Class 9 Assamese Chapter 7 Question Answer | সময় Class 9 প্ৰশ্নোত্তৰ

Class 9 Assamese Chapter 7 Question Answer তথা নৱম মান শ্ৰেণীৰ মাতৃভাষা (অসমীয়া) ৰ সপ্তম অধ্যায় সময়ৰ প্ৰশ্নোত্তৰ আলোচনা কৰিব বুলি আশা কৰিছো। আপুনি যদি Assamese Medium লৈ প্ৰথম বাৰ আহিছে তেন্তে আপুনি আমাৰ Assamese Medium Facebook Page, Assamese Medium Instagram Page লগতে Assamese Medium YouTube ChannelSubscribe বা Follow কৰিব পাৰে।

ইয়াৰ আগতে আমি Class 9 Assamese ৰ আন আন অধ্যায় যেনে- Class 9 Assamese Chapter 6 Question Answer, Class 9 Assamese Chapter 5 Question Answer, Class 9 Assamese Chapter 4 Question Answer, Class 9 Assamese Chapter 3 Question Answer, Class 9 Assamese Chapter 2 Question Answer আৰু Class 9 Assamese Chapter 1 Question Answer আলোচনা কৰিছো, যদি আপুনি পঢ়া নাই তেন্তে আপুনি লিংকত ক্লিক কৰি পঢ়ি লব পাৰে। ই আপোনাক পৰীক্ষাৰ বাবে বহুত সহায় কৰিব।

সময় Class 9 Question Answer | সম্পূৰ্ণ প্ৰশ্নোত্তৰ নৱম শ্ৰেণীৰ সময়

শ্ৰেণীনৱম শ্ৰেণীৰ (IX)
বিষয়অসমীয়া
কিতাপৰ নামসাহিত্য চয়নিকা
উপলব্ধপ্ৰশ্নৰ উত্তৰ
পাঠসময় Class 9 Assamese
মাধ্যমঅসমীয়া
পাঠ্যক্ৰমছেবা (SEBA )

পাঠভিত্তিক প্রশ্নোত্তৰ । Class 9Assamese Chapter 7 Question Answer

ইয়াত আমি Class 9 Assamese Chapter 7 Question Answer আলোচনা কৰিবলৈ প্ৰয়াস কৰিছো যত আমি সন্নিবিষ্ট কৰিব কৰিছো চমু প্ৰশ্ন উত্তৰ, বহলাই লিখা, ব্যাখ্যা কৰা আৰু বহুত ব্যাকৰণ বিশেষ প্ৰশ্ন উত্তৰ। আমি সম্পূৰ্ণ প্ৰয়াস কৰিছো Class 9 Assamese Chapter 7 Question Answer দিবলৈ। যদি আপোনালোকৰ কিবা অসুবিধা থাকে তেন্তে Comment Section ত জনাব পাৰে, আমি যথা সময়ত সমাধান দিবলৈ প্ৰয়াস কৰিম।

Class 9 Assamese Chapter 7 Question Answer

১ নং প্ৰশ্নৰ চমু উত্তৰ

(ক) সময়ক কিহৰ লগত তুলনা কৰিব পাৰি ?
উত্তৰ→ সময়ক’ নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি।

(খ) কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় ?
উত্তৰ→ কার্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়।

(গ) সময়ৰ ডাঙৰ ভাগবােৰ কি কি ?
উত্তৰ→ সময়ৰ ডাঙৰ ভাগবােৰ হ’ল—— যুগ, কল্প, শতাব্দী।

(ঘ) সময়ৰ দণ্ড, পল, অনুপলক কি বােলা হয় ?
উত্তৰ→ সময়ৰ ভগ্নাংশ বােলা হয়।

(ঙ) সময় কি গতিত ঘূৰে?
উত্তৰ→ সময় বৃত্তাকাৰ গতিত ঘূৰে।

২ নং প্রশ্নৰ প্ৰশ্নৰ চমু । সময় Class 9 Question Answer

ক) এলেহুৱাৰ দিন নাযায় নুপুৱায়- তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰ → কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। কামত ব্যস্ত থকা মানুহে দিনটো কেতিয়ানাে অতিবাহিত হৈ গ’ল গমকে নাপায়। কর্মী লােকৰ মানত দিনটো চকু পচাৰতে গ’ল যেন লাগে। কাৰণ তেওঁলােকে সময়র কথা মনত নাৰাখে, কামৰ কথাহে মনত ৰাখে। আনহাতে এলেহুৱাৰ দিনটো নাযায় নুপুৱায়। তেওঁলােকে কামৰ সলনি সময়ৰ চিন্তাতহে থাকে। কাম নকৰি এনেয়ে সময় কটোৱা বৰ টান। তেওঁলােকৰ কাৰণে সময় বৰ দীঘলীয়া যেন লাগে। সময় তেওঁলােকৰ কাৰণে বৰ দুর্বহ হৈ পৰে। এই কাৰণেই বােধকৰাে মানুহৰ এবছৰ দেৱতাৰ এদিন বুলি কোৱা হয়।মানুহৰ এক কল্প বা এহাজাৰ যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন-এৰাতি।

(খ) মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন- তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰ→ ইয়াত কর্মী মানুহৰ সময়ৰ মূল্যৰ কথা কোৱা হৈছে। এলেহুৱাৰ কাৰণে এটা দিন যিমান দীঘলীয়া, দিনটো নাযায় নুপুৱায়, কর্মী মানুহৰ কাৰণে সেই দিনটো নিচেই চুটি দিনটো চকুৰ পচাৰতে গুচি যায়। ঠিক সেইদৰে মানুহৰ কাৰণে এক কল্প বা এহাজাৰ যুগ ভাবিব নােৱৰা দীঘলীয়া সময়। এই কল্প মানুহে অতিক্রম কৰা সম্ভৱেই নহয়; কিন্তু মহান কর্মী, বিশ্ব-নিয়ন্তা ব্ৰহ্মাৰ কাৰণে ই একো দীঘলীয়া সময় নহয়। ই তেওঁৰ কাৰণে এদিনৰ লেখীয়া। এই কথাৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে কৰ্মৰ মাজেদিহে সময়ৰ গতি ধৰিব পাৰি। কৰ্মৰ দ্বাৰাহে সময়ত জোখ নিৰূপণ কৰিব পাৰি।

(গ) কর্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি – তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰ→ কামৰ মাজেদিহে সময় কেনেকৈ পাৰ হয় ধৰিব পাৰি। যিসকল কর্মী লােক, সততে কামত ব্যস্ত থাকে তেওঁলােকৰ কাৰণে সময় বৰ মূল্যৱান। তেওঁলােক সময়ৰ গতিৰ প্ৰতি সততে সজাগ হৈ থাকে। অকণমান সময় অথলে যােৱাটো তেওঁলােকে সহ্য কৰিব নােৱাৰে। কর্মীলােকৰ মানত দিনটো, সময়খিনি চকুৰ পচাৰতে যােৱা যেন লাগে। কিন্তু এলেহুৱাৰ দিনটো নাযায়, নুপুৱায়। তেওঁলােকে সময়ৰ গতি ধৰিব নােৱাৰে। সময় ৰৈ থকা যেন অনুভৱ কৰে। সেই কাৰণে এটা দিনাে তেওঁলােকৰ কাৰণ বৰ দীঘলীয়া সময়, নাযাইহে নাযায়।

৩। পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া।
উত্তৰঃ পাঠটিৰ লেখক নীলমণি ফুকনদেৱৰ সাহিত্য ক্ষেত্ৰত অৱদান উল্লেখযােগ্য। তেওঁ নিজে সম্পাদনা কৰা আলােচনী’ নামৰ কাকততে তেওঁৰ কবিতাৰ প্রথম কলি শুনা গৈছিল যদিও প্রকৃততে ‘আৱাহনৰ জৰিয়তেহে তেওঁ কবিৰূপে প্রতিষ্ঠিত হয়। তেওঁৰ সাহিত্যৰাজি হ’ল—কবিতা পুথি ‘জ্যোতিকলা’ (১৯৩৮), মানসী'(১৯৪৩), “গুটিমালী’ (১৯৫০), ‘জিঞ্জিৰি’ (১৯৫১), ‘অমিত্রা’ (১৯৫২), ‘সন্ধানী’ (১৯৫৩)। গদ্যপুথি— ‘চিন্তামনি’ (১৯৪০) আৰু সাহিত্য কলা’ (১৯৪০)।

৪। ‘সময়’ পাঠটিৰ সাৰাংশ লিখা।
উত্তৰঃ নৈৰ সোঁত বৈ যােৱাৰ দৰে সময়াে বৈ যায়। সিহঁত দুয়াে ৰৈ নাথাকে। সেই কাৰণেই সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰা হয়। নৈৰ সোঁতক চকুৰে দেখি, কিন্তু সময়ৰ সোঁতক কার্যৰেহে গম পােৱা যায়। সময়ক যুগ, কল্প, শতাব্দী,বছৰ, মাহ, ঋতু, পল, অনুপল আদি ভাগত ভূাগ কৰা হয়। সময়ৰ ভাগবিলাক বিশেষ বিশেষ লক্ষণযুক্ত। হিন্দু শাস্ত্রমতে চাৰিযুগৰ লক্ষণবিলাক ভাগ কৰি থােৱা আছে। একোটা বিশেষ ঘটনা বা মানুহৰ কার্যকলাপ অৱলম্বন কৰিও সময় ভাগ কৰা হয়। সংবৎ, শকাব্দ, খ্রীষ্টাব্দ, হিজৰি, শংকৰাব্দ, চৈতন্যবাদ আদি সময়ৰ মূলতেও এনে একো একোটা স্মৰণীয় ঘটনা বা কার্যকলাপ নিহিত হৈ আছে। প্রাকৃতিক জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। ছয় ঋতুৰ উদ্ভৱ এনেকৈয়ে হৈছে। পদুমপাহ মুকলি হৈ আৰু জাপ গৈ ক্ৰমে ৰাতিপুৱা আৰু সন্ধিয়া হােৱাৰ ইংগিত দিয়ে। কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ঢাপত কেতেকী গােন্ধালে একো একোটা ঋতুৰ সম্ভেদ দিয়ে। জীৱ-জন্তুৰ আচৰণেও সময় নিৰূপণত সহায় কৰে। কেঁকোৰা গাতত সােমালে, শামুকে পথাৰত দেখা দিলে, বালীমাহী চৰাই ওলালে, কুলি চৰায়ে মাতিলে, মাছে কণী পাৰিলে, ভেকুলীয়ে টোটোৰালে একোটা একোটা ঋতুৰ সম্ভেদ পােৱা যায়। ফেঁচাই জালি দিলে, বাহত পাৰই ৰুণ দিলে ৰাতি পুৱাবলৈ বেছি পৰ নাই বুলি জনা যায় আৰু কুকুৰাই ডাক দিলে ৰাতি পুৱাল বুলি গম পােৱা যায়। কোনােৱে আকৌ ৰিংটোৰ সময়, তামােলখন খাই শেষ কৰাৰ সময়, নিজৰ গাটোৰ ছাটোলৈ চাই এনেদৰে সময় নিৰূপণ কৰিছিল।

৫। চাৰি-পাঁচটা বাক্যত উত্তৰ দিয়া।

(ক) প্রাকৃতিক জগত বুলিলে কাক বুজায় ?
উত্তৰ : গছ-গছনি, চৰাই-চিৰিকটি, বনৰীয়া পশু, কীট-পতংগ, পর্বত-পাহাৰ, নদ-নদী, জান-জুৰি, নিজৰা, বায়ু-পানী, আকাশ, গ্রহ-নক্ষত্রাদিৰ অৱস্থান যত তাকেই প্রকৃতি বুলি বুজা যায়। ছয় ঋতুৰ উদ্ভৱ, গছত কুঁহিপাত ওলােৱা, পদুম ফুলপাহ ৰাতিপুৱা ফুলি সন্ধিয় জাপ যােৱা, সূর্যোদয়, সূর্যাস্ত, নিশা আকাশত জোন-তৰা ওলােৱা, কঁঠালে মুচি পেলােৱা, আমে মলিওৱা, বাঁহে গাজ মেলা, ফুল ফুলা, চৰাই-চিৰিকটিৰ বিচৰণ, আটাহ-চিঞৰ, অন্যান্য জীৱ জন্তুৰ আচৰণ, চিঞৰ-বাখৰ, জান-জুৰি, নৈ-নিজৰাৰ সোঁত, পর্বত-পাহাৰৰ স্থিতি এই প্রকৃতিৰ বুকুতেই হয়।

(খ) কোনাে ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিৰ পাৰি?
উত্তৰঃ বিভিন্ন প্রকাৰে সময় ভাগ কৰাৰ উপৰি কোনাে ঘটনা বা মানুহৰ কার্যকলাপৰ ওপৰত ভিত্তি কৰিও সময় ভাগ কৰিব পাৰি। ধর্ম, কলা-সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ- বিগ্রহ, ৰাজত্ব আদি বিষয় বা ঘটনাবিলাকে সময়ৰ একো একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। উদাহৰণস্বৰূপে শংকৰী যুগ, বৈষ্ণৱ যুগ, জোনাকী যুগ, আহােম যুগ, ব্রিটিছ যুগ, সংবৎ, শকাব্দ, খ্রীষ্টাব্দ, হিজৰি, শংকৰাব্দ, চৈতন্যাব্দ আদিৰ গুৰিতে ওপৰত উল্লেখ কৰা একো একোটা ঢাপ বা স্মৰণীয় ঘটনা জড়িত হৈ আছে।

(গ) লক্ষণাক্রান্ত মানে কি?
উত্তৰঃ সময়ৰ যুগ, কল্প, শতাব্দী, ঋতু, বছৰ, মাহ, দিন, ৰাতি, প্ৰহৰ, দণ্ড, পুল, অনুপল— এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্রান্ত; অর্থাৎ কিছুমান বিশেষ বিশেষ লক্ষণৰ দ্বাৰা বুজোৱা। এই কাৰণেই হিন্দু শাস্ত্রমতে চাৰি যুগৰ লক্ষণবিলাক নির্ণয় কৰি থােৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্যযুগৰ প্রৱর্তন, খ্রীষ্টানসকলৰ মতে মিলেনিয়াম বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব; ইছলামৰ মতে শেষ ইমাম মেহদিৰ আগমন ইত্যাদি ঘটনাৱলীয়েই একো একোটা যুগৰ লক্ষণ।

(ঘ) বিজ্ঞানৰ আৱিষ্কাৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পর্কে অৱগত হৈছিল ?
উত্তৰঃ বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰকৃতিৰ গতি-বিধি লক্ষ্য কৰি, জীৱ-জন্তুৰ আচৰণৰ ওপৰত ভিত্তি কৰি, আৰু প্রকৃতি জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি সময় সম্পর্কে অৱগত হৈছিল। প্ৰকৃতিৰ গতি-বিধি যেনে— ঋতুৰ পৰিৱৰ্তন, গছ-গছনিয়ে নতুনকৈ পাত, ফুল ধৰা আদিত জীৱ-জন্তুৰ আচৰণ যেনে— কেঁকোৰা গাঁতত সােমালে, কুলি-কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে ইত্যাদি। আৰু প্রকৃতি জগতৰ পৰিৱৰ্তন বেলিটোৰ গতিৰ লগে লগে ছাঁটো জুখি বা অনুমান কৰি, ৰিংটোৰ বাট, তামােলখন খাই শেষ কৰা আদি কথাৰ ওপৰত ভিত্তি কৰি সময় সম্পর্কে অৱগত হৈছিল।

৬। তলৰ প্ৰশ্নকেইটাৰ অন্তর্নিহিত ভাব বিশ্লেষণ কৰা।

(ক) সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্রান্ত।
উত্তৰ→ যুগ, কল্প, শতাব্দী, ঋতু, বছৰ, মাহ, দিন, ৰাতি, প্রহ, দণ্ড, পল, অনুপল− সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্রান্ত, অর্থাৎ কিছুমান বিশেষ বিশেষ লক্ষণৰ দ্বাৰা নির্ণয় কৰা হৈছে। এই কাৰণেই হিন্দু শাস্ত্রমতে চাৰি যুগৰ লক্ষণবিলাক নির্ণয় কৰি থােৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্রবর্তন, খ্রীষ্টানসকলৰ মতে মিলেনিয়াম বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদিৰ আগমন ইত্যাদি ঘটনাৱলীয়েই একো একোটা যুগৰ লক্ষণ।

(খ) সময়ৰ টিকনিডাল হেনাে আগফালে।
উত্তৰ→ মানুহৰ টিকনিড়াল থাকে পাছফালে। গতিকে পাছফালে গৈয়াে মানুহজনৰ টিকনিত ধৰি ৰাখি লগ পাব পাৰি। কিন্তু সময়ক ধৰিব লাগিলে সেই সময়তকৈ পিছত গ’লে সেই সময়ক ধৰিব নােৱাৰি। প্রকৃত সময়টোক ধৰিব লাগিলে সেই সময়তকৈ আগেয়েই যাব লাগিব বা উপস্থিত হ’ব লাগিব। দহ বজাৰ ৰেল ধৰিব লাগিলে দহ বজাৰ আগতেই ষ্টেচনত উপস্থিত হ’ব লাগিব, দহ বজাৰ এক মিনিট পিছত গ’লেও সেই ৰেল ধৰিব নােৱাৰি। সেই কাৰণেই জ্ঞানী আৰু কৰ্মী লােকে নির্ধাৰিত সময়ৰ দুই-চাৰি মিনিট হলেও আগেয়ে প্রস্তুত থাকে। সময় পাখি লগা কাঁড়ৰ দৰে এনেদৰে উৰা মাৰে যে তাক পিছৰ পৰা ধৰা কেতিয়াও সম্ভৱ নহয়। পাছফালৰপৰা বল দিয়া সৈন্যসকল নির্ধাৰিত সময়তকৈ মাত্র পাঁচ মিনিট পিছত গৈ পােৱাৰ কাৰণেই দিগ্বিজয়ী নেপােলিয়ন মার্টলু যুদ্ধ হাৰিবলগীয়া হৈছিল। এইবিলাক কাৰণতেই সময়ৰ টিকনিডাল আগফালে বুলি কোৱা হৈছে। ইয়াৰ দ্বাৰা সময়ৰ গুৰুত্ব বুজোৱা হৈছে।

(গ) সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইটকেইডালত নাই।
উত্তৰ→ কৰিবলগীয়া কাম শৃংখলা লগাই কৰিব পাৰিলেই সময়ৰ সদ্ব্যৱহাৰ কৰা হয়। এই কামৰ জৰিয়তেহে সময়ৰ মূল্য তথা জোখ নিৰূপণ কৰিব পাৰি। শৃংখলা লগাই সময়ৰ সদ্ব্যৱহাৰ কৰিলে ঘৰ তথা ৰাজ্য এখন সুচাৰুৰূপে চলে। এজন মানুহে হয়তাে, এশ বছৰ জীয়াই থাকিও লক্ষ ধন উপার্জন কৰিব নােৱাৰে; কিন্তু দৌৰ বা ঘোড়া দৌৰ আদি প্রতিযােগিতাত এক মুহূর্ত আগবঢ়াৰ কাৰণেই লক্ষ লক্ষ ধন লাভ কৰিব পাৰে। পৰীক্ষাত প্রশ্ন কাকত লাৰি-পিটিকি এনেয়ে সময় নষ্ট কৰাজনতকৈ তলৰ মূৰ ওপৰকৰিবলৈ সময় নােপােৱা পৰীক্ষার্থীজনে বেছি নম্বৰ পাবই পাব।ঠিক সময়ত ঠিকমতে কাম নকৰিলে সেই কামৰপৰা ভাল ফল আশা কৰিব নােৱাৰি।খােৱাৰ সময়ত নাখালে পিত্ত হয়, ঠিক সময়ত ঔষধ নাখালে বেমাৰ বেছি হয়; বতৰতকঠীয়া নেপেলালে পিছতপেলােৱা কঠীয়াই ভাল ফল নিদিয়ে। পৰিপাটিকৈ ঠিক সময়ত ঠিকমতে কাম কৰি গ’লে পৰুৱাৰ দৰে লানি নিছিগা কামেও মানুহক জমুৰি দি ধৰিব নােৱাৰে। এলেহুৱা মানুহৰ দিনটো নাযায়-নুপুৱায়; তাৰ কাৰণে দিনটো বৰ দীঘলীয়া; কিন্তু কর্মী মানুহৰ মনত দিনটো পলকতে শেষ হ’ল যেন লাগে। তেওঁৰ কাৰণে দিনটো নিচেই চুটি। এশ বছৰ জীয়াই থাকিও এলেহুৱা, অকর্মীজনৰ পৃথিৱীত কোনাে কাম বা মূল্য নাথাকে; কিন্তু মাত্র কেইটামান বছৰ জীয়াই থাকিয়েই সময়ৰ সদ্ব্যৱহাৰ কৰা সৎ কর্মীজনে পৃথিৱীত অক্ষয়-কীর্তি ৰাখি যােৱাৰ অনেক উদাহৰণ আছে। গতিকে সময় নিৰূপক যন্ত্র ঘড়ীৰ কাইটকেইডালে সময়ৰ কথা সূচালেও প্রকৃততে সময়ৰ জোখ আৰু মূল্য কামৰ জৰিয়তেহে নিৰূপণ কৰা হয়।

(ঘ) সময় অমূল্য ধন বােলা কথাষাৰ সঁচা।
উত্তৰ→ এবাৰ গুচি যােৱা সময় কেতিয়াও কোনাে মূল্য দিয়াে ঘূৰাই আনিব নােৱাৰি। একোজন ধন কুবেৰেও এক মিনিটত হাজাৰ হাজাৰ টকা উপার্জন কৰিব পাৰে। আনহাতে কোনেজন মানুহে হয়তাে গােটেই জীৱন চেষ্টা কৰিও একেলগে এহাজাৰ টকা চকুৰে দেখাৰ সৌভাগ্য নঘটে। আদৌৰ, ঘোঁৰা-চেকুৰ আদি প্রতিযােগিতাত এক মুহূর্ত আগবঢ়া লােকে লক্ষ লক্ষ টকাৰ পুৰস্কাৰ পােৱাৰ দৃষ্টতি আছে। পৰীক্ষাত মাত্র তিনি বা চাৰি ঘণ্টাৰ ভিতৰত উত্তৰ কৰিবলৈ দিয়া প্রশ্নকাকতখন লুৰি-পিটিকি থকা পৰীক্ষার্থীজনতকৈ তলৰ মূৰ ওপৰ কৰিবলৈ আহৰি নােপােৱা পৰীক্ষার্থীজনে বেছি নম্বৰ পাবই। গতিকে সময়ৰ মূল্য ইমানেই অধিক যে ইয়াক টকা-পইচা বা আন বহুমূলীয়া বস্তুৰেও নির্ণয় কৰা সম্ভৱ নহয়।

৭। ‘প্রকৃতি জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়।’—প্রাকৃতিক জগতৰ গতিবিধিবােৰ কি কি ? কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নির্ণয় কৰিব পাৰি পাঠভিত্তিক আলােচনা কৰা।
উত্তৰঃ বিভিন্ন প্রকাৰে সময় নিৰূপণ কৰাৰ লগতে প্ৰকৃতিৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। এনে গতি-বিধিক লক্ষ্য কৰিয়েই ছয় ঋতুৰ উদ্ভৱ হৈছে। গছত নতুন পাত ওলালে বসন্ত কাল হােৱা বুলি জানিব পাৰি। পদুম ফুল ফুলিলে সূর্যোদয় হােৱা আৰু জাপ গ’লে সূর্যাস্ত হােৱাৰ কথা বুজিব পাৰি। সেইদৰে কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাঁহে গাজ মেলিলে, কেতেকী ফুলৰ গােন্ধ ওলালে একো একোটা ঋতু বা সময়ৰ সম্ভেদ পাব পাৰি।

আনহাতে জীৱ-জন্তুৰ বিভিন্ন আচৰণাে এক প্ৰকাৰ প্ৰাকৃতিক জগতৰে গতি-বিধি। এই গতি বিধিৰদ্বাৰাও সময় নিৰূপণ কৰিব পাৰি৷ উদাহৰণস্বৰূপে কেঁকোৰা গাঁতত সােমালে, শামুকে পথাৰত দেখা দিলে, বালীমাহী চৰাই ওলালে, কুলি-কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে, চৰায়ে কুটা কঢ়িয়ালে, ভেকুলীয়ে টোটোৰালে একো একোটা ঋতু বা সময়ৰ সম্ভেদ পােৱা যায়। শিয়ালে হােৱা দি দি প্রতি প্ৰহৰৰ জাননী দিয়ে। কেঁচুৱে জালি দি, বাহত পাৰই ৰুণ দি ৰাতি পুৱাবলৈ যে বেছি পৰ নাই তাক জনায়। কুকুৰাই ডাক দি ৰাতি পুৱাল বুলি সকলােকে কৈ দিয়ে।

৮। নিয়মানুবর্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ’— বিষয় হিচাপে লৈ এটি আলচ যুগুত কৰা।
উত্তৰ: নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ বােলা কথা দুয়ােটা প্রায় একেই। কৰিবলগীয়া কামবােৰ নিয়মমতে আৰু উচিত সময়ত কৰাকেই নিয়মানুবর্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ বােলা হয়। কৰিবলগীয়া কামখিনি সময়মতে শৃংখলা লগাই কৰি উঠিলেই নিয়মানুবর্তিতা মনা হ’ল আৰু সময়ৰ সদ্ব্যৱহাৰ কৰা হ’ল বুলি ক’ব পাৰি। নিয়ম-শৃংখলা লগাই ৰেলগাড়ীৰ সময় তালিকা নিৰূপণ কৰা হয় বাবেই কেৰ্কেটুৱাই গছে গছে বগাই ফুৰাৰ দৰে মানুহে ইখন ৰেল এৰি সিখন ৰেলত উঠি দেশ-বিদেশ বৰঘৰ মাৰলঘৰ যেন কৰি ফুৰিব পাৰিছে। নিয়ম-শৃংখলা লগাই সময়ৰ সদ্ব্যৱহাৰ কৰি কাম কৰা কাৰণেই পৰুৱাৰ দৰে লানি নিছিগা কামেও কর্মী আৰু নিয়মানুৱর্তী মানুহক জুমুৰি দি ধৰিব নােৱাৰে। ঘখন চলােৱাৰপৰা এখন ৰাজ্য চলােৱালৈকে সকলাে কামতে নিয়মানুবর্তিতা বজাই ৰাখি শৃংখলাৰ মাজেদি সময়ৰ সদ্ব্যৱহাৰ নকৰিলে ঘৰ গুচি অচিৰে বাঁহতল হৈ উঠে, ৰাজ্য গুচি অৰাজকতাত পৰিণত হয়। নীতি-নিয়ম মানি সময়ৰ সদ্ব্যৱহাৰ কৰিব নােৱৰাৰ কাৰণেই। মাত্র পাঁচ মিনিটৰ কাৰণে বিশ্ববিজয়ী নেপােলিয়নৰ ৱার্টালু যুদ্ধত হাৰিবলগীয়া হৈছিল। নিয়মমতে পঢ়া-শুনা, কামন নকৰি সময় অথলে খেদোৱা ল’ৰা-ছােৱালীয়ে বা মানুহে জীৱনত শিক্ষা-দীক্ষাতাে লাভ কৰিব নােৱাৰেই জীৱনত কেতিয়াও উন্নতিও কৰিব নােৱাৰে। নিয়মানুবর্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ জীৱনৰ উন্নতিৰ মূল চাবি-কাঠী।

৯ নং প্ৰশ্নৰ উত্তৰ

(ক) আইৰাে বার্তা গংগাৰাে যাত্রা- ভাব সম্প্রসাৰণ কৰা।
উত্তৰঃ ‘আইৰাে বার্তা গংগাৰাে যাত্রা’- এই কথাষাৰিৰ পােনপটীয়া অৰ্থ হ’ল আইৰ খা-খবৰ ল’বলৈ যােৱাতেই পৱিত্ৰ গংগাকো দর্শন কৰা বা গংগাত স্নান কৰি অহা। ইয়াৰ প্রকৃত ভাবার্থ হ’ল কোনাে এটা কামলৈ গৈ তাৰ চেগতে বা লগতে অথবা সেই যােৱা আন এটি মহৎ বা পৱিত্ৰ কাম সমাধান কৰা। এনে কাৰ্যই সময়ৰ সদ্ব্যৱহাৰ কৰাৰ লগতে মনলৈ এক আনন্দও কঢ়িয়াই আনে। এটা কামলৈ গৈ সেই কাম নিয়াৰিকৈ কৰাৰ লগতে আনৰ কামতাে যদি সহায় কৰা হয় বা আনৰ উপকাৰ কৰা হয় তেতিয়াই গংগাৰ যাত্ৰাৰ সমানেই পুন্য হয় বুলি ধাৰণা কৰা হয়। কিয়নাে গংগা এখনি পুণ্যলােৱা নদী। ইয়াক দর্শন কৰিলে বা ইয়াত স্নান কৰিলে পুণ্য হয়, শান্তি হয় বুলি বিশ্বাস।

(খ) ৰাইজে নখ জোকাৰিলে নৈ বয় – ভাব সম্প্রসাৰণ কৰা।
উত্তৰঃ বিভিন্ন সৰু জান-জুৰি লগ লাগি একোখন বৃহৎ নৈৰ সৃষ্টি হয়। হাজাৰ হাজাৰ মানুহৰ নখত লাগি থকা পানী পৰি একেলগ হলেও সেই পানী নৈ হৈ বৈ যােৱাটো সম্ভৱপৰ হ’ব পাৰে। ইয়াৰ দ্বাৰা ইয়াকে বুজাবলৈ বিচৰা হৈছে যে এপইচা-দুপইচাকৈ ৰাইজে আটায়ে দানবৰঙণি দিলে লাখ টকাৰ কামাে সহজে কৰিব পৰা যায়। এজনে নােৱৰা কাম ৰাইজৰ সহযােগত সহজে কৰিব পাৰি।

(গ) সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা- ভাব সম্প্রসাৰণ কৰা।
উত্তৰঃ মানুহ বা আন চিকাৰী জন্তু দেখিলেই শৰ পহু তীব্র গতিৰে আঁতৰি যায়। এই শৰ পহুৰ মঙহ খাবলৈ আশা কৰি ইয়াক বধ কৰিব খুজিলে ঠিক সময়ত শৰ মাৰিব নােৱাৰিলে সেই শৰে শৰ পহুক আঘাত কৰিব নােৱাৰে। গতিকে শৰ পহু বধ কৰিবলৈ হলে এটা মুহূর্তও পলম নকৰি শৰ নিক্ষেপ কৰিব লাগে। ঠিক তেনেদৰে ঠিক সময়ৰ কাম ঠিক সময়ত নকৰিলে সেই কামৰ ভাল ফল কেতিয়াও আশা কৰিব নােৱাৰি। ভােগ লগাৰ সময়ত ভাত নাখাই পিছত খালেও খােৱাৰ তৃপ্তি নাপায়েই । বতৰ চাইকঠীয়া নাপাৰিলে জেঠৰ বাৰখৰত সিঁচিলে সেই কঠীয়াই গুণ নধৰে। ঠিক সময়ত ঔষধ ব্যৱহাৰ নকৰিলে ঔষধে ৰােগী বচাব নােৱাৰে। সময়ৰ শৰ মাৰিব নজনা’কথাই সময়ৰ সদ্ব্যৱহাৰ কৰিব নজনাৰ কথাকেই বুজাইছে। গতিকে সকলাে কামৰে সুফল পাবলৈ হ’লে যিটো কাম যিটো সময়ত কৰিব লাগে, ঠিক সেই সময়তেই কৰা উচিত। ইয়াৰ অকণমানাে হেৰফেৰত সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰিব নােৱাৰাৰ দৰে সেই কামৰ সুফলাে আশা কৰিব নােৱাৰি।

ভাষা বিষয়ক প্ৰশ্ন উত্তৰ । Class 9 Assamese Chapter 7 Question Answer

১০। সন্ধি ভাঙা: শকাব্দ, খ্রীষ্টাব্দ, শংকৰাব্দ, চৈতন্যাব্দ, লক্ষণাক্রান্ত, কল্পনান্তৰ, কৰায়ত্ত, মনস্তাপ
উত্তৰঃ
সংবৎ = স + বং
শকাব্দ = ক + অন্দ
খ্রীষ্টাব্দ = খ্রীষ্ট + অব্দ
শংকৰাব্দ = শংকৰ + অব্দ
চৈতন্যাব্দ = চৈতন্য + অব্দ
লক্ষণাক্রান্ত ও লক্ষণ + আক্রান্ত
কল্পনাস্তব = ক + অন্তৰ
কৰায়ত্ত = ক + আয়ত্ত
মনস্তাপ = মন্মঃ + তাপ

১১। পাঠটিত থকা কেইটামান যুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য সাজা।

উত্তৰঃ দিন ৰাতি →প্রকৃতিৰ সকলাে কামেই দিন-ৰাতি চলি আছে।
কার্যকলাপ→তাৰ কু-কার্যকলাপবােৰ দেখি বেয়া লাগিছে।
যুদ্ধ-বিগ্রহঃ→ যুদ্ধ বিগ্রহে দেশৰ শাস্তি নাশ কৰে।
গতি-বিধি→ প্রকৃতি জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়।
ঢাৰি-পাটী→ ৰাতিপুৱা সকলাে ঢাৰি-পাটী এৰি নিজ নিজ কামত ধৰিব লাগে।
দীঘল চুটি→ গাৰ ছাঁ কিমান দীঘল-চুটি তাক চায়াে আগতে সময়ৰ অনুমান কৰিছিল।
যন্ত্রপাতি→ আধুনিক যন্ত্রপাতিয়ে টান কামাে সহজ কৰিছে।
নাযায়-নুপুৱায়→ এলোৰ দিনটো নাযায়-নুপুৱায়।
দেশ-বিদেশ→ শৃংখলা লগাই ৰেলবােৰ চলিছে কাৰণে কোনাে অসুবিধা নােহােৱাকৈ মানুহে সহজে দেশ-বিদেশ ফুৰিব পাৰিছে।
লৰী-মটৰ → লৰী-মটৰ আদিৰে বস্তু-বাহানি কঢ়িওৱাত সহজ হৈছে।

Class 9 Assamese chapter 7 Question Answer। শব্দার্থ আৰু টোকা

যুগ– সময়ৰ এটা ভাগ; বাৰ বছৰ।
প্রৱর্তন – প্রচলন, স্থাপন।
কিংবদন্তি– জনশ্রুতি, মুখে মুখে চলি তাহা।
নিৰূপণ– নির্ণয়, নির্ধাৰণ, ঠিক।
উদ্ভৱ– সৃষ্টি, উৎপন্ন, জন্ম।
সম্ভেদ– উমান, গম।
জালি -দিয়া ধলপুৱাতে চৰায়ে মতা।
ৰিং– উকি, চিঞৰ, গেৰি।।
চকু-পচাৰতে নিমিষতে, তৎক্ষণাতে।।
সদ্ব্যৱহাৰ– সঠিক মতে কৰা ব্যৱহাৰ।
মালঘৰ– মানুহ বহি কথা-বতৰা পাতা ঘৰ; বহাঘৰ।
অমূল্য— যাক মূল্য দিলেও পােৱা নাযায়।
সিন্ধি– চোৰ সােমাবলৈ কৰা সুৰংগ।
কল্প– পুৰাণ মতে ব্রহ্মাৰ এটা দিন এটা ৰাতি। মানুহৰ হিচাবত ৪৩২ কোটি বছৰ।
বাঁহতল— বিশৃংখল, লেতেৰা বা অশান্তিকৰ ঠাই বা অৱস্থা।
তুলসী– গুৰিতুলসী এবিধ পৱিত্ৰ উদ্ভিদ। ইয়াৰ গুৰিও সেই কাৰণেই পৱিত্ৰ আৰু শুচি। মানুহৰ মৃত্যু হলে মৃতকক এই পৱিত্র স্থান তুলসীগুৰিত কিছুসময় ৰখা হয়।

অতি চমু উত্তৰ দিয়া

(ক) নীলমণি ফুকন অসমীয়া সমাজত কি উপাধিৰে পৰিচিত?
উত্তৰঃ বাগ্মীৰ’ উপাধিৰে।

(খ) নীলমণি ফুকনৰ দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ‘জ্যোতিকণা’, ‘চিন্তামণি।

(গ) হিন্দু শাস্ত্রমতে যুগ কেইটা?
উত্তৰ চাৰিটা।

(ঘ) কল্কি অৱতাৰৰ পিছত কি যুগ প্রৱৰ্তন হ’ব বুলিছে?
উত্তৰঃ সত্যযুগ প্রৱৰ্তন হ’ব বুলিছে।

(ঙ) মানুহৰ এবছৰে দেৱতাৰ কিমান দিন বুলি কোৱা হৈছে?
উত্তৰঃ এদিন।

(চ) সময়ৰ ডাঙৰ ভাগবিলাক কি কি?
উত্তৰঃ যুগ, কল্প, শতাব্দী।

(ছ) সময়ৰ মজলীয়া ভাগবােৰ কি কি?
উত্তৰঃ ঋতু, বছৰ, মাহ।

(জ) সময় কিহেৰে জুখিব পাৰি?
উত্তৰঃ কামেৰে।

(ঝ) কি শক্তিৰ বলত মানুহে লাহে লাহে সময় নিৰূপণৰ কৌশল উলিয়াব ধৰে?
উত্তৰঃ উদ্ভাৱিকা শক্তিৰ বলত।

(ঞ) সময়’ নামৰ পাঠটিৰ লেখক কোন?
উত্তৰঃ বাগ্মীব নীলমণি ফুকন।

(ট) সময়ৰ সোঁতক কিহৰ লগত তুলনা কৰা হৈছে?
উত্তৰঃ নৈৰ সোঁতৰ লগত।

(ঠ) সময়ৰ গতি কিহৰ নিচিনা?
উত্তৰঃ পাখি লগা কাঁড়ৰ নিচিনা।

(ড) কিহৰ ওপৰত সময়ৰ যথার্থ মূল্য নিৰূপণ কৰিব পাৰি?
উত্তৰঃ সময়ৰ সদ্ব্যৱহাৰ কৰাৰ ওপৰত।

(ট) সময়ৰ প্ৰকৃত যন্ত্রপাতি কি?
উত্তৰঃ কর্ম।

(গ) বেলিঘড়ী কিহক বুলিছে?
উত্তৰঃ বেলিফুল বা সূর্যমুখী ফুলক বুলিছে।

প্ৰঃ সময় কি গতিত ঘূৰে?
উত্তৰ→ সময় বৃত্তাকাৰ গতিত ঘূৰে।

প্ৰঃ কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়?
উত্তৰ→ কার্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়।

প্ৰঃ সময়ক কিহৰ লগত তুলনা কৰিব পাৰি?
উত্তৰ→ সময়ক’ নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি।

প্ৰঃ সময়ৰ ডাঙৰ ভাগবােৰ কি কি ?
উত্তৰ→ সময়ৰ ডাঙৰ ভাগবােৰ হ’ল—— যুগ, কল্প, শতাব্দী।

1 Comment

  1. […] Class 9 Assamese Chapter 7 Question Answer | সময় Class 9 প্ৰশ্নোত্তৰAdvertisements Advertisements Class 9 Assamese Chapter 7 Question Answer তথা নৱম মান শ্ৰেণীৰ মাতৃভাষা (অসমীয়া) ৰ সপ্তম অধ্যায় সময়ৰ প্ৰশ্নোত্তৰ … […]

Leave a Reply

Your email address will not be published.