Class 10 Assamese Chapter 14 Question Answer | ধৰ ঝাৰু ধৰ ভাই

অসম কেশৰী অম্বিকাগিৰী  ৰায়চৌধুৰীৰ দ্বাৰা ৰচিত “ধৰ ঝাৰু ধৰ ভাই” নামৰ Class 10 Assamese Chapter 14 Question Answer ৰ বিষয়ে আজি আমি আলোচনা কৰিব গৈ আছোঁ।

Class 10 Assamese Chapter 14 Question Answer

Class 10 Assamese Chapter 14 Question Answer 2024

মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধবী সকল আজি আমি কানাইৰ চাতুৰী নামৰ Class 10 Assamese Chapter 13 Question Answer ৰ পিছত আকৌ আপোনালোকৰ বাবে লৈ আহিছোঁ ধৰ ঝাৰু ধৰ ভাই নামৰ Class 10 Assamese Chapter 14 Question Answer যত আলোচনা হব কবিতাৰ মূলভাৱ, অতি চমু  আৰু চমু প্ৰশ্ন উত্তৰ, ব্যাখ্যা আৰু ভাষা বিষয়ক প্ৰশ্নৰ উত্তৰ। যদি আপুনি আগন্তুক HSLC 2024 ৰ পৰীক্ষাৰ্থী তেন্তে এই প্ৰশ্ন উত্তৰে আপোনাক বহুত সহায় কৰিব বুলি আমি আশাবাদী।

ধৰ ঝাৰু ধৰ ভাই

ধৰ ঝাডু ধৰ ভাই !
আৰু চাবৰ সময় নাই-
চাই থাকোঁতে মুখত কেৱল
ভৰিল কাজল-ছাই ।

সাতাম পুৰুষৰ
আহা! সোণৰ চোতাল ঘৰ
কত যুগৰ ভূঁহুৰ পৰি
আছে যে পোত খাই ।

কৰিলিতো ইমান দিনে
পৰ গোলামি হীনে-ঘিণে-
পূজা দিলি পৰ চৰণত
জীৱন ঢালি ধাৰে-ঋণে-
হ’ল এৱে তোৰ সময় হ’বৰ
জাতিৰ ঝাডুদাৰ যে ভাই ।

হিংসা-দ্বেষৰ, ভেদাভেদৰ,
ঘৃণা-ঘৃণি স্বার্থ ভেমৰ
কত যে কি মলি-মামৰ
ভৰি জাতিৰ জীৱন যায়,-
ধৰ ঝাডু ধৰ ভাই
বীৰ-বেশেৰে ধৰ ঝাডু ধৰ
জাতিৰ জীৱন কৰ মনোহৰ
সাৰি-পুছি চুকে-কোণে
যত যি আছে জাহি-জাবৰ

নহ’লে যে বিশ্ব-সভাত
নহ’ব তোৰ বহাৰ ঠাই ।

ধৰ ঝাৰু ধৰ ভাই মূলভাৱ

প্ৰতিটো কবিতাৰ মূল বিষয়বস্তু হল কবিতাৰ মূলভাৱ আৰু কিছু শব্দ-অৰ্থ । সেই গতিকে আমি প্ৰথমতে অসম  কেশৰী অম্বিকাগিৰী  ৰায়চৌধুৰীৰ ধৰ ঝাৰু ধৰ ভাই কবিতাৰ মূলভাৱ আলোচনা কৰিব গৈ আছোঁ।

ধৰ ঝাড়ু ধৰ  ভাই  ‘ কবিতাটিৰ  কবি  অম্বিকাগিৰী  ৰায়চৌধুৰীদেৱে  সকলোধৰণৰ  হিংসা , গোলামি তথা  পৰাধীনতাৰ  পৰা  সকলোকে  একগোট  হ’বলৈ  আহ্বান  জনাইছে ৷ অসম কেইবাযুগো  ধৰি  ইংৰাজৰ  শাসনৰ  অধীনত  আছিল৷  সেই  সময়ত  অসমৰ  নিজস্ব  ঐতিিহ্য  তথা  গৰিমা  কাণৰ  বুকুত  হেৰুওৱাৰ  উপক্ৰম  হৈছিল অসমীয়া  জাতিটোৰ  অস্তিত্ব  বিপন্ন হৈছিল৷

তথাপি  অসমৰ  মানুহৰ  জাতীয়  চেতনা  জাগ্ৰত  হোৱা  নাছিল ৷ স্বাৰ্থ  ৰক্ষাৰ  বাবে বহুলোকে ইংৰাজৰ  তলত  গোলামিহে  খাটিছিল ৷ ব্যক্তিগত  লাভৰ  বাবে  এজন  অসমীয়াই আন  এজন  অসমীয়াক হিংসা  কৰিছিল  ৷ ঘৃণাৰ  জুয়ে  জাতিটোক  পুৰি  মুখত  ছাই  সানিছিল ৷ এনে  এক  পৰিৱেশ  কবিয়ে  সহিব  পৰা  নাছিল ৷

ভাৰতৰ  স্বাধীনতা  আন্দোলনৰ  অংশীদাৰ  আছিল  কবি  ৷ দেশ  তথা জাতিক  তেওঁ  বজ্ৰকণ্ঠে আহ্বান  জনাইছিল মুক্তিৰ  বাবে  যুঁজিবলৈ ৷ নিজৰ  মাজত  থকা  অসূয়া- অপ্ৰীতি দূৰ  কৰি জাতিৰ অস্তিত্ব  উদ্ধাৰৰ বাবে  অগুৱাই  আহিবলৈ  কৈছিল ৷ এই  সংগ্ৰামত  জনতাক  বীৰ বেশেৰে  উপস্থিত  থাকিবলৈও  তেওঁ নিৰ্দেশ  দিছিল ৷ নিজৰ  মাজত  থকা  বেয়াখিনিক  জাৱৰ জ্ঞান কৰি সেইবোৰ  চাফা  কৰি  পেলাবলৈও দেশৰ  মানুহক  তেওঁ  কৈছিল ৷ এগৰাকী ঝাড়ুদাৰে যেনেদৰে  ঘৰৰ চুক-কোণ সাৰি -পুছি  চিকুনাই  ৰাখে , তেনেদৰে  মানুহকো নিজৰ  মাজত থকা  ভেদাভেদ , ঘৃণা , হিংসা-বিদ্বেষ আদি  আঁতৰাই  একগোট  হৈ  দেশৰ  স্বাধীনতাৰ হকে  যুঁজিবলৈ  নিজৰ কণ্ঠৰে আহ্বান জনাইছিল ৷

কবিয়ে  ইয়াকো  কৈছিল যে  অসমীয়াই  সকলো  ভেদ-ভাব আঁতৰাই  সময়  থাকোঁতেই ইংৰাজৰ  বিৰুদ্ধে  নুযুঁজিলে  অসমৰ  স্থান  বিশ্বৰ  চকুত  অৱনমিত  হ’ব ৷

কবিতাটি  স্বদেশ  প্ৰেমৰ  ভাৱেৰে  ভৰি  আছে  য’ত  তেওঁ দেশমাতৃৰ  অস্তিত্ব  সুৰক্ষিত কৰাৰ  সংগ্ৰামত জয়ী হ’ব  বিচাৰিছে ৷ কবিতাটি পঢ়ি  প্ৰতিগৰাকী  পাঠকে  নিজকে  দেশৰ  বাবে  ঝাড়ুদাৰৰ  ৰূপত কল্পনা  কৰিব পাৰে আৰু  এয়াই  কবিৰ  সাৰ্থকতা৷

অতি  চমু প্ৰশ্নৰ  উত্তৰ

(ক) অম্বিকাগিৰী  ৰায়চৌধুৰীক  কি  আখ্যা দিয়া  হয়  ?
উত্তৰ:  অসম কেশৰী ৷

(খ) সাতামপুৰুষীয়  ‘ সোণৰ  চোতাল-ঘৰ ‘ কিহৰে  পোত  খাই  আছে  বুলি  কবিয়ে  কৈছে ?
উত্তৰ:
 বহু  যুগৰ  ভূঁহুৰ  পৰি  পোত  খাই  আছে ৷

(গ) জাতিৰ  জীৱন  মনোহৰ  কৰিবলৈ  কবিয়ে  কি  বেশেৰে  ঝাড়ু  ধৰিবলৈ কৈছে ?
উত্তৰ:
 ঝাড়ুদাৰ  বেশেৰে ৷

(ঘ) কবিয়ে  চাই  থাকোঁতে  থাকোঁতে  মুখ  কিহৰে  ভৰি  পৰিল  বুলিছে  ?
উত্তৰ:
 কাজল -ছাইৰে  ৷

চমু প্ৰশ্নৰ  উত্তৰ

2/ ‘ হ’ল  এৱে  তোৰ  সময়  হ’বৰ
জাতিৰ  ঝাড়ুদাৰ  যে  ভাই  ৷ ‘
-ইয়াত  কবিয়ে  কি  কাৰণে  ‘ জাতিৰ  ঝাড়ুদাৰ ‘ হোৱাৰ  সময়  হ’লহি  বুলি  সকীয়াই  দিছে ?

উত্তৰ:   কেইবাযুগো  ধৰি অসমীয়া জাতি  ইংৰাজৰ  শাসনৰ  অধীনত  আছিল যাৰফলস্বৰূপে  নিজস্ব  ঐতিহ্য  তথা  গৰিমা  কাণৰ  বুকুত  হেৰুওৱাৰ  উপৰিও জাতিটোৰ  অস্তিত্ব  বিপন্ন  হৈছিল ৷ তথাপি  অসমৰ  মানুহৰ  জাতীয়  চেতনা  জাগ্ৰত  হোৱা  নাছিল ৷ স্বাৰ্থ  ৰক্ষাৰ  বাবে বহুলোকে ইংৰাজৰ  তলত  গোলামিহে  খাটিছিল আৰু ধাৰে ঋণে ভৰি পৰিছিল ৷  ব্যক্তিগত  লাভৰ  বাবে  এজন  অসমীয়াই  আন  এজন  অসমীয়াক হিংসা  কৰিছিল  ৷ ঘৃণাৰ  জুয়ে  জাতিটোক  পুৰি  মুখত  ছাই  সানিছিল ৷ এনে  এক  পৰিৱেশ  কবিয়ে  সহিব  পৰা  নাছিল ৷ সেইবাবে  তেওঁ  সকলোকে নিজৰ জাতিটোৰ অস্তিত্ব ৰক্ষাৰ বাবে  ‘জাতিৰ ঝাড়ুদাৰ হোৱাৰ  সময়  হ’ল বুলি সকীয়াই  দিছে ৷

৩/ ‘নহ’লে  যে  বিশ্ব  সভাত
নহ’ব  তোৰ বহাৰ  ঠাই  ৷ ‘
— বিশ্ব  সভাত  বহাৰ  ঠাই  পাবলৈ  কবিয়ে  কি  কৰিবলৈ নিৰ্দেশ  দিছে  ?

উত্তৰ: কবিয়ে  সকলোকে নিজৰ জাতিটোৰ অস্তিত্ব ৰক্ষাৰ বাবে তথা বিশ্বত নিজৰ স্থান অটুট ৰাখিবলৈ   ‘জাতিৰ ঝাড়ুদাৰ হ’বলৈ  নিৰ্দেশ  দিছে ৷ ইয়াৰ  বাবে  তেওঁ নিজৰ জাতিৰ চুকে -কোণে  থকা হিংসা , ঘৃণাৰ জাহি -জাবৰ চাফা কৰিবলৈ  বীৰ  বেশেৰে  ঝাড়ু  মাৰিবলৈ  নিৰ্দেশ  দিছে ৷

৪/ ‘ধৰ ঝাডু ধৰ  ভাই  ‘ — কবিতাটিৰ  মূলভাৱ  লিখা ৷
উত্তৰ:
 প্ৰথমতে কবিতাটোৰ মূলভাৱ উল্লেখ কৰা হৈছে তাৰ পৰা আপুনি লব পাৰে।

ব্যাখ্যা  কৰা

৫/ (ক) হিংসা -দ্বেষৰ  , ভেদাভেদৰ  ,
     ঘৃণা – ঘৃণি  স্বাৰ্থ  ভেমৰ
      কত  যে  কি  মলি-মামৰ
      ভৰি জাতিৰ  জীৱন যায় ৷

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি  ” অসমীয়া  সাহিত্য  চয়নিকা ‘ ৰ অন্তৰ্গত অম্বিকাগিৰী  ৰায়চৌধুৰীদেৱে   বিৰচিত ‘ধৰ ঝাডু  ধৰ  ভাই  ‘  নামৰ  কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।

পৰাধীনতাৰ  শিকলিয়ে  অসমীয়া  জাতিৰ  অস্তিত্ব  কিদৰে  নিঃশেষ কৰি  পেলাইছিল  তাকে  ক’বলৈ  কবিয়ে এই  কবিতাফাঁকিৰ  অৱতাৰণা  কৰিছে ৷ 

যুগ  যুগ  ধৰি  অসম  ইংৰাজৰ  তলতীয়া  হৈ  আছিল  ৷ শাসনকাল  যুগমীয়া  কৰিবলৈ  ইংৰাজে  আশ্ৰয়  লৈছিল  বিভাজন  নীতিৰ ৷ মানুহৰ  মাজত  সৃষ্টি  কৰিছিল  হিংসা -অসুয়া , ভেদাভেদ আৰু  ঘৃণা ৷ ইংৰাজৰ প্ৰলোভনত  ভোল  গৈ স্বাৰ্থাম্বেষী হৈ পৰিছিল অসমৰ  বহু জনগণ ৷ নিজৰ  জাতি  তথা দেশৰ  স্বকীয়  অস্তিত্বৰ  কথা  পাহৰি  মানুহে  নিজ  ভেম -অহংকাৰ  ৰক্ষাত  গুৰুত্ব  দিছিল ৷ ফলত  সকলো  এৰি যুগৰ  পাছত  যুগ  মানুহে  গোলামি  খাটিছিল ইংৰাজৰ  বাবে ৷ অসমৰ  জনগণৰ  জাতীয়  চেতনাৰ  অভাৱত  জাতিটো  মৃতপ্ৰায়  অৱস্থাত উপনীত হৈছিল ৷  

(খ) ধৰ ঝাডু  ধৰ  ভাই  ৷
      আৰু  চাবৰ  সময়  নাই —
     চাই  থাকোঁতে  মুখত  কেৱল
      ভৰিল কাজল  -ছাই ৷

উত্তৰ:  উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি  ” অসমীয়া  সাহিত্য  চয়নিকা ‘ ৰ অন্তৰ্গত অম্বিকাগিৰী  ৰায়চৌধুৰীদেৱে   বিৰচিত ‘ধৰ ঝাডু  ধৰ  ভাই  ‘  নামৰ  কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।

পৰাধীন  অসমৰ  মানুহক  সজাগ  কৰিবলৈ  কবিয়ে  এই  কবিতাফাঁকি  প্ৰকাশ  কৰিছে ৷

অসমক  বহু  বছৰ  ধৰি  শাসন  কৰিছিল  ইংৰাজে  ৷ নিজৰ  মাজত  মিলা-প্ৰীতি  নথকাৰ বাবে  আৰু  স্বাৰ্থপৰ  মনোবৃত্তিৰ বাবে  জাতিটোৰ গোলামিৰ  পৰা  মুক্ত হ’ব  পৰা  নাছিল ৷ নিজস্ব ঐতিহ্য , অস্তিত্ব ৰক্ষাৰ কথা পাহৰি া সমৰ  মানুহে  কেৱল  ইংৰাজৰ  তাত  দিন  কটাইছিল ৷  ফলত  অসম মৃত জাতি আৰু দেশত পৰিণত  হোৱাৰ  উপক্ৰম  হৈছিল ৷ তাকে  দেখি  কবিয়ে হাহকাৰ  কৰি  উঠিছিল ৷ দেশবাসীক  আহ্বান  জনাইছিল দেশৰ  হকে  যুঁজ  দিবৰ  বাবে ওলাই  আহিবলে ৷ দেশৰ  পৰাধীনতাক কবিয়ে কাজল-ছাইৰ লগত  তুলনা  কৰিছে আৰ  সেই  ছাই , পৰিস্কাৰ কৰিবলৈ অসমবাসিক  ঝাড়ুদাৰ  হ’বলৈ নিৰ্দেশ  দিছে ৷ ঝাড়ুদাৰে যিদৰে  চোতাল  ঘৰ  সাৰি -পুছি চিকুনাই  তোলে ৷ ঠিক  একেদৰেই  সময়  থাঁকোতেই অসমীয়াইও চৌপাশে থকা  ইংৰাজ  শাসনক  খেদি  অসমক  জাতি উদ্ধাৰ কৰিবৰ  সময়  হ’ল ৷  

৬/ ‘ধৰ ঝাডু  ধৰ  ভাই  ‘ —কবিতাটিৰ  মাজেৰে  কবি  ৰায়চৌধুৰীৰ  স্বদেশপ্ৰেমৰ  ভাব  কিদৰে  প্ৰকাশ পাইছে  লিখা ৷

উত্তৰ: ‘ধৰ ঝাডু  ধৰ  ভাই  ‘ —কবিতাটিৰ   মুল  সুৰটোৱেই  হৈছে  স্বদেশপ্ৰেম  ৷ কবি  অম্বিকাগিৰী  ৰায়চৌধাৰী জাতীয়তাবাদী  চিন্তাধাৰাৰে পৰিপুষ্ট লোক ৷ জাতি  তথা  দেশৰ  উন্নতিৰ  বাবে  তেওঁ সদা উন্মখ  হৈ  আছিল ৷ এটা  সময়ত  অসম  ইংৰাজৰ  শাসনৰ  অধীনত  আছিল ৷ এটা  সময়ত  অসম  ইংৰাজৰ  শাসনৰ  অধীনত  আছিল   তথা গোলামি  খাটিবলগীয়া  হৈছিল ৷ ইংৰাজে  বিভেদৰ  ৰাজনীতিৰে  অসমৰ  জনগণৰ মাজত  বিয়পাই  দিছিল  ঘৃণা , অসূয়া ভেদাভেদৰ ভাব ৷ ফলত  নিজৰ  মাজত  অসমীয়া  পৰ  আছিল ৷ স্বাৰ্থপৰতাক প্ৰশয়  দি  ইংৰাজৰ  হকে  কাম  কৰি  বহু  অসমীয়াই এনে  কাৰ্যৰে  নিজৰ গাতে  কালিমা  সানিছিল ৷ কবিৰ  দেশপ্ৰেমিক  মনে  এইবোৰ  কথা  সহিব  পৰা  নাছিল ৷

মহাত্মা গান্ধীৰ  নেতৃত্বত  দেশজুৰি  চলা  আন্দোলনত  তেওঁ  আছিল  অক্লান্ত  কৰ্মী ৷ আন্দোলন  কৰি  কাৰবাস  খটাৰ  সময়ত  ৰচনা  কৰা  কবিতাটোত  সেয়ে  তেওঁৰ  দেশপ্ৰেম  উজ্বলি  উঠিছে ৷ এই  সংগ্ৰামত  জনতাক  বীৰ  বেশেৰে  উপস্থিত  থাকিবলৈও  তেওঁ নিৰ্দেশ  দিছিল ৷ নিজৰ  মাজত  থকা  বেয়াখিনিক  জাৱৰ  জ্ঞান কৰি সেইবোৰ  চাফা  কৰি  পেলাবলৈও দেশৰ  মানুহক  তেওঁ  কৈছিল ৷ এগৰাকী ঝাড়ুদাৰে যেনেদৰে  ঘৰৰ চুক-কোণ সাৰি -পুছি  চিকুনাই  ৰাখে , তেনেদৰে  মানুহকো নিজৰ  মাজত  থকা  ভেদাভেদ , ঘৃণা , হিংসা-বিদ্বেষ আদি  আঁতৰাই  একগোট  হৈ  দেশৰ  স্বাধীনতাৰ হকে  যুঁজিবলৈ  নিজৰ কণ্ঠৰে আহ্বান জনাইছিল ৷

এনেদৰেই  কবিয়ে কবিতাটিৰ  মাজেৰে  স্বদেশপ্ৰেমৰ  ভাব  প্ৰকাশ  কৰিছে ৷

ভাষা বিষয়ক প্ৰশ্নৰ উত্তৰ

১/ বাক্য  ৰচনা  কৰা: হীনে –ঘিণে,  ধাৰে – ঋণে,  ঘৃণা-ঘৃণি, জাহি –জাবৰ, সাৰি –পুছি, মলি -মামৰ

উত্তৰ:

  • হীনে -ঘিণে: ইংৰাজৰ  শাসনকালত  কিছুমান  অসমীয়াই  হীনে-ঘিণে  ইংৰাজৰ  গোলামি  কৰিছিল ৷
  • ধাৰে – ঋণে:  আয় বুজি  খৰচ কৰিব নাজানিলে  ধাৰে -ঋণে  মানুহে মৰিবলগীয়া হয় ৷
  • ঘৃণা-ঘৃণি: মানুহে  মনৰ  পৰা  ঘৃণা-ঘৃণি ভাব  আতঁৰাই  চলিলে  আমাৰ  সমাজ খন  সুস্থ  হৈ  থাকিব ৷
  • জাহি –জাবৰ: আমাৰ  পৰিৱেশৰ পৰা  জাহি-জাবৰবোৰ  আঁতৰাই  ৰাখিলে পাৰিৱেশখন  চাফা হৈ  থাকে ৷
  • সাৰি –পুছি: মানুহজনীয়ে  ঘৰখন  সাৰি-পুছি ৰখাৰ  বাবে  ঘৰত বেমাৰ আজাৰ প্ৰায়ই  নহয় ৷
  • মলি –মামৰ: মনত  মলি-মামৰ  ভৰি  থকা  মানুহক  সমাজে  ঘৃণা কৰে ৷

২/  শব্দবোৰৰ  মূৰ্ধন্য ‘ ণ ‘ হোৱাৰ  কাৰণ দৰ্শোৱা: ঘৃণা,  ঋণ
উত্তৰ:  

ঘৃণা: একেটা  পদতে  থকা  ‘ ঋ ‘ বা ঋকাৰান্ত বৰ্ণৰ  পাছত দন্ত ন  মূৰ্দ্ধন্য  ‘ ণ ‘ হয় ৷
ঋণ:  একেটা  পদতে  থকা  ‘ ঋ ‘ ৰ  পাছত দন্ত ন  মূৰ্দ্ধন্য  ‘ ণ ‘ হয় ৷
৩/ বিপৰীত  শব্দ  লিখা : ঘৃণা,  স্ৱাৰ্থ, জীৱন, বীৰ
উত্তৰ:

শব্দবিপৰীত  শব্দ
 ঘৃণাপ্ৰেম
 স্ৱাৰ্থনিস্বাৰ্থ
জীৱনমৰণ
বীৰকাপুৰুষ

Watch Video Class

শেষ বাক্য

Class 10 Assamese Chapter 14 Question Answer ধৰ ঝাৰু ধৰ ভাই” যি অসম  কেশৰী অম্বিকাগিৰী  ৰায়চৌধুৰী দেৱে ৰচনা কৰিছে তাৰ বিষয়ে সকলো কথা আলোচনা কৰিলোঁ। আজি আমি কবিতাৰ মূলভাৱ, অতি চমু  আৰু চমু প্ৰশ্ন উত্তৰ, ব্যাখ্যা আৰু ভাষা বিষয়ক প্ৰশ্নৰ উত্তৰ

যদি আপুনি Class 10 ৰ আন আন বিষয়ৰ বিভিন্ন অধ্যায়ৰ সম্পূৰ্ণ ধাৰণা আৰু প্ৰশ্ন উত্তৰ বিচাৰি আছে তেন্তে এতিয়াই আহক AssameseMedium ত বা আপুনি Nitid AcdemySubscribe কৰিব পাৰে।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

1 thought on “Class 10 Assamese Chapter 14 Question Answer | ধৰ ঝাৰু ধৰ ভাই”

Leave a Comment