Physical And Chemical Changes in Assamese

কিন্তু ৰাসায়নিক ধৰ্ম কি? এই কথাটো বুজাৰ আগতে মনত পেলাই দিব খোজোঁ আন এটা শব্দ যিটো হল (Physical And Chemical Changes in Assamese) ভৌতিক ৰাসায়নিক আৰু ধৰ্ম।

দৰাচলতে ৰাসায়নিক বিক্ৰিয়া (Chemical Reaction Class 10 Science) হল কোনো পদাৰ্থৰ ৰাসয়নিক বৈশিষ্টৰ পৰিৱৰ্তন আৰু ৰাসায়নিক সমীকৰণ হল – বিক্ৰিয়া এটাক সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰা। কিন্তু ৰাসায়নিক ধৰ্ম কি? এই কথাটো বুজাৰ আগতে মনত পেলাই দিব খোজোঁ আন এটা শব্দ যিটো হল (Physical And Chemical Changes in Assamese) ভৌতিক ৰাসায়নিক আৰু ধৰ্ম।

একেবাৰে সহজ আৰু সৰল ভাষাত কবলৈ গলে মানুহৰ জ্ঞান ইন্দ্ৰিয়ৰ জৰিয়তে পদাৰ্থৰ যিবোৰ ধৰ্মৰ কথা আলোচনা / গম পোৱা যায় তাক ভৌতিক ধৰ্ম (Physical properties) বুলি কোৱা হয়। এতিয়া কথাটো হল জ্ঞান ইন্দ্ৰিয় কোন কেইটা বা কি কি?

মানুহৰ শৰীৰৰ চকু, নাক, কাণ, জিভা আৰু ছাল – এই পাঁচটা অংগত জ্ঞান – ইন্দ্ৰীয় (The Sense Organ) বুলি কোৱা হয়। এই কেইটা অংগৰ জৰিয়তে পদাৰ্থৰ যি ধৰ্মৰ গম পোৱা যায়, তাক ভৌতিক ধৰ্ম বোলে। যেনে- ৰং, ঘনত্ব, আকাৰ, আকৃতি ইত্যাদি। আনহাতে পদাৰ্থৰ যিবোৰ ধৰ্ম আমি জ্ঞান – ইন্দ্ৰীয়ৰ জৰিয়তে পোনপটীয়াকৈ বুজিব নোৱাৰি তাকেই ৰাসায়নিক ধৰ্ম (Chemical Properties in Chemistry Class 10) বোলে।

ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন

যিকোনো পদাৰ্থৰ ভৌতিক ধৰ্মৰ পৰিৱৰ্তন হলে তাক ভৌতিক পৰিৱৰ্তন বোলে। এই পৰিবৰ্তনক সাধাৰণতে আগৰ অৱস্থালৈ ঘুৰাই আনিব পাৰি। আনহাতে ৰাসায়নিক ধৰ্মৰ পৰিৱৰ্তনক ৰাসায়নিক পৰিৱৰ্তন বোলে। এই পৰিবৰ্তনক কেতিয়াও তাৰ আগৰ অৱস্থালৈ ঘুৰাই আনিব নোৱাৰি।

উদাহৰণ হিচাপে কোনো বস্তুৰ ৰঙৰ পৰিৱৰ্ত্তন ঘটালে ইয়াক অনায়সে বেলেগ ৰং দিব পৰা যায় বা আগৰ অৱস্থালৈ ঘুৰাই আনিব পাৰি। কিন্তু ৰাসায়নিক পৰিৱৰ্তন ঘটিলে ইয়াক কেতিয়াও আগৰ অৱস্থালৈ ঘুৰাই আনিব নোৱাৰি।

উপৰোক্ত আলোচনাত উল্লেখ কৰা ৰাসায়নিক ধৰ্মৰ পৰিৱৰ্তনক ৰাসায়নিক বিক্ৰিয়া বোলে। যেনে –

  1. খাদ্য বস্তুৰ ৰন্ধন প্ৰক্ৰিয়া।
  2. খাদ্য বস্তুৰ হজম প্ৰক্ৰিয়া।

1) ৰাসায়নিক বিক্ৰিয়া কাক বোলে। উদাহৰণ দিয়া?

Answer: দুটা বা ততোধিক পদাৰ্থ ৰাসায়নিক ভাবে মিলিত হৈ বা কেতিয়াবা এটা পদাৰ্থ ভাঙি দুই বা ততোধিক ভিন্ন ভৌতিক বা ৰাসায়নিক ধৰ্ম বিশিষ্ট নতুন পদাৰ্থৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াক ৰাসায়নিক বিক্ৰিয়া বোলে। যেনে- খাদ্য বস্তুৰ ৰন্ধন প্ৰক্ৰিয়া, খাদ্য বস্তুৰ হজম প্ৰক্ৰিয়া।

ইয়াৰ ওপৰিও কোনো পৰিস্থিতিত যদি অৱস্থাৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি বা উষ্ণতাৰ পৰিৱৰ্তনৰ যিকোনো এটা সংঘটিত হয়, তেন্তে তাত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা বুলি কোৱা হয়।

এতিয়া আমাৰ আলোচ্য বিষয় হল দশম মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰথম অধ্যায় (Chemical Reaction And Equation) ৰ ৰাসায়নিক সমীকৰণ (Chemical Equation Class 10 Science)। যদি আপুনি ৰাসায়নিক বিক্ৰিয়া কি বুজিব পৰিছে তেন্তে এতিয়া জনক ৰাসায়নিক সমীকৰণ কি, ইয়াক কেনেকৈ প্ৰকাশ কৰা হয় , ইত্যাদি।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Free PDF Notes

Get Now

ADVERTISEMENT

1 thought on “Physical And Chemical Changes in Assamese”

Leave a Comment

error: লাজ নালাগে কপি কৰিব