্ঞানৰ অধিকাৰ ব্ৰহ্মাবিদ যাজ্ঞবল্ক্য মুনিয়েও গাৰ্গীৰ ওচৰত ব্ৰহ্ম সম্বন্ধে তৰ্ক আৰু প্ৰশ্নত হাৰ মানিবলগীয়া হৈছিল। ব্রহ্মবাদিনী গার্গীৰ ঋগবেদৰ টীকাকাৰিণী বুলিও খ্যাতি আছে।

মৈত্রেয়ী :→ এওঁ হ’ল মৈত্রেয় মুনিৰ কন্যা আৰু ব্ৰহ্মবিদ যাজ্ঞবল্ক্য ঋষিৰ জ্যেষ্ঠ পত্নী। ঋষি যাজ্ঞবল্ক্যই গৃহাশ্রম ত্যাগ কৰি সন্যাস আশ্রম গ্রহণ কৰিবলৈ ওলাই তেওঁৰ সম্পত্তিবােৰ । দুইপত্নী মৈত্রেয়ী আৰু কাত্যায়নীক ভগাই দিবলৈ ওলােৱাত সেই সম্পত্তিবােৰৰ অসার্থতা সম্পর্কে মৈত্রেয়ীয়ে কৈ আত্মসুখ কেনে, আত্মা কি, ইত্যাদি কথাৰ উত্তৰ স্বামী যাজ্ঞবল্ক্যৰ পৰা লাভ কৰিছিল। যাজ্ঞবল্ক্য মৈত্রেয়ী সংবাদ’তত্ত্বজ্ঞান পিপাসুসকলৰ পক্ষে চিৰকালেই লােভনীয় বস্তু। প্রাচীন ভাৰতৰ নাৰী যে কিমান চৰম জ্ঞানৰ অধিকাৰিণী হৈছিল তাৰ শ্রেষ্ঠ উদাহৰণ মৈত্রেয়ী।

(গ) মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্রথম পদক্ষেপ কি আছিল?
উত্তৰ: প্ৰাক্‌স্বাধীন কালতেই মহাত্মা গান্ধীয়ে মহিলাক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত চিন্তা কৰিছিল। এই ক্ষেত্ৰত তেওঁৰ প্রথম পদক্ষেপ আছিল খাদী উদ্যোগ। যতৰত সূতা কাটি নিজহাতে কাপােৰ বৈ লােৱাৰ উদ্দেশ্যে মহিলাসকলক এই উদ্যোগত জড়িত কৰিবলৈ হাতে-কামে গান্ধীজীয়ে যত্ন কৰিছিল আৰু তেওঁ তাত ভালেখিনি সফলতাও লাভ কৰিছিল।

(ঘ) মহাত্মাগান্ধীয়েকৰ কাৰ সহায়ত সৱৰমতী আশ্ৰমত উৎপাদনৰ পাতনি লেলিছিল?
উত্তৰঃ মহাত্মাগান্ধীয়ে গংগাবেন মজুমদাৰনামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সৱৰমতী আশ্ৰমত খাদী কাপােৰ উৎপাদনৰ পাতনি মেলিছিল।

৪। নাৰীসৱলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা। তাৰে এখন আঁচনিৰ বিষয়ে বহলাই লিখা।
উত্তৰ: ভাৰত চৰকাৰে নাৰীসৱলীকৰণৰ বিভিন্ন আঁচনি হাতত লৈ নাৰীৰ হকে বিশেষভাৱে কাম কৰাৰ কিছুমান প্রতিষ্ঠান গঢ়ি তুলিছে। এইবােৰৰ ভিতৰত উত্তৰ-পূব উন্নয়ন আৰু বিত্তীয় নিগম’, ‘কেন্দ্রীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়ােগ, “ইন্দিৰা মহিলা যােজনা’আদিৰ নাম উল্লেখ কৰিব পাৰি। ইন্দিৰা মহিলা যােজনাই জিলা আৰু নিম্ন পর্যায়ৰ গােটসমূহক শক্তি প্রদান কৰি জীৱন্ত কৰি তুলিছে। এই যােজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা-সুবিধা গ্রহণ কৰি সেইবােৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়। এনে সুবিধা গ্রহণ কৰি অসমৰ চুকে-কোণে অনেক আত্মসহায়ক গােট গঢ়ি উঠিছে আৰু মহিলাসকলৰ মাজত স্বাৱলম্বনৰ এক অভূতপূর্ব জাগৰণৰ সৃষ্টি কৰিছে। চৰকাৰে আগবঢ়োৱা সা-সুবিধাৰ লগতে মহিলাসকলে মনস্তাত্ত্বিক বাধা আঁতৰাই নিজৰ যােগ্যতা সম্পর্কে আত্মসচেতন হােৱাটোৱেই তেওঁলােকৰ প্রাথমিক কর্তব্য।

৫ । তলৰ শব্দবােৰৰ অর্থ লিখা: বিপণি, ক্রেতা, সুপ্ত, অফুৰন্ত, টনকিয়াল, সমমর্যাদা, প্রদর্শন, স্বাৱলম্বী, গঠনাত্মক, পদমর্যাদা, পদক্ষেপ, আন্তর্জাতিক।
উত্তৰঃ

  • বিপণি – দোকান, বস্ত্র বেচা-কিনা প্রতিষ্ঠান।
  • ক্রেতা- কিনাে
  • সুপ্ত – শুই থকা, নিদ্রিত।
  • অফুৰন্ত -অশেষ, শেষ নােহােৱা ।
  • টনকিয়াল— শক্তিশালী।
  • সমমর্যাদা- একে সমান সম্মান, একে সমান ব্যৱহাৰ।
  • প্রদর্শন – দেখুওৱা।
  • স্বাৱলম্বী— নিজৰ ওপৰত নিৰ্ভৰশীল।
  • গঠনাত্মক— সকলােকে সামৰি ল’ব পৰা, সৃষ্টিশীল, যােগাত্মক।
  • পদমর্যাদা – পদক্ষেপ কোনাে কামৰ আঁচনি লােৱা, কোনাে কাম কৰিবলৈ উদ্যত হােৱা।
  • আন্তর্জাতিক – বিভিন্ন জাতি সম্বন্ধীয়।

৬। অসমীয়া শিপিনীয়ে কাপােত সপােন ৰচিব পাৰে। এই কথাষাৰ কোনে, কেতিয়া আৰু কিয় কৈছিল?
উত্তৰ : মহাত্মাগান্ধীয়ে, এবাৰ অসমলৈ আহোঁতে শুৱালকুছিলৈ গৈ তাত অসমীয়া শিপিনীয়ে বােৱা কাপােৰ দেখি স্তম্ভিত হৈমন্তব্য কৰিছিল— “অসমৰ শিপিনীয়ে কাপােৰত সপােন ৰচিব পাৰে।

৭৷ বুজাই লিখা: Class 8 Assamese Chapter 6 Question Answer

(ক) আত্মসহায়ক গােট আৰু ইয়াৰ কাম-কাজ।
উত্তৰ: একোটা অঞ্চলৰ মহিলাসকলে একো একোটা সৰু গােটত ভাগ হৈ কিছুমান ক্ষুদ্র উদ্যোগ গঢ়ি তােলে। এই সৰু গােটবােৰকেই আত্মসহায়ক গােট বােলে।এই গােটৰবাৰে স্থানীয় সহজলভ্য সম্পদ বিলাকক লৈ অতি সহজ-সৰল পদ্ধতিৰে নানা আকর্ষণীয় আৰু প্রয়ােজনীয় সামগ্রী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰণ কৰে। ঘাইকৈ এনে উদ্যোগৰ দ্বাৰা দুখীয়া পৰিয়ালৰ মহিলাসকল আর্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হােৱাৰ পথত আগবাঢ়িব পাৰে। এই গােটবােৰে সহজতে লাৰু, পিঠা,আচাৰ, পাপৰ, কঁহুদি, খৰিচা, খালি আদিৰ উপৰি হাতে সজা বেগ, পুতলা, মমবাতি, বাঁহ-বেতৰ
সামগ্ৰী আৰু নিত্য ব্যবহার্য ভিন ভিন বস্তু উৎপাদন কৰিব পাৰে।

(খ) নাৰীসকলৰ ভিন ভিন আঁচনিসমূহ আৰু ইয়াৰ কাম।
উত্তৰ: নাৰীসৱলীকৰণৰ কাৰণে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি কিছুমান বিশেষ প্রতিষ্ঠান গঢ়ি তুলিছে। তেনে প্রতিষ্ঠানসমূহৰ ভিতৰত “উত্তৰ-পূব উন্নয়ন আৰু বিত্তীয় নিগম’, ‘কেন্দ্রীয় সমাজ কল্যাণ পৰিষদ’, ৰাষ্ট্ৰীয় মহিলা আয়ােগ’, ইন্দিৰা মহিলা যােজনা’ আদি উল্লেখযােগ্য। এই সংস্থাসমূহে নাৰীৰ শিক্ষা, বৃত্তিমূলক প্রশিক্ষণ, আর্থ-সামাজিক উন্নয়নৰ আঁচনি আৰু নাৰীৰ অধিকাৰৰ প্রতি চকু ৰাখে।

(গ) কি কি কাম কৰি মহিলাসকল স্বাৱলম্বী হ’ব পাৰে?
উত্তৰঃ অঞ্চলৰ মহিলাসকলে সৰু সৰু গােটত বিভক্ত হৈ একো একোটা ক্ষুদ্র উদ্যোগ গঢ়ি তুলিব পাৰে।এই গেটবিলাককে আত্মসহায়ক গােট বােলা হৈছে। এই গােটৰ জৰিয়তে মহিলাসকলে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ সেইবােৰতে অতি সহজ-সৰল পদ্ধতিৰে নানান আকর্ষণীয় আৰু লাগতিয়াল সামগ্রী উৎপাদন কৰিব পাৰে আৰু সুলভ মূল্যত সেইবােৰ গ্ৰাহকৰ ওচৰত বিক্ৰী কৰিব পাৰে। এনেদৰে সহজতে উৎপাদন কৰিব পৰা সামগ্রীবােৰ হ’ল— লাৰু, পিঠা, আচাৰ, পাপৰ, কাহুদি, খৰিচা, খালি, হাতে সজা বেগ, পুতলা, মমবাতি, বাহ-বেতৰ সামগ্রী, কাপােৰ কানি ইত্যাদি। আত্মসহায়ক গােটৰ জৰিয়তে এইবােৰ কাম কৰি মহিলাসকল স্বাবলম্বী হ’ব পাৰে।

খ—ভাষা অধ্যয়ন । Class 8 Assamese Chapter 6 Question Answer

৮। অর্থ পার্থক্য দেখুৱাই বাক্য ৰচনা কৰা:- নাৰী, নাড়ী; আচল, আঁচল; লক্ষ, লক্ষ্য; আচাৰ, আছাৰ; তাত, উত; ফাকি, ফাকি।
উত্তৰ: নাৰী (মহিলা)→ নাৰীয়ে পুৰুষৰ সমমর্যাদা পােৱা উচিত।
নাড়ী (পেটৰ ভিতৰৰ ভুৰু)→ পেটৰ ভিতৰত নাড়ী-ভুৰু থাকে।
আচল (প্রকৃত, সঠিক)→ আজিৰ দিনত ভেজাল নােহােৱা আচল বস্তু নােপােৱাই।
আঁচল (গাত লােৱা কাপােৰৰ আগ)→ ৰিহাৰ আঁচলটো দেখিবলৈ ধুনীয়া।
লক্ষ (এশ হাজাৰ)→ কেবা লক্ষ টকা খৰচ কৰি ঘৰটো সজালে।
লক্ষ্য (উদ্দেশ্য, নিচান)→ জীৱনত একোটা নির্দিষ্ট লক্ষ্য থকা উচিত।
আচাৰ (নীতি-নিয়ম)→ আচাৰ-ব্যৱহাৰ সদায় মার্জিত হ’ব লাগে।
আছাৰ (হাতেৰে ধৰি বৰকৈ জোকাৰি বা কোবাই দে)→ পুৰণা কাপােৰ বৰকৈ আছাৰি নিদিবি, ফাটি যাব।
তাত (সিঠাইত) → কিতাপখন তাত আছে।
তাত (কাপােৰ বােৱা শাল) → তাত বব জনা মহিলাক শিপিনী বােলে।
ফাকি (মিছা কথা কোৱা) → ফাকি নকৈ সদায় সঁচা কথা কবা।
ফাকি (গদ্যৰ বা কথাৰ অংশ) → তেওঁৰ কথাফাকি সঁচাই মানিবলগীয়া।

৯। বিপৰীত অর্থ লিখা:- কঠিন, নবীন, পৰনিৰ্ভৰশীল, দুর্লভ, খৰগতি, পূর্ণিমা, অনধিকাৰ, নিন্দা, অনাবশ্যক, জাগ্রত, থংস, অসম্ভব।
উত্তৰ

শব্দবিপৰীত অর্থ
কঠিনসহজ
নবীনপ্রাচীন
পৰনিৰ্ভৰশীলস্বাৱলম্বী
খৰগতিধীৰগতি
পূর্ণিমাঅমাৱশ্যা
অনধিকাৰঅধিকাৰ
নিন্দাপ্রশংসা
অনাবশ্যকআৱশ্যক
জাগ্রতসুপ্ত
অসম্ভবসম্ভৱ

১০। এটা শব্দত প্ৰকাশ কৰা
উত্তৰ:
(ক) যি আনৰ ওপৰত নিৰ্ভৰ কৰে: পৰনিৰ্ভৰশীল ।
(খ) যি নিজৰ ওপৰত নিৰ্ভৰ কৰে: স্বাৱলম্বী।
(গ) যন্ত্রপাতিৰ সহায় অবিহনে গঢ়ি উঠা শিল্প: হস্তশিল্প।
(ঘ) যি আনক হিংসা নকৰে: অহিংসুক।
(ঙ) যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে: স্বাৰ্থপৰ।
(চ) যিজনে নিজৰ ওপৰত বিশ্বাস কৰে: আত্মবিশ্বাসী।

১১। সন্ধি ভাঙা আৰু গঠন কৰা
ক) সন্ধি গঠন কৰা

  1. স্ব + অধীন= স্বাধীন।
  2. উৎ + ঘাটন= উদঘাটন
  3. জীৱ + অন্ত= জীৱন্ত
  4. সম + কৃত= সংস্কৃত
  5. উৎ + নতি= উন্নতি
  6. উৎ + চাৰণ= উচ্চাৰণ
  7. স্ব + অৱলম্বন= স্বাৱলম্বন।
  8. উৎ + মত্ত= উন্মত্ত

যিহেতু ইয়াত আমি অসমীয়া ব্যাকৰণৰ বিষয়ে আলোচনা কৰি আছোঁ, তেন্তে আপোনালোকৰ বাবে আন এক গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিব বিচৰা যে ইয়াৰ আগতে আমি অসমীয়া ব্যাকৰণৰ সন্ধি গঠন কৰা বা সন্ধি পতা আলোচনা কৰিছো, আপুনি যদি পঢ়িব বিচাৰে তেন্তে লিংকত ক্লিক কৰি জনাব পাৰে।

খ) সন্ধি ভাঙা: পৰাধীন, যথেষ্ট, উন্নয়ন, অতীত, সংগীত, যথােচিত, মহাত্মা, বিদ্যোৎসাহী

উত্তৰ:

  • পৰাধীন = পৰ + অধীন
  • যথেষ্ট = যথা + ইষ্ট
  • উন্নয়ন = উৎ + নয়ন
  • অতীত = অতি + ইত
  • সংগীত = সম + গীত
  • যথােচিত = যথা + উচিত
  • মহাত্মা = মহা + আত্মা।
  • বিদ্যোৎসাহী = বিদ্যা + উৎসাহী

যিহেতু ইয়াত আমি অসমীয়া ব্যাকৰণৰ বিষয়ে আলোচনা কৰি আছোঁ, তেন্তে আপোনালোকৰ বাবে আন এক গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিব বিচৰা যে ইয়াৰ আগতে আমি অসমীয়া ব্যাকৰণৰ সন্ধি ভাঙা বিষয়ত আলোচনা কৰিছো, আপুনি যদি পঢ়িব বিচাৰে তেন্তে লিংকত ক্লিক কৰি জনাব পাৰে।

১৩। শব্দবােৰ বহুবচনলৈ নিয়া: শিক্ষক, ছাত্র, মানুহ, গৰু, গ্রন্থ, গুৰু, পর্বত, মহিলা।
উত্তৰঃ

  • শিক্ষক – শিক্ষকবৃন্দ
  • ছাত্র – ছাত্ৰসকল, ছাত্রবিলাক
  • মানুহ – মানুহবিলাক
  • গৰু – গৰুবােৰ।
  • গ্রন্থ – গ্রন্থবােৰ, গ্রন্থসমূহ
  • গুৰু – গুৰুসকল
  • পর্বত – পর্বতবােৰ
  • মহিলা–মহিলাসকল।

১৫। বাক্য ৰচনা কৰা: দূৰ দূৰণি, বিধে বিধে, শিপিনী, লােকে লােকাৰণ্য, সা-সুবিধা, চুকে-কোণে, আত্মবিশ্বাস, দলদোপ-হেন্দোলদোপ।

উত্তৰঃ
দূৰ-দূৰণি→ আজিকালি দূৰ-দূৰণিত মানুহৰ খা-খবৰ মূহূৰ্ততে ফোনেৰে ল’ব পাৰি।।
বিধে-বিধে→ বিধে বিধে খােৱা বস্তু যােগাৰ কৰিলে যদিও আলহি নাহিল।
শিপিনী→ মহাত্মাগান্ধীয়ে কৈছিল— অসমীয়া শিপিনীয়ে কাপােৰত সপােন ৰচিব পাৰে।
লােকে-লােকাৰণ্য→ সভাত লােকে লােকাৰণ্য হােৱা কাৰণেই বহিবলৈ ঠায়ে নুযুৰিল।
সা-সুবিধা→ সা-সুবিধা থকা যানবাহনত ফুৰি আৰাম পায়।
চুকে-কোণে→ অসমৰ চুকে-কোণে বিহু পালন কৰা হয়।
ত্মবিশ্বাস→ জীৱনত উন্নতি কৰিব লাগিলে আত্মবিশ্বাস বৰ প্রয়ােজন।
লদোপ-হেন্দোলদোপ→ বিয়াঘৰত মানুহৰ গােটেইখন দলদোপ-হেন্দোলদোপ হৈ পৰিছিল।

১৬। লিংগ পৰিৱৰ্তন কৰা: নাৰী, যুৱক, পুৰুষ, বুঢ়ী, ছােৱালী, ডেকা, দাদা, দেউতা, আমৈ।

উত্তৰঃ
নাৰী -পুৰুষ
যুৱক-যুৱতী
পুৰুষ-নাৰী
বুঢ়ী- বুঢ়া
ছােৱালী- ল’ৰা
ডেকা – ডেকেৰী
দাদা- বৌ
দেউতা—মা, আই
আমৈ -তাৱৈ

১৬। তলৰ উপসৰ্গ লগ লগাই একোটাকৈ শব্দ গঠন কৰাঃ প্র, অপ, অতি, পৰা, উপ, প্রতি
উত্তৰ:

  1. প্র = প্রস্থান।
  2. অপ = অপমান।
  3. অতি = অতিশয়।
  4. পৰা = পাৰাজিত।
  5. উপ = উপকুল।
  6. প্রতি = প্রতিমূর্তি।

১৭। মহিলাসকলে কম খৰচতে কি ধৰণৰ কাম কৰি নিজকে স্বাবলম্বী কৰি তুলিব পাৰে? তেনে ধৰণৰ কাম কেইপদমানৰ নাম লিখা।
উত্তৰঃমহিলাসকলে সৰু সৰু গােটত ভাগ হৈ আত্মসহায়ক গােট গঠন কৰি সহজতে পােৱা স্থানীয় বিভিন্ন সামগ্ৰীৰে একো একোটা ক্ষুদ্র উদ্যোগ গঢ়ি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে। তেনে ধৰণৰ কাম কেইপদমানৰ নাম হ’ল— লাৰু, পিঠা, আচাৰ, পাপ, কাহুদি, খৰিচা, খালি আদিৰ উপৰিও হাতে সজা বেগ, পুতলা, মমবাতি, বাঁহ-বেতৰ সামগ্রী, কাপােৰ, নিত্য ব্যৱহার্য ভিন ভিন বস্তু তৈয়াৰ কৰা আদি।

১৮। ভাব বহলাই লিখা: Class 8 Assamese Chapter 6 Question Answer

(ক) ৰাইজে নখ জোকাৰিলে নৈ বয়।
উত্তৰঃ ৰাইজৰ নখত লাগি থকা সামান্য পানীখিনি জোকাৰি লগ কৰিলে বহুত পানী হ’ব। অর্থাৎ এটোপ দুটোপ পানী পাহাৰৰ পৰা নিগৰি আহিয়েই জান-জুৰি, নৈ আদিৰ সৃষ্টি সেইদৰে ৰাইজে দুই এটকাকৈ দানবৰঙণি আগ বঢ়ালেই সি বৃহৎ পৰিমাণৰ ধন হ’ব আৰু তাৰ দ্বাৰাই একোটা ডাঙৰ কাম কৰিব পৰা যাব।

(খ) মন কৰিলে চন, বাকৰি মাটিতে ধন।
উত্তৰ: মানুহৰ কাৰণেই সাধাৰণতে কোনাে কামেই অসাধ্য নহয়। চন, বাকৰি মাটি মনােযােগেৰে আৰু পৰিশ্ৰমেৰে চহাই খেতি কৰিলে তাৰ পৰা ভাল উৎপাদন পাবই, তাৰ পৰা ধন আহিবই। সেইদৰে কি হ’ব, কেনেকৈ কৰিম আদি দ্বিধাভাব মনলৈ নানি কৰিব লগীয়া কামত আগ্ৰহেৰে যত্নসহকাৰে লাগি গলেই তাৰ পৰা সুন্দৰ সফলতা লাভ কৰিব পাৰি।

১৯৷ কুটীৰ শিল্পত উৎপাদিত দৈনন্দিন জীৱনত ব্যৱহাৰ হােৱা কেইপদমান সামগ্ৰীৰ নাম লিখা। লগতে প্রতিবিধ সামগ্রী উৎপাদিত হােৱা শিল্পটোৰ নাম লিখা।
উত্তৰ: বাঁহ-বেতৰ শিল্প – ঢাৰি, ডলা, চালনি, খৰাহী, কুলা, মূঢ়া, চকি, টেবুল, আলনা, খাটিয়া, পাটি, কঠ আদি।

  1. বয়ন শিল্প →বিভিন্ন ধৰণৰ পিন্ধা উৰা কাপােৰ, বিচনাৰ বিভিন্ন কাপােৰ আৰু অন্যান্য ক্ষেত্ৰত ব্যৱহাৰ কৰা কাপােৰ আদি।
  2. কাহ-পিতলৰ শিল্প→কাহী বাতি, টৌ, পিতলকে ধৰি বিবিধ বাচন-বৰ্তন আদি।
  3. ঘৰুৱা ক্ষুদ্র শিল্প → লাৰু, পিঠা, আচাৰ আদিকে ধৰি বিবিধ মুখৰােচক খাদ্য সামগ্রী আদি।

৮। সাঁথৰ ভাঙা
ওপৰে জাপি তলে জাপি
মাজত শলা কাঠী
এশ পুত্রক কোলাত লৈ
ৰৈ আছে মাকজনী।

উত্তৰ – মাহদলা যাত।

(খ) বিধাতাৰ নিমিত ঘৰ নাহিকে দুৰাৰ
যােগে পুষে তাতে থাকে অনাহাৰ।
যেতিয়া পুৰুষ হয় অতি বলবান।
বিধাতাৰ ঘৰ ভাঙি কৰে থানবান।

উত্তৰ – কণী।

(গ) পক্ষী নহয় সিটো ডালত কৰে বাস
চন্দ্ৰ নহয়, সুর্য নহয় কৰন্ত প্রকাশ
ভ্ৰমৰ নহয় সিটো বহু ৰস পিয়ে।
দিনত নহয় কিন্তু ৰাতি হলে জীয়ে।

উত্তৰঃ বিজুলী বাল্ব ।


Leave a Comment