Class 6 Assamese Chapter 5 Question Answer | গুৰুদক্ষিণা প্ৰশ্ন উত্তৰ

আপুনি যদি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ Class 6 ৰ শিক্ষাৰ্থী তেন্তে আপুনি আজি ইয়াত Class 6 Assamese Chapter 5 Question Answer [গুৰুদক্ষিণা প্ৰশ্ন উত্তৰ] বিনামূলীয়াকৈ পাব।

আনকি আপুনি যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰি আছে তেন্তে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীৰ বাবে গুৰুদক্ষিণা প্ৰশ্ন উত্তৰ [Class 6 Assamese Chapter 5 Question Answer] লিখাৰ প্ৰয়োজন নাই, ইয়াৰ পৰাই দিব পাৰিব।

গুৰুদক্ষিণা প্ৰশ্ন উত্তৰ। Class 6 Assamese Chapter 5 Question Answer 2023

Class 6 Assamese Chapter 5 Question Answer ত আমি ক্ৰিয়া-কলাপৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিছো। ইয়াত আছে অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ আৰু ব্যাকৰণ (Assamese Grammar) সমন্ধীয় কিছু প্ৰশ্ন উত্তৰ দিয়াৰ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ এই লিখনিয়ে আপোনাক বহুত সহায় কৰিব।

Class 6 Assamese Chapter 5 Question Answer

চমুকৈ উত্তৰ দিয়া

১। পাঠৰ কাহিনীভাগ নিজৰ কথাৰে কোৱা
উত্তৰঃ পুৰণি কালত ভাৰতবৰ্ষত বহুতো প্ৰখ্যাত বিশ্ববিদ্যালয় আছিল । তালৈ দেশ-বিদেশৰ বহুতো ছাত্ৰই অধ্যয়ন কৰিবলৈ আহিছিল । কামৰূপ অৰ্থাৎ বৰ্তমানৰ অসমৰো কেইবাখনো বিশ্ববিদ্যালয় আছিল । বৰ্তমানৰ নগাঁও জিলাৰ শিলঘাটত ব্ৰহ্মপুত্ৰৰ পাৰতো এখন বিশ্ববিদ্যালয় আছিল । সেই বিশ্ববিদ্যালয়ৰ অধীনৰ বৰগংগাৰ পাৰত অৱস্থিত বশিষ্ট আশ্ৰমত থকা টোলত অধ্যাপক বেদকণ্ঠ আছিল বিদগ্ধ পণ্ডিত । তেওঁৰ টোলত দুকুৰিমান ছাত্ৰ আছিল । গুৰুৱে এদিন ছাত্ৰসকলক গুৰুদক্ষিণা যোগাৰ কৰি আনিবলৈ ক’লে । তেওঁ ছাত্ৰসকলক এইবুলি ক’লে যে — তেওঁলোকে যেন কোনেও নেদেখাকৈ লুকাই থাকে আৰু কাষেৰে যোৱা ধনী মানুহক ডকা-হকা দি ধন-সোণৰ টোপোলা কাঢ়ি আনে । এই কথাত ছাত্ৰসকলে বৰ ৰং পালে আৰু উদ্দেশ্য সিদ্ধিৰ নিমিত্তে ওলাই গ’ল ।

কিন্তু বেদকণ্ঠ নামৰ কম বয়সীয়া ছাত্ৰজন তেওঁলোকৰ লগত নগ’ল । তেওঁ নোযোৱাৰ কাৰণ গুৰুৱে জানিবলৈ বিচৰাত তেওঁ ক’বলৈ ধৰিলে যে– গুৰুৰ পৰাই তেওঁলোকে জানিব পাৰিছে যে পৃথিৱীত এনে ঠাই নাই, য’ত ঈশ্বৰ নাই । ঈশ্বৰে সকলো দেখি থাকে । সেয়েহে তেওঁলোকে ডাবি-ধমকি দি ধন-সোণ চুৰি কৰি আনিলে বা লুকাই থাকিলে ঈশ্বৰে জানিব আৰু দেখিব । গতিকে সৎ উপায়েৰে গুৰুদক্ষিণা গোটোৱাৰ কিবা উপায় আছে যদি গুৰুদেৱে যেন দিয়ে । অকণমানি ল’ৰাটিৰ মুখত এনে কথা শুনি গুৰু বেদকণ্ঠই বৰ সন্তোষ পালে । গুৰুৱে আন ছাত্ৰবোৰক মতাই আনিলে । গুৰুৱে আচলতে ছাত্ৰসকলৰ পৰীক্ষাহে লৈছিল । সেই পৰীক্ষাত সত্যব্ৰত উত্তীৰ্ণ হ’ল আৰু তেওঁ গুৰুদেৱক প্রকৃত গুৰুদক্ষিণা দিয়াৰ দৰে হ’ল ।

২ । ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে বহলাই কোৱা ।


উত্তৰঃ ছবিখনত বেদকণ্ঠই সত্যব্ৰতৰ পৰা জ্ঞানগৰ্ভ কথা শুনি থকা অংশটো প্ৰকাশ পাইছে ।

৩। শব্দৰ অৰ্থ শিকি লোৱা ।

নামজ্বলা — প্ৰখ্যাত; ভাল নাম থকা
চতুষ্পাঠী — বেদ বিদ্যালয়; টোল
হৃষ্টচিত্তে — ৰঙেৰে; আনন্দেৰে ।
চৈত-ফুৰি — চ’ত মাহত ফুৰি সংগ্ৰহ কৰা ধন ।
সাউদ — মুদৈ; বেপাৰী; সদাগৰ ।
মহলা — বিদ্যালয়ৰ শ্রেণী; পৰীক্ষা ।
ছেগ — সময়ৰ ভাগ; কোনো কাম কৰিবৰ প্ৰকৃত সময়; ছল ।
খোকোজা — কথা কওঁতে বা পঢ়োতে সহজে মুখেৰে কথা নোলোৱা ।
আকৰ — কোনো বস্তু উৎপন্ন হোৱা ঠাইখনি ।
ভেঁটগুটীয়া — ভেঁট ফুলৰ গুটিৰ নিচিনা সৰু ।

প্ৰশ্নবোৰৰ উত্তৰ দিয়া

(ক) ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম লিখা ।
উত্তৰঃ ভাৰতবৰ্ষৰ দুখন অন্যতম প্ৰাচীন বিশ্ববিদ্যালয় হৈছে — নালন্দা আৰু তক্ষশিলা বিশ্ববিদ্যালয় ।

(খ) লুইতৰ দাঁতিৰ কোন ঠাইত এখন বিশ্ববিদ্যালয় আছিল ?
উত্তৰঃ বৰ্তমান নগাঁও জিলাৰ শিলঘাট অঞ্চলত লুইতৰ দাঁতিত এখন পুৰণি বিশ্ববিদ্যালয় আছিল ।

(গ) বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম কি ?
উত্তৰঃ বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম আছিল বেদকণ্ঠ ।

(ঘ) ছাত্ৰসকলে বছৰত একোবাৰ নগৰলৈ কিয় যাব লগা হৈছিল ?
উত্তৰঃ পুৰণি ৰীতি অনুসৰি ছাত্ৰসকলে বছৰত একোবাৰ নগৰলৈ গৈ খুজি-মাগি আনি যি পায়, সেয়া গুৰুৰ ওচৰত অৰ্পণ কৰিব লাগিছিল ।

(ঙ) গুৰুৰ পৰামৰ্শ কোনজন ছাত্ৰই গ্ৰহণ কৰিব নোৱাৰিলে ?
উত্তৰঃ ধনী-মানুহক ডকা-হকা দি ধন-সোণ কাঢ়ি অনাৰ পৰামৰ্শ সত্যব্ৰত নামৰ ছাত্ৰজনে গ্ৰহণ কৰিব নোৱাৰিলে ।

(চ) প্ৰকৃত গুৰুদক্ষিণা কোনে দিব পাৰিলে ?
উত্তৰঃ প্ৰকৃত গুৰুদক্ষিণা দিয়াত সত্যব্ৰত সফল হ’ল ।

সহজ ভাষাত চমু উত্তৰ দিয়া

(ক) গুৰুৱে ছাত্ৰসকলক ওচৰত মাতি আনি কি কৈছিল ?
উত্তৰঃ গুৰু বেদকণ্ঠই শিষ্যসকলক ওচৰলৈ মাতি আনি এইবুলি কৈছিল যে–তেওঁ বুঢ়া হৈ আহিছে আৰু তেওঁৰ উপাৰ্জনো কমি আহিছে । সেয়েহে ছাত্ৰসকলে তেওঁলোকক প্ৰদান কৰা শিক্ষাৰ বিনিময়ত গুৰুক তেওঁলোকে গুৰুদক্ষিণা হিচাপে ধন-সোণ গোটাই আনি দিব লাগে ।

(খ) ছাত্ৰসকলক গুৰুৱে কি উপায়েৰে ধন গোটাই অনাৰ পৰামৰ্শ দিছিল ?
উত্তৰঃ গুৰু বেদকণ্ঠই ধনী মানুহক ডকা-হকা দি ধন গোটাই আনিবলৈ ছাত্ৰসকলক পৰামৰ্শ দিছিল।

(গ) গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে কি কৰিলে ?
উত্তৰঃ গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে আনন্দতে কিৰীলি পাৰি ধনী লোকৰ পৰা ধন কাঢ়ি অনাৰ উদ্দেশ্য ওলাই গ’ল ।

(ঘ) গুৰুৰ অনুমতি পাই সত্যব্ৰতে কি ক’লে ?
উত্তৰঃ গুৰুৰ অনুমতি পাই সত্যব্ৰতে এই buli ক’বলৈ ধৰিলে যে তেওঁ গুৰুৰ পৰাই জানিব পাৰিছে যে আন নেদেখিলেও ঈশ্বৰে সকলো দেখি থাকে আৰু জানে । সেয়েহে আনে নেদেখাকৈ লোকৰ ধন-সোণ চুৰি কৰি আনটো সত্যব্ৰতৰ বাবে সম্ভৱ নহ’ব । সেয়েহে গুৰুৱে যেন ধন গোটাবলৈ অন্য সজ বাট দেখুৱাই দিয়ে ।

কোনে কাক কেতিয়া কৈছিল লিখা

(ক) “বাছাহঁত। মই বুঢ়া হৈ আহিছোঁ । উপাৰ্জনো টুটি আহিছে । তহঁতক ইমানদিনে পঢ়াই-শুনাই খুঁটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ ।”
উত্তৰঃ প্ৰশ্নত উল্লেখ কৰা কথাষাৰ বেদকণ্ঠই তেওঁৰ ছাত্ৰসকলক কৈছিল । ছাত্ৰসকলৰ মহলা ল’বলৈ গুৰুদক্ষিণা হিচাপে ধনী লোকক ডকা-হকা দি ধন আনিবলৈ পৰামৰ্শ দিয়াৰ আগতে উক্ত কথাখিনি তেওঁ কৈছিল ।

(খ) ” আপুনি মাথোন আমাক কৰ্তব্যহে সোঁৱৰাই দিছে । এতিয়া আমি কি উপায়েৰে ধন-সোণ গোটাই আনিম, অনুগ্ৰহ কৰি আমাক দিহা লগাই দিয়ক ।”
উত্তৰঃ উক্ত কথাষাৰ ছাত্ৰসকলে গুৰু বেদকণ্ঠক কৈছিল । গুৰুৱে ছাত্ৰসকলক গুৰুদক্ষিণা হিচাপে ধন-সোণ গোটাবলৈ পৰামৰ্শ দিওঁতে এই কথাখিনি তেওঁলোকে কৈছিল ।

(গ) “আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ, পৃথিৱীত এনে ঠাই নাই, য’ত ঈশ্বৰ নাই।”
উত্তৰঃ প্ৰশ্নোক্ত কথাষাৰ সত্যব্রতে গুৰু বেদকণ্ঠক কৈছিল । গুৰুৱে ধনী লোকক ডকা-হকা দি ধন-সোণ গোটাই আনিবলৈ দিয়া পৰামৰ্শ মানিব নোৱাৰি সত্যব্ৰতে এনেকৈ কৈছিল ।


৭। সাধুটো নিজৰ কথাৰে চমুকৈ লিখা ।
উত্তৰঃ পুৰণি কালত অসম ৰাজ্য অৰ্থাৎ তেতিয়াৰ কামৰূপৰ শিলঘাটত এখন বিশ্ববিদ্যালয় আছিল । সেই বিশ্ববিদ্যালয়ৰ অধীনৰ বশিষ্ঠ আশ্ৰমৰ টোলত বেদকণ্ঠ নামৰ এজন বিদগ্ধ পণ্ডিতে অধ্যাপনা কৰিছিল । তেওঁ দি অহা শিক্ষাৰ পৰীক্ষা ল’বলৈ এদিন ছাত্ৰসকলক মতাই আনি ক’লে যে– তেওঁলোকে গুৰুদেৱক গুৰুদক্ষিণা দিব লাগে । ইয়াৰ বাবে তেওঁলোকে ধনী লোকৰ পৰা কোনোৱে নেদেখাকৈ ধন কাঢ়ি আনিব লাগে । এই কথা সকলোৱে আনন্দৰে গ্ৰহণ কৰি ওলাই গ’ল । কিন্তু সত্যব্ৰত নামৰ সৰু ছাত্ৰ এজনে সেই কথা নামানি গুৰুক ক’লে যে আনে নেদেখিলেও ঈশ্বৰে সকলো দেখি থাকে । সেয়েহে গুৰুৱে যেন ধন সংগ্ৰহ কৰিবলৈ আন সৎ পথ প্ৰদৰ্শন কৰে । এনে জ্ঞানগৰ্ভ কথা অকমানি ল’ৰাটিৰ মুখত শুনি বেদকণ্ঠ অতিশয় প্ৰসন্ন হ’ল। তেওঁ আন ছাত্ৰসকলক উভোতাই মতাই অনালে । গুৰুৰ পৰীক্ষাত একমাত্ৰ সত্যব্ৰত উত্তীৰ্ণ হ’ল । তেওঁহে গুৰুক প্ৰকৃত গুৰুদক্ষিণা দিয়াৰ নিচিনা হ’ল ।

৮। তলৰ কথাখিনিৰ মূলভাব লিখা ।

“সকলোতে থাকে তেওঁ প্ৰভু ভগবান,
সকলোকে দেখে তেওঁ সৰ্বশক্তিমান ।
সকলোকে জানে তেওঁ জ্ঞানৰ আকাৰ,
সত্য তেওঁ শিৱ তেওঁ, পৰম সুন্দৰ ।”

উত্তৰঃ ঈশ্বৰ সৰ্বব্যাপ্ত, সৰ্ব শক্তিমান আৰু সৰ্বজ্ঞাতা । তেৱেঁই সত্য, শিৱ আৰু সুন্দৰ ।

৯। পাঠৰ পৰা যুৰিয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা । যেনে–খুজি-মাগি
উত্তৰঃ

জাউৰিয়ে জাউৰিয়ে
ধন-সোণ
আখৰে আখৰে
আমন-জিমন
ডকা-হকা
থোকা-থুকি
ভাল-বেয়া
ধইন ধইন

Assamese Grammar সমন্ধীয় প্ৰশ্ন উত্তৰ

ইয়াৰ জৰিয়তে আমি আপোনালোকৰ সৈতে এতিয়া Class 6 Assamese Chapter 5 Question Answer ত অসমীয়া ব্যাকৰণ সম্বন্ধীয় কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিব গৈ আছে, যিয়ে আপোনাক বহুত উপকাৰ কৰিব।

সমাৰ্থক শব্দ লিখা

১। শব্দবোৰৰ সমাৰ্থক শব্দ লিখা — ধনী, দক্ষিণা, উজু, টুটি যোৱা, ডাঙৰ
উত্তৰঃ

শব্দসমাৰ্থক শব্দ
ধনী চহকী
দক্ষিণা দান
উজু সহজ
টুটি যোৱা কমি যোৱা
ডাঙৰ বৰ

বিপৰীত অৰ্থ বুজোৱা শব্দ

২ । বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা — আনন্দ, ধনী, গুৰু, উজু, প্ৰাচীন
উত্তৰঃ

শব্দবিপৰীতাৰ্থক শব্দ
আনন্দ নিৰানন্দ
ধনী দুখীয়া
গুৰু লঘু
উজু টান, কঠিন
প্ৰাচীন আবাৰচীন

৩। উপযুক্ত বিশেষণ পদেৰে তালিকাখন পূৰ কৰা – পণ্ডিত, মানুহ, হাতী, গ্ৰন্থ, মহিলা, আম, মাত
উত্তৰঃ

  • প্ৰখ্যাত – বিশ্ববিদ্যালয়
  • বিদগ্ধ – পণ্ডিত
  • ধনী – মানুহ
  • প্ৰকাণ্ড – হাতী
  • মহৎ – গ্ৰন্থ
  • সৰবৰহী – মহিলা
  • মিঠা – আম
  • শুৱলা – মাত

প্ৰশ্নবোৰৰ বহলাই উত্তৰ দিয়া

১। ‘গুৰুদক্ষিণা’ পাঠত থকা ‘ভেঁটগুটীয়া’ শব্দটোৱে সৰু ল’ৰাক বুজাইছে । ভেঁটগুটীয়া শব্দটোৰ আধাৰত দলগতভাবে এটি গল্প লিখা ।
উত্তৰঃ সোণগুটি গাঁৱৰ মহাত্মা বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ধন আছিল আটাইতকৈ সৰু । বয়সতো সৰু আৰু আকাৰতো সৰু । কেঁচুৱাতে মাকক হেৰুওৱা ধনে আন শিশুৰ দৰে যত্ন পাই ডাঙৰ হোৱা নাছিল । সেয়েহে তাৰ স্বাস্থ্য বৰ বেয়া । সকলোৱে তাক ‘ভেঁটগুটীয়া’ বুলি মাতে । এই কথাত সি বৰ দুখ পায় । তাক কোনো সমনীয়াই খেলিবলৈ লগ নিদিয়ে । কোনেও তাক আঁচল নামটোৰ নামাতে । কেৱল বিদ্যালয়ৰ ডেকা ছাৰেহে তাক প্ৰশংসা কৰে । ডেকা ছাৰে আন ছাৰসকলকো কয়– “ধন এদিন ডাঙৰ মানুহ হ’বই । পঢ়া-শুনাই সিমান ভাল ন’হলেও তাৰ সমান মনোযোগ কাৰো নাই আৰু তাৰ আখৰো ভাল ।” সমনীয়াই ‘ভেঁটগুটীয়া’ বুলি ঠাট্টা-মস্কৰা কৰিলেও ধন গছ বগোৱা আৰু দৌৰাত সবাতোকৈ পাকৈত ।

বছেৰেকীয়া পৰীক্ষা শেষ হোৱাৰ পাছত ডেকা ছাৰৰ নেতৃত্বত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে মানাহলৈ বনভোজ খাবলৈ গ’ল । দুপৰীয়ালৈ সকলো ঠিকে আছিল । কিন্তু ভাত খাই উঠাৰ পাছতহে কেণা লাগিল । মানৱহঁতে ধনক একাষৰীয়াকৈ থৈ খেলাত ব্যস্ত হৈ আছিল । ধনে দুখ মনেৰে শিল এচটাত বহি সকলো চাই আছিল । তেনেতে নমিতাই কিহবাৰ মৰমলগা পোৱালি এটা কোলাত তুলি ডেকা ছাৰক ক’লে — “ছাৰ, চাওকচোন– কি মৰম লগা মেকুৰী পোৱালি।” ছাৰে ভয়তে চিঞৰি দিলে– “এইটো বাঘৰ পোৱালি হয় । তাক ইয়াতে এৰি থৈ পলোৱা ।” সকলোৱে দৌৰিবলৈ ধৰিলে । ধনে ওখ ঠাইত থিয় হৈ থকা বাবে সকলো দেখি আছিল ।

সি চিঞৰিলে– “বাঘজনী সিফালৰ পৰা আহিছে। ওলোটাফালে দৌৰি বাছত উঠাগৈ।” বাঘে দুশ মিটাৰমান দূৰৈৰ পৰা চোঁচা ল’বলৈ আৰম্ভ কৰিলে। ধনে কথা বিষম দেখি ডাঙৰ শিলগুটি এটি বাঘজনীলৈ মাৰি পঠিয়ালে আৰু পাৰেমানে চিঞৰিলে । বাঘে এইবাৰ আন ল’ৰা-ছোৱালীক এৰি ধনৰ ফাললৈ চোঁচা ল’লে। ধনে একেজাঁপে শিলচটাৰ পৰা নামি প্ৰচণ্ড গতিৰে দৌৰি গৈ এজোপা গছত বেগাই উঠি ওপৰ পালে। বাঘে গছৰ তলতে গুজৰি গুমৰি থাকিল । কিছুসময় তেনেদৰে থকাৰ পাছত বাঘজনীয়ে পোৱালিটো মুখেৰে কামুৰি ধৰি বহু দূৰলৈ গুচি গ’ল । বাঘ আৰু পোৱালি চকুৰ আঁৰ হোৱাৰ পাছত ‘ভেঁটগুটীয়া’ ধন বীৰ দৰ্পে নামি আহি সকলোকে অভয় দান দিলে । সকলোৱে ধনৰ প্ৰশংসা কৰিলে । মানৱে তাৰ হাতত ধৰি চল্ চলীয়া চকুৰে ক’লে– “তই আমাক ক্ষমা কৰিবি । তয়েই আজি সকলোৰে জীৱন ৰক্ষা কৰিলি । আজিৰ পৰা তোক কোনেও ‘ভেঁটগুটীয়া’ বুলি মাতিব নোৱাৰে; মই কথা দিলোঁ আজিৰ পৰা তই ‘ভেঁটগুটীয়া’ নহয়; আমাৰ স্কুলৰ হিৰো।” মানৱৰ কথা শুনি সকলোৱে কৰীলি পাৰি উঠিল । ডেকা ছাৰে ক’লে– “এতিয়া নতুনকৈ কিবা বিপদ হোৱাৰ আগতে আমি উভতি যাওঁগৈ ব’লা। সিফালে আকৌ ধনৰ সাহসিকতাৰ পুৰস্কাৰৰ বাবে আবেদন-পত্ৰ লিখিবও লাগিব।” সকলোৱে অভিজ্ঞতা এমোকোৰা লৈ বিদ্যালয়লৈ উভতি গ’ল।

২। ‘গুৰুদক্ষিণা সাধুটোৰ কথাখিনি সংলাপ আকাৰে লিখা আৰু শ্ৰেণীকোঠাত অভিনয় কৰা । (সকলোৱে নাটকত ভাগ ল’বা । অভিনয় নকৰাসকলে নাটকৰ বাবে প্ৰয়োজনীয় কাম-কাজ কৰিবা । )
উত্তৰঃ গুৰুদক্ষিণা :- (গছ-গছনি আৰু জুপুৰি আশ্ৰমৰ পৰিবেশ । এজোপা ডাঙৰ গছৰ তলত বহি বেদকণ্ঠই শিষ্যসকলৰ মুখলৈ চাই মিচিকিয়াই হাঁহি আছে । )

শিষ্য ১ :- গুৰুদেৱে বা আমাক কিয় হঠাতে এনেদৰে মতাই আনিলে ।
শিষ্য ২ :- হয় গুৰুদেৱ, আমাক আদেশ দিয়ক ।
বেদকণ্ঠ ১ :- হে প্রিয় শিষ্যগণ, এটা বিশেষ কথা ব্যক্ত কৰিবলৈ মই তোমালোকক অসময়ত ইয়ালৈ মতাই আনিছোঁ ।
শিষ্য ৩ :- কওক গুৰুদেৱ ।
বেদকণ্ঠ :- শুনা, মোৰ বয়সে নমনা হৈছে । উপাৰ্জন কমি আহিছে । তোমালোকক শিক্ষা-দীক্ষা দি নিজে উপাৰ্জন কৰি খাব পৰা কৰি গঢ় দিলোঁ । এতিয়া তাৰ বিনিময়ত মোকো তোমালোকে গুৰুদক্ষিণা হিচাপে ধন-সোণ গোটাই আনি দিয়াহঁক ।
শিষ্য ৪ :- হে গুৰুদেৱ, (অলপ চিন্তা কৰি) আপোনাক গুৰুদক্ষিণা দিবলৈ সুবিধা পাই আমি নিজকে বৰ সৌভাগ্যশালী বুলি ভাবিছোঁ । কিন্তু আমিনো,….. কেনেকৈ ধন-সোণ সংগ্ৰহ কৰিব লাগিব ? সেই উপায়ো যদি দিলেহেঁতেন, তেতিয়া সোণত সুৱগা চৰিলহেঁতেন ?
বেদকণ্ঠ :- (মিচিকিয়াই হাঁহি) তাৰ উপায়ো মই ভাবি থৈছোঁ বৎস । শুনা, খুজি-মাগি ধন-সোণ সংগ্ৰহ কৰাটো সহজ কথা নহয় । সেয়েহে তোমালোকে গৈ পথৰ দাঁতিৰ ডাঙৰ গছৰ আঁৰত লুকাই থকাগৈ । পথেৰে কোনোবা ধনী সাউদ গ’লে তেওঁক ধৰি ডকা-হকা দি ধনৰ টোপোলা কাঢ়ি আনিবা ।
শিষ্য ১ :- অতি উত্তম উপায় দিলে গুৰুদেৱ !
বেদকণ্ঠ :- এতিয়া সময়ৰ অপচয় নকৰি শীঘ্ৰে উদ্দেশ্য সিদ্ধিৰ বাবে কামত লাগাগৈ ।
শিষ্য ৩ :- যিবা আজ্ঞা গুৰুদেৱ ! (সকলোৱে আনন্দমনে প্ৰস্থান কৰিলে । কিন্তু কম বয়সীয়া ছাত্ৰ সত্যব্ৰত আগৰ ঠাইতে বহি থাকিল ।)
বেদকণ্ঠ :- (আচৰিত হৈ) তুমি নগ’লা যে সত্যব্ৰত ?
সত্যব্ৰত :- (সংকোচেৰে) গুৰুদেৱে অনুমতি দিলে কথা এষাৰ ব্যক্ত কৰিব পাৰিম নে ?
বেদকণ্ঠ :- নিশ্চয় । নিঃসংকোচে প্ৰকাশ কৰা ।
সত্যব্ৰত :- গুৰুদেৱ, আপুনিয়ে আমাক এই বুলি শিক্ষা প্ৰদান কৰিছিল যে–ঈশ্বৰ সৰ্বব্যাপী, সৰ্বদ্ৰষ্টা আৰু সর্বজ্ঞাতা । তেওঁক নজনোৱাকৈ, তেওঁ নেদেখাকৈ আমি জানো কিবা ভাল-বেয়া কাম কৰিব পাৰোঁ ? আমি ধনী লোকক ডকা-হকা দি চুৰ কৰা উচিত হ’ব জানো গুৰুদেৱ ? সেয়েহে, মোক এটা সৎ উপায় দিয়ক, যাৰদ্বাৰা মই গুৰুদক্ষিণাৰ বাবে ধন-সোণ সংগ্ৰহ কৰিব পাৰোঁ ।

(বেদকণ্ঠ থিয় হয় । তেওঁৰ মুখমণ্ডলত আনন্দৰ প্ৰকাশ । সত্যব্রতো থিয় হয় ।)

বেদকণ্ঠ :- (সত্যব্ৰতৰ মূৰত হাত থৈ) ইয়াতকৈ আৰু ডাঙৰ গুৰুদক্ষিণা কি হ’ব পাৰে বাছা ? মই আচলতে গুৰুদক্ষিণা বিচৰাই নাছিলোঁ । ইমানদিনে দি অহা শিক্ষাৰ মহলাহে লৈছিলোঁ ।( সত্যব্ৰতে সভক্তিৰ মূৰ দোঁৱাই সেৱা কৰে ।) সেই পৰীক্ষাত একমাত্ৰ তুমিয়েহে উত্তীৰ্ণ হ’লা । তুমিহে মোক প্ৰকৃত গুৰুদক্ষিণা দিবলৈ সক্ষম হ’লা । যোৱা, এতিয়া সকলোকে মোৰ কাষলৈ মাতি আনা ।
সত্যব্ৰত :- হয় গুৰুদেৱ । (সত্যব্রতে প্ৰস্থান কৰে । গুৰুৱে আনন্দৰে তেওঁলৈ চাই থাকে । আঁৰ কাপোৰ পৰে ।)

৩। চাৰি-পাঁচজনীয়া দলত ভাগ হৈ এই বছৰৰ ৫ ছেপ্টেম্বৰৰ দিনটো তোমালোকে কেনেদৰে পালন কৰিবা, তাৰ আঁচনি প্ৰস্তুত কৰা।
উত্তৰঃ অহা ৫ ছেপ্টেম্বৰ দিনটো অৰ্থাৎ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো আমাৰ শ্ৰেণীত নিম্নোক্ত ধৰণে উদ্যাপন কৰাৰ আঁচনি কৰা হৈছে –

  • পুৱা ৯ বজাত সকলো ছাত্ৰ-ছাত্ৰীয়ে শ্রেণীকোঠাত উপস্থিত হৈ কোঠাত সজাব । ইয়াৰ বাবে ফুল, বেলুন আৰু ভাল কাপোৰ লাগিব ।
  • ছাত্র-ছাত্ৰীসকলৰ পৰা সংগ্ৰহ কৰা ধনেৰে কেক্ আৰু অন্যান্য খোৱাবস্তু অনা হ’ব । লগতে পাঁচখন ফুলাম গামোচাও অনা হ’ব ।
  • ১০ বজাত শিক্ষাগুৰুসকলক শ্ৰেণীকোঠালৈ আদিৰ অনা হ’ব । তেনেসকলক ফুলৰ টোৰা আৰু ফুলাম গামোচাৰে সম্বধৰ্ণা জনোৱা হ’ব ।
  • ছাত্ৰ-ছাত্ৰী ফালৰ পৰা আল্পনা আৰু বিশালে ক্ৰমে ৰাধাকৃষ্ণনৰ জীৱন আৰু কৰ্মৰ ওপৰত আৰু শিক্ষক দিৱসৰ তাৎপৰ্যৰ ওপৰত ভাষণ ৰাখিব ।
  • অবিনাশ তালুকদাৰ ছাৰকো ভাষণ দিবলৈ অনুৰোধ জনোৱা হ’ব।

৪। ‘গুৰুদক্ষিণা’ সাধুটোৰ পৰা আমাৰ পুৰণি শিক্ষা ব্যৱস্থা বিষয়ে পাঁচটা বাক্য লিখা ।
উত্তৰঃ প্ৰাচীন কালত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা গুৰুকেন্দ্ৰিক আছিল । গুৰুৱে ব্যাকৰণ, কাব্য, দৰ্শন আদি বিষয়ত শিক্ষাদান কৰিছিল । শিষ্যসকলে বছৰেকত এবাৰ নগৰ-চহৰলৈ ওলাই গৈ বিষয়ত শিক্ষাদান কৰিছিল । শিষ্যসকলে বছৰেকত এবাৰ নগৰ-চহৰলৈ ওলাই গৈ খুজি-মাগি আনি যি পাইছিল তাকেই গুৰুদক্ষিণা স্বৰূপে গুৰুৰ চৰণত অৰ্পণ কৰিছিল । পুৰণি শিক্ষা ব্যৱস্থাত গুৰু শিষ্যৰ সম্পৰ্ক ভক্ত-ভগৱানৰ সম্পৰ্কৰ দৰে মধুৰ আছিল ।

৫। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়ে শিক্ষকক সুধি জানি লোৱা।
উত্তৰঃ গুৱাহাটীৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে জালুকবাৰীত গুৱাহাটী বিশ্ববিদ্যালয় অৱস্থিত। এই বিশ্ববিদ্যালয় ১৯৪৮ চনত স্থাপিত হৈছিল । এই মহৎ শিক্ষানুষ্ঠানৰ মূলমন্ত্ৰ হৈছে — ‘বিদ্যান সাধ্যয়েতা’ । অসমৰ ৰাজ্যপাল ইয়াৰ আচাৰ্য । বৰ্তমান ইয়াৰ উপাচাৰ্য হৈছে ডক্টৰ মৃদুল হাজৰিকা । এই বিশ্ববিদ্যালয় ইউ জি চি, এন এ এ চি আৰু এ আই ইউ-ৰদ্বাৰা স্বীকৃতিপ্ৰাপ্ত অতি মান্য অনুষ্ঠান ।

৬। ছবি দুখন চাই কি দেখিছা কোৱা ।


উত্তৰঃ প্ৰথম ছবিখনত শিক্ষক দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগুৰুক সম্বধৰ্ণা জনোৱা দেখা গৈছে । দ্বিতীয়খন ছবিত এগৰাকী ছাত্ৰীয়ে শিক্ষক দিৱস অনুষ্ঠানত ভাষণ দিয়া দেখা গৈছে ।

৭। ছবিখনত থকা শব্দৰে নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা ।

উত্তৰঃ ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয়সমূহৰ ভিতৰত নালন্দা বিশ্ববিদ্যালয় অন্যতম প্ৰসিদ্ধ শিক্ষানুষ্ঠান আছিল । ইয়াত দেশ-বিদেশৰ হাজাৰ হাজাৰ ছাত্ৰই অধ্যয়ন কৰিছিল । এই বিশ্ববিদ্যালয়ত বিজ্ঞান, আধ্যাত্মিক আৰু সংস্কৃতিৰ চৰ্চা কৰা হৈছিল । লগতে ন্যায়, দৰ্শন, চিকিৎসা বিজ্ঞান আৰু গণিত আদি বিষয়ৰো শিক্ষা প্ৰদানৰ ব্যৱস্থা ইয়াত আছিল ।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment