What Is Chemical Equation Class 10 Science

মৰমৰ ছাত্ৰ ছাত্ৰী সকল স্বাগতম জনাইছোঁ Assamese Medium লৈ। এতিয়া আমাৰ আলোচ্য বিষয় হল দশম মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ ৰাসায়নিক সমীকৰণ (Chemical Equation Class 10 Science) আৰু কিছু কথা ।

কোনো পদাৰ্থত সংঘটিত হোৱা ৰাসায়নিক পৰিৱৰ্তন সমূহ সহজ আৰু সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰাকে ৰাসায়নিক সমীকৰণ বোলে। উদাহৰণ স্বৰূপে- মেগনেছিয়াম ফিটা এডাল অক্সিজেনৰ উপস্থিত দহন কৰিলে মেগনেচিয়াম অক্সাইড লৈ পৰিৱৰ্তন হয়। এই বৰ্ণনাত্মক বাক্যটো সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিব পাৰি। যেনে –

মেগনেছিয়াম + অক্সিজেন —-> মেগনেছিয়াম অক্সাইড

এই ধৰণে প্ৰকাশ কৰা সমীকৰণক সাধাৰণতে শব্দ- সমীকৰণ বোলে। এই সমীকৰণত থকা মেগনেছিয়াম আৰু অক্সিজেনক বিক্ৰিয়ক (Reactant) আৰু মেগনেছিয়াম অক্সাইডক বিক্ৰীয়াজাত (Product) বুলি কোৱা হয়।

Chemical Equation Class 10 Science

ৰাসায়নিক সমীকৰণ এটা কিদৰে উপস্থাপন কৰা হয়?

ৰাসায়নিক বিক্ৰিয়া এটাক সমীকৰণৰ ৰূপত উপস্থাপন কৰোতে সদায় তলত দিয়া কথাসমূহ মনত ৰখা দৰকাৰ।

  1. উপস্থাপনৰ সময়ত ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজত সদায় এডাল কাঁড় চিন ব্যৱহাৰ কৰা হয়।
  2. কাঁড় চিন ডালৰ মূৰটো সদায় বিক্ৰিয়াত পদাৰ্থৰ পিনে থাকে।
  3. কাঁড় চিন ডালৰ বাওঁফালে থকা বিক্ৰিয়ক পদাৰ্থবোৰৰ মাজত বিক্ৰিয়া ঘটা বুজাবলৈ যোগ চিন ব্যৱহাৰ কৰা হয়।
  4. ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা আৰু উৎপন্ন হোৱা পদাৰ্থৰ ভৌতিক অৱস্থা সিহঁতৰ কাষত উল্লেখ কৰা হয়।
  5. কাঁড় চিন ডালৰ সোঁফালে থকা বিক্ৰিয়াজাত পদাৰ্থবোৰ পৃথককৈ বুজাবলৈ যোগ চিন ব্যৱহাৰ কৰা হয়।

ভৰৰ নিত্যতা সূত্ৰ আৰু ৰাসায়নিক সমীকৰণৰ: Chemical Equation Class 10 Science

সাধাৰণতে ভৰৰ নিত্যতা সূত্ৰই (Law of conservation of mass) ৰাসায়নিক সমীকৰণত বহুত প্ৰভাৱ পেলায়। এই সূত্ৰমতে ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থ আৰু উৎপন্ন হোৱা পদাৰ্থবোৰৰ মুঠ ভৰ সদায় একে থাকে।

ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ আৰু মুঠ পৰমাণুৰ সংখ্যা সমান নহলে তাক জকা ৰাসায়নিক সমীকৰণ আৰু যদি সমান হয় তাক সমতুল্য বা সন্তলিত ৰাসায়নিক সমীকৰণ বোলে।

এতিয়ালৈকে (Chemical Equation Class 10 Assamese Medium) দশম মান শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম অধ্যায় “ৰসায়নিক বিক্ৰিয়া আৰু সমীকৰণ” ৰ  ৰসায়নিক সমীকৰণ কি আৰু তাৰ লগত সংগতি ৰাখি বিশেষ কিছু কথা আলোচনা কৰা হল। এই আলোচনাৰ পৰা কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন (Important Question Answer from Chemical Equation Class 10 Assamese Medium Science) পৰীক্ষাত সুধিব পাৰে।

প্ৰশ্ন – শব্দ সমীকৰণ কাক বোলে?

উত্তৰ– ৰাসায়নিক বিক্ৰিয়া এটাক বাক্যৰ ৰূপত  সংক্ষিপ্ত বাবে উপস্থাপন কৰাকে শব্দ – সমীকৰণ বোলে। যেনে -মেগনেছিয়াম + অক্সিজেন —-> মেগনেছিয়াম অক্সাইড

প্ৰশ্ন – বিক্ৰিয়ক আৰু বিক্ৰিয়াত পদাৰ্থ কাক বোলে?

উত্তৰ – যিবোৰ পদাৰ্থই ৰসায়নিক বিক্ৰিয়া এটাত প্ৰত্যক্ষভাৱে অংশ গ্ৰহণ কৰে তাক বিক্ৰিয়ক পদাৰ্থ বোলে। আনহাতে, ৰাসায়নিক বিক্ৰিয়া এটাত ফলাফল হিচাপে নতুনকৈ উৎপন্ন হোৱা পদাৰ্থবোৰক বিক্ৰিয়াজাত বা উৎপন্নজাত পদাৰ্থ বোলে।

Mg + O2 ——–> MgO

ইয়াত Mg আৰু O2 হল বিক্ৰিয়ক পদাৰ্থ আৰু MgO হল বিক্ৰিয়াজাত বা উৎপন্নজাত পদাৰ্থ।

প্ৰশ্ন – জঁকা সমীকৰণ কাক বোলে?

উত্তৰ – যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ আৰু মুঠ পৰমাণুৰ সংখ্যা সমান নহয় তাক জকা ৰাসায়নিক সমীকৰণ বোলে। যেনে –

Mg + O2 ——-> MgO

প্ৰশ্ন – সমতুল্য বা সন্তলিত ৰাসায়নিক সমীকৰণ কাক বোলে?

উত্তৰ – যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ আৰু মুঠ পৰমাণুৰ সংখ্যা সমান হয় তাক সমতুল্য বা সন্তলিত ৰাসায়নিক সমীকৰণ বোলে। যেনে –

2Mg + O2 ——-> 2MgO

Zn + H2SO4 ——-> ZnSO4 + H2

3Fe + 4H2O ———> Fe3O4 + 4H2


Class 10 Science Chapter 1 ৰ ৰসায়নিক সমীকৰণৰ পৰা ওপৰত আলোচনা কৰা কথা খিনি বুজি ললে HSLC 2024 পৰীক্ষাত যিকোনো প্ৰশ্নৰ উত্তৰ দিব পাৰিব বুলি আমি আশাবাদী।

Leave a Comment