Class 10 Maths Ex 15.1 Q11-Q16 Assamese Medium

আমি আলোচনা কৰি আছোঁ Class 10 Maths Chapter 15অনুশীলনী 15.1 যত সৰ্বমুঠ ২৫ টা প্ৰশ্ন আছে। ইয়াৰ Exercise 15.1 Q1 – Q10 Solution, Exercise 15.1 Q11 – Q16 Solution আৰু Exercise 15.1 Q17- Q25 Solution হিচাপে ভাগ কৰি আলোচনা কৰিব চেষ্টা কৰিছো।

Assamese Medium ত আজি আমি Exercise 15.1 Q11 – Q16 Solution PDF Notes সমাধান দিবলৈ আমি প্ৰস্তুত কৰিছো আৰু আপোনাৰ বাবে তলৰ লিংকত আপলোড কৰিছো। আপুনি তাৰ পৰা ডাউনলোড কৰিব পাৰিব।

তলত আমি Class 10 Maths Ex 15.1 Q11-Q16 উল্লেখ কৰিছো আৰু তাৰ সমাধান সমূহ তলৰ PDF ত দিয়া হৈছে কাৰণ গণিত বিষয়ৰ সমাধন টাইপ কৰাত বহুত অসুবিধা হয়।

আপুনি যদি Class 10 Maths Assamese MediumVideo Class চাব খোজে, তেন্তে ‘Assamese Medium‘ YouTube Channel ত চাব পাৰিব।

Class 10 Ex 15.1 Q11-Q16 Assamese Medium | অনুশীলনী 15.1

11. গোপীয়ে তেওঁৰ একুৱেৰিয়ামৰ বাবে এখন দোকানৰপৰা এটা মাছ কিনি আনিলে। চিত্র 15.4ত দেখুওৱাৰ দৰে দোকানীজনে 5টা মতা মাছ আৰু 8 মাইকী মাছ থকা চৌব্বাচাৰ পৰা যাদৃচ্ছিকভাৱে যিকোনো এটা মাছ ধৰি দিলে। মাছটো মতা মাছ হোৱাৰ সম্ভাৱিতা কি?

12. এখন খেল এডাল চলন্ত কাউঁচিনযুক্ত, যিডাল 1, 2, 3, 4, 5, 6, 7, 8 যিকোনো এটা সংখ্যাৰ পিনে টোৱাই ৰৈ যায় আৰু এই ফলাফল সমশক্য। সম্ভাৱিতা কি যাতে এইডালে গৈ ৰয়—
(i) 8ত?
(ii) এটা অযুগ্ম সংখ্যাত?
(iii) 2তকৈ ডাঙৰ এটা সংখ্যাত?
(iv) 9 তকৈ সৰু এটা সংখ্যাত?

13. এটা লুডুগুটি এবাৰ মাৰি পঠিওৱা হৈছে।
(i) এটা মৌলিক সংখ্যা,
(ii) 2 আৰু 6 ৰ মাজৰ এটা সংখ্যা;
(ii) এটা অযুগ্ম সংখ্যা, পোৱাৰ সম্ভাৱিতা নির্ণয় কৰা।

14. ভালদৰে মিহলোৱা 52 টা কাৰ্ড থকা এযোৰ তাচপাতৰপৰা এটা কাৰ্ড টানি লোৱাহ’ল।
(i) এটা ৰঙা ৰঙৰ ৰজা
(ii) এটা মুখ কার্ড
(iv) হৰতনৰ গোলাম
(iii) এটা ৰঙা মুখ কার্ড
(v) এটা ইস্কাপন
(vi) ৰোহিতনৰ ৰাণী, পোৱাৰ সম্ভাৱিতা নির্ণয় কৰা

15. ৰোহিতনৰ পাঁচটা কার্ড— দহ, গোলাম, ৰাণী, ৰজা আৰু টেক্কা তলমুৱা কৰি ভালদৰে মিহলোৱা হ’ল। এটা কার্ড যাদৃচ্ছিকভাৱে টনা হ’ল।
(i) কাৰ্ডটো ৰাণী হোৱাৰ সম্ভাৱিতা কি?
(ii) যদি ৰাণী টনা হয় আৰু একাষৰীয়াকৈ ৰখা হয়, দ্বিতীয় কাৰ্ডটো টানিলে (ক) এটা টেক্কা (খ) এজনী ৰাণী পোৱাৰ সম্ভাৱিতা কি?

16. 12 টা বেয়া কলম দুৰ্ভাগ্যৱশতঃ 132 টা ভাল কলমৰ লগত মিহলি হ’ল। মাত্ৰ চকুৰে চাই এটা কলম ভালনে বেয়া কোৱাটো সম্ভৱ নহয়। গোটটোৰপৰা এটা কলম তুলি লোৱা হ’ল, কলমটো ভাল হোৱাৰ সম্ভাৱিতা নির্ণয় কৰা।

শেষ বাক্য: আজি আমি আলোচনা কৰিলোঁ Class 10 Maths Ex 15.1 Q11-Q16 ৰ সমাধান। আপুনি যদি এই সমাধানত কিবা অসুবিধা পাইছে তেন্তে comment section ত জনাব। আমি আপোনাৰ যিকোনো সমস্যাৰ সমাধান দিবলৈ প্ৰয়াস কৰিম। বিশেষ সুবিধাৰ বাবে আপুনি Assamese Medium Facebook Page, Instagram Page, Twitter ত Follow কৰিব পাৰে।

Class 10 Maths Ex 15.1 Q11-Q16 Assamese Medium PDF Solution

2 thoughts on “Class 10 Maths Ex 15.1 Q11-Q16 Assamese Medium”

Leave a Comment