Class 9 Science Chapter 3 Question Answer | অণু আৰু পৰমাণু প্ৰশ্ন উত্তৰ

আপুনি নৱম মান শ্ৰেণীৰ শিক্ষাৰ্থী নেকি? আপুনি Class 9 Science তথা নৱম মান শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় সমুহৰ প্ৰশ্ন উত্তৰ বিচাৰি আছে নেকি? তেন্তে আপুনি সঠিক স্থানত আহিছে, আজি আমি Assamese Medium ত Class 9 Science Chapter 3 Question Answer আজি আমি আলোচনা কৰিব প্ৰয়াস কৰিছো।

Class 9 Science Chapter 3 Question Answer তথা নৱম মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ তৃতীয় অধ্যায় ‘অণু আৰু পৰমাণু’ ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ দিয়াৰ উপৰিও কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ, আপুনি এজন শিক্ষাৰ্থী হিচাপে আমাৰ এই লিখনিয়ে আগন্তুক পৰীক্ষাৰ বাবে কিছু সহায় কৰিব।

প্ৰশ্নাৱলী Class 9 Science Chapter 3 Assamese Medium

আজি Class 9 Science Chapter 3 Question Answer ত পাঠ্যপুথিৰ অন্তৰ্গত প্ৰতিটো প্ৰশ্ন উত্তৰ আমি ইয়াত দিবলৈ প্ৰয়াস কৰিছো। ইয়াত আমি Class 9 Science Chapter 3 ত থকা প্ৰতিটো পৃষ্ঠাৰ প্ৰশ্ন উত্তৰ দিয়াৰ ওপৰিও মূল অনুশীলনীৰ প্ৰশ্ন উত্তৰ আমি যোগান ধৰিছো।

Class 9 Science Chapter 3 Question Answer

Page No 32 Question Answer

প্ৰশ্ন 1: বিক্রিয়া এটাত 5.3g ছডিয়াম কার্বনেটে 6g ইথানয়িক এছিডৰ সৈতে বিক্ৰিয়া কৰিছিল। উৎপাদিত দ্রব্যবোৰ আছিল 2.2g কার্বন ডাই অক্সাইড, 0.98g পানী আৰু 8.2g ছডিয়াম ইথানয়েট। দেখুওৱা যে ফলাফলবোৰ ভৰৰ নিত্যতা সূত্র অনুযায়ী হৈছে। ছডিয়াম কার্বনেট + ইথানয়িক এছিড⇒ ছডিয়াম ইথনয়েট + কার্বন ডাই অক্সাইড + পানী
উত্তৰ:- বিক্ৰিয়াটোত বিক্ৰিয়কৰ মুঠ ভৰ=(5.3+6) গ্রাম =11.3 গ্রাম।
বিক্রিয়াজাত পদাৰ্থৰ মুঠ ভৰ= (2.2+0.9+8.2) গ্রাম= 11.3 গ্রাম
অর্থাৎ বিক্ৰয়কৰ মুঠ ভৰ = বিক্রিয়াজাতৰ মুঠ ভৰ গতিকে বিক্ৰিয়াটো ভৰৰ নিত্যতা সূত্র অনুযায়ী হৈছে।

প্ৰশ্ন 2: হাইড্রজেন আৰু অক্সিজেন 1:8 অনুপাতত লগ লাগি পানী উৎপন্ন কৰে। 3 গ্রাম হাইড্ৰজেনৰ সৈতে সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ কিমান ভৰৰ অক্সিজেন প্রয়োজন হব?
উত্তৰ: 1 গ্রাম হাইড্ৰ’জেনে সম্পূৰ্ণকৈ বিক্রিয়া কৰে ৪ গ্রাম অক্সিজেনৰ সৈতে। গতিকে 3 গ্রাম হাইড্ৰ’জেনে সম্পূর্ণকৈ বিক্রিয়া কৰে 8× 3 =24গ্রাম অক্সিজেনৰ সৈতে।

প্ৰশ্ন 3: ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকার্য ভৰৰ নিত্যতা সূত্ৰৰ ফল?
উত্তৰ: পৰমাণুবোৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্রিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। নির্দিষ্ট মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধর্মসমূহ একেই। ডেল্টনৰ এই স্বীকাৰ্যটো ভৰৰ নিত্যতা সূত্ৰৰ ফল।

প্ৰশ্ন 4: ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্যই স্থিৰানুপাত সূত্ৰটো বাখ্যা কৰিব পাৰে?
উত্তৰ: নিৰ্দিষ্ট যৌগ এটাত পৰমাণুবোৰৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্থিৰ থাকে। ডেল্টনৰ এই স্বীকাৰ্যটোৱে স্থিৰানুপাত সূত্ৰটো বাখ্যা কৰে।

Page No 35 Question Answer

প্ৰশ্ন 1: পাৰমাণৱিক ভৰ এককৰ সংজ্ঞা দিয়া।
উত্তৰ: এটা পাৰমাণৱিক ভৰ একক কাৰ্বন-12ৰ এটা পৰমাণুৰ ভৰৰ ঠিক এক-দ্বাদশ (1/12তম) সমান। কাৰ্বন-12 ৰ পৰমাণুৰ সন্দৰ্ভত সকলো উপাদানৰ আপেক্ষিক পাৰমাণৱিক ভৰ পোৱা গৈছে।

প্ৰশ্ন 2: খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয়?
উত্তৰ: পৰমাণু বহুত সৰু যে খালি চকুৰে দেখা নাযায়। ইয়াক নেনোমিটাৰত জোখা হয়। ই 1 নেনমিটাৰতকৈ সৰু(1m = 10⁻⁹nm)।

Page No 39 Question Answer

প্ৰশ্ন 1: সংকেত লিখা – ছ’ডিয়াম অক্সাইড, এলুমিনিয়াম ক্ল’ৰাইড, ছ’ডিয়াম ছালফাইড, মেগনেছিয়াম হাইড্রক্সাইড
উত্তৰঃ (i) ছ’ডিয়াম অক্সাইডৰ সংকেত Na₂O
(ii) এলুমিনিয়াম ক্ল’ৰাইডৰ সংকেত AICl₃
(iii) ছ’ডিয়াম ছালফাইডৰ সংকেত Na₂S
(iv) মেগনেছিয়াম হাইড্রক্সাইডৰ সংকেত Mg(OH)₂

প্ৰশ্ন 2: তলৰ সংকেতবোৰে বুজোৱা যৌগবোৰৰ নাম লিখা। (i)Al₂(SO4)₃ (ii)CaCl₂ (iii)K₂SO₄ (iv)KNO₃ (v)CaCO₃
উত্তৰ:(i) এলুমিনিয়াম ছালফেট
(ii) কেলছিয়াম ক্ল’ৰাইড
(iii) পটেছিয়াম ছালফেট
(iv) পটেছিয়াম নাইট্রেট
(v) কেলছিয়াম কার্বনেট

প্ৰশ্ন 3: ৰাসায়নিক সংকেতৰ পদটোৰ দ্বাৰা কি বুজোৱা হৈছে?
উত্তৰ: ৰাসায়নিক সংকেতৰ পদটোৰ দ্বাৰা যৌগবোৰত থক মৌলৰ পৰমাণুৰ সংখ্যা বুজোৱা হৈছে। উদাহৰণ স্বৰূপে, ছডিয়াম ক্লৰাইডৰ (Sodium Chloride) ৰাসায়নিক সূত্ৰ হৈছে NaCl.

প্ৰশ্ন 4: (i) H₂S অণুত আৰু, (ii) PO₄³⁻ আয়নত কিমানটা পৰমাণু আছে?
উত্তৰ:-(i)H₂S অণুত পৰমাণু = 3 টা।
(ii)PO₃⁺ আয়নত পৰমাণু = 5 টা।

Page No 40 Question Answer

প্ৰশ্ন 1: আণৱিক ভৰ গণনা কৰা- H₂, O₂, Cl₂, CO₂, CH₄ C₂H₆, C₂H₄, NH₃, CH₃OH
উত্তৰ:(পাৰমাণৱিক ভৰ = পাঃ ভঃ)

H₂ ৰ আণৱিক ভৰ = 2 xH ৰ পাঃ ভঃ
= 2 x 1u = 2u

O₂ ৰ আণৱিক ভৰ = 2 x 0 ৰ পাঃ ভঃ
= 2 x 16u
= 32u

Cl₂ ৰ আণৱিক ভৰ = 2 x CI ৰ পাঃ ভঃ
= 2 x 35.5u
=71u

CO₂ ৰ আণৱিক ভৰ= Cৰ পাঃ ভঃ + 2x 0 ৰ পাঃ ভঃ
= 12u + 2 X 16u
= (12+32)u
= 44u

CH₄ ৰ আণৱিক ভৰ = (C ৰ পাঃ ভঃ + 4 xHৰ পাঃ ভঃ )
= 12u + 4 x 1u
= (12+4)u
= 16u

C₂H₆ ৰ আণৱিক ভৰ= 2x Cৰ পাত 5xH ৰ পাঃ ভঃ
=2x 12u+ 5x 1u
= 24u+5u
=29u

C₂H₄ ৰ আণৱিক ভৰ = 2x C ৰ পাঃ ভঃ +4xH ৰ পাঃ ভঃ
= 2 x 12u +4x 1u
= 24u+4u
= 28u

NH₃ ৰ আণৱিক ভৰ= N ৰ পাঃ ভঃ + 3xHৰ পাঃ ভঃ
= 14u + 3x 1u
= (14+3)u
= 17u

CH₃OH, ৰ আণৱিক ভৰ = Cৰ পাঃ ভঃ + 3 X Hৰ পাঃ ভুঃ +0ৰ পাঃ ভঃ + Hৰ পাঃ ভঃ
= 12u + 3 x1u+ 16u + 1u
=(12+3+16+1)u
= 32u

প্ৰশ্ন 2: ZnO, Na₂O আৰু K₂CO₃, ৰ সংকেত গোট ভৰ গনণা কৰা। প্রদত্ত পাৰমাণৱিক ভৰবোৰ হল- Zn = 65u, Na=23u, K= 39u, C = 12u, 0 = 16u
উত্তৰ: ZnO ৰ সংকেত গোট ভৰ = Zn ৰ পাঃ ভঃ + O ৰ পাঃ ভঃ।
=65u + 16u
= 81u

Na₂O ৰ সংকেত গোট ভৰ = 2 x Na ৰ পাঃ ভঃ+ O ৰ পাঃ ভঃ
= 2 x 23u + 16u
= (46+16)u
= 62u

K₂CO₃ ৰ সংকেত গোট ভৰ = 2 xK ৰ পাঃ ভঃ + Cৰ পাঃ ভ: + 3 O ৰ পাঃ ভ:
=2 x 39u + 12u + 3 X 16u
=(78+ 12 +48)u
= 138u

Page No 42 Question Answer

প্ৰশ্ন 1: এক ম’ল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্রাম হলে 1 টা কাৰ্বন পৰমাণুৰ ভৰ (গ্ৰামত) কিমান হ’ব।
উত্তৰ: 1 ম’ল কাৰ্বন পৰমাণুৰ ভৰ = 12 গ্রাম |
অর্থাৎ 6.022 × 10²³ টা অণুৰ ভৰ = 12 গ্রাম |
1 টা অণুৰ ভৰ = 12/6.022 x 10²³ গ্রাম |

প্ৰশ্ন 2: 100. গ্রাম ছডিয়াম বা 100 গ্রাম আইৰণৰ কোনটোত পৰমাণুৰ সংখ্যা বেছি থাকিব (দিয়া আছে পাৰমাণৱিক ভৰ Na= 23u, Fe= 56u )
উত্তৰ: 100 গ্রাম Na ৰ ম’লৰ সংখ্যা 100/23
সেয়েহে,100 গ্রাম Na ৰ অণুৰ সংখ্যা = 100 /23 x 6.022 x10²³ = 2.6 x 10²³
100 গ্রাম Fe ৰ মলৰ সংখ্যা = 100/56 x 6.022 X 10²³= 1.6 x 10²³
সেয়েহে,100 গ্রাম Na ৰ পৰমাণুৰ সংখ্যা বেছি।

Class 9 Science Chapter 3 Question Answer: অনুশীলনী প্ৰশ্ন উত্তৰ

অনুশীলনী প্ৰশ্ন উত্তৰসমূহ আমি বৰ্তমান সময়ত ইয়াত প্ৰস্তুত কৰা নাই, পৰৱৰ্তী সময়ত Class 9 Science Chapter 3 Exercise Question Answer ইয়াত সহযোগ কৰিম। আমি অনুশীলনী প্ৰশ্ন উত্তৰৰ বাবে Class 9 Science Chapter 3 Question Answer PDF প্ৰস্তুত কৰি আছোঁ। সম্পূৰ্ণ হলে ইয়াত ডাউনলোড কৰাৰ বাবে লিংক সংযোগ কৰি আপোনালোকক জনাই দিয়া হব।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

4 thoughts on “Class 9 Science Chapter 3 Question Answer | অণু আৰু পৰমাণু প্ৰশ্ন উত্তৰ”

Leave a Comment