ADVERTISEMENT

AJB Class 6 Science Chapter 10 Question Answer | আমাৰ চৌপাশৰ বস্তুবোৰ

আমাৰ চৌপাশৰ বস্তুবোৰ প্ৰশ্ন উত্তৰ অথবা AJB Class 6 Science Chapter 10 Question Answer বিচাৰি আপুনি আজি Assamese Medium নামৰ এই শিক্ষামূলক ৱেবচাইটৰ এই পৃষ্ঠাত পঢ়ি আছে নেকি? তেন্তে চিন্তাৰ কোনো কাৰণেই নাই, আমি আপোনালোকৰ বাবে আজি AJB Class 6 Science Chapter 10 Question Answer [আমাৰ চৌপাশৰ বস্তুবোৰ] সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিব গৈ আছো।

ইয়াৰ আগতে আমি অসম জাতীয় বিদ্যালয়ৰ Class 6 ৰ বিজ্ঞান বিষয়ৰ ভালেমান অধ্যায়ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছো, আপুনি বিচাৰিলে তলত দিয়া লিংকৰ পৰা পঢ়িব পাৰে।

লগতে যদি আপুনি Video Class ৰ জৰিয়তে বুজিব বিচাৰে তেন্তে আপুনি আমাৰ ইউটিউব চেনেল Nitid Ascademy চাব পাৰে। তেন্তে আহক আজি আমি আলোচনা কৰোঁ AJB Class 6 Science Chapter 10 Question Answer অথবা আমাৰ চৌপাশৰ বস্তুবোৰ প্ৰশ্ন উত্তৰ।

আমাৰ চৌপাশৰ বস্তুবোৰ প্ৰশ্ন উত্তৰ ২০২৩ | AJB Class 6 Science Chapter 10 Question Answer

আমি আপোনালোকৰ সুবিধাৰ বাবে এই AJB Class 6 Science Chapter 10 Question Answer (আমাৰ চৌপাশৰ বস্তুবোৰ প্ৰশ্ন উত্তৰ) কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ সংযোগ কৰাৰ প্ৰয়াস কৰা হৈছে যি আপুনি পছন্দ কৰিব।

ADVERTISEMENT

ইয়াৰ ওপৰিও আজিৰ আলোচনাত আমি আপোনালোকৰ বাবে আমাৰ চৌপাশৰ বস্তুবোৰ প্ৰশ্ন উত্তৰ যত অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, খালী ঠাই পুৰ কৰা, চমুটোকা আদি আছে। তেন্তে আহক সময় নষ্ট নকৰাকৈ আজি আমি আমাৰ চৌপাশৰ বস্তুবোৰ Question Answer আলোচনা কৰোঁ।

ADVERTISEMENT
ADVERTISEMENT

শুদ্ধ উত্তৰটো কি হ’ব লিখাঁ ―

(i) এবিধ অর্ধস্বচ্ছ বস্তুৰ উদাহৰণ হ’ল—
a) বায়ু ।
b) কাঁচ ।
c) তৈল কাগজ ।
d) কাগজ ।
উত্তৰঃ (c) তৈল কাগজ ।

(ii) এবিধ পানীত অদ্রবণীয় পদাৰ্থৰ উদাহৰণ হ’ল—
a) গ্লুক’জ ।
b) বালি ।
c) চেনি ।
d) নিমখ ।
উত্তৰঃ (b) বালি ।

(iii) ঘৰত ব্যৱহাৰ কৰা কাপ-প্লেট সাধাৰণতে কি পদাৰ্থৰে নিৰ্মিত ?
a) চেৰামিক ।
b) কাঁচ ।
c) ষ্টিল ।
d) লো ।
উত্তৰঃ (a) চেৰামিক ।

২। এবিধ সামগ্রী কি কামত ব্যৱহৃত হ’ব সেয়া কিহৰ ওপৰত নিৰ্ভৰ কৰে লিখা ।
উত্তৰঃ এবিধ সামগ্রী কি কামত ব্যৱহৃত হ’ব, সেয়া নিৰ্ভৰ কৰিব বস্তুটো যি পদাৰ্থৰে গঠিত, সেই পদাৰ্থৰ ধৰ্মৰ ওপৰত।

৩। কাঠেৰে নিৰ্মিত ছয়বিধ বস্তুৰ নাম লিখাঁ।
উত্তৰঃ কাঠেৰে নিৰ্মিত ছয়বিধ বস্তু হ’ল – বিচনা, চকী, মেজ, ছোফা, ক্রিকেট বেট ইত্যাদি।

প্ৰতিটো থুপত থকা নিমিলা বস্তুবিধ বাছি উলিওৱাঁ―

a) মিছিৰি, নিমখ, চেনি, গ্লুক’জ ।
উত্তৰঃ গ্লুক’জ ।

b) লো, এলুমিনিয়াম, তাম, কাঠ ।
উত্তৰঃ কাঠ ।

ADVERTISEMENT

c) বাঁহ, কাঠ, প্লাষ্টিক, শিলগুটি ।
উত্তৰঃ প্লাষ্টিক ।

d) বায়ু, পানী, কাগজ, কাঁচ ।
উত্তৰঃ কাঁচ ।

d) বিছনা, চকী, বাল্টি, টেবুল ।
উত্তৰঃ বাল্টি ।

d) মিছিৰি, চকৰ গুড়ি, নিমখ, চেনি ।
উত্তৰঃ চকৰ গুড়ি ।

৫। তলত কিছুমান বস্তু আৰু পদাৰ্থৰ নাম দিয়া হৈছে। কোনটো বস্তু সাধাৰণতে কি পদাৰ্থৰে নিৰ্মিত মিলাই লিখা ―

ADVERTISEMENT
বস্তুপদার্থ
কিতাপপ্লাষ্টিক
চকীকাঁচ
কাঁহীকাঠ
গজালকাগজ
বাল্টিষ্টিল
আয়নালো

উত্তৰঃ 

বস্তুপদার্থ
কিতাপকাগজ
চকীকাঠ
কাঁহীষ্টিল
গজাললো
বাল্টিপ্লাষ্টিক
আয়নাকাঁচ

কোনটো উক্তি সত্য আৰু কোনটো অসত্য লিখাঁ

a) লোৰ-জ্যোতি নাই; তোমাৰ বহীখনৰ জ্যোতি আছে।
উত্তৰঃ সত্য ।

b) এটা বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ নাযায়। বস্তুটোত পোহৰ পৰিলে ছাঁৰ সৃষ্টি হ’ব।
উত্তৰঃ সত্য ।

c) সাধাৰণতে প্লাষ্টিকৰ সামগ্ৰীসমূহ নিজম নহয়।
উত্তৰঃ অসত্য ।

d) কলগছ আৰু কাঠ পানীত ওপঙে।
উত্তৰঃ সত্য ।

e) গ্লুক’জ পানীত দ্ৰৱীভূত নহয়।
উত্তৰঃ অসত্য ।

ADVERTISEMENT

f) স্বচ্ছ বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যায়।
উত্তৰঃ সত্য ।


৭। জ্যোতি কাক বোলে ?
উত্তৰঃ কিছুমান পদার্থ পোহৰত থ’লে চিক্‌মিকায়। এই চিক্‌মিকোৱা ধৰ্মটোক জ্যোতি (lusture) বোলে।

৮। স্বচ্ছ পদার্থ মানে কি ? স্বচ্ছ পদাৰ্থৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ পদাৰ্থৰ মাজেৰে আমি দেখা পাওঁ বা যিবোৰ পদাৰ্থৰ মাজেৰে পোহৰ সম্পূৰ্ণৰূপে পাৰ হৈ যায়, সেইবোৰ পদাৰ্থক স্বচ্ছ পদাৰ্থ বোলে। উদাহৰণস্বৰূপে চাফা কাঁচ, ফটফটীয়া পানী আদি।

৯। অস্বচ্ছ পদার্থ মানে কি ? অস্বচ্ছ পদাৰ্থৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ পদাৰ্থৰ মাজেৰে আমি দেখা নাপাও বা যিবোৰ পদাৰ্থৰ মাজেৰে পোহৰ সম্পূৰ্ণৰূপে পাৰ হৈ যাব নোৱাৰে, সেইবোৰ পদাৰ্থক অস্বচ্ছ পদাৰ্থ বোলে। উদাহৰণ স্বৰূপে শিল, মাটি আদি।

অতিৰিক্ত প্রশ্নোত্তৰ

১। অর্ধস্বচ্ছ পদার্থ কি ? উদাহৰণ দিয়াঁ।
উত্তৰঃ যিবোৰ বস্তুৰ মাজেৰে আংশিকভাৱে দেখা পোৱা যায়, বা আংশিকভাৱে পোহৰ পাৰ হৈ যায়, সেইবোৰ পদাৰ্থক অর্ধস্বচ্ছ পদার্থ বোলে। উদাহৰণ স্বৰূপে—ক’লা ৰঙৰ কাঁচ, তৈল কাগজ আদি।

২। দ্রাব্যতা কি ?
উত্তৰঃ কিছুমান পদাৰ্থ পানীত দিলে পানীত মিহলি হৈ যায় এইবোৰ পদাৰ্থৰ এই গুণটোক দ্রাবতা (solubility) বোলে।

৩। দ্ৰৱণীয় কি ?
উত্তৰঃ যিবিধি পদাৰ্থ পানীত দ্ৰৱীভূত হয়, তাক পানীত দ্রৱণীয় (soluble) বোলে।

ADVERTISEMENT
ADVERTISEMENT
ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment

ADVERTISEMENT