Class 12 Assamese Chapter 6 Question Answer | চিঠি প্ৰশ্ন উত্তৰ

আপুনি যদি অসমীয়া মাধ্যমত দ্বাদশ শ্ৰেণীত পঢ়ি আছে আৰু আপুনি আজি ইয়াত Class 12 Assamese Chapter 6 Question Answer বিচাৰি আহিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই, আমি আপোনালোকৰ বাবে Class 12 Assamese Chapter 6 Question Answer লৈ আহিছোঁ যত পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ দিয়াৰ লগতে আমি Previous Question Paper ৰ সম্পূৰ্ণ সমাধান দিবলৈ প্ৰয়াস কৰিছো।

Watch FREE Video Classes

আপুনি যদি আগন্তুক HS Final Exam ত অসমীয়া বিষয়ত ১০০% নম্বৰ লাভ কৰিব বিচাৰে তেন্তে এই লিখনিয়ে আপোনাক বহুত সহায় কৰিব।

Class 12 Assamese Chapter 6 Question Answer for HS Final Exam

ইয়াত আমি প্ৰথমতে পাঠ্যক্ৰমৰ অন্তৰ্গত প্ৰশ্ন উত্তৰ সমূহ আলোচনা কৰিবলৈ প্ৰয়াস কৰিছো আৰু ইয়াৰ লগতে আমি কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰও যোগান ধৰাৰ প্ৰয়াস কৰিছো। ইয়াৰ লগতে 2015 -2020 HS Final Exam ত অহা প্ৰশ্ন উত্তৰ আমি আপোনাৰ বাবে ইয়াত সন্নিবিষ্ট কৰিছো। তেন্তে আহক, আমি আজি Class 12 Assamese Chapter 6 Question Answer সমূহ আলোচনা কৰোঁ।

Class 12 Assamese Chapter 6 Question Answer

অতি চমু প্ৰশ্ন উত্তৰ

১। ‘চিঠি’ গল্পটো শীলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘চিঠি’ গল্পটো শীলভদ্ৰৰ ১৯৯৪ চনত প্ৰকাশিত ‘চিঠি আৰু অন্যান্য গল্প’ সংকলনৰ পৰা লোৱা হৈছে।

২।শীলভদ্রই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?
উত্তৰঃ শীলভদ্রই ১৯৯৪ চনত ‘মধুপুৰ বহু দূৰ’ গল্প সংকলনৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।

৩। কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল?
উত্তৰঃ ভূদেৱ চৌধুৰীয়ে তেওঁৰ ঘনিষ্ঠ বন্ধু প্রশান্ত শর্মাৰ চিঠিৰ বাবে অপেক্ষা কৰি আছিল।

৪। প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল?
উত্তৰঃ প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক প্রশান্ত শৰ্মাৰ ভতিজা ল’ৰাজনে দিছিল।

৫। ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল?
উত্তৰঃ ভূদেৱ চৌধুৰী বিয়াৰ পিছত কিছুমান অসুবিধাৰ কাৰণে কিছুদিন অকলে বাগানত আছিল। আৰু তেওঁৰ পৰিবাৰক গাঁৱৰ ঘৰত ৰাখিছিল।তেতিয়া তেওঁৰ পৰিবাৰৰ পৰা তেওঁলৈ চিঠি আহিছিল।এই চিঠিখন সোনকালে পাবলৈ তেওঁ টিংখঙত থকা ডাকঘৰলৈ গৈছিল,যাৰ দূৰত্ব আছিল কমেও চাৰি মাইল।

চমু প্ৰশ্ন উত্তৰ

১। ‘চিঠি’ গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে ?
উত্তৰঃ ‘চিঠি’ গল্পটোত ভূদেৱ চৌধুৰীয়ে তেওঁৰ বন্ধু প্রশান্ত শর্মাৰ চিঠিৰ বাবে আৰু যেতিয়া ভূদেৱ চৌধুৰী বিয়াৰ পিছত কিছুমান অসুবিধাৰ কাৰণে বাগানত আছিল,তেতিয়া তেওঁৰ পৰিবাৰক কিছু দিনৰ বাবে গাঁৱৰ ঘৰত থৈ গৈছিল। সেয়েহে চৌধুৰীয়ে পৰিবাৰৰ চিঠিৰ বাবে ব্যাকুল অপেক্ষা কৰাৰ কথা কৈছে।

২। শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম লিখা।
উত্তৰঃ শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম হ’ল-১৯৯০ চনত ‘অনুসন্ধান’ উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা আৰু সাহিত্যক্ষেত্রলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ২০০২ চনত তেওঁক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয়।

৩। ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মালৈ কিয় চিঠি লিখিছিল?
উত্তৰঃ ভূদেৱ চৌধুৰী আৰু প্রশান্ত শর্মা দুয়ো হৈছে ঘনিষ্ঠ বন্ধু। দুয়োৰে বয়স হৈছে।তেওঁলোক দুয়ো একে চহৰৰ দুই প্রান্তত থাকে।যোগসূত্ৰ ৰাখিবলৈ গাড়ী,ফোন নাই।ইমান ঘনিষ্ঠ বন্ধু কিন্তু পৰপস্পৰৰ চিঠিপত্ৰ লিখাৰ অভ্যাস নাই।কিন্তু বহু দিন তেওঁলোকৰ মাজত কোনো যোগাযোগ নথকাত ভূদেৱ চৌধুৰীয়ে হঠাতে এদিন বন্ধু প্রশান্তৰ লগত যোগাযোগ স্থাপনৰ বাবে চিঠি লিখিছিল।

৪। কাৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যৱান ?
উত্তৰঃ চিঠি এখনেই চিঠিৰ মূল্য।কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে ।কাৰণ তেওঁ আছিল এজন বিশ্ববিখ্যাত কবি আৰু সাহিত্যিক।পৰিচিত-অপৰিচিত অজস্ৰ মানুহে তেওঁক চিঠি দিছিল।সাধাৰণতে এজন বিখ্যাত মানুহৰ বিষয়ে জানিবলৈ সকলোৰে কৌতুহল জন্মে।সেইবাবে ৰবীন্দ্রনাথ ঠাকুৰৰ চিঠি মূল্যৱান বুলি ভবা হয়।আৰু সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে ।

৫। বর্তমান সময়ত চিঠিৰ প্রাসঙ্গিকতা কিয় কমি গ’ল?
উত্তৰঃ বর্তমান সময় হৈছে আধুনিক প্ৰযুক্তি বিদ্যাৰ সময়।কোনো এটা কাম কিমান সোনকালে আৰু কম সময়ত কৰিব পাৰি তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়।মবাইল ফোন, ইন্টাৰনেট, টেলিফোন কম্পিউটাৰ আদি হৈছে ইয়াৰ বাবে একো একোটি উত্তম মাধ্যম,যাৰ যোগেদি অতি দ্রুতভাৱে যোগাযো সম্ভৱ হয়।সেয়ে ইয়াৰ বহুল প্ৰয়োগৰ বাবে চিঠিৰ প্রাসঙ্গিকতা বর্তমান সময়ত কম হোৱা দেখা যায়।

ওপৰঞ্চি প্ৰশ্ন

১। শীলভদ্ৰ কোন যুগৰ লেখক আছিল?
উত্তৰঃ শীলভদ্ৰ ৰামধেনু যুগৰ লেখক আছিল।

২। শীলভদ্ৰৰ প্রকৃত নাম কি আছিল?
উত্তৰঃ শীলভদ্ৰৰ প্রকৃত নাম আছিল ৰেৱতীমোহন দত্ত চৌধুৰী।

৩। শীলভদ্ৰই কিহেৰে সাহিত্যিক জীৱনৰ আৰম্ভ কৰিছিল?
উত্তৰঃ শীলভদ্ৰই উপন্যাসেৰে সাহিত্যিক জীৱনৰ আৰম্ভ কৰিছিল।

৪। তেওঁৰ প্রথম গল্প সংকলনখন কি আৰু কেতিয়া প্রকাশ পায় ?
উত্তৰঃ তেওঁৰ প্রথম গল্প সংকলনখন হ’ল ‘বাস্তৱ’। আৰু এইখন ১৯৭৫ চনত প্রকাশ পায়।

৫। তেওঁৰ দুখন গল্প সংকলনৰ নাম লিখা।
উত্তৰঃ কোনো ক্ষোভ নাই, সমুদ্রতীৰ।

৬। শীলভদ্রই অনুবাদ কৰা গ্ৰন্থদুখনৰ নাম কি কি?
উত্তৰঃ শীলভদ্রই অনুবাদ কৰা গ্ৰন্থদুখনৰ নাম হ’ল- ‘ৰিপভান উইংকল আৰু কেইটামান গল্প’আৰু ‘ৰূপান্তৰ’।

৭। তেওঁ কিমান চনত কোনখন গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদ বঁটা লাভ কৰে?
উত্তৰঃ তেওঁ ১৯৯২ চনত ‘দায়িত্ব আৰু অন্যান্য গল্প’ শীর্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদ বঁটা লাভ কৰে।

৮। টিংখঙৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নাম কি আছিল?
উত্তৰঃ টিংখঙৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নাম আছিল ফাগু।

৯। চুটি গল্পৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ চুটি গল্পৰ দুটা বৈশিষ্ট্য হ’ল- i) চুটিগল্পৰ আৰম্ভণি আকস্মিক হয়। ii)চুটিগল্প কম পৰিসৰৰ আৰু কম চৰিত্ৰৰ হয়।

পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ

প্রঃ শীলভদ্ৰৰ প্রকৃত নাম কি?
উঃ শীলভদ্ৰৰ প্ৰকৃত নাম হ’ল—ৰেৱতীমােহন দত্ত চৌধুৰী। সাহিত্য ৰচনাৰ বাবে তেওঁ শীলভদ্র ছদ্মনাম গ্রহণ কৰে।

প্রঃ শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম লিখা। (F-2018)
উঃ শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম হ’ল——(১) সাহিত্য অকাডেমী বঁটা আৰু (2) অসম উপত্যকা সাহিত্য বঁটা।

প্রঃ ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মালৈ কিয় চিঠি লিখিছিল?
উ : প্রশান্ত শর্মা ভূদেৱ চৌধুৰীৰ বাল্যকালৰ ঘনিষ্ঠ আছিল। দুয়ােজন একেখন চহৰৰে ভিন্ন প্রান্তত থাকে যদিও সুদীর্ঘ বছৰ ধৰি তেওঁলােকৰ মাজত কোনাে যােগাযােগ নাছিল। আজি-কালিৰ আনুষংগিক সা-সুবিধা যেনে— গাড়ী, মবাইলফোন তেওঁলােকৰ এজনৰাে নাছিল। সেয়েহে যােগাযােগ স্থাপনৰ বাবে ভূদেৱ চৌধুৰীয়ে বন্ধুলৈ চিঠি লিখিছিল।

পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ

প্রঃ শীলভদ্রই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উঃ শীলভদ্রই ‘মধুপুৰ বহু দূৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

প্রঃ ‘চিঠি’ গল্পটি নামকৰণৰ সার্থকতা বিচাৰ কৰ। (F-2020)
উ : ‘চিঠি’ গল্পটো শীলভদ্ৰদেৱৰ এটা সুন্দৰ চুটি গল্প। সাধাৰণতে গল্পৰ নামকৰণৰ মাজত কেইবাটাও কথা জড়িত হৈ থাকে, যেনে-(১) বিষয়বস্তুৰ ইংগিত (২) মূল চৰিত্ৰৰ পৰিচয় (৩) কেন্দ্রীয় ভাব ইত্যাদি।

‘চিঠি’ গল্পটোৰ নামটোৰ লগত বিষয়বস্তুৰ ইংগিত কেন্দ্রীয় ভাব দুয়ােটা কথা জড়িত হৈ আছে। গল্পটোৰ বিষয়বস্তু চিঠিক লৈয়ে গঢ় লৈ উঠিছে। এজন ব্যক্তিয়ে প্রখ্যাত সাহিত্যিক ৰবীন্দ্রনাথ ঠাকুৰলৈ অহা আৰু ৰবীন্দ্রনাথ ঠাকুৰে বিভিন্নজনলৈ দিয়া চিঠিবােৰৰ গুৰুত্বৰ কথা কোৱা হৈছে। লগতে ব্যক্তিজনে ঘৰৰপৰা কিছুদিন আঁতৰত থাকোতে পত্নীৰ, চিঠিৰ বাবে অধীৰভাৱে অপেক্ষা কৰাৰ কথাও কোৱা হৈছে। আনহাতে এখন চিঠিয়েই হৈ পৰিছে গল্পটোৰ কেন্দ্রীয় বিষয়। ভূদেৱ চৌধুৰীয়ে বন্ধু প্রশান্ত শর্মালৈ প্ৰেৰণ কৰা চিঠিখনকে কেন্দ্ৰ কৰি দুখন ঘৰত উৎকণ্ঠা আৰু আনন্দৰ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা প্রশান্ত শর্মাৰ মৃত্যু হােৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চৌধুৰীৰ সেই আশাৰাে মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ ল’বলৈ যােৱা ভূদেৱ চৌধুৰীক সকলােৱে চিঠিখনৰ কথাকেই কৈছে। এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে, গল্পটিৰ নামকৰণ সার্থক হৈছে।

পাঠটোৰ পৰা ২০১৯ বৰ্ষত অহা প্ৰশ্নসমূহ

প্রঃ শীলভদ্রই কোনখন উপন্যাসৰ বাবে, কোন চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল?
উ : শীলভদ্রই অনুসন্ধান নামৰ উপন্যাসখনৰ বাবে ১৯৯০ চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল।

প্রঃ বাগানত কৰ্মৰত অৱস্থাত ভুদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে ব্যাকুলভাৱে প্রতীক্ষা কৰিছিল?
উঃ বাগানত কৰ্মৰত অৱস্থাত গাঁৱত থকা পৰিবাৰৰ চিঠি বাবে ভূদেৱ চৌধুৰীয়ে ব্যাকুলভাৱে প্রতীক্ষা কৰিছিল।

প্রঃ টিংখং বাগানৰ ডাক অনা-নিয়া কৰা বনুৱাজনৰু নাম কি আছিল?
উ : টিংখং বাগানৰ ডাক অনা-নিয়া কৰা বনুৱাজনৰ নাম আছিল ফাগু।

প্রঃ চুটিগল্পৰ কেইটামান বৈশিষ্ট্য লিখা।
উ: চুটিগল্পৰ কেইটামান বৈশিষ্ট্য হৈছে—(১) চুটিগল্প আৰম্ভণি সদায় আকস্মিক হয়। (২) ভাৱৰ একমুখিত চুটিগল্প অন্যতম বৈশিষ্ট্য। (৩) চুটিগল্পৰ সামৰণি নাটকীয়। (৪) কম চৰিত্ৰৰ সমাৱেশ ঘটে। (৫) চুটিগল্পত বহুবল্কিতা বর্জনীয় (৬) চুটিগল্পৰ জীৱনৰ পূর্ণচিত্ৰৰ বিপৰীতে কোনাে নির্দিষ্ট দিশৰ উপস্থাপন ঘটে।

পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ

প্রঃশীলভদ্ৰৰ প্ৰথম গল্প সংকলনটিৰ নাম কি?
উঃ শীলভদ্ৰৰ প্রথম গল্প সংকলনটিৰ নাম হ’ল– ১৯৭৫ চনত প্ৰকাশিত বাস্তৱ।

প্র: বর্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ’ল?
উঃ বর্তমান সময়ত ইলেকট্রনিক মাধ্যম যেনে—ইণ্টাৰনেট, মােবাইলফোন আদিৰ বহুল ব্যৱহাৰ হােৱাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গৈছে। ফলত চিঠি লিখাৰ অভ্যাস কমি গৈছে। বর্তমান এই আধুনিক মাধ্যমৰ দ্বাৰা মানুহৰ মাজৰ যােগাযোেগ দ্রুত হৈ উঠাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গ’ল আৰু অতীতৰ দৰে চিঠিৰ আদান-প্রদান নােহােৱা হৈ পৰিল। তথাপি চিঠি এখন আহিলে মনটো যে কিমান ভাল লাগে। এখন চিঠিৰ গুৰুত্ব যথেষ্ট আছে। নহলেনোে ৰবীন্দ্রনাথ ঠাকুৰৰ চিঠিবােৰ আজিও কাকত- আলােচনীত প্ৰকাশ হৈ থাকেনে।

2 thoughts on “Class 12 Assamese Chapter 6 Question Answer | চিঠি প্ৰশ্ন উত্তৰ”

Leave a Comment