মাধৱদেৱ | HSLC 2022 Exam | Assamese Essay

উত্তৰ লক্ষ্মীমপুৰৰ নাৰায়ণপুৰ অঞ্চলৰ কাচিকটা নদীৰ পাৰৰ হৰিশিঙা ৰাৰ ঘৰত মাধৱদেৱৰ জন্ম হয় ১৪৮৯ চনত। মাধৱদেৱৰ পিতৃৰ নাম আছিল গােবিন্দগিৰি ভূঞা আৰু মাকৰ নাম মনােৰমা। তেওঁ সৰুতে বন্দুকালৈ গৈ ৰাজেন্দ্র অধ্যাপকৰ টোলত শিক্ষা লাভ কৰে আৰু কালত সর্বশাস্ত্র বিশাৰদ হৈ উঠে। তেওঁ ঘােৰ শাক্ত আছিল আৰু পূজাত বলি-বিধানৰ পােষকতা কৰিছিল।

মাধৱদেৱে তেওঁৰ বৈনায়েক ৰামদাসৰ মুখে শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ মহিমা শুনি শংকৰদেৱৰ সৈতে চিনাকি হােৱাৰ মানসেৰে তেওঁৰ ওচৰ চাপে। সেই সময়ত শংকৰদেৱ ধুৱাহাট নামৰ ঠাইত আছিল। মাধৱদেৱ গৈ বাৰভূঞা বিষয়ৰ শংকৰদেৱক দেখা কৰাৰ সময়ত প্ৰণাম জনালে। তাৰ পাছত দুয়ােৰে মাজত শাস্ত্র আলােচনা হ’ল আৰু শংকৰদেৱে ভাগৱতৰ শ্লোক মাতি নিগুণ ভাগবতী ধৰ্মৰ শ্রেষ্ঠত্ব প্রতিপাদন কৰিলে। মাধৱদেৱে শংকৰদেৱৰ যুক্তিত হাৰ মানি তেওঁক সেৱা জনালে।

ইয়াৰ পাছত মাধৱদেৱে শংকৰদেৱৰ একান্ত অনুৰক্ত শিষ্য হৈ পৰে আৰু নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰত মাধৱদেৱ গুৰুৰ সোঁহাত স্বৰূপ হৈ পৰে।


মাধৱদেৱ শংকৰদেৱৰ শিষ্যত্ব গ্রহণ

শংকৰদেৱৰ শিষ্যত্ব গ্রহণ কৰাৰ পাছত মাধৱদেৱে তেওঁৰ কবি প্রতিভাৰ সম্যক প্রতিভা গুৰুৰ আগত দাঙি ধৰিছিল। এবাৰ শংকৰদেৱৰ সৈতে নাৰায়ণ দাস ঠাকুৰ, জন্তিৰ মধাই আৰু মাধৱদেৱ ফুৰিবলৈ গৈছিল। এজন গৰখীয়া ল’ৰাই কৃষ্ণ নাম গােৱাত সেই ঠাইডােখৰ বৈষ্ণৱ ধর্ম প্রচাৰৰ উপযুক্ত ঠাই হ’ব বুলি শংকৰদেৱে বিবেচনা কৰি তাতে তিনিওজনকে কবিতা লেখিব দিলে। মহাপুৰুষ মাধৱদেৱে লেখা ‘জয় গুৰু শংকৰ’ কবিতাটো পঢ়ি শংকৰদেৱ বিমুগ্ধ হৈ যায় আৰু তেওঁক কবিতা লেখাৰ বাবে অনুপ্রাণিত কৰে।

গুৰুৰ অনুপ্ৰেৰণা লাভ কৰি তেওঁ কাব্য ৰচনাত প্রবৃত্ত হয়। আদিকাণ্ড ৰামায়ণ, ৰাজসূয় কাব্য, নামঘােষা আদি অনুপম কাব্য ৰচনা কৰাৰ উপৰি তেওঁ অতি জনপ্রিয় বৰগীত সমূহৰচনা কৰে। দাস্য আৰু বাৎসল্য ৰসৰ শ্রেষ্ঠ প্রকাশক হিচাপে বৰগীতসমূহৰ মূল্য অপৰিসীম। নামঘােষাতাে দাস্যভাবৰ অফুৰন্ত প্রকাশ কাব্যিক সুষমাৰে প্ৰকাশিত হৈছে।

মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ ভাবত গভীৰতা, দাস্যভাবত আত্মসমর্পণ, আত্মলঘিমা আৰু গুৰুৰ প্রতি অবিচল ভক্তি এই গ্ৰন্থত সুন্দৰভাৱে প্রকাশ পাইছে।

মাধৱদেৱৰ বৰগীতসমূহত ভক্তৰ ভক্তিভাৱ মর্মস্পর্শী আৰু সংযত ভাষাৰে প্রকাশিত হৈছে। বাৎসল্য আৰু বিৰহৰ ভাবেই ইয়াত মুখ্য স্থান পাইছে। তেওঁৰ বৰগীতসমূহৰ বিষয়ে ড° বাণীকান্ত কাকতিয়ে অতি চমু কথাত এনেদৰে কৈছে, “তেওঁৰ বেছি ভাগ গীততেই শিশু কৃষ্ণৰ বাল্য জীৱনৰ ৰং-বিৰঙৰ চিত্র ফুটি ওলাইছে”। বাৎসল্য প্রেম মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বস্ব। গীত, পদ, নাট সকলােতেই তেওঁ শ্ৰীকৃষ্ণৰ শিশু চৰিত্র সজীৱ কৰি তুলিছে।

নাট্যকাৰ হিচাপেও মধৱদেৱে নিজস্ব প্রতিভাৰ স্বাক্ষৰ দাঙি ধৰিছে। শংকৰদেৱৰ দৰে অতি প্রতিভাশালী নাট্যকাৰক অনুকৰণ নকৰি তেওঁ নিজস্ব দৃষ্টিভঙ্গীৰে নাটসমূহ ৰচনা কৰাত সেইবােৰৰ বিষয়বস্তু আৰু কলা-কৌশল বৈশিষ্ট্যপূর্ণ হৈ উঠিছে।


মাধৱদেৱৰ নাটসমূহ

মাধৱদেৱৰ নাটসমূহ হ’ল চোৰধৰা, পিম্পৰা গুচোৱা, দধিমথন, ভূমিলেটোৱা, ভােজন বিহাৰ আদি। নাটকবােৰত শিশু কৃষ্ণৰ যােগেদি বাৎসল্য ৰসৰ সৃষ্টি কৰি পাঠক আৰু দৰ্শকৰ অন্তৰ বিগলিত কৰিছে। সর্বসাধাৰণ দৰ্শকে বুজি পাবলৈ তেওঁ নাটকত সংস্কৃত শ্লোকৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া নাছিল। মাধৱদেৱে তত্ত্বমূলক গ্রন্থ ৰচনা কৰি বৈষ্ণৱধৰ্মৰ দার্শনিক তথা তাত্ত্বিক ভেটিক সুদৃঢ় কৰি তােলে। এই ক্ষেত্ৰত নামঘােষা তেওঁৰ বিশেষ উল্লেখযােগ্য গ্রন্থ। ইয়াত তেওঁ দাস্যভক্তিৰ পৰাকাষ্ঠা প্ৰকাশ কৰিছে। জন্মৰহস্য, ভক্তি ৰত্নাৱলী,নাম মালিকা আদি তেওঁৰ আন আন তত্ত্বমূলক গ্রন্থ।

সেইবােৰৰ উপৰি গুপ্তমণি, অমূল্যৰত্ন, গুপ্তসাৰ আদি গ্রন্থ তেওঁৰ দ্বাৰা ৰচিত বুলি উল্লেখ কৰা হৈছে যদিও গ্ৰন্থৰ জনপ্রিয়তা বৃদ্ধিৰ কাৰণেই তেওঁৰ নাম তাত সংযােগ কৰা বুলি অনুমান কৰিব পাৰি।

মহাপুৰুষ শংকৰদেৱৰ একশৰণ নামধর্ম মাধৱদেৱে যত্ন সহকাৰে লালন-পালন কৰে যদিও তেওঁৰ দিনতে এই ধৰ্মত ভিন্ন সম্প্রদায়ৰ সৃষ্টি হৈ ইয়াত ফাট মেলিবলৈ আৰম্ভ কৰে। কিন্তু মাধৱদেৱে গুৰুৰ বাক্য সুৱৰি তাক ৰক্ষা কৰিবলৈ সচেষ্ট হয়।


শেষ বাক্য

গতিকে অসমৰ বৈষ্ণব ধৰ্মৰ প্ৰসাৰত শংকৰদেৱৰ যিমান অৱদান মাধৱদেৱৰাে সিমানে অৱদান। সেয়ে ইজনক সিজনৰ পৰিপূৰক বুলি ক’ব পাৰি।

3 thoughts on “মাধৱদেৱ | HSLC 2022 Exam | Assamese Essay”

  1. Sampritidutta

    SreMadhavdev written Assamese literature Borgeet is a precious book. It is optional for upsc mains or not?

Leave a Comment

Your email address will not be published.