ADVERTISEMENT

Class 10 Science Chapter 11 Assamese Medium

Class 10 Science Chapter 11 Assamese Medium তথা মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী দশম মান শ্ৰেণীৰ বিজ্ঞানৰ আন এক গুৰুত্বপূৰ্ণ অধ্যায়। পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ অধ্যায়ৰ লগত কিছু মিল থকা অধ্যায়টো হল Class 10 Science Chapter 11 Assamese Medium তথা মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী।

বিজ্ঞানৰ ধাৰণা আমি আগতে আলোচনা কৰিছোঁ আৰু সেই বাবেই আমি এতিয়া পোনে পোনে Class 10 Science ৰ সকলো অধ্যায়ৰ কেৱল প্ৰশ্ন উত্তৰ আগতে আলোচনা কৰিব বিছাৰিছো। আপুনি যদি কোনো অংশত কোনো প্ৰশ্ন উত্তৰ বুজি পোৱাত অসুবিধা পাই তেন্তে আমাক Comment Section ত জনাব নেপাহৰিব।

Class 10 Science Chapter 11 Assamese Medium
ADVERTISEMENT

আমি ইয়াত কেৱল Class 10 Science Chapter 11 Assamese Medium ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰা নাই, ইয়াৰ আগত আমি Class 10 Science Assamese Medium ৰ বেলেগ বেলেগ অধায়াসমূহ আলোচনা কৰিছোঁ, আপুনি বিচাৰিলে তলত দিয়া লিংকত ক্লিক কৰি পঢ়িব পাৰে বা Class 10 Science PDF Solution ডাউনলোড কৰিব পাৰে।

Class 10 Science Chapter 11 Assamese Medium: প্ৰশ্ন উত্তৰ

প্ৰশ্ন উত্তৰ বুলি কলে আমি Class 10 Science Chapter 11 Assamese Medium ৰ পাঠ্যপুথিৰ অতি চমু প্ৰশ্ন, চমু প্ৰশ্ন, বহল প্ৰশ্ন উত্তৰ আৰু আনুসংগিক কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে যি আগন্তুক HSLC 2023-24 Final Exam ৰ বাবে অতি প্ৰয়োজনীয়।

Class 10 Science Chapter 11 MCQ in Assamese

1. 25 ছে.মি ন্যূনতম দূৰত্ব নিয়মীয়া দৃষ্টিৰ সদ্য স্পষ্টকৈ দেখা যায়
(a) প্রাপ্তবয়স্কৰ
(c) কৈশোৰৰ
(b) শিশুৰ
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) প্রাপ্তবয়স্কৰ

ADVERTISEMENT
ADVERTISEMENT

2. চকুৰ কি অঙ্গৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিবৰ্তন হয়?
(a) চকুৰ মণি
(b) অক্ষিপট
(c) চিলিয়াৰী
(d) চকুৰ পতা
উত্তৰঃ (c) চিলিয়াৰী

3. চকুৰ কৰ্ণিয়াৰ পিছফালে কি থাকে
(a) চকুৰ মণি
(c) ৰেটিনা
(b) ইৰিচ
(d) নেত্রোদ
উত্তৰ : (b) ইৰিচ

4. চকুৰ পতাই কি নিয়ন্ত্ৰণ কৰে –
(a) চকুৰ মাণৰ আকাৰ
(b) ৰেটিনাৰ আকাৰ
(c) নেত্ৰোদৰ আকাৰ
(d) কর্ণিয়াৰ আকাৰ
উত্তৰ : (a) চকুৰ মণিৰ আকাৰ

5. অক্ষিগোলকৰ ব্যাস হ’ল প্ৰায়
(a) 2.1 cm
(c) 2.3 cm
(b) 2.2 cm
(d) 2.4cm
উত্তৰ : (c) 2.3 cm

6. চকুৰ সৈতে জড়িত অংশবিলাকে কি ৰূপান্তৰ কৰে —-
(a) পোহৰক স্নায়বিক সংকেতলৈ
(b) পোহৰক চুম্বকীয় সংকেতলৈ
(c) পোহৰক বৈদ্যুতিক সংকেতলৈ
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (c) পোহৰক বৈদ্যুতিক সংকেতলৈ

7. নেত্ৰদানৰ বাবে চকুযোৰ কিমান সময়ৰ ভিতৰত আতৰাব লাগে
(a) 10-12 ঘন্টা
(b) 6-7 ঘন্টা
(c) 4-5 ঘন্টা
(d) 2-3 ঘন্টা
উত্তৰ : (c) 4-5 ঘন্টা

8. তলৰ কোনবিধ ৰোগীয়ে নেত্ৰদান কৰিব পাৰে
(a) মধুমেহ
(b) উচ্চৰক্তচাপ
(c) এজমা
(d) কেটেৰেক্ট
উত্তৰ: (d) কেটেৰেক্ট

ADVERTISEMENT

9. সূৰ্যৰ পোহৰ কেইটা ৰঙেৰে গঠিত
(a) পাচটা
(b) ছয়টা
(c) সাতটা
(d) আঠটা
উত্তৰ: (c) সাতটা

10. ৰামধেনু সূৰ্যৰ কি দিশত সৃষ্টি হয়
(a) ওপৰত
(b) তলত
(c) সন্মুখত
(d) বিপৰীত দিশত
উত্তৰ: (d) বিপৰীত দিশত

11. আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি
(a) পোহৰৰ প্ৰতিফলন
(b) পোহৰৰ প্ৰতিসৰণ
(c) পোহৰৰ বিক্ষেপন
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (c) পোহৰৰ বিক্ষেপন

12. দীঘল তৰংগ দৈৰ্ঘ্যৰ পোহৰ কি
(a) নীলা
(b) হালধীয়া
(c) সেউজীয়া
(d) ৰঙা
উত্তৰ: (d) ৰঙা

13. মায়পিয়া গ্ৰস্ত ৰোগীৰ বাবে কি লেন্স ব্যৱহাৰ কৰিব লাগে –
(a) উত্তল লেন্স
(b) সমতল লেন্স
(c) অৱতল লেন্স
(d) ওপৰৰ এটাও নহয
উত্তৰ : (c) অৱতল লেন্স

ADVERTISEMENT

14. চকুৰ প্ৰতিবিম্ব কত গঠন হয় –
(a) ৰেটিনা
(b) কর্ণিয়া
(c) নেত্রোদ
(d) ইৰিচ
উত্তৰ: (a) ৰেটিনা

15. কোন অংশৰে চকুত পোহৰ সোমায়
(a) ৰেটিনা
(b) কর্ণিয়া
(c) নেত্রোদ
(d) ইৰিচ
উত্তৰঃ (b) কর্ণিয়া

16. চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘৰ পৰিবর্তন হয়?(HSLC-2020)
(i) চকুৰ মণি
(ii) অক্ষিপট
(iii) চিলিয়াৰী পেশী
(iv) চকুৰ পতা
উত্তৰ : (iii) চিলিয়াৰী পেশী

17. ৰামধেনু. (HSLC-2022)
(i) সূৰ্যৰ একে দিশত সৃষ্টি হয়
(ii) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয
(iii) সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে
(iv) ওপৰৰ এটাও নহয়
উত্তৰ : (ii) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়

18. নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হ’ল— (HSLC-2019 )
(i) ২৫ মিটাৰ
(ii) ২৫ ছে. মি.
(iii) ২.৫ ছে. মি
(iv) ২.৫ মিটাৰ (4)
উত্তৰ : (ii) ২৫ ছে. মি.

19. মানুহৰ চকুৱে চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ’ল –
(a) প্ৰেছ’বায়’পিয়া
(b) উপযোজন ক্ষমতা
(c) নিকট দৃষ্টিগ্রস্ততা
(d) দূৰ দৃষ্টিগ্ৰস্ততা
উত্তৰ: (b) উপযোজন

ADVERTISEMENT

20. মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান-
(a) কর্ণিয়া
(c) চকুৰ মণি
(b) চকুৰ পতা
(d) অক্ষিপট
উত্তৰ : (d) অক্ষিপট

পাঠ্য পুথিৰ প্ৰশ্ন উত্তৰ: Page No. 190

১। চকুৰ উপযােজন ক্ষমতা কি?
উ : চকুৰ লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য সালসলনি কৰিব পৰা সামর্থক চকুৰ উপযােজন ক্ষমতা বােলে।

২। মায়’পিয়াগ্রস্ত বিকাৰ থকা মানুহ এজনে 1.2m তকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। যথােচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্‌ছ ব্যৱহাৰ কৰিব লাগিব?
উ : উপযুক্ত ক্ষমতাৰ অৱতল লেন্‌ছ ব্যৱহাৰ কৰিব লাগিব।

৩। স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰ বিন্দু আৰু নিকটবিন্দু কি?
উঃ দূৰবিন্দু হ’ল চকুৱে স্পষ্টকৈ দেখিব পৰা আটাইতকৈ দূৰৰ বিন্দু। স্বাভাৱিক দৃষ্টিৰ ক্ষেত্ৰত দূৰবিন্দু অসীমত। আনহাতে, নিকটবিন্দু হ’ল চকুৱে স্পষ্টকৈ দেখিব পৰা আটাইতকৈ ওচৰৰ বিন্দু। স্বাভাৱিক দৃষ্টিৰ ক্ষেত্ৰত এই দূৰত্ব 25 cm.

৪। দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱর্তে দুটা চকুৰ প্রয়ােজন কিয়?
উঃ এটা চকুৰ বাবে দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ 150° আনহাতে দুটা চকুৰ বাবে প্ৰসাৰ প্রায় 180° । সেয়েহে দুয়ােটা চকুৱে দৃষ্টিক্ষেত্ৰ বহল কৰে।

৫। ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে ব’ৰ্ডখন চোৱাত অসুবিধা পায়। ল’ৰাজনে ভােগা বিকাৰটো কি হ’ব পাৰে? ইয়াৰ সংশােধন কেনেকৈ কৰিব পাৰি?
উঃ এই ক্ষেত্ৰত ল’ৰাজনে মায়’পিয়া দৃষ্টিগ্রস্ততাত ভূগিছে। উপযুক্ত ক্ষমতাৰ অৱতল লেন্‌ছ ব্যৱহাৰ কৰি এই বিকাৰ দূৰ কৰিব পাৰি।

অনুশীলনীৰ প্ৰশ্ন উত্তৰ

১। মানুহৰ চকুৱে চকুৰ লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্ত্ৰ ফ’কাছ কৰিব পাৰে। হয়াৰ কাৰণ হ’ল—
(a) প্ৰেছবায়পিয়া।
(b) উপযােজন ক্ষমতা (c) নিকট দৃষ্টিগ্রতা (d) দূৰ দৃষ্টিগ্রস্ততা।
উঃ (b) উপযােজন ক্ষমতা।

২। মানুহৰ চকুৱে বস্তু এটা প্রতিবিম্ব গঠন কৰাৰ স্থান —
(a) কর্ণিয়া (b) চকুৰ পতা (c) চকুৰ মণি (d) অক্ষিপট

উঃ (d) অক্ষিপট।।

৩। নিয়মীয় দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা নুন্যতম দূৰত্ব —
(a) 25 m (b) 2.5 cm (c) 25 cm (d) 2.5 m

উ : (c) 25 cm.

৪। চকুৰ কি অংগৰ বাবে চকুৰ লেছৰ ফ’কাছ দৈর্ঘ্যৰ পৰিৱৰ্তন হয়-
(a) চকুৰ মণি (b) অক্ষিপট (c) চিলিয়াৰী (d) চকুৰ পতা

উঃ (c) চিলিয়াৰী।

৫। এজন মানুহৰ দূৰ দৃষ্টিগ্রস্ততা সংশােধনৰ বাবে -5.5 ডায়’প্টাৰ ক্ষমতাৰ লেন্‌ছৰ আৱশ্যক। তেওঁৰ নিকট দৃষ্টি গ্ৰস্ততাৰ সংশােধনৰ বাবে আৱশ্যকীয় লেন্‌ছৰ ক্ষমতা -1.5 ডায়’প্টাৰ হ’লে— (i) দূৰ দৃষ্টিগ্রস্ততা (ii) নিকট দৃষ্টিগ্রস্ততাৰ সংশােধনৰ বাবে আৱশ্যক হােৱা লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য কিমান?
উঃ (i) দূৰ দৃষ্টিগ্রস্ততা সংশােধনৰ ক্ষেত্ৰত:
P= – 5.5D, f= ?
এতিয়া,
P = 1/f
f= 1/P
⇒1/-5.5
⇒-10/55
= – 0.18 m
. দূৰ দৃষ্টিগ্রস্ততা সংশােধনৰ বাবে আৱশ্যকীয় লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য হ’ব 0.18 m
(ii) নিকট দৃষ্টিগ্রস্ততা সংশােধনৰ বাবে:
P= 1.5D, f=?
এতিয়া,
P = 1/f
f= 1/P
⇒1/+1.5
⇒-10/15
= +0.67 m
গতিকে, নিকট দৃষ্টিগ্রস্ততাৰ বাবে লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য হ’ব +0.67 m

৬। নিকট দৃষ্টিগ্রস্ত মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখত 80cm দূৰত্বত। এই বিকাৰৰ সংশােধনৰ বাবে প্রয়ােজন হােৱা লেন্‌ছ প্রকৃতি কি আৰু ক্ষমতা কিমান?
উঃ ইয়াৰ দূৰবিন্দু দূৰত্ব 80cm.
u =x (অসীমত)।
v = -80 cm
f =?
এতিয়া,
1/v-1/u=1/f
1/f = 1/-80 – 1/x
⇒ 1/f = 1/-80 – 0
⇒ 1/f = -1/80
⇒ f= -80cm
যিহেতু ফ’কাছ দৈর্ঘ্য ঋণাত্মক, গতিকে লেন্‌ছখন অৱতল।
আকৌ,
P = 1/f
⇒ P = 1/-0.8
⇒ P =10/-8
⇒ P = – 125 D.
মানুহজনক – 1,25 Dক্ষমতাযুক্ত অৱতল লেন্‌ছ লাগিব।

৭। দুৰ দৃষ্টিগ্রস্ততা সংশােধন দেখুৱাই ৰশ্মিচিত্র অংকন কৰা। দূৰ দৃষ্টিগ্র চকু এটাৰ বাবে নিকটবিন্দু 1m। এই বিকাৰৰ সংশােধনৰ বাবে প্রয়ােজন হােৱা লেন্‌ছৰ ক্ষমতা কিমান? ধৰি লােৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25cm.

উঃ এই ক্ষেত্ৰত হাইপাৰ মেট্ৰ’পিয়া বিকাৰযুক্ত চকুৰ বাবে উত্তল লেন্‌ছ ব্যৱহাৰ কৰিব লাগিব।
ইয়াত,
u= – 25 cm, V = – 1m = – 100 cm
আমি জানাে যে,
1/v – 1/u = 1/f
1/f = 1/v-1/u
⇒ 1/f = 1/-100 – 1/(-25)
⇒ 1/f = 1/100+ 1/25
⇒ 1/f = -1+ 4⁄100
⇒ 1/f = 3/100
⇒ f = 100/3cm
= +1⁄3 m
আকৌ, লেন্‌ছৰ ক্ষমতা
P = 1/f
=1/+1⁄3
= +3 D
গতিকে, সংশােধৰ বাবে লেন্‌ছৰ ক্ষমতা হ’ব +3 D

৮। সাধাৰণ চকুৰে এটা 25cmতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয়?
উঃ চিলিয়াৰী পেশীয়ে 25cm’তকৈ কম দূৰত্বত থকা বস্তু এটা লক্ষ্য কৰিবলৈ চকুৰ লেখনক বেছি বেঁকা কৰিব নােৱাৰে। ফলত চকুৰ অভিসাৰী ক্ষমতা হ্রাস পায়। ইয়াৰ ফলত প্রতিবিম্ব ৰেটিনাত গঠিত হয়। সেইবাবে বস্তু এটা স্পষ্টকৈ দেখা নাপায়।

৯। চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্রতিবিম্বৰ দূৰত্বৰ কি হয় ?
উঃ চকুৰ লেন্‌ছ আৰু ৰেটিনাৰ মাজৰ দূৰত্ব সদায় সমান থাকে। যাৰ ফলত লক্ষ্যবস্তু চকুৰ পৰা আঁতৰাই নিলেও চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কোনাে পৰিৱৰ্তন নহয়। এই ক্ষেত্ৰত চকুৰ লেন্স সংলগ্ন পেশীৰ সংকোচন আৰু প্ৰসাৰণে এনেদৰে নিয়ন্ত্রণ কৰে যে প্রতিবিম্ব ৰেটিনাত গঠন হয়।

১০। তৰাই তিৰবিৰাই কিয়?
উঃ বায়ুমণ্ডলৰ ঘনত্ব ওপৰৰ পৰা তললৈ বেছি। বেছি ঘনত্বত বায়ু পােহৰৰ বাবে ঘনত্বৰ মাধ্যমৰূপে আচৰণ কৰে। তৰাৰ পােহৰ পৃথিৱীৰ বায়ুমণ্ডলত অবিৰতভাৱে প্রতিসৰন হয়। প্রতিসৰণ ঘটা মাধ্যমটোত প্রতিসৰণাংক ক্রমান্বয়ে সলনি হৈ থাকে। যিহেতু বায়ুমণ্ডলে তৰাৰ পােহৰ অভিলম্বৰ দিশত বেঁকা কৰি দিয়ে গতিকে তৰাটোৰ আপাত স্থান, প্রকৃত স্থানতকৈ কিছু বেলেগ হয়। পৃথিৱীৰ ভৌতিক অৱস্থা সুস্থিৰ নহয় বাবে তৰাৰ আপাত স্থান, পৰিৱর্তন হৈ থাকে। ফলত তৰাৰ পৰা অহা পােহৰৰ গতিপথৰ কিছু পৰিৱৰ্তন হৈ থাকে বাবে তৰাৰ আপাত স্থান পৰিৱৰ্তন হৈ থাকে আৰু চকুত সােমােৱা তৰাৰ পােহৰ কম বেছি হয়। সেয়েহে তৰাবােৰ কেতিয়াবা উজ্জ্বল বা ম্লান যেন দেখা যায়। এয়াই তৰাৰ তিৰবিৰণি।।

১১। গ্রহই তিৰবিৰাই নাথাকে কিয়?
উ: গ্ৰহবােৰ পৃথিৱীৰ একেবাৰে ওচৰত থাকে বাবে গ্রহবােৰক পােহৰৰ উৎস হিচাপে দেখা যায়। যদিহে এটা গ্রহ পােহৰৰ বহুতাে বিন্দু উৎসৰ সমষ্টি বুলি ধৰা হয় তেন্তে আমাৰ চকুত আহি পৰা পােহৰৰ সকলাে বিন্দু উৎসৰ গড় মান শূন্য হয়। ফলত গ্ৰহবােৰ তিৰবিৰাই নাথাকে।

১২। ৰাতিপুৱা সূর্যক ৰঙচুৱা দেখি কিয় ?
উ: পুৱা সুৰ্যৰ পৰা অহা পােহৰ ৰশ্মি বায়ুমণ্ডলৰ মাজেদি বহুদূৰ অতিক্ৰম কৰিবলগা হয়। এই পােহৰ ৰশ্মি আহোঁতে পােহৰৰ বিক্ষেপনৰ ফলত ৰং নাইকীয়া হয় আৰু ৰঙা ৰং পৃথিৱীত প্ৰৱেশ কৰেহি। যাৰ ফলত আমি ৰাতিপুৱা সূৰ্যৰ ৰং ৰঙা দেখা পাওঁ।

১৩। মহাকাশচাৰী এজনে আকাশৰ ৰং নীলা দেখাৰ পৰিৱৰ্তে কলা দেখে কিয়?
উঃ মহাকাশত বায়ুমণ্ডল নথকা বাবে ইয়াত পােহৰৰ বিক্ষেপণ নঘটে। সেইবাবে সূৰ্যৰ পৰা অহা বগা পােহৰত থকা নীলা ৰশ্মিৰ বিক্ষেপণ নহয়। সেয়েহে মহাকাশচাৰী এজনে আকাশৰ নীলা ৰঙৰ পৰিৱৰ্তে কলা দেখে।

অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ

১। চকুৱে কত প্রতিবিম্ব গঠন কৰে?
উ: অক্ষিপটত।

২। দৃষ্টিৰ বিকাৰ কাক বােলে? ই কেই প্ৰকাৰৰ আৰু কি কি?
উ: যি অৱস্থাত মানুহে স্পষ্টভাৱে আৰু অনায়াসে বস্তুবােৰ দেখা নাপায় তেতিয়া তাক দৃষ্টিৰ বিকাৰ হােৱা বুলি কোৱা হয়। চকুৰ বিকাৰ তিনি প্রকাৰৰ। যেনে-
(ক) মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা।
(খ) হাইপাৰমেট্ৰ’পিয়া বা দূৰ দৃষ্টিগ্রস্ততা।
(গ) প্ৰেছবায়’পিয়া বা জৰাদৃষ্টি।

৩। আকাশৰ ৰং কিয় নীলা?
উঃ বায়ুমণ্ডলৰ মাজেৰে পােহৰ পাৰ হওঁতে বায়ুৰ অণু, আৰু বায়ুত থকা ক্ষুদ্র কণিকাৰবাৰত পােহৰৰ বিক্ষেপণ ঘটে। এই প্রক্রিয়াত পােহৰৰ ৰশ্মিত থকা বেছি তৰংগ দৈঘ্যৰ ৰঙা, হলধীয়া আকাশী ৰঙৰ পৰিৱর্তে কম তৰংগ দৈর্ঘ্যৰ নীলা ৰং আটাইতকৈ বেছি বিক্ষেপিত হৈ আকাশত সিঁচৰিত হয়। ফলত আকাশখন নীলা দেখা যায়।

৪। টিণ্ডেল পৰিঘটনা কি?
উঃ পৃথিৱীৰ বায়ু মণ্ডলত থকা ধূলিকণা, ধােৱা, জল কণাৰ দ্বাৰা কলয়ডীয় কণাৰ সৃষ্টি হয়। এই কণাবােৰত পােহৰৰ ৰশ্মি আপতিত হলে পােহৰ বিক্ষেপণ ঘটে আৰু ইয়াৰ গতি দৃশ্যমান হয়। ইয়াকে টিণ্ডেল পৰিঘটনা বােলে। বগা পােহৰ অতি সূক্ষকণা থকা মাধ্যমৰ মাজেদি পাৰ হৈ গ’লে নীলা তৰংগ দৈৰ্ঘ্যৰ পােহৰ আটাইতকৈ বেছি বিক্ষিপ্ত হ’ব।

৫। ৰামধেনু কিয় আৰু কেতিয়া সৃষ্টি হয়?
উঃ আকাশত পানীৰ টোপালবােৰে ভাহি থকা সৰু সৰু প্রিজমৰদৰে কার্য কৰে। পােহৰৰ ৰশ্মি এই টোপালবােৰত পৰিলে প্ৰথম অৱস্থাত পােহৰৰ বিছুৰণ ঘটি পােহৰৰ ৰশ্মি সাতটা ৰঙলৈ ভাগ হয়। ইয়াৰ পছত টোপালটোৰ বিপৰীত পৃষ্ঠত পােহৰৰ আটাইকেইটা ৰঙৰ আভ্যন্তৰীণ পূর্ণ প্রতিফলন ঘটে। এই প্রতিফলিত ৰশ্মিবােৰ পানীৰ টোপালটোৰ পৰা বাহিৰলৈ ওলাই আহােতে পুনৰ প্ৰতিসৰণ হৈ পর্যবেক্ষকৰ চকুত পৰে। পর্যবেক্ষকজনে এনে ক্ষেত্ৰত পােহৰৰ সাতােটা ৰং আকাশত স্পষ্টকৈ দেখিবলৈ পায়। এয়েই ৰামধেনু।

৬। এজন মানুহে দৃষ্টিৰ বিকাৰৰ প্ৰতিকাৰ হিচাপে +1.5D ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰিবলগীয়া হৈছে
(i) তেওঁ দৃষ্টিৰ কি বিকাৰত ভুগিছে? (ii) প্রতিকাৰী লেন্সখনৰ ফ’কাছ দৈর্ঘ্য কিমান? (iii) প্রতিকাৰী লেন্সৰ প্রকৃতি কি?
উ : (i) হাইপাৰমে ট্রপিয়া।
(ii) f= 1/1.5 ⇒ 10/15 ⇒ 0.67m
(iii) উত্তল লেন্স।

শেষ বাক্য

শেষ বাক্য বুলিবলৈ একো নাই যদিও আজি আমি Class 10 Science Chapter 11 Assamese Medium তথা দশম মান শ্ৰেণীৰ বিজ্ঞানৰ মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱীৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ।

ইয়াত আলোচনা কৰা প্ৰশ্নৰ ওপৰিও যদি আপোনাৰ কিবা সুধিব লগা থাকে তেন্তে আপুনি Comment Section ত জনাবলৈ নাপাহৰিব। আপুনি Assamese Medium Facebook PageFollow কৰি পোনপটীয়াকৈ আমাক যিকোনো প্ৰশ্ন সুধিব পাৰে। আমি যথাসাধ্য উত্তৰ দিবলৈ প্ৰয়াস কৰিম।

ADVERTISEMENT
ADVERTISEMENT
ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment

ADVERTISEMENT