ADVERTISEMENT

মহান লোকৰ বাণী । মহৎ লোকৰ বাণী

ছাত্ৰ জীৱনৰ পৰা আৰম্ভ কৰি জীৱনৰ অন্তিম অৱস্থাতো নিজকে সকলো পৰিবেশত খাপ খুৱাই লৈ যাবলৈ “মহান লোকৰ বাণী বা মহৎ লোকৰ বাণী” য়ে বহুত সহায় কৰে বুলি মই বিশ্বাসী।

মানুহ এজন জীয়াই থাকিবলৈ জীৱনত বহুত ঘাত-প্ৰতিঘাতৰ মাজেৰে পাৰ হব লগা হয়। কেতিয়াবা আপুনি জীৱনৰ বাটত ভাগৰুৱা হৈ পৰে আৰু তেতিয়াই এই মহান লোকৰ বাণী বা মহৎ লোকৰ বাণীয়ে বহুত সহায় কৰে।

মহান লোকৰ বাণী
ADVERTISEMENT

আপুনি নিশ্চয় জনে কি এই মহান লোকৰ বাণী বা মহৎ লোকৰ বাণী। ই কোনো কলাজাদু নহয় যাৰ জৰিয়তে আপুনি আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিব পাৰিব। মহান লোকৰ বাণী বা মহৎ লোকৰ বাণী কিছু মহান লোকৰ চিন্তাধাৰা যিয়ে জীৱনত বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে পাৰ কৰি এটা স্থানত থিয় দিছে আৰু তাৰ জীৱনৰ অভিজ্ঞতাৰ পৰা যি কৈছে তাকেই আমি মহান লোকৰ বাণী বা মহৎ লোকৰ বাণী বুলি কও।

যদিও Assamese Medium এটি শিক্ষামূলক ৱেবচাইট কিন্তু ইয়াত আমি পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ ওপৰিও কিছু প্ৰয়োজনীয় কথা আলোচনা কৰোঁ আৰু তাৰ বাবে আমি এবাৰ মহৎ লোকৰ বাণী কিছু আলোচনা কৰিছো। যদি আপুনি পঢ়া নাই তেন্তে লিংকত ক্লিক কৰি পঢ়িব পাৰে।

Mahat Lukor Bani | মহান লোকৰ বাণী | মহৎ লোকৰ বাণী

ইয়াত আজি আমি আপোনালোকৰ বাবে কিছু মহান লোকৰ বাণী বা মহৎ লোকৰ বাণী লৈ আহিছোঁ। এই মহান লোকৰ চিন্তাধাৰা আৰু সিহঁতৰ আদৰ্শই আপোনালোকৰ জীৱন সদায় মঙ্গলময় হওঁক তাৰেই কামনা কৰিছো।

ADVERTISEMENT
ADVERTISEMENT

কিছু প্ৰয়োজনীয় মহান লোকৰ বাণী

কৰ্মই উপাসনা হাঁহিয়েই জীৱন । – বিষ্ণুপ্ৰসাদ ৰাভা

ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক । – ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু – মহাত্মা গান্ধী

শিক্ষাৰ উদ্দেশ্য হ’ল মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন। – ৰাজা ৰামমোহন ৰায়

কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে। – এইচ. মেনন

আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভৱাহে বেছি দৰকাৰ। – ৰাজা ৰামমোহন ৰায়

অন্য মানুহে খাবলৈহে জীয়াই থাকে, আনহাতে মই জীয়াই থাকিবলৈহে খাওঁ। – চক্ৰেটিছ

আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞান মাথো অবিনাশী। – চক্ৰেটিছ

খং নকৰিবা, নিজৰ সৰ্বনাশ হ’ব, অহংকাৰ নকৰিবা, পতন হ’ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ’বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা। – স্বামী বিবেকানন্দ

ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা। – ৰবীন্দ্ৰনাথ ঠাকুৰ

কম কথা কোৱা বেছি কাম কৰা মানুহে সফলতা লাভ কৰিব পাৰে। – ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ

এটা বন্দুকৰ গুলিতকৈ এবটল চিয়াঁহীৰ মূল্য বেছি। – মাদাৰ টেৰেছা

আমি যাক সৃষ্টি কৰিব নোৱাৰো তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই। – গুৰু নানক

গৃহ হ’ল শিক্ষাৰ আৰম্ভণি বিন্দু । – ৰোচেন ক্ৰেজ

মানুহ হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা। – স্বামী বিবেকানন্দ

তোমাৰ লক্ষ্য স্থান ক’ত ? সেইটো যদি ঠিক কৰিব নোৱাৰা, তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা ৷ তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব ৷ – লিটন

শিক্ষাই জীৱন, জীৱনেই শিক্ষা ৷ – লজ

নিজক সদায় আনন্দত ৰাখিবা ৷ আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল, নিৰুৎসাহী মানুহৰ বাবে নহয় ৷ – ওমাৰ্চন

যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱে নাই ৷ – বেঞ্জামিন ফ্ৰেংকলিন

আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা ৷ নিজে শুদ্ধ আৰু পবিত্ৰ হ’ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা ৷ – চক্ৰেটিচ

মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে ৷ – জৱাহৰলাল নেহৰু

আমি যি জানো সি অতি সামান্য ৷ আমি যি নাজানো তাৰ সীমা নাই ৷ – পাৰলেচ

কোনোৱে তোমাক সহায় কৰিব নোৱাৰে ৷ নিজেই নিজৰ সহায় লোৱা ৷ – বুদ্ধদেৱ

এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা ৷ ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতো সেইদৰে ৰোগ হয় ৷ ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়া , শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া ৷ তুমি যদি সৰহদিন জীয়াই থাকিবলৈ মন কৰা তেন্তে বহি সময় নষ্ট নকৰিবা ৷ – ৰিচাৰ্ড ৷

সময়েই ধন ৷ – বেঞ্জামিন ফ্ৰেঙ্কলিন ৷

খং নকৰিবা নিজৰে সৰ্বনাশ হ’ব ৷ অহংকাৰ নকৰিবা পতন হ’ব, কাকো ঘৃণা নকৰিবা , নিজেও ঘৃণিত হ’বা , ফাঁকি নিদিবা , ফাঁকত পৰিবা ৷ – বিবেকানন্দ ৷

আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ’ব তুমি নাজানা ৷ – হজৰত মহম্মদ ৷

পৰিস্থিতি যিমানেই ভয়লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত ৷ – পিয়েৰ টেলহাৰ্ড

সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা, যদি তুমি সচাঁকৈয়ে সফল হ’ব বিচাৰিছা তেন্তে ক্ষন্তেক জিৰণি লোৱা আৰু ভাবা- তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা ৷ দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে ৷ – ডেভিদ ফ্ৰষ্ট ৷

এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ’ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভূলৰ পৰাই সদায়েই শিক্ষা লৈ আগবাঢ়ে – ডেল কাৰ্নেগী ৷

উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয় ৷ – মেথিউ

প্ৰেম হৈছে এনে এক জীৱনপুষ্প যি প্ৰস্ফুটিত হয় অভাৱনীয়, অপৰিকল্পিতভাৱে, কোনোৱে নজনাকৈয়ে, প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি ৷ – ডি এইছ লৰেঞ্চ

কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে ৷ – বেইলী

যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভূল কৰা নাই ইয়াৰ অৰ্থ হ’ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই ৷ – এৰিষ্ট’টল ৷

নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা ৷ – বেঞ্জামিন ফ্ৰেংকলিন ৷

এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই ৷ সচাঁকৈয়ে ! তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ ? – এমাৰ্চন ৷

নীৰৱতা হ’ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্মলাভ কৰে — থমাছ কাৰ্লাইল ৷

মানুহৰ মন সদায় একে ঠাইতেই থাকে ৷ কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে ৷ – কবি জন মিল্টন ৷

স্বীকাৰ কৰাত মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দ’ৰেই মোৰ শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা পাৰ হৈছে ৷ কেতিয়াবা মই মজদুৰৰ কাম কৰিছো, কেতিয়াবা কাঠফলা কাম, কেতিয়াবা আকৌ মালবাহী নাৱৰ নাৱৰীয়াৰ কাম ৷ অতীত যিয়েই নহওক লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে ৷ – আব্ৰাহাম লিংকন ৷

জীৱনৰ অন্য নাম সংগ্ৰাম ৷ সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ’ব নোৱাৰে ৷ সংগ্ৰাম বা সংঘাতৰ স’তে যুঁজি যুঁজি মানুহে যি সাহস , মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে ৷ – নেপোলেয়ঁ বোনাপাৰ্ট ৷

প্ৰতিকূলতাই কোনো কোনো মানুহক প্ৰায় ভাঙি দিয়ে , আকৌ এচাম মানুহ আছে , যিসকলে প্ৰতিকূলতাই ভাঙি পেলোৱাটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে ৷ – উইলিয়াম এ’ৱাৰ্ড ৷

মানুহৰ জন্ম হয় সফল হ’বলৈকে , ব্যৰ্থ হ’বলৈ নহয় ৷ আত্ম-বিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সোপান ৷ – প্ৰখ্যাত দাৰ্শনিক হেনৰি ডেভিদ থৰো ৷

প্ৰতিকূলতাৰ বিৰুদ্ধে গৈ সম্পন্ন কৰা কামখিনি সচাঁই বৰ মধুৰ ৷ – উইলিয়াম শ্বেইক্সপীয়েৰ ৷

তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা , তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায়েই কৰিবা ৷ সেয়া হ’ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ তোমাৰ সাধ্যৰ অতীত ৷ – ফ্ৰান্সিছ থমছন ৷

মই মাথোঁ জ্ঞানৰ অনুৰাগী ৷ জ্ঞানৰ বৃত্তিধাৰী মই নহয় ৷ সচাঁ কথাত মই মাত্ৰ জ্ঞানৰ আত্মবিনোদক অনুশীলনকাৰীহে ৷ যেতিয়া মানুহে সন্দেহ কৰিবলৈ শিকে , বিশেষকৈ নিজৰ মনৰ মাজত প্ৰতিপালিত বিশ্বাসক আৰু নিৰ্বিচাৰ ধৰ্মমত আৰু স্বত:সিদ্ধ বিষয়ত , তেতিয়াই দৰ্শনে পাতনি মেলে ৷ – গ্ৰীচৰ মহান দাৰ্শনিক ছক্ৰেটিছ ৷

সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপটে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে ৷ – অভিনয় শিল্পী মৰিচ চেভালিয়া ৷

জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ ৷ – এমাৰছন ৷

প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা ৷ – মাৰ্গাৰেট বুনেন ৷

জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ’বলৈ শিকা ৷ – জুলিয়েট বেষ্টিয়েনা ৷

ADVERTISEMENT
ADVERTISEMENT
ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment

ADVERTISEMENT