Class 9 Assamese Chapter 16 Question Answer | সন্মানৰ প্ৰশ্ন উত্তৰ

শ্ৰেণীনৱম শ্ৰেণীৰ (Class 9)
বিষয়অসমীয়া
কিতাপৰ নামসাহিত্য চয়নিকা
উপলব্ধপ্ৰশ্নৰ উত্তৰ
পাঠ সন্মান (Chapter 16 Class 9)
মাধ্যমঅসমীয়া
পাঠ্যক্ৰমছেবা (SEBA )

আপুনি যদি Class 9 Assamese Chapter 16 Question Answer তথা নৱম মান শ্ৰেণীৰ অসমীয়াৰ ১৬তম অধ্যায় ‘সন্মানৰ প্ৰশ্ন উত্তৰ‘ বিচাৰি আছে তেন্তে এইয়ে আপোনাক বহুত সহায় কৰিব।

হয়, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱীসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ Assamese Medium ৰ আন এক গুৰুত্বপূৰ্ণ লিখনি লৈ।

আজি আমি Class 9 Assamese Chapter 16 Question Answer আলোচনা কৰিবলৈ প্ৰয়াস কৰিছো। আমি Class 9 Assamese Chapter 16 ৰ সম্পূৰ্ণ পাঠ্যক্ৰমৰ সমাধান কৰিবলৈ প্ৰয়াস কৰিছো। ইয়াত Class 9 Assamese Chapter 16 Question Answer ত অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, ব্যাখ্যা কৰা, ভাষা বিষয়ক প্ৰশ্ন উত্তৰ আদি সাঙুৰি লোৱা হৈছে।

ইয়াত আলোচনা কৰা Class 9 Assamese Chapter 16 Question Answer ত যদি কোনো প্ৰশ্ন উত্তৰ বুজি নোপোৱালৈ আছে তেন্তে অতি সোনকালে Assamese Medium Facebook PageFollow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে। আমি আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ যথা সময়ত দিবলৈ প্ৰয়াস কৰিম।

Class 9 Assamese Chapter 16 Question Answer

অতি চমু উত্তৰ দিয়া | Class 9 Assamese Chapter 16 Question Answer

(ক) অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে?
উত্তৰঃ
যি দেশৰ অধিকাৰ আৰু শাসনকর্তা নাই, সেই দেশ অৰাজক আৰু ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ দৰে অস্থিৰ।

(খ) ছাতৰে শিক্ষকৰ ধাৰ শুজিব পাৰেনে?
উত্তৰঃ
নােৱাৰে। পৃথিৱীত এনে বস্তুনাই, যাক দি ছাতৰে সেই শিক্ষকৰ ধাৰ শুজিব পাৰে।

(গ) তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰাে বিধাতা, ৰজাৰাে ৰজা’ –‘তেওঁ কোন?
উত্তৰঃ
তেওঁ হ’ল জগতখন ধাৰণ কৰােতা, ভগৱান ঈশ্বৰ। তেওঁই হ’ল সকলােৰে উৰ্ধত।

(ঘ) হেমচন্দ্ৰ বৰুৱা কোনকন কাকতৰ সম্পাদক আছিল?
উত্তৰঃ
তেওঁ ‘আসাম নিউজ’কাকতৰ সম্পাদক আছিল।

(ঙ) হেমকোষ কি?
উত্তৰঃ
হেমকোষ হ’ল বৃহৎ কলেবৰৰ অসমীয়া অভিধান। ইয়াৰ ৰচক ‘হেমচন্দ্ৰ বৰুৱা।

(চ) কানীয়াৰ কীর্তন’ৰ ৰচক কোন?
উত্তৰঃ কানীয়া কীৰ্তনৰ ৰচক হ’ল—‘হেমচন্দ্র বৰুৱা।

২। ঈশ্বৰৰ পাচতে পিতৃ-মাতৃ আমাৰ মাননীয় কথাষাৰ বুজাই লিখা।
উত্তৰঃ
ঈশ্বৰৰ পাছতে পিতৃ-মাতৃ আমাৰ মাননীয়। তেওঁ বিলাকেই আমাক জন্ম দিছে আৰু তুলি-তালি ডাঙৰ দীঘল কৰিছে। অনেক দুখ-কষ্ট সহি আমাক মানুহ কৰিবলৈ যৎপৰােনাস্তি চেষ্টা কৰিছে। পিতৃ-মাতৃৰ বাবেই আমি এই বিচিত্র সংসাৰখন দেখিবলৈ পাইছো। সেয়ে পিতৃ-মাতৃ আমাৰ বাবে মান্য।

৩। শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ কিয় ৰাখিব লাগে?
উত্তৰঃ
শিক্ষক হ’ল ছাত্ৰৰ বাবে ‘বিতচক্ষু। শিক্ষকে ছাত্রক জ্ঞানৰ আলােকৰে সমাজত সুকলমে বিচৰণ কৰিবলৈ শিকায়। ছাত্রৰ ভৱিষ্যত জীৱনটো গঢ় দিয়াত শিক্ষকৰ ভূমিকা অধিক। সেয়ে শিক্ষকক ছাত্রই সন্মান কৰা দৰকাৰ।

৪। সন্মান পাঠটোৰ পৰা কি কি শিকিলা চমুকৈ লিখা।
উত্তৰ:
মানুহ সৎ হােৱা উচিত। সৎ মানুহে ডাঙৰক শ্রদ্ধা আৰু সৰুক মৰম কৰাতো নৈতিক কর্তব্য বুলি ভাবে। সম্মান’ পাঠটোৰ পৰা লিখকে সন্মান, বিশেষকৈ কাক- কাক কৰিব লাগে তাৰে এটি সুন্দৰ আলােচনা দাঙি ধৰিছে। নিজতকৈ ডাঙৰ জন, সি লাগিলে যিয়েই নহওঁক সন্মান কৰা দৰকাৰ। ব্যৱহাৰ সদায় মধুৰ হ’ব লাগে। অসমীয়াত এষাৰ কথা আছে কথাতে কটা যায়, কথাতে বঁটা পায়।

ভাষা-বিষয়ক | সন্মানৰ প্ৰশ্ন উত্তৰ

১। তলৰ শব্দবােৰৰ সমার্থক শব্দ লিখাঃ নৰিয়া, জগত, লােতক, চকু, হেতু, মান।
উত্তৰঃ
নৰিয়া→শয্যাগত
জগত→ধৰা, ধৰণী।
লােতক →চকুলাে
চকু→নয়ন
মান→শ্রদ্ধা, সন্মান

২। বিপৰীত শব্দ লিখা: শ্রদ্ধা, শলাগ, আদি,দুষ্ট, জ্যেষ্ঠ,ন্যায়
উত্তৰঃ
শ্রদ্ধা →অসন্মান
শলাগ→অশলাগ,অকৃতজ্ঞ
দুষ্ট→সাধু
জ্যেষ্ঠ→কনিষ্ঠ
ন্যায় →অন্যায়।

প্ৰঃ কানীয়াৰ কীর্তন’ৰ ৰচক কোন?
উত্তৰঃ কানীয়া কীৰ্তনৰ ৰচক হ’ল—‘হেমচন্দ্র বৰুৱা।

প্ৰঃ হেমকোষ কি?
উত্তৰঃ হেমকোষ হ’ল বৃহৎ কলেবৰৰ অসমীয়া অভিধান। ইয়াৰ ৰচক ‘হেমচন্দ্ৰ বৰুৱা।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

3 thoughts on “Class 9 Assamese Chapter 16 Question Answer | সন্মানৰ প্ৰশ্ন উত্তৰ”

Leave a Comment