মানৱ বন্দনা Class 9 Assamese

মানৱ বন্দনা Class 9 Assamese ৰ দ্বিতীয় অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ, সাৰাংশ, অতিৰিক্ত প্ৰশ্ন উত্তৰ আদি আজি আমি Assamese Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবে আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ।

হয়, আমি ইয়াত Assamese Medium Class 9 ৰ অসমীয়াৰ সম্পূৰ্ণ Syllabus ৰ প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিব প্ৰয়াস কৰিছোঁ। ইয়াত আমি আজি আলোচনা কৰি আছোঁ মানৱ বন্দনা Class 9 Assamese ৰ প্ৰশ্ন উত্তৰ আৰু সাৰাংশ আলোচনা কৰিম। ইয়াৰ আগতে আমি শিশুলীলা আলোচনা কৰিছোঁ। যদি আপুনি পঢ়িব খোজে বা প্ৰশ্ন উত্তৰ জানিব খোজে তেন্তে লিংকত ক্লিক কৰক।

মানৱ বন্দনা Class 9 Assamese কবিতাৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত কবিতা মানৱ বন্দনা Class 9 Assamese ৰ প্ৰথমতে আমি সাৰাংশ আলোচনা কৰিব বিচাৰিছো কিয়নো এটি কবিতাৰ সাৰাংশ বুজি পালে ৯৯% প্ৰশ্নৰ উত্তৰ অতি সহজেই দিব পাৰি। তেন্তে আহক আমি আজি প্ৰথমে আলোচনা কৰোঁ মানৱ বন্দনা Class 9 Assamese কবিতাৰ সাৰাংশ।

মানৱ বন্দনা Class 9 Assamese

মানৱ বন্দনা Class 9 Assamese Chapter 2

আহিছে মানুহ গইছে মানুহ
মানুহ ময়পী জীৱ,
মানুহ সোঁতৰ অন্ত নাইকিয়া
বুলিলে মৰত কিয়?
মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।
মানুহেই লগ মানুহেই সংগ
মানুহেই পৰাপৰ,
এই যে পৃথিৱী স্বগতো অধিক
মানুহৰ নিজাপী ঘৰ।
মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ,
কৰা কৰা পূজা পাদ্য অঘ্য লই
জয় জয় মানৱ দেৱ।

মানৱ বন্দনা Class 9 Assamese সাৰাংশ

প্ৰতিমা খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে মানৱ বন্দনা কবিতাটিত মানবৰ জয়গান গাইছে। কবিয়ে কৈছে যে মানৱে বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে। মানুহৰ আগমন আৰু গমন এক চিৰন্তন প্ৰক্ৰিয়া। মানুহৰ যেন এই পৃথিৱীখনৰ মায়াত বন্দী এক জীৱ। সেয়েহে কবিয়ে এই মানৱী জীৱনটো মানুহৰ কল্যানৰ হকে উৎসৰ্গা কৰিবলে কৈছে। কাৰন মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোবাৰে। মানুহেই মানুহৰ পৰম বন্ধু। এতেকে মানুহৰ কল্যান সাধন কৰাটোহে হৈছে প্ৰকৃত ধৰ্ম। জীৱশ্ৰেষ্ঠ মানৱে নিজৰ মানৱীয় কামৰাজিৰে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সন্দোৰ কৰি তোলাটো কবিয়ে কামনা কৰিছে । কবিৰ মতে মানুহ নৰৰুপী ভগৱান। এই নৰৰুপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। সেয়েহে কবিয়ে পাদ্য- অৰ্ঘ্য লৈ মানুহক পূজা কৰিবলৈ কৈছে।

মানৱ বন্দনা Class 9 Assamese ভাব-বিষয়ক প্ৰশ্নৱালী

(ক) ‘মানুহেই পৰাপৰ’ বোলা কথাষাৰৰ অথ কি?
উত্তৰঃ
মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হ’লঃ মানুহেই সকলো জীৱতকৈ শ্ৰেষ্ঠ, পৰম সত্য।

(খ) মানুহক ময়াপী জীৱ বোলাৰ অথ কি?
উত্তৰঃ
এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি।অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য। ই যেন এক প্ৰকাৰ মায়া সদৃশ। সেয়েহে মানুহক মায়াপী জীৱ বুলি কৈছে ।

(গ) পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি?
ত্তৰঃ কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটোৱেই হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্য-অৰ্ঘ্য লৈ মানুহক পূজা কৰিব দিছে।

২। মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা।
উত্তৰঃ
মানৱ বন্দনা Class 9 Assamese সাৰাংশ আমি প্ৰথমতে আলোচনা কৰিছোঁ, আপুনি তাৰ পৰা পঢ়িব পাৰে বা জানি লওক।

৩। এই যে পৃথিৱী স্বগতো অধিক
মানুহৰ নিজাপী ঘৰ।
কথাষাৰৰ অৰ্থ বুজাই লিখা।

উত্তৰঃ এই যে পৃথিৱী স্বৰ্গতো অধিক…..
মানুহৰ নিজাপী ঘৰ । মানুহৰ নিজাপী বুলি কবিয়ে পৃথিৱী খনৰ কথাকে বুজাইছে । কাৰন – মানুহ সদায় এই পৃথিৱী খনতেই থাকিই লাগিব। এই পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুয়ে অতি প্ৰয়োজনীয়। আমি প্ৰত্যেকেই ভাল বেয়া, সচাঁ মিছা, সুখ দুখৰ অনূভৱ এই পৃথিৱীখনতেই, মানুহৰ মাজতেই পাওঁ। সেয়েহে মানৱক ভালপোৱা কবিয়ে এই পৃথিৱী খনক স্বৰ্গতকৈয়ো অধিক সুখৰ আলয় আৰু মানুহৰ প্ৰকৃততে নিজৰে ঘৰ বুলি কৈছে।

মানৱ বন্দনা Class 9 Assamese বাখ্যা

৪।
(ক) মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।

উত্তৰঃ মানৱী জনম…………..
……মৰমতে।
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ’ মানব বন্দনাʼনামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে।
মানুহৰ পাৰস্পাৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰততেই সৰগৰ সুখ লাভ কৰিব পাৰি এই কথাকেই কবিতাফাঁকিত প্ৰকাশ পাইছে।
মানৱতাবাদী কবিয়ে কবিতাটিত মানৱৰ জয়গান গাইছে। কবিতাটিত কবিয়ে এই মানৱী জনমটোত মানুহৰ সেৱাত ব্ৰতী হবলৈ উপদেশ দিছে। মানুহৰ মাজত মৰম চেনেহৰ আদান প্ৰদানৰ জৰিয়তে মানুহে এই ধৰাতলতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰিব। মানুহৰ মাজত থকা পাৰস্পাৰিক মৰমকেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে।

(খ) মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কোৱ,
কৰা কৰা পূজা পাদ্য অঘ্য লই
জয় জয় জয় মানৱ দেৱ।

উত্তৰঃ মানুহেই দেৱ মানুহেই সেৱ………………

উক্ত কবিতাফাঁকি ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰা প্ৰসংগত উক্ত কবিতাফাঁকি উল্লেখ কৰা হৈছে।
এই পৃথিৱীত মানুহেই হ’ল নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰধান কৰ্ত্তব্য। এই চৰাচৰৰ মাজত পৰম শক্তি ৰূপে জিলিকি থকা মানব সত্তাক সেৱা কৰাটোয়েই হৈছে মানুহৰ পৰম ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহৰ পূজা কৰিবলৈ কৈছে আৰু মানুহৰ জয়গান গাবলৈ কৈছে।

মানৱ বন্দনা Class 9 Assamese ভাষা-বিষয়ক প্ৰশ্ন

৫। সমাথক শব্দ লিখাঃ
মানুহঃ মানৱ, মানুহ
সংগঃ লগ, বন্ধু
পৃথিৱীঃ ধৰা
সোঁতঃ ঢৌ, লহৰ
স্বৰ্গঃ সৰগ
দেৱঃ দেৱতা

৬। সংস্কৃত কম, ধম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা।

ধৰ্মঃ ধৰম
কৰ্মঃ কৰম
মত্যঃ মৰত
দেৱঃ দেৱতা

মানৱ বন্দনা Class 9 Assamese ৰ শেষ বাক্য হিচাপে

মানৱ বন্দনা Class 9 Assamese ৰ দ্বিতীয় অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ, সাৰাংশ, অতিৰিক্ত প্ৰশ্ন উত্তৰ আমি Assamese Medium ত আলোচনা কৰিলোঁ। ইয়াৰ ওপৰিও যদি মানৱ বন্দনা Class 9 Assamese ৰ দ্বিতীয় অধ্যায় লৈ কিবা অসুবিধা থাকে তেন্তে Assamese Medium Facebook PageFollow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে।

Leave a Comment