কৰণা ভাইৰাছ | Assamese Essay 2023

মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধবী সকল আজি আমি আলোচনা কৰিম অসমীয়া ৰচনা (Assamese Essay 2023) ৰ কৰণা ভাইৰাছ – এক প্ৰত্যাহ্বানAssamese Medium ৰ ছাত্ৰী ছাত্ৰীৰ বাবে যি কোনো বিষয়ত সকলো ধৰণৰ প্ৰশ্ন উত্তৰ আৰু প্ৰয়োজনীয় Concept ৰ বাবে এক নিৰ্ভৰযোগ্য ৱেবচাইট। আপুনি Assamese Medium ৰ পৰা যিকোনো তথ্য বিনামূলীয়া বাবে ডাউনলোড কৰিব পাৰিব।

কৰণা ভাইৰাছৰ আৰম্ভণি

বৰ্তমান বিশ্বজুৰি চলি থকা কৰণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা কৰণা ভাইৰাছ ৰোগ ২০১৯ৰ ঘটনা। এই ৰোগৰ কাৰক হ’ল SARS-CoV-2 যি ২০১৯ বৰ্ষত চীনৰ হুবেই প্ৰান্তৰ ৱুহান চহৰত প্ৰথম চিনাক্ত হৈছিল। ২০২০ বৰ্ষৰ ১১ মাৰ্চত বিশ্ব স্বাস্থ্য সংস্থাই এই ঘটনাক বৈশ্বিক মহামাৰী হিচাপে ঘোষণা কৰিছে।

কৰণা ভাইৰাছ লক্ষণসমূহ

জ্বৰ, কাহ, ভাগৰ লগা, উশাহ লওঁতে কষ্ট হোৱা, আৰু গোন্ধ আৰু সোৱাদ হেৰুৱা এই ৰোগৰ সাধাৰণ লক্ষণ৷অধিকাংশতে ৰোগীৰে অলপীয়া লক্ষণ দেখা যায় যদিও একাংশৰ চাইট’কাইন ষ্টৰ্ম, দেহৰ অংগসমূহ বিকল হোৱা, ছেপ্টিক শ্বক, ৰক্ত আতঞ্চনৰ পৰা একিউট ৰেছ্‌পিৰেটৰী ডীষ্ট্ৰেছ ছীণ্ড্ৰ’ম (ARDS- Acute Respiratory Distress Syndrome) হয়গৈ। ভাইৰাছৰ আক্ৰমণৰ পৰা লক্ষণ ওলাবলৈ সাধাৰণতে পাঁচ দিন লাগে, কিন্তু দুইৰ পৰা চৈধ্য দিন পৰ্যন্ত হ’ব পাৰে। 

সাধাৰণতে এই ভাইৰাছ মানুহৰ নিকট সংস্পৰ্শত আৰু কাঁহ মাৰিলে, হাঁচি মাৰিলে আৰু কথা ক’লে ওলোৱা শ্বসন ড্ৰপ্‌লেটৰ জৰিয়তে বিয়পে। এই ড্ৰপ্‌লেটবোৰ সাধাৰণতে বতাহত দূৰলৈ যোৱাৰ সলনি মাটিলৈ বা পৃষ্ঠলৈ সৰি পৰে। দূষিত পৃষ্ঠ চুই মুখমণ্ডলত হাত লগালেও ই বিয়পিব পাৰে। ৰোগৰ লক্ষণ ওলোৱাৰ তিনিদিনৰ ভিতৰত ই আটাইতকৈ বেছি সংক্ৰামক, কিন্তু লক্ষণ ওলোৱাৰ আগতেই আৰু লক্ষণ নথকা লোকৰ পৰাও ৰোগ সোঁচৰা সম্ভৱ। নাসিকা গ্ৰসনীৰ পৰা কপাহেৰে লোৱা নমুনা পৰীক্ষা কৰি এই ৰোগ নিৰ্ণয় কৰা হয়।লক্ষণ আৰু বিপদাশংকাৰ ওপৰত ভিত্তি কৰি সন্দেহ হ’লে বুকুৰ চি টি স্কেনো সহায়ক হয়, কিন্তু নিয়মীয়া পৰীক্ষাৰ বাবে নিৰ্দেশাৱলীয়ে চি টি স্কেন অনুমোদন নকৰে।

কৰণা ভাইৰাছ প্ৰতিকাৰৰ ব্যৱস্থা

ঘনাই হাত ধোৱা, আন লোকৰ পৰা আঁতৰি থকা (বিশেষকৈ লক্ষণ থকাসকলৰ পৰা), কোৱাৰেণ্টিন (বিশেষকৈ লক্ষণ থকাসকলে), কাহ ঢাকি ৰখা আৰু নুধুৱা হাত মুখমণ্ডলৰ পৰা আঁতৰাই ৰখা এই ৰোগ প্ৰতিৰোধৰ অনুমোদিত বিধি। স্বাস্থ্য বিষয়াসকলে ৰাজহুৱা স্থানত সাধাৰণ লোকে মাস্ক বা মুখবন্ধ ব্যৱহাৰ কৰাত অনুমোদন জনাইছে আৰু কিছুমান ঠাইত এয়া বাধ্যতামূলক। N95 ৰ দৰে মেডিকেল মাস্ক স্বাস্থ্য কৰ্মী আৰু ৰোগীক পৰিচৰ্যা কৰা লোকসকলেহে পৰিধান কৰিব লাগে বুলি জনোৱা হৈছে।নিত্যকৰ্মৰ পিছত বা দেখাত অপৰিষ্কাৰ হৈ থাকিলে, আহাৰ গ্ৰহণ কৰাৰ আগত, নাক পৰিষ্কাৰ কৰা আৰু কাঁহ মৰা বা হাঁচিওৱাৰ পিছত সকলোকে চাবোনেৰে কমেও ২০ চেকেণ্ড ধৰি হাত ধুবলৈকো চিডিচিয়ে পৰামৰ্শ দিয়ে। চাবোন আৰু পানী নাপালে অতি কমেও ৬০% এলক’হলযুক্ত হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈয়ো তেওঁলোকে উপদেশ দিয়ে।

যিসমূহ ঠাইত বাণিজ্যিক হেণ্ড ছেনিটাইজাৰ সহজে পোৱা নাযায় তেনে ঠাইত স্থানীয় উৎপাদনৰ কাৰণে বিশ্ব স্বাস্থ্য সংস্থাই দুটা যৌগৰ সূত্ৰ বা ফৰ্মুলেচন প্ৰদান কৰিছে। এই ফৰ্মুলেচনকেইটাত ইথানল বা আইচ’প্ৰপানলৰ পৰা বীজাণু ধ্বংসকাৰী প্ৰক্ৰিয়াটো আৰম্ভ হয়। হাইড্ৰ’জেন পেৰ’ক্সাইডে ইয়াত এলকহলৰ পৰা আণুজীৱিক কোষাণু বা বেক্টেৰীয়েল স্প’ৰসমূহ আঁতৰোৱাত সহায় কৰে আৰু ই কোনো সক্ৰিয় হেণ্ড এণ্টিচেপচিচ (প্ৰতিৰোধক) নহয়। গ্লাইচেৰলক আৰ্দ্ৰতা বজাই ৰাখিবলৈ ফৰ্মুলেচনত ব্যৱহাৰ কৰা হয়।

সামৰণি

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে COVID-19ৰ কোনো নিৰ্দিষ্ট প্ৰতিষেধক বা এণ্টিভাইৰেল ঔষধ নাই। লক্ষণগত চিকিৎসা, সামৰ্থক শুশ্ৰূষা, ৰোগীক আঁতৰাই ৰখা (isolation) আৰু পৰীক্ষামূলক ঔষধেই ইয়াৰ বৰ্তমানৰ চিকিৎসা। বিশ্ব স্বাস্থ্য সংস্থাই ২০২০ চনৰ ৩০ জানুৱাৰীত কৰণা ভাইৰাছ মহামাৰীক আন্তঃৰাষ্ট্ৰীয় আশংকাৰ ৰাজহুৱা স্বাস্থ্য জৰুৰীকালীন অৱস্থা বুলি ঘোষণা কৰে আৰু একে বছৰৰে ১১ মাৰ্চত বৈশ্বিক মহামাৰী  বুলি ঘোষণা কৰে। ছয়োটা WHO অঞ্চলৰ অন্তৰ্ভুক্ত বহু দেশত ৰোগবিধৰ স্থানীয় সংক্ৰমণৰ প্ৰমাণ পোৱা গৈছে।

Sangeeta Das, M.A(Assamese), B.ED

Leave a Comment