Class 9 Science Chapter 14 Question Answer in Assamese

আপুনি নৱম মান শ্ৰেণীৰ শিক্ষাৰ্থী নেকি? আপুনি Class 9 Science তথা নৱম মান শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায়সমুহৰ প্ৰশ্ন উত্তৰ বিচাৰি আছে নেকি? তেন্তে আপুনি সঠিক স্থানত আহিছে, আজি আমি Assamese Medium ত “প্ৰাকৃতিক সম্পদ” তথা Class 9 Science Chapter 14 Question Answer in Assamese আলোচনা কৰিব প্ৰয়াস কৰিছো

Watch FREE Video Classes

Class 9 Science Chapter 14 Question Answer in Assamese

Class 9 Science Chapter 14 Question Answer in Assamese

Class 9 Science Chapter 14 Question Answer in Assamese তথা নৱম মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় 14 “প্ৰাকৃতিক সম্পদ” ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ দিয়াৰ উপৰিও কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ, আপুনি এজন শিক্ষাৰ্থী হিচাপে আমাৰ এই লিখনিয়ে আগন্তুক পৰীক্ষাৰ বাবে কিছু সহায় কৰিব।

Blue Question Answer Page No. 193

1. আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মংগল গ্রহৰ বায়ুমণ্ডলৰ মাজত পার্থক্য কেনে ধৰণৰ?
উত্তৰ: পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ বেছি আৰু কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কম। পৃথিৱীৰ বায়ুমণ্ডল জীৱৰ জীয়াই থকাৰ বাবে পৰিৱেশ উপকূল। আনহাতে, শুক্ৰ আৰু মংগল গ্রহত কোনাে ধৰণৰ অক্সিজেন নাথাকে আৰুকার্বন-ডাই-অক্সাইডৰ পৰিমাণ বেছি। (95-97%)। যিটো বায়ুমণ্ডলৰ প্রধান উপাদান। ইয়াৰ বায়ুমণ্ডল জীৱৰ জীয়াই থকাৰ পৰিৱেশ প্রতিকূল।

2. বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে?
উত্তৰঃ বায়ুমণ্ডলে পৃথিৱীক বিভিন্ন ধৰণে ৰক্ষণাবেক্ষণ দিয়ে। বায়ুমণ্ডলত বিভিন্ন ধৰণৰ গেছৰ সংমিশ্রণ থাকে। এই সংমিশ্রণৰ অ’জন নামৰ গেছে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি শােষণ কৰে। বায়ুমণ্ডলে পৃথিৱীৰ উষ্ণতা স্থিৰে ৰখাত সহয় কৰে। সেইবাবে কোৱা হয় যে, বায়ুমণ্ডলে এখন কম্বলৰ দৰে কাম কৰে।

3. বতাহে কি সৃষ্টি কৰে?
উত্তৰঃ আমাৰ বায়ুমণ্ডলত দিনৰ ভাগত সূৰ্যৰ তাপত বায়ু গৰম হৈ জলীয় বাষ্প সৃষ্টি হয়। ইয়ােৰােপৰি দিনৰ ভাগত জলভাগ গৰম হৈ ইয়াৰ পৰা জলীয় বাষ্প সৃষ্টি হয়। জলভাগ আৰু স্থলভাগৰ পৰা তাপ বিকিৰণ হােৱাৰ ফলত বায়ুমণ্ডলৰ নিম্নস্তৰ গৰম হ’বলৈ ধৰে। ফলত বায়ুত তাপ পৰিচালনাৰ সৃষ্টি হয়। উষ্ণতা বৃদ্ধি হলে সেই ঠাইৰ বায়ু পাতল হৈপৰে আৰুআৰু কম চাপৰ সৃষ্টি হয়। আকৌ, কম উষ্ণতাৰ অঞ্চলত বায়ুৰ চাপৰ পৰিমাণ বেছি হােৱা বাবে বায়ু কম চাপৰ অঞ্চললৈ গতি কৰে। ফলত বতাহৰ সৃষ্টি হয়।

4. ডাৱৰ কেনেকৈ সৃষ্টি হয়?
উত্তৰ: দিনৰ ভাগত সূৰ্যৰ তাপত জলভাগ যেতিয়া গৰম হয় তেতিয়া বেছিভাগ পানী বাষ্পীভূত হৈ বায়ুমণ্ডললৈ যায়। এই বাষ্পবােৰ লাহে লাহে ঠাণ্ডা হৈ পানীৰ টোপালৰ সৃষ্টি হয়। যাক আমি ডাৱৰ বুলি কওঁ।

5: বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনাে তিনিটা মানুহৰ কাষকলাপৰ তালিকা
উত্তৰঃ বায়ু প্ৰদূষণ সৃষ্টি কৰা মানুহৰ তিনিটা কার্যকলাপ হ’ল –

  • জীৱাশ্ম ইন্ধনৰ দহন,
  • খেতি পথাৰত মুকলিকৈ ঘাঁহ-বন, গছ-পাত, জাৱৰ আদি জ্বলােৱা
  • কল-কাৰখানা আদিৰ পৰা হানিকাৰক গেছ আৰু ধোঁৱাৰ লগত ওলােৱা কার্বন-কণিকা বায়ুমণ্ডললৈ এৰি দিয়া।

Blue Question Answer Page No. 194

1. জীৱসমূহক পানীৰ কিয় প্রয়ােজন হয় ?
উত্তৰ: জীৱসমূহক পানীৰ প্ৰয়ােজনীয়তাৰ দুটা কাৰণ হ’ল-

  1. পানীত দ্রবীভূত অৱস্থাত থকা কোষীয় পদার্থসমূহৰ মাজতহে সকলােধৰণৰ বিক্রিয়া সম্ভব হয়।
  2. জীৱৰ শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ বিভিন্ন পদার্থ পানীত দ্রবীভূত তাৱস্থাতহে সৰবৰাহ হয়।

2. নগৰ, মহানগৰ, গাওঁ অঞ্চলৰ নির্মল পানীৰ উৎস কি? তুমি ক’ত বাস কৰা?
উত্তৰঃ নগৰ, মহানগৰৰ, গাওঁ অঞ্চলৰ বাবে নির্মল পানীৰ উৎস হল পাইপৰ দ্বাৰা পানীৰ উৎসৰ পৰা পানী যােগান ব্যৱস্থা। তুমি কত বাস কৰা উত্তৰ তুমি নিজে নিজে লিখা।

3. কি কি কার্যকলাপৰ বাৰে পানী প্ৰদূষিত হ’ব পাৰে?
উত্তৰ: পানী প্ৰদূষিত কৰা কেইটামান কার্যকলাপ হ’ল –

  • খেতিপথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশকবােৰ বৰষুণৰ পানীত দ্ৰৱীভূত হৈ’ জলাশয়ত পৰি পানী প্ৰদূষিত কৰে। এনে বৰষুণৰ পানী মাটিৰ দ্বাৰা শােষিত হলে ভূ-গর্ভৰ পানীও প্ৰদূষিত হয়।
  • চহৰ অঞ্চলৰ পৰা অহা বর্জিত দূষিত পানী আৰু কল-কাৰখানাৰ পৰা নির্গত বর্জনীয় পদার্থ নদ-নদীত পৰি পানী প্ৰদূষিত কৰে।
  • কিছুমান উদ্যোগ আৰু নদীবান্ধবােৰৰ পৰা গৰম পানীনদ-নদীত এৰি দি পানীৰ উষ্ণতা বঢ়াই পানী প্ৰদূষিত কৰে।

Blue Question Answer Page No. 196

1. মাটি কেনেকৈ গঠন হয়?
উত্তৰ : পৃথিৱীৰ উপৰিভাগত থকা ডাঙৰ ডাঙৰ শিলাস্তৰবােৰ হেজাৰ হেজাৰ বছৰ ধৰি চলা কিছুমান ভৌতিক, ৰাসায়নিক আৰু জৈৱিক প্রক্রিয়াৰ ফলত ভাঙি সৰু সৰু খণ্ডলৈ ৰূপান্তৰিত হয়। এনে এক প্রক্রিয়া শেষ পৰিণতি স্বৰূপে সৰু সৰু শিলৰ কণিকাবােৰ সৃষ্টি হয়, যি পিছত হিউমাচ আৰু অণুজীৱসমূহৰ সংমিশ্ৰণত মাটিৰ ৰূপ লয়।

2. মাটি ক্ষয়ীভৱন (soil erosion) কি?
উত্তৰ: কিছুমান প্রাকৃতিক কাৰকৰ দ্বাৰা মাটিৰ ওপৰৰ স্তৰৰ অপসাৰণ ঘটে। ইয়াকে মাটি ক্ষয়ীভৱন বােল।

3. মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত ল’বা?
উত্তৰঃ মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ তলত দিয়া ব্যৱস্থা হাতত ল’ব লাগে।

  • বৃক্ষ ৰােপন কৰিব লাগে।
  • নদীৰ পাৰসমূহত শক্তিশালী শিলৰ বান্ধ দি গৰাখহনীয়া ৰােধ কৰিব লাগে।
  • মাটিৰ ওপৰেৰে পানী যােৱাৰ সু-ব্যৱস্থা কৰিব লাগে।

Blue Question Answer Page No. 201

1. জলচক্ৰত কি কি অৱস্থাত পানীক পােৱা যায়?
উত্তৰ : জলচক্ৰত পানী প্রথমে তৰল অৱস্থাৰ পৰা বাষ্পীভৱনৰ যােগেদি গেছীয় অৱস্থা পায়। পিছত জলীয় বাষ্পবােৰৰ ঘনীভৱনৰ ফলত ই আকৌ তৰল অৱস্থালৈ আহি বৰষুণৰ ৰূপত তললৈ নামি আহে। সেয়ে জলচক্ৰত পানীক তৰল আৰু গেছীয় দুয়ােটা অৱস্থাতে পােৱা যায়।

2. জৈৱিক কাৰণত প্রয়ােজনীয় অক্সিজেন আৰু নাইট্র’জেনযুক্ত দুটা যৌগৰ নাম লিখা।
উত্তৰঃ জৈৱিক কাৰণত প্রয়ােজনীয় অক্সিজেন আৰু নাইট্র’জেনযুক্ত দুটা যৌগ হ’ল- নাইট্রাইট (NO2) আৰু নাইট্রেট (NO3)

3. বায়ুত কার্বন-ডাই-অক্সাইডৰ পৰ্মিাণ বৃদ্ধিকৰা তিনিটা মানুহৰ দ্বাৰা সংঘটিত কার্যকলাপ উল্লেখ কৰা।
উত্তৰঃ বায়ুত কার্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰা তিনিটা মানুহৰ দ্বাৰা সংঘটিত কার্যকলাপ হল –

  • জীৱাশ্ম ইন্ধনৰ দহন।
  • মুকলিকৈ ঘাঁহ-বন, গছ-পাত, জাবৰ আদি জ্বলােৱা
  • বনাঞ্চল ধ্বংস কৰা।

4. সেউজ গৃহ প্ৰভাৱ কি?
উত্তৰ: কিছুমান গেছে পৃথিৱীৰ পৰা প্রতিফলিত তাপ ধৰি ৰাখে। বায়ুমণ্ডলত এনে গেছৰ পৰিমাণ বৃদ্ধি পােৱাৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে। এই পৰিঘটনাক সেউজ গৃহ প্ৰভাৱ বােলে।

5. বায়ুমণ্ডলত কি কি দুটা অৱস্থাত অক্সিজেন পােৱা যায় ?
উত্তৰঃ অ’জন (O3) আৰু অক্সিজেন (O2) অৱস্থাত।

অনুশীলনীৰ প্রশ্নোত্তৰ

1. জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্রয়োজন কি?
উত্তৰ: জীৱৰ কাৰণে বায়ুমণ্ডল অতিকৈ প্রয়ােজনীয়। কাৰণ বায়ুমণ্ডলত জীৱৰ বাবে প্রয়ােজনীয় অত্যাৱশ্যকীয় গেছসমূহ যেনে অক্সিজেন, নাইট্রজেন, কার্বন-ডাই-অক্সাইড আদি থাকে। ইয়াৰ উপৰিও বায়ু তাপৰ কু-পৰিবাহী হােৱা হেতুকে, বায়ুমণ্ডলে দিনৰ ভাগত পৃথিৱীৰ গড় উষ্ণতা প্রায় স্থিৰ ৰখাত সহায় কৰে আৰু ৰাতিৰ ভাগত পৃথিৱীৰ পৰা প্রতিফলিত তাপ ধৰি ৰাখি পৃথিৱীৰ উপৰিভাগ অতিপাত ঠাণ্ডা হােৱাৰ পৰা ৰক্ষা কৰে।

2. পানীৰ জীৱৰ কাৰণে কিয় প্রয়ােজন?
উত্তৰঃ পানীৰ জীৱৰ কাৰণে অতিকৈ প্রয়ােজন। পানী নহ’লে কোনাে প্রাণীৰেই জীৱন ধাৰণ সম্ভৱ নহয়। আমি পানী খােৱা-বােৱা, চাফ-চিকুনতাৰ বাবে ব্যৱহাৰ কৰাে। উদ্ভিদে নিজৰ খাদ্য তৈয়াৰ কৰিবলৈ মাটিৰ পৰা শিপাৰ সহায় পানী তুলি লয়। ইয়াৰােপৰি আমাৰ শৰীৰৰ বিপাকীয় ক্রিয়া সংঘটিত হবলৈ পানী ব্যৱহাৰ হয়।

3 : কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে? পানীত থকা জীৱসমূহ মাটিৰ ওপৰত সম্পূর্ণ আত্মনিৰ্ভৰশীলনে?
উত্তৰ: সকলাে জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। কাৰণ মাটিতেই উদ্ভিদসমূহ গজে। তেনেদৰে সকলাে স্থলচৰ প্ৰাণীৰ বাবে মাটি হ’ল মূল আৱাস। আকৌ সকলাে প্রাণীয়ে প্রত্যক্ষ আৰু পৰােক্ষভাৱে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল বাবে মাটিয়েই প্রাণীসমূহক খাদ্যৰ যােগান ধৰে। পানীত থকা জীৱসমূহ মাটিৰ ওপৰত সম্পূর্ণ আত্মনিৰ্ভৰশীল নহয়। কাৰণ নদীয়ে – মাটিৰ পৰা সাগৰলৈ কঢ়িয়াই নিয়া বহুতাে খনিজ লৱণ সাগৰীয় জীৱসমূহে ব্যৱহাৰ কৰে।

4. তােমালােকে নিশ্চয় দূৰদৰ্শন আৰু বাতৰি কাকতত বতৰৰ আগলি বতৰাৰ প্রতিবেদন দেখিছ। বতৰৰ আগলি বতৰা কেনেকৈ পাওঁ বুলি ধাৰণা কৰা।
উত্তৰঃ বতৰ বিজ্ঞানী সকলে বায়ুমণ্ডলৰ উষ্ণতা, বতাহৰ গতি, বায়ুৰ চাপ আদিৰ ওপৰত ভিত্তিকৰি বতৰৰ আগলি বতৰা দিয়ে। এই সকলােবােৰ অৱস্থা জানিৱলৈ কৃত্রিম উপগ্রহবােৰে সহায় কৰে।উপগ্রহবােৰে সকলােবােৰ অৱস্থা সংগ্রহ কৰি ভূমিস্থিত ষ্টেচনলৈ প্ৰেৰণ কৰে। ষ্টেচনৰ পৰা সকলাে বার্তা ৰেডিঅ’, দূৰদৰ্শন, বাতৰিকাকত আদিত প্রকাশ কৰাৰ বাবে প্রতিবেদন প্রেৰণ কৰে।

5. মানুহৰ বিভিন্ন কার্যকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটিভাগত প্ৰদূষণ সৃষ্টি হয়। তােমাললাকে ভাৱা নেকি যে কোনাে নির্দিষ্ট অঞ্চলত এই কার্যকলাপৰ চিনাক্ত কৰিব পাৰিলে প্ৰদূষণৰ মাত্রা কমিব বুলি ?
উত্তৰঃ হয়, মানুহৰ কার্যকলাপৰ বিষয়ে চিনাক্ত কৰিব পাৰিলে প্ৰদূষণৰ মাত্রা কমাব পৰা যাব। উদাহৰণস্বৰূপে, কলকাৰখানা, উদ্যোগ আদিৰ পৰা উৎপন্ন হােৱা প্ৰদূষক পদার্থৰ হ্রাসকৰণ কৰিলে প্ৰদূষণৰ মাত্রা কমাব পৰা যাব।

6. বনাঞ্চলসমূহে বায়ু, মাটি আৰু পানীৰ গুণাগুণ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় এটা টোকা লিখা।
উত্তৰঃ বনাঞ্চলসমূহে প্ৰদূষণৰ মাত্রা কমায়। বনাঞ্চলত থকাউদ্ভিদেবতৰৰ পৰিবর্তন আনে আৰু এইবােৰ উদ্ভিদৰ শিপাই মাটি অৱক্ষয়ত বাধা দিয়ে। ইয়াৰােপৰি বনাঞ্চলে বৰষুণৰ পৰিমাণ বৃদ্ধিত সহায় কৰে। উদ্ভিদে অক্সিজেন এৰি দিয়াৰ ফলত বায়ুত অক্সিজেনৰ মাত্রা সুস্থিৰ হৈ থাকে। এনেদৰে বনাঞ্চলে বায়ু, মাটি আৰু পানীৰ ওপৰত প্ৰভাৱ পেলায়।

Additional Short Question Answer

1: তিনিধি প্রাকৃতিক সম্পদৰ উদাহৰণ দিয়া।
উত্তৰঃ তিনিবিধ প্রাকৃতিক সম্পদৰ উদাহৰণ হ’ল— বায়ু, পানী আৰু মাটি।

2: স্থলমণ্ডল কি?
উত্তৰঃ পৃথিৱীৰ খােলাটোৰ বহিঃ তপটোক স্থলমণ্ডল বােলে।

3: জলমণ্ডল কি?
উত্তৰ : পৃথিৱীৰ পৃষ্ঠত পােৱা পানীভাগ আৰু ভূ-গর্ভস্থ পানীৰে গঠিত মণ্ডলটোক জলমণ্ডল বােলে।

4: বায়ুমণ্ডল কি?
উত্তৰ: পৃথিৱীক আগুৰি থকা বায়ুৰ তৰপটোক বায়ুমণ্ডল বােলে।

5: জীৱমণ্ডল কি?
উত্তৰ: পৃথিৱীৰ যি অংশত স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডল একেলগে থাকি জীৱসমূহৰ জীৱন সম্ভৱপৰ কৰি তােলে, তাক জীৱমণ্ডল বােলে।

6: জীৱমণ্ডলৰ উপাদান দুটা কি কি?
উত্তৰ: জীৱমণ্ডলৰ উপাদান দুটা হ’ল— জৈৱিক উপাদান আৰু অজৈৱিক উপাদান।

7: জৈৱিক উপাদান বুলিলে কি বুজা?
উত্তৰ: জীৱসমূহৰ দ্বাৰা গঠিত জীৱমণ্ডলৰ উপাদানটোক জৈৱিক উপাদান বােলে। জৈৱিক উপাদানবােৰ হ’ল— উদ্ভিদ, প্রাণী আৰু অণুজীৱ।

7: অজৈৱিক উপাদান কোনবিলাক?
উত্তৰ: জীৱমণ্ডলৰ যিটো উপাদান জড় পদার্থৰ দ্বাৰা গঠিত, তাক অজৈৱিক উপাদান বােলে। যেনে- বায়ু, পানী আৰু মাটি।

9: শুক্ৰ আৰু মঙ্গল গ্রহৰ বায়ুমণ্ডলৰ প্রধান উপাদানটো কি আৰু ই উক্ত গ্রহদুটাৰ বায়ুমণ্ডলৰ কিমান শতাংশ ব্যাপি আছে?
উত্তৰঃ শুক্ৰ আৰু মঙ্গল গ্রহৰ বায়ুমণ্ডলৰ প্রধান উপাদানটো হ’ল কার্বন-ডাই-অক্সাইড (Co)। উক্ত গ্রহদুটাৰ বায়ুমণ্ডলৰ 95-97% আয়তন কার্বন-ডাই-অক্সাইডে দখল কৰি আছে।

10: পৃথিৱীৰ উপৰিভাগৰ মুঠ আয়তনৰ কিমান অংশ পানী?
উত্তৰ পৃথিৱীৰ উপৰিভাগৰ মুঠ আয়তনৰ 75% পানীয়ে আৱৰি থাকে। কৰা।

11: বায়ুমণ্ডলৰ কার্বন-ডাই-অক্সাইডৰ যােগান ধৰা দুটা প্রক্রিয়াৰ নাম উল্লেখ
উত্তৰঃ বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ যােগান ধৰা দুটা প্রক্রিয়া হ’ল—(i) শ্বসন (ii) দহন।

12: ভূমি বাস কৰা নগৰ/মহানগৰগাঁৱত নির্মল পানীৰ উৎস কি?
উত্তৰ : ভূ-গর্ভৰ পানী।

13: মাটিৰ ক্ষয়ীভৱন কি?
উত্তৰ পানী বা বতাহৰ সোঁতে মাটিৰ কণিকাবােৰ উটুৱাই নিয়াকে মাটিৰ ক্ষয়ীভরন বােলা হয়।

14: জৈৱিক কাৰণত প্রয়ােজনীয় অক্সিজেন আৰু নাইট্রজেন মুক্ত দুটা যৌগৰ লিখা।
উত্তৰঃ প্রটিন আৰু নিউক্লিক এছিড (DNA, RNA)।

15: বায়ুমণ্ডত কি কি দুটা অৱস্থাত অক্সিজেন পােৱা যায় ?
উত্তৰঃ বায়ুমণ্ডলত পােৱা অক্সিজেনৰ দুটা ৰূপ হ’ল – (i) দ্বি-পাৰমাণৱিক অক্সিজেন মৌল (0) (ii) অ’জন (0)

16: বতাহ কি ?
উত্তৰঃ বায়ুমণ্ডলৰ উচ্চ চাপ অঞ্চলৰপৰা নিম্ন চাপ অঞ্চললৈ বায়ুৰ গতিকে বতাহ বােলে।

17: চন্দ্ৰৰ পৃষ্ঠত ৰাতি আৰু দিনৰ ভিতৰত উষ্ণতাৰ নিম্নসীমা আৰু উচ্চসীমা কিমান?
উত্তৰ : চন্দ্ৰৰ পৃষ্ঠত ৰাতি আৰু দিনৰ ভিতৰত উষ্ণতাৰ নিম্নসীমা হ’ল— 190°C আৰু উচ্চসীমা হ’ল 110°C।

18: বায়ু প্ৰদূষণ কৰা বায়ুত ওপঙি থকা কণিকাবােৰ কি?
উত্তৰ : বায়ু প্ৰদূষণ কৰা বায়ুত ওপঙি থকা কণিকাবােৰ অদাহ্য কার্বন কণিকা বা হাইড্ৰ’কার্বন নামৰ এবিধ পদাৰ্থ হ’ব পাৰে।

19: বায়ু প্ৰদূষণৰ ফলত হ’ব পৰা মানুহৰ তিনিটা ৰােগৰ নাম লিখা।
উত্তৰ : বায়ু প্ৰদূষণৰ ফলত হ’ব পৰা মানুহৰ তিনিটা ৰােগ হ’ল এলার্জি, কর্কট ৰােগ আৰু হৃদৰােগ।

20: পানী প্ৰদূষিত কৰিব পৰা তিনিবিধ ঔদ্যোগিক দ্রব্যৰ নাম লিখা।।
উত্তৰ পানী প্ৰদূষিত কৰিব পৰা তিনিবিধ ঔদ্যোগিক দ্রব্য হ’ল ৰাসায়নিক সাৰ, কীটনাশক আৰু কাগজ উদ্যোগত ব্যৱহাৰ হােৱা মার্কাৰি লৱণ।

21: পানী প্ৰদূষণ কি?
উত্তৰ পানীৰ লগত কোনাে অবাঞ্ছিত পদার্থ মিহলি হােৱা, কোনাে অত্যাৱশ্যকীয় পদার্থ পানীৰ পৰা অপসাৰিত হােৱা বা পানীৰ উষ্ণতাৰ পৰিৱৰ্তন হােৱাকে পানী প্ৰদূষণ বােলে।

22: মাটি প্ৰদূষণ কি?
উত্তৰ : মাটিৰ লগত কোনাে হানিকাৰক পদার্থ মিহিল হােৱা বা মাটিৰপৰা কোনাে প্রয়ােজনীয় উপাদানৰ অপসৰণ হােৱাকে মাটি প্রদূষণ বােলা হয়।

23: মাটিৰ উপাদানসমূহ কি ?
উত্তৰঃ মাটিৰ উপাদানসমূহ হ’ল- (i) শিলৰ কণিকা (ii) হিউমাছ (iii) অণুজ

24: মাটিৰ প্ৰকাৰ বা ধৰণ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰ মাটিৰ প্ৰকাৰ বা ধৰণ মাটিত থকা কণিকাবােৰৰ গড় আকাৰৰ ওপৰত নিৰ্ভৰ কৰে।

25: মাটিৰ গুণাগুণ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰ: মাটিৰ গুণাগুণ মাটিত থকা হিউমাছৰ পৰিমাণ আৰু তাত থকা অণুজীৱৰ ওপৰত নিৰ্ভৰ কৰে।

26: মাটিত থকা খনিজ লৱণবােৰ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰ : মাটিত থকা খনিজ লৱণবােৰ সিহঁতক সৃষ্টি কৰা শিলৰ ওপৰত নিৰ্ভৰ কৰে।

27 : মাটিৰ ক্ষয়ীভৱন কি?
উত্তৰ: পানী বা বতাহৰ সোঁতত মাটিৰ ক্ষুদ্র ক্ষুদ্র কণিকা উটি যােৱাকে মাটিৰ ক্ষয়ীভৱন বােলে।

28: পৃথিৱী পৃষ্ঠত নির্মল পানীৰ উৎসসমূহ কি কি?
উত্তৰ: পৃথিৱী পৃষ্ঠত নির্মল পানীৰ উৎসসমূহ হল— দুই মেৰুত বৰফ হিচাপে গােট মাৰি থকা পানী, ওখ পর্বতশ্রেণীৰ উপৰিভাগ আবৃত। কৰি ৰখা তুষাৰ, ভূ-গর্ভস্থ পানী আৰু নদ-নদী, হ্রদ, পুখুৰী আদিৰ পানী।

29: মাটিৰ ক্ষয়ীভৱন কৰা কাৰক দুটা কি কি?
উত্তৰ: মাটিৰ ক্ষয়ীভৱন কাৰক দুটা হ’ল পানী আৰু বায়ু।

30: মাটিৰ ক্ষয়ীভৱনৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰ: মাটিৰ ক্ষয়ীভৱনৰ দুটা কাৰণ হ’ল-
(ক) গছ-গছনি কাটি অৰণ্য ধ্বংস কৰা।
(খ) মাটিৰ ওপৰৰ ঘাঁহ-বনৰ আৱৰণখন অপসাৰিত কৰা।

31: জৈৱ ভূ-ৰাসায়নিক চক্ৰ কাক বােলে ?
উত্তৰ: জীৱমণ্ডলৰ বিভিন্ন উপাদানৰ মাজত পদার্থ আৰু শক্তিৰ আদান-প্রদানৰ দ্বাৰা সৃষ্টি হােৱা পৰস্পৰ নিৰ্ভৰশীলতাৰ সম্পৰ্কসমূহক জৈৱ ভূ-ৰাসায়নিক চক্ৰ বােলে।

32: জলচক্র বুলিলে কি বুজা?
উত্তৰ: যি প্ৰক্ৰিয়াৰ দ্বাৰা পানীৰ বাষ্পীভৱন ঘটাৰ পিছত ই পুনৰ বৰষুণ হিচাপে পৃথিৱীলৈ নামি আহি নদীসমূহৰ দ্বাৰা সাগৰলৈ উটি যায়, তাকে জলচক্র বােলে।

33: আমাৰ বায়ুমণ্ডলৰ মুঠ আয়তনৰ কিমান শতাংশ নাইট্রজেন দখল কৰি আছে?
উত্তৰ: আমাৰ বায়ুমণ্ডলৰ মুঠ আয়তনৰ 78% নাইট্রজেনে দখল কৰি আছে।

34: জীৱদেহৰ বাবে প্রয়ােজনীয় কোন তিনিধি অণুত নাইট্রজেন পােৱা যায়?
উত্তৰ:জীৱদেহৰ বাবে প্রয়ােজনীয় তিনিধি নাইট্রজেন থকা অণু হ’ল প্ৰটিন, নিউক্লিক এছিড (DNA আ ক RNA) আৰু ভিটামিন।

35: নাইট্রজেন থকা পাঁচবিধ প্রয়ােজনীয় জৈৱ পদাৰ্থৰ নাম লিখা।
উত্তৰঃ নাইট্রজেন থকা পাঁচবিধ প্রয়ােজনীয় জৈৱ পদার্থ হ’ল— প্রটিন, নিউক্লিক এছিদ (DNA আৰু RNA), ভিটামিন, এলকালয়ড আৰু ইউৰিয়া।

36: নাইট্রজেন স্থিৰীকৰণ কৰা প্রক্রিয়া বা কাৰক দুটা কি?
উত্তৰ: নাইট্রজেন স্থিৰীকৰণ কৰা প্রক্রিয়া বা কাৰক দুটা হল- নাইট্রজেন স্থিৰীকৰণ কৰা বেক্টেৰিয়াৰ দ্বাৰা আৰু বিজুলী ঢেকেনিৰ দ্বাৰা।

37: নাইট্রজেন স্থিৰীকৰণৰ ফলত নাইট্রজেন কি কি পদার্থলৈ ৰূপান্তৰিত হয় ?
উত্তৰঃ নাইট্রজেন স্থিৰীকৰণৰ ফলতনাইট’জেননাইট্রেট আৰুনাইট্রাইটলৈ ৰূপান্তৰিত হয়।

28: উদ্ভিদে মাটিৰপৰা শশাষণ কৰা নাইট্রেট আৰু নাইট্রাইটক কি পদার্থলৈ পৰিৱৰ্তন কৰে?
উত্তৰ : উদ্ভিদে মাটিৰপৰা শােষণ কৰা নাইট্রেট আৰু নাইট্রাইটক এমিন’ এছিডলৈ

39: উদ্ভিদে কোনবিধ যৌগক প্ৰটিনলৈ ৰূপান্তৰিত কৰে?
উত্তৰ: উদ্ভিদে এমিন’ এছিডক প্রটিনলৈ ৰূপান্তৰিত কৰে।

40: জীৱদেহৰ বাবে অত্যাৱশ্যকীয় পাঁচবিধ যৌগৰ নাম লিখা যত কার্বন পােৱা যায়।
উত্তৰ: কার্বন থকা জীৱদেহৰ বাবে অত্যাৱশ্যকীয় পাঁচবিধ যৌগ হ’লকার্বহাইড্রেট, প্রটিন, লিপিড, নিউক্লিক এছিড আৰু ভিটামিন।

41: বায়ুমণ্ডলত থকা কার্বনক জীৱদেহ গঠনকাৰী দ্রব্যলৈ কি প্রক্রিয়াই পৰিৱর্তন কৰে?
উত্তৰ: বায়ুমণ্ডলত থকা কার্বনক জীবদেহ গঠনকাৰী দ্রব্যলৈ (গ্রুক সালােকসংশ্লেষণ প্রক্রিয়াই পৰিৱৰ্তন কৰে।

42: কার্বন চক্র কাক বােলে ?
উত্তৰঃ কার্বন মৌল বায়ুমণ্ডলীয় কার্বন-ডাই-অক্সাইডৰ ৰূপত বিভিন্ন ভৌতিক আৰু জৈৱিক প্রক্রিয়াৰে পুনৰ বায়ুমণ্ডললৈ উভতি যােৱাৰ চক্ৰীয় প্রক্রিয়াটোক কার্বন চক্র বােলে।

43: নাইট্রজেন চক্র কাক বােলে ?
উত্তৰ:বায়ুমণ্ডলীয় নাইট্রজেন কিছুমান অণু আকাৰে প্রথমে মাটি আৰু পানীলৈ আৰু পিছত জীৱৰ দেহলৈ গৈ পুনৰ বায়ুমণ্ডললৈ ঘূৰি অহা চক্রীয় প্রক্রিয়াটোক নাইট্রজেন চক্ৰ বােলে।

44: বায়ুমণ্ডলত মৌলিক ৰূপত অক্সিজেনৰ শতকৰা পৰিমাণ কিমান ?
উত্তৰ: বায়ুমণ্ডলত মৌলিক ৰূপত অক্সিজেনৰ শতকৰা পৰিমাণ হ’ল 21%।

45: বায়ুমণ্ডলত যৌগ ৰূপত অক্সিজেন কি হিচাপে পােৱা যায়?
উত্তৰঃ বায়ুমণ্ডলত যৌগ ৰূপত অক্সিজেন কার্বন-ডাই-অক্সাইড হিচাপে পােৱা যায়।

46: তিনিবিধ সেউজ গৃহ গেছৰ উদাহৰণ দিয়া।
উত্তৰঃ তিনিবিধ সেউজ গৃহ গেছৰ উদাহৰণ হ’ল—কার্বন-ডাই-অক্সাইড (CO2), মিথেন (CH) আৰু ক্ৰ’ৰ’ৰ কার্বন (CFC)।

47: জীৱৰ বাবে প্রয়ােজনীয় চাৰিবিধ যৌগৰ উদাহৰণ দিয়া য’ত অক্সিজেন পােৱা যায়।
উত্তৰ: জীৱৰ বাবে প্রয়ােজনীয় চাৰিবিধ অক্সিজেন থকা যৌগৰ উদাহৰণ হ’ল- কার্বহাইড্রেট, প্রটিন, লিপিড আৰু নিউক্লিক এছিড

48: বায়ুমণ্ডলীয় অক্সিজেন কি কি প্রক্রিয়াত ব্যৱহৃত হয়?
উত্তৰ: বায়ুমণ্ডলীয় অক্সিজেন ব্যৱহৃত হােৱা প্রক্রিয়া তিনিটা হ’লশ্বসন, দহন। আৰু নাইট্রজেন অক্সাইড উৎপাদনত।

49: কি প্রক্রিয়াৰ দ্বাৰা বায়ুমণ্ডললৈ অক্সিজেন উভতি যায় ?
উত্তৰঃ বায়ুমণ্ডললৈ অক্সিজেন উভতি যােৱা প্রক্রিয়াটো হ’ল- সালােকসংশ্লেষণ।

50: কোনবিধ জীৱৰ বাবে অক্সিজেন এবিধ বিষাক্ত গেছ?
উত্তরঃ বেক্টেৰিয়াৰ বাবে অক্সিজেন এবিধ বিষাক্ত গেছ।

51: অক্সিজেন চক্র কি ?
উত্তৰঃ বায়ুমণ্ডলীয় অক্সিজেন বিভিন্ন ভৌতিক আৰু জৈরিক প্রক্রিয়াৰ মাজেৰে পুনৰ বায়ুমণ্ডললৈ উভতি যােৱা চক্রীয় প্রক্রিয়াটোক অক্সিজেন চক্র বােলে।

52: অ’জন কি ?
উত্তৰঃ অ’জন হ’ল বায়ুমণ্ডলৰ ওপৰৰ স্তৰত পােরা তিনিটা অক্সিজেন পৰমাণুযুক্ত এবিধ অণু।

53: অজৈনৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ অ’জনৰ দুটা বৈশিষ্ট্য হল— (1) ই বিষাক্ত (ii) পৃথিৱীৰ বায়ুমণ্ডলৰ তলৰ স্তৰত অ’জন স্থিৰ অৱস্থাত থাকিব নােৱাৰে, সেয়ে ইয়াক অকল বায়ুমণ্ডলৰ ওপৰৰ স্তৰতহে পাব পাৰি।

54: মাটি কি?
উত্তৰঃ মাটি হ’ল এক মিশ্রণ য’ত শিলৰ ক্ষুদ্র কণিকাবােৰৰ লগত জীৱৰ অপচয় যাক। হিউমাছ বােলা হয় আৰু বিভিন্ন প্ৰকাৰৰ অণুজীৱ মিহলি হৈ থাকে।

55: মাটি সৃষ্টি হােৱাৰ লগত জড়িত চাৰিটা কাৰক উল্লেখ কৰা।
উত্তৰঃ মাটি সৃষ্টি হােৱাৰ লগত জড়িত চাৰিটা কাৰক হ’ল—(i) সূর্য (ii) পানী (iii) বতাহ (iv) জীৱ।

56: বতাহ কিহে সৃষ্টি কৰে?
উত্তৰ: পৃথিৱীৰ উপৰিভাগৰ ভিন ভিন অঞ্চল সূৰ্যৰ তাপৰ দ্বাৰা অসমভাৱে উত্তাপিত হােৱাৰ বাবে বতাহৰ সৃষ্টি হয়। বতাহৰ সৃষ্টি কৰা আন দুটা কাৰক হ’ল – পৃথিৱীৰ ঘূর্ণন আৰু পর্বতশ্রেণীৰ অৱস্থান।)

57: কার্বন-ডাই-অক্সাইডৰ স্থিৰীকৰণ বুলিলে কি বুজা?
উত্তৰ: কার্বন-ডাই-অক্সাইডক বিভিন্ন প্রক্রিয়াৰ দ্বাৰা আন পদার্থলৈ পৰিণত কৰা প্রক্রিয়াটোকে কার্বন-ডাই-অক্সাইড়ৰ স্থিৰীকৰণ বােলে।

58) শুদ্ধ উত্তৰটো বাছি উলিওৱা

(i) তলৰ কোনটো কাৰকে বতাহৰ সৃষ্টিত অৰিহণা নােযােগায়
(ক) বায়ুমণ্ডলৰ অসমান উত্তাপন। (খ) পৃথিৱীৰ ঘূর্ণন (গ) বতাহৰ পথত পর্বতশ্রেণীৰ অৱস্থান। (ঘ) অৰণ্যৰ উপস্থিতি
উত্তৰ: (ঘ) অৰণ্যৰ উপস্থিতি

(i) বায়ুমণ্ডলৰ ঔপৰৰ স্তৰত জলীয় বাষ্পৰ কোনটো পৰিৱৰ্তনে ডাৱৰৰ সৃষ্টি কৰে
(ক) বাস্পভীৱন (খ) ঘনীভৱন (গ) উত্তাপন (ঘ) সংকোচন।
উত্তৰ: (খ) ঘনীভৱন।

(ii) তলৰ কোনবিধ যৌগৰ সহায়ত সাগৰীয় প্রাণীসমূহেনিজৰ দেহৰ খােলা নির্মাণ কৰে- (ক) ছালফেট (খ) অক্সাইড। (গ) কার্বনেট (ঘ) নাইট্রেট
উত্তৰ: (গ) কার্বনেট

(iv) তলৰ কোনবিধ ৰােগ সৃষ্টিত বায়ু প্ৰদূষণে অৰিহণা নােযােগায়- (ক) এলাজি। (খ) কৰ্কট ৰােগ (গ) হৃদৰােগ । (ঘ) ডায়েবেটিছ
উত্তর : (ঘ) ডায়েবেটিছ

(v) তলৰ কোন দুবিধ মৌলৰ অক্সাইড যুণৰ পানীত দ্ৰৱীভূত হৈ এছিড বৰষুণৰ সৃষ্টি কৰে- (ক) নাইট্রজেন আৰু অক্সিজেন (খ) নাইট্রজেন আৰু কেলচিয়াম। (গ) নাইট্রজেন আৰু ছালফাৰ (ঘ) নাইট্রজেন আৰু কার্বন।
উত্তৰ: (গ) নাইট্রজেন আৰু ছালফাৰ

(vi) পৃথিৱীৰ উপৰিভাগৰ পানী সর্বাধিক পৰিমাণে পােৱা যায় –
(ক) সাগৰ আৰু মূহাসাগৰত (খ) নদ-নদীত (গ) ভূ-গর্ভত (ঘ) দুয়ােমেৰুৰ হিমবাহ হিচাপে
উত্তৰ: (ক) সাগৰ আৰু মহাসাগৰত

(vii) তলৰ কোনটো নির্মল পানীৰ উৎস নহয়— (ক) নদী, (খ) ভূ-গর্ভস্থ পানী (গ) মেৰুৰ হিমবাহ (ঘ) সাগৰ
উত্তৰ: (ঘ) সাগৰ

(viii) তলৰ কোনটো কাৰকৰ ওপৰত মাটিৰ গঠন নিৰ্ভৰ কৰে
(ক) অণুজীৱৰ উপস্থিতি (খ) হিউমাছৰ উপস্থিতি (গ) পােষক দ্রব্যৰ উপস্থিতি (ঘ) মাটিৰ কণিকাৰ আকাৰ
উত্তৰ: (খ) হিউমাছৰ উপস্থিতি।

(ix) তলৰ কোনবিধ কাৰ্যই মাটি প্ৰদূষণ কৰে— (ক) জীৱাশ্ম ইন্ধনৰ দহন। (খ) জলসিঞ্চন (গ) শস্য পথাৰত অপতৃণ গজা (ঘ) ৰাসায়নিক সাৰ আৰু কীটনাশক প্রয়ােগ
উত্তৰঃ (ঘ) ৰাসায়নিক সাৰ আৰু কীটনাশক প্রয়ােগ

(x) আমাৰ বায়ুমণ্ডলত মুঠ আয়তন কিমান শতাংশ নাইট্ৰ’জেন- (ক) 21% (খ) 1% (গ) 78% (ঘ) 91%
উত্তৰঃ (c) 7৪%

(xi) নাইট্রজেনৰ হিৰীকৰণ কৰা পৰাশ্রয়ী বেক্টেৰিয়াবিধ তলৰ কোনবিধ উদ্ভিদৰ শিপ্রাত পােৱা যায়- (ক) ধান জাতীয় শস্য (খ) মাহ জাতীয় শস্য (গ) তেল জাতীয় শস্য (ঘ) শাক-পাচলি
উত্তৰ: (খ) মাহ, জাতীয় শস্য

(xii) তুলৰ কোনৰিধ এবিধ সেউজ গৃহ গেছ নহয়—(ক) নাইট্ৰ’জেন (খ) কার্বন-ডাই-অক্সাইড (গ) অক্সিজেন (ঘ) CFC
উত্তৰঃ (গ) অক্সিজেন

(xiii) তলৰ কোনবিধ জীৱৰ বাবে মৌলিক অক্সিজেন এবিধ বিষাক্ত গেছ- (ক) বেক্টেৰিয়া (খ) প্রট য’ৱা(গ) উদ্ভিদ (ঘ) ভেঁকুৰ
উত্তৰঃ (ক) বেক্টেৰিয়া

(xiv) তলৰ কোনবিধ পদার্থই অ’জন স্তৰৰ অৱক্ষয় সাধন কৰে- (ক) কার্বন-ডাই-অক্সাইড (খ) হাইড্রজেন (গ) মিথেন (ঘ) CFC
উত্তৰঃ (ঘ) CFC

(xv) তলৰ কোনবিধ জীৱই শিলৰ অৱক্ষয় সাধন কৰি মাটি গঠন প্রক্রিয়াত অংশগ্রহণ কৰে- (ক) ভেঁকুৰ (খ) লিচেচন (গ) টেকীয়াজাতীয় উদ্ভিদ(ঘ) বেক্টেৰিয়া
উত্তৰঃ (খ) লিচেচন

Additional Important Question Answer

1: তােমালােকে নিশ্চয় দূৰদৰ্শন আৰুবাতৰিকাকতত বতৰৰ আগলি বতৰাৰ প্রতিবেদন দেখিছা। বতৰৰ আগলি বতৰা কেনেদৰে পাওঁ বুলি ধাৰণা কৰা ?
উত্তৰ বতৰৰ আগলি বতৰাত বৰষুণৰ ভৱিষ্যৎ বাণী কৰা হয় বতাহৰ ধৰণ-কৰণৰ ওপৰত ভিত্তি কৰি। কাৰণ; দেশৰ বিভিন্ন অংশ দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব মৌচুমী বতাহে বৰষুণ কঢ়িয়াই আনে।

2: আমি জাননা যে মানুহৰ বিভিন্ন কার্যলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ হয়। তুমি ভাবা নেকি যে এনে কার্যকলাপসমূহ কিছুমান বিশেষ অঞ্চলত সীমাবদ্ধ কৰাৰ পৰা প্ৰদূষণ কমিব?
উত্তৰ: এনে কার্যকলাপ কিছুমান বিশেষ অঞ্চলত সীমাবদ্ধ কৰিলেও প্রদূষণ নকমে। কাৰণ এটা নির্দিষ্ট অঞ্চলৰ বায়ু প্ৰদূষিত হ’লে সি গােটেই বায়ুমণ্ডলতেই প্ৰভাৱ পেলাব। তেনেদৰে এটা নির্দিষ্ট অঞ্চলৰ পানী প্ৰদূষিত হলে, সেই দূষিত পানী নদ-নদীৰে আন ঠাইলৈ বিয়পি আৰু সেই পানী শােষিত হৈ ভূ-গর্ভৰ পানীৰৰ লগত মিহলি হৈও সামগ্রিকভাৱে পানীৰ প্ৰদূষণ কৰিব। আনহাতে কোনাে এটা অঞ্চলৰ মাটি প্ৰদূষিত হলে, সি সেই অঞ্চলৰ উদ্ভিদ আৰু প্ৰাণীৰ ক্ষতিসাধন কৰি সামগ্ৰিকভাৱে প্ৰকৃতিৰ ভাৰসাম্য বিনষ্ট কৰাৰ লগতে জীৱ বৈচিত্র্যও হ্রাস কৰিব।

3: বনাঞ্চলসমূহে বায়ু, পানী আৰু মাটিৰ গুণাগুণৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় এটা টোকা লিখা।
উত্তৰঃ উদ্ভিদে বায়ুমণ্ডলৰ কার্বন-ডাই-অক্সাইড ব্যৱহাৰ কৰি সালােকসংশ্লেষণৰ দ্বাৰা খাদ্য প্রস্তুত কৰে। এনেদৰে বনাঞ্চলসমূহে বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কমাই ৰখাৰ উপৰিও, সালােকসংশ্লেষণত উৎপন্ন অক্সিজেন বায়ুমণ্ডললৈ এৰি দি আমাৰ চাৰিওফালে থকা বায়ুক বিশুদ্ধ কৰি ৰাখে। উদ্ভিদৰ শিপাই মাটিত খামােচ মাৰি ধৰি থাকি মাটিৰ ক্ষয়ীভৱনত বাধা দিয়ে। তেনেকৈ উদ্ভিদৰ বিভিন্ন অংশ মাটিত সৰি পচি হিউমাচ সৃষ্টিত অৰিহণা যােগায়। এনেদৰে বনাঞ্চলে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। আনহাতে বনাঞ্চলে বৰষুণৰ মাত্রা বঢ়াই ভূ-গর্ভৰ পানীৰ স্তৰ অধােগামী হােৱাৰ পৰা ৰক্ষা কৰে। আনহাতে মাটিৰ উপৰিপৃষ্ঠৰ ঘাঁহ-বন জাতীয় উদ্ভিদে মাটিৰ দ্বাৰা বৰষুণৰ পানী শােষিত হােৱাত যথেষ্ট সহায় কৰে।

4: জীৱৰ কোষে কেনেদৰে শক্তি আহৰণ কৰে?
উত্তৰ: জীৱৰ কোষে অক্সিজেনৰ সহায়ত গ্লুক’জৰ অণু ভাঙি সেই প্রক্রিয়াৰপৰা, শক্তি আহৰণ কৰে। এই প্রক্রিয়াত কার্বন-ডাই-অক্সাইড উৎপন্ন হয় আৰুএই প্রক্রিয়াটোক জীৱৰ শ্বসন বােলা হয়।

5: কার্বন-ডাই-অক্সাইডৰ স্থিৰীকৰণ কৰা দুটা প্রক্রিয়া উল্লেখ কৰা। বা, বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ হ্রাস কৰি ৰখা দুটা প্রক্রিয়া কি কি?
উত্তৰঃ কার্বন-ডাই-অক্সাইডক স্থিৰীকৰণ কৰা দুটা প্রক্রিয়া হল-
(ক) সেউজীয়া উদ্ভিদে সালােকসংশ্লেষণ প্রক্রিয়াৰ সহায়ত কার্বন-ডাই-অক্সাইড গ্রুক’জলৈ পৰিৱৰ্তন কৰে।
(খ) বহুতাে সামুদ্রিক প্রাণীয়ে সাগৰৰ পানীত দ্ৰৱীভূত কার্বনেট ব্যৱহাৰ কৰি সিহঁতৰ দেহৰ খােলাটো নিৰ্মাণ কৰে।

6: চন্দ্র পৃষ্ঠ দিনৰ ভাগত অতিপাত কাম গৰম আৰু ৰাতিৰ ভাগত অতিপাত শীতল হােৱাৰ কাৰণ কি ?
উত্তৰ ও চন্দ্ৰত বায়ুমণ্ডল নাই। বায়ু যিহেতু তাপৰ কু-পৰিবাহী, সেয়ে ই সূৰ্যৰ তাপ। দিনৰ ভাগত অধিক পৰিমাণে তাৰ মাজেৰে পাৰ হৈ অহাত বাধা দিয়ে। তেনেদৰে ৰাতি কোনাে গ্রহৰ পৃষ্ঠাৰপৰা প্রতিফলিত তাপ মহাকাশলৈ ওলাই যােৱা প্রক্রিয়া মন্থৰ কৰে।। সেয়ে চন্দ্ৰৰ চাৰিওফালে বায়ুমণ্ডল নথকাৰ কাৰণে ই দিনৰ ভাগত অতিপাত গৰম হয়। আৰু ৰাতিৰ ভাগত তাতিপাত শীতল হৈ পৰে।

7: দিনৰ ভাগত সাগৰৰ পানীৰ পৃষ্ঠাৰপৰা মাটিভাগলৈ বতাহ বােৱাৰ কাৰণ কি? বা, জলবতাহ কি?
উত্তৰ: মাটি পানীতকৈ সােনকালে উত্তপ্ত হয়। সেয়ে দিনৰ ভাগত মাটি পানীৰ তুলনাত সােনকালে উত্তপ্ত হােৱাৰ ফলত মাটিৰ ওপৰৰ বায়ুত উত্তপ্ত হৈ পাতল হয়। এই পাতল বায়ু ওপৰলৈ উঠাৰ ফলত মাটিৰ ওপৰত নিম্ন চাপৰ সৃষ্টি হয় আৰু সেয়ে পানীৰ পৃষ্ঠৰ ওপৰৰ শীতল বায়ু মাটিৰ ফাললৈ গতি কৰিবলৈ ধৰে। ইয়াকে জল বতাহ বােলে।

8: ৰাতিৰ ভাগত মাটিৰপৰা সাগৰৰ পৃষ্ঠলৈ বতাহ বােৱাৰ কাৰণ কি? বা, স্থলবতাহ কি ?
উত্তৰ: মাটি পানীতকৈ সােনকালে গৰম হােৱাৰ লগতে সােনকালে শীতলাে হয়। সেয়ে ৰাতিৰ ভাগত সাগৰৰ পাৰৰ মাটি সােনকালে শীতল হােৱাৰ বিপৰীতে সাগৰৰ পৃষ্ঠাৰ ওপৰভাগ তুলনামূলকভাৱে উষ্ণতৰ হৈ থাকে। ইয়াৰ ফলত সাগৰৰ পৃষ্ঠাৰ ওপৰত নিম্ন চাপ সৃষ্টি হয় আৰু মাটিৰ ফালৰপৰা সাগৰৰ পৃষ্ঠলৈ প্রবাহিত হ’বলৈ ধৰে। ইয়াকে স্থলবতাহ বােলে।

9: বতাহ সৃষ্টিৰ তিনিটা কাৰক উল্লেখ কৰা।
উত্তৰঃ বতাহ সৃষ্টিৰ তিনিটা কাৰক হ’ল– (i) পৃথিৱীপৃষ্ঠৰ বিভিন্ন ঠাইৰ বায়ুমণ্ডলৰ অসমান উত্তাপন। (ii) পৃথিৱীৰ ঘূর্ণন। (iii) বতাহৰ পথত পর্বতশ্রেণীৰ অৱস্থান।

10: কোনাে এটুকুৰা মাটিত কেনেধৰণৰ উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ সম্ভৱপৰ হ’ব, সেই কথা মাটি টুকুৰাৰ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰঃ কোনাে এটুকুৰা মাটিত কেনেধৰণৰ উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ সম্ভৱপৰ হ’ব, সেই কথা নিৰ্ভৰ কৰা মাটি টুকুৰাৰ কাৰকবােৰ হ’ল– (i) মাটিত থকা পােষক দ্রব্য (i) হিউমাছৰ পৰিমাণ (iii) মাটিৰ গভীৰতা।

11: সামুদ্রিক জীৱসমূহক মাটিয়ে কেনেদৰে সহায় কৰে?
উত্তৰ: যেতিয়া পানী শিলৰ ফঁাক বা শিলৰ ওপৰেৰে বৈ যায়, তেতিয়া শিলত থকা বিভিন্ন খনিজ লৱণ পানীত দ্ৰৱীভূত হয়। সেয়ে এই খনিজ লৱণসমূহ নৈৰ পানীয়ে সাগৰলৈ কঢ়িয়াই নিয়ে আৰু এই খনিজ লৱণসমূহ সামুদ্রিক জীৱসমূহে বিভিন্ন পোেষক দ্রব্য হিচাপে গ্রহণ কৰে। এনেদৰে সামুদ্রিক জীৱসমূহক মাটিয়ে সহায় কৰে।

12: সেউজ গৃহ কি ?
ঊৰ্ত্তৰ: কাচে তাপ ধৰি ৰাখিব পাৰে। সেয়ে কঁাচৰ বন্ধ পাত্ৰ এটাৰ ভিতৰত বাহিৰৰ পৰিৱেশতকৈ উষ্ণতা বেছি হয়। এই পৰিঘটনাটোক ব্যৱহাৰ কৰি শীতল জলবায়ু অঞ্চলত কিছুমান উদ্ভিদক উষ্ণ কৰি ৰাখিবলৈ কাচৰ ডাঙৰ পাত্ৰ একোটাত উদ্ভিধসমূহ ৰখা হৈছিল। এই পাত্ৰসমূহকে সেউজ গৃহ বােলে।

13: গােলকীয় উত্তাপন (Global Warming) কি?
উত্তৰ: পৃথিৱীৰ বায়ুমণ্ডলত মানুহৰ বিভিন্ন ক্রিয়াকলাপৰ ফলত সেউজ গৃহ গেছবােৰৰ পৰিমাণ অত্যধিক হাৰত বৃদ্ধি পােৱাৰ বাবে পৃথিৱীৰ উপৰিভাগৰ উষ্ণতা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। এই পৰিঘটনাকে গােলকীয় উত্তাপন বােলে।

14: অ’জনে আমাক কেনেদৰে সহায় কৰে?
উত্তৰ: বায়ুমণ্ডলৰ ওপৰৰ স্তৰত অজ’নে সূর্য হানিকাৰক অতিবেঙুনীয়া ৰশ্মি শােষণ কৰে। সেয়ে এনে ৰশ্মিয়ে পৃথিৱীৰ উপৰিভাগ ঢুকি নাপায় আৰু পৃথিৱীৰ জীৱসমূহ এনে হানিকাৰক বিকিৰণৰ কু-প্রভাৱৰ পৰা ৰক্ষা পৰে। এনেদৰে অজ’নে আমাক সহায় কৰে।

15: ক্ল’ৰফ্ল’ৰ’ কার্বন (CFC) ৰ কু-প্রভাৱ কি ?
উত্তৰঃ ক্ল’ৰ’ফ্ল’ৰ’ কার্বন (CEC) মানুহৰ বিভিন্ন কামত ব্যৱহাৰ হােৱা ক্ল’ৰৰ’ কার্বন নামৰ পদার্থবিধে বায়ুমণ্ডলৰ ওপৰৰ স্তৰলৈ গৈ তাত থকা অজনৈৰ লগত বিক্রিয়া কৰে। ইয়াৰ ফলত অ’জনৰ অণুৰ সংখ্যা হ্রাস পায় আৰু অ’জন স্তৰৰ অৱক্ষয় সাধন হয়। ইয়াৰ বাৰে সুৰ্যৰ হানিকাৰক অতিবেঙুণীয়া ৰশ্মি পৃথিৱীৰ উপৰিভাগলৈ আহিবলৈ সুৰুঙা বিচাৰি পায়।

16: পৃথিৱীৰ প্ৰধান মণ্ডল কেইটা আৰু কি কি? প্রত্যেকৰে বিষয়ে চমুকৈ লিখা।
উত্তৰ: পৃথিৱীৰ প্ৰধান মণ্ডল চাৰিটা। সেই কেইটা হ’ল— স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল।

  • স্থলমণ্ডলঃ পৃথিৱীৰ খােলাটোৰ বহিঃঅংশটোক স্থলমণ্ডল বলে। এই মণ্ডলটোত সকলাে স্থলচৰ প্ৰাণী আৰু উদ্ভিদসমূহ পােৱা যায়।
  • জলমণ্ডলঃ ও পৃথিৱীৰ উপৰিভাগত পােৱা পানী আৰু ভূ-গর্ভৰ পানীভাগ মিলি যিটো মণ্ডলৰ সৃষ্টি হয়, তাক জলমণ্ডল বােলে।
  • বায়ুমণ্ডলঃ ও পৃথিৱীক আৱৰি থকা বায়ুৰ তৰপটোক বায়ুমণ্ডল বােলে।
  • জীৱমণ্ডলঃ ও পৃথিৱীৰ যি অংশত স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডল একেলগে থাকি জীৱসমূহৰ জীৱন সম্ভৱপৰ কৰি তােলে তাক জীৱমণ্ডল বােলে।

17: বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড গেছৰ যােগান ধৰা মুখ্য প্রক্রিয়াটো কি কি?
উত্তৰ: বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড গেছৰ যােগান ধৰা মুখ্য প্রক্রিয়াটো হ’ল—

  • শ্বসন: সকলাে জীৱই অক্সিজেন গ্রহণ কৰি তাৰ দ্বাৰা গ্রুক’জ অণুৰ বিশ্লেষণ কৰি বিভিন্ন জৈৱৰাসায়নিক প্রক্রিয়াৰ দৰকাৰ হােৱা শক্তি আক্রমণ কৰে। এই প্রক্রিয়াৰ ফলত কার্বন-ডাই-অক্সাইড উৎপন্ন হয় আৰু সি বায়ুমণ্ডলত যােগ হয়।
  • দহন: মানুহে বিভিন্ন পদাৰ্থৰ লগতে বিশেষকৈ জীৱাশ্ম ইন্ধনৰ দহন কৰি শক্তি উৎপাদন কৰে। এনে দহনৰ লগতে প্রাকৃতিকভাৱে সংঘটিত বনজুইৰ বাবেও যথেষ্ট পৰিমাণৰ কার্বন-ডাই-অক্সাইড উৎপন্ন হৈ বায়ুমণ্ডলত যােগ হয়।

18: জলবায়ুৰ নিয়ন্ত্ৰণত বায়ুমণ্ডলৰ ভূমিকা চমুকৈ লিখা।
উত্তৰঃ বায়ুমণ্ডলে পৃথিৱীখনক এখন কম্বলৰ দৰে আৱৰি থাকে কিন্তু বায়ুৰ তাপৰ কু- পৰিবাহী। সেয়ে বায়ুমণ্ডলে পৃথিৱীৰ গড় উষ্ণতা দিনৰ ভাগত আনকি গােটেই বছৰটো জুৰি স্থিৰ কৰি ৰাখে। দিনৰ ভাগত হঠাতে হ’ব পৰা উষ্ণতা বৃদ্ধিক বায়ুমণ্ডলে প্রতিবােধ কৰে। আকৌ ৰাতিৰ ভাগত বায়ুমণ্ডলে পৃথিৱীৰ পৰা প্রতিফলিত তাপৰ সঞ্চালন মন্থৰ কৰি পৃথিৱীখনক অতিপাত ঠাণ্ডা হােৱাৰ পৰা ৰক্ষা কৰে। এনেদৰে বায়ুমণ্ডলে পৃথিৱীৰ জলবায়ু নিয়ন্ত্ৰণত গুৰুত্বপূর্ণ ভূমিকা লয়।

19: পৃথিৱীৰ উপৰিভাগত অসমান উত্তাপনৰ বাবে কেনেদেৰ বতাহৰ সৃষ্টি হয়?
উত্তৰঃ মাটি বা পানীৰ পৃষ্ঠৰ পৰা বিকিৰিত তাপে যেতিয়া তাৰ ওপৰৰ বায়ু তপত কৰে, তেতিয়া তেনে তপত বায়ু পাতল হৈ ওপৰলৈ উঠে। কিন্তু যিহেতু মাটি পানীতকৈ সােনকালে গৰম হয়, সেয়ে মাটিৰ ওপৰৰ বায়ুও পানীৰ পৃষ্ঠৰ ওপৰৰ বায়ুতকৈ সােনকালে গৰম হয়। সেয়ে সমুদ্রতীৰ অঞ্চলত দিনৰ ভাগত মাটিৰ ওপৰৰ বায়ু সােনকালে গৰম হৈ ওপৰলৈ উঠিবলৈ ধৰে। ইয়াৰ ফলত মাটিৰ ওপৰত এক নিম্নচাপ অঞ্চলৰ সৃষ্টি হয় আৰু সাগৰ পৃষ্ঠৰ ওপৰৰ বায়ু এনে নিম্ন চাপ অঞ্চললৈ প্ৰৱাহিত হ’বলৈ ধৰে। আনহাতে ৰাতিৰ ভাগত মাটি সােনকালে শীতল হােৱাৰ বিপৰীতে পানী লাহে লাহে শীল হয়। সেয়ে পানীৰ পৃষ্ঠৰ ওপৰৰ বায়ু মাটিৰ ওৰৰ বায়ুতকৈ বেছি উষ্ণ হৈ থাকে। ইয়াৰ ফলত ৰাতিৰ ভাগত সাগৰ পৃষ্ঠৰ ওপৰত নিম্ন চাপ অঞ্চলৰ সৃষ্টি হয় আৰু মাটিৰ ফালৰপৰা সাগৰৰ ফাললৈ বায়ু প্রবাহিত হয়। এনেদৰে পৃথিৱীৰ উপৰিভাগৰ অসমান উত্তাপনৰ বাবে পৃথিৱীপৃষ্ঠত বতাহৰ সৃষ্টি হয়।

20: বতাহৰ সৃষ্টিৰ লগত জড়িত তিনিটা কাৰক কি কি ?
উত্তৰঃ বতাহৰ সৃষ্টিৰ লগত জড়িত তিনিটা কাৰক হ’ল—
(ক) পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন অঞ্চলৰ অসমান উত্তাপন।
(খ) পৃথিৱীৰ নিজ অক্ষত ঘূর্ণন।
(গ) বতাহৰ পথত পর্বতশ্রেণীৰ উপস্থিতি।

21: বৰষুণৰ সৃষ্টি কেনেদৰে হয় ?
উত্তৰঃ যেতিয়া সূৰ্যৰ তাপত দিনৰ ভাগত জলাশয়ৰ পানী তপত হয়, তেতিয়া এক বৃহৎ পৰিমাণৰ জলীয় বাষ্পৰ সৃষ্টি হয় আৰু ই বায়ুমণ্ডলৰ বায়ুৰ লগত মিহলি হয়। যেতিয়া গৰম বায়ু ওপৰলৈ উঠে, ই লগতে যথেষ্ট পৰিমানৰ জলীয় বাষ্পও কঢ়িয়াই নিয়ে। বায়ুমণ্ডলৰ ওপৰৰ স্তৰত এই বায়ুৰ প্ৰসাৰণ ঘটি ই শীতল হয়। ইয়াৰ ফলত বায়ুৰ লগত থকা জলীয় বাষ্পখিনিৰ ঘনীভৱন ঘটি ই সৰু সৰু পানীৰ টোপাললৈ পৰিৱর্তিত হয়। এই সৰু সৰু পানীৰ টোপালসমূহ ইটোৱে সিটোৰ লগ লাগি অধিক ঘনীভৱনৰ ফলত ডাঙৰ ডাঙৰ টোপালৰ সৃষ্টি কৰে। যেতিয়া এই টোপালবােৰ আকাৰত ডাঙৰ হৈ গধুৰ হৈ পৰে, তেতিয়া ইহঁতে বৰষুণ হিচাপে পৃথিৱীপৃষ্ঠলৈ নামি আহে।

22: বায়ুমণ্ডলত জলীয় বাষ্প যােগান ধৰা তিনিটা প্রক্রিয়া উল্লেখ কৰা।
উত্তৰঃ বায়ুমণ্ডলত জলীয় বাষ্প যােগান ধৰা তিনিটা প্রক্রিয়া হল-

  1. দিনৰ ভাগত পৃথিৱীপৃষ্ঠৰ জলাশয়ৰ পৰা বাষ্পীভৱন ঘটাৰ ফলত যথেষ্ট পৰিমাণৰ জলীয় বাষ্প বায়ুমণ্ডলত যােগ হয়।
  2. জীৱসমূহে শ্বসন কার্য সংঘটিত কৰাৰ ফলত জলীয় বাষ্প উৎপন্ন হয় যি নিশ্বাসেৰে ওলাই আহি বায়ুমণ্ডলত যােগ হয়।
  3. উদ্ভিদে দেহৰ অতিৰিক্ত পানীভাগ জলীয় বাষ্পৰ ৰূপত পত্ৰৰন্ধেৰে বায়ুমণ্ডললৈ এৰি দিয়ে। এই প্রক্রিয়াক প্রস্বেদন বা বাষ্পমােচন বােলে।

23: বৰফ, হিমবৃষ্টি আৰু শিলাবৃষ্টি কেনেদৰে হয় ?
উত্তৰঃ পৃথিৱীৰ পৃষ্ঠৰ পৰা ওপৰলৈ যােৱা বায়ুৰ শীতলীকৰণৰ ফলত তাৰ লগত থকা জলীয় বাষ্পভাগ ঘনীভূত হৈ সৰু সৰু পানীৰ টোপাললৈ পৰিণত হয়। পিছত এই সৰু সৰু টোপালবােৰৰ পুনৰ ঘনীভৱন ঘটি ডাঙৰ ডাঙৰ টোপালৰ সৃষ্টি কৰে আৰু ইহঁত গধুৰ হ’লে বৰষুণৰ ৰূপত তললৈ নামি আহে। কিন্তু কেতিয়াবা বায়ুৰ উষ্ণা অতিপাত পৃথিৱীলৈ নামি আহে। কম হ’লে, এই ঘনীভূত পানীৰ কণিকাসমূহ গােট মাৰি বৰফ, হিমবৃষ্টি বা শিলাবৃষ্টি ৰূপে

24: জীৱাশ্ম ইন্ধনৰ দহনে কেনেদৰে বায়ু প্ৰদূষিত কৰে ?
উত্তৰঃ জীৱাশ্ম ইন্ধনৰ দহনে দুই ধৰণে বায়ু প্ৰদূষিত কৰে। যেনে-
(ক) জীৱাশ্ম ইন্ধন যেনে কয়লা আৰু পেট্রলিয়ামৰ দহনৰ ফলত নাইট্রজেন আৰু ছালফাৰ অক্সাইড উৎপন্ন হয়। এই গেছবিলাক স্বাস্থ্যৰ বাবে হানিকাৰক হোৱাৰ উপৰিও ইহঁতে বৰষুণৰ পানীত দ্ৰৱীভূত হৈ এছিড বৰষুণ হিচাপে তললৈ নামি আহে। এনে এছিড বৰষুণ উদ্ভিদ আৰু প্রাণীসমূহৰ বাবে ক্ষতিকাৰক।

(খ) জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত কিছুমান হানিকাৰক কণিকা উৎপন্ন হৈ বায়ুমণ্ডলত ভাহি থাকে। এনে কণিকাসমূহ অদাহ্য কার্বন কণিকা বা হাইড্রকার্বন নামৰ এক জাতীয় পদাৰ্থ হ’ব পাৰে। এনে কণিকাসমূহ বায়ুমণ্ডলত উপস্থিতিৰ বাবে দূৰৰ বস্তু ভালদৰে দেখাত ব্যাঘাত জন্মাৰ উপৰিও এনে কণিকা সেৱনৰ বাবে মানুহৰ এলার্জি, কৰ্কট ৰােগ আৰ দৰোগ হােৱাৰ সম্ভাৱনা বাঢ়ে।

25: পানীক কিয় ‘ বিস্ময় তল’ আখ্যা দিয়া হয়?
উত্তৰঃ পানী জীৱৰ বাবে এক অত্যাৱশ্যকীয় সম্পদ। পানী অবিহনে জীৱৰ জীৱন ধাৰণ। সম্ভৱপৰ নহয়। পানীয়ে সকলাে জীৱৰে জীৱন-প্রণালীক বিভিন্ন দিশেৰে প্ৰভাৱিত কৰে যদিও জীৱক জীয়াই থাকিবলৈ পানীৰ অত্যাৱশ্যকীয়তা দুটা কাৰণত সর্বাধিক। সেই দুটা হ’ল-

জীৱকোষত সংঘটিত হােৱা সকলাে জৈৱৰাসায়নিক বিক্রিয়াই পানীত দ্রবীভূত হৈ থকা পদার্থসমূহৰ মাজতহে সংঘটিত হ’ব পাৰে।

জীৱৰ শৰীৰৰ এটা অংশৰপৰা আন এটা অংশলৈ বিভিন্ন দ্রব্যৰ পৰিবহন মাথাে পানীৰ মাধ্যমতহে দ্ৰৱণীয় অৱস্থাত সম্ভৱপৰ হয়।

এনেবােৰ কাৰণতে পানীক ‘ বিস্ময় তৰল’ আখ্যা দিয়া হয়।

26: পানী প্ৰদূষিত কৰাৰ বাবে দায়ী মানবীয় কার্যকলাপ তিনিটাৰ উদাহৰণ দিয়া। বা, কি কি কাৰণত পানী প্ৰদূষিত হ’ব পাৰে?
উত্তৰঃ তলত দিয়া মানুহৰ কার্যকলাপবােৰৰ দ্বাৰা পানী প্ৰদূষিত হ’ব পাৰে

  • আমি খেতিপথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশকসমূহ বৰষুণৰ পানীত উটি গৈ জলাশয়সমূহত পৰি তাৰ পানী প্ৰদূষিত কৰে।
  • চহৰবােৰৰপৰা নিৰ্গত দূষিত পানী আৰু কল-কাৰখানাৰ পৰা ওলােরা হানিকাৰক বর্জনীয় পদার্থসমূহ নদ-নদী বা হ্রদত পেলােৱাৰ ফলত তাৰ পানী প্ৰদূষিত হয়।
  • কিছুমান বিশেষ উদ্যোগে বিভিন্ন প্রক্রিয়াত পানীক শীতলীকৰণ দ্রব্য হিচাপে ব্যৱহাৰ কৰি পিছত সেই গৰম পানী জলাশয়ত এৰি দিয়ে। তেনেদৰে নদী বান্ধসমূহৰ পৰাও সময়ে সময়ে গৰম পানী জলাশয়ত এৰি পানীৰ উষ্ণতাৰ পৰিৱৰ্তন কৰা হয়। এনে ধৰণৰ পানী প্ৰদূষণৰ ফলত জলজ উদ্ভিদ আৰু প্রাণীসমূহৰ ক্ষতি সাধন হয়।

27: পানীৰ উষ্ণতাৰ পৰিৱর্তনৰ দ্বাৰা পানী প্ৰদূষিত কৰা দুটা মানুহৰ ক্রিয়া- কলাপৰ উদাহৰণ দিয়া।।
উত্তৰ পানীৰ উষ্ণতাৰ পৰিৱর্তনৰ দ্বাৰা পানী প্ৰদূষিত কৰা মানুহৰ দুটা কার্যকলাপ হল-

  • কিছুমান বিশেষ উদ্যোগে পানীক শীতলীকৰণ দ্রব্য হিচাপে ব্যৱহাৰ কৰে আৰু পিছত সেই গৰম পানী জলাশয়বােৰত এৰি দি তাৰ পানীৰ উষ্ণতা পৰিৱৰ্তন কৰে।
  • নদী বান্ধবােৰৰ পৰা সময়ে সময়ে গৰম পানী জলাশয়বােৰত এৰি দিয়াৰ ফলতাে পানীৰ উষ্ণতাৰ পৰিৱৰ্তন ঘটে।

28: পানীৰ উষ্ণতাৰ পৰিৱর্তনে জলজ জীৱৰ কেনেদৰে ক্ষতিসাধন কৰে?
উত্তৰ পানীৰ উষ্ণতাৰ পৰিৱর্তানে জলজ জীৱসমূহৰ প্ৰজননত বিশেষভাৱে প্ৰভাৱ। বিস্তাৰ কৰে। কাৰণ বিভিন্ন জীৱৰ কণী আৰু পােনাবােৰৰ বিকাশ পানীৰ পৰিৱর্তিত উষ্ণতাই ক্ষতিগ্রস্ত কৰে।

29: মাটি গঠনৰ প্রক্রিয়াটো চমুকৈ ব্যাখ্যা কৰা।
উত্তৰ পৃথিৱী পৃষ্ঠৰ ওপৰত বা তাৰ নিচেই তলত থকা ডাঙৰ ডাঙৰ শিলাস্তৰবােৰত জীৱৰ বাবে অত্যাবশ্যকীয় বিভিন্ন খনিজ পদার্থ আৱদ্ধ হৈ থাকে। বহু হেজাৰ বছৰ ধৰি চলা কেতবােৰ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক প্রক্রিয়াৰ দ্বাৰা এই ডাঙৰ ডাঙৰ শিলাস্তৰসমূহ ভাঙি সৰু সৰু খণ্ডলৈ বিখণ্ডিত হয়। এনে বিখণ্ডনৰ শেষ পৰিণতি হিচাপে মাটিৰ ক্ষুদ্র ক্ষুদ্র কণিকাসমূহৰ সৃষ্টি হয়। পিছত এই কণিকাসমূহৰ লগত বিভিন্ন জৈৱিক পদাৰ্থৰ অপচয় আৰু অণুজীৱসমূহ মিহলি হৈ ভিন্ন প্রকাৰৰ মাটিৰ গঠন হয়।

30: মাটিৰ গঠন প্রক্রিয়াত সূৰ্যৰ প্ৰভাৱৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ মাটিৰ গঠন প্রক্রিয়াত সূর্যই প্রভাৱ বিস্তাৰ কৰে। সূৰ্যৰ তাপত দিনৰ ভাগত শিলাস্তৰ উত্তপ্ত হােৱা বাবে তাৰ প্ৰসাৰণ ঘটে। আনহাতে ৰাতি এই শিলাস্তৰসমূহ শীতল হােৱাৰ ফলত সিহঁতৰ সংকোচন ঘটে। কিন্তু শিলাস্তৰৰ প্রতিটো অংশই সমহাৰত প্ৰসাৰিত আৰু সংকুচিত নহয় বাবে সময়ত শিলাস্তৰসমূহত ফাকৰ সৃষ্টি হয় আৰু পিছত এই শিলাস্তৰসমূহ ফাটি গৈ সৰু সৰু খণ্ডলৈ ৰূপান্তৰিত হয়।

31: হিউমাছ কি? ই মাটিৰ গঠনত কেনেদৰে প্ৰভাৱ পেলায়?
উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীৰ দেহ গেলি-পচি যােৱাৰ পিছত যি অপচয়ৰ সৃষ্টি হৈ মাটিৰ লগত মিহলি হৈ যায়, তাকে হিউমাছ বােলে। হিউমাছে মাটিৰ গঠনত নির্ণায়ক ভূমিকা লয়। কাৰণ হিউমাছে মাটিক ৰন্ধযুক্ত কৰি মাটিৰ গভীৰলৈ পানী আৰু বায়ু সােমাই যােৱাত সুবিধা কৰি দিয়ে।

32: খেতিপথাৰত ব্যৱহাৰ হােৱা ৰাসায়নিক সাৰ আৰু কীটনাশক মাটি প্ৰদূষণত কেনেদেৰ গুৰুত্বপূর্ণ ভূমিকা লয়?
উত্তৰ খেতিপথাৰত ব্যৱহাৰ হােৱা ৰাসায়নিক সাৰ আৰু কীটনাশকে মাটি প্ৰদূষণত এক গুৰুত্বপূর্ণ ভূমিকা লয়। কাৰণ এনেবােৰ পদার্থ খেতিপথাৰত অত্যধিক পৰিমাণে ব্যৱহাৰ কৰাৰ ফলত ইহঁতে মাটিত থকা উপকাৰী অণুজীৱসমূহক ধ্বংস কৰে। এই অণুজীৱসমূহে মাটিৰ অত্যাৱশ্যকীয় পােযক দ্রব্যসমূহৰ যােগান ধৰে ।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

1 thought on “Class 9 Science Chapter 14 Question Answer in Assamese”

Leave a Comment