ADVERTISEMENT

Class 10 Maths Chapter 1 Assamese Medium | বাস্তৱ সংখ্যা

আমি প্ৰয়াস কৰি আছো Class 10 Mathematics ৰ সহজ সৰল সমাধান আগবঢ়োৱা। ইয়াৰ বাবেই আমি Assamese Medium ৰ পৰা Class 10 Maths ৰ বহু কেইটা অধ্যায় আমি আলোচনা কৰিছোঁ। যদি আপুনি Assamese Medium Class 10 ত অধ্যায়ন কৰি আছে তেন্তে বাস্তৱ সংখ্যা Class 10 Maths Chapter 1 Assamese Medium য়ে আপোনাক বহুত সহায় কৰিব। অতিৰিক্ত আপুনি পঢ়িব বিচাৰিলে তলত লিংকত ক্লিক কৰক।

আপুনি যদি Class 10 Maths Chapter 1 Solution PDF Assamese পঢ়ি বুজি পোৱা নাই, তেন্তে আপোনালোকৰ বাবে আমি Video Class ও দিয়াৰ ব্যৱস্থা কৰিছো।

ইয়াত আমি অনুশীলনী হিচাপে Video Class আপলোড কৰিছো, আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি চাব পাৰে। যদি আমাৰ video class ভাল লাগে তেন্তে Subscribe কৰিব নেপাহৰিব।

Class 10 Maths Chapter 1 Assamese Medium
ADVERTISEMENT

Class 10 Maths Chapter 1 Assamese Medium 2024 HSLC Exam

ইয়াত আমি Exercise 1.1, Exercise 1.2, Exercise 1.3, আৰু Exercise 1.4 ৰ সকলো সমাধান দিয়াৰ প্ৰয়াস কৰিছো। আমি Assamese Medium Class 10 Mathematics ৰ প্ৰথম অধ্যায় তথা বাস্তৱ সংখ্যাৰ সকলো সমাধান মিলাই এটা PDF Notes বনাইছো আৰু আপোনালোকৰ বাবে বিনামূল্যেত ইয়াত Share কৰিছো। আপোনালোকে বিচাৰিলে তলত দিয়া লিংকৰ পৰা Class 10 Maths Chapter 1 Solution PDF Assamese Medium ডাউনলোড কৰিব পাৰে।

  1. স্বাভাবিক সংখ্যা
  2. পূৰ্ণ সংখা
  3. অখণ্ড সংখ্যা
  4. পৰিমেয় সংখ্যা
  5. অপৰিমেয় সংখ্যা
  6. বাস্তৱ সংখ্যা
  7. ইউক্লিডৰ কলন বিধি ( Euclid’s Lemma )
  8. সংখ্যাৰ দশমিক বিস্তৃতি ( পৰিসমাপ্তি আৰু অপৰিসমাপ্তি )
  9. 2n.5m আৰ্হিৰ সংখ্যাৰ ধাৰণা ।
  10. √2, √3, √5 অপৰিমেয় আদি ।

Class 10 Maths Ex 1.1 Assamese Medium PDF

1.ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গ.সা.উ. উলিওৱা- (i) 135 আৰু 225 (ii) 196 আৰু 38220 (iii) 867 আৰু 255 (iv) 272 আৰু 1032 (v) 405 আৰু 2520 (vi) 155 আৰু 1385 (vii) 384 আৰু 1296 (viii) 1848 আৰু 4058

ADVERTISEMENT
ADVERTISEMENT

2.দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখাই 6q + 1, বা 6q + 3, বা 6q+5 আৰ্হিৰ, য’ত q এটা কোনোবা অখণ্ড সংখ্যা ।

3. 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়ি কাঢ়ি যাবলগীয়া হ’ল দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম-খোজ কাঢ়িবলগীয়া হ’ল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ’ব?

4. ইউক্লিডৰ বিভাজন প্রমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m + 1 আৰ্হিৰ, য’ত m এটা কোনোবা অখণ্ড সংখ্যা।

5. ইউক্লিডৰ বিভাজন প্রমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m, 9m + 1 নাইবা 9m + 8 আৰ্হিৰ।

6. হিমাদ্ৰীয়ে 625 টা ভাৰতীয় আৰু 325 টা আন্তঃৰাষ্ট্ৰীয় ডাকটিকট সংগ্রহ কৰিলে। তাইএইবোৰ এক বিশেষ থূপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাকটিকট ৰৈ নাযায়।হিমাদ্রীয়ে সর্বাধিক কিমানটা থুপত ডাকটটিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব?

7. দুডাল ৰছীৰ দৈৰ্ঘ 64 ছে: মি: আৰু 80 ছে: মি:। দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হব?

Download PDF Solution

Class 10 Maths Exercise 1.1 Assamese Medium PDF

ADVERTISEMENT

Class 10 Maths Ex 1.2 Assamese Medium PDF

১) প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা: (i) 140     (ii) 156    (iii) 3825     (iv) 5005     (v) 7429

২) তলৰ অখণ্ড সংখ্যা কেইযোৰৰ ল.সা.গু আৰু গ.সা.উ উলিওৱা । সত্যাপন কৰা যে  ল.সা.গু x গ.সা.উ = সংখ্যা দুটাৰ গুণফল । (i) 26 আৰ 91     (ii) 510 আৰু 92     (iii) 336 আৰু 54

৩) মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ  ল.সা.গু আৰু গ.সা.উ উলিওৱা। (i) 12,15, আৰু 21    (ii) 17,23 আৰু 29    (iii) 8,9 আৰু 25

৪) দিয়া আছে  গ.সা.উ. (306,657) = 9  ।  ল.সা.গু. (306,657)  উলিওৱা ।

৫) পৰীক্ষা কৰা, কোনোবা স্বাভাৱিক সংখ্যা n অৰ ক্ষেত্ৰত 6n সংখ্যাটো 0 অংকেৰে শেষ হ’ৱ পাৰেনে নাই ।

ADVERTISEMENT

৬)  7 x 11 x 13 + 13  আৰু  7 x 6 x 5 x 4 x 3 x 2 x 1 + 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা, ব্যাখ্যা কৰা।

৭) এখন খেল পথাৰৰ চাৰিওপিনে এটা বৃত্তকাৰ পথ । খেল পথাৰখন গাড়ীৰে এবাৰ ঘূৰিৱলৈ ছোনিয়াৰ 18 মিনিট লাগে, য’ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট । ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে । কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিৱ?

Download PDF Solution

Class 10 Maths Exercise 1.2 Assamese Medium PDF

Class 10 Maths Ex 1.3 Assamese Medium PDF

১) দেখুওৱা যে √5 অপৰিমেয় ।

২) দেখুওৱা যে 3+2√5 এটা পৰিমেয় সংখ্যা ।

৩) দেখুওৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় : (i) 1÷√2     (ii) 7√5  (iii) 6+√2

ADVERTISEMENT

Download PDF Solution

Class 10 Maths Exercise 1.3 Assamese Medium PDF

Class 10 Maths Ex 1.4 Assamese Medium PDF

১) দীৰ্ঘ হৰণ নকৰাককৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত (সাবধি) নাইবা কোনবোৰৰ পৌন:পুনিক দশমিক বিস্তৃতি থাকিৱ বৰ্ণনা কৰা: (i) 13/3125       (ii) 17/8       (iii) 64/455         (iv) 15/1600        (v) 29/343 (vi) 23/23.52     (vii) 129/(22.57.75)          (viii) 6/15           (ix) 35/50 (x) 77/210

২) ওপৰৰ প্ৰশ্ন -1 অত যিবোৰ ’ৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুওৱা ।

৩) তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি আছে। প্ৰতিটোৰে ক্ষেত্ৰত ই এটা পৰিমেয় হয়নে নহয় সিদ্ধান্ত কৰা। যদি ই পৰিমেয় আৰু ই p/q আৰ্হিৰ, তেন্তে ইয়াৰ q ৰ মৌলিক উৎপাদকীকৰণ বিষয়ে কি ক’ৱ পাৰিবা। (i) 43.123456789        (ii) 0.120120012000120000…    (iii) 43.123456789123456789123456789…..

Download PDF Solution

Class 10 Maths Exercise 1.4 Assamese Medium PDF

ADVERTISEMENT
ADVERTISEMENT
ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

2 thoughts on “Class 10 Maths Chapter 1 Assamese Medium | বাস্তৱ সংখ্যা”

  1. ADVERTISEMENT

Leave a Comment

ADVERTISEMENT