Assamese Heart Touching Quotes

বন্ধু বান্ধৱী সকল আজি আমি আপোনালোকৰ বাবে কেইটামান Assamese Heart Touching Quotes বা Assamese Heart Touching Status লৈ আহিছোঁ। আশা কৰোঁ এই Assamese Heart Touching Quotes বা Assamese Heart Touching Status আপোনালোকৰ ভাল লাগিব।

ইয়াত Assamese Medium ৱেবছাইটৰ জৰিয়তে আমি আপোনালোকৰ বাবে Good Morning Wish, Good Evening Wishe, Good Night Wishe ৰ লগতে কিছু মহৎ লোকৰ বাণী প্ৰচাৰ কৰাৰ প্ৰয়াস কৰিছোঁ। যদি আপোনাৰ ভাল লাগিছে তেন্তে আপোনাৰ বন্ধু বান্ধৱী সকলৰ লগত Share কৰিব পাৰে।

এনে ধৰণৰ কিছু পোষ্ট আপুনি সদায় পাবলৈ আপুনি Assamese Medium নামৰ Facebook Page ক Follow কৰিব পাৰে।

Assamese Heart Touching Quotes

Assamese Heart Touching Quotes | Latest Quote in Assamese 2023-24

প্রিয় মানুহজন যদি অভিমানৰ ভাষাটো বুজি পালে হয়, তেনেহলে হয়তো আৰু কোনো সম্পর্কত বিচ্ছেদ নহল হয়।

মাথো সাহসৰ হে কথা আমাৰ প্ৰত্যেকৰে জীৱনত কিছুমান এনেকুৱা কাহিনী থাকে যাৰ অন্ত আমি নিজেই ঠিৰাং কৰো।

মই হাজাৰ জনক নিবিছাৰো তুমি কেৱল মোৰ হৈ থাকা, মই দেখাই দিম এজনকেই হাজাৰ ধৰনে ভাল পাব পাৰি।

মোৰ হৈও কিবা বেলেগৰ যেন লগা হৈছা… তুমি কিবা ভাৰতৰ কাশ্মীৰখন যেন হৈ পৰিছা।

মোৰ অসম্পূৰ্ণ আকাংক্ষা হৈ নৰবা তুমি… এই দুনীয়াত পুনৰ্জন্ম লোৱাৰ মোৰ কোনো আশা নাই।

মোৰ চহৰত সাংঘাতিক নীৰৱতা… কৰবাত হেনো তেওঁৰ পায়েলযোৰ হেৰাই থাকিল।

কাৰোবাক ভালপোৱা দিলে সীমাহীন ভাবে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিৰ থাকে, হৃদয়ৰ নহয়।

বাধা, ঘাত, প্ৰতিঘাত জীৱিত মানুহৰ জীৱনযাত্ৰাৰ অংশীদাৰ। মৰাশৰ যাত্ৰাততো মানুহে ৰাস্তা এনেয়ে এৰি দিয়ে

তুমি পাহৰি গলেও মই স্মৃতি হৈ তোমাক আমনি কৰিম… তুমি পানী পি পি ভাগৰি যাবা, মই হিকটি হৈ আমনি কৰিম।

দৰ্জা চাপৰ হৈয়ে থাকক মোৰ কোঠাৰ… যি নিজৰ বুলি ভাবিব, তেওঁ হালি ঘৰ সোমাব।

চিতাৰ বগা কাপোৰখন গুচাই জাপ খাই থকা চকুযুৰি ভালদৰে চাই লবা… পুনৰ সেই দুচকু কাহানিও দেখা নাপাবা, যাক জীৱনজুৰি কন্দুৱালা।

তুমি ভগৱানৰ ওচৰত সুখৰ সন্ধান কৰা… মই সুখৰ বাবে তোমাৰ সন্ধান কৰো

দেহৰ শেষ পৰিণতি যিদিনা দেখিবলৈ পাম… সিদিনা আত্মাৰ প্ৰতি মোহ বেচি জাগিব, কিন্তু হায়, সময় নাথাকিব

কলিজাটো তোমাৰ ফালে সদায় হালে অলপ। ঠিক বেইমান বেপাৰীৰ তুলাচনীখনৰ দৰে।

যদিহে তোমাৰ চকুযুৰি প্ৰেমৰ সাগৰ হলহেতেন, আজীৱন নাও বাই মৃত্যুৰ আলহী হলোহেতেন।

তোমাৰ হাঁহিৰ প্ৰতিক্ৰিয়া মোৰ দেহত হয় ৰাইজে সোধে “কোন ডক্তৰ, কি ঔষধ?”

কাৰোবাক টুকুৰিয়াই চাবলৈ হলে এবাৰ কৈ চাওক “মই অলপ বিপদত পৰিছো”। জবাব পাই যাব।

তেওঁ হাঁহি সুধিছিল “তুমি কি কৰা?” মই উত্তৰ দিলো “দলং নোহোৱা নদীত প্ৰেমৰ নাৱ চলাও।”

তেওঁ মোৰ লগত প্ৰেমৰ বালিমহল সাজিলে… আৰু বৰষুণক খবৰটো তেৱেই দিলে।

প্ৰয়োজনতকৈ বেছি ভাল দেখুৱাবলৈ গলে, মন্দিৰৰ ঘণ্টাটোৰ দৰে হব। সকলোৱে বজাই থৈ উভতি যাব।

কিমান প্ৰতাৰণা এই জোনাকী পৰুৱাৰ। পোহৰ দেখুৱাই আন্ধাৰৰ ফালে হাত বাউলি মাতে।

তেওঁ যাওঁতে কৈ গ’ল- “মই মাত্ৰ সপোনতহে দেখা দিম।” মই কলো-“promise তো কৰা, মই জীৱনৰ বাবে চকু মুদি দিম।

যি চৰাই উৰি গল, তালৈ আফচোচ কৰি কি লাভ… ইয়াত পোহনীয়া চৰায়ো আনৰ চাদত পৰে।

সুখ চন্দনৰ দৰে। কাৰোবাৰ কপালত লগালে নিজৰ আঙুলিও সুগন্ধিত হয়।

যিয়ে সমস্যা নোহোৱাকৈ জয়লাভ কৰে, সেয়া “বিজয়” আৰু যিয়ে হাজাৰ সমস্যাৰ মাজেৰে জয়লাভ কৰে, সেয়া “বুৰঞ্জী”

এটা কথা মনত ৰাখিবা আনক দুখ দি কেতিয়াও সুখী হব নোৱাৰা! আনক কন্দুৱাই কেতিয়াও হাঁহিব নোৱাৰা ! আনক কষ্ট দি কেতিয়াও শান্তি নোপোৱা!

অতীত ভয়ংকৰ হব পাৰে কিন্তু সঠিক মানুহৰ লগত জীৱনটো আৰম্ভ কৰিলে বর্তমান ভৱিষ্যত দুয়োটাই সুন্দৰ হ’ব।

জন্ম, মৃত্যু সকলো ঈশ্বৰৰ হাতত যদিও, জন্মৰ পৰা মৃত্যু পৰ্য্যন্ত আপোনাৰ জীৱন যাত্ৰাত যদি আপুনি এবাৰো মানসিকভাৱে মৃত্যু হ’ব লগা নহয়, তেন্তে আপোনাতকৈ সুখী এই পৃথিৱীত কোনো নাই।

তুমি ধুনীয়া বাবেই মোৰ ভালপোৱাবোৰ গভীৰ নহয়, মোৰ ভালপোৱাবোৰ গভীৰ বাবেই তুমি ধুনীয়া। মোৰ এই গভীৰ প্ৰেমত তুমি যেন এপাহি সুগন্ধি বিলোৱা ফুল।

শেষ বোৰ সদায় হাঁহি মুখে হ’ব লাগে বেলেগ একো নহ’লেও জীৱনৰ প্ৰতি আক্ষেপ নাথাকে।

জোৰ তেওঁকহে কৰা হয়, যাক সঁচাকৈ ভাল পোৱা যায়। নহ’লেটো এই পৃথিৱীত মিছা ভালপোৱা অভাৱ নাই।

কাৰোবাৰ সপোন ভাঙি নিজৰ সপোন সম্পূর্ণ হ’ব বুলি আশা নকৰিবা।

যিটো সম্পৰ্কত তোমাৰ কোনো গুৰুত্ব নাই, সেই সম্পৰ্কৰ পৰা আঁতৰি অহায়ে ভাল, দুদিনমান বেয়া লাগিব কিন্তু ভৱিষ্যত ভাল হ’ব।

এটা সম্পৰ্ক কিমান বছৰ পুৰণি সেইটো ডাঙৰ কথা নহয় এই সম্পর্কটোত তুমি কিমান সুখী সেইটোৱেই ডাঙৰ কথা।

প্ৰকৃত ভালপোৱা সেইটো হে য’ত প্রিয়জন উভতি নাহে বুলি গম পাইও অপেক্ষা কৰা যায়।

তাৰ পিছত এদিন মায়া শেষ হৈ যাব, এজনে মৰি যাব ভিতৰি ভিতৰি, আনজনে বেলেগৰ লগত গৈ ভালে থাকিব শিকি যাব।

বহুত সাধাৰণ এজনক বিছাৰো, যাৰ ওচৰত তাৰ পৰিয়ালৰ পিছতে থাকিব মোৰ।

ভগৱানে বিছাৰিছিল বুলিয়ে তুমি হেৰাইছিলা, পোৱাৰ সময় হ’লে আকৌ ভগৱানে দিব।

কোনোবাই কয় মই বেয়া কোনোবাই কয় মই ভাল। সঁচা কথা ক’বলৈ গ’লে যিয়ে যেনেকুৱা তেওঁৰ ওচৰত মই তেনেকুৱা।

এই স্বাৰ্থপৰ চহৰত খনত, স্বাৰ্থ নোহোৱা কৈ ভাল পোৱা আৰু প্ৰয়োজন নোহোৱাকৈ খবৰ লোৱা মানুহ পাবলৈ ভাগ্য লাগিব।

আগত কৈ বহুত মৌন হৈ গৈছো ইয়াৰ পিছত হঠাৎ কৰি এদিন হেৰাই যাম।

জীৱনৰ সৰু সৰু সুখ আৰু প্ৰাপ্তিবোৰেই জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা, আশা আৰু সপোনবোৰৰ কি ভৰষা যি ক্ষণে প্রতিক্ষণে সলনি হৈ থাকে.

আপোনাক লৈ পৃথিৱীখনৰ যিমানেই অভিযোগ নাথাকক কিয়, আপোনাৰ বাবে মা দেউতা সুখী হ’ব লাগে মাথো

আপোনাৰ দুখ দেখি কোনোবাই হাঁহিলেও আপোনাৰ হাঁহিটো কিন্তু আন কাৰোবাৰ দুখৰ কাৰণে যাতে সৃষ্টি নহয় সেইটো সদায় মনত ৰাখিব।

সকলো শেষ হৈ যোৱা যেন লগাৰ পিছতো আপুনি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে তেন্তে আপোনাক কোনো হৰুৱাব নোৱাৰে।

যিজনক দুচকু মুদি বিশ্বাস কৰিব পাৰে তেওঁৰ লগত থকা সম্পর্কক গোপনে ৰখাৰ প্ৰয়োজন নাই।

মনত মাজত কিছুমান এনেকুৱা অনুভৱ থাকে যিবোৰ কাৰোবাক ক’বও নোৱাৰি আৰু ক’লেও বুজি নাপায়।

জীৱনত জটিল সময়ৰ খুবেই প্রয়োজন তেতিয়াহে সফলতাৰ প্ৰকৃত আনন্দ উপভোগ কৰিব পাৰি।

কেতিয়াবা একো কাৰণ নোহোৱাকৈও সকলোৰে পৰা আঁতৰি গৈ অকলশৰে থাকিবলৈ মন যায়।

এটা কথা সদায় মনত ৰাখিব, আমি কোৱা কথাবোৰে তথা আমি আনক কৰা ব্যৱহাৰে মা-দেউতাই দিয়া সংস্কাৰকো প্রতিনিধিত্ব কৰে।

বহুত দিনৰ মূৰত কোনোবাই খবৰ সুধিলেই গম পাই যাওঁ যে কিবা কাম ওলাইছে।

জীৱনটো মোৰ গতিকে মানুহে কি ভাবিব মানুহে কি ক’ব সেইবোৰ ভাবি সময় নষ্ট নকৰো।

সকলোৱে মৃত্যুৰ দৰে এটা ডাঙৰ সত্য পাহৰি যদি জীৱনৰ ৰং বিচাৰি ফুৰিব পাৰিছো, তেন্তে পুৰণি কথাবোৰ পাহৰি আমি কিয় জীৱনটোত আগুৱাব নোৱাৰিম।

সেইবোৰ মানুহক তুমি একো কৰিব নোৱাৰা যি মানুহে নিজৰ ভুল জনাৰ পিছতো ভুল স্বীকাৰ কৰিব নিবিচাৰে।

প্ৰথমবাৰ ক্ষমা কৰি দিয়ক দ্বিতীয়বাৰ আকৌ সুযোগ দিয়ক তৃতীয়বাৰ আতৰি আহক।

এনে কিছুমান মানুহ আছে যিয়ে আপুনি অকলে থাকিলে গুৰুত্ব নিদিয়ে তেতিয়াহে গুৰুত্ব দিয়ে যেতিয়া তেওঁ অকলে থাকে।

সেইজন ব্যক্তিৰ মনটো বহুত ভাল যিয়ে বাৰে বাৰে ঠগ খোৱাৰ পিছটো আনৰ বেয়া হোৱাটো কামনা নকৰে।

জীৱনৰ পৰা তুমি সেইটো নোপোৱা যিটো তুমি বিচাৰিছা, জীৱনৰ পৰা তুমি সেইটো পাবা যিটোৰ বাবে তুমি উপযুক্ত।

তুমি যিমানেই সহজ সৰল হ’বা তোমাক সিমানেই ঠগ-প্ৰবঞ্চনা কৰিব।

Sepression কোনো ধেমালি নহয়, কিয়নো এনে সময়ত মুখেৰে হাঁহি থাকে আৰু ভিতৰি মৰি যায়।

আজি কালি মিছা কথাতকৈ সঁচা কথা ক’লে হে সম্পৰ্কবোৰ ভাগি যায়।

মানুহে তোমাক হিংসা কৰিলেও তুমি নিজৰ কৰ্ম কৰি যোৱা.. সময়ে ইয়াৰ প্ৰত্যুত্তৰ এদিন হ’লেও দিব।

চিনাকী হোৱা সকলো মানুহে মনত থাকে, কিন্তু কিছুমান মানুহলৈ সদায় মনত পৰে।

লাগিলে খুব কম মানুহৰ লগত সম্পৰ্ক গঢ়ক কিন্তু সঁচা আৰু হৃদয়ৰ পৰা হ’ব লাগে।

আঁতৰি যোৱাবোৰ যাবলৈ দিয়ক চাওকচোন আপোনাৰ জীৱনত কি আৰু কোন কোন ৰৈ যায়।

কথাবোৰো একেই থাকে সপোনবোৰো একেই থাকে মাথো সময়ে কাষত থকা মানুহজনক আঁতৰাই নিয়ে নতুবা তেওঁ নিজেই সলনি হৈ যায়

নাপাওঁ বুলি জনাৰ পিছতো আপোনাক ভাল পাই থকাজনৰ প্ৰেমহে প্ৰকৃত প্ৰেম অন্যথা নিজৰ প্ৰয়োজনৰ আৰু স্বাৰ্থৰ বাবে ভালপোৱাজনে একেবাৰেই আঁতৰি যায়।

সম্পৰ্ক এটাক আচলতে একপক্ষীয়ভাবে কোনোবা এজনে জোৰ কৰি জীয়াই ৰাখিব নোৱাৰি ইয়াৰ কাৰণে দুয়োজনৰ সদ্দিচ্ছা আৰু সৎ চেষ্টা থাকিব লাগিব

সকলোৰে বাবে সকলোৰে সময়তে উপলব্ধ নহ’ব অন্যথা আপোনাৰ গুৰুত্ব আৰু মূল্য দুয়োটাই কমি আহিব।

জীৱনত কেতিয়াবা হৰ্ঠাতে লগপোৱা কিছুমান বিশেষ মানুহৰ সংস্পৰ্শই জীৱনটো কিছু সুন্দৰ কৰি তোলে কিছু সহজ কৰি তোলে।

কম ধুনীয়া মানুহৰ লগত হোৱা ভালপোৱা সকলোতকৈ ধুনীয়া।

নাৰীৰ গাত হাত দিয়াটো পুৰুষত্ব নহয়, বৰং সেই হাতেৰে নাৰীক সুৰক্ষা কৰাটোহে পুৰুষত্ব।

সময় কাৰো বাবে নৰয় সেয়েয়ে কোনোবা আমাৰ লগত আহক বা নাহক আমি কিন্তু কাৰোবালৈ অপেক্ষা কৰি সময় নষ্ট কৰাতকৈ সময়ৰ লগত আগবাঢ়ি যোৱাই ভাল

উদ্দেশ্য সৎ আৰু মনটো পৰিস্কাৰ হ’লে কোনোবা নহয় কোনোবা ৰূপত ভগৱানেও আহি সহায় কৰি থৈ যায়।

যেতিয়ালৈকে দেহত প্রাণ থাকিব তেতিয়ালৈ কষ্ট থাকিব, কষ্টক জয় কৰি আগুৱাই যোৱাৰ নামেই জীৱন।

সৰু কালত কষ্ট পালে চিঞৰী চিঞৰী কান্দিছিলো যাতে সকলোয়ে শুনিব পাই আৰু এতিয়া কষ্ট পালে লুকাই লুকাই কান্দো যাতে কোনেও বুজিব নোৱাৰে।

মিছলীয়াৰ লগত কোনো বিষয়ত লিপ্ত নহবা, কাৰণ সি তোমাক লৈ মানুহৰ ওচৰত এনেকুৱা মিছা ক’ব যিটো তুমি কল্পনাও কৰিব নোৱাৰিবা।

ভৰিত লগা আঘাত বোৰে সাৱধানে খোজ কাঢ়িবলৈ শিকায়, আৰু মনত লগা আঘাত বোৰে শক্তিশালী আৰু বুদ্ধিমান হৈ জীয়াই থাকিবলৈ শিকায়।

এজন মানুহৰ জীৱনত যেতিয়া বহুত কিবা কিবি অভিজ্ঞতা হৈ যায়, তেতিয়া মানুহ মৌন হৈ যায়, কাৰো লগত বেছি কথা পাতিব নিবিচাৰে অকলে থাকিবলৈ বেছি পছন্দ কৰে।

কেতিয়াবা যদি কাৰোবাৰ প্রতি ভালপোৱা বা ঘৃণা হৈ যায়, তেনেহলে তাক কেতিয়াওঁ পাহৰিব নোৱাৰি।

যিসকল মানুহৰ কাম নাথাকে, সেই সকল মানুহে মানুহৰ দোষ খুচুৰি থাকে। কাৰণ তেওঁ নিজেও একো নকৰে আনকো কৰিব নিদিয়ে।

সময় মূল্যৱান, কিন্তু সপোন দেখাৰ কোনো সময় নাথাকে।

আপুনি দেখা সকলো সপোন দিঠকৰত সম্ভৱ, কেৱল সপোন দেখক আৰু কৰ্ম কৰি যাওঁক।

কিছুমান মানুহ আছে যিয়ে সপোনৰ পৃথিৱীত বাস কৰে আৰু কিছুমানে বাস্তৱৰ পৃথিৱীত বাস কৰি বাস্তৱৰ লগত মুখামুখি হয়। সপোন দেখাটো সহজ কিন্তু বাস্তৱৰ মুখামুখি হবলৈ সাহস আৰু ধৈৰ্যৰ প্ৰয়োজন।

সপোনৰ অবিহনে সফলতা কঢ়িয়াই আনিব নোৱাৰি আৰু সফলতা কৰ্মৰ অবিহনে পাব নোৱাৰি।

যিসকলে বেছি কাম কৰে, তেওঁলোকে বেছিকৈ সপোন দেখে।

আপোনাৰ সপোনবোৰ বাস্তৱায়িত কৰিবলৈ দিনত সপোন দেখিব ৰাতি নহয়।

নিজৰ সপোন পূৰণ কৰিবলৈ চেষ্টা কৰক, শক্তিশালী হৈ থাকক, আৰু কেতিয়াও হাৰ নামানিব।

মোৰো এক সৰু সপোন আছে, মোৰ সপোন হৈছে এখন বাগিছাত মোৰ ঘৰ হব আৰু কোনো বস্তু বিছাৰি যাতে বজাৰলৈ যাব নালাগে।

সফলতা আন একো নহয় কেৱল দিনত দেখা সপোনবোৰৰ পূৰ্ণতা।

আপুনি যিটো বিশ্বাস কৰে তাকেই কৰক, যি সপোন দেখিছা তাকেই পূৰণ কৰিবলৈ চেষ্টা কৰা কিন্তু কোনো নিৰীহ ব্যক্তি বা প্ৰাণীৰ অপকাৰ নকৰিবা।

সপোন দেখা কিন্তু সপোনবোৰ পূৰ্ণ নহলে কেতিয়াও বিচলিত নহবা, কাৰণ সেইবোৰ সপোন outdated হব পাৰে কাৰণ এই পৃথিৱীত সকলো বস্তুৰে expiry date থাকে।

সপোন দেখা কেতিয়াও বন্ধ নকৰিব। কাৰণ সপোন কৰ্মৰ প্ৰতি আকৰ্ষিত কৰে।

ডাঙৰ সপোন সৰু সৰু সপোনৰ জৰিয়তেই পূৰ্ণতা পায়।

সপোন আনৰ বাবে আৰু সন্তুষ্টি নিজৰ বাবে ৰাখিবলৈ চেষ্টা কৰিবা সুখি হবা।

সপোনবোৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয়।

আশা আৰু সপোন একেই নে?

ইচ্ছাশক্তি থাকে মানে সপোন দেখি থাকা সফল হবাই এদিন।

সকলোৰে ভাল দিন আহিব কেৱল সপোন দেখিবলৈ বাদ নিদিব।

ভৱিষ্যত আপোনাৰ সপোনৰ ওপৰত আধা আৰু কৰ্মৰ ওপৰত আধা নিৰ্ভৰ কৰে।

যদি আপুনি এতিয়াও বিচাৰি পোৱা নাই, তেন্তে বিচাৰি থাকক আপোনাৰ সপোনৰ আধাৰ।

জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী কাৰণ ই এক প্রকাৰৰ শিক্ষা আৰু এই শিক্ষাই পৰৱতী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে।

নিজকে মানুহৰ পৰা অলপ সময় আঁতৰাই চোৱা তুমি মানুহৰ বিষয়ে বহুত কথা জানিব পাৰিবা।

সফলতাৰ তিনিটা সূত্র-
১/ বেলেগতকৈ বেছি জানক!
২/ বেলেগতকৈ বেছি কাম কৰক!
৩/ বেলেগতকৈ কম আশা কৰক!

জ্ঞানী মানুহৰ ভুল ধৰিলে তুমি হ’বা তেওঁৰ বন্ধু। মূর্খ মানুহৰ ভুল ধৰিলে তুমি হ’বা তেওঁৰ শত্রু।

প্রতিটো কষ্টৰ অভিজ্ঞতাই আমাৰ বাবে এটা নতুন শিক্ষা।

চকুৰ পানীত অকল পানী নাথাকে তাত থাকে কাৰোবাৰ ভাঙি যোৱা সপোন।

পৃথিৱীৰ দুজন মানুহৰ সংখ্যা সকলোতকৈ কম সত্যবাদী আৰু প্রতিবাদিৰ।

জীৱনত এনেকুৱা এজন মানুহ প্রয়োজন যিয়ে স্বার্থ নোহোৱাকৈ ভাল পাব, আৰু প্রয়োজন নোহোৱাকৈ খবৰ ল’ব।

জীৱনত কঠিন সময়খিনি বহুত উপকাৰী, কাৰণ এইটোৱে সেই সময় য’ত আনৰ সঠিক ৰং দেখা পোৱা যায়।

মানুহ পৰিস্থিতিৰ দাস পৰিস্থিতিয়ে কেতিয়াবা আমাক এনে স্থানলৈ লৈ যায়, য’ত তুমিআপোন হৈও পৰ হৈ যোৱা।

ঘৰখনৰ দায়িত্ব নিজে মূৰ পাতি ল’বলগীয়া হ’লেহে বুজা যায় নিজৰ প্রয়োজন আৰু সপোনবোৰতকৈ ঘৰখনৰ প্রয়োজনবোৰ কিমান বেছি গুৰত্বপূর্ণ।

অপ্রিয় কিন্তু সত্য উপকাৰ এনেকুৱা এটা আচৰিত বস্তু, যি কৰিলে পাহৰি যায়, আৰু নকৰিলে মনত ৰাখি থয়।

এটা সময়ত মানুহ নিজৰ ওচৰতো আমনিদায়ক হৈ পৰে, যেতিয়া তেওঁৰ নিজক দিবলৈও একো নাথাকে, আমি চাগে ইয়াকেই একাকীত্ব বুলি কওঁ।

শিক্ষিত হৈ যদি ভুলক ভুল আৰু শুদ্ধক শুদ্ধ বুলি কোৱাৰ সাহস নাথকে, তেনেহলে আপুনি সমাজৰ বোজাৰ বাহিৰে একো নহয়।

জীৱনত সুখী হ’ব বিচৰা, তেনেহলে সদায় প্রেম বিলাবলৈ চেষ্টা কৰা, পাবলৈ নহয়।

সপোনবোৰ কাঁচৰ আইনাত বন্দী হৈ আছে, দেখা যায় কিন্তু চুব পৰা নাযায়।

সপোনবোৰ যিমান মধুৰ বাস্তৱবোৰ সিমানেই নিষ্ঠুৰ।

জীৱনৰ বাটত কোন কেনেকুৱা চিনি পাব শিকি গ’লো বুলিয়েই চাগে আজি মোৰ বন্ধুৰ সংখ্যা কমি আহিছে।

সেইজন পুৰুষক পুৰুষ বুলি নকয়, যিয়ে নাৰীক অপমান বা আত্মসন্মানত
আঘাত দি পুৰুষালি দেখুৱাব খুজে, আচলতে প্রকৃত পুৰুষ সেইজনহে যিয়ে নাৰীক ইয়াৰ পৰা নিৰাপদে ৰখাৰ চেষ্টা কৰে।

অযোগ্য মানুহক যোগ্য কৰি তোলাটো সম্ভৱ, কিন্তু বিশ্বাস ঘাতক মানুহক বিশ্বাসৰ যোগ্য কৰি তোলাটো সঁচাকৈ অসম্ভৱ।

খং অভিমান মৰম এই তিনিটা শব্দৰ অর্থ যিয়ে সঠিক ভাবে বুজিব পাৰে তেওঁহে সঁচা অর্থত সম্পর্ক এটা গঢ় দিব পাৰে।

ভালপোৱা আৰু মৃত্যু দুয়োটাই মনে মনে আহে, পার্থক্য মাথো ইমানেই ভালপোৱাই মন কাঢ়ি নিয়ে আৰু মৃত্যুৱে জীৱন।

জীৱনত এনেই এজন মানুহ থকাটো খুবেই প্ৰয়োজন, যাক হৃদয়ৰ কথাবোৰ কবলৈ শব্দৰ প্ৰয়োজন নহয়।

জীয়াই থাকিবলৈ তাই প্ৰেৰণা যোগালে, সুখী হৈ থাকিবলৈ তাই প্ৰাৰ্থনা কৰিলে, হে ভগবান, তুমি তাইক সকলো দিবা, যিয়ে মোক তাইৰ অন্তৰত ঠাই দিলে।

সকলোতে তোমাক দেখো, কিন্ত্ত কি কৰিম। সকলোতে তোমাৰ মনত পৰে, কিন্ত্ত কি কৰিম।

মই অনুভৱ কৰিব নাজানো, মোৰ অবিহনেতো সকলোৱে থাকিব পাৰে, একমাত্ৰ মইয়ে যি তোমাৰ অবিহনে থাকিব নোৱাৰো।

পাহৰি যোৱা তাক যি তোমাক পাহৰি গ’ল, ভালপোৱা তাক যি তোমাক ভালপাই।

মোৰ হৃদয়ত তোমাৰ প্ৰতিচ্ছবি দেখুৱাব নোৱাৰিম, মোৰ হৃদয়ত তোমাৰ স্হান দেখুৱাব নোৱাৰিম, তুমি মোৰ বাবে কি? ইয়াতকৈ বেছি বুজাব নোৱাৰিম।

খং কৰিবৰ বাবে হাজাৰটা কাৰণ লাগে। আৰু অভিমান কৰিবৰ বাবে ভালপোৱাই যথেষ্ট।

যিজনে বহুত বেছি ভালপায় তেওঁহে আপোনাক বহুত বেছি শাসন আৰু অভিমান কৰে।

সময় আৰু শিক্ষক দুয়োটাই শিকায়, কিন্তু পার্থক্য মাথো এনে যে, শিক্ষকে শিকোৱাৰ পিছত পৰীক্ষা লয়। আৰু সময়ে পৰীক্ষা লোৱাৰ পিছত শিকায়।

সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব কৰা উচিত, কিয়নো সেই সকলে ভাল দিনত মূল্যৱান সম্পদ। আৰু বেয়া দিনত পতিৰক্ষক হৈ থিয় দিয়ে।

তর্কতকৈ নীৰৱতা ভাল। প্রতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল। আৰু স্বর্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুনে ভাল।

যেতিয়া তোমাৰ ওচৰত অজস্র ধন-সম্পত্তি থাকিব তেতিয়া তুমি পাহৰি যাবা, তুমি কোন ? আৰু যেতিয়া তোমাৰ ওচৰত ধন-সম্পত্তি নাথকিব তেতিয়া এই পৃথিৱীখনে পাহৰি যাব, তুমি কোন ?

আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা, দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা। কাৰণ পৃথিৱীৰ শ্রেষ্ঠ আদালত হৈছে মানুহৰ বিবেক।

আপোন হ’বলৈ কোনো তেজৰ সম্পর্ক নালাগে, দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে সেইজনেই প্রকৃত আপোন।

আমি মধ্যবিত্ত, নিজৰ সপোনটো ভাঙি, আনৰ সপোনবোৰ সজোৱাৰ চেষ্টাৰেই পাৰ হয় আমাৰ জীৱন।

গছৰ পাত সৰাৰ আগতে ৰং সলনি হৈ যায়, আৰু মানুহ সলনি হৈ যোৱাৰ আগতে তেওঁৰ কথাবোৰ ৰস নোহোৱা হৈ যায়।

যি হুলস্তূল কৰি ভিৰ কৰে তেওঁ ভিৰৰ মাজতে হেৰাই যাই সফল তেওঁহে হয় যি মনে মনে থাকিও নিজৰ কাম কৰি যাই।

আপুনি সঁচাকৈয়ে যি কৰিব বিচাৰে সেয়া কৰিবলৈ চেষ্টা কৰাটো এৰি নিদিব। য’ত প্ৰেম আৰু অনুপ্ৰেৰণা আছে, মই নাভাবো যে আপুনি ভুল হ’ব পাৰে।

পৰিস্থিতি লাগিলে যিমানেই কঠিন নহওঁক মনৰ পৰা যদি সহজ বুলি ভাবি লোৱা সহজ হৈ পৰিব।

প্ৰতিটো শিক্ষা কিতাপত পোৱা নাযায় কিছুমান শিক্ষা জীৱনেও দি যায়।

জীৱনে এটা সুযোগ সদায় দিয়ে সেইটোক আমি সৰল ভাষাত কাইলৈ বুলি কওঁ।

যিদিনা তুমি মোক বুজিবা যে মোতকৈ বেছি আৰু তোমাক কোনেও ভাল পোৱা নাছিল। সেইদিনা তুমি মোতকৈও বেছি কান্দিবা।

সকলো ব্যক্তিয়ে ভাল পাব জানে, কিন্তুু কিছুমানহে এনে ব্যক্তি আছে যিয়ে ভালপোৱাবোৰ এজনৰ মাজতে সীমিত ৰাখে

জীৱনত নিজৰ লেখীয়া মানুহ কতো নোপোৱা। আৰু যদিও বিচাৰি ফুৰা লাভ নহ’ব। পিছলৈ অকলশৰীয়া হৈ যাবা। ইয়াত যিজন মানুহ যেনেকৈ আছে তেনেকৈ মানি লোৱাই ভাল ।

দুখীয়াৰ জীৱন মানেই সংগ্ৰাম বন্ধু আমাৰ জীৱন তোমালোকৰ দৰে এটা দামী বাইক, ম’বাইলৰ মাজত নাথাকে আমাৰ জীৱন দুশ টকা হাজিৰাৰ মাজতেই সীমিত

দেউতাক টানকৈ কথা কোৱাৰ আগতে দহবাৰ ভাবিবা , কাৰণ দেউতা নথকাতো কিমান কষ্টৰ কথা সেইটো ভাবিবলৈও ভয় লাগে।

জীৱনত আপুনি কিমান সুখী সেইটো আচল কথা নহয় কিন্তু আচল কথাটো হ’ল আপোনাৰ বাবে কিমানজন সুখী।

মই স্বৰ্গ দেখা নাই কিন্তু মই আইৰ মুখত হাঁ‌হি দেখিছো।

বাস্তৱত বিজয়ী সেইজন মানুহ, যিজনে জয় আৰু পৰাজয় দুয়োটাই সাদৰে গ্ৰহণ কৰে

ধনীৰ খং বেছি , দুখীয়াৰ ভোক বেছি , মধ্যবিত্তৰ সপোন বেছি।

তোমাৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিবা। ৰাশিৰ ওপৰত নহয়, কিয়নো ৰাম আৰু ৰাবনৰ ৰাশি একে আছিল, কিন্তু ভাগ্যই কৰ্মৰ ওপৰতে দুয়োজনক ফল দিছিল, ৰাশিৰ ওপৰত নহয়।

আজিও যেতিয়া স্কুলখনৰ সম্মুখেদি যাওঁ‌, স্কলখনে হাত বাউলী দি মাতে “আহ অলপ পঢ়ি যা, লগৰ লৰাবোৰৰ লগত অলপখেলি যা” সচাকৈ স্কুলৰ দিনবোৰ বহুত মধুৰ আছিল।

ভাল পোৱাটো বেয়া কথা নহয়, ভাল পোৱাক অপমান কৰাটো বেয়া কথা

কিছুমান মানুহ আছে, যি ভাগ্যত নাথাকিলেও, হৃদয়ত থাকে আজীৱন

মানুহৰ জীৱনটোৰ, জন্মৰ সময়খিনি আনন্দময়। মৃত্যুৰ সময়খিনি শান্তিময়, মাজত থকা বাকী সময়খিনি অকলে নথকাৰ এক অভিনয়।

এদিন ডাঙৰ হোৱাৰ সপোন দেখি দিনবোৰ পাৰ হৈছিল, এতিয়া এটাই দুখ শৈশৱ কিয় হেৰাল

গভীৰ নিশা + কাণত হেডফোন + কিছুমান প্রিয় গান = মই ভালে আছোঁ।

আশা হল এনে এটা শব্দ যিটোৱে মানুহক হয়তো জীয়াই থাকিবলৈ শিকায়, নহলে জীয়াই থাকিবলৈ বাধ্য কৰায়।

জীৱনৰ সকলোতকৈ ডাঙৰ ভুল হৈছে , নিজেই ভালে থকাৰ দায়িত্ববোৰ আনৰ হাতত তুলি দিয়াটো।

সৰু সৰু কথাবোৰক লৈ আমাক সেইজনেহে খং কৰে যিজনে আমাক হৃদয়েৰে ভাল পায়।

প্ৰয়োজনত আপোনজনৰ সুখৰ বাবে তেওঁৰ পৰা আঁতৰি অহাটোও প্ৰকৃত ভালপোৱাৰ উদাহৰণ।

তুমি যাৰ বাবে ইমান পোষ্ট বা ষ্টেটাছ শ্বেয়াৰ কৰি আছা, তেওঁ হয়তো আন কাৰোবাৰ পোষ্ট আৰু ষ্টেটাছলৈ অপেক্ষা কৰি আছে।

প্ৰেম কৰাটো অপৰাধ, এতিয়া এনেদৰেই নিজকে সান্তনা দিওঁ

সকলো ভাল, অকল মই বেয়া।

অপমান কৰাটো কাৰোবাৰ স্বভাৱ হব পাৰে, কিন্তু সন্মান কৰাটো আমাৰ সংস্কাৰ।

কিমান যে নিশা পাৰ কৰিলোঁ তোমাক কাষত পোৱাৰ আশাত, তোমাক তো নাপালোঁ কিন্তু মইহে হেৰাই গলো তোমাৰ অপেক্ষাত।

অলেখ ভালপোৱা আছে তোমালৈ কিন্তু প্ৰতিদান নিদিওঁ, ছাঁ টোৰ দৰে থাকিম তোমাৰ সতে অথচ দেখুৱাই নিদিওঁ।

যদি সঁচাকৈ ভালপোৱা আছে প্ৰকাশ কৰি দিয়া, যদি সঁচাকৈ মৰম আছে মৰম যাচি দিয়া, লাজ নতুবা অভীমানত যদি সাঁচি থোৱা মৰমবোৰ সুখী হব কোনদিনা ?

এজনে আনজনৰ বাবে জীয়াই থকাটোও জীৱন, গতিকে সেইজনক সময় দিয়ক যিজনে আপোনাৰ হৃদয়েৰে ভালপায়।

জীৱন মানুহে হৃদয়ত অভিমান আৰু মুখত অভিযোগ কমকৈ ৰাখে, সেইজন মানুহে সকলো ধৰণৰ সম্পৰ্ক পালন কৰিবও জানে।

গুৰুত্ব দিবলৈ শিকি লোৱা, কিয়নো জীৱনলৈ অহা কিছুমান মানুহ এবাৰ আঁতৰি গ’লে পুনৰ উভটি নাহে।

জীৱনলৈ সফলতা অহাৰ আগতে কিছুমান সাধাৰণ পৰাজয় আহিবই, কিন্তু সেই পৰাজয়কে শেষ বুলি নাভাৱি সংঘৰ্ষ কৰি গলেহে সফলতা আহে।

সময়ৰ সোঁতত কিমান পৰ হ’ল আৰু কিমান আপোন, বাস্তৱ আৰু কৰ্তব্যৰ মাজত কৰোৱাৰ হেৰাই গ’ল এসময়ৰ সৰল সপোন।

  • খং দেখুৱাই BYE কোৱাৰ পিছতো REPLY পোৱাৰ বাবে অপেক্ষা কৰা মানেই ভালপোৱা।

যিয়ে এসময়ত নকলেই সকলো কথা বুজি পাইছিল, তেওঁ আজি বুজাই কলেও বুজিব নিবিচাৰে।

প্ৰিয়জনক দামী ঘড়ী উপহাৰ ডিয়াতকৈ প্ৰতিদিন অকণমান সময় উপহাৰ দিয়া, দেখিবা সম্বন্ধ অধিক সুন্দৰ হব।

যিয়ে নিজে সংঘৰ্ষত থাকিও আপোনাক সহায় কৰে, সেয়া কেৱল সহায় নহয় সেয়া আপোনাৰ প্ৰতি ভালপোৱা।

গাঁৱৰ সেই কেঁচা অলিটোৰে শীতৰ পুৱা কুঁৱলী ফালি, গৰম অনুভৱ কৰিবলৈ গৈছিলোঁ চাইকেল মাৰি, সেইবোৰ এতিয়া স্মৃতি।

তোমাৰ খংবোৰলৈ ভয় নালাগে কিন্তু তোমাৰ অভিমানবোৰলৈ ভয় লাগে।

আমি একেলগে তো আছোঁ কিন্তু আঁতৰে আঁতৰে আছোঁ, জীয়াই তো আছোঁ কিন্তু বাধ্যত পৰি।

যাৰ ক’বলৈ একো নাথাকে তেওঁৰ মৌনতাখিনিয়ে বহুত কৈ যায় আৰু ভালপোৱা তেওলোকৰ মাজতো জীয়াই থাকে যি মন গ’লেই ইজনে-সিজনক লগ কৰিব নোৱাৰে।

তোমাৰ অবিহনেও মোৰ চহৰলৈ বাৰিষা নামে কিন্তু সেই বৰষুণত ভালপোৱা নসৰে।

আমি সেইজনকহে বেছিকৈ বিচাৰোঁ যিজনে আমাক গুৰুত্বই দিব নিবিচাৰে।

কাৰোবাক ইমানো বেছি ভাল নাপাব যে তেওঁক গোটেই জীৱন পাহৰিবলৈ নোৱাৰিব।

কামনা কৰো যে, যিটো পলত তুমি হাঁহা সেই পল চিৰদিন থমকি ৰওক

অকণমান ভুলতেই কাৰোবাৰ পৰা আঁতৰি আহি সম্পৰ্ক এটাক নষ্ট কৰি নেপেলাব কাৰণ এই পৃথিৱীত কাৰোবাক আপোন কৰিবলৈ গোটেই জীৱন লাগি যায়।

কোনোবা ভাঙি গ’লে তেওঁক সজাবলৈ শিকক, কোনোবাই অভিমান কৰিলে তেওঁৰ অভিমান ভাঙিবলৈ শিকক, সম্পৰ্ক এটাক সফল কৰাটোও সহজ কেৱল মাত্ৰ পালন কৰিবলৈ শিকক।

সেইজনে আপোনাক প্ৰকৃততে কেতিয়াও ভাল পাব নোৱাৰে যিজনে কেৱল নিজৰ প্ৰয়োজনত হে আপোনাক মনত পেলায়।

যিজনে আপোনাৰ শব্দবোৰক গুৰুত্ব নিদিয়ে সেইজনৰ বাবে আপোনাৰ মৌনতাই হৈছে উত্তম প্ৰত্যুত্তৰ।

প্ৰেম যদি কেৱল চেহেৰাৰ লগত হ’লহেতেন ভগৱানে কেতিয়াও হৃদয় নবনালেহেতেন।

আপোনাৰ পৰা কোনোবা আঁতৰি গৈছে তাক চিন্তা বা দুখ নকৰিব কিয়নো জীৱনলৈ সঁচা এজন আহিবৰ বাবে মিছা মানুহবোৰ আঁতৰি যোৱাটো খুবেই প্ৰয়োজন।

ভালপোৱাত সদায় ইজনে সিজনক বুজিবলৈ চেষ্টা কৰিব লাগে জুখিবলৈ নহয়।

তেওঁ কাষত থাকক বা নাথাকক তেওঁ সময় দিয়ক বা নিদিয়ক ইজনৰ আনজনৰ প্ৰতি থকা সন্মান আৰু বিশ্বাসেহে এটা সম্পৰ্কক সজীৱ কৰি জীয়াই ৰাখে

সঁচা ভালপোৱা বিচাৰি পোৱা নাযায়; ইয়াক গঢ়িব লাগিব।

যিজনে আপোনাৰ সুন্দৰ চেহেৰা আৰু সুন্দৰ শৰীৰটোৰ প্ৰতি আকৰ্ষিত হৈ আপোনাৰ কাষ চাপে সেইজনএ কেতিয়াও আপোনাক সঁচা ভাল পাব নোৱাৰে কিন্তু যিজনে আপোনাৰ হৃদয়ৰ সৌন্দৰ্যক দেখা পাই জীৱনলৈ আহে সেইজনহে আপোনাক সঁচা ভাল পাব পাৰে।

অকলশৰেই পাৰ কৰিব লাগে জীৱনৰ কিছুমান যাত্ৰা জীৱনৰ প্ৰতিটো বাটত তোমাৰ সতে সংগী নাথাকে।

সেইজন কেতিয়াও কাৰোৰে আপোন হ’ব নোৱাৰে যিজনে সম্পৰ্কবোৰ কাপোৰৰ দৰে সলনি কৰি থাকে।

এটা সঁচা সম্পৰ্ক মিছা প্ৰতিশ্ৰুতিৰে জীয়াই ৰাখিব নোৱাৰি

গুৰুত্ব দিবলৈ শিকি লোৱা কিয়নো জীৱনলৈ অহা কিছুমান মানুহ এবাৰ আঁতৰি গ’লে উভটি নাহে।

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Assamese Medium ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Assamese Heart Touching Quotes যদি আপোনাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

Leave a Comment