Class 12 Assamese Chapter 7 Question Answer | অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা প্ৰশ্ন উত্তৰ

আপুনি যদি অসমীয়া মাধ্যমত দ্বাদশ শ্ৰেণীত পঢ়ি আছে আৰু আপুনি আজি ইয়াত Class 12 Assamese Chapter 7 Question Answer বিচাৰি আহিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই, আমি আপোনালোকৰ বাবে Class 12 Assamese Chapter 7 Question Answer লৈ আহিছোঁ যত পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ দিয়াৰ লগতে আমি Previous Question Paper ৰ সম্পূৰ্ণ সমাধান দিবলৈ প্ৰয়াস কৰিছো।

Watch FREE video Classes

আপুনি যদি আগন্তুক HS Final Exam ত অসমীয়া বিষয়ত ১০০% নম্বৰ লাভ কৰিব বিচাৰে তেন্তে এই লিখনিয়ে আপোনাক বহুত সহায় কৰিব।

আমি ইয়াত বিভিন্ন লিখকে লিখি উলিওৱা সহায়িকা পঢ়াৰ ওপৰিও বিভিন্ন শিক্ষক শিক্ষয়ত্ৰীৰ লগত আলোচনা কৰি Class 12 Assamese Chapter 7 Question Answer লিখি উলিয়াইছোঁ। আশা কৰোঁ আপোনালোকে এই Class 12 Assamese Chapter 7 Question Answer পঢ়িলে আগন্তুক HS Final Exam 2024 ৰ বাবে বহুত সহায় হব।

Class 12 Assamese Chapter 7 Question Answer (প্ৰশ্ন উত্তৰ)

আমি ইয়াত Class 12 Assameee ৰ সপ্তম অধ্যায়ত উল্লেখ কৰা অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, কিছু বাখ্যা লগতে ব্যাকৰণ সমন্ধীয় কিছু প্ৰশ্ন উত্তৰ আৰু আপোনালোকৰ বাবে পৰীক্ষাত অহা কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো। তেন্তে আহক আমি আজি Class 12 Assamese Chapter 7 Question Answer নিজকে পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি লওঁ।

যদি আপুনি Class 12 Assamese Chapter 7 ৰ পৰা পৰীক্ষাত কি কি প্ৰশ্ন সুধি থাকে তাৰ বাবে চিন্তিত তেন্তে আমি আপোনালোকৰ বাবে ইয়াত Class 12 Assamese Chapter 7 Question Answer ৰ ওপৰিও 2015- 2020 চনলৈকে এই অধ্যায়ৰ পৰা HS Final Exam ত কি কি প্ৰশ্ন আহিছিল তাৰো উত্তৰ আমি সংযোগ কৰিছো।

(ক) অতি চমু প্ৰশ্ন উত্তৰ

১। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ কাহিনীৰ উৎস কি?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ কাহিনীৰ উৎস হ’ল লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘জয়মতী কুঁৱৰী’ নামৰ নাটকখন।

২। জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল।

৩। ‘চিত্ৰবন’ ষ্টুডিঅ’ কোনে নির্মাণ কৰিছিল?
উত্তৰঃ’চিত্ৰবন’ ষ্টুডিঅ’ জ্যোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰিছিল।

৪। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম লিখা।
উত্তৰঃ লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম হ’ল ‘নিমিলা অংক’ (১৯৫৫)।

৫। লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা।
উত্তৰঃ লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম হ’ল ‘এৰা বাটৰ সুৰ’।

(খ) চমু প্ৰশ্ন উত্তৰ

১। জ্যোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰা কথাছবি দুখনৰ নাম লিখা।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰা কথাছবি দুখনৰ নাম হ’ল ‘জয়মতী’ আৰু ‘ইন্দ্ৰমালতী’।

২। এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা-এৰা বাটৰ সুৰ, ডাঃ বেজবৰুৱা, গঙা চিলনীৰ পাখি।
উত্তৰঃ এৰা বাটৰ সুৰৰ পৰিচালক হ’ল-ভূপেন হাজৰিকা। ডাঃ বেজবৰুৱাৰ পৰিচালক হ’ল-ব্ৰজেন বৰুৱা। গঙা চিলনীৰ পাখিৰ পৰিচালক হ’ল-পদুম বৰুৱা।

৩। ভৱেন্দ্রনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম লিখা।
উত্তৰঃ ভৱেন্দ্রনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম হ’ল ‘সন্ধ্যাৰাগ’, ‘সাৰথি’ আৰু ‘ইতিহাস’।

৪। জয়মতী, চিৰাজ, সতী বেউলা — এই কথাছবি কেইখনৰ সংগীত পৰিচালক কেইজনৰ নাম লিখা।
উত্তৰঃ ‘জয়মতী’ কথাছবিৰ সংগীত পৰিচালকজনৰ নাম হ’ল ‘জ্যোতিপ্ৰসাদ আগৰৱালা’।’চিৰাজ’ কথাছবিৰ সংগীত পৰিচালকজনৰ নাম হ’ল ‘বিষ্ণুপ্ৰসাদ ৰাভা’। ‘সতী বেউলা’ কথাছবিৰ সংগীত পৰিচালকজনৰ নাম হ’ল ‘ভূপেন হাজৰিকা’।

৫। অসম চৰকাৰে অসমীয়া চিনেমা-শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে ?
উত্তৰঃ হাজাৰ হাজাৰ লোকৰ কর্ম সংস্থাপনৰ উপৰিও শিল্প সংস্কৃতিৰ বিকাশত কথাছবি বা চলচ্চিত্ৰ উদ্যোগে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত ‘জয়মতী’ কথাছবি নির্মাণৰ দ্বাৰা অসমীয়া কথাছবিৰ শুভাৰম্ভ কৰে।

অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্রচেষ্টাত। পৰ‍ৱর্তী কালত চৰকাৰে অসমীয়া চলচ্চিত্র শিল্পক সহায় কৰিবলৈ প্ৰযোজকক আর্থিক অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত চৰকাৰে জ্যোতিচিত্রবন ছোছাইটি নামেৰে ষ্টুডিঅ’ কমপ্লেক্স নির্মাণ কৰি অসমৰ চিত্র নির্মাতাসকলক ছবি নির্মাণৰ প্রযোজনাত বাহিৰলৈ যোৱা কামটোৰ পৰা সকাহ দিয়ে। এই চৌহদতে স্থাপন কৰা হৈছে‘ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইন্সটিটিউট’ নামৰ চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ বিদ্যালয় এখন। ছবি প্রযোজনাত সহায় কৰিবলৈ গঠন কৰা হৈছে ‘অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম’। চৰকাৰে চলচ্চিত্র সংগ্রহালয় আৰু আর্কাইভও স্থাপন কৰিছে।

(গ) ওপৰঞ্চি প্ৰশ্ন উত্তৰ

১। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ “জয়মতী’ বোলছবিখন কিমান চনত নির্মাণ কৰিছিল ?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ “জয়মতী’ বোলছবিখন ১৯৩৫ চনত নির্মাণ কৰিছিল ।

২। উৎপল দত্তৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ‘চলচ্চিত্ৰ’ আৰু ‘টুৱেন্টি ফ’ৰ ফ্ৰেমছ’।

৩।তেওঁ পৰিচালনা কৰা তিনিখন তথ্যচিত্ৰৰ নাম লিখা।
উত্তৰঃ ‘By-Lane 2′,’Through Trust and Fear’ আৰু ‘বৰগীত – এটি ধ্ৰুপদী ৰত্ন’।

৪। জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী’ৰ প্ৰথম দর্শনীৰ আয়োজন কেতিয়া আৰু ক’ত কৰিছিল?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী’ৰ প্ৰথম দর্শনীৰ আয়োজন ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে কলকাতাৰ ‘ৰাউনাক’ প্ৰেক্ষাগৃহত কৰিছিল।

৫। ‘ইন্দ্ৰমালতী’ কথাছবিখন কোন চনত নির্মাণ কৰা হৈছিল?
উত্তৰঃ ইন্দ্ৰমালতী’ কথাছবিখন ১৯৩৯ চনত নির্মাণ কৰা হৈছিল।

৬। লতা মংগেছকাৰে গোৱা প্রথম অসমীয়া গীতটি কোনখন কথাছবিৰ?
উত্তৰঃ লতা মংগেছকাৰে গোৱা প্রথম অসমীয়া গীতটি ‘এৰাবাটৰ সুৰ’ কথাছবিৰ।

৭। ব্ৰজেন বৰুৱাই নিৰ্মাণ কৰা হাস্যৰসৰ ছবিখনৰ নাম কি?
উত্তৰঃ ব্ৰজেন বৰুৱাই নিৰ্মাণ কৰা হাস্যৰসৰ ছবিখনৰ নাম হ’ল ‘ইটো সিটো বহুতো’।

৮। আনোৱাৰ হুছেইনে নিৰ্মাণ কৰা ছবিখনৰ নাম কি?
উত্তৰঃ আনোৱাৰ হুছেইনে নিৰ্মাণ কৰা ছবিখনৰ নাম হ’ল ‘তেজীমলা’।

৯। ভূপেন হাজৰিকাই খাচি ভাষালৈ ডাব কৰা ছবিখনৰ নাম কি?
উত্তৰঃ ভূপেন হাজৰিকাই খাচি ভাষালৈ ডাব কৰা ছবিখনৰ নাম হ’ল ‘প্ৰতিধ্বনি’।

১০। ব্ৰজেন বৰুৱাই পৰিচালনা কৰা তিনিখন ছবিৰ নাম !লিখা।
উত্তৰঃ ‘মুকুতা’,’ললিতা’ আৰু ‘ওপজা সোণৰ মাটি’।

১১। জাহ্নু বৰুৱাই পৰিচালনা কৰা প্রথম ছবিখনৰ নাম কি?
উত্তৰঃ জাহ্নু বৰুৱাই পৰিচালনা কৰা প্রথম ছবিখনৰ নাম হ’ল ‘অপৰূপা’।

১২। বাস্তৱধর্মী ছবিৰে সন্মান কঢ়িয়াই অনা কেইজনমান পৰিচালকৰ নাম লিখা।
উত্তৰঃ বাস্তৱধর্মী ছবিৰে সন্মান কঢ়িয়াই অনা কেইজনমান পৰিচালকৰ নাম হ’ল – সান্ত্বনা বৰদলৈ, অতুল বৰদলৈ, সঞ্জীৱ হাজৰিকা, বিদ্যুত চক্রৱর্তী, মঞ্জু বৰা, গৌতম বৰা আদি।

১৩। নাটকীয় উপাদানেৰে ভৰা কেইখনমান ছবিৰ নাম লিখা।
উত্তৰঃ নাটকীয় উপাদানেৰে ভৰা কেইখনমান ছবিৰ নাম হ’ল- মুকুতা, যোগ বিয়োগ, উপগ্রহ, ভাইটি, চামেলি মেমচাব, আজলী নবৌ আদি।

১৪। অশোক কুমাৰ বিষয়াই পৰিচালনা কৰা ছবিখনৰ নাম কি?
উত্তৰঃ অশোক কুমাৰ বিষয়াই পৰিচালনা কৰা ছবিখনৰ নাম হল- ‘যৌৱনে আমনি কৰে'(১৯৯৮)।

১৫। মুনীন বৰুৱাই নির্মাণ কৰা ছবিখনৰ নাম কি?
উত্তৰঃ মুনীন বৰুৱাই নির্মাণ কৰা ছবিখনৰ নাম হ’ল -‘হিয়া দিয়া নিয়া’।

১৬। হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নির্মাণ কৰা প্ৰথম অসমীয়া ছবি কোনখন?
উত্তৰঃ ২০১০চনত সঞ্জীৱ সভাপণ্ডিতে পৰিচালনা কৰা ‘জাংফাই জোনাক’ নামৰ ছবিখনেই হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবি ।

১৭। ‘ৰাষ্ট্ৰপতিৰ চার্টিফিকেট অব মেৰিট’ লাভ কৰা প্ৰথম অসমীয়া ছবি কোনখন ?
উত্তৰঃ ১৯৫৫ চনত ফণী শৰ্মা পৰিচালিত ‘পিয়লি ফুকন’ ছবিয়ে ‘ৰাষ্ট্ৰপতিৰ চার্টিফিকেট অব মেৰিট’ লাভ কৰা প্ৰথম অসমীয়া ছবি।

১৮। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰষ্কাৰ কোনে লাভ কৰে?
উত্তৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ ড° ভূপেন হাজৰিকাই ‘চামেলি মেমচাব’ ছবিৰ সংগীত পৰিচালনাৰ বাবে লাভ কৰে।

১৯। ড˚ ভৱেন্দ্ৰ নাথ শইকীয়াই কোন ছবিৰ বাবে শ্রেষ্ঠ চিত্রনাট্য বঁটা লাভ কৰিছিল ?

উত্তৰঃ ড˚ ভৱেন্দ্ৰ নাথ শইকীয়াই ‘অগ্নিস্নান’ ছবিৰ বাবে শ্রেষ্ঠ চিত্রনাট্য বঁটা লাভ কৰিছিল।

২০। শ্রেষ্ঠ পৰিচালকৰ বঁটা কোনে লাভ কৰিছিল?
উত্তৰঃ জাহ্নু বৰুৱাই ‘সাগৰলৈ বহু দূৰ’ ছবিৰ বাবে শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে।

২১। ‘সতী বেউলা’ ছবিখনৰ কোনে সংগীত পৰিচালনা কৰিছিল ?
উত্তৰঃ ‘সতী বেউলা’ ছবিখনৰ ড° ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছিল।

২২। কেইগৰাকীমান উল্লেখযোগ্য সংগীত পৰিচালকৰ নাম লিখা।
উত্তৰঃ জিতু-তপন, উপেন কাকতি, জয়ন্ত হাজৰিকা, জুবিন গাৰ্গ ইত্যাদি।

পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ

প্র : প্রথম অসমীয়া বােলছবি ‘জয়মতী’ কেতিয়া মুক্তি লাভ কৰে?
উঃ ১৯৩৫ চনৰ ১০ মার্চ তাৰিখে কলিকতাৰ ৰাউনাক’ প্রেক্ষাগৃহত ছবিখনৰ প্রদর্শনীৰ আয়ােজন কৰিছিল। তাৰ পাছত একেটা মাহৰ ২০ তাৰিখে গুৱাহাটীত ছবিখনে মুক্তি লাভ কৰে।

প্রঃ এৰাবাটৰ সুৰ, ডাঃ বেজবৰুৱা, গঙা চিলনীৰ পাখি- এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা।
উ : এৰাবাটৰ সুৰ→ ড° ভূপেন হাজৰিক”,
ডাঃ বেজবৰুৱা→ ব্ৰজেন বৰুৱা।
গঙাচিলনীৰ পাখি→ পদুম বৰুৱা।

প্রঃ ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নবৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়েৱা অৱদান সম্পর্কে লিখা।
উঃ অসমীয়া চিনেমালৈ ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্ন বৰুৱাৰ যথেষ্ট অৱদান আছে। ১৯৭৭ চনত ভবেন্দ্ৰ নাথ শ‍ইকীয়াৰ সন্ধ্যাৰাগ’ ছবিখনে মুক্তি লাভ কৰে। এই ছবিখনে লাভ কৰা ব্যৱসায়িক দিশত আৰু কলাগত সফলতাই বাস্তুবাদী ধাৰাটোৰ উত্তৰণত নতুন আশাৰ সঞ্চাৰ কৰে। শইকীয়াদেৱৰ একাদিকক্ৰমে ছবিকেইখন হ’ল— অনির্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱর্তন, ইতিহাস আৰু হিন্দী ভাষাত ‘কালসন্ধ্যা’ পৰিচালনা কৰে। জাহ্ন বৰুৱাই
অপৰূপাৰে তেওঁৰ পৰিচালনাৰ যাত্ৰা আৰম্ভ কৰে। তেওঁ কেইবাখনাে ছবি নির্মাণ কৰে। তেওঁ নিৰ্মাণ কৰা ছবিয়েও দেশৰ ভিতৰে বাহিৰে সমাদৰ পাইছিল। জাহ্ন বৰুৱাই ‘ সাগৰলৈ বহুদূৰ’ ছবিৰ বাবে শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল। জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত আনকেইখনমান ছবি হল— হালধীয়া চৰায়ে বাও ধান খায়, বনানি, তৰা আদি।

পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ

প্রঃ চিত্ৰবন’ ষ্টুডিঅ’ কোনে নির্মাণ কৰিছিল?
উঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘চিত্ৰবন’ ষ্টুডিঅ’ নির্মাণ কৰিছিল।

প্র : ড° ভবেন্দ্রনাথ শইকীয়াই লাভ কৰা এটা বঁটাৰ নাম লিখা।
উ : ড° ভৱেন্দ্ৰনাথ শইকীয়াই ‘অগ্নিস্নান’ ছবিৰ বাবে শ্রেষ্ঠ চিত্রনাট্যৰ বঁটা লাভ কৰে।

প্রঃ জোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰা কথাছবি দুখনৰ নাম লিখা।
উ : জোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰা কথাছবি দুখনৰ নাম হ’ল—(১) জয়মতী আৰু (২) ইন্দ্ৰমালতী।

প্ৰ: অসমীয়া চলচ্চিত্র শিল্পলৈ ড° ভূপেন হাজৰিকাৰ অৱদান সম্পর্কে আলােচনা কৰা।

উ : অসমীয়া চলচ্চিত্র জগতলৈ ড° ভূপেন হাজৰিকাদেৱৰ অৱদান উল্লেখযোগ্য। তেখেতে পােন প্রথমে ১৯৫৬ চনত অসমীয়া চলচ্চিত্র জগতত প্রৱেশ কৰে। ১৯৫৬ চনত মুক্তি লাভ কৰা এৰা বাটৰ সুৰ নামৰ ড° হাজৰিকাদেৱৰ ছবিখন আছিল অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত। এই ছবিখনত ভূপেন হাজৰিকাই ভাৰতৰ বিখ্যাত সংগীত প্রতিভা লতা মংগেশকাৰ, হেমন্ত মুখার্জী আদিৰ কণ্ঠ ব্যৱহাৰ কৰি ছবিখনক এটি বহল প্রেক্ষাপটত চিনাকি কৰাই দিছিল। অসমীয়া ছবিৰ সীমিত বজাৰখন বঢ়োৱাৰ ক্ষেত্ৰত হাজৰিকা সদায়েই সচেতন আছিল আৰু সেই উদ্দেশ্যেই ১৯৬৫ চনত এটি খাচি লােককথাৰ ভেটিত তেওঁ ‘প্রতিধ্বনি’নামৰ এখন ছবি নির্মাণ কৰিছিল। এই ছবিখন তেওঁ খাচী ভাষালৈ ডাব’কৰি বাণিজ্যিকভাৱে মুক্তি দিছিল। হিন্দী ছবি তকদীৰ’ (ভাগ্য) তেওঁ অসমীয়ালৈ ডাব কৰাত আগভাগ লৈছিল আৰু পৰৱতী কালত সেই ছবি প্রযােজক ৰাজশ্রী প্রডাকছনৰ লগত যৌথ প্রযােজনাত নির্মাণ কৰিছিল ‘ চিকমিক বিজুলী’। এই ছবিখনেইহ’ল প্রতিষ্ঠিত চলচ্চিত্র প্রযােজক সংস্থা এটাই প্রযােজনা কৰা প্ৰথম অসমীয়া ছবি। অসমীয়া চলচ্চিত্র জগতত ছবি’ৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত প্রথম পুৰষ্কাৰ ড° ভূপেন হাজৰিকাই লাভ কৰিছিল। সতী বেউলা’ ছবিৰে সংগীত পৰিচালক হিচাপে আত্মপ্রকাশ কৰা হাজৰিকাই বহু অসমীয়া চিনেমাৰ সংগীত পৰিচালনা কৰিছে। চামেলি মেমচাব ছবিৰ পৰিচালনাৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্র প্রতিযােগিতাত শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা পাইছিল।

পাঠটোৰ পৰা ২০১৯ বৰ্ষত অহা প্ৰশ্নসমূহ

প্রঃ অসমীয়া চিনেমাৰ জনক কোন?
উ : অসমীয়া চিনেমাৰ জনক ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।

প্রঃ জয়মতী কথাছবিখন গুৱাহাটীত কোন চনৰ কোন তাৰিখে মুক্তিলাভ কৰিছিল।নাইবা – অসমীয়া চলচ্চিত্র শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পর্কে আলােচনা কৰা।
উঃ অসমীয়া চলচ্চিত্ৰৰ জনক হৈছে ৰূপকোঁৱৰ জোতিপ্রসাদ আগৰৱালা। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী’ নাটকৰ আলমত জ্যোতিপ্ৰসাদ আগৰৱালাই প্রথম অসমীয়া কথাছবি জয়মতী নির্মাণ কৰিছিল। তেওঁ জার্মানীত চলচ্চিত্র নির্মাণ প্রশিক্ষণ লৈ তেজপুৰৰ ভােলাগুৰি চাহ বাগিচাত ‘চিত্ৰবন’ নামেৰে ষ্টুডিঅ’ এটা সাজি তাত জয়মতী ছবিৰ দৃশ্যগ্ৰহণ কৰিছিল। তেওঁ এই ছবিখনৰ সম্পাদনা লাহােৰত কৰে। ১৯৩৫ চনৰ ১০ মার্চ তাৰিখে কলিকতাৰ ৰাউনাক’ প্রেক্ষাগৃহত ছবিখনৰ প্রদর্শনীৰ আয়ােজন কৰিছিল। তাৰ পাছত একেটা মাহৰ ২০ তাৰিখে গুৱাহাটীত ছবিখনে মুক্তি লাভ কৰে। প্ৰথম অসমীয়া ছবি হিচাপে জয়মতীৰ প্রতি অসমীয়া ৰাইজৰ আগ্রহ আছিল যদিও সা-সুবিধাৰ অভাৱ আৰু ব্যয়বহুলৰ বাবে এই ছবিখনত জ্যোতিপ্ৰসাদ আগৰৱালাই বহু টকা লােকচান ভৰিবলগীয়া হৈছিল। জয়মতীৰ পিছত জ্যোতিপ্রসাদে নিজৰ কাহিনীৰে ১৯৩৯ চনত ইন্দ্ৰমালতী নামেৰে দ্বিতীয়খন অসমীয়া ছবি নির্মাণ কৰি উলিয়াইছিল! এই ছবিখনে সফলতা লাভ কৰি জয়মতীৰ লােকচাননা পূৰণ কৰিছিল। এই ছবিখন,তেওঁ কলকাতাৰ অৰােৰা’ টুডিঅ’ত নির্মাণ কৰিছিল। ইয়াৰ লগে লগে তেওঁৰ চিত্ৰবন ষ্টুডিঅ’ বন্ধ হৈ কলকাতাৰ ষ্টুডিঅ’ই অসমীয়া ছবি নির্মাণ স্থলী হৈ পৰে। জয়মতীত আছিল জাতীয় গৌৰৱ কাহিনী আৰু ইন্দ্ৰমালতীত স্বাধীনতা আন্দোলনৰ ছবি আছিল। যি সময়ত অসমত ছবি নির্মাণৰ বাবে সা-সুবিধা নাছিল তেনে সময়তে জ্যোতিপ্রসাদ আগৰৱালাই ছবি নির্মাণ কৰি অসমীয়া জাতিক অৱদান দি থৈ গ’ল।

পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ

প্রঃ কাৰ্বি ভাষাৰ প্রথম ছবিখনৰ নাম কি? পৰিচালক গৰাকীৰ নাম লিখা।
উঃ কাৰ্বি ভাষাৰ প্রথম ছবিখনৰ নাম হ’ল– জিৰ চং। পৰিচালকগৰাকীৰ নাম হ’ল—প্রফুল্ল শইকীয়া।

প্রঃ ভূপেন হাজৰিকাই প্রতিধবনি ছবিখন কোন, জনগােষ্ঠীৰ লােককথাৰ ভেটিত নির্মাণ কৰিছিল?
উঃ ভূপেন হাজৰিকাই ‘প্রতিধ্বনি’ ছবিখন খাচি জনগােষ্ঠীৰ লােক কথাৰ ভেটিত নির্মাণ কৰিছিল।

প্রঃ জাংফাই জোনাক’ ছবি খনৰ পৰিচালক গৰাকীৰ নাম লিখা।
উ : ‘জাংফাই জোনাক’ ছবিখনৰ পৰিচালকগৰাকীৰ নাম হল – সঞ্জীৱ সভাপণ্ডিত।

প্রঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘ইন্দ্ৰমালতী” কথাছবিখন কোন চনত নির্মাণ কৰিছিল?
উঃ জ্যোতিপ্ৰসাদ আগৰৱালাই 1939 চনত ইন্দ্ৰমালতী ছবিখন নির্মাণ কৰিছিল।

প্রঃ মুকুতা ছবিখনৰ পৰিচালক কোন?
উ : মুকুতা’ ছবিখনৰ পৰিচালক হ’ল-ব্ৰজেন বৰুৱা।

প্রঃ ব্যাখ্যা কৰা – অসমীয়া চিনেমাই এতিয়াও আন্তর্জাতিক প্রেক্ষাপটত সবল খােজ দিব পৰা নাই।”
উঃ “…অসমীয়া চিনেমাই এতিয়াও আন্তর্জাতিক প্রেক্ষাপটত সবল খােজ দিব পৰা নাই।” উপৰােক্ত কথাষাৰি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত উৎপল দত্তৰ দ্বাৰা ৰচিত ‘অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা নামৰ পাঠটিৰ অন্তৰ্গত।
অসমীয়া চিনেমাজ গত আজিও আশানুৰূপভাৱে উন্নতিৰ দিশত আগবাঢ়িব পৰা নাই, তাকে বুজোৱাৰ প্ৰসংগত কথাষাৰিৰ অৱতাৰণা কৰা হৈছে।
দীর্ঘদিনীয়া ইতিহাস গৰকি আজিৰ এই অৱস্থাত উপনীত হোৱা অসমীয়া চিনেমাই কিন্তু আজিও আন্তর্জাতিক পর্যায়ত সবলভাৱে নিজৰ আসন দখল কৰিব পৰা নাই। প্রধানকৈ উপযুক্ত প্রযুক্তিবিদ্যাৰ অভাৱে আৰু অপর্যাপ্ত বাজেট এই ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিছে। হিন্দী ছবিৰ অত্যাধুনিক প্রযুক্তিবিদ্যা তথা এই ছবিসমূহ নির্মাণত কৰা প্ৰচুৰ ব্যয়ৰ ফলত এই ছবিসমূহ সহজে দর্শকৰ মনত আকর্ষণীয় হৈ পৰা দেখা যায়। ইয়াৰ বিপৰীতে হিন্দী ছবিসমূহৰ দৰে অত্যাধুনিক প্রযুক্তিবিদ্যাৰ অভাৱে অসমীয়া ছবিসমূহক দীর্ঘকালৰ পিছত দুর্বল কৰি ৰাখিছে। কিন্তু, বর্তমান সময়ত অসমীয়া ছবিসমূহৰ বহু পৰিমাণে অগ্রগতি হােৱা দেখা যায়। ভৱিষ্যতে ছবি নির্মাতাসকলে দর্শকৰ ৰুচিৰ প্রতি লক্ষ্য ৰাখি উপযুক্ত প্রযুক্তিবিদ্যাৰ প্ৰয়ােগেৰে ছবি নির্মাণৰ পথত আগবাঢ়িলে অসমীয়া ছবিয়েও এদিন আন্তর্জাতিক পর্যায়ত সগৌৰৱে থিয় দিব পাৰিব।

Leave a Comment