Class 10 Assamese Chapter 13 Question Answer | কানাইৰ চাতুৰী

Class 10 Assamese Chapter 13 Question Answer তথা কানাইৰ চাতুৰী নামৰ দশম শ্ৰেণীৰ অসমীয়া অধ্যায়ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ আগতে কিছু প্ৰয়োজনীয় কথা আমি আলোচনা কৰিব লাগিব যাতে ছাত্ৰ ছাত্ৰী সকলে অতি সহজেই পাঠটোৰ সাৰাংশ বুজি নিজে নিজেই প্ৰশ্ন উত্তৰ লিখিব পৰা হব পাৰে।

Subscribe to Watch FREE Video Classes

যদি আপুনি Class 10 Assamese (MIL) ৰ আন আন অধ্যায় সমূহৰ প্ৰশ্ন উত্তৰ বিচাৰি আছে তেন্তে এতিয়াই লিংকত ক্লিক কৰক।

Class 10 Assamese Chapter 13 Question Answer

Class 10 Assamese Chapter 13 Question Answer 2024

মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধবী সকল, আজি আমি আকৌ আলোচনা কৰিব আহিছোঁ Class 10 Assamese Chapter 13 Question Answer ৰ অতি চমু প্ৰশ্নৰ উত্তৰ, চমু প্ৰশ্ন উত্তৰৰ লগতে ব্যাখ্যা, শব্দ অৰ্থ আৰু ভাষা মূলক প্ৰশ্ন উত্তৰ। তেন্তে আহক আমি পোন প্ৰথমে কানাইৰ চাতুৰী নামৰ Class 10 Assamese Chapter 13 Question Answer ৰ অতি চমু প্ৰশ্নৰ বিষয়ে আলোচনা কৰোঁ।

অতি চমু উত্তৰ

ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল ?
উত্তৰঃ
কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কৃষ্ণৰ লগৰীয়া গোপশিশুবোৰে আহি যশোদাক কৈছিল।

খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল ?
উত্তৰঃ
মাকৰ ওপৰত মিছা অভিমান কৰি কৃষ্ণই চাৰি–পাঁচদিনলৈকে টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল।

গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল ?
উত্তৰঃ
সাগৰ মন্থন কৰাৰ অন্তত ওলোৱা অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল।

ঘ) কপিল মুনিৰ মাতৃ কোন আছিল ?
উত্তৰঃ
কপিল মুনিৰ মাতৃৰ নাম আছিল দেৱহুতি।

ঙ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল ?
উত্তৰঃ
কৃষ্ণই বামন ৰূপ ধাৰণ কৰি বলিক ছলনা কৰিছিল।

বহলাই উত্তৰ লিখা

২) তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।
– এইষাৰ কাৰ উক্তি? কাক দেখি তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা।

উত্তৰঃ উক্ত কথাষাৰ বালক কৃষ্ণৰ। কৃষ্ণই চাতুৰি কৰি কৈছে যে মাতৃ যশোদা তেওঁৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈছে পৰিছে৷ উল্লেখ্য যে, কৃষ্ণই কৰা দুষ্টালিবোৰৰ মাজত এটি সর্বসাধাৰণ মানৱ শিশুৰ চিৰাচৰিত কার্যকলাপ লক্ষ্য কৰা যায়। শিশুৰ দুষ্টালিৰ বাবে মাকে শাসনৰ বাবে যিদৰে শাস্তি দিয়ে, মাতৃ যশোদায়ো একেদৰে কৃষ্ণক বিভিন্ন শাস্তি প্রদান কৰিছে। আনকি কোনো সময়ত কৃষ্ণক যশোদাই পঘাৰে বান্ধিও ৰাখিছে।

সেয়ে কৃষ্ণই অভিমান কৰি কৈছে যে, যশোদা ইমানেই কঠোৰ মাতৃ যে তেওঁৰ মনত নিজ পুত্ৰৰ প্রতি এগৰাকী মাতৃৰ থাকিবলগা নুন্যতম মৰমকনো নোহোৱা হৈ গৈছে। লঘূ দোষতে গুৰু শাস্তি প্রদান কৰা যশোদাক দেখিলেই সেয়ে ভয়তে জীৱ উৰি যায় বুলি কৃষ্ণই উল্লেখ কৰিছে। প্ৰকৃতার্থত কবিতাফাঁকিৰ মাজেৰে কবিয়ে কৃষ্ণৰ মানৱীয় ৰূপটো তুলি ধৰিবলৈ চেষ্টা কৰিছে৷

৩) মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম।
– কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল ? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কার্য সাধন কৰিছিল, খৰচি মাৰি লিখা।

উত্তৰঃ দেৱতাসকলক অমৃত খুৱাবলৈ বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিছিল। এবাৰ অমৰ হৈ থাকিবৰ নিমিত্তে দেৱতা আৰু অসুৰ মিলি অমৃত সংগ্ৰহৰ বাবে বাসুকী নাগক মন্থন জৰী হিচাপে লৈ সাগৰ মন্থনৰ কাম আৰম্ভ কৰিলে। এই সমুদ্র মন্থনত অৱশেষত অমৃত নির্গত হোৱাত সেই অমৃত লৈ অসুৰ আৰু দেৱতাসকলৰ মাজত কণ্ডল আৰম্ভ হ’ল। অসুৰবোৰে অমৃত ভাণ্ডাৰ হস্তগত কৰাত দেৱতাসকল পৰম সংকটত পৰিল। এই সংকটৰ পৰা ৰক্ষা পাবলৈ দেৱতাসকল গৈ বিষ্ণুৰ শৰণাপন্ন হ’ল ।

বিষ্ণুৱে অৱশেষত দেৱতাসকলক সহায় কৰিবলৈ মান্তি হ‘ল আৰু মোহিনীৰূপ ধাৰণ কৰিলে। দীপলিপ সুন্দৰী যুৱতী এগৰাকী দেখি অসুৰবোৰ মোহিত হৈ পৰিল। এই ছেগতে মোহিনীৰূপী বিষ্ণুৱে অমৃতৰ কলহ হাতত তুলি লৈ দেৱতা আৰু অসুৰক দুটা বেলেগ শাৰীত বহুৱাই লৈ এফালে দেৱতাবোৰক অমৃত খুৱাবলৈ ধৰিলে আৰু আনফালে অসুৰবোৰক সুৰা খুৱাবলৈ ধৰিলে। যাৰ ফলত দেৱতাই অমৰত্ব লাভ কৰিলে। এনেদৰে, বিষ্ণুৱে মোহিনী ৰূপ
ধাৰণ কৰি দেৱকাৰ্য সিদ্ধি কৰিছিল।

৪) মাকৰ কি গুণৰ কথা কবলৈ কৃষ্ণৰ লাজ লাগে বুলি কৈছিল, কথাখিনি তােমাৰ নিজৰ কথাৰে বহলাই লিখা।

উত্তৰঃ মাতৃ যশোদাৰ ওচৰত চৰাচৰ জগতৰ পতি বিষ্ণুৱে শিশু কৃষ্ণৰূপে নানা চাতুৰী কৰিছে। নিজৰ মানৱী লীলাৰে তেওঁ মাতৃ যশোদাৰ ওপৰত অভিযোগ আনিছে যে, মাতৃ যশোদাই কৰা শাসনত এগৰাকী মাতৃৰ নুন্যতম চেনেহকনো নাই। তেওঁ কৈছে যে, ৰাজপৰিয়ালৰ সন্তান হৈও বাঁহৰ সাধাৰণ বাঁহী এটা বজাই বজাই তেওঁৰ ওঁঠ ফাটি গৈছে। তৎস্বত্বেও যশোদাই কৃষ্ণক এটা সোনৰ বাঁহী গঢ়াই দিয়া নাই। ধনবোৰ এনেদৰে সাঁচি ৰাখোতে ৰাখোতে সিবোৰত কেতিয়াবা জুই লাগিব আৰু গাঁতত পোত যাব বুলিও সকীয়াই দিছে কৃষ্ণই।

আনহাতে, খাদ্যৰ ক্ষেত্ৰতো যশোদাই তেওঁক পেটভৰাই খাবলৈ নিদিয়াৰ অভিযোগো আনিছে। নিচেই এখুদমান কাপোৰ পিন্ধি দিনটো গৰুৰ চৰাই ফুৰোতে কৃষ্ণৰ ভৰিত কাঁইটে বিন্ধে, গৰুৰ ধূলি পৰি চুলি জঁটা বান্ধি যায়। কিন্তু নিজৰ সন্তানৰ এই দুৰৱস্থাৰ খবৰ লবলৈ যশোদাৰ আহৰিয়েই নাই। এইবোৰ কথা ভাবিলে কৃষ্ণৰ মনটো দুখেৰে ভৰি পৰে আৰু কান্দিবলৈ মন যায় বুলি কৈছে। শিশু কৃষ্ণৰ ভাষ্য অনুসৰি, আপোন মাতৃৰ এই গুণবোৰৰ কথা ক’বলৈ কৃষ্ণৰ লাজ লাগে। প্রকৃতার্থত ইয়াৰ
মাজেদি কৃষ্ণৰ মানৱী ৰূপৰ প্রকাশ ঘটিছে।

চমু টোকা লিখা

৫) চমু টোকা লিখাঃ ক) বামন খ) দেৱহুতি গ) কপিল ঘ) শ্ৰীধৰ কন্দলি ঙ) দৈৱকী

ক) বামনঃ বামন হৈছে বিষ্ণুৰ দশ অৱতাৰৰ ভিতৰত এটি অৱতাৰ। বাওনা মানুহৰ ৰূপ লৈ বিষ্ণুৱে এই অৱতাৰ ধাৰণ কৰিছিল। শক্তিশালী ৰজা দৈত্যৰাজ বলিক ছলনা কৰিবৰ নিমিত্তেই বিষ্ণুৱে এই ৰূপ ধাৰণ কৰিছিল। বলিয়ে যিয়ে যি বিচাৰে তাকে দান কৰিছিল। সেইমতে, বহুতে বলিৰ পৰা অনেকে মূল্যবান সামগ্রী দান লৈছিল। এনে কাৰ্যৰ পৰা তেওঁৰ মনত প্রচণ্ড অহংকাৰৰ জন্ম হৈছিল। সেয়ে ভগৱানে তেওঁৰ দর্পচূর্ণ কৰিবলৈ বামনৰ অৱতাৰ গ্ৰহণ কৰিলে। দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি বামনে তিনিপদ ভূমি দান বিচাৰিলে। বামনে বিচৰা দানৰ কথা শুনি বলিয়ে অট্টহাস্য কৰিলে আৰু অন্য দান বিচাৰিবলৈ ক‘লে। কিন্তু বামন নিজৰ কথাত অলৰ–অচৰ হৈ থাকিল। অৱশেষত, বামনক তিনিপদ ভূমি দিবলৈ বলি মান্তি হ’ল। তেতিয়া বামনে বিৰাট আকাৰ ধাৰণ কৰি বলিক পাতাললৈ পঠালে।

খ) দেৱহুতিঃ বিষ্ণুৰ অন্য এক অৱতাৰ তথা সাংখ্য দর্শনৰ প্ৰৱর্তক কপিল মুনিৰ মাতৃ আছিল দেৱহুতি। তেওঁ ব্রহ্মাপুত্র স্বয়ংম্ভুৱ মুনিৰ কন্যা আৰু কৰ্দম মুনিৰ পত্নী আছিল বুলি উল্লেখ আছে।

গ) কপিলঃ শাস্ত্র প্রসিদ্ধ কপিল মুনিক বিষ্ণুৰ এক অৱতাৰ বুলি গণ্য কৰা হয়। এইজন মুনিয়েই সাংখ্য দর্শন প্রৱৰ্তন কৰিছিল বুলিও উল্লেখ আছে। এওঁ কর্দম মুনি আৰু দেৱহুতিৰ সন্তান।

ঘ) শ্ৰীধৰ কন্দলিঃ শংকৰোত্তৰ যুগৰ অসমীয়া কবিসকলৰ ভিতৰত শ্ৰীধৰ কন্দলি উল্লেখযোগ্য। এওঁৰ কাব্যত বৈষ্ণৱ ধৰ্মৰ প্রভাৱ সুস্পষ্ট। কন্দলিয়ে কাণখোৱা আৰু ‘ঘুনুচা কীৰ্ত্তন’ নামৰ দুখন কাব্য ৰচনা কৰে। কাণখোৱা পুথি নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা। ইয়াত বিষ্ণুৰ অৱতাৰৰ লীলা মাহাত্ম্য্ সহজ সৰল ভাষাত বৰ্ণনা কৰিছে। ইন্দ্রদ্যুম্ন ৰজাৰ জীয়েক ঘুনুচাৰ ঘৰলৈ কৃষ্ণই
যাত্রা কৰা আৰু ইয়াৰ বাবে ৰুক্মিণীৰ ঈর্ষা তথা কৃষ্ণৰ ওপৰত খং অভিমান আদিয়েই ‘ঘুনুচা কীৰ্ত্তনৰ মুখ্য উপজীব্য।

ঙ) দৈৱকীঃ দৈৱকী কংসৰ ভগ্নী আৰু বাসুদেৱৰ পত্নী। এওঁৰ গৰ্ভতে বিষ্ণুৰ অন্যতম অৱতাৰ শ্ৰীকৃষ্ণই জন্মগ্রহণ কৰিছিল। কংসই ভগ্নীক বিয়া দিয়াৰ সময়তে আকাশবাণী হয় যে, দৈৱকীৰ অষ্টম পুত্রই কংসক হত্যা কৰিব। এই কথা শুনি কংসই বাসুদেৱ আৰু দৈৱকী দুয়োকে কাৰাগাৰত আৱদ্ধ কৰি ৰাখে আৰু এটা এটাকৈ দৈৱকীৰ প্ৰতিটো সন্তানক অতি নৃশংসভাৱে হত্যা কৰে। কিন্তু, দৈৱকীৰ গৰ্ভত জন্ম হোৱা অষ্টম সন্তান দৈৱক্ৰমে ৰক্ষা পৰে আৰু বসুদেৱে তেওঁক পলুৱাই নি গকুলৰ নন্দৰাজৰ ঘৰ পোৱাইগৈ। দৈৱকীৰ এই অষ্টম সন্তানেই হৈছে বিষ্ণুৰ অন্যতম মানৱী অৱতাৰ কৃষ্ণ।

৭) কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কার্য সাধন কৰিছিল পাঠৰ আলমত বর্ণনা কৰা।
উত্তৰঃ কৃষ্ণ হৈছে বৈষ্ণৱ ধৰ্মৰ শ্রেষ্ঠ দেৱতা বিষ্ণুৰ মানৱী লীলা। উল্লেখ অনুসৰি, ভিন ভিন কার্য সাধনৰ নিমিত্তে তেৰাই যুগে যুগে বিভিন্ন অৱতাৰ ধাৰণ কৰিছিল। আমাৰ পাঠ্য ‘কানাইৰ চাতুৰী’ নামৰ কাব্যাংশত ভগৱন্তৰ এই লীলাবোৰৰ থুলমূল বর্ণনা আগবঢ়াইছে। সেই অনুসৰি, অনন্ত শৰ্যাত শায়িত নাৰায়ণে নাভিপদ্মৰ পৰা ব্ৰহ্মাক জন্ম দি তেওঁৰ দ্বাৰা ত্রিভূৱন সৃষ্টি কৰাইছিল। তদুপৰি, বেদ পঢ়ুৱাই, নানা তত্বজ্ঞান দি মনুষ্যৰ অজ্ঞানতা দূৰ কৰিলে। চতুর্ভুজ ৰূপ ধাৰণ কৰি তেওঁ দেৱতাসকলক বিপর্যয়ৰ সময়ত উদ্ধাৰ কৰিছিল।

একেদৰে, মোহিনী ৰূপ ধাৰণ কৰি দেৱগণক অমৃতপান কৰোৱাৰ দৰে জটিল কার্যও তেৱে সমাধা কৰিছিল। কর্দম মুনিৰ ঘৰত কপিলমুনিৰূপে জন্মগ্রহণ কৰি তেওঁ দেৱহূতিক তত্বজ্ঞান প্রদান কৰিছিল। বামন অৱতাৰেৰে অহংকাৰী বলিক বিশ্বৰূপ দর্শন কৰাই পাতাললৈ পঠাইছিল। গংগাৰ দৰে পবিত্ৰ নদী তেওঁ পৃথিৱীলৈ বোৱাই আনিছিল। এনেদৰে বিভিন্ন অৱতাৰেৰে ভগৱন্তই মানৱ আৰু দেৱতাৰ মংগলৰ নিমিত্তে বিভিন্ন সুকার্য সম্পন্ন কৰিছিল।

৮) কবিতাটোত কাঠ–বাঁজী’ বুলি কাক কৈছে? ইয়াৰ অর্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে ?

উত্তৰঃ কবিতাটোত ‘কাঠ–বাঁজী বুলি কৃষ্ণৰ মাতৃ যশোদাৰ কথা কোৱা হৈছে। ইয়াৰ অৰ্থ হৈছে সন্তান জন্ম দিব নোৱাৰা তিৰোতা। শিশু কৃষ্ণই মাতৃ যশোদাৰ ওচৰত অভিমান কৰি কৈছিল যে, কৃষ্ণ জন্মৰ আগতে সমগ্র বিশ্বই তেওঁক কাঠবাজী বুলি হাঁহিছিল। অৱশেষত, কৃষ্ণই পুত্ৰৰূপে আহি যশোদাৰ কোলা শুৱনি কৰি এই অপযশৰ পৰা ৰক্ষা কৰিলে।

তাৎপর্য ব্যাখ্যা

ক) কাঠ–বাঁজি বুলি জগতে হাসয়
দেখিলে সুমৰে হৰি।
মই আহি তোৰ ঘৰে পুত্ৰ ভৈলো
সিটো দুখ দূৰ কৰি।।


উত্তৰঃ শংকৰোত্তৰ যুগৰ বৈষ্ণৱ কবি শ্রীধৰ কন্দলিৰ ‘কাণখোৱা’ পুথিৰ পৰা উদ্ধৃত উক্ত কাব্যাংশৰ বক্তা হৈছে কৃষ্ণ।

কৃষ্ণ হৈছে বৈষ্ণৱ ধৰ্মৰ শ্ৰেষ্ঠ দেৱতা বিষ্ণুৰ অংশবিশেষ। যশোদাৰ ভক্তিত সন্তুষ্ট হৈ ভগৱন্তই পুত্ৰৰূপে তেওঁৰ ঘৰত প্রৱেশ কৰে আৰু নানা মানৱী লীলাৰে জগতক মোহিত কৰে। উল্লেখ অনুসৰি, দেৰিলৈকে শুই থকা শিশু কৃষ্ণক মাকে জগাবলৈ যোৱাত শিশুসুলভ দুষ্টামিৰে মাকে তেওঁক আদৰ নকৰে বুলি মিছা অভিমান কৰিছে। কথা প্রসংগত কৃষ্ণই মাতৃ যশোদাক কৈছে যে, কৃষ্ণ জন্মৰ আগতে সমগ্র বিশ্বই তেওঁক কাঠবাঁজী বুলি হাঁহিছিল। অৱশেষত, কৃষ্ণই পুত্ৰৰূপে আহি যশোদাৰ কোলা শুৱনি কৰি এই অপযশৰ পৰা ৰক্ষা কৰিলে। কিন্তু ইয়াৰ বিপৰীতে কৃষ্ণক মাকৰ ন্যূনতম চেনেহকনৰ পৰাও যশোদাই বঞ্চিত কৰিছে।

খ) মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম।
তোমাৰ ঘৰে আসি বৰ যশ পাইলো
লৈলো দধিচোৰ নাম।৷

উত্তৰঃ শংকৰোত্তৰ যুগৰ বৈষ্ণৱ কবি শ্রীধৰ কন্দলিৰ ‘কাণখোৱা‘ পুথিৰ পৰা উদ্ধৃত উক্ত কাব্যাংশৰ বক্তা কৃষ্ণ।

কাব্যাংশত উল্লেখ অনুসৰি, দেৰিলৈকে শুই থকা শিশু কৃষ্ণক মাকে জগাবলৈ যোৱাত শিশুসুলভ দুষ্টামিৰে কৃষ্ণই মাকে তেওঁক মৰম নকৰে বুলি মিছা অভিমান কৰিছে। মানৱ আৰু দেৱতাৰ মংগলৰ নিমিত্তে তেৰাই যুগে যুগে বিভিন্ন অৱতাৰ ধাৰণ কৰিছে বিভিন্ন সুকার্য সম্পন্ন কৰিছে। এবাৰ দেৱাসুৰ মিলি অমৃত লাভৰ বাবে সাগৰ মন্থন কৰিছিল। অত্যন্ত পৰিশ্ৰমৰ অন্তত সাগৰৰ তলিৰ পৰা অমৃত ওলাল। অসুৰবোৰক অমৃতৰ পানৰ পৰা বিৰত ৰাখিবৰ নিমিত্তে দেৱগণৰ অনুৰোধমর্মে বিষ্ণুৱে গ্ৰহণ কৰিলে মোহিনী ৰূপ। শিশু কৃষ্ণই যশোদাক কৈছে যে, এই মোহিনী ৰূপেৰে দেৱগণক অমৃতপান কৰোৱাৰ দৰে জটিল কার্যও তেঁৱে সমাধা কৰিলে। কিন্তু, যশোদাৰ ঘৰত আহি দধিচোৰৰ দৰে নিকৃষ্ট নাম পাব লগা হোৱাটো তেওঁৰ বাবে চৰম লজ্জাজনক। কাব্যাংশৰ মাজেৰে এগৰাকী মাতৃৰ ওচৰত এটি মানৱ শিশুৰ শিশুসুলভ আব্দাৰ, অভিমান আদি সুন্দৰভাৱে প্রতিফলিত হৈছে।

গ) মই নাৰায়ণ জগত কাৰণ
তুমি গোৱালৰ জীউ।
তথাপি তোহাক দেখন্তে ডৰত
উৰিয়ায় মোৰ জীউ।।

উত্তৰঃ শংকৰোত্তৰ যুগৰ বৈষ্ণৱ কবি শ্রীধৰ কন্দলিৰ ‘কাণখোৱা’ পুথিৰ পৰা উদ্ধৃত উক্ত কাব্যাংশৰ বক্তা কৃষ্ণ।।

কবিতাফাঁকিত উল্লেখ অনুসৰি, শিশু কৃষ্ণই কথা প্রসংগত মাতৃ যশোদাক কৈছে যে, তেওঁ হৈছে জগতৰ সৃষ্টি আৰু প্রতিপালনৰ কাৰণস্বৰূপ। কিন্তু এটি সাধাৰণ শিশুৱে কৰা দুষ্টামিৰ বাবে যেনেদৰে মাকে শিশুটিক শাস্তি দিয়ে, যশোদায়ো কৃষ্ণক অনুৰূপ শাস্তি প্রদান কৰিছে। এগৰাকী সাধাৰণ মাতৃয়ে নিজ সন্তানক ডাঙৰ–দীঘল কৰাৰ দৰেই যশোদায়ো মাতৃসুলভ চেনেহেৰে কৃষ্ণক প্রতিপালন কৰিছে। জগতৰ পালনকর্তা হৈও যশোদাৰ দৰে এগৰাকী সাধাৰণ গোৱালীৰ ভয়ত কম্পমান হ‘ব লগা হোৱাৰ বাবে শিশু কৃষ্ণই উক্ত কবিতাংশৰে যশোেদাৰ ওচৰত নিজৰ শিশুসুলভ অভিমান প্ৰকাশ কৰিছে।

ভাষা মূলক প্ৰশ্ন উত্তৰ

১0) শব্দবােৰৰ আধুনিক ৰূপ লিখা: আসি , খেড়ি , পুহাইল , নুজুৰাই , হন্তে , বিশুটিয়া

উত্তৰঃ

  • আসি – আহি ।
  • খেড়ি – খেলা ।
  • পুহাইল – পুৱালে ।
  • নুজুৰাই – জুৰ নপৰে ।
  • হন্তে – পৰা ।
  • বিগুটিয়া – ঠাট্টা কৰা ।

১2) শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰা: সুন্দৰী , মাতৃ , মামা

উত্তৰঃ

  • সুন্দৰী – সুন্দৰ ।
  • মাতৃ – পিতৃ ।
  • মামা – মামী ।

Watch Video Class

শেষ বাক্য

আমি আজি Assamese MediumClass 10 Assamese Chapter 13 Question Answer তথা কানাইৰ চাতুৰী নামৰ অধ্যায়ৰ পৰা অতি চমু প্ৰশ্নৰ উত্তৰ, চমু প্ৰশ্ন উত্তৰৰ লগতে ব্যাখ্যা আৰু ভাষা মূলক যি প্ৰশ্ন আছে তাৰ উত্তৰ সমূহ আমি আলোচনা কৰিলোঁ। যদি ইয়াৰ উপৰিও কিবা প্ৰশ্ন উত্তৰ জানিব লগা আছে তেন্তে Comment Section ত জনাব বুলি আশা থাকিল।

আপুনি যদি Class 10 ৰ কোনো বিষয়ৰ প্ৰশ্ন উত্তৰ বিচাৰে তেন্তে Nitid AcademySubscribe কৰিব পাৰে, যত আপোনালোকে পাব সম্পূৰ্ণ শিক্ষা মূলক তথ্য।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

9 thoughts on “Class 10 Assamese Chapter 13 Question Answer | কানাইৰ চাতুৰী”

Leave a Comment