আগমনৰ ভিত্তি প্ৰশ্ন উত্তৰ

অতি চমু উত্তৰৰ প্ৰশ্ন

১। ‘কাৰ্যকাৰণ বিধি হৈছে আগমনৰ বস্তুগত ভিত্তি’। কথাষাৰ সত্য নে?
উত্তৰঃ মিছা।
২। ‘আগমনৰ ভিত্তিয়েই আগমনৰ ফল’। এই উক্তিটো কোনে কৈছিল?
উত্তৰঃ মিলে।
৩। ‘আগমন অনুমান আকাৰগত আৰু বস্তুগত উভয় সত্যৰ লগত জড়িত’। কথাষাৰ সত্য নে?
উত্তৰঃ সত্য।
৪। মিলৰ আগমনাভাষত ——– দোষ ঘটিছে।
উত্তৰঃ চক্ৰক।
৫। ‘সকলো মানুহ ধাৰ্মিক’ –এইটো সংশ্লেষক নে বিশ্লেষক?
উত্তৰঃ সংশ্লেষক।

আগমনৰ ভিত্তি

চমু/দীঘল উত্তৰৰ প্ৰশ্ন

১। আগমনৰ ভিত্তি বুলিলে কি বুজা?
উত্তৰঃ যিবোৰ বিধি বা প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি বা নিৰ্ভৰ কৰি আগমনত যথাৰ্থ সামান্য বচনটো প্ৰতিষ্ঠা কৰা হয়, সেই বিধি বা প্ৰক্ৰিয়া বিশেষক আগমনৰ ভিত্তি বুলি কোৱা হয়। আগমনৰ ভিত্তি দুই প্ৰকাৰৰ- (ক) আকাৰগত ভিত্তি আৰু (খ) বস্তুগত ভিত্তি।
২। প্ৰকৃতিৰ একৰূপতা বিধি বুলিলে কি বুজা?
উত্তৰঃ প্ৰকৃতিৰ একৰূপতাৰ নীতিৰ তৰ্কবিজ্ঞানসন্মত সংজ্ঞা দিয়া টান। তৰ্কবিজ্ঞানীসকলে ইয়াক ভিন-ভিন ভাষাৰে ব্যক্ত কৰিছে। যেনে—

  1. প্ৰকৃতিৰ আচৰণৰ একৰূপ।
  2. প্ৰকৃতিত ঘটনাৰ পুনৰাবৃত্তি হয়।
  3. প্ৰকৃতি জগতত সমান্তৰাল ঘটনা ঘটে।
  4. ভৱিষ্যত অতীতৰ নিচিনাই হ’ব।
  5. বিশ্ব প্ৰকৃতি নিয়মৰ ৰাজত্ব।
  6. যি অৱস্থাত যি ঘটে, অনুৰূপ অৱস্থাত সেই ঘটনা আকৌ ঘটিব।
  7. একেই কাৰণৰ পৰা সদায় একেই কাৰ্য সংঘটিত হ’ব।

প্ৰকৃতিৰ একৰূপতা নীতিক বেলেগ-বেলেগ ভাষাৰে বৰ্ণনা কৰিলেওঁ ইয়াৰ প্ৰকৃত অৰ্থ হৈছে ‘একেই অৱস্থাত প্ৰকৃতিয়ে সদায় একেদৰে আচৰণ কৰে’। যি অৱস্থাত যি ঘটে, অনুৰূপ অৱস্থাৰ পুনৰাবৃত্তি হ’লে সেই ঘটনা আকৌ আগৰ দৰে ঘটিব।
প্ৰকৃতিৰ একৰূপতা নীতি আগমনৰ এক অৱশ্য স্বীকাৰ্য, স্বতঃসিদ্ধ, অভিজ্ঞতাপূৰ্ণ মৌলিক নীতি। ইয়াক প্ৰমাণ কৰিব নোৱাৰি। কিন্তু ইয়াৰ দ্বাৰাই সকলো আগমনৰ সিদ্ধান্ত প্ৰমাণিত হয়। এই নীতিৰ ওপৰত নিৰ্ভৰ নকৰিলে আমি বিশেষৰ পৰা সামান্যলৈ গতি কৰিব নোৱাৰো। এই নীতিৰ বাবে জ্বুইয়ে সদায় পুৰে, পানীয়ে তৃষ্ণা নিবাৰণ কৰে, দিনৰ পিছত ৰাতি হয়, সূৰ্য পূৱপিনে উদয় হয়, আদি জানিব পাৰিছো।

৩। কাৰ্যকাৰণ বিধি বুলিলে কি বুজা?
উত্তৰঃ প্ৰতিটো ঘটনাৰে একোটা সুনিৰ্দিষ্ট্য কাৰণ আছে। কাৰণ নোহোৱাকৈ কোনো কামেই হ’ব নোৱাৰে।
তৰ্কবিজ্ঞানী বেইনে কাৰ্যকাৰণ বিধিক এনেদৰে ব্যক্ত কৰিছে যে- ‘যি ঘটনা ঘটে সেই ঘটনা ইয়াৰ পূৰ্বৱৰ্তী ঘটনাৰ সৈতে এনেভাৱে সংযুক্ত থাকে যে পূৰ্বৱৰ্তী ঘটনাটো নঘটিলে আলোচ্য ঘটনাটো নঘটে’।
তৰ্কবিজ্ঞানী মিলৰ মতে, ‘যি ঘটনাৰ উৎপত্তি আছে সেই ঘটনাৰ নিশ্চয় এটা কাৰণ আছে। আনহাতে, ভাৰতীয় দাৰ্শনিক কনাডৰ মতে, ‘কাৰণৰ উপস্থিতিৰ পৰাই কাৰ্য ঘটে।

৪। আকাৰগত ভিত্তি বুলিলে কি বুজা?
উত্তৰঃ যি বিধি বা প্ৰক্ৰিয়া বিশেষক আশ্ৰয় কৰি আগমনৰ আকাৰগত সত্যতা নিৰ্ণয় কৰা হয়, তাকে আকাৰগত ভিত্তি বোলে। আকাৰগত ভিত্তি দুই প্ৰকাৰৰ— ক) প্ৰকৃতিৰ একৰূপতা বিধি আৰু (খ) কাৰ্যকাৰণ বিধি।

এই দুই বিধক আগমনৰ আকাৰগত ভিত্তি বোলা হয়। কাৰণ ইহঁতৰ ওপৰত ভিত্তি কৰিয়েই আগমনৰ আকাৰগত সত্যতা নিৰূপন কৰা হয়। আগমনৰ প্ৰধান উদ্দেশ্য হৈছে সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা, যিটো বচন আকাৰগত আৰু বস্তুগত উভয় ক্ষেত্ৰতে সজ হ’ব লাগে। এই যথাৰ্থ সামান্য বচনটো হৈছে আগমনৰ আকাৰ। এই উদ্দেশ্যে আগমনে কেতবোৰ বিশেষ-বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণৰ জৰিয়তে সংগ্ৰহ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ সহায়ত সেই দৃষ্টান্তসমূহত পোৱা গুণ-স্বভাৱক সেই জাতীয় অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ তিনিও কাললৈ সম্প্ৰসাৰণ কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। সেইবাবে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিক আগমনৰ আকাৰগত ভিত্তি বোলা হয়।

৫। বস্তুগত ভিত্তি বুলিলে কি বুজা?
উত্তৰঃ যি বিধি বা প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি আগমনৰ তথ্য হিচাপে ব্যৱহাৰ কৰা আশ্ৰয় বাক্যবোৰ বাস্তৱ জগতৰ পৰা সংগ্ৰহ কৰা হয় আৰু তাৰ বস্তুগত সত্যতা নিৰ্ণয় কৰা হয়, তাকে আগমনৰ বস্তুগত ভিত্তি বোলে। বস্তুগত ভিত্তি দুই প্ৰকাৰৰ— ক) নিৰীক্ষণ আৰু (খ) পৰীক্ষণ।

আগমনৰ প্ৰধান উদ্দেশ্য হৈছে সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা, যিটো বচন আকাৰগত আৰু বস্তুগত উভয় ক্ষেত্ৰতে সত্য হ’ব লাগে। এই উদ্দেশ্যে প্ৰথমতে, পৰ্যবেক্ষণৰ সহায়ত বাস্তব জগতৰ পৰা কেতবোৰ দৃষ্টান্ত সংগ্ৰহ কৰিবলগা হয়। পৰ্যবেক্ষণ বুলিলে নিৰীক্ষণ আৰু পৰীক্ষণকে বুজায়। জগতৰ কিছুমান বিষয়ৰ ক্ষেত্ৰত কেৱল নিৰীক্ষণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় আৰু আন কিছুমান ক্ষেত্ৰত পৰীক্ষণ প্ৰয়োগ কৰা হয়। যেনে ৰাম, হৰি. আদি মানুহ মৰে নে নমৰে- এনে জ্ঞান আমাক কেৱল নিৰীক্ষণেহে দিব পাৰে। সেইদৰে লো, তাম আদিৰ আয়তন চাপ দিলে বাঢ়ে নে নাবাঢ়ে- এনে জ্ঞান আমাক কেৱল পৰীক্ষণেহে দিব পাৰে। গতিকে বস্তুগত সত্যতা নিৰূপন কৰাৰ বাবে আগমনে নিৰীক্ষণ আৰু পৰীক্ষণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। সেইবাবে নিৰীক্ষণ আৰু পৰীক্ষণক আগমনৰ বস্তুগত ভিত্তি বোলে।

৬। কাৰ্যকাৰণ বিধিক কিয় আগমনৰ আকাৰগত ভিত্তি বোলা হয়?
উত্তৰঃ কাৰ্যকাৰণ বিধিক আগমনৰ আকাৰগত ভিত্তি বোলে। কাৰই এই নীতিৰ ওপৰত ভিত্তি কৰি আগমনৰ আকাৰগত সত্যতা নিৰূপন কৰা হয়।
আগমন অনুমানৰ প্ৰধান উদ্দেশ্য হৈছে সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰা। এই বচনটো হৈছে আগমনৰ আকাৰ। এনে যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰাৰ বাবে আগমনে প্ৰথমতে পৰ্যবেক্ষণ নীতিৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি আগমনৰ আশ্ৰয় বাক্যবোৰ বাস্তৱ জগতৰ পৰা সংগ্ৰহ কৰা হয়। পৰ্যবেক্ষণে আমাক বিশেষ-বিশেষ দৃষ্টান্ত বা বস্তু সম্বন্ধৰ জ্ঞান দিব পাৰে। কিন্তু পৰ্যবেক্ষণৰ সহায়ত কোনো সামান্য বচন প্ৰতিষ্ঠা কৰিব নোৱাৰি। তাৰোপৰি পৰ্যবেক্ষণলব্ধ দৃষ্টান্তসমূহৰ মাজত কাৰ্যকাৰণ সম্বন্ধ প্ৰমাণ কৰিব নোৱাৰিলে কোনো সামান্য বচন প্ৰতিষ্ঠা কৰিব নোৱাৰি। ঘটনা বিশেষৰ মাজত কাৰ্য কাৰণ সম্বন্ধ আৱিস্কাৰ আৰু প্ৰমাণ কৰিবলৈ হলে অপসৰণৰ সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। অপসৰণৰ সূত্ৰৰ সহায়ত অন্বেষণীয় ঘটনাৰ লগত যুক্ত জ্ঞান আন অপ্ৰাসঙ্গিক বিষয়বোৰ এটা-এটাকৈ বৰ্জন কৰা হয়। অপসৰণৰ সূত্ৰবোৰ আকৌ কাৰ্যকাৰণ সম্বন্ধৰ পৰা নিঃসৃত। গতিকে দেখা যায় যে কোনো ঘটনাৰ কাৰণ আৱিষ্কাৰ কৰিবলৈ হ’লে মূলতঃ কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰিবলগা হয়। সেইকাৰণেই কাৰ্যকাৰণ বিধিক আগমনৰ আকাৰগত ভিত্তি বোলা হয়।

৭। পাৰ্থক্য লিখাঃ- আগমনৰ আকাৰগত ভিত্তি আৰু বস্তুগত ভিত্তি।
উত্তৰঃ আগমনৰ আকাৰগত ভিত্তি আৰু বস্তুগত ভিত্তিৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল –

আগমনৰ আকাৰগত ভিত্তিআগমনৰ বস্তুগত ভিত্তি
আকাৰগত ভিত্তিত বিশেষ-বিশেষ দৃষ্টান্তৰ পৰ্যবেক্ষণৰ ওপৰত এটা সামান্য বচন প্ৰতিষ্ঠা কৰা হয়।বস্তুগত ভিত্তিত আশ্ৰয় বাক্যবোৰ বাস্তুৱ তথ্যৰ ভিত্তিত সংগ্ৰহ কৰি যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়।
আকাৰগত ভিত্তি দুই প্ৰকাৰৰ- প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধি।বস্তুগত ভিত্তি দুই প্ৰকাৰৰ- নিৰীক্ষণ আৰু পৰীক্ষণ।
আকাৰগত ভিত্তিৰ দ্বাৰা আগমন অনুমনাত বচন এটাৰ আকাৰগত সত্যতা নিৰ্ণয় কৰা হয়।বস্তুগত ভিত্তিৰ দ্বাৰা অগমন অনুমানত বচন এটাৰ বস্তুগত সত্যতা নিৰূপন কৰা হয়।

৮। চমুটোকা লিখাঃ আগমনৰ বিৰোধাভাষ
উত্তৰঃ প্ৰকৃতিৰ একৰূপতা নীতি সম্পৰ্কে তৰ্কবিদ মিলে যি পৰস্পৰ বিৰোধী বাখ্যা আগবঢ়াইছে তাক আগমনৰ বিৰোধাভাষ বোলে। গতিকে আগমনৰ বিৰোধাভাষ হৈছে প্ৰকৃতিৰ একৰূপতা নীতি মিলৰ পৰস্পৰ বিৰোধী মতবাদ। প্ৰকৃতিৰ একৰূপতা নীতিক এবাৰ মিলে বাখ্যা কৰিছে যে এই নীতিয়ে সকলো আগমনৰ মূল ভিত্তি, ই অৱশ্য স্বীকাৰ্য, স্বতঃসিদ্ধ মৌলিক নীতি। এই বিধিৰ ওপৰত বিশ্বাস আছে বাবেই আমি বিশেষৰ পৰা সামান্য লৈ, জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ যাব পাৰো। মিলৰ মতে এই বিধি সকলো আগমনৰ মূল আশ্ৰয় বাক্য আৰু ইয়াৰ জৰিয়তে সকলো আগমনৰ সিদ্ধান্ত প্ৰমাণিত হয়। তিন্তু আন এটা আলোচনাৰ প্ৰসংগত মিলে প্ৰকৃতিৰ একৰূপতা নীতিক আগমনৰ ফল (সিদ্ধান্ত) বুলি উল্লেখ কৰিছে। পৰ্যবেক্ষণলব্ধ বিশেষ-বিশেষ দৃষ্টান্তৰ জৰিয়তে সামান্য বচনটো প্ৰতিষ্ঠা কৰা হয়। অবৈজ্ঞানিক আগমনতো অবাধিত বিশেষ-বিশেষ অভিজ্ঞতাৰ জৰিয়তে সামান্য বচনটো প্ৰতিষ্ঠা কৰা হয়। তেওঁৰ মতে প্ৰকৃতি জগতৰ বিশেষ-বিশেষ বস্তুৰ ক্ষেত্ৰত আমি বিশেষ একৰূপতা দেখিবলৈ পাও। যেনে জুইয়ে পুৰে, পানীয়ে তৃষ্ণা নিবাৰণ কৰে, আদি। এনে দৃষ্টান্তৰ ওপৰত নিৰ্ভৰ কৰি প্ৰকৃতি জগত একৰূপী বুলি সিদ্ধান্ত কৰা হয়। এনেকৈ অবৈজ্ঞানিক আগমনৰ দ্বাৰা প্ৰতিষ্ঠা হোৱাৰ পিছত ই সকলো প্ৰকাৰ আগমনৰ মূল ভিত্তি হৈ পৰে।
অৱশ্যে প্ৰকৃতিৰ একৰূপতা নীতি সম্পৰ্কীয় মিলৰ পৰস্পৰ বিৰোধী বাখ্যা গ্ৰহণযোগ্য নহয়। কাৰণ একেই বিধি এবাৰ ফল আৰু এবাৰ ভিত্তি হ’ব নোৱাৰে। মিলৰ বাখ্যাত চক্ৰক দোষ ঘটিছে। প্ৰকৃতিৰ একৰূপতা নীতিৰ এক স্বতঃসিদ্ধ সাৰ্বিক মৌলিক বিধি বুলি সকলোৱে মানি ললে মিলৰ আগমনৰ বিৰোধাভাষৰ আগমন ঘটে।

৯। প্ৰকৃতিৰ একৰূপতা নীতিক কিয় আগমনৰ আকাৰগত ভিত্তি বোলা হয়?
উত্তৰঃ প্ৰকৃতিৰ একৰূপতা নীতিক আগমনৰ আকাৰগত ভিত্তি বোলে। কাৰই এই নীতিৰ ওপৰত ভিত্তি কৰি আগমনৰ আকাৰগত সত্যতা নিৰূপন কৰা হয়।
আগমন অনুমানৰ প্ৰধান উদ্দেশ্য হৈছে সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰা। এই বচনটো হৈছে আগমনৰ আকাৰ। এনে যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰাৰ বাবে আগমনে প্ৰথমতে পৰ্যবেক্ষণ নীতিৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি আগমনৰ আশ্ৰয় বাক্যবোৰ বাস্তৱ জগতৰ পৰা সংগ্ৰহ কৰা হয়। পৰ্যবেক্ষণে আমাক বিশেষ-বিশেষ দৃষ্টান্ত বা বস্তু সম্বন্ধৰ জ্ঞান দিব পাৰে। কিন্তু পৰ্যবেক্ষণৰ সহায়ত কোনো সামান্য বচন প্ৰতিষ্ঠা কৰিব নোৱাৰি। কাৰণ অতীত, বৰ্তমান আৰু ভৱিষ্যত কালৰ সকলো দৃষ্টান্তক পৰ্যবেক্ষণ কৰা কোনো লোকৰ পক্ষে সম্ভৱ নহয়। আগমনৰ পৰ্যবেক্ষণলব্ধ বিশেষ-বিশেষ দৃষ্টান্তত পোৱা গুণ-স্বভাৱৰ ওপৰত ভিত্তি কৰি প্ৰকৃতিৰ একৰূপতা নীতিৰ সহায়ত সেই সম্বন্ধে সেই জাতীয় সকলো দৃষ্টান্তলৈ প্ৰসাৰিত কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। তৰ্কবিজ্ঞানী মিলৰ মতে প্ৰকৃতিৰ একৰূপতা নীতি সকলো আগমনৰ এক অৱশ্য-স্বীকাৰ্য, স্বতঃসিদ্ধ মৌলিক নীতি। এই নীতিৰ ওপৰত ভিত্তি নকৰিলে জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ, বিশেষৰ পৰা সামান্যলৈ, কিছুমানৰ পৰা সকলোলৈ গতি কৰিব নোৱাৰি।
সেইকাৰণে প্ৰকৃতিৰ একৰূপতা নীতিক আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয়।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment