Class 9 Science Chapter 13 Question Answer in Assamese | আমি অসুস্থ হওঁ কিয়?

আপুনি নৱম মান শ্ৰেণীৰ শিক্ষাৰ্থী নেকি? আপুনি Class 9 Science Question Answer তথা নৱম মান শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায়সমুহৰ প্ৰশ্ন উত্তৰ বিচাৰি আছে নেকি? তেন্তে আপুনি সঠিক স্থানত আহিছে, আজি আমি Assamese Medium ত “আমি অসুস্থ হওঁ কিয়?” তথা Class 9 Science Chapter 13 Question Answer in Assamese আলোচনা কৰিব প্ৰয়াস কৰিছো।

Class 9 Science Chapter 13 Question Answer Assamese

Class 9 Science Chapter 13 Question Answer in Assamese

Class 9 Science Chapter 13 Question Answer in Assamese তথা নৱম মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় 13 “আমি অসুস্থ হওঁ কিয়?” ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ দিয়াৰ উপৰিও কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ, আপুনি এজন শিক্ষাৰ্থী হিচাপে আমাৰ এই লিখনিয়ে আগন্তুক পৰীক্ষাৰ বাবে কিছু সহায় কৰিব।

Class 9 Science Blue Question Answer Page No. 178

1. সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা।
উত্তৰঃ

  • সুষম আহাৰ, বীজাণুমুক্ত খাদ্য আৰু পৰিমিত খাদ্যৰ পৰিবেশন।
  • নির্মল বায়ু সেৱন, শাৰীৰিক ব্যায়াম আৰু বিশ্রাম, পৰিস্কাৰ পৰিচ্ছনতা সুস্বাস্থ্যৰ বাবে প্ৰয়োজনী।

2. ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ

  • জীৱন ধাৰণৰ সুস্থ পৰিবেশ, বিশুদ্ধ খোৱাপানী আৰু চাফ-চিকুন পৰিবশে।
  • জীৱাণুমুক্ত আহাৰ; নিচাযুক্ত দ্ৰব্য বৰ্জন।

3. ওপৰৰ দুয়োটা প্রশ্নউত্তৰ একেধৰণৰ নে বেলেগ ? আৰু কিয়?

উত্তৰঃ বেলেগ। ৰোগমুক্ত শৰীৰ মানে বেমাৰ-আজাৰ নহোৱা শৰীৰ। আনহাতে সুস্বাস্থ্য মানে হ’ল বেমাৰ-আজাৰ নহোৱাৰ লগতে মানসিক আৰু সামাজিকভাৱে সুস্থ হ’ব লাগিব।

Class 9 Science Blue Question Answer Page No. 180

1. যদি তুমি অসুস্থ হৈছা আৰু যাৰ বাবে ডাক্তৰৰ ওচৰত চিকিৎসা কৰিব লাগে বুলি ভাবিছা তাৰ তিনিটা কাৰণ উল্লেখ কৰা। যদি ইয়াৰ কাৰণ মাত্ৰ এটা তেতিয়া ডাক্তৰৰ ওচৰলৈ যাবা নেকি ? কিয় যাবা বা নাযাবা?
উত্তৰঃ i) অসুস্থতাৰ কাৰণ জনাৰ বাবে।
ii) সুস্থ হোৱাৰ পৰামৰ্শ ল’বৰ বাবে।
iii) ভবিষত্যে তেনেকুৱা ৰোগৰ পৰা হাত সৰাৰ উপায়ৰ বিষয়ে জানিবলৈ যিকোনো অসুস্থতাৰ বাবে ডাক্তৰৰ পৰামৰ্শ লোৱ হৈছে।

2. তলৰ কোনটো ৰোগৰ বাবে স্বাস্থ্যত প্রভাব পৰিব বাবে? যদি পাৰে কি?
(i) যদি তুমি জণ্ডিচত ভোগা। (ii) যদি তোমাৰ ওকণি হয়। (iii) যদি তোমাৰ শালমইনা হয়।

উত্তৰঃ জণ্ডিচ হ’লৈ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। কাৰণ জণ্ডিচ হ’লৈ লিভাৰ দুর্বল হয়। ফলত খোৱা খাদ্যৰ হজমত বিজুতি ঘটে। ইয়াৰ প্ৰতিক্ৰিয়া বহুদিনলৈ দেহত থাকি যায়।

Class 9 Science Blue Question Answer Page No. 187

1. আমি অসুস্থ হ’লে কিয় স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণেপৰামৰ্শ দিয়া হয়?
উত্তৰঃ i) পুষ্টিকৰ খাদ্য স্বাস্থ্যৰ বাবে দৰকাৰী। আনহাতে স্বাদহীন খাদ্যত মচলাৰ পৰিমাণ কম হোৱা বাবে সহজে হজম হয়।
ii) পুষ্টিকৰ খাদ্যৰ ৰোগ সহজে নিৰাময় হ’বৰ বাবে দৰকাৰী ভিটামিন, খনিজ লবণ আদি থাকে। স্বাদহীন খাদ্যত মচলা কম থকাৰ ফলত ঔষধে সহজে ক্ৰিয়া কৰে।

2. কি কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্রামক ৰোগসমূহ সঞ্চাৰিত হয় ?
উত্তৰঃ সংক্রামক ৰোগসমূহ স্পর্শ, বায়ু, পানী, খাদ্য আদি মাধ্যমৰ দ্বাৰা বিয়পে ৷

3. তোমালোকৰ স্কুলত সংক্রামক ৰোগ সঞ্চাৰিত নহ’বৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিছা।
উত্তৰঃ

  • বিশুদ্ধ খোৱা পানীৰ ব্যাৱস্থা কৰা হয়।
  • প্ৰস্ৰাবগাৰ আৰু শৌচাগাৰৰ ব্যাৱস্থা কৰা হয়।
  • সময়ে সময়ে সজাগতা শিবিৰ পতা হয়।
  • স্কুলৰ লগতে চাৰিওফালৰ পৰিবেশ চাফ-চিকুণকৈ ৰখা হয়।
  • মাজে সময়ে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা হয়।

4. অসংক্রাম্যকৰণ কি?
উত্তৰঃ সুস্থ ব্যক্তিৰ শৰীৰত নিৰ্দিষ্ট ৰোগ সৃষ্টিকাৰী বিজুগু নিস্ক্রিয় অৱস্থা নতুবা মৃত্যু ঘটাব নোৱাৰা পৰিমাণৰ সক্রিয় অবস্থা নতুবা সেই বীজাণুৰ পৰা সৃষ্টি হোৱা ৰোগসৃষ্টিকাৰী দ্ৰব্য সুস্থ ব্যক্তিৰ শৰীৰত সুমুৱাই দি নির্দিষ্ট এন্টিবডি উৎপন্ন কৰোৱাই অসংক্ৰাম্যতা কৰা ব্যাৱস্থাটোকে অসংক্রাম্যকৰণ বোলে।

5. তোমালোকৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত অসংক্ৰাম্যকৰণৰ কি কি ব্যাৱস্থা আছে? তোমালোকৰ অঞ্চলত কি কি ৰোগৰ প্ৰভুত্ব বেছি? .
উত্তৰঃ স্বাস্থ্যকেন্দ্ৰসমূহত যক্ষ্মা, পলিঅ’, ডিপথেৰিয়া, ধনুষ্টংকাৰ, সৰু আই, হুপিংকাহ আদি বেমাৰৰ টিককৰণ ব্যাৱস্থা আছে। এই টিকাসমূহ জন্মৰ পৰা 10 15 বছৰ বয়সলৈ দিয়া হয়। পলিঅ’, ডিপথেৰিয়া, হুপিংকাঁহ আদি বেমাৰৰ প্ৰভুত্ব বেছি।

অনুশীলনী প্ৰশ্ন উত্তৰ

1. যোৱা এবছৰ ধৰি কিমানবাৰ তুমি অসুস্থ হৈছা? সেই বেমাৰবোৰ কি কি আছিল?
a) বেমাৰত অসুস্থ হওঁতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ তোমাৰ অভ্যাসৰ কি কি পৰিবৰ্তন হৈছিল?
b) বেমাৰৰ পৰিহাৰৰ কাৰণে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ কি সলনি হোৱাটো বিচাৰা?

উত্তৰঃ (a) দুবাৰ পানীলগা আৰু ডায়েৰিয়াত আক্ৰান্ত হোৱা গৈছিল।
i) পানী উতলাই খাব লাগে।
ii) ৰোগ আক্ৰান্ত ৰোগীৰ পৰা দূৰত থাকিব লাগে।
iii) পুষ্টিকৰ খাদ্য খোৱা উচিত।

(b) পৰিবেশ চাফ-চিকুণকৈ ৰাখিব লাগে। অলাগতীয়াল পদাৰ্তসমূহ গাতত পুটি পেলাব লাগে।

2. এজন চিকিৎসক / নাৰ্চ / স্বাস্থ্যকর্মীয়ে আন মানুহৰ তুলনাত অসুস্থ মানুহৰ লগত বেছিকৈ মিলামিছা কৰি থাকে। নিজকে তেওঁ কেনেকৈ ৰোগৰ পৰা পৰিহাৰ পাইছে?
উত্তৰঃ সংক্রামক ৰোগৰ পৰা পৰিহাৰ পাবলৈ তলত দিয়া ব্যৱস্থাসমূহ অৱলম্বন কৰা হয় —

  1. টিকাকৰণ কৰা হয়।
  2. সংক্ৰমণৰ পৰা সাৱধানতা অৱলম্বন কৰা হয়।
  3. হাতত গ্লোভচ্ আৰু মুখত মাক্স পিন্ধা হয়।
  4. হস্পিতালত পৃথক কাপোৰ পৰিধান কৰা হয়।
  5. হাত-ভৰি বীজাণুনাশক দ্ৰব্যৰে পৰিস্কাৰ কৰা হয়। তোমাৰ অঞ্চলত সঘনাই হোৱা ৰোগসমূহৰ ওপৰত জৰীপ চলোৱা।

3. ৰোগসমূহ নিবাৰণৰ কাৰণে কৰ্তৃপক্ষলৈ তিনিটা পৰমাৰ্শ আগবঢ়োৱা।
উত্তৰঃ সঘনাই হোৱা ৰোগসমূহ হ’ল –
(i) ডায়েৰিয়া।
(ii) কাঁহ আৰু পানী লগা জ্বৰ।
(iii) মেলেৰিয়া।
পৰামৰ্শঃ —
i) জনসাধাৰণৰ মাজত ৰোগসমূহৰ বিষয়ে সজাগতা আনিব লাগিব। ৰোগৰ বিষয়ে জ্ঞান দিয়া উচিত।
ii) পৰিবেশ পৰিস্কাৰ পৰিচন্নকৈ ৰাখিব লাগে।
iii) টিকাকৰণৰ ব্যাৱস্থা কৰিব লাগে।
iv) পৰিস্কাৰ পানী খোৱা উচিত।

4. এটা শিশুৱে তাৰ পৰিচৰ্য্যাক অসুস্থতাৰ বিষয়ে একো ক’ব নোৱাৰে। এনে ক্ষেত্ৰত তুমি কি সহায় কৰিবা যে – a) শিশুটো অসুস্থ হৈছে? b) কি কাৰণে অসুস্থ হৈছে?
উদ্ভবঃ (a) অসুস্থতাৰ লক্ষণ –

  • শিশুটোৱে অবিৰতভাৱে কান্দি থাকিব।
  • শিশুটোৰ গা গৰম হ’ব।
  • চকুৰে পানী ওলাব।
  • পনীয়া শৌচ হ’ব।
  • কাহ, বমি হ’ব।

(b) ডক্টৰৰ ওচৰলৈ নি পৰামৰ্শ লোৱা উচিত। ডক্টৰে বেমাৰৰ লক্ষণ জানি লৈ কিছুমান পৰীক্ষা কৰিব দিব আৰু কি কাৰণে ৰোগ হৈছে জানিব পাৰিব।

5. তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব —— a) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈছে। b) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈ মাজু আইত ভোগা ৰোগীক পৰিচাৰ্য্যা কৰে। c) মেলেৰিয়া ৰোগত আক্রান্ত ব্যাক্তিয়ে আৰোগ্য হোৱাৰ পিছত চাৰিদিনৰ বাবে লঘোণে থকা অবস্থাত মাজু আইত আক্রান্ত ৰোগীক পৰিচৰ্য্যা কৰে।
উত্তৰঃ মেলিৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পিছত চাৰিদিনৰ বাবে লঘোণে থকা অৱস্থাত মাজু আইত আক্ৰান্ত ৰোগীক পৰিচৰ্য্যা কৰিলে এজন ব্যাক্তি বেছিকৈ বেমাৰত আক্ৰান্ত হোৱাৰ সম্ভবনা থাকে কাৰণ লঘোণে থকাৰ ফলত শৰীৰ দূৰ্বল হয় আৰু সহজে বেমাৰে আক্ৰমণ কৰিব পাৰে। মেলেৰিয়াত আক্ৰান্ত হোৱাৰ পিছত মানুহজনৰ অসংক্রামণ্যতা গুণ কমি যায়।

6. তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পৰা – a) যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ন কৰা? b) যেতিয়া তুমি বাছআৰু ৰেলেৰে দুদিন একেৰাহে যাত্ৰা কৰা ? c) যেতিয়া তোমাৰ সহপাঠী বন্ধুৱে সৰু আই ৰোগত আক্ৰান্ত হয়? কিয় ?
উত্তৰঃ যেতিয়া সহপাঠী বন্ধুৱে সৰু আই ৰোগত আক্ৰান্ত হয় তেতিয়া বেমাৰত পৰাৰ সম্ভাৱনা বেছি কাৰণ সৰু আই সংক্ৰামক ৰোগ। আই ৰোগৰ বীজাণু হাঁচি আৰু কাঁহৰ দ্বাৰা শৰীৰৰ পৰা ওলা িআহি বতাহত ভাঁহি ফুৰে। বতাহত ভাহি থকা এই বীজাণুবোৰ সুস্থ ব্যাক্তিৰ স্বাসনলীয়েদি উশাহৰ লগত শৰীৰত প্ৰবেশ কৰিলে সৰু আই ৰোগত আক্রান্ত হয়।

অতিৰিক্ত প্রশ্নোত্তৰ 2024

1. স্বাস্থ্য মানে কি?
উত্তৰঃ স্বাস্থ্য মানে সুস্থ শাৰীৰিক আৰু মানসিক অৱস্থা।

2. সুস্বাস্থ্য কিয় প্রয়োজন?
উত্তৰঃ এজন মানুহে তেওঁৰ সকলো কাম সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সু-স্বাস্থ্যৰ প্ৰয়োজন।

3. জনস্বাস্থ্য মানে কি?
উত্তৰঃ কোনো অঞ্চলত বসবাস কৰা আটাইবোৰ ব্যক্তিৰ সামগ্ৰিক সুস্থ ব্যৱস্থা আৰু তাৰ সুস্থ পৰিবেশক একেলগে জনস্বাস্থ্য বোলা হয়।

4. মানুহৰ অনৈতিক কাৰ্য্যকলাপৰ দ্বাৰা ব্যক্তিস্বাস্থ্য কেনেদৰে বিঘ্নিত হয় ?
উত্তৰঃ সামাকি ৰীতি-নীতি আৰু বসবাস কৰা অঞ্চলৰ সামগ্রিক বৈশিষ্ট্যই জনস্বাস্থ্যৰ ওপৰত গভীৰ প্রভাব বিস্তাৰ কৰে। পৰিস্কাৰ পৰিচ্ছন্নতা জনস্বাস্থ্যৰ এক গুৰুত্বপূৰ্ণ দিশ। আমাৰ কিছুমান অনৈতিক কাৰ্য্যকলাপ যেনে – ৰাজহুৱা বাট-ঘাট, অনুষ্ঠান-প্রতিষ্ঠান আদিত জাৱৰ-জোঁথৰ, গেলা-পচা বস্তু দলিয়াই, দুর্গন্ধময় পৰিবেশৰ সৃষ্টি কৰা। এনে দূষিত পৰিবেশত বীজাণুবাহক জীৱ যেনে -মাখি, মহ আদিয়ে বংশবিস্তাৰ কৰে আৰু নানা ধৰণৰ ৰোগৰ বিস্তাৰণ ঘটায়।

5. সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰ গ্ৰহণ নকৰিলে কি হয়?
উত্তৰঃ আমাৰ শৰীৰক প্ৰয়োজনীয় আটাইবোৰ উপাদান যেনে – কাৰ্বহাইড্রেট, প্রটিন, লিপিড, ভিটামিন, অজৈব লোণ আৰু পানী সঠিক অনুপাতত থকা আহাৰক সুষম আহাৰ বোলে।

সুষম আহাৰে পুষ্টিহীনতা ৰোগৰ পৰা আমাক সুৰক্ষা দিয়াৰ লগতে আমাৰ শৰীৰত বীজাণুৰ আক্ৰমণ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে।

6. পৰিস্কাৰ পৰিচন্নতাই আমাৰ স্বাস্থ্য ৰক্ষাত কেনেকৈ সহায় কৰে?
উত্তৰঃ স্বাস্থ্য অটুট ৰাখিবলৈ হ’লে অত্যন্ত প্রয়োজনীয় কথা হ’ল ব্যক্তিগত পৰিস্কাৰ পৰিচ্ছন্নতা। আমি দৈনন্দিন নিয়মীয়াকৈ গা ধুব লাগ আৰু সদায় পৰিস্কাৰ কাপোৰ পিন্ধিব লাগে। গা-নিয়মীয়াকৈ নুধূলে, লেতেৰা কাপোৰ পৰিধান কৰিলে অনুজীৱই শৰীৰত আশ্রয় লয় আৰু য়িািৰ ফলত কাপোৰ আৰু শৰীৰৰ পৰা দূর্ঘন্ধ ওলায়। দাঁত পৰিষ্কাৰকৈ নাৰাখিলে দাঁতৰ পায়েৰীয়া ৰোগ হয়। ইয়াৰ ফলত দাঁতৰ আলুত পুঁজ জমা হয় আৰু মুখৰ পৰা দুৰ্গন্ধ ওলায়। নখ, চুলি পৰিস্কাৰকৈ ৰাখিব লাগে। হাতেৰে লেতেৰা বস্তু স্পৰ্শ কৰিলে আৰু শৌচ কৰাৰ পিছত চাবোনেৰে ভালকৈ হাত নুধুৱাকৈ খোৱা বস্তু আৰু বাচন-বৰ্তন আদি স্পর্শ কৰিব নালাগে।

ঘৰৰ চাৰিওফালে পৰিবেশ পৰিষ্কাৰকৈ ৰাখিব লাগেহ। ঘৰুৱা আবৰ্জনা ঘৰৰ পৰা আঁতৰত আৰু আনৰ অনিষ্ট নোহোৱাকৈ দূৰত পেলাব লাগে। বাসস্থানত যাতে বতাহ চলাচল কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে, কিয়নো বতাহ চলাচল নোহোৱা ঘৰত ৰোগ সৃষ্টিকাৰী বীজাণুৱে বাস কৰে। ঘৰৰ চাৰিওকাষে যাতে কোনো বন্ধ পানী জমা হৈ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। বন্ধ পানীত মহ আৰু মাখিয়ে সহজে বংশবিস্তাৰ কৰে।

7. ৰোগ মানে কি?
উত্তৰঃ অস্বাভাৱিক শৰীৰিক আৰু মানসিক অৱস্থাই হ’ল ৰোগ।

8. বংশগত আৰু আৰ্জিত ৰোগ কি?
উত্তৰঃ বংশগত ৰোগ : এনে ৰোগ কোনো ব্যক্তিৰ শৰীৰত বংশানুক্ৰমে জন্মৰ পৰাই থাকে। এই ধৰণৰ ৰোগ মুখ্যতঃ জিনীয় অনিয়মৰ ফলত হয় আৰু ৰোগৰ কাৰক এটা জনুৰ পৰা আন এটা জনুলৈ বংশগতিমুরে প্রবাহিত হয়।

আৰ্জিত ৰোগ : এনে ৰোগ জন্মৰ পিচত পৰিবেশজনিত কাৰকৰ দ্বাৰা হয়। ইহঁতক দুটা শ্ৰেণীত ভাগ কৰিব পাৰি–
(i) সংচাৰী ৰোগ।
(ii) অসংচাৰী ৰোগ।

9. ৰোগৰ অভিকৰ্তাসমূহৰ বিষয়ে লিখা।
উত্তৰঃ ৰোগৰ অভিকৰ্তাসমূহ : – বিভিন্ন ধৰণৰ অভিকৰ্তাই ৰোগ সৃষ্টি কৰিব পাৰে। এই অভিকর্তাবোৰ জীৱিত বা মৃত হ’ব পাৰে। ইহঁতক আমি তলত দিয়া ধৰণে শ্রেণীবিভাজন কৰিব পাৰো—
(a) জৈৱিক অভিকর্তা বা ৰোগজনক : বেক্টিৰিয়া, ভেকুৰ, ভাইৰাছ আদ্যপ্ৰাণী আৰু নানা ধৰণৰ কৃমি আদিয়েই প্রধান ৰোগজনক।
(b) পৰিপুষ্টিজনিত অভিকর্তা : কার্বহাইড্রেট, প্র ‘টিন, চর্বী, ভিটামিন, খনিজ লৱণ আদি পৰিপুষ্টিজনিত অভিকর্তা।
(b) ৰাসায়নিক অভিকৰ্তা : বিভিন্ন ধৰণৰ অন্তজাত বৰ্জিত দ্রব্য, যেনে ইউৰিয়া, ইউৰিক এচিড আৰু বহিঃজাত। ৰাসায়নিক পদার্থ যেনে – বিভিন্ন ধৰণৰ ৰেণু, পৰাগৰেণু আৰু ৰাসায়নিক প্ৰদূষক যেনে – পাৰা, সীহ, কেডমিয়াম, অ’জন ইত্যাদিৰ দ্বাৰাও মানুহৰ শৰীৰত নানান ধৰণৰ ৰোগ হয়।
(d) ভৌতিক অভিকর্তা : বিভিন্ন ভৌতিক অভিকর্তা যেনে – বায়ুমণ্ডলৰ উষ্ণতা, আদ্রতা, বিভিন্নধৰণৰ বিকিম, বৈদ্যুতিক শক্তি, শব্দ শক্তি, আদিয়েওঁ মানুহৰ শৰীৰত ৰোগ সৃষ্টি কৰিব পাৰে।
(e) যান্ত্রিক অভিকর্তা : যান্ত্ৰিক আঘাতৰ বাবেই মানুহৰ শৰীৰত ট্ৰ’মা, বিষ আদি হ’ব পাৰে। বহুক্ষেত্ৰত দেহৰ বিভিন্ন অংশৰ হাড় ভঙা বা যোৰা সুলকি যোৱাও দেখা যায়।
(f) শৰীৰ বৃত্তীয় অভিকর্তা : শীৰৰ বৃত্তীয় দ্রব্যসমূহ যেনে – -এনজাইম,হৰম’ন আদিৰ পৰিমাণ বৃদ্ধি বা হ্রাস হ’লেওঁ নানন ধৰণৰ ৰোগে দেখা দিয়ে।

10. শাৰীৰিক ব্যায়ামে আমাক কিদৰে সহায় কৰে।
উত্তৰঃ শাৰীৰিক ব্যায়ামে আমাক বহুতো ধৰণে সহায় কৰে –
নিয়মীয়া শাৰীৰিক ব্যায়ামে মানুহৰ স্বাস্থ্য অটুট ৰখাত বিশেষভাৱে সহায় কৰে। শাৰীৰিক ব্যায়ামে বক্ত সঞ্চালনতন্ত্ৰ আৰু শ্বাসতন্ত্র সক্ৰিয় কৰি তোলে। ইয়াৰ ফলত দেহত ৰক্ত সঞ্চালন নিয়মীয়া হয়। আৰু দেহকোষবোৰত অক্সিজেন গেছৰ সৰবৰাহ বৃদ্ধি পায়। ইয়াৰ বাবে কোষবোৰ সক্ৰিয়হৈ থাকে আৰু তাৰ ফলস্বৰূপে শৰীৰ সুস্থ হৈ থাকে। যিসকল ব্যক্তিয়ে নিয়মীয়া শাৰিৰিক পৰিশ্ৰম বা ব্যায়াম কৰে তেওঁলোক হৃদৰোগ বা ষ্ট্ৰোক আদিৰ পৰা মুক্ত হৈ থাকিব পাৰে। শাৰীৰিক ব্যায়ামে খাদ্য হজম কৰাত সহায় কৰে আৰু তাৰ বাবে ব্যক্তিৰ নিদ্ৰা ভাল হয়। সুস্বাস্থ্যৰ গৰাকী হ’বলৈ হ’লে বয়স অনুযায়ী সকলো মানুহেই বিভিন্ন ধৰণৰ শাৰীৰিক ব্যায়াম যেনে – খোজকঢ়া, দৌৰা, বাইচাইকেল চলোৱা, বিভিন্ন ধৰণৰ খেলা ধুলা আদি নিৰ্বাচন কৰি ল’ব লাগে। সুস্বাস্থ্যৰ বাবে শাৰীৰিক ব্যায়ামৰ লগতে বিশ্ৰাম আৰু গভীৰ নিদ্ৰাৰো প্ৰয়োজন।

11. স্বাস্থ্যৰক্ষাৰ বাবে ল’বলগীয়া যত্নসমূহৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ স্বাস্থ্যৰক্ষাৰ বাবে লবলগীয়া যত্নসমূহৰ কেইটামান হ’ল—

সুষম আহাৰ : সুষম আহাৰে পুষ্টিহীনতা ৰোগৰপৰা আমাক সুৰক্ষা দিয়াৰ লগতে আমাৰ শৰীৰত বীজাণুৰ আক্ৰমণ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে।

পৰিস্কাৰ পৰিচ্ছন্নতা : স্বাস্থ্য অটুট ৰাখিবলৈ হ’লৈ আন এক এক ত্যন্ত প্রয়োজনীয় কলাহ’ল ব্যক্তিগত পৰিস্কাৰ পৰিচ্ছন্নতা। আমি সদায় গা ধুব লাগে। আৰু পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। গা নিয়মীয়াকৈ নুধুলে আৰু লেতেৰা কাপোৰ নিপিন্ধিলে অনুজীৱই শৰীৰত আশ্রয় লয় আৰু য়িাৰ ফলত কাপোৰ আৰু শৰীৰৰ পৰা দুৰ্গন্ধ ওলায়। দাঁত পৰিস্কাকৈ নাৰাখিলে দাঁতত পায়েৰীয়া ৰোগ হয়। ফলত দাঁতৰ আলুত পুজ জমা হয় আৰু মুখৰ পৰা দুৰ্গন্ধ ওলায়। নখ, চুলি পৰিস্কাৰকৈ ৰাখিব লাগে। হাতেৰে লেতেৰা বস্তু স্পৰ্শ কৰিলে আৰু শৌচ কৰাৰ পিচত চাবোনেৰে ভালকৈ হাত নুধুৱাকৈ খোৱা বস্তু বা বাচন বৰ্তন আদি স্পর্শ কৰিব নালাগে।

ঘৰৰ চাওঁকাষৰ পৰিবেশ পৰিষ্কাৰকৈ ৰাখিব লাগে। ঘৰুৱা আৱৰ্জনা ঘৰৰ পৰা আতৰত আৰু আনৰ অনিষ্ট নহোৱাকৈ ঘৰৰ পৰা দুৰত পেলাব লাগে। বাসস্থানত যাতে বতাহ চলাচল কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কাৰণ বতাহ চলালচল নহোৱা ঘৰত ৰোগ সৃষ্টিকাৰী বীজাণুৱে বাস কৰে। ঘৰৰ চাৰওঁকাষে যাতে কোনো বন্ধ পানী জমা হৈ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। বন্ধ পানীত মহ আৰু মাখিয়ে সহজে বংশ বিস্তাৰ কৰে।

জীৱাণুমুক্ত আহাৰ আৰু পানীৰ ব্যৱহাৰ : ৰোগ সৃষ্টিকাৰী অণুজীৱ আৰু শৰীৰৰ অনিষ্টকাৰী বিভিন্ন ৰাসায়নিক পদার্থ আহাৰ আৰু পানীৰ লগত শৰীৰত প্ৰৱেশ কৰে। ফল-মুল, শাক-পাচলি, খাদ্য শস্যত কীটনাশক দ্ৰব্যৰ প্ৰয়োগ থাকিব পাৰে বা এইবোৰত বিভিন্ন ৰোগ সৃষ্টিকাৰী বীজাণু থাকিব পাৰে। গতিকে এনেকুৱা উপাদান গ্ৰহণ কৰাৰাগতে পৰিস্কাৰকৈ ধুব লাগে বা ধোৱাৰ পিচতহে ৰান্ধিব লাগে। পানীত বহুত ৰোগৰ বীজাণু থাকিব পাৰে সেয়ে খোৱাপানী উতলাই ঠাণ্ডা কৰিব খাব লাগে।

নির্মল বায়ু সেৱন : সু-স্বাস্থ্যৰ বাবে নিৰ্মল বায়ু অতিকৈ প্ৰয়োজন। প্ৰদুষণমুক্ত বায়ু সেৱণ কৰিলে বিভিন্ন ধৰণৰ স্বাসজনিত ৰোগ যেনে – হাপানী, ব্রংকাইটিছ আদি হ’ব পাৰে। কোনো শিল্প উদ্যোগে যাতে বায়ু প্ৰদুষণ নকৰে তাৰ প্ৰতি চৰকাৰ সজাগ হোৱাৰ উপৰি তাৰ প্ৰতিবেশীসকলেওঁ সেই অঞ্চলত বায়ু প্ৰদুষণমুক্ত হোৱাৰ বাবে কি ধৰণৰ ব্যৱস্থা ল’ব লাগে তাৰ প্ৰতি সতর্ক হ’ব লাগে।

নিচাযুক্ত দ্রব্য বর্জন : সুস্বাস্থ্য অটুট ৰাখিবলৈ হ’লে নিচাযুক্ত দ্ৰব্যৰ পৰা বিৰত থাকিব লাগে। ধুম্রপান, মদ্যপান আৰু অন্যান্য নিচাযুক্ত উষধ সেৱন আৰু এইবোৰৰ প্ৰতি নিচাসক্ত হ’লে শাৰীৰিক আৰু মানসিক স্বাস্থ্য নষ্ট হোৱাৰ উপৰি সামাজিক জীৱনত নানান আলৈ-আহুকালে দেখা দিয়ে। নিচাযুক্ত দ্ৰব্যই আমাৰ দেহৰ স্নায়ুতন্ত্ৰ আৰু শ্বাসতন্ত্ৰৰ লগতে লিভাৰৰ প্ৰচুৰ ক্ষতিসাধন কৰে। নিচাযুক্ত

দ্ৰব্য গ্ৰহণ কৰ মানুহ অকালতে বৃদ্ধ হয় আৰু শৰীৰ অকামিলা হৈ যায়। এনহ’লে বিভিন্ন বীজাণুৰদ্বাৰা দেহ আক্রান্ত হয় আৰু কেতিয়াবা এনে ব্যক্তিয়ে মানসিক ভাৰসাম্য হেৰুৱাই পেলায়। নিচাযুক্ত দ্ৰব্যই স্মৰণ শক্তিৰ বিলোপ ঘটায়।

12. সংচাৰী আৰু অসংচাৰী ৰোগৰ প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া।
উত্তৰঃ সংচাৰী ৰোগ : পানীলগা আৰু যক্ষ্মা
অসংচাৰী ৰোগ : কৰ্কট আৰু বেৰিবেৰি।

13. ভাইৰাছআৰু বেক্টেৰিয়াৰ পৰা হোৱা ৰোগৰ চাৰিটাকৈ উদাহৰণ লিখা।
উত্তৰঃ ভাইৰাছৰ পৰা হোৱা ৰোগঃ- পানীলগা, ৰেবিজ, মাজুআই, এইডছ বেক্টেৰিয়াৰ পৰা হোৱা ৰোগ: কলেৰা, নিউমনিয়া, যক্ষ্মা, কুণ্ঠৰোগ।

14. ভেকুঁৰ, প্ৰটযৱা আৰু কৃমিৰ দ্বাৰা হোৱা ৰোগৰ এটাকৈ উদাহৰণ দিয়া।
উত্তৰঃ ভেঁকুৰৰ দ্বাৰা হোৱা ৰোগ :– খৰ।
প্ৰটযৱাৰ দ্বাৰা হোৱা ৰোগ :– মেলেৰীয়া।
কৃমিৰ দ্বাৰা হোৱা ৰোগ :– ফাইলেৰিয়াছিছ।

15. বংশগত ৰোগৰ দুটি উদাহৰণ দিয়া ।
উত্তৰঃ বৰ্ণান্ধতা আৰু হিম ফিলিয়া।

16. টাইফয়েড, যক্ষ্মা আৰু মেলেৰিয়া ৰোগৰ কাৰক বীজাণুবোৰৰ নাম লিখা।
উত্তৰঃ

ৰোগবীজাণু
টাইফয়েডছালমনেলা টাইফি
যক্ষ্মামাইক’বেক্টেৰিয়াম টিউবাৰকিউলছিছ
মেলেৰিয়াপ্লাজমডিয়াম।

17. অসংক্রাম্যতা মানে কি ?
উত্তৰঃ বীজাণুজনিত ৰোগসমূহৰ পৰা সুৰক্ষা দিয়াৰ বাবে আমাৰ শৰীৰত থকা বিশেষ প্ৰতিৰোথী ক্ষমতাকে অসংক্রামত্যা বোলে।

18. ছিটা বা টীকা কাক বোলে?
উত্তৰঃ যিবোৰ নিস্ক্রিয় বা সক্রিয় বীজাণু অথবা এনে বীজাণুৰ পৰা উৎপন্ন হোৱা বিষ দ্ৰব্য সুস্থ ব্যক্তিৰ শৰীৰত প্ৰবেশ কৰোৱাই কৃত্রিম অসংক্রামত্য প্রদান কৰা হয় আৰু ভবিষ্যতে নির্দিষ্ট ৰোগৰ পৰা শৰীৰত সুৰক্ষা প্ৰদান কৰা হয় তাকেই ছিটা বা টীকা বোলা হয়।

19. ছিটা প্ৰয়োগ কৰি মুক্ত হ’ব পৰা চাৰিবিধ বেক্টেৰীয়া জনিত আৰু চাৰিবিধ ভাইৰাজচনিত ৰোগৰ তালিকা এখন প্ৰস্তুত কৰা।
উত্তৰঃ

বেক্টেৰিয়াজনীত ৰোগছিটাৰ প্ৰকাৰ
1. এনথ্রাক্সএনথ্রাক্স ৰোগ সৃষ্টিকাৰী বীজাণুৰনিস্ক্রিয় অৱস্থা
2. কলেৰাকলেৰা ৰোগ সৃষ্টিকাৰী বীজাণুৰনিষ্ক্রিয় অবস্থা
3. যক্ষ্মাযক্ষ্মা ৰোগ সৃষ্টিকাৰী বীজাণুৰ জীৱিত অৱস্থা
4. টাইফয়েডটাইফয়েড ৰোগ সৃষ্টিকাৰী বীজাণুৰজীবিত অৱস্থা।
ভাইৰাচ জনীত ৰোগছিটাৰ প্ৰকাৰ
হেপাটাইটিছ- Aহেপাটাইটিচ A ভাইৰাচৰ নিস্ক্রিয় অবস্থা
পলিঅপলিঅ’ ৰোগ সৃষ্টিকাৰী ভাইৰাচৰ জীৱিত অথচ নিস্ক্রিয় অৱস্থা
সৰু আইসৰু আই ৰোগ সৃষ্টিকাৰী ভাইৰাচৰ জীৱিত অথচ নিস্ক্রিয় অৱস্থা
ধনুষ্টংকাৰধনুষ্টংকাৰ ৰোগ সৃষ্টিকাৰী ভাইৰাচৰ পৰা নিস্কাষিত বিশেষ বিষ দ্রব্য।

20. সংক্রামক ৰোগ কি ?
উত্তৰঃ যিবোৰ ৰোগ আক্রান্ত ব্যাক্তিৰ দেহৰ পৰা সুস্থ ব্যক্তিৰ দেহলৈ বিয়পে সেইবোৰ ৰোগক সংক্রামক ৰোগ বোলে।

21. আৰ্জিত ৰোগ কাক বোলে?
উত্তৰঃ যিবোৰ ৰোগ জন্মৰ পিছত পৰিবেশজনিত কাৰকৰ দ্বাৰা হয়, সেইবোৰক আৰ্জিত ৰোগ বোলে। যেনে – টাইফয়েড।

22. চাৰিটা সংক্রামক ৰোগৰ নাম লিখা।
উত্তৰঃ নিউমনিয়া, মেলেৰীয়া, পানীলগা আৰু পিঠাখোৱা।

23. সংচাৰী ৰোগ কাক বোলে?
উত্তৰঃ যিবোৰ ৰোগ ৰোগাক্রান্ত ব্যক্তিৰ পৰা বায়ু, পানী, খাদ্য, স্পৰ্শ আদিৰ মাদ্যমত আনজনলৈ বিয়পে সেইবোৰক সংচাৰী ৰোগ বোলে। যেনে ডিপথেৰিয়া।

24. অসংচাৰী ৰোগৰ সংজ্ঞা দিয়া।
উত্তৰঃ যিবোৰ ৰোগ কেৱল ৰোগীৰ শৰীৰতে সীমাবদ্ধ হৈ থাকে অর্থাৎ এজন ব্যক্তিৰ পৰা আন এজনলৈ বিয়পি নাযায় তেনেধৰণৰ ৰোগক অসংচাৰী ৰোগ বোলে।

25. দুবিধ অভাবজনিত ৰোগৰ নাম লিখা।
উত্তৰঃ বেৰিবেৰি আৰু স্কার্ভি।

26. খালী ঠাই পূৰ কৰাঃ
(i) মেলেৰীয়া ৰোগ সৃষ্টিকাৰী কাৰক বীজাণুৰ নাম প্লাজমডিয়াম
(ii) বি. চি. জি. ছিটাৰ সম্পূর্ণ নাম বেছিলাচ অব কালমেট এণ্ড গুৱেৰিণ
(iii) টাইফয়েড ৰোগ সৃষ্টিকাৰী বীজাণুবিধৰ নাম ছালম নৈলা টাইফি
(iv) যক্ষ্মাৰোগ প্ৰতিৰোধক ছিটাৰ নাম বি. চি. জি
(v) কবিঅ’লা ভাইৰাছে মানুহৰ দেহত সৰু আই ৰোগ সৃষ্টি কৰে।

27. শুজনে অশুদ্ধ লিখা।
(i) কলেৰা ৰোগ এবিধ সংচাৰী ৰোগ।
উত্তৰঃ শুদ্ধ।

(ii) কৰ্কট ৰোগ ভাইৰাজনিত ৰোগ।
উত্তৰঃ অশুদ্ধ।

(iii) মেলেৰিয়া ৰোগ এবিধ সংক্রামক ৰোগ।
উত্তৰঃ শুদ্ধ।

(iv) এনকেফেলাইটিচ ৰোগ বেক্টেৰিয়া বীজাণুৰ দ্বাৰা হয়।
উত্তৰঃ অশুদ্ধ।

(v) ফাইলেৰিয়াছিছ ৰোগ কৃমিৰ দ্বাৰা হয়।
উত্তৰঃ শুদ্ধ।

(vi) মেলেৰিয়া ৰোগৰ কাৰক বীজাণু কেৱল মাইকী এনোফিলিচ মহৰ দ্বাৰাহে এজনৰ পৰা এজনলৈ বিয়পে।
উত্তৰঃ শুদ্ধ।

(vii) টীকাকৰণৰ দ্বাৰা কোনো ব্যক্তিৰ দেহত কৃত্রিমভাৱ ৰোগ প্ৰতিৰোধী দ্ৰব্যৰ সৃষ্টি কৰোৱা হয়।
উত্তৰঃ শুদ্ধ।

(viii) প্লাজমি ‘ডিয়াম নামৰ প্ৰটষৱা বীজানুৱে মানুহৰ গ্ৰহণী ৰোগ কৰে।
উত্তৰঃ শুদ্ধ।

28. পার্থক্য লিখাঃ (i) সংচাৰী আৰু অসংচাৰী ৰোগ। (ii) বংশজাত আৰু আৰ্জিত ৰোগ। (iii) এন্টিজেন আৰু এন্টিবডি।

উত্তৰঃ (i) সঞ্চাৰী আৰু অসংচাৰী ৰোগৰ পাৰ্থক্য :

a) সংচাৰী ৰোগ কৃমি বা অনুজীৱৰ আক্ৰমণত হয়। কিন্তু অসংচাৰী ৰোগ অপুষ্টি, অনিয়ন্ত্রীত কোষবিভাজন আৰু বিভিন্ন ভৌতিক কাৰণত হয়।
b) সংচাৰীৰোগ আক্রান্ত ব্যক্তিৰ পৰা আন ব্যক্তিলৈ বিয়পে। কিন্তু অসচোরী ৰোগ সাধাৰণতে নিবিয়পে

(ii) বংশজাত আৰু আৰ্জিত ৰোগ —

a) বংশজাত ৰোগ কোনো ব্যক্তিৰ শৰীৰত বংশানুক্রমে জন্মৰ পৰাই থাকে। কিন্তু আৰ্জিত ৰোগ জন্মৰ পিছত পৰিবেশজনিত কাৰকৰ দ্বাৰা হয়।
b) বংশগত ৰোগ এটা বংশৰ পৰা তাৰ পৰবৰ্তী বংশলৈ পৰিবাহীত হয়। কিন্তু এজনৰ পৰা সমজৰ আনজনলৈ নিবিয়পে। আনহাতে আর্জিত ৰোগৰ বেছিভাগ এজনৰ পৰা আনজনলৈ বিয়পে কিন্তু বংশানুক্রমিক নহয়।

(iii) এন্টিজেন আৰু এন্টিবডিৰ পাৰ্থক্য : —

a) এণ্টিজেন নামৰ ৰাসায়নিক দ্ৰব্যবোৰ বীজাণুৱে জীৱদেহত নিঃসৰণ কৰে। কিন্তু এণ্টিবডি তেজৰ শ্বেত ৰক্তকণিকাৰ দ্বাৰা এণ্টিজেনক ধ্বংস কৰিবলৈ উৎপাদিত হয়।
b) এণ্টিজেন সাধাৰণতে শৰীৰত আগতে জমা হয়। কিন্তু এন্টিবডি তাৰ পিছতহে সৃষ্টি হয়।
c) এণ্টিজেন জীৱদেহৰ বাবে অনিষ্টকাৰী। আনহাতে এন্টিবডি জীৱদেহৰ বাবে প্রয়োজনীয় বা ৰক্ষাকাৰী।

29. একিউট বা আকস্মিক হোৱা ৰোগ আৰু ক্ৰমিক বা দীৰ্ঘম্যাদী ৰোগ কি? উদাহৰণ দিয়া।
উত্তৰঃ কিছুমান ৰোগে খুব কম সময়ত আকস্মিকভাবে দেখা দিয়ে আৰু কমদিনৰ বাবে ইয়াৰ প্ৰভাব থাকে। ইহঁতক ‘একিউট’ ৰোগ বুলি কোৱা হয়। যেনে চর্দি বা পানী লগা।

কিছুমান ৰোগ দীৰ্ঘদিন ধৰি কেতিয়াবা আজীবন ধৰি থাকে, ইয়াকজনিক ৰোগ বুলি কোৱা হয়। যেনে – গোধ বেমাৰ।

30. ছাৰিবিধ উপার্জিত ৰোগৰ প্ৰকাৰৰ নাম লিখা ।
উত্তৰঃ (i) সংক্রামক ৰোগ।
(ii) ক্ষয় ৰোগ।
(iii) পুষ্টিহীনতাজনিত ৰোগ।
(iv) এলার্জি ৰোগ।

31. টাইফয়েড ৰোগৰ কাৰক বীজাণুৱে আমাৰ শৰীৰৰ কোন অংশত থিতাপি লয়?
উত্তৰঃ টাইফয়েড ৰোগৰ কাৰক বীজাণুৱে আমাৰ ক্ষুদ্ৰান্তত থিতাপি লয়।

32. বি. চি. জি. কি?
উত্তৰঃ বি. চি. জি. হ’ল যক্ষ্মা ৰোগ প্ৰতিৰোধকাৰী এবিধ ছিটা বা ভেকচিন।

33. ইনফ্লুয়েঞ্জা ৰোগ সৃষ্টিকাৰী বীজাণুবিধৰ নাম লিখা।
উত্তৰঃ নিম্নোভাইৰাচ।

34. আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাক কি বুলি জনা যায় ?
উত্তৰঃ অসংক্রাম্যতা।

35. মেলেৰিয়া ৰোগ কেই প্ৰকাৰৰ?
উত্তৰঃ চাৰি প্ৰকাৰৰ।

36. প্রাণীদেহৰ পাচন তন্ত্ৰ কিহেৰে গঠিত?
উত্তৰঃ পাকস্থলী আৰু তন্ত্ৰৰ দ্বাৰা গঠিত।

37. পাচনতন্ত্ৰৰ কাম কি?
উত্তৰঃ খাদ্য গ্ৰহণ কৰি পাচনক্রিয়া সম্পন্ন কৰা।

38. পেশীকংকালতন্ত্র কিহেৰে গঠিত? ইহঁতৰ কাম কি?
উত্তৰঃ পেশী আৰু অস্থিসমূহক লৈ পেশীকংকালতন্ত্র গঠিত। এই পেশীসমূহ অস্থিসমূহত এনে ধৰণে বান্ধ খাই থাকে যাতে ইচলাচলত সহায় কৰিব পাৰে।

39. দেহত বেমাৰ হৈছে বুলি কেতিয়া ধৰিব পাৰি?
উত্তৰঃ যেতিয়া অংগ বা অংগতন্ত্ৰৰ কাৰ্য্যত বিসংগতি আহে অথবা অংগবোৰ দেখাত বিসংগতিপূর্ণ হয় তেতিয়া দেহত বেমাৰ হৈছে বুলি ধৰিব পাৰি।

40. একিউট আৰু ক্ৰমিক ৰোগৰ পাৰ্থক্য কি ?

উত্তৰঃ

একিউটক্রণিক
(i) একিউট ৰোগ খুব কমসময়তে আৰোগ্য হয়।(i) ক্রণিক ৰোগ দীর্ঘম্যাদী।
(ii) একিউট ৰোগ আকস্মিকভাৱে দেখা দিয়ে।(ii) ক্রণিক ৰোগ লাহে লাহে দেখা দিয়ে।
(iii) একিউট ৰোগে শৰীৰত খুব কম প্রভাব পেলায়।(iii) ক্রণিক ৰোগে শৰীৰত বেছিকৈ প্রভাব পেলায়।

41. পেপটিক আলচাৰ কি?
উত্তৰঃ কেয়িাবা অত্যন্ত মানসিক চাপৰ বাবে পাকস্থলী বেৰে এচিড নিঃসরণ কৰে ফলত ইয়াৰ বেৰত ঘাঁ সৃষ্টি হয়। ইয়াকে পেপটিক আলচাৰ বোলে৷

42. কলাজ্বৰ সৃষ্টি কৰা আদ্য প্রাণী বিধৰ নাম কি ?
উত্তৰঃ লিচমেনিয়া।

43. একিণ ৰোগ সৃষ্টি কৰা বেক্টেৰিয়াবিধৰ নাম লিখা।
উত্তৰঃ ষ্টফাইলিককচি।

44. ৰোগসংক্ৰমণৰ অভিকৰ্তাসমূহ গুরুত্বপূর্ণ কিয়?
উত্তৰঃ এই কাৰকবোৰৰ বিষয়ে জানিব পাৰিলেহে ৰোগ চিকিৎসাত সহজ হয়।

45. ভাইৰাছ জনিত ৰোগত এন্টিবায়টিক কিয় ব্যাৱহাৰ কৰা নহয়?
উত্তৰঃ কাৰণ এণ্টিবায়টিকে ভাইৰাচৰ ওপৰত ক্ৰিয়া কৰিব নোৱাৰে।

46. দুবিধ বাহকৰ নাম লিখা।
উত্তৰঃ মহ আৰু মাখি।

47. চিটাৰ আবিস্কাৰক কোন?
উত্তৰঃ এডৱাৰ্ড জেনাৰ।

48. দুবিধ ক্ষয়কাৰী ৰোগৰ নাম লিখা।
উত্তৰঃ হৃদযন্ত্ৰ আৰু স্নায়ুতন্ত্ৰৰ ৰোগ।

49. কৰ্কট ৰোগ কি?
উত্তৰঃ শৰীৰৰ কোনো অংশত কোষসমূহ অনিয়ন্ত্রিত বিভাজনৰ ফলত সৃষ্টি হোৱা কলাৰ অস্বাভাৱিক বৃদ্ধিয়েই হৈছে কৰ্কট ৰোগ।

50. এলার্জি কি?
উত্তৰঃ কিছুমান বহির্জাত পদাৰ্থৰ প্ৰতি আমাৰ শৰীৰ অতি সংবেদনশীল হোৱাৰ বাবে যি ৰোগ হয় তাক এলার্জি বোলে।

Watch Video Class

1 thought on “Class 9 Science Chapter 13 Question Answer in Assamese | আমি অসুস্থ হওঁ কিয়?”

Leave a Comment