আপুনি নৱম মান শ্ৰেণীৰ শিক্ষাৰ্থী নেকি? আপুনি Class 9 Science তথা নৱম মান শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায়সমুহৰ প্ৰশ্ন উত্তৰ বিচাৰি আছে নেকি? তেন্তে আপুনি সঠিক স্থানত আহিছে, আজি আমি Assamese Medium ত “জীৱৰ বিচিত্ৰতা” তথা Class 9 Science Chapter 7 Question Answer in Assamese আলোচনা কৰিব প্ৰয়াস কৰিছো।
- Also Read:
Class 9 Science Chapter 7 Question Answer in Assamese তথা নৱম মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় “জীৱৰ বিচিত্ৰতা” ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ দিয়াৰ উপৰিও কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ, আপুনি এজন শিক্ষাৰ্থী হিচাপে আমাৰ এই লিখনিয়ে আগন্তুক পৰীক্ষাৰ বাবে কিছু সহায় কৰিব।
Class 9 Science Chapter 7 Question Answer in Assamese Medium
Blue Question Answer Page No. 80
1: আমি জীৱবিলাকক কিয়া শ্রেণীবিভাজন কৰে ?
উত্তৰঃ পৃথিৱীত পােৱা অগণন প্রকাৰৰ জীৱৰ প্ৰত্যেকৰে ব্যক্তিগতভাৱে অধ্যয়ন কৰি সিহঁতক জনাটো সম্ভৱপৰ নহয়। তাৰ সলনি পৃথিৱীৰ জীৱসমূহক সিহঁতৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান শ্রেণী বা উপশ্রেণীত বিভক্ত কৰি, সেই শ্রেণী বা উপশ্রেণীসমূহ অধ্যয়ন কৰি জীৱসমূহক জনাটো বেছি সহজসাধ্য। সেয়ে জীৱবিলাকক শ্রেণীবিভাজন কৰাটো আৱশ্যকীয়।
2: তােমাৰ চাৰিওপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পােৱা পার্থক্য বিলাকৰ তিনিটা উদাহৰণ দিয়া।
উত্তৰ: আমাৰ চাৰিওপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পােৱা পার্থক্যৰ তিনিটা উদাহৰণ হল-
(ক) আমাৰ পৰিবেশত থকা বেক্টেৰিয়া নামৰ অণুজীৱৰ আকাৰ মাত্ৰ কেই মাইক্ৰ’মিটাৰ মান হােৱাৰ বিপৰীতে নীল তিমি আৰু ৰেড় উড ট্রি ৰ দৰে প্রাণী আৰু উদ্ভিদৰ আকাৰ ক্রমে ৩০ মিটাৰ আৰু ১০০ মিটাৰ।
(খ) কিছুমান সৰল গছ বহু হাজাৰ বছৰ জীয়াই থকাৰ বিপৰীতে মহৰ দৰে পতংগৰ জীৱনকাল মাত্ৰ কেইটামান-দিনহে।।
(গ) কিছুমান কৃমিৰ দেহ বৰণহীন রা স্বচ্ছ হােৱাৰ বিপৰীতে কিছুমান চৰাই আৰু ফুলৰ উজ্জ্বল বৰণ থাকে।
Blue Question Answer Page No. 82
1: জীৱজগতৰ শ্রেণীবিভাজন কৰােতে কোনটো চৰিত্রগত বৈশিষ্ট্য বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা ?
(ক) সিহঁতে বসবাস কৰা স্থানক?
(খ) সিহঁতৰ দেহ গঠনত অংশ লােৱা কোষৰ প্ৰকাৰক ? আৰু কিয় ?
উত্তৰ: জীৱজগতৰ শ্ৰেণীবিভাজন কৰােতে প্রশ্নত দিয়া (খ) বিকল্পটিৰ চৰিত্ৰগত বৈশিষ্ট্যটো বেছি গুৰুত্বপূর্ণ। কাৰণ একেটা স্থানতে বসবাস কৰা জীৱসমূহ বিভিন্ন দৈহিক গঠন আৰু চৰিত্ৰবিশিষ্ট হােৱাটো তেনেই স্বাভাৱিক। সেয়ে সেই সমূহ জীৱক একেটা শ্ৰেণীত অন্তর্ভুক্ত কৰাটো সমীচীন নহ’ব। তাৰ বিপৰীতে জীৱৰ কোষৰ প্ৰকাৰ জীৱৰ শ্রেণীবিভাজনৰ এক ভিত্তি হ’ব পাৰে। কিয়নাে সংকোষকেন্দ্রীয় কোষযুক্ত জীৱসমূহে বিভিন্ন কোষ অংগাণুৰ সহায়ত নানান কোষীয় প্রক্রিয়া সংঘটিত কৰি এক বিশেষ দৈহিক গঠন লাভ কৰে। আনহাতে প্রকোষ কেন্দ্রীয় কোষযুক্ত জীৱসমূহে এনে কোষ অংগাণুৰ অভাৱত নিজৰ জৈৱ-ৰাসায়নিক প্রক্রিয়াবােৰ সম্পূর্ণ অন্য ধৰণে সম্পন্ন কৰি বেলেগ কোষীয় আৰু দৈহিক গঠন লাভ কৰে।
2. জীৱজগতৰ শ্ৰেণীবিভাজনত প্রথম পর্যায়ত বিবেচনা কৰা প্রাথমিক চৰিত্ৰগত বৈশিষ্টটো কি?
উত্তৰঃ কোষৰ প্রকৃতি।
3. কি চৰিত্রগত বৈশিষ্টক ভিত্তি কৰি উদ্ভিদ আৰু প্রাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে?
উত্তৰ :পৰিপুষ্টিৰ প্ৰকাৰ, কোষৰ সংগঠন, ভিন্ ভিন্ অংগসমূহ আৰু সিহঁতৰ জটিলতাৰ ওপৰত ভিত্তি কৰি উদ্ভিদ আৰু প্রাণীসমূহক বিভিন্ন শ্রেণীত
অন্তর্ভূক্ত কৰা হৈছে।
Blue Question Answer Page No. 83
1. কোনবােৰ জীৱক নিম্নস্তৰীয় জীৱ বুলি কোৱা হয় আৰু এইবােৰ উচ্চস্তৰীয় জীৱবােৰৰ পৰা কিদৰে পৃথক?
উত্তৰ: যিবোেৰ জীৱৰ দেহৰ পুৰণি গঠনৰ কোনাে ধৰণৰ পৰিৱৰ্তন নহয়, সেই জীৱসমূহক আদিম জীৱ বা নিম্নস্তৰীয় জীৱ বােলে। নিম্নস্তৰীয় জীৱ আৰুউচ্চস্তৰীয় জীৱৰ মাজত থকা পার্থক্যবােৰ সঠিককৈ দিব নােৱাৰি।
2. উচ্চস্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে একেইন?যদিয়। কিয়?
উত্তৰঃ নহয়, যিহেতু ক্রমবিকাশৰ গতি ধাৰাত জীৱবিলাকৰ দেহৰ অৱয়ৱ সৰল পর্যায়ৰ পৰা জটিল পর্যায়লৈ ধাৱিত হয়। সেয়েহে আমি ক’ব পাৰাে যে
অতীতৰ জীৱবিলাক সৰল পর্যায়ৰ আৰু বৰ্তমানৰ জীৱবিলাক জটিল পর্যায়ৰ।
Blue Question Answer Page No. 88
1. মনেৰা আৰু প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক কি নির্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তিকৰি বিভক্ত কৰা হৈছে?
উত্তৰ তলত দিয়া চৰিত্ৰৰ ওপৰত ভিত্তি কৰি মনেৰা ৰাজ্যৰ অন্তর্ভুক্ত কৰা হৈছে-
(i) এইৰাজ্যৰ অন্তৰ্গত জীৱবিলাক অতি সৰল।
(ii) এই ৰাজ্যৰ জীৱবােৰৰ কোষত প্রকৃত কোষকেন্দ্র নাথাকে।
(iii) এই ৰাজ্যৰ জীৱবােৰ স্ব-পুষ্ট বা পৰপুষ্ট হয়।
তলত দিয়া চৰিত্ৰৰ ওপৰত ভিত্তি কৰি জীৱবােৰক প্ৰটিষ্টা ৰাজ্যৰ অন্তর্ভূক্ত কৰা হৈছে
(i) এই ৰাজ্যৰ জীৱবিলাক সৰল যদিও মনে ৰাজ্যৰ জীৱতকৈ উন্নত।
(ii) এই ৰাজ্যৰ জীৱবােৰ সংকোষকেন্দ্রীয়।
(iii) এই ৰাজ্যৰ জীৱবােৰ স্ব-ভােজী বা ভিন্নভােজী।
2. সালােক সংশ্লেষণ সংঘটিত কৰিব পৰা সংকোষকেন্দ্রীয় কোষৰে গঠিত এককোষী। জীৱবােক তুমি কোনটোৰাজ্যৰ অন্তর্ভূক্ত কৰিবা?
উত্তৰ: প্ৰটিষ্টা ৰাজ্যৰ।
3. শ্রেণীবিভাজনৰ বর্গানুক্ৰমত একে বৈশিষ্ট সূচক চৰিত্ৰৰ জীৱবিলাকত কোনটো বর্গানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বর্গানুক্ৰমত আটাইতকৈ বেছিসংখ্যক জীৱ অন্তর্ভূক্ত হয়?
উত্তৰ: বৰ্গীকৰণ জীৱবিজ্ঞানৰ অতি লাগতিয়াল শাখা। কাৰণ, বৰ্গীকৰণ অবিহণে জীৱৰ চিনাক্তকৰণ সম্ভৱ নহয়। ইয়াৰ বাবেই এক নির্দিষ্ট নিয়ম অনুসৰি জীৱক বর্গানুক্রম বা বিন্যাস কৰা হয়। বৰ্গীকৰণৰ একেবাৰে ক্ষুদ্র এককটো হ’ল প্রজাতি আৰু বৃহত্তম গােটটো হ’ল ৰাজ্য। ৰাজ্য নামৰ বৰ্ণানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱ থাকিব।
Blue Question Answer Page No. 83
1. উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল?
উত্তৰঃ সমাংগদেহী উদ্ভিদ।
2. ঢেঁকীয়া জাতীয় উদ্ভিদখিনি সপুষ্পক উদ্ভিদ পৰা কি ক্ষেত্ৰত পার্থক্য?
উত্তৰঃ ঢেঁকীয়া জাতীয় উদ্ভিদৰ বীজ নগ্ন অৱস্থাত থাকে। আনহাতে, সপুষ্পক উদ্ভিদৰ বীজ ফলত আবৃত হৈ থাকে।
3. নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা ইটোৰ লগত সিটোৰ পার্থক্য কি?
উত্তৰঃ
নগ্নবীজী উদ্ভিদ | গুপ্তবীজী উদ্ভিদ |
i) ফুলৰ পৰা বীজ হয়, কিন্তু ফলেৰে আবৃত হৈনাথাকে | i) ফুলৰ পৰা বীজ হয় আৰু ফলেৰে আবৃত হৈ থাকে। |
(ii) নগ্নবীজী উদ্ভিদ বিলাকৰ প্রায়বােৰেই বৃক্ষজাতীয় আৰু শকত তথা বহুবর্ষজীৱী | (ii) নগ্নবীজী উদ্ভিদবিলাক শাক-পাচলিৰ পৰা জোপােহা আৰু লতাজাতীয় হয়। |
(iii) এই জাতীয় উদ্ভিদৰ ফুলবােৰ একলিংগী হয়। | (iii) এই জাতীয় উদ্ভিদৰ ফুলবােৰ একলিংগী হয়। |
Blue Question Answer Page No. 94
1. ৰন্ধী প্রাণীসমূহক একনলদেহী প্রাণীসমূহৰ পৰা কিদৰে পার্থক্য কৰিব পাৰি?
উত্তৰঃ
ৰন্ধী প্রাণী | একনলদেহী প্রাণী |
(i) এই প্রাণীবােৰ চলাচল কৰিব নােৱাৰে ইহঁত জলজ প্রাণী।(ii) দেহ অসংখ্য কোষেৰে গঠিত, কিন্তু কোষবােৰে কলা গঠন নকৰে।(iii) প্রাণীবােৰৰ দেহত অসূংখ্য ছিদ্র বা বন্ধ থাকে। | (i) সকলােবােৰ প্ৰাণীয়েই জলজ হয়।(ii) প্রাণীবােৰৰ দেহ খণ্ডহীন চুঙাৰ দৰেআৰুশৰীৰৰ ভিতৰত এমূৰে মুকলি গহ্বৰ থাকে।(iii) দেহত খাজ-দেহগহ্বৰ |
2. কেনেকৈ বলয়ীদেহী প্রাণীসমূহক সন্ধীপদী প্রাণীসমূহৰ পৰা পার্থক্য কৰিব পাৰি?
উত্তৰঃ
বলয়ীদেহী প্রাণী | সন্ধীপদী প্রাণী |
(i) প্রাণীবােৰৰ দেহটো কিছুমান বলয় বা আঙুঠিৰে গঠিত।(ii) দেহ দীঘলীয়া, দ্বি- পার্শভাৱে সমমিত(iii) প্রকৃত দেহগুহা থাকে(iv) উদাহৰণ- কেঁচু, জোক নেৰিছ আদি | (i)এইবােৰপ্ৰাণীৰ দেহশিৰ,বক্ষ আৰু উৰ এই তিনিটা অংশত বিভক্ত।(ii) দেহ দ্বি-পার্শভাৱে সমমিত(iii) দেহগুহা তেজেৰে পূর্ণ থাকে আৰুতাক হিমােকোৱেল বােলে।(iv) উদাহৰণ- মিছামাছ, |
3. উভচৰ আৰু সৰীসৃপ প্রাণীসমূহৰ মাজত পার্থক্য কি?
উত্তৰঃ
উভচৰ প্রাণী | সৰীসৃপ প্রাণী |
(i) প্রাণীবােৰে প্ৰথম কালছােৱাত পানীত আৰু পিছৰ কালছােৱাত বামত বাস কৰে।(ii) দেহৰ ত্বক সেমেকা গ্রন্থিযুক্ত আৰু বাকলিহীন(iii) প্রাণীবােৰৰ শ্বাসক্রিয়া ফুল, হাওঁফাওঁ আৰু দেহত্বকৰ দ্বাৰা সম্পাদিত হয়। | (i)ইহঁত প্ৰকৃততে স্থলচৰ।(ii) প্রাণীবােৰৰ দেহ বাকলিযুক্ত, খহটা আৰু গ্রন্থিযুক্ত ।(iii) প্রাণীবােৰে সাধাৰণতে হাওঁফাওঁৰ দ্বাৰা শ্বাসক্রিয়া সম্পাদন কৰে। |
4. পক্ষী শ্ৰেণীৰ অন্তর্ভূক্ত প্রাণীসমূহ আৰু স্তন্যপায়ী প্রাণীসমূহৰ মাজত পার্থক্য কি কি ?
উত্তৰঃ পক্ষী শ্রেণীৰ অন্তর্ভুক্ত প্রাণীসমূহ আৰু স্তন্যপায়ী প্রাণীসমুহৰ মাজত পার্থক্য হল-
পক্ষী | স্তন্যপায়ী |
এই শ্ৰেণীৰ প্ৰাণীৰ গাটো পাখিৰে আবৃত।(ii) প্রাণীবােৰৰ হনুত দাঁতৰ সলনি ঠোট থাকে।(iii) মাইকী প্রাণীবােৰে কণী দি পােৱালী জগায়।(iv) বহিঃকর্ণ নাথাকে। | (i)এই প্রাণীবােৰৰ দেহত কম বা বেছি পৰিমাণে নােমৰে আবৃত।(ii) প্রাণীবােৰৰ হনুত কেইবা প্ৰকাৰৰ দাঁত থাকে।(iii) মাইকী প্রাণীবােৰে সন্তানৰ জন্ম দিয়ে আৰু পােৱালীয়ে মাকৰ গাখীৰ খায়।(iv)এবােৰ বহিঃকর্ণ থাকে। |
অনুশীলনীৰ প্রশ্নোত্তৰ
1. জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি?
উত্তৰঃ জীৱবিলাকৰ বৰ্গীকৰণৰ সূবিধাসমূহ হল-
(i) জীৱক চিনাক্ত কৰিবলৈ সহজ।
(ii) জীৱৰ চাৰিত্রিক বৈশিষ্ট, ধর্ম, প্রজনন প্রক্রিয়া ইত্যাদিবােৰৰ বিষয়ে অধ্যয়ন কৰিব পৰা যায়।
(iii) জীৱবৈচিত্র অধ্যয়নত শ্রেণীবিভাজন সুবিধা হয়।
(iv) অধ্যয়নৰ সুবিধাৰ বাবে আদ্যপ্ৰাণীৰ বাহিৰে সকলোেবােৰ বহুকোষী প্রাণী ৰাজ্য আৰু সকলােবােৰ উদ্ভিদেই উদ্ভিদ ৰাজ্যৰ অন্তৰ্গত কৰা হৈছে।
2. জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্টক বিবেচনা কৰি কেনেদৰে শ্রেণীবিভাজনৰ বৰ্গীকৰণ কৰিবা?
উত্তৰঃ জীৱবিলাকক কি চৰিত্ৰৰ ওপৰত ভিত্তি কৰি প্ৰথমে বৃহৎ বিভাগত ভাগ কৰিব পাৰি তাক বিবেচনা কৰিব লাগিব। ইয়াৰ পিছত পৰৱর্তী বিভাজন কি কি চৰিত্ৰৰ ওপৰত ভিত্তি কৰি পুনৰ বিভিন্ন শ্রেণী, উপশ্রেণী বা উপবিভাগত বিভক্ত কৰিব পাৰি তাক বিবেচনা কৰিব লাগিব।
3. জীৱজগতৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহ বর্ণনা কৰা।
উত্তৰঃ জীৱজগতৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহ হ’ল-
(i) কোষৰ প্রকৃতিঃ জীৱবােৰ প্রকোষকেন্দ্রীয় কোষ আৰু সংকোষকেন্দ্রীয় কোষ হয়নে নহয় তাক লক্ষ্য কৰিব লাগে।
(ii) কোষৰ সংখ্যাঃ জীৱবােৰ এককোষী নে বহুকোষী তাক লক্ষ্য কৰিব লাগে।
(iii) কোষবেৰৰ অৱস্থিতিঃ জীৱৰ কোষবােৰৰ কোষবেৰ আছে নে নাই সেইটো লক্ষ্য কৰিব লাগে।
(iv) পুষ্টিৰ ধৰণঃ জীৱবােৰ স্ব-ভােজী নে ভিন্নভােজী তাক নির্ণয় কৰিব লাগে।
4. উদ্ভিদ ৰাজ্যৰ মূখ্য উপ-বিভাগ সমূহ কি কি? এইবিলাক কিহৰ ওপৰত ভিত্তিকৰি বিভাজন কৰা হৈছে?
উত্তৰঃ উদ্ভিদ জগতক মূখ্য পাঁচটা ভাগত ভাগ কৰা হৈছে। যেনে-
(i) সমাংগদেহী উদ্ভিদঃ সমাংগদেহী উদ্ভিদৰ অন্তর্গত উদ্ভিদখিনিৰ কলাৰ গঠন নহয়। সেয়েহে দেহৰ গঠন সৰল পর্যায়ৰ।
(ii) মচ জাতীয় উদ্ভিদঃ এইবােৰ উদ্ভিদৰ দেহৰ গঠন বহুকোষীয়। কলা গঠন কৰি বিভিন্ন জৈৱিক ক্রিয়া সম্পন্ন কৰে। দেহটো সমকায় বা কিছুমানৰ ক্ষেত্ৰত পাত, কাণ্ড, মূল আদিৰ নিচিনা অংগৰে গঠিত।
(iii) সেঁকীয়া জাতীয়ঃ এই শ্রেণীৰ উদ্ভিদৰ দেহ সু-সংগঠিত, সম্পূর্ণ স্বাৱলম্বী আৰু স্ব-পুষ্ট, উদ্ভিদৰ দেহটো পাত, কাণ্ড আৰু শিপা আদিঅংগৰে গঠিত।
(iv) নগ্নবীজী উদ্ভিদঃ এই শ্রেণীৰ অন্তৰ্গত উদ্ভিদৰ ফুলৰ পৰা বীজ উৎপন্ন হলেও বীজটো ফলেৰে আবৃত নাথাকে। এই উদ্ভিদৰ প্ৰায়বােৰেই বৃক্ষজাতীয়, কাণ্ড কঠিন আৰু শকত, বহুবর্ষজীৱী।
(v) গুপ্তবীজী উদ্ভিদঃ এই উদ্ভিদৰ বীজ ফলেৰে আবৃত হৈ থাকে। উদ্ভিদবােৰ শাক-পাচলিৰ পৰা জোপােহা, বৃক্ষ আৰু কিছুমান লতাজাতীয় হয়। সালােক সংশ্লেষণ প্রক্রিয়াৰ দ্বাৰা পুষ্টি সাধন কৰে।
5. উদ্ভিৰাজ্যৰ শ্রেণীবিভাজন কৰা ভিত্তিসমূহ আৰু প্রাণীজগতৰ শ্রেণীবিভজান কৰা ভিত্তিসমূহৰ মাজৰ প্ৰভেদ কি?
উত্তৰঃ উদ্ভিদ ৰাজ্যৰ শ্রেণীবিভাজনৰ ভিত্তিসমূহ হ’ল-
(i) উদ্ভিদ দেহৰ প্রভেদ নির্ণয়।
(ii) স্পষ্ট সংবহন কলা থাকিব লাগে।
(iii) বীজ সৃষ্টিৰ ক্ষমতা।
(iv) বীজসমূহ ফলেৰে আবৃত হৈ থাকে নে নাথাকে।
প্রাণীজগতৰ শ্ৰেণীবিভাজনৰ ভিত্তিসমূহ হ’ল-
(i) দেহৰ সংগঠন।
(ii) দেহৰ চৰ্ম আৰু কংকালৰ প্রকৃতি।
(iii) প্রাণীবােৰৰ কোষৰ হৰিকণা নাথাকে।
(iv) প্রাণীবােৰ অমেৰুদণ্ডী আৰু পৃষ্ঠদণ্ডী হয় নে নহয় তাৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয়।
6. মেৰুদণ্ডী প্রাণীসমূহৰ উপবিভাজন কেনেকৈ কৰা হৈছে?
উত্তৰঃ মেৰুদণ্ডী প্রাণীসমূহৰ উপবিভাজনৰ ভিত্তিসমূহ হ’ল-
(i) হৃদযন্ত্র প্রকৃতি, অর্থাৎ কোঠালীৰ সংখ্যা।
(ii) বাকলি থকা, নথকাৰ ওপৰত ভিত্তি কৰি।
(iii) শীতল ৰক্তী নে উষ্ণৰক্তী।
(iv) প্রাণীবােৰে পােৱালী জন্ম দিয়ে নে কণীৰ পৰা পােৱালী হয়।
(v) প্রাণীবােৰে হাওঁফাওঁ নে ফুলৰ সহায়ত শ্বসন কার্য চলায়।
(vi) বাকলিৰ উপস্থিতি।
(vii) বাকলী থকা কণী নে বাকলী নথকা কণী দিয়ে।
(viii) প্রাণীৰ গােটেই দেহ নে দেহৰ কিছু অংশ নােমেৰে আবৃত।
কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ: জীৱৰ বিচিত্ৰতা
প্রশ্নঃ জীৱজগতৰ শ্রেণীবিভাজনত প্রথম পর্যায়ত বিবেচনা কৰা প্রাথমিক চৰিত্রগত বৈশিষ্ট্যটো কি?
উত্তৰ: জীৱজগতৰ শ্ৰেণীবিভাজনৰ প্রথম পর্যায়ত বিবেচনা কৰা প্রাথমিক চৰিত্রগত বৈশিষ্ট্যটো হ’ল- কোষৰ প্ৰকাৰ, অর্থাৎ জীৱৰ কোষ প্রকোষকেন্দ্রীয় নে সংকোষকেন্দ্রীয়।
প্রশ্ন : কি চৰিত্ৰগত বৈশিষ্ট্যক ভিত্তি কৰি উদ্ভিদ আৰু প্রাণীবিলাক দুটা পৃথক ভাগত স্থান দিয়া হৈছে?
উত্তৰঃ উদ্ভিদ আৰু প্রাণীক দুটা পৃথক ভাগত স্থান দিয়া চৰিত্রগত বৈশিষ্ট্য হল— জীৱৰ পৰিপুষ্টিৰ ধৰণ, অর্থাৎ জীৱটো স্বপােষী নে পৰপােষী।
প্রশ্ন: সালােক সংশ্লেষণ সংঘটিত কৰিব পৰা সংকোষকেন্দ্রীয় কোষেৰে গঠিত এককোষী জীৱখিনিক তুমি কোনটো ৰাজ্যত অন্তর্ভূক্ত কৰিবা?
উত্তৰ: প্রটিষ্টা ৰাজ্যত।
প্রশ্ন: শ্রেণীবিভাজনৰ বর্গানুক্রমত একে বৈশিষ্ট্যসূচক চৰিত্ৰৰ জীৱবিলাকত কোনটো বর্গানুক্রমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বর্গানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱ অন্তর্ভুক্ত হয়?
উত্তৰ : আটাইতকৈ কম সংখ্যক জীৱ অন্তর্ভুক্ত হােৱা বর্গানুক্রম হল— প্রজাতি আৰু আটাইতকৈ বেছি সংখ্যক জীৱ অন্তর্ভুক্ত হােৱা বর্গানুক্রম হ’ল— ৰাজ্য।
প্রশ্ন : উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল?
উত্তরঃ সমাঙ্গদেহী উদ্ভিদ।
প্রশ্ন: ঢেকীয়াজাতীয় উদ্ভিদ সপুষ্পক উদ্ভিদৰ পৰা কি ক্ষেত্ৰত পৃথক?
উত্তৰঃ টেকীয়াজাতীয় উদ্ভিদে বীজ ধাৰণ নকৰে। আনহাতে সপুষ্পক উদ্ভিদে বীজ ধাৰণ কৰিতাৰ সহায়ত বংশবৃদ্ধি কৰে।
প্রশ্নঃ নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ ইটোৰ লগত থকা সিটোৰ পার্থক্য কি?
উত্তৰ : নগ্নবীজী উদ্ভিদৰ বীজ নগ্ন অৱস্থাত পােৱা যায়। অর্থাৎ বীজটো ফলেৰে আবৃত্ত হৈ নাথাকে। আনহাতে গুপ্তবীজী উদ্ভিদৰ বীজটো ফলেৰে আবৃত্ত হৈ থাকে।
প্রশ্নঃ ক্রমবিকাশৰ ধাৰণাৰ প্রথমে কোনে অৱতাৰণা কৰিছিল? তেখেতৰ বিখ্যাত গ্রন্থখনৰ নাম উল্লেখ কৰা।
উত্তৰ:ক্রমবিকাশৰ ধাৰণাৰ প্রথমে অৱতাৰণা কৰা বিজ্ঞানী গৰাকী আছিল চার্লছ ডাৰউইন।তেখেতৰ বিখ্যাত গ্রন্থখনৰ নাম ‘অৰিজিন অৱ স্পেচিছ’। তেখেতে এই গ্রন্থখন 1859চনত প্ৰকাশ কৰিছিল।
প্রশ্নঃ জীৱজগতক পাঁচ ৰাজ্যত বিভক্ত কৰা বিজ্ঞানী জন কোন?
উত্তৰঃ ৰবাৰ্ট হােৱাইটেকাৰ।
প্রশ্ন: জীৱৰ শ্রেণীবিভাজনৰ ক্ষুদ্রতম বা মৌলিক এককটো কি?
উত্তৰ :প্রজাতি।
প্রশ্ন: প্রজাতিৰ সংজ্ঞা দিয়া।
উত্তৰ: প্রজাতি হ’ল এনে কিছুমান জীৱৰ এটা গােষ্ঠী, যিবিলাক জীৱৰ চৰিত্ৰগত বৈশিষ্ট্যৰ মিল থকাৰ উপৰিও সিহঁতৰ মাজত প্রজনন ঘটি বংশবৃদ্ধি হয়।
প্রশ্নঃ কোনটো ৰাজ্যৰ জীৱক মৃতজীৱী আখ্যা দিয়া হয় আৰু কিয় ?
উত্তৰ ভেঁকুৰ ৰাজ্যৰ জীৱক মৃতজীৱী আখ্যা দিয়া হয়। কাৰণ ইহঁতে গেলা-পচা জৈৱ পদার্থৰ পৰা খাদ্য আহৰণ কৰে।
প্রশ্ন : সহজীৱীতা বুলিলে কি বুজা?
উৰ্ত্তৰ কিছুমান ভেঁকুৰে নীলা-সেউজীয়া শেলাইৰ লগত স্থায়ী পৰস্পৰ নিৰ্ভৰশীল সম্পর্ক স্থাপন কৰি জীয়াই থাকে। এনে সম্পৰ্কক সহজীৱীতা বােলে। এনে সহজীৱী জীৱক “লিচেচন’ নামেৰে জনা যায়।
প্রশ্ন : উদ্ভিদ ৰাজ্যৰ কোনটো বিভাগৰ উদ্ভিদসমূহক ‘শেলাই’ বােলা হয় ?
উত্তৰ : উদ্ভিদ ৰাজ্যৰ সমাঙ্গদেহী উদ্ভিদসমূহক শেলাই বােলা হয়।
প্রশ্ন : উদ্ভিদ ৰাজ্যৰ উভচৰ’ বুলি কাক আখ্যা দিয়া হয় ?
উত্তৰ মচ জাতীয় উদ্ভিদসমূহক।
প্রশ্ন: গুপ্তবীজী উদ্ভিদৰ ভাগ দুটা কি কি?
উত্তৰঃ গুপ্তবীজী উদ্ভিদৰ ভাগ দুটা হ’ল— একবীজপত্রী উদ্ভিদ আৰু দ্বিবীজপত্রী উদ্ভিদ।
প্রঃ প্রাণীৰাজ্যৰ কোনটো পৰ্বৰ প্রাণীসমূহক ‘স্পঞ্জ’ নামেৰে জনা যায়?
উত্তৰঃ ৰন্ধী প্রাণী
প্রশ্ন :গােধবেমাৰৰ কাৰক ঘূৰণীয়া কৃমিৰিধৰ নাম কি ?
উত্তৰঃ ফাইলেৰিয়া পেলু।
প্রশ্ন: কোনটো পৰ্বৰ প্ৰাণীৰ সংখ্যা পৃথিৱীত সর্বাধিক ?
উত্তৰ: সন্ধিপদী প্রাণী।
প্রশ্ন: পৃষ্ঠৰঞ্জু কি ?
উত্তৰ পৃষ্ঠৰজ্জ্ব হ’ল পৃষ্ঠদণ্ডী প্রাণীৰ শৰীৰত পােরা এডাল দীঘল মাৰি সদৃশ গঠন যি প্রাণীদেহৰ পশ্চাৎ অংশত থাকি অন্ত্ৰৰ পৰা স্নায়ুকলাক পৃথক কৰি ৰাখে।
প্রশ্ন : মৎস্যৰ হৃদপিণ্ডৰ কেইটা কোঠালি থাকে ?
উত্তৰ:দুটা।
প্রশ্ন : চাৰিটা কোঠালিযুক্ত হৃদপিণ্ড থকা সৰীসৃপ বিধ কি?
উত্তৰ: ঘঁৰিয়াল।
প্রঃ কণী পাৰি পােৱালি জন্ম দিয়া দুবিধ স্তন্যপায়ী প্রাণীৰ নাম লিখা।
উত্তৰঃ প্লেটিপাচ আৰু একিনা।
প্রশ্ন : বৈজ্ঞানিক নামাকৰণ ব্যৱস্থাৰ কোনে প্রথমে প্রচলন কৰিছিল?
উত্তৰঃ বৈজ্ঞানিক নামাকৰণ ব্যৱস্থাৰ প্রথম প্রচলন কৰা বিজ্ঞানী গৰাকী আছিল কেব’লাচ লিনিয়াচ।
প্রশ্ন ;ছদ্ম-গুহা থকা প্রাণীবিধ কি?
উত্তৰ: ঘূৰণীয়া কৃমি।
প্রশ্ন:ভেঁকুৰৰ কোৰ্যবােৰ কি পদার্থৰে গঠিত?
উত্তৰঃ কাইটিন।
প্রশ্ন : সংঘবদ্ধভাৱে আৰু অকলশৰীয়াকৈ বাস কৰা একনলদেহী প্রাণী প্রত্যেকৰে একোটাকৈ উদাহৰণ দিয়া।
উত্তৰ: সংঘবদ্ধভাৱে বাস কৰা একনলদেহী প্রাণী— প্রবাল অকলশৰীয়াকৈ বাস কৰা একনলদেহী প্রাণী হাইড্রা।
প্রশ্ন :কণ্টকর্মী প্রাণীৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ ৰামাছ আৰু সামূদ্রিক আৰ্চিন।।
প্রশ্ন : জীৱৰ চৰিত্ৰ’ বুলিলে কি বুজা?
উত্তৰ: জীৱৰ চৰিত্ৰ’ বুলিলে জীৱটোৰ এক নির্দিষ্ট গঠন বা কার্যক বুজায় !
প্রশ্ন: জীৱৰ শ্ৰেণীবিভাজনৰ আটাইতকৈ মৌলিক আধাৰ বা ভিত্তিটো কি?
উত্তৰঃ জীৱৰ শ্রেণীবিভাজনৰ আটাইতকৈ মৌলিক আদাৰ বা ভিত্তিটো হ’ল কোষৰ গঠন।
প্রশ্ন : আদিম বা নিম্ন জীৱ কোনবিলাক ?
উত্তৰঃ পৃথিৱীৰ কিছুমান গােষ্ঠীৰ জীৱৰ দেহৰ আহিটো পূৰণি আৰু ই সময়ৰ লগে লগে বিশেষ সলনি হােৱা নাই। এনেবােৰ জীৱক আদিম বা নিম্ন জীৱ বােলা হয়।
প্রশ্ন: অগ্রগামী বা উচ্চ জীৱ কি?
উত্তৰ: পৃথিৱীৰ কিছুমান গােষ্ঠীৰ জীৱৰ দেহৰ আহিটো তুলনামূলকভাৱে নতুন অর্থাৎ ই ক্রমবিকাশৰ দ্বাৰা পিছৰ পৰ্যায়ত বিকশিত হােৱা এনে জীৱসমূহক অগ্রগামী বা উচ্চ জীৱ বােলে।।
প্রশ্ন : জীৱজগতক ৰাজ্যৰ দৰে ডাঙৰ ডাঙৰ গােষ্ঠীত ভাগ কৰাৰ প্ৰয়াস কৰা তিনিগৰাকী বিজ্ঞানীৰ নাম লিখা।
উত্তৰঃ জীৱজগতক ৰাজ্যৰ দৰে ডাঙৰ ডাঙৰ গােষ্ঠীত ভাগ কৰাৰ প্ৰয়াস কৰা তিনিগৰাকী বিজ্ঞানী হ’ল – আর্নষ্ট হেকেল, ৰােবাৰ্ট হােৱাইটেকাৰ আৰু কার্ল উইজ।
প্রশ্ন: ৰবাৰ্ট হােৱাইটেকাৰৰ মতে জীৱজগতৰ পাচখন ৰাজ্য কি কি?
উত্তৰ : ৰবাৰ্ট হােৱাইটেকাৰৰ মতে জীৱজগত পাচখন ৰাজ্য হ’ল – মনে, প্রটিষ্টা, ভেঁকুৰ, উদ্ভিদ আৰু প্রাণী।
প্রশ্ন: শ্রেণীবিভাজন বর্গানুক্রম অনুসৰি ৰাজ্যৰ পাছৰ উপ-গােষ্ঠী সমূহ কি কি?
উত্তৰঃ শ্রেণীবিভাজন বর্গানুক্রম অনুসৰি ৰাজ্যৰ পাছৰ উপগােষ্ঠীসমূহ হ’ল – ৰাজ্য, পর্ব (প্ৰাণীৰ ক্ষেত্ৰত) /বিভাগ (উদ্ভিদৰ ক্ষেত্র), শ্রেণী, বর্ণ, গােত্র, গণ আৰু প্রজাতি।
প্রশ্ন : মনেৰা ৰাজ্যৰ তিনিধি জীৱৰ উদাহৰণ দিয়া।
উত্তৰঃ মনেৰা ৰাজ্যৰ তিনিবিহধ জীৱৰ উদাহৰণ হ’ল – বেক্টেৰিয়া, নীলা-সেউজীয়া শেলাই আৰু মাইক’প্লাজমা।
প্রশ্ন: নীলা-সেউজীয়া শেলাইৰ আন এটা নাম কি?
উত্তৰঃ নীলা-সেউজীয়া শেলাইৰ আন এটা নাম হল- চায়েনবেক্টেৰিয়া।
প্রশ্ন : প্রটিষ্টা ৰাজ্যৰ তিনিবিধ জীৱৰ উদাহৰণ দিয়া।
উত্তৰ প্ৰটিষ্টা ৰাজ্যৰ তিনিবিধ জীৱৰ উদাহৰণ হ’ল – এককোষী শেলাই, ডায়েটমআৰু প্ৰট’ৱা।
প্রশ্ন : তিনিধি প্রট’য’ৱাৰ উদাহৰণ দিয়া।
উত্তৰ : তিনিবিধ প্রট’যৱাৰ উদাহৰণ হ’ল – এমিবা, পেৰামিচিয়াম আৰু ইউনাে।
প্রশ্ন: তিনিবিধ ভেঁকুৰৰ উদাহৰণ দিয়া।
উত্তৰঃতিনিবিধ ভেঁকুৰৰ উদাহৰণ হ’ল- ইষ্ট, কাঠফুলা আৰু পেনিচিলিয়াম।
প্রশ্ন : উদ্ভিদ ৰাজ্যৰ শ্রেণীবিভাজনৰ ক্ষেত্ৰত আটাইতকৈ মৌলিক চৰিত্ৰ হিচাপে কাক বিবেচনা করা হয় ?
উত্তৰঃ উদ্ভিদ ৰাজ্যৰ শ্রেণীবিভাজনৰ ক্ষেত্ৰত আটাইতকৈ মৌলিক হিচাপে বিবেচনা কৰা চৰিত্ৰটো হ’ল – উদ্ভিদ দেহক সুস্পষ্ট উপাংগ পৃথকীকৰণ কৰিব পাৰি নে নােৱাৰি।
Class 9 Science Chapter 7 MCQ In Assamese
প্রশ্ন : খালী ঠাই পূৰণ কৰা ?
(i) জীৱৰ ক্ৰমবিকাশৰ ধাৰণাৰ অৱতাৰণা কৰা বিজ্ঞানীগৰাকী হল-——
উত্তৰ: চার্লছ ডাউইন।
(ii) ক্রমবিকাশ সম্পৰ্কীয় চার্লছ ডাউইন বিশ্ববিখ্যাত গ্রন্থখন হ’ল——
উত্তৰ: অৰিজিন অৱ স্পেচিছ।
(iii) —– চনত ডাউইনে ‘অৰিজিন অৱ স্পেচিচছ’ গ্রন্থখনি প্ৰকাশ কৰিছিল।
উত্তৰ : ইং1859 চনত।
(iv) জীৱ জগতক পঞ্চ ৰাজ্যত ভাগ কৰা বিজ্ঞানীগৰাকী হল-—
উত্তৰঃ ৰবাৰ্ট হােৱাইটেকাৰ।
(v) জীৱৰ শ্রেণীবিভাজনৰ মৌলিক এককটো হ’ল——।
উত্তৰ: প্রজাতি।
(vi) শ্রেণীবিভাজনৰ বর্গানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱ থকা বর্গানুক্রমটো হ’ল-
উত্তৰঃ ৰাজ্য ।
(vii) শ্রেণীবিভাজনৰ বর্গানুক্ৰমত আটাইতকৈ কমসংখ্যক জীৱ থকা বর্গানুক্রমটো হল–|
উত্তৰঃ প্রজাতি।
(viii) মনেৰা ৰাজ্যক পুনৰ দুটা ভাগত বিভক্ত কৰা বিজ্ঞানীগৰাকী হল-—
উত্তৰ: কার্ল উইজ।
(ix) চিলিয়া আৰু প্লেজেলা-— ৰাজ্যৰ জীৱত পােৱা যায়।
উত্তৰঃ প্রটিষ্টা।
(x) ——ৰাজ্যৰ জীৱসমূহক মৃতজীৱী বােলা হয়।
উত্তৰঃ ভেঁকুৰ।
(ii) জীৱ জগতক পঞ্চৰাজ্যত বিভক্ত কৰা বিজ্ঞানীগৰাকী হ’ল—
(ক) আর্নষ্ট কেল (খ) কার্ল উইজ (গ) চার্লছ ডাউইন (ঘ) ৰবাৰ্ট হােৱাইটেকাৰ
উত্তৰ: (ঘ) ৰবাৰ্ট হােৱাইটেকাৰ
(ii) জীৱৰ শ্রেণীবিভাজনৰ মৌলিক একক হ’ল—
(ক) ৰাজ্য (খ) বর্গ। (গ) প্রজাতি (ঘ) গণ ।
উত্তৰ: (গ) প্রজাতি
(iv) প্রকোষকেন্দ্রীয় জীবসমূহ অন্তর্ভুক্ত হােৱা ৰাজ্যখন হ’ল-
(ক) প্রটিষ্টা (খ) প্রাণী (গ) উদ্ভিদ (ঘ) মনেৰা।
উত্তৰ : (ঘ) মনেৰা
(v) সংকোষকেন্দ্রীয় আৰু এককোষী জীৱসমূহ অন্তর্ভুক্ত হােৱা ৰাজ্যখন-
(ক) প্রটিষ্টা (খ) ভেঁকুৰ (গ) মনেৰা (ঘ) উদ্ভিদ
উত্তৰ: (ক) প্রটিষ্টা
(vi) প্ৰট’য’ৱা বা আদ্যপ্রাণীসমূহ তলৰ কোনখন ৰাজ্যৰ জীৱ-
(ক) মনে (খ) ভেকুৰ (গ) উদ্ভিদ। (ঘ) প্রটিষ্টা
উত্তৰ: (ঘ) প্রটিষ্টা
(vii) তলৰ কোনবিধ জীৱ প্ৰটিষ্টা ৰাজ্যৰ অন্তর্ভুক্ত জীৱ-
(ক) বেক্টেৰিয়া (খ) ভেকুৰ (গ) ভাইৰাচ (ঘ) এমিবা
উত্তৰ : (ঘ) এমিবা
(viii) তলৰ কোনটো বিভাগৰ উদ্ভিদসমূহক শেলাই বুলি জনা যায়-
(ক) মচ জাতীয় উদ্ভিদ (খ) তেঁকীয়া জাতীয় উদ্ভিদ (গ) নগ্নবীজী উদ্ভিদ (ঘ) সমাঙ্গদেহী উদ্ভিদ
উত্তৰ : (ঘ) সমাঙ্গদেহী উদ্ভিদ
(ix) তলৰ কোনটো বিভাগৰ উদ্ভিদসমূহক উভচৰ আখ্যা দিয়া হয়—
(ক) সমাঙ্গদেহী উদ্ভিদ (খ) টেকীয়া জাতীয় উদ্ভিদ (গ) গুপ্তবীজী উদ্ভিদ (ঘ) মচ জাতীয় উদ্ভিদ।
উত্তৰ : (ঘ) মচ জাতীয় উদ্ভিদ
(x) তলৰ কোনটো বিভাগৰ উদ্ভিদে বীজ ধাৰণ কৰে-
(ক) ট্ৰেকীয়া জাতীয় উদ্ভিদ। (খ) নগ্নবীজী উদ্ভিদ (গ) সমাঈদেহী উদ্ভিদ (ঘ) মচ জাতীয় উদ্ভিদ
উত্তৰঃ (খ) নগ্নবীজী উদ্ভিদ।
(xi) একবীজপত্রী আৰু দ্বিবীজপত্রী উদ্ভিদ কোনটো বিভাগৰ উদ্ভিদ
(ক) নগ্নবীজী উদ্ভিদ (খ) টেকীয়া জাতীয় উদ্ভিদ (গ) গুপ্তবীজী উদ্ভিদ (ঘ) সমাঙ্গদেহী উদ্ভিদ
উত্তৰ : (গ) গুপ্তবীজী উদ্ভিদ
(xii) তলৰ কোনটো জীৱৰ দেহত কোষবেৰ পােৱা নাযায়-
(ক) কাঠফুলা (খ) বেক্টেৰিয়া (গ) শেলাই (ঘ) হাইড্রা।
উত্তৰঃ (ঘ) হাইড্রা
(xiii) তলৰ কোনটো পর্ব প্রাণীক স্পঞ্জ বুলি জনা যায়—
(ক) একনল দেহী প্রাণী- (খ) ৰন্ধ্রপ্রাণী (গ) চেপেটা কৃমি (ঘ) ঘূৰণীয়া কৃমি
উত্তৰ: (খ) ৰন্ধ্রপ্রাণী
(xiv) তলৰ কোনটো পৰ্বৰ অন্তৰ্গত জীৱৰ এটা উদাহৰণ জেলিমাছ
(ক) মেৰুদণ্ডী (খ) কণ্টকর্মী। (গ) একনলদেহী (ঘ) ৰন্ত্রী প্রাণী
উত্তৰ : (গ) একনলদেহী।
(xv) মুক্তভাৱে জীয়াই থকা এবিধ চেপেটা কৃমি হল—
(ক) ফাইলেৰিয়া পেলু (খ) ফিটা পেলু (গ) প্লেনেৰিয়া (ঘ) যকৃত কৃমি
উত্তৰ: (গ) প্লেনেৰিয়া
(xvi) ফাইলেৰিয়া পেলু তলৰ কোনবিধ বেমাৰৰ কাৰক
(ক) গ্রহণী (খ) গােধ বেমাৰ (গ) চর্ম ৰােগ (ঘ) কুষ্ঠ
উত্তৰ: (খ) গােধ বেমাৰ
(xvii) তেজেৰে পৰিপূৰ্ণ দেহ-গুহা বিশিষ্ট প্রাণীৰ পৰ্বটো-
(ক) সন্ধিপদী প্রাণী (খ) বলয়ী প্রাণী। (গ) কন্টকর্মী প্রাণী, (ঘ) ঘূৰণীয়া কৃমি।
উত্তৰ (ক) সন্ধিপদী প্রাণী
(xviii) দেহপদ থকা প্রাণীসমূহ অন্তর্ভুক্ত হােৱা পর্বটো হল-
(ক) বলয়ী প্রাণী। (খ) একনলদেহী প্রাণী। (গ) কোমল দেহী প্রাণী। (ঘ) কন্টকর্মী প্রাণী
উত্তৰ: (গ) কোমল দেহী প্রাণী।
(xix) এক বিশেষ জল সংবহন নলীকা তন্ত্ৰৰ সহায়ত চলাচল কৰা প্রাণীসমূহৰ পৰটো হ’ল—
(ক) কণ্টকচর্মী প্রাণী (খ) প্ৰট’কড়েটা (গ)ৰন্ধ্রপ্রাণী (ঘ) কোমলদেহী প্রাণী।
উত্তৰ :(ক) কন্টকর্মী প্রাণী।
(xx) চূণজাতীয় পদার্থেৰে নির্মিত কংকালযুক্ত প্রাণীৰ পৰ্বটো হ’ল
(ক) সন্ধিপদী প্রাণী (খ) মেৰুদণ্ডী প্রাণী। (গ) কণ্টকচর্মী প্রাণী (ঘ) ৰন্ধ্রপ্রাণী
উত্তৰ: (গ) কণ্টকর্মী প্রাণী।
Additional Short Question Answer Class 9 Science Chapter 7 in Assamese
প্রশ্ন : সমাঙ্গদেহী উদ্ভিদ কাক বােলে ?
উত্তৰ: এই বিভাগৰ উদ্ভিদদেবাৰ উদ্ভিদ ৰাজ্যৰ আটাতিকৈ সৰল উদ্দিভদ। ইহঁতৰ দেহক সুস্পষ্ট উপাংগত পৃথকীকৰণ কৰিব নােৱাৰি। ইহঁত প্রধানকৈ জলজ আৰু ইহঁতক সাধাৰণতে শেলাই নামেৰে জনা যায়। যেনে : সর্পিল শেলাই।
প্রশ্ন : মচ জাতীয় উদ্ভিদ কাক বােলে?
উত্তৰঃ যিবিলাক উদ্ভিদৰ দেহক কাণ্ড আৰু পাত-জাতীয় উপাংগত পৃথকীকৰণ কৰিব পাৰি কিন্তু সিহঁতৰ দেহত পানী আৰু আন দ্রব্য সংবহনৰ বাবে বিশেষ সংবহন কলা নাথাকে, তেনেবােৰ উদ্ভিদক মচ জাতীয় উদ্ভিদ বােলে। যেনে : ফিউনেৰিয়া আৰু মার্কেনশ্বিয়া।
প্রশ্ন : মনেৰা আৰু প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক কি নির্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে?
উত্তৰ:মনেৰা আৰু প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত. জীৱবিলাকক বিভক্ত কৰাৰ নির্ণায়ক চৰিত্ৰটো হ’ল— কোয়ৰ প্ৰকাৰ। যিবিলাক জীৱৰ কোষ প্রকোষকেন্দ্রীয় তেনেবিলাক জীৱক মনেৰা আৰু যিবিলাকৰ কোষ সংকোষকেন্দ্রীয় সেইবিলাকক প্রতিষ্টা ৰাজ্যত
অন্তর্ভুক্ত কৰা হৈছে।
প্রশ্ন : ৰন্ধ্রপ্রাণী প্রাণীসমূহ একনলদেহী প্রাণীসমূহৰ পৰা কেনেদৰে পৃথক?
উত্তৰঃ ৰন্ধ্রপ্রাণী প্রাণী আৰু একনলদেহী প্রাণীৰ মাজত থকা মুখ্য পার্থক্যসমূহ হ’ল-
(ক) ৰন্ধ্রপ্রাণী প্ৰাণীৰ দেহৰ গঠন সৰল, কিন্তু একনলদেহী প্রাণীৰ দেহৰ গঠন কিছু জটিল।
(খ) ৰন্ধ্রপ্রাণী প্রাণীৰ গােটেই দেহতেই কিছুমান ৰন্ধ্র পােৱা যায়, কিন্তু একনলদেহী প্ৰাণীৰ দেহত এনে ৰন্ধ্র নাই। তাৰ সলনি,একনলদেহী প্রাণীৰ গােটেই দেহতে এটা গহুৰ পােৱা যায়।
(গ) ৰন্ধী প্রাণীৰ গাত থকা ৰক্কবােৰৰ দ্বাৰা এক নলতন্ত্র গঠন হয়। একনলদেহী প্রাণীৰ গাত এনে নলতন্ত্র পােৱা নাযায়।
প্রশ্ন : বলয়ী প্রাণীসমূহ সন্ধীপদী প্রাণীৰ পৰা কেনেদৰে পৃথক ?
উত্তৰঃ বলয়ী আৰু সন্ধিপদী প্রাণীৰ মুখ্য পার্থক্যসমূহ হ’ল-
(ক) বলয়ী প্রাণীৰ গােটেই দেহটো বহুতাে খণ্ডত বিভক্ত, কিন্তু ইহঁতৰ উপাংগ পােৱা নাযায়। আনহাতে সন্ধিপদী প্রাণীৰ দেহটোত উপাংগ পােৱা যায়।
(খ) বলয়ী প্রাণীৰ গাত মুক্ত পৰিবহন তন্ত্র পােৱা নাযায়, কিন্তু সন্ধিপদী প্রাণীৰ দেহত মুক্ত পৰিবহন তন্ত্ৰ পােৱা যায়।
প্রশ্ন: উভচৰ আৰু সৰীসৃপ প্রাণীসমূহৰ মাজত পার্থক্য কি?
উত্তৰঃ উভচৰ আৰু সৰীসৃপৰ মাজত থকা পার্থক্য হল—
(ক) উভচৰ প্ৰাণীৰ গাত বাকলি নাথাকে, কিন্তু সৰীসৃপৰ গাত বাকলি থাকে।
(খ) উভচৰ প্ৰাণীয়ে উশাহ-নিশাহ ফুল বা হাওঁফাওঁৰ সহায়ত লয়; কিন্তু সৰীসৃপৰ ক্ষেত্ৰত উশাহ-নিশাহ কেবল হাওঁফাওঁৰ দ্বাৰা সংঘটিত হয়।
প্রশ্ন: পক্ষী শ্ৰেণীৰ অন্তর্ভুক্ত প্রাণীসমূহ আৰু স্তন্যপায়ী প্রাণীসমূহৰ মাজত পার্থক্য কি?
উত্তৰ পক্ষী শ্ৰেণীৰ অন্তর্ভুক্ত প্রাণীসমূহ আৰু স্তন্যপায়ী প্রাণীসমূহৰ মাজত থকা পার্থক্য হল—
(ক) পক্ষী শ্ৰেণীৰ অন্তৰ্গত প্রাণীসমূহে কণী পাৰে, কিন্তু স্তন্যপায়ী প্রাণীসমূহে পােৱালি জন্ম দিয়ে।
(খ) পক্ষী শ্ৰেণীৰ প্ৰাণীৰ দেই পাখিৰে আবৃত; আনহাতে স্তন্যপায়ী প্রাণীৰ দেহ নােমেৰে আবৃত। স্তন্যপায়ী প্রাণীৰ ছালত ওপৰঞ্চিভাৱে ঘর্মগ্রন্থি আৰু তৈলগ্রন্থি পােৱা যায়।
(গ) পক্ষী শ্রেণীৰ প্ৰাণীৰ গাত স্তন গ্রন্থিৰ বিকাশ নহয়, কিন্তু স্তন্যপায়ী প্রাণীৰ গাত স্তন গ্রন্থি পােৱা যায়।
প্রশ্ন : জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি?
উত্তৰ পৃথিৱীত পােৱা অগণন প্ৰকাৰৰ জীৱৰ প্ৰত্যেকৰে ব্যক্তিগতভাৱে অধ্যয়ন কৰি সিহঁতক জনাটো সম্ভৱপৰ নহয়। তাৰ সলনি পৃথিৱীৰ জীৱসমূহক সিহঁতৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান শ্রেণী বা উপশ্রেণীত বিভক্ত কৰি, সেই শ্রেণী বা উপশ্রেণীসমূহ অধ্যয়ন কৰি জীৱসমূহৰ বিষয়ে জনাটো বেছি সহজসাধ্য। ইয়াৰ লগতে বৰ্গীকৰণৰ আন এটা সুবিধা হ’ল জীৱসমূহৰ প্ৰণালীবদ্ধ বিভাজনৰ দ্বাৰা বিভিন্ন জীৱৰ মাজত থকা সম্পর্ক আৰু সিহঁতৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ বিষয়ে জ্ঞান আহৰণ কৰা।
প্রশ্ন : জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্য বিবেচনা কৰি কেনেদৰে শ্রেণীবিভাজনৰ বৰ্গীকৰণ কৰিবা?
উত্তৰঃ জীৱৰ দুটা চৰিত্রগত বৈশিষ্ট্যৰ ভিতৰত যিটো বেছি মৌলিক আৰু ক্ৰমবিকাশৰ ফালৰ পৰা বেছি পুৰণি, সেই চৰিত্ৰটোৱে বৰ্গীকৰণ বিন্যাসৰ প্রথম পর্যায়টো গঠন কৰিব। আনহাতে যিটো চৰিত্র প্রথম চৰিত্ৰটোৰ ওপৰত নিৰ্ভৰশীল হৈ পিছত উদ্ভৱ হৈছে, সেই চৰিত্ৰটোৱে বৰ্গীকৰণ বিন্যাসৰ দ্বিতীয় পর্যায়টো গঠন কৰিব।
প্রশ্ন : জীৱজগতৰ পঞ্চ ৰাজ্য বিভাজনৰ ভিত্তিসমূহ বর্ণনা কৰা।
উত্তৰ: জীৱজগতৰ পঞ্চ ৰাজ্য বিভাজনৰ ভিত্তিসমূহ হ’ল-
(ক) কোষৰ প্ৰকাৰ ? অর্থাৎ জীৱৰ কোটো প্রকোষকেন্দ্রীয় নে সংকোষকেন্দ্রীয়।
(খ) দেহৰ সংগঠন ও অর্থাৎ জীৱৰ দেহ এককোষী নে বহুকোষী।
(গ) পৰিপুষ্টিৰ ধৰণ ঃ অর্থাৎ জীৱটো স্বপােষী নে পৰপােয়ী।
প্রশ্ন 19: উদ্ভিদ ৰাজ্যৰ মুখ্য বিভাগ সমূহ কি ? এইবিলাকৰ কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে?
উত্তৰ: উদ্ভিদ ৰাজ্যৰ মুখ্য বিভাগসমূহ হ’ল—সমাঙ্গদেহী উদ্ভিদ, মচ জাতীয় উদ্ভিদ, টেকীয়া জাতীয় উদ্ভিদ, নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদ। এই বিভাজনৰ ভিত্তি সমূহ একাদিক্রমে হ’ল-
(i) প্রথম পর্যায় ও উদ্ভিদ দেহক বিভিন্ন সুস্পষ্ট উপাংগত পৃথকীকৰণ কৰিব পাৰি নে নােৱাৰি।
(ii) দ্বিতীয় পর্যায় ও সুস্পষ্ট অংগত পৃথকীকৰণ কৰিব পৰা উদ্ভিদ দেহত পানী আৰু আন দ্রব্যৰ পৰিবহনৰ বাবে বিশেষ কলা আছে নে নাই।
(iii) তৃতীয় পর্যায় ঃ বিশেষ সংবহন কলাবিশিষ্ট উদ্ভিদে বীজ ধাৰণ কৰে নে নকৰে।
(iv) চতুর্থ পর্যায় ঃ বীজ ধাৰণ কৰা উদ্ভিদৰ বীজটো ফলেৰে আবৃত হৈ থাকে নে নাথাকে |
প্রশ্ন: উদ্ভিদ বিভিন্ন বিভাগত ভাগ কৰা নিৰ্ণায়ক চৰিত্ৰসমূহ প্রাণীক বিভিন্ন উপভাগত ভগােৱা নিৰ্ণায়ক চৰিত্ৰসমূহৰ পৰা কিদৰে পৃথক ?
উত্তৰঃ উদ্ভিদ বিভিন্ন বিভাগত ভাগ কৰা নিৰ্ণায়ক চৰিত্ৰসমূহ হ’ল—
(ক) উদ্ভিদ দেহক বিভিন্ন সুস্পষ্ট উপাংগত পৃথকীকৰণ কৰিব পাৰি নে নােৱাৰি।
(খ) উদ্ভিদ দেহত পানী আৰু আন দ্রব্যৰ পৰিবহনৰ বাবে বিশেষ কলা আছে। নে নাই।
(গ) উদ্ভিদে বীজ ধাৰণ কৰে নে নকৰে।
(ঘ) বীজধাৰণ কৰা উদ্ভিদৰ বীজটো ফলেৰে আবৃত হৈ থাকে নে নাথাকে।
টোকা লিখা: Class 9 Science Chapter 7 In Assamese
সন্ধিপদী প্রাণী: এই পৰ্বৰ প্রাণীসমূহ দ্বি-পার্ঘভারে সমমিত আৰু ইহঁতৰ দেহ খণ্ডযুক্ত। ইহঁতৰ পৰিবহন তন্ত্র মুক্ত প্রকৃতিৰ, সেয়ে সুস্পষ্ট ৰক্তনলীকাইদি তেজৰ পৰিবহন নহয়। ইহঁতৰ ঠেং সন্ধিযুক্ত। উদাহৰণ ঃ মিছামাছ, পখিলা, মাখি, মকৰা ইত্যাদি।
কোমলদেহী প্রাণী: এই পৰ্বৰ প্রাণীসমূহ দ্বি-পাৰ্ষভাৱে সমমিত। ইহঁতৰ দেহ-গুহা সংকুচিত আৰু দেহ কম খণ্ডযুক্ত। ইহঁতৰ মুক্ত পৰিবহন তন্ত্র থাকে আৰু ৰেচন ক্রিয়াৰ বাবে বৃক্কৰ দৰে অংগ থাকে। চলাচলৰ বাবে এনে প্ৰাণীৰ এখন দেহপদ থাকে। উদাহৰণ—
শামুক আৰু মাছেল।
কণ্টকচর্মী প্রাণীঃ এই পৰ্বৰ প্ৰাণীৰ দেহৰ আৱৰণ কাঁইটেৰে আবৃত। ইহঁতে মুক্তভাৱে সাগৰত বাস কৰে। ইহঁত ত্রিস্তৰীয় আৰু দেহত দেহ-গুহা থাকে। ইহঁতৰ দেহত জল। সংবহন নলীকা তন্ত্র থাকে, যাৰ সহায়ত সিহঁতে চলাচল কৰে। ইহঁতৰ টান চূণজাতীয় পদাৰ্থৰে নির্মিত এটা কংকাল থাকে। উদাহৰণ ও তমাছ, সামূদ্রিক আৰ্চিন। প্রট ‘কৰডেটা ও এই পৰ্বৰ প্রাণীসমূহ দ্বি-পার্ঘভাৱে সমমিত, ত্রিস্তুৰীয় আৰু দেহ- গুহাযুক্ত ইহঁতৰ জীৱনৰ কোনাে এক পর্যায়ত পৃষ্ঠৰজু পােৱা যায়। ইহঁত সাগৰত বাস কৰে। উদাহৰণ ঃ বেলান’ গ্লছাছ, হাউমেনিয়া আৰু এম্ফিঅক্সাছ।
মেৰুদণ্ডী প্রাণী: এই পৰ্বৰ প্রাণীসমূহ দ্বি-পাৰ্ষভাৱে সমমিত, ত্রিস্তৰীয় আৰু দেহ-গুহাযুক্ত। ইহঁত দেহ খণ্ডযুক্ত। এনে প্ৰাণীৰ প্রকৃত অস্থিযুক্ত মেৰুদণ্ড আৰু অস্তঃকংকাল থাকে। মেৰুদণ্ডী প্রাণীসমূহক পাঁচটা শ্ৰেণীত ভাগ কৰা হৈচ্ছে। সেইকেইটা হ’ল— মৎস্য,
উভচৰ, সৰীসৃপ, পক্ষী আৰু স্তন্যপায়ী।
মৎস্যঃ ইহঁত জলচৰ প্রাণী আৰু ইহঁতৰ দেহৰ আৱৰণ বাকলিৰে আবৃত। ইহঁতে ফুলৰ সহায়ত পানীৰ পৰা অক্সিজেন গ্রহণ কৰে। ইহঁতৰ হৃদপিণ্ড দুটা কোঠালিযুক্ত। ইহঁতৰ কিছুমানৰ কংকাল উপস্থিৰে গঠিত (যেনে: ছার্ক) আৰু আন কিছুমানৰ কংকাল অস্থি আৰু উপাস্থি দুয়ােটাৰে গঠিত (যেনে ও ৰৌ)।
উভচৰঃ ইহঁতক পানী আৰু মাটি উভয়তে পােৱা যায়। ইহঁতৰ গাত বাকলি নাথাকে আৰু ইহঁতৰ হৃদপিণ্ড তিনি কোঠালিযুক্ত। শ্বাস-প্রশ্বাস ফুল বা হাঁওফাওৰ দ্বাৰা সংঘটিত কৰে। উদাহৰণ ঃ ভেকুলী, চুকভেকুলী, চালামাণ্ডাৰ আদি।
সৰীসূপঃ ইহঁত শীতলৰক্তী প্রাণী। ইহঁতৰ গাত বাকলি থাকে আৰু ইহঁতে হাঁফাওৰ সহায়ত শ্বাস-প্রশ্বাস লয়। বেছিভাগ সৰীসৃপৰে হৃদপিণ্ড তিনি কোঠালিযুক্ত যদিও ঘঁৰিয়ালৰ হৃদপিণ্ড চাৰি কোঠালিযুক্ত। উদাহৰণঃ সাপ, কাছ, জেঠী, ঘৰিয়াল আদি।
পক্ষী : ইহঁত উষ্ণৰক্তী প্রাণী আৰু ইহঁতৰ চাৰি-কোঠালিযুক্ত হৃদপিণ্ড থাকে। ইহঁতে হওফঁওৰ সহায়ত উসাহ-নিসাহ সয়। উৰিবৰ বাবে ইহতঁৰ আগ ঠেং দুখন ডেউকালৈ ৰূপান্তৰিত হয়। সকলাে চৰাই এই শ্রেণীৰ অন্তর্ভুক্ত।
স্তন্যপায়ী : ইহঁত উষ্ণৰক্তী প্রাণী আৰু ইহঁতৰ চাৰি-কোঠালিযুক্ত হৃদপিণ্ড থাকে। স্ত্রী প্রাণীৰ গাত স্তন গ্রন্থি থাকে। ইহঁতৰ ছালত নােম, ঘর্মগ্রন্থি আৰু তৈলগ্রন্থি পােৱা যায়। বেছিভাগ স্তন্যপায়ী প্রাণীয়ে পােৱালি জন্ম দিয়ে যদিও প্লেটিপাচ আৰু একিভূনাই কণী কে’লাচ লিনিয়াচে জীৱৰ বৈজ্ঞানিক নামাকৰণ ব্যৱস্থাৰ প্রথমে প্রচলন কৰিছিল। বৈজ্ঞানিক নামাকৰণক দ্বিপদ নামাকৰণ বােলে, কাৰণ বৈজ্ঞানিক নাম এটাত দুটা পদ থাকে। প্রথমটো পদে জীৱৰ গণৰ নাম আৰু দ্বিতীয় পদে প্রজাতিৰ নাম সূচায়।।