Class 9 Maths Exercise R-2 Solution Assamese Medium । Class 9 ৰ পুনৰালোঁচনা সমাধান

মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱী সকল, আকৌ এবাৰ স্বাগতম জনাইছো Assamese Medium ৰ আন এক গুৰুত্বপূৰ্ণ আলোচনালৈ। আজি আমি ইয়াত সমাধান কৰিবলৈ গৈ আছোঁ Class 9 Maths Exercise R-2 Solution তথা নৱম মান শ্ৰেণীৰ পুনৰালোঁচনাৰ অনুশীলনী R-2 ৰ প্ৰশ্ন 1 ৰ পৰা 25 লৈ

Class 9 Mathematics ত সৰ্বমুঠ ১৬ টা অধ্যায় আছে আৰু ইয়াৰ ওপৰিও পুনৰালোঁচনা হিচাপে কিছু প্ৰশ্ন উত্তৰ দিয়া আছে। এই পুনৰালোঁচনাৰ পৰা পৰীক্ষাত কেতিয়াবা প্ৰশ্ন সুধে। সেইবাবে আজি আমি এই আলোচনাৰ জৰিয়তে Class 9 Maths Exercise R-2 Solution তথা Class 9 Mathematics অনুশীলনী R-2 ৰ প্ৰশ্ন 1 ৰ পৰা 25 লৈ সমাধান কৰিবলৈ প্ৰয়াস কৰিছো।

আপুনি যাতে Class 9 Maths Exercise R-2 Solution ৰ সমূহ অতি সহজকৈ বুজিব পাৰে তাৰ বাবে আমি Video Class বনাইছোঁ। যদি আপুনি Class 9 Mathematics Revision Chapter R-2 Solution চাব বিচাৰে তেন্তে তলৰ লিংকত ক্লিক কৰক বা আপুনি ইউটিউবত গৈ Assamese Medium YouTube Channel বুলি search কৰক।

Class 9 Maths Exercise R-2 Solution Assamese Medium

Exercise R 2 Solution Class 9 Maths | অনুশীলনী-R-2

1 ৰ পৰা 10 লৈ প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা:

1. এখন বর্গাকাৰ খেতিপথাৰৰ কালি 10000 বর্গমিটাৰ হ’লে পথাৰখনৰ পৰিসীমা –
(a) 40 মিটাৰ (b) 100 মিটাৰ (c) 200 মিটাৰ (d) 400 মিটাৰ।

2. আয়তাকাৰ চোতাল এখনৰ দীঘ 30 মিটাৰ আৰু কালি 600 বর্গ মি. হ’লৈ চোতালখনৰ পৰিসীমা—
(a) 110 মিটাৰ (b) 115 মিটাৰ (c) 100 মিটাৰ (d) 125 মিটাৰ।

3. 9 ছে.মি. বাহুবিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ 3 ছে.মি. হ’লে আয়তটোৰ পৰিসীমা—
(a) 56ছে.মি. (b) 60 ছে.মি. (c) 63 ছে.মি. (d) 65 ছে.মি.।

4. এখন টেবুলৰ ওপৰত থকা ত্রিভুজাকৃতিৰ এখন আয়নাৰ দাঁতি আৰু অনুৰূপ উচ্চতাৰ জোখ ক্রমে 120 ছে.মি. আৰু 80 ছে.মি হ’লে ত্রিভুজটোৰ কালিৰ জোখ হ’ব
(a) 4600 বর্গ ছে.মি. (b) 4800 বর্গ ছে.মি. (c) 4850 বর্গ ছে.মি. (d) 4900 বর্গ ছে.মি.

5. এটা ত্ৰিভুজৰ কালি আৰু কোনো এটা বাছৰ জোখ ক্ৰমে 48 বর্গ ছে.মি. আৰু 8 ছে.মি. হ’লে বাহুটোৰ অনুৰূপ উচ্চতাৰ জোখ
(a) 11 ছে.মি. (b) 14 ছে.মি. (c) 12 ছে.মি. (d) 13.মি.

6. এটা ত্রিভুজৰ কালি আৰু কোনো ভূমিৰ অনুৰূপ উচ্চতাৰ জোখ যথাক্রমে 1256 বর্গ মি.মি. আৰু 31.4 মি.মি. হলে সেই ভূমিৰ জোখ
(a) 80 মি.মি. (b) 45 মি.মি. (c) 50 মি.মি (d) 35 মি.মি

7. 10 ছে.মি. ব্যাসযুক্ত বৃত্তৰ পৰিধিৰ জোখ (ইয়াত, t = 3.14 ধৰিবা)
(a) 30.4 ছে.মি. (b) 30.14 ছে.মি. (c) 31.4 ছে.মি. (d) 30.01 ছে.মি.

8. বৃত্তাকাৰ চোতাল এখনৰ পৰিধিৰ জোখ 176 মিটাৰ হ’লে চোতালখনৰ কালি
(a) 2461 বর্গ মি. (b) 2744 বর্গ মি. (c) 2664 বর্গ মি. (d) 2464 বর্গ মি.

9. এখন বৃত্তাকাৰ পিৰিছৰ কালি 38.5 বৰ্গ ছে.মি. হ’লে পিৰিছখনৰ ব্যাস—
(a) 5ছে.মি. (b) 6 ছে.মি. (c) 7 ছে.মি. (d) ৪ ছে.মি.

10. এখন কাঁহীৰ কালি 616 বর্গ ছে.মি. হ’লে কাঁহীখনৰ পৰিসীমা
(a) 80 ছে.মি. (b) 89 ছে.মি. (c) 88 ছে.মি. (d) 90 ছে.মি.

11. এটা আয়তৰ পৰিসীমা 120 ছে.মি. আৰু দীঘ 40 ছে.মি. হলে আয়তটোৰ কালি উলিওৱা।

12. কোঠা এটাৰ এখন বেৰৰ জোখ 4.5 মিটাৰ × 3.6 মিটাৰ আৰু 2 মি. × 1 মি. জোখৰ দুৱাৰৰ বাবে বেৰখনৰ কিছু ঠাই এৰি থোৱা আছে। ৰং লগাবৰ বাবে বেৰখনৰ কালিৰ জোখ উলিওৱা।

13. এডাল তাৰেৰে 10 ছে.মি. বাহুবিশিষ্ট বর্গ এটি বনোৱা হ’ল। যদি তাঁৰ ডালেৰে এটা আয়ত বনোৱা হয় যাৰ দীঘ 12 ছে.মি. তেন্তে আয়তটোৰ প্ৰস্থ কিমান? কোনটো ক্ষেত্ৰৰ কালি অধিক? বৰ্গৰ নে আয়তৰ?

14. কাষৰ চিত্ৰত ABCD এটা সামান্তৰিক। AB আৰু BCৰ জোখ ক্রমে 6 ছে.মি. আৰু 4 ছে.মি.। AD ভূমি সাপেক্ষে উচ্চতা BF জোখ 4.9 ছে.মি. হলে AB ভূমি সাপেক্ষে উচ্চতা DE ৰ জোখ উলিওৱা।

15. ∆ABC ৰ কালি 30 বর্গ ছে.মি. আৰু BC ভূমি সাপেক্ষে উচ্চতা AD ৰ জোখ 10 ছে.মি. হ’লে BC ৰ জোখ উলিওৱা।

16. ∆PQR ৰ QR আৰু PR ৰ জোখ ক্ৰমে 4 ছে.মি. আৰু 8ছে.মি.। QR ভূমি সাপেক্ষে উচ্চতা PL ৰ জোখ 5 ছে.মি. হ’লে, PR ভূমি সাপেক্ষে উচ্চতা QM ৰ জোখ উলিওৱা

17. ∆ABC ৰ BC ভূমি সাপেক্ষে উচ্চতা ADৰ জোখ 4 ছে.মি.। P, BC ৰ এটা বিন্দু যাতে BP = 3 ছে.মি. আৰু ∆ABP ৰ কালি = ∆APC ৰ কালি। PC ৰ জোখ উলিওৱা।

18. এখন অৰ্দ্ধবৃত্তাকাৰ বাগিচাৰ ব্যাসাৰ্দ্ধৰ জোখ 10 মিটাৰ হ’লে বাগিচাখনৰ কালি নির্ণয় কৰা। ( π = 3.14 ল’বা)

19. 4 ছে.মি. ব্যাসাৰ্দ্ধৰ এটা বৃত্তাকাৰ কাঠৰ টুকুৰাৰ পৰা 3 ছে.মি. ব্যাসাৰ্দ্ধৰ বৃত্ত এটা কাটি পেলোৱা হ’ল। টুকুৰাটোৰ অৱশিষ্ট অংশৰ কালি উলিওৱা।

20. 44 ছে.মি. দৈৰ্ঘ্যৰ তাঁৰ এডালৰ পৰা এটা বৃত্তাকাৰ আকৃতি পোৱা গ’ল। বৃত্তটোৰ ব্যাসার্দ্ধ কিমান?

21. ঘড়ী এটাৰ মিনিটৰ কাঁটা ডালৰ দৈৰ্ঘ্য 20 মিলিমিটাৰ। আধাঘণ্টাত মিনিটৰ কাঁটাডালৰ আগটোৱে কিমান দূৰ অতিক্ৰম কৰিব?

22. 100 মিটাৰ বাহুবিশিষ্ট বর্গাকাৰ উদ্যান এখনৰ ভিতৰফালে চৌহদৰ কাষে কাষে 5 মিটাৰ বহল এটা ৰাস্তা ৰখা আছে । ৰাস্তাটোৰ কালি উলিওৱা।

23. 180 মিটাৰ দৈৰ্ঘ্য আৰু 120 মিটাৰ প্ৰস্থৰ আয়তাকাৰ পথাৰ এখনৰ সীমাৰ বাহিৰেৰে 6 মিটাৰ প্ৰস্থৰ এটা ৰাস্তা আছে। ৰাস্তাটোৰ কালি উলিওৱা।

24. তলৰ চিত্ৰত ছাঁ দিয়া অংশৰ কালি উলিওৱা।

25. তলৰ চতুৰ্ভুজটোৰ কালি উলিওৱা।

Class 9 Maths R2 in Assamese PDF

Leave a Comment