Class10 Social Science History Chapter 3 Question Answer | অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

আজি আমি আলোচনা কৰিব গৈ আছোঁ Class10 Social Science History Chapter 3 Question Answer তথা দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ তৃতীয় অধ্যায় “অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ” ৰ প্ৰশ্ন উত্তৰ।

আপুনি যদি Assamese Medium লৈ প্ৰথম বাৰ আহিছে তেন্তে আপোনাৰ জ্ঞাতাথে জনাব বিছাৰিছো যে, আমি কেৱল Question Answer আলোচনা নকৰো, আমি “Nitid Academy” YouTube Channel ত আপোনালোকে Class 6 ৰ পৰা Class 12 লৈকে সকলো বিষয়ৰ সমস্যাৰ সমাধানৰ Video Class পাব, আপোনাৰ প্ৰয়োজন হলে বা ভাল লাগিলে Subscribe কৰিব পাৰে।

ইয়াৰ ওপৰিও “Assamese Medium” Facebook Page আৰু “Assamese Medium” Instagram Page ক আপুনি Follow কৰিলে আমাৰ সৈতে পোনপতীয়াকৈ যোগাযোগ কৰিব পাৰিব।

Class10 Social Science History Chapter 3 Question Answer

Class10 Social Science History Chapter 3 Question Answer 2023

আজি Assamese Medium ৰ এই লিখনিত Class10 Social Science History Chapter 3 Question Answer ৰ পৰা কিছু কিছু চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, চমু টোকা লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ প্ৰয়াস কৰা হৈছে।

Class 10 Social Chapter 3 History MCQ

1) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?
(a) পিয়লি ফুকণে
(b) মণিৰাম দেৱানে
(c) বাহাদুৰ গাঁও বুঢ়াই
(d) ফর্মুদ আলীয়ে
উত্তৰ : (b) মণিৰাম দেৱানে

2) ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্রোহীসকলে কোন আহোম ৰাজকোৱৰক পুনৰাই আহোম সিংহাখনত বহুৱাব খুজিছিল ?
(a)গোমধৰ কোঁৱৰ
(b) কন্দপেশ্বৰ সিংহ
(c) পুৰন্দৰ সিংহ
(d) ওপৰৰ এটাও নহয
উত্তৰ: (b) কন্দপেশ্বৰ সিংহ

3) মণিৰাম দেৱানৰ সৈতে ফাঁচীকাঠত ওলমিব লগা হোৱা ব্যক্তিজন কোন আছিল ?
(a) পিয়লি বৰুৱা
(b) কমলা বৰুৱা
(c) দুতিৰাম বৰুৱা
(d) মায়াৰাম নাজিৰ
উত্তৰ: (a) পিয়লি বৰুৱা

4) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ বাবে ১৮৫৮ চনত কোন দুজন বিদ্ৰোহীক ইংৰাজ চৰকাৰে আন্দামানলৈ প্ৰেৰণ কৰিছিল ।
(a) মধুমল্লিক আৰু কমলা বৰুৱাক
(b) দুতিৰাম বৰুৱা আৰু মায়াৰাম নাজিৰক
(c) বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফৰ্মুদ আলীক
উত্তৰ : (c) বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফৰ্মুদ অনীক

5) কোনজন বিষয়াই মণিৰাম দেৱাণৰ বিচাৰ কৰিছিল ?
(a) কমিছনাৰ জেনকিনচে
(b) লর্ড ওৱেলেলি
(c) লর্ড কাজন
(d) কেপ্তেইন হলৰইডে
উত্তৰ: (d) কেপ্তেইন হল ইডে

6) কোন চনত টিকত কৰ প্ৰৱৰ্তন কৰা হয় ?
(a) ১৮৫৭ চনত
(b) ১৮৫৮ চনত
(c) ১৮৫৯ চনত
(d) ১৮৬০ চনত
উত্তৰ: (b) ১৮৫৮ চনত

7) মণিৰাম দেৱানৰ লগত আৰু কাকফাঁচিকাঠত ওলমোৱা হৈছিল ? (HSLC-2018)
(a) জিউৰাম দুলীয়া বৰুৱাক
(b) পিয়লি বৰুৱাক
(c) গোমধৰ কোঁৱৰক
(d) দুতিৰাম বৰুৱাক
উত্তৰ : (b) পিয়লি বৰুৱাক ৷

8) তলৰ কোনটো চনত বৃটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল? (HSLC-2019 )
(i) ১৮৪৩ চনত
(ii) ১৮৫৭ চনত
(iii) ১৮৬০ চনত
(iv) ১৮৬৩ চনত
Ans: (i) ১৮৪৩ চনত

9) মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী দিয়া হৈছিল ? (HSLC-2020)
(i) মায়াৰাম নাজিৰ
(ii) শ্বেখ ফর্মুদ আলী
(iii) পিয়লি বৰুৱা
(iv) দুটিৰাম বৰুৱা
Ans: (iii) পিয়লি বৰুৱা

10) অসমীয়া কৃষকৰ পৰা ভূমি-খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছক আর্জি লিখিছিল ?(HSLC-2022)
(i) মণিৰাম
(ii) পিয়লি বৰুৱা
(iii) মহাত্মা গান্ধী
(iv) আনন্দৰাম ঢেকিয়াল ফুকন
Ans: (iv) আনন্দৰাম ঢেকিয়াল ফুকন

11) ১৮৫৩ চনত মটক মিলছ চাহাবক কোনে আৰ্জি দিছিল ?
(a) আনন্দৰাম বৰুৱাই
(b) আনন্দৰাম ঢেকীয়াল ফুকনে
(c) মণিৰাম দেৱানে
(d) পিয়লি ফুকনে
উত্তৰ: (b) আনন্দৰাম ঢেকীয়াল ফুকনে

12) কিমান চনত অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটে?
(a) ১৮৪২ চনত
(b) ১৮৪৩ চনত
(c) ১৮৪৪ চনত
(d) ১৮৪৫ চনত
উত্তৰ: (b) ১৮৪৩ চনত

13) কেঞা সকল কোন আছিল ?
(a) কেঞাসকল মাৰোৱাৰী সম্প্ৰদায়ৰ সুদখোৰ মহাজন
(b) বংগদেশৰ শ্রী হট্ট
(c) পশ্চিম ভাৰতৰ বঙালী লোক
উত্তৰ : (a) কেঞাসকল মাৰোৱাৰী সম্প্ৰদায়ৰ সুদখোৰ মহাজন

14) মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল ?
(a) ১৮৫৮ ক্রি ২৬ ফেব্ৰুৱাৰীত
(b) ১৮৫৭ ক্রি ২৫ ফেব্ৰুৱাৰীত
(c) ১৮৫৬ ক্রি ২৬ ফেব্ৰুৱাৰীত
(d) ১৮৫৯ ক্রি ২৫ ফেব্ৰুৱাৰীত
উত্তৰ : (a) ১৮৫৮ ক্ৰি ২৬ ফেব্ৰুৱাৰীত

16) মফট্ মিলছ কোন ?
(a) এগৰাকী বৃটিছ বিষয়া
(b) এগৰাকী প্ৰশাসনিক
(c) কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
(d) কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
উত্তৰ : (c) কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

16) মণিৰাম দেৱানক ইংৰাজ শাসন কালত বৃটিছে কি পদত নিযুক্তি দিছিল ।
(a) দেৱানী পদত
(b) টি কোম্পানীৰ বিষয়া
(c) চিৰস্তাদাৰ
(d) এগৰাকী প্ৰশাসনিক
উত্তৰঃ (c) চিৰস্তাদাৰ

17) কোন চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল ?
(a) ১৮৫৭ চনত
(c) ১৮৫৯ চনত
(b) ১৮৫৮ চনত
(d) ১৮৬০ চনত
উত্তৰ: (d) ১৮৬০ চনত

18) ফুলগুৰিৰ ধাৰা কেতিয়া সংঘটিতহৈছিল ?
(a) ১৮৬০ চনৰ ১৮ অক্টোবৰত
(b) ১৮৬১ চনৰ ১৮ অক্টোবৰত
(c) ১৮৬২ চনৰ ১৮ অক্টোবৰত
(d) ১৮৬৩ চনৰ ১৮ অক্টোবৰত
উত্তৰ: (b) ১৮৬১ চনৰ ১৮ অক্টোবৰত

19) পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল ?
(a) ১৮৯৪ চনত
(b) ১৮৯৫ চনত
(d) ১৮৯৭ চনত
(c) ১৮৯৬ চনত
উত্তৰ : (a) ১৮৯৪ চনত

20) ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল ?
(a) ১৮৯০ চনৰ ২৪ ডিচেম্বৰত
(b) ১৮৯২ চনৰ ২৪ ডিচেম্বৰত
(c) ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত
(d) ১৮৯৪ চনৰ ২৪ ডিচেম্বৰত ধ
উত্তৰঃ (c) ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত

21) ১৮৯৪ চনৰ কৃষক বিদ্ৰোহত কোনজন মণ্ডলক মাৰ পিট কৰা হৈছিল ?
(a) পুষ্পৰাম কলিতাক
(b) জয়ন্তী বেজ
(c) নাউচাকু কলিতা
(d) হলিৰাম মিশ্র মণ্ডলক
উত্তৰ: (d) হলিৰাম মিশ্র মণ্ডলক

22) পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ফলত বেচৰকাৰী হিচাপে কিমানজন কৃষকৰ মৃত্যু হৈছিল ?
(a) ১৩৫ জনৰ
(b) ১৪০ জনৰ
(c) ১৪৫ জনৰ
(d) ১৫০ জনৰ
উত্তৰ: (b) ১৪০ জনৰ

23) ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?
(a) শম্ভুধন কাংলোছাৰ
(b) জাফলং
(c) উকিয়াং নবাৰ
(d) ওপৰৰ এটাও নহয
উত্তৰঃ (c) উকিয়াং নবাৰ

24) শম্ভু ধন ফাংলোছৰ নেতৃত্বত উত্তৰ কাছাৰত কিমান চনত বিদ্রোহ সংঘটিত হৈছিল।
(a) ১৮৮০ ৰ পৰা ১৮৮১ লৈ
(b) ১৮৮১ ৰ পৰা ১৮৮২ লৈ
(c) ১৮৮২ ৰ পৰা ১৮৮৩ লৈ
(d) ১৮৭২ ৰ পৰা ১৮৮৩ লৈ
উত্তৰ : (b) ১৮৮১ ৰ পৰা ১৮৮২ লৈ

25) ব্ৰিটিছ বিষয়া ডামান্টক কোন বিদ্ৰোহীয়ে হত্যা কৰিছিল ?
(a) জয়ন্তীয়া বিদ্ৰোহীয়ে
(b) নগা বিদ্ৰোহীয়ে
(c) মণিপুৰৰ বিদ্ৰোহীয়ে
(d) উত্তৰ কাছাৰৰ বিদ্ৰোহীয়ে
উত্তৰ : (b) নগা বিদ্ৰোহীযে

26) মণিপুৰৰ বিদ্ৰোহী নেতা টিকেন্দ্ৰজিতক কোণে ফাঁচী দিছিল ?
(a) মণিপুৰৰ শাসকে
(b) কুলচন্দ্ৰই
(c) ব্ৰিটিছে
(d)মণিপুৰৰ বিদ্ৰোহী
উত্তৰ: (c) ব্ৰিটিছে

27) জে.ডব্লিউ কুইন্টনক কোন চনত হত্যা কৰিছিল
(a) ১৮৯০ চনত
(b) ১৮৯১ চনত
(c) ১৮৯২ চনত
(d) ১৭৯০ চনত
উত্তৰ: (a) ১৮৯০ চনত

28) জে.ডব্লিউ কুইন্টনক কোন বিদ্রোহীরে হত্যা কৰিছিল ?
(a) নগা বিদ্ৰোহীয়ে
(c) জয়ন্তীয়া বিদ্ৰোহীয়ে
(d)জনজাতীয় বিদ্রোহীয়ে
(b) মনিপুৰৰ বিদ্ৰোহীযে
উত্তৰ: (b) মনিপুৰৰ বিদ্ৰোহীয়ে

29) জে, ডব্লিউ কুইন্টন কোন আছিল?
(a) ব্ৰিটিছ ৰাজপত্ৰিত বিষয়া
(b) প্রশাসনিক বিষয়া
(c) অসমৰ চীফ কমিছনাৰ
(d) অসমৰ ডেপুটী কমিছনাৰ
উত্তৰ: (c) অসমৰ চীফ কমিছনাৰ

অতি চমু প্ৰশ্ন উত্তৰ

১) ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিবৰ্তন হৈছিল?
উত্তৰঃ টকা বা মুদ্ৰাৰ মাধ্যমত কৰ সংগ্ৰহ কৰা হৈছিল ǀ

২) কোন চনত মফট মিলচ অসমলৈ আহিছিল ?
উত্তৰঃ ১৮৫৩ চনত

৩) কেঞা সকল কোন আছিল ?
উত্তৰঃ মাৰোৱাৰী সম্প্ৰদায়ৰ লোক ǀ

৪) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল ?
উত্তৰঃ মণিৰাম দেৱানে

৫) ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল ?
উত্তৰঃ কন্দৰ্পেশ্বৰ সিংহক

৬) মণিৰাম দেৱানক কোন বঙ্গালী মুক্তিয়াৰে সহায় কৰিছিল ?
উত্তৰঃ মধুমল্লিক

৭) মণিৰাম দেৱানৰ লগত কোন ফাঁচী কাঠত ওলমিব লগা হৈছিল ?
উত্তৰঃ পিয়নি বৰুৱা ǀ

৮) কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল ?
উত্তৰঃ কেপ্টেইন হলৰইডে ǀ

৯) অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা ǀ
উত্তৰঃ ক) অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয়অস্ত্ৰ শস্ত্ৰৰ যোগান পোৱা নাছিল ǀ
খ) বিদ্ৰোহীসকলৰ কাৰ্যপন্হাসমূহ গোপন হৈ থকা নাছিল ǀ

১০) কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৰ্ৱতন কৰা হৈছিল ?
উত্তৰঃ ক) ১৮৫৮ চনত- টিকট কৰ
খ) ১৮৬০ চনত- আয়কৰ

১১) ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰবস্হাৰ দুটা কাৰণ লিখা ǀ
উত্তৰঃ ক) কৃষকৰ পৰা বিভিন্ন কৰ সংগ্ৰহ কিৰিছিল কিন্তু তেওঁলোকৰ উন্নতিৰ বাবে একো পদক্ষেপ গ্ৰহণ কৰা নাছিল ǀ
খ) দুৰ্ভিক্ষ,প্ৰাকৃতিক দুৰ্যোগ আৰু মহামাৰীৰ সময়তো কৃষকসকলক একো ৰেহাই দিয়া হোৱা নাছিলǀ

১২) লেফটেনেন্ট ছিংগাৰ কোন আছিল ?
উত্তৰঃ নগাওঁৰ সহকাৰী উপায়ুক্ত আছিল ।

১৩) ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল ?
উত্তৰঃ ১৮৬১ চনত।

১৪) ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰঃ ১৮৯৩ চনত।

১৫) লচিমা কত অৱস্থিত ?
উত্তৰঃ উত্তৰ কামৰূপৰ সৰুক্ষেত্ৰী মৌজাত।

১৬) লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰঃ ১৮৯৪ চনত।

১৭) পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰঃ ১৮৯৪ চনত।

১৮) ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল ?
উত্তৰঃ উকিয়াং নবা।

১৯) ১৮৮১ চনৰ উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল?
উত্তৰঃ শম্ভুধন কছাৰী।

২০) টিকেন্দ্ৰজিৎক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল?
উত্তৰঃ ব্ৰিটিছ চৰকাৰে।

২১)জে ডব্লিউ কুইন্টনক কোন চনত হত্যা কৰিছিল?
উত্তৰঃ ১৮৯১ চনত।

দীঘল প্ৰশ্ন আৰু উত্তৰ

১) ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা ǀ
উত্তৰঃ
১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসমৰ শাসনভাৰ ইংৰাজৰ হাতলৈ যায় ǀ এই ঘটনাৰ দ্বাৰা অসমৰ জনসাধাৰণৰ জাতীয় চেতনা আৰু আত্মসন্মানত যথেষ্ঠ আঘাত জন্মিছিল ǀ সেয়ে তেওঁলোক সংগঠিত হৈ বিদ্ৰোহৰ সূত্ৰপাত ঘটায় ǀ
ইয়াৰ উপৰিও আহোম ৰাজবংশৰ উচ্চপদস্হ বিষয়া সকলে কন্দপেশ্বৰ সিংহক পুনৰ সিংহাসনত বহোৱাৰ যো-জা কৰিছিল আৰু তাৰ ফলশ্ৰুতিতো বিদ্ৰোহৰ জুই জ্বলিছিল |
সাধাৰণ জনতাৰ ওপৰত ইংৰাজে জধে মধে কৰ আৰোপ কৰিছিল ǀ মাটিৰ খাজানা বৃদ্ধি কৰিছিল ǀ কৰ পৰিশোধ কৰিব নোৱাৰা জনতাৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল |
ইংৰাজসকল অসমলৈ অহাৰ সময়লৈকে ব্ৰাহ্মণ, গোঁহাই, আৰু সত্ৰাধিকাৰ সকলে বিনা খাজানাত লাখেৰাজ ভূমি লাভ কৰিছিল ǀ ইংৰাজে তেওঁলোকৰ পৰা সেই ভূমি কাঢ়ি লয় |
অসমৰ অভিজাত শ্ৰেণীৰ ডা-ডাঙৰীয়াসকলে ব্ৰিটিছ শাসনৰ লগত নিজকে জড়িত কৰিবলৈ চেষ্টা কৰিও আধুনিক শিক্ষাৰে শিক্ষিত নোবোৱাৰ বাবে বিফল হব লগীয়া হৈছিল ǀ ইংৰাজ শাসনত বংগদেশৰ পৰা শিক্ষিত ব্যক্তি আনি অসমৰ অফিচ কাছাৰীত নিয়োগ কৰা হৈছিল ǀ ফলত অসমৰ অভিজাত শ্ৰেণীৰ ডা-ডাঙৰীয়াসকলে নিজৰ নিজৰ কৰ্মসংস্হাপন হেৰুৱাবলগীয়া হৈছিল ǀ কিছুসংখ্যকে মৌজাদৰ আৰু ৰাজহ সংগ্ৰহৰ দায়িত্ব পাইছিল যদিও বংগদেশ আৰু পশ্চিম ভাৰতৰ পৰা অহা বঙালি আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ লোকক বেছিভাগ দায়িত্ব অৰ্পণ কৰা হৈছিল ǀ ইংৰাজ শাসনৰ তলত বিদ্ৰোহৰ নেতা মণিৰাম দেৱানেও নিজৰ চৰকাৰী পদবী হেৰুৱাবলগীয়া হৈছিল ǀ আহোমৰ ৰাজবংশৰ পৰিয়ালৰ ব্যক্তি, উচ্চ পদস্হ বিষয়া, পোৰোহিত,বাহ্মণ ইত্যাদি লোকসকলে নিজৰ লগত লগুৱা,চাকৰ ,বান্দী, বেটী ৰাখিব পাৰিছিল ǀ ইংৰাজে সেই পৰম্পৰা উঠাই দিয়ে ǀ ইয়াৰ ফলতো সমাজৰ আঢ্যবন্ত লোকসকল ইংৰাজৰ প্ৰতি অসন্তুষ্ট আছিল ǀ

২) অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ মণিৰাম বৰভাণ্ডাৰ বৰুৱা অসমৰ পুৰণি অভিজাত বংশৰ লোক আছিল ǀ তেখেতে মানসকলৰ দ্বাৰা হোৱা অসম আক্ৰমণত অসমীয়া জনগণে সন্মুখীন হোৱা দুৰ্গতিৰ লগতে ১৮২৬ চনত কেনেকৈ অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল তাৰ সাক্ষী আছিল ǀ প্ৰথম অৱস্হাত তেওঁ ব্ৰিটিছ শাসনৰ বিৰোধী নাছিল ǀ ব্ৰিটিছৰ অধীনতে তেওঁ চিৰস্তদাৰ আৰু পিছলৈ দেৱান হিচাপে নিযুক্তি পাইছিল ǀ কিন্তু পৰবৰ্তি সময়ত ব্ৰিটিছ মালিকাধীন অসম টি কোম্পানী ত যোগদান কৰে কিন্তু চৰকাৰৰ পৰা বিভিন্ন দিশত পাবলগীয়া সা সুবিধা কিছুমান নোপোৱাত তেওঁ চৰকাৰৰ ওপৰত খৰ্গহস্ত হৈ পৰে ǀ অৱশেষত তেওঁ সিদ্ধান্ত ললে যে ব্ৰিটিছ শাসনৰ অধীনত তেওঁৰ জীৱনৰ উন্নতি নহয় আৰু সেইয়া সম্ভৱ হব পাৰে কৱল আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা হলেহে ǀ তাৰে পৰিপ্ৰেক্ষিতত তেওঁ অসমৰ পৰা ব্ৰিটিছ শাসন ওফৰাই আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল ǀ
১৮৫৩ চনত কলিকতা উচ্চ ন্যায়লয়ৰ মুখ্য নায়াদীশ মফট মিলচে অসমৰ প্ৰশাসন ব্যৱস্হাৰ বিষয়ে অনুসন্ধান কৰিবলৈ অসমলৈ আহিছিল ǀ তেতিয়া মণিৰাম দেৱানে তেওঁক দুখন আৰ্জি পেচ কৰিছিল ǀ এখনত তেওঁ ব্ৰিটিছ চৰকাৰলৈ আগবঢ়োৱা সেৱাৰ বিষয়ে এক প্ৰতিবেদন দি তাৰ কিছু ফল তেখেতক দিবলৈ অনুৰোধ জনাইছিল আৰু আনখনত এজন আহোম ৰাজকোঁৱৰৰ হাতত শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ কিছু অংশত আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ লগতে অভিজাত শ্ৰেণীৰ দুখ দুৰ্দশাৰ বিষয়ে সবিস্তাৰে লিখিছিলǀ
মিলে প্ৰতিবেদনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিছিল যদিও অৱশেষত মণিৰাম দেৱানক সঁহাৰি নজনালে ǀ বৰঞ্চ তেওঁক এজন চক্ৰান্তকাৰী হিচাপে অভিহিত কৰে ǀ মিলৰ প্ৰতিবেদনে মণিৰাম দেৱানৰ আশা ধূলিসাৎ কৰিছিল আৰু তেওঁ সম্পূৰ্ণ ইংৰাজ বিৰোধী হৈ পৰে ǀ যিহেতু তেওঁ নিজৰ সীমাবদ্ধতা জানিছিল,সেয়েহে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে সমুখ সমৰলৈ নগৈ ১৮৫৭ চনৰ প্ৰথম ভাগত কলিকতালৈ যায় আৰু কন্দৰ্পেশ্বৰ সিংহক ৰজা পাতিবলৈ চৰকাৰক এখন আৰ্জি পেচ কৰে ǀ কিন্তু বংগদেশৰ লেফটেনেন্টে গৱৰ্ণৰৰ সাক্ষাৎ লাভ কৰিবলৈ সক্ষম নহল ǀ
সেই সময়ত মিৰাটত ব্ৰিটিছৰ বিৰুদ্ধে চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল ǀ বিদ্ৰোহৰ বিষয়ে জানিব পাৰি লগে লগে অসমতো ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যৰ সহযোগত বিদ্ৰোহ কৰি ব্ৰিটিছ শাসন ওফৰোৱাৰ কথা চিন্তা কৰিলে ǀ তেওঁ কলিকতাৰল পৰা কিছু গোপন পত্ৰ যোৰহাটত থকা কন্দৰ্পেশ্বৰ সিংহ আৰু অন্যবিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিল ǀপৰিকল্পনা মতে আহোম ৰজা কন্দপেশ্বৰ সিংহৰ অধীনত থকা অসমৰ চিপাহীসকলে বিদ্ৰোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্ৰ শস্ত্ৰসহ কলিকতাৰ পৰা আহি তেওঁলোকক সহায় কৰিব ǀ বাহাদুৰ গাওঁবুঢ়া,ফৰ্মুদ আলী, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা,মায়াৰাম নজিৰ আদি অসমৰ অভিজাত শ্ৰেণীৰ কিছু লোকে মণিৰাম দেৱানৰ আহ্বানৰ প্ৰতি সহাৰি জনায় ǀ কিন্তু দুৰ্ভাগ্যক্ৰমে ১৮৫৭ চনৰ ছেপ্তেম্বৰ মাহত ব্ৰিটিছ বিষয়া কেপ্টেইন হলৰইডে মণিৰাম দেৱানে লিখা বহুকেইখন চিঠি ধৰা পেলাবলৈ সক্ষম হয়,যত ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ কথা উল্লেখ আছিল ǀইয়াৰ পিছতে কন্দৰ্পেশ্বৰ সিংহক ব্ৰিটিছে আটক কৰে আৰু কলিকতাৰ আলিপুৰ জেইলত বন্দী কৰি থয় ǀ ইফালে কলিকতাত আত্মগোপন কৰি থকা মণিৰাম দেৱানক ইংৰাজে বিচাৰি উলিয়াই আৰু আলিপুৰ জেইলত কেইমাহমান ৰাখি যোৰহাটলৈ পঠিয়াই ǀ অৱশেষত চৰকাৰে ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত পিয়লি বৰুৱাৰ লগত তেওঁক ফাঁচী দিয়ে

৩) কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ ব্যৰ্থ হৈছিল আলোচনা কৰা ǀ
উত্তৰঃ তলত উল্লেখ কৰা কাৰণ সমুহৰ বাবে অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ ব্যৰ্থ হৈছিল –

  1. এই বিদ্ৰোহত সমাজৰ সকলো শ্ৰেণীৰ লোকক জড়িত হোৱা নাছিল আৰু মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলে এই সম্পৰ্কত কোনো প্ৰচেষ্টা হাতত লোৱা নাছিলǀ
  2. বিদ্ৰোহৰ নেতাসকলৰ সময়জ্ঞান নাছিল ǀ তেওলোকে বিভিন্ন পৰিকল্পনা প্ৰস্তুত কৰিও সেইবোৰক সময়মতে কাৰ্যকাৰী কৰিব পৰা নাছিল ǀ
  3. অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰৰ যোগান পোৱা নাছিল ǀ মণিৰাম দেৱানে অস্ত্ৰ যোগান দিয়াৰ কথা আছিল যদিও আগতেই তেঁও ধৰা পৰে ǀ
  4. ব্ৰিটিছে তেওঁলোকৰ প্ৰায়ভাগ পৰিকল্পনাৰ আগতীয়াকৈ উমান পাইছিল আৰু সেই মতে বিদ্ৰোহ মষিমূৰ কৰিছিল ǀ
  5. বিদ্ৰোহীৰ সংখ্যা যথেষ্ঠ কম আছিল ǀ বিদ্ৰোহৰ সমৰ্থক সকল কেৱল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল ǀ
  6. ব্ৰিটিছে বহু চক্ৰান্তৰে বিদ্ৰোহৰ মুখ্য প্ৰশাসক মণিৰাম দেৱানক বিদ্ৰোহস্হলীৰ পৰা বহু নিলগত ৰাখিছিল ǀ মণিৰাম দেৱান কলিকতাত থাকি তাৰপৰা চিঠিপত্ৰ আৰু আদেশ পঠিয়াই বিদ্ৰোহটো পৰিচালিত কৰিছিল ǀ
  7. ভাৰতৰ অন্য প্ৰান্তৰ দৰে অসমতো ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্যই বিদ্ৰোহত যোগদান কৰা নাছিল ǀ ইয়াৰ ফলতো বিদ্ৰোহৰ শক্তি কমি আহিছিলǀ
  8. অসমৰ বিদ্ৰোহীসকলে তেওলোকৰ কাৰ্যপন্হাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল ǀ ব্ৰিটিছে তেওঁলোকৰ কাৰ্যপন্হাৰ আগতীয়া উমান লৈ বহুতো পৰিকল্পনা ব্যৰ্থ কৰিছিল ।

৪) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰভাৱ বা গুৰুত্ব এনেধৰণৰ-

  • যদিও ১৮৫৭ চনৰ অসমত হোৱা বিদ্ৰোহ ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল তথাপি, অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল ।
  • ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল বুলিব পাৰি ǀ
  • গ) অসমত হিন্দু আৰু মুছলমান এই দুটা প্ৰধান সম্প্ৰদায় এক গোট হৈ বিদ্ৰোহত অংশ গ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল ǀ
  • ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্ৰামীসকলেও মইৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল ǀ

৫) ফুলগুৰি ধেৱাৰ ওপৰত এটি টোকা লিখা ।
উত্তৰঃ

ক) ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে ধনৰ ভঁৰাল টনকিয়াল কৰাৰ প্ৰয়োজনত অসমত ফৎপাদিত প্ৰায়বিলাক সামগ্ৰীৰ ওপৰত আয়কৰ বহুৱাইছিল ǀ
খ) অসমৰ চৌদিশে ইংৰাজ চৰকাৰৰ শাসন আৰু শোষণৰ বিৰুদ্ধে ।
গ) ৰাইজৰ আক্ৰোশ বাঢ়িল- বিশেষকৈ আফু খেতি নিষিদ্ধ কৰা,চাপৰি মাটিত খাজনা বৃদ্ধি কৰা, উৎপাদিত সামগ্ৰীৰ ওপৰত জিজিয়া কৰ আৰোপ কৰাত ǀ
ঘ) নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ অধীনত ফুলগুৰি বৰআঁহত ৰ তলতে ১৮৬১ চনৰ ১৮ অক্টোবৰত বিভিন্ন অঞ্চলৰ পৰা অহা নেতৃত্বহীন কৃষকৰ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত হৈছিল ǀ
ঙ) সেইদিনা বিদ্ৰোহৰ বিষয়ে বুজ লবলৈ অহা ইংৰাজ বিষয়া ছিংগাৰক ক্ষোভিত ৰাইজে কোবাই কোবাই হত্যা কৰে আৰু মৃতদেহটো কলঙ নদীৰ সুঁতিত উটুৱাই দিয়েǀ
চ) পিছদিনা একে ঠাইতে সমবেত হৈ থকা প্ৰতিবাদী জনতাৰ ওপৰত সশস্ত্ৰ ইংৰাজ বাহিনীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে ǀ
ছ) ৩৯জন নিৰীহ কৃষকৰ মৃত্য হয় ǀ ৬৬জন লোকক আটক কৰি ইয়াৰে ৩২জনক কলীয়াপানীলৈ প্ৰেৰণ কৰে ǀ ইয়াৰ পিছতো ইংৰাজে ফুলগুৰি অঞ্চলৰ আন ১৫ জন লোকক নিশংসভাৱে হত্যা কৰেǀ

৬) ১৮৯৪ চনৰ উত্তৰ কামৰূপত সংঘটিত কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা ǀ
উত্তৰঃ
১৮৬১ চনৰ ফুলগুৰি হোৱা কৃষক বিদ্ৰোহৰ পৰা ইংৰাজ চৰকাৰে একো শিক্ষা লোৱা নাছিল ǀতাৰ পৰিবৰ্তে কৃষক ৰ ওপৰত খাজানাৰ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিল ǀ ১৮৯২ চনত অসমৰ চীফ কমিচনাৰ ৱাৰ্ডে খাজানা হাৰ পূৰ্বতকৈ ১০০% লৈ বৃদ্ধি কৰাত কৃষকসকলৰ ধৈৰ্য হেৰাল ǀ তাৰে পৰিণাম স্বৰূপে ১৮৯৩ চনৰ ডিচেম্বৰ মাহৰ পৰা অসমত এলানি কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল ǀ উত্তৰ কামৰূপৰ ৰঙিয়া, লচিমা কেইবাটাও অঞ্চলৰ লোকে খাজনা নিদিয়াৰ সিদ্ধান্ত লৈছিল ǀ ৰাইজমেল অনুষ্ঠিত কৰি ৰাইজে বিৰেধিতা সাব্যস্ত কৰিছিল আৰু যিসকল কৃষকে চৰকাৰক খাজানা আদায় দিছিল সেইসকলক সমাজচ্যুত কৰা হব বুলিও ঘোষণা কৰিছিলǀ ইয়াৰ লগে লগে কৃষকসকলে মাটি বন্ধকত লৈ কৃষকসকলক ধাৰ দিয়া মাৰোৱাৰী লোকৰ বিৰুদ্ধেও যুঁজ দিছিল ǀ
১৮৯৩ চনৰ ২৪ ডিচেম্বৰ দিনা ৰঙিয়া বজাৰ লুটপাতেৰে বিদ্ৰোহৰ আৰম্ভণি হয়ǀ ৩০ ডিচম্বৰৰ ৰঙিয়া আৰু ওচৰৰ কৃষকসকলে অঞ্চলটোৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক লঘু লাঞ্চনা কৰে আৰু মাৰোৱাৰী মহাজনৰ হাতত থকা মাটিৰ বন্ধকীৰ নথি লুটপাত কৰে ǀসিদিনা চৰকাৰৰ হস্তক্ষেপত পৰিস্হিতি নিয়ন্ত্ৰিত হয় ǀ কৃষকসকল সুসংগঠিত হৈ থকাৰ বাবে পুলিচ প্ৰশাসনে প্ৰথম অৱস্হাত কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ǀ ১৮৯৪ চনৰ ৮ জানুৱাৰীত কৃষকসকলে নিজৰ অভাৱ অভিযোগ উপায়ুক্তক জনাবলৈ এখন ৰাইজমেল অনুস্হিত কৰিছিল ǀ তাৰ পৰা ১৫ জন কৃষকক পুলিচে আটক কৰে ǀ ১০ জানুৱাৰীত পুনৰ অনুস্হিত এখন ৰাইজমেলত বিভিন্ন মৌজাৰ প্ৰায় ৩০০০ কৃষক আহি সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে আৰু বন্দীসকলক মোকলাই দিবলৈ দাবী উপায়ুক্তক জনায় ǀ উপায়ুক্তই আলোচনাৰ বাবে তেওঁলোকৰ মাজৰ পৰা এজন প্ৰতিনিধি বিচৰাত কৃষকসকলে চিঞৰি চিঞৰি বৰ্ধিত খাজানা দিয়া নহব জনাই দিয়ে আৰু জোৰ কৰি থানাত প্ৰবেশৰ চেষ্টা চালই ǀ উপায়ুক্ত মেক কেবে গুলীচালনাৰ নিৰ্দেশ দিয়াত কৃষকসকলে সেই স্হান ত্যাগ কৰে ǀ তাৰ পিছত উপায়ুক্তই এখন জাননী দাৰী কৰি তেওঁৰ আগতীয়া অনুমতি অবিহনে কোনেও কতো মেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নিৰ্দেশ জাৰী কৰেǀ উপায়ুক্তই চক্ৰান্তৰে কৃষকৰ মাজৰে পৰা কিছু ব্যক্তিক কনিষ্টবল পদত নিযুক্তি দি তেওঁলোকৰ সহায়েৰে কৃষকক খাজনা দিবলৈ ৰাজী কৰোৱাৰ লগতে ৰায়তত শান্তি স্হাপনৰ চেষ্টা চলাইছিল ǀ অৱশ্যে চৰকাৰৰ এই পদক্ষেপবোৰৰ পিছতো ৰাইজমেলবোৰ বন্ধ হোৱা নাছিল ǀ উত্তৰ কামৰূপৰ অন্য প্ৰান্তত প্ৰতিবাদ অব্যাহত আছিল ǀ

৭) ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খাতিয়ান দাধি ধৰা ǀ
উত্তৰঃ উত্তৰ কামৰূপৰ দৰে দৰং জিলাতো ১৮৯৪ চনৰ জানুৱাৰীৰ পৰাই বৰ্ধিত খাজনাৰ বিৰুদ্ধে ৰাইজমেল আদি অনুষ্ঠিত কৰি জনতাই প্ৰতিবাদ সাব্যস্ত কৰি আছিল ǀ তেনে এক প্ৰতিবাদী কাৰ্যসূচী মতে মঙ্গলদৈ মহকুমাৰ কলাইগাওঁ, মঙ্গলদৈ,ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকল মিলিত হৈছিল ǀ নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈকে এখন তিনিদিনীয়া এক বৃহৎ ৰাইজমেল আয়োজন কৰিলে ǀ
ৰাইজমেলৰ খৱৰ পাই মহকুমাধিপতি য়ে জিলাধিপতি জে ডি এণ্ডৰাছনক সেই সম্পৰ্কে অৱগত কৰিলে ǀ কৃষকৰ সমাবেশ বন্ধ কৰিবলৈ জিলাধিপতি য়ে পুলিচ অধীক্ষক জে আৰ ৱেৰিংটনৰ সৈতে পুলিচ আৰু সামৰিক বাহিনী লৈ পথৰুঘাটত উপস্হিত হয় ǀ
সমাবেশস্হলী পৰিদৰ্শন কৰিবলৈ যোৱা বেৰিংটনক সমবেত ২০০মান ৰাইজে আগুৰি ধৰে ǀ কোনোমতে তেওঁ ৰাইজৰ ৰোষৰ পৰা ওলাই আহি জিৰণি শিৱিৰত আশ্ৰয় লৈ থকা জিলাধিপতিক ঘটনাৰ সবিশেষ জনায় ǀ কেইঘণ্টামানৰে পিছতে প্ৰায় ২০০০ মান কৃষকে হাতে হতে লাঠি আৰু বাহৰ কাঁমি লৈ শিৱিৰৰ দিশে ধাৱমান হয় ǀউত্তেজিত ৰাইজ আহি জিৰণি শিৱিৰত উপস্হিত হোৱাত, জিলাধিপতিয়ে তেওঁলোকক তৎকালেই তাৰ পৰা আতৰি যাবলৈ নিৰ্দেশ দিয়ে ǀ কৃষক সকল তাৰ পৰা আতৰি নোযোৱাত পুলিছ অধীক্ষকক শক্তি প্ৰয়োগ কৰি কৃষকসকলক তাৰ পৰা আতৰাবলৈ নিৰ্দেশ দিয়ে ǀ পুলিছে শক্তি প্ৰয়োগ কৰি খেদিবলৈ লওতে উত্তেজিত ৰাইজে লাঠি,কামি,মাটিৰ দলিৰে উভতি ধৰিলেǀ তেনে অৱস্হাত জিলাধিপতিয়ে গুলীচালনা কৰিবলৈ আদেশ দিয়ে ǀএই ঘটনাত চৰকাৰী হিচাপত ১৫ জন মৃত্যু আৰু ৩৭ জন আহত হয় কিন্তু বেচকাৰী হিচাপ মতে ১৪০জন কৃষকৰ মৃত্যু হয় তথা ১৫০ জন আহত হয় ǀ

৮) ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা
উত্তৰঃ

  1. জয়ন্তীয়া ৰাজ্যখন ১৮৩৫ চনত ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায় ǀ ইংৰাজৰ লগত চামিল হোৱাৰ বাবে স্বাধীনচিতিয়া জয়ন্তীয়াসকল বিক্ষুব্ধ হৈ পৰে ǀ
  2. ৰাজনৈতিক প্ৰতিনিধিৰ তলত দেৱানী আৰু ফৌজদাৰী বিচাৰ তেওঁলোকে নিজেই কৰিছিল ǀ কিন্তু ইংৰাজ প্ৰশাসনে তাত দোষ উলিয়াই ǀ
  3. জনজাতি লোকসকলে মুকলিকৈ সামূহিকভাৱে মাছধৰা, খৰি খেৰ সংগ্ৰহ কৰা অঞ্চলসমূহত নিষেধাজ্ঞা আৰোপ কৰি ব্ৰিটিছে ৰাজহ সংগ্ৰহৰ বাট মুকলাই ǀ তাৰোপৰি তেওঁলোকৰ ওপৰত কৰ্তৃত্ব জাৰি কৰিবলৈ ব্ৰিটিছে আয় কৰ ,ঘৰ কৰ বহুৱাইছিল ǀ ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান আৰু সামাজিক জীৱনত হস্তক্ষেপ,পূৰ্বৰে পৰা ব্যৱহাৰ কৰি অহা অস্ত্ৰ শস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰু অনুশাসনেও জয়ন্তীয়াসকলক ইংৰাজৰ বিৰোধী কৰি তুলিছিল
  4. প্ৰথমে ব্ৰিটিছে ঘৰ কৰ প্ৰৰ্ৱতন কৰাৰ সময়তে জোৱাইৰ তহচিলদাৰ জনক আঁতৰাই থৈ জয়ন্তীয়াসকলে বিদ্ৰোহৰ সূচনা কৰে ǀলগে লগে জয়ন্তীপুৰ,মূলাগোল,জাফলং,চেৰা আদিতো বিদ্ৰোহৰ সূত্ৰপাত হয় ǀ
  5. ১৮৬১ চনত উকিয়াং নবাৰ নেতৃত্ব ত জয়ন্তীয়া ব্ৰিটিছৰ বিৰুদ্ধে সজোৰে বিদ্ৰোহ ঘোষণা কৰে ǀ
  6. ১৮৬২ চনৰ ১৭ জানুৱাৰীত জয়ন্তীয়াসকলে জোৱাইত থকা ব্ৰিটিছ ছাউনী আক্ৰমণ কৰে আৰু জোৱাই- চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী- জয়ন্তীপুৰ পথ দুটা অৱৰোধ কৰে ǀ
  7. জয়ন্তীয়াসকলক নিয়ন্ত্ৰণৰ বাবে ইংৰাজ চৰকাৰে প্ৰেৰণ কৰা বিশেষ সৈন্য বাহিনীয় প্ৰজাৰ ওপৰত অমানুষিক অত্যাচাৰ চলাইছিল ǀ বিদ্ৰোহীসকলেও প্ৰতিপক্ষৰ অসংখ্য লোকক হত্যা কৰিছিল ǀ
  8. জয়ন্তীয়াসকলৰ অঞ্চলত ইংৰাজে প্ৰশাসনিক দিশত ব্যাপক সালসলনি কৰে। নেৰানেপেৰা চৰকাৰী আক্ৰমণৰ বাবে বিদ্ৰোহসকলৰ শক্তি কমি আহিল ǀ
  9. অৱশেষত বিদ্ৰোহৰ নেতা উকিয়াং নবা ইংৰাজৰ হাতত ধৰা পৰে আৰু বহু লোকৰ উপস্হিতিত ব্ৰিটিছে তেওঁক ফাঁচীকাঠত ওলোমাই ǀপৰবৰ্তী সময়ত বহু বিদ্ৰোহীয়ে স্বইচ্ছাই ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰে ǀ ১৮৬৩ চনৰ ভিতৰত জয়ন্তীয়া বিদ্ৰোহৰ অৱসান ঘটে ǀ

৯) ১৮৯১ চনত মণিপুৰত টিকেন্দ্ৰজিৎৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা ǀ
উত্তৰঃ

  • ১৮৯০ চনত সিংহাসন লাভৰ বাবে মণিপুৰৰ ৰাজ পৰিয়ালত এক গৃহ কন্দলৰ সূচনা হয় ǀ তেতিয়াৰ অসমৰ চীফ কমিছনাৰে সেই কন্দলত অনাহকত হস্তক্ষেপ কৰে ǀ
  • ১৮৯০ চনৰ ২১ চেপ্তম্বৰত যুবৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাচুত্য কৰি নিজে ৰজা হয়ǀ সুৰচন্দ্ৰই ইংৰাজৰ ওচৰত সহায় বিচাৰিছিল যদিও ইংৰাজে কুলচন্দ্ৰক হে ৰজা হিচাপে স্বীকৃতি দিয়ে ǀ
  • সেই সময়তে তলে তলে সংগ্ৰাম চলাই থকা বিদ্ৰোহৰ মূল নেতা টিকেন্দ্ৰজিৎক দেশান্তৰিত কৰিবলৈ ইংৰাজে ৰজা কুলচন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰে ǀ
  • কিন্তু দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম চলোৱা টিকেন্দ্ৰজিৎক ইংৰাজৰ কথা মতে দেশান্তৰিত কৰা কুলচন্দৰ পক্ষে সম্ভৱ নহৈছিল ǀ
  • সেয়ে অসমৰ ছীফ কমিচনাৰ জে ডব্লিউ কুইন্টন আৰু চাৰিজন বিষয়াই তেওঁক ধৰিবলৈ যোৱাত স্বাধীনতা প্ৰয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে ǀ
  • এই ঘটনাৰ প্ৰতিশোধ লবলৈ এটা ডাঙৰ সৈন্যবাহিনীৰ দল মণিপুৰলৈ ৰাওনা হয় আৰু তাত বীৰ টিকেন্দ্ৰজিৎক আটক কৰিবলৈ সক্ষম হয় ǀ ব্ৰিটিছ শাসনৰ বিৰোধিতা, বিষয়াক হত্যা কৰাৰ অপৰাধত টিকেন্দ্ৰজিৎক ফাঁচী দিয়া হয় আৰু ৰজা কুলচন্দ্ৰক নিৰ্বাসন দণ্ড দিয়া হয় ǀ
  • এই ঘটনাৰ পিছত ইংৰাজে নাবালক কোঁৱৰ চূড়চন্দ্ৰক ৰজা হিচাপে ঘোষণা কৰে আৰু ইংৰাজ চৰকাৰৰ প্ৰতিনিধি এজনে ৰজা হৈ মণিপুৰৰ প্ৰশাসনিক কামকাজ পৰিচালনা কৰিবলৈ লয় ǀ

চমু টোকা লিখা

১) অসমত ইংৰাজে প্ৰৰ্ৱতন কৰা ৰাজহ ব্যৱস্থা: উনবিংশ শতিকাৰ ত্ৰিছ আৰু চল্লিছ দশকত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানী এক শক্তিশালী শাসকৰ ৰূপত প্ৰতিষ্ঠিত হৈছিল ǀ বিভিন্ন কায়দাৰে প্ৰশাসন যন্ত্ৰ নিজৰ হাতলৈ অনাৰ পিছত এক নতুন ৰাজহ ব্যৱস্হাৰে অৰ্থনীতি নজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল ǀ নতুন ৰাজহ ব্যৱস্হাত চৰকাৰখনে কেৱল কৰকাটল সংগ্ৰহ কৰাতহে গুৰুত্ব দিছিল ǀ দৰিদ্ৰ প্ৰজাৰ দুঃখ দুৰ্দশা মোছন কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল ǀ মুদ্ৰা বা টকাৰ মাধ্যমত কৰ কাটল সংগ্ৰহৰ ব্যৱস্হাই অসমীয়া প্ৰজাৰ অৱস্হা অধিক শোচনীয় কৰি তুলিছিল ǀ মুদ্ৰা অৰ্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু প্ৰজাই এই মহাজনসকলৰ পৰা টকা ধাৰলৈ লৈ ব্ৰিটিছক ৰাজহ দিছিল ǀ ব্ৰিটিছৰ ৰাজহ ব্যৱস্হাই জনসাধাৰণৰ মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল ǀ

২) মণিৰাম দেৱান: মণিৰাম বৰভাণ্ডাৰ বৰুৱা অসমৰ পুৰণি অভিজাত বংশৰ লোক আছিল ǀ তেখেতে মানসকলৰ দ্বাৰা হোৱা অসম আক্ৰমণত অসমীয়া জনগণে সন্মুখীন হোৱা দুৰ্গতিৰ লগতে ১৮২৬ চনত কেনেকৈ অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল তাৰ সাক্ষী আছিল ǀ প্ৰথম অৱস্হাত তেওঁ ব্ৰিটিছ শাসনৰ বিৰোধী নাছিল ǀ ব্ৰিটিছৰ অধীনতে তেওঁ চিৰস্তদাৰ আৰু পিছলৈ দেৱান হিচাপে নিযুক্তি পাইছিল ǀ কিন্তু পৰবৰ্তি সময়ত ব্ৰিটিছ মালিকাধীন অসম টি কোম্পানী ত যোগদান কৰে কিন্তু চৰকাৰৰ পৰা বিভিন্ন দিশত পাবলগীয়া সা সুবিধা কিছুমান নোপোৱাত তেওঁ চৰকাৰৰ ওপৰত খৰ্গহস্ত হৈ পৰে ǀ অৱশেষত তেওঁ সিদ্ধান্ত ললে যে ব্ৰিটিছ শাসনৰ অধীনত তেওঁৰ জীৱনৰ উন্নতি নহয় আৰু সেইয়া সম্ভৱ হব পাৰে কৱল আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা হলেহে ǀ তাৰে পৰিপ্ৰেক্ষিতত তেওঁ অসমৰ পৰা ব্ৰিটিছ শাসন ওফৰাই আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল ǀ অভিজাত অসমীয়া শ্ৰেণীৰ দুখ দুৰ্দশাৰ সম্পৰ্কে বহুবাৰ চৰকাৰ ওচৰত অৱগত কৰাৰ পিছত বিফল হৈ তেওঁ সম্পূৰ্ণ ইংৰাজ বিৰোধী হৈ পৰে ǀ যিহেতু তেওঁ নিজৰ সীমাবদ্ধতা জানিছিল, সেয়েহে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে সমুখ সমৰলৈ নগৈ ১৮৫৭ চনৰ প্ৰথম ভাগত কলিকতালৈ যায় আৰু কন্দৰ্পেশ্বৰ সিংহক ৰজা পাতিবলৈ চৰকাৰক এখন আৰ্জি পেচ কৰে ǀ কিন্তু বংগদেশৰ লেফটেনেন্টে গৱৰ্ণৰৰ সাক্ষাৎ লাভ কৰিবলৈ সক্ষম নহল ǀ

কলিকতাত থকাৰ সময়ত দেশজুৰি আৰম্ভ হোৱা চিপাহী বিদ্ৰোহৰ বিষয়ে জানিব পাৰি লগে লগে অসমতো ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যৰ সহযোগত বিদ্ৰোহ কৰি ব্ৰিটিছ শাসন ওফৰোৱাৰ কথা চিন্তা কৰিলে ǀ তেওঁ কলিকতা ৰ পৰা কিছু গোপন পত্ৰ যোৰহাটত থকা কন্দৰ্পেশ্বৰ সিংহ আৰু অন্যবিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিল ǀপৰিকল্পনা মতে আহোম ৰজা কন্দপেশ্বৰ সিংহৰ অধীনত থকা অসমৰ চিপাহীসকলে বিদ্ৰোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্ৰ শস্ত্ৰসহ কলিকতাৰ পৰা আহি তেওঁলোকক সহায় কৰিব ǀ কিন্তু দুৰ্ভাগ্যক্ৰমে ১৮৫৭ চনৰ ছেপ্তেম্বৰ মাহত ব্ৰিটিছ বিষয়া কেপ্টেইন হলৰইডে মণিৰাম দেৱানে লিখা বহুকেইখন চিঠি ধৰা পেলাবলৈ সক্ষম হয়,যত ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ কথা উল্লেখ আছিল ǀ অতি কম সময়ৰ ভিতৰতে, কলিকতাত আত্মগোপন কৰি থকা মণিৰাম দেৱানক ইংৰাজে বিচাৰি উলিয়াই আৰু আলিপুৰ জেইলত কেইমাহমান ৰাখি যোৰহাটলৈ পঠিয়াই ǀঅৱশেষত চৰকাৰে ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত পিয়লি বৰুৱাৰ সৈতে তেওঁক ফাঁচী দিয়ে ǀ

৩) ফুলগুৰি ধেৱা: ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে ধনৰ ভঁৰাল টনকিয়াল কৰাৰ প্ৰয়োজনত অসমত ফৎপাদিত প্ৰয়বিলাক সামগ্ৰীৰ ওপৰত আয়কৰ বহুৱাইছিল ǀ অসমৰ চৌদিশে ইংৰাজ চৰকাৰৰ শাসন আৰু শোষণৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছিল ǀৰাইজৰ আক্ৰোশ বাঢ়িল- বিশেষকৈ আফু খেতি নিষিদ্ধ কৰা,চাপৰি মাটিত খাজনা বৃদ্ধি কৰা, উৎপাদিত সামগ্ৰীৰ ওপৰত জিজিয়া কৰ আৰোপ কৰাত ǀ নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ অধীনত ফুলগুৰি বৰআঁহত ৰ তলতে ১৮৬১ চনৰ ১৮ অক্টোবৰত বিভিন্ন অঞ্চলৰ পৰা অহা নেতৃত্বহীন কৃষকৰ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত হৈছিল ǀসেইদিনা বিদ্ৰোহৰ বিষয়ে বুজ লবলৈ অহা ইংৰাজ বিষয়া ছিংগাৰক ক্ষোভিত ৰাইজে কোবাই কোবাই হত্যা কৰে আৰু মৃতদেহটো কলঙ নদীৰ সুঁতিত উটুৱাই দিয়ে ǀপিছদিনা একে ঠাইতে সমবেত হৈ থকা প্ৰতিবাদী জনতাৰ ওপৰত সশস্ত্ৰ ইংৰাজ বাহিনীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে ৩৯জন নিৰীহ কৃষকৰ মৃত্য হয় ǀ ৬৬জন লোকক আটক কৰি ইয়াৰে ৩২জনক কলীয়াপানীলৈ প্ৰেৰণ কৰে ǀ ইয়াৰ পিছতো ইংৰাজে ফুলগুৰি অঞ্চলৰ আন ১৫ জন লোকক নিশংসভাৱে হত্যা কৰেǀ

৪) লচিমাৰ কৃষক বিদ্ৰোহ: ব্ৰিটিছ চৰকাৰৰ দমনমূলক নীতিৰ লগতে অত্যাধিক কৰ সংগ্ৰহৰ পৰিণতিত প্ৰতিবাদ স্বৰূপে অসমৰৰ ঠায়ে ঠায়ে ৰাইজমেল অনুষ্ঠিত হৈছিল ǀ বজালীৰ বিভিন্ন অঞ্চলতো অনুষ্ঠিত এনে ৰাইজমেলে কৃষকসকলক সচেতন কৰি তুলিছিল । ১৮৯৪ চনৰ ২১ জানুৱাৰী দিনা বজালী অঞ্চলৰ সৰুক্ষেত্ৰী মৌজাৰ মৌজাদাৰ দাসোৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজনা সংগ্ৰহৰ বাবে যাঁওতে ৰাইজে দুয়োকে বৰ বেয়াকৈ প্ৰহাৰ কৰে ǀ উক্ত ঘটনাত মৌজাদাৰৰ মৃত্যু হয় ǀ বৰপেটাৰ মহকুমাধিপতিৰ নেতৃত্বত যোৱা এটা দলে ঘটনাৰ লগত জড়িত থকা ৭৫ জন লোকক আটক কৰি অস্হায়ী শিৱিৰলৈ লৈ আনে ǀপ্ৰায় ৩০০০ লোকৰ এটা দলে শিৱিৰ জ্বলাই দিয়াৰ ভাবুকি দিয়াত বন্দীসকলক মুকলাই দিয়া হয় ǀপিছদিনা উপায়ুক্ত মেকে চাহাবে সৈন্য সামন্ত লৈ পুনৰ ৫৯ জন বিদ্ৰোহী কৃষকক আটক কৰি আনি জেলত ভৰাই থয় ǀ২৫ তাৰিখৰ দিনা বন্দীসকলক মুকলাই দিয়াৰ দাবীত ৬০০০ ৰাইজৰ স্বাক্ষৰসম্বলিত এখন পত্ৰ উপায়ুক্তৰ হাতত অৰ্পণ কৰা হয় ǀ উপায়ুক্ত সৈমান নহল আৰু শক্তিৰে ৰাইজক খেদি পঠিয়াই ǀপুলিছে আটক কৰা মানুহখিনিৰ ওপৰত অমানুষিক অত্যাচাৰ চলিল ǀৰাইজক সতৰ্ক কৰিবলৈ আটক কৰা মানুহখিনিৰ ডিঙিত যুঁৱলি বান্ধি তেঁওলোকৰ হতুৱাই হাল টনোৱা হয় ǀ ১৬ জনক সশ্ৰম কাৰাদণ্ড বিহা হয় ǀ পিছলৈ কলিকতা হাইকৰ্টৰ নিৰ্দেশত অপৰাধীসকলৰ কিছু শাস্তি লাঘৱ হয় ǀ

৫) পথৰুঘাটৰ ৰণ: কামৰূপৰ দৰে দৰং জিলাতো ১৮৯৪ চনৰ জানুৱাৰীৰ পৰাই বৰ্ধিত খাজনাৰ বিৰুদ্ধে ৰাইজমেল আদি অনুষ্ঠিত কৰি জনতাই প্ৰতিবাদ সাব্যস্ত কৰি আছিল ǀ তেনে এক প্ৰতিবাদী কাৰ্যসূচী মতে মঙ্গলদৈ মহকুমাৰ কলাইগাওঁ, মঙ্গলদৈ,ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকল মিলিত হৈছিল ǀ নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈকে এখন তিনিদিনীয়া এক বৃহৎ ৰাইজমেল আয়োজন কৰিলে ǀ ৰাইজমেলৰ খৱৰ পাই মহকুমাধিপতি য়ে জিলাধিপতি জে ডি এণ্ডৰাছনক সেই সম্পৰ্কে অৱগত কৰিলে ǀ কৃষকৰ সমাবেশ বন্ধ কৰিবলৈ জিলাধিপতি য়ে পুলিচ অধীক্ষক জে আৰ ৱেৰিংটনৰ সৈতে পুলিচ আৰু সামৰিক বাহিনী লৈ পথৰুঘাটত উপস্হিত হয় ǀ
সমাবেশস্হলী পৰিদৰ্শন কৰিবলৈ যোৱা বেৰিংটনক সমবেত ২০০মান ৰাইজে আগুৰি ধৰে ǀ কোনোমতে তেওঁ ৰাইজৰ ৰোষৰ পৰা ওলাই আহি জিৰণি শিৱিৰত আশ্ৰয় লৈ থকা জিলাধিপতিক ঘটনাৰ সবিশেষ জনায় ǀ কেইঘণ্টামানৰে পিছতে প্ৰায় ২০০০ মান কৃষকে হাতে হতে লাঠি আৰু বাহৰ কাঁমি লৈ শিৱিৰৰ দিশে ধাৱমান হয় ǀউত্তেজিত ৰাইজ আহি জিৰণি শিৱিৰত উপস্হিত হোৱাত, জিলাধিপতিয়ে তেওঁলোকক তৎকালেই তাৰ পৰা আতৰি যাবলৈ নিৰ্দেশ দিয়ে ǀ কৃষক সকল তাৰ পৰা আতৰি নোযোৱাত পুলিছ অধীক্ষকক শক্তি প্ৰয়োগ কৰি কৃষকসকলক তাৰ পৰা আতৰাবলৈ নিৰ্দেশ দিয়ে ǀ পুলিছে শক্তি প্ৰয়োগ কৰি খেদিবলৈ লওতে উত্তেজিত ৰাইজে লাঠি,কামি,মাটিৰ দলিৰে উভতি ধৰিলেǀ তেনে অৱস্হাত জিলাধিপতিয়ে গুলীচালনা কৰিবলৈ আদেশ দিয়ে ǀএই ঘটনাত চৰকাৰী হিচাপত ১৫ জন মৃত্যু আৰু ৩৭ জন আহত হয় কিন্তু বেচকাৰী হিচাপ মতে ১৪০জন কৃষকৰ মৃত্যু হয় তথা ১৫০ জন আহত হয় ǀ

৬) অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব: অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰভাৱ বা গুৰুত্ব এনেধৰণৰ-

  1. যদিও ১৮৫৭ চনৰ অসমত হোৱা বিদ্ৰোহ ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল তথাপি, অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল ǀ
  2. ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল বুলিব পাৰি ǀ
  3. অসমত হিন্দু আৰু মুছলমান এই দুটা প্ৰধান সম্প্ৰদায় এক গোট হৈ বিদ্ৰোহত অংশ গ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল ǀ
  4. ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্ৰামীসকলেও মইৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল ǀ

৭) টিকেন্দ্ৰজিৎ: ১৮৯০ চনত সিংহাসন লাভৰ বাবে মণিপুৰৰ ৰাজ পৰিয়ালত এক গৃহ কন্দলৰ সূচনা হয় ǀ তেতিয়াৰ অসমৰ চীফ কমিছনাৰে সেই কন্দলত অনাহকত হস্তক্ষেপ কৰে ǀ ১৮৯০ চনৰ ২১ চেপ্তম্বৰত যুবৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাচুত্য কৰি নিজে ৰজা হয় ǀ সুৰচন্দ্ৰই ইংৰাজৰ ওচৰত সহায় বিচাৰিছিল যদিও ইংৰাজে কুলচন্দ্ৰক হে ৰজা হিচাপে স্বীকৃতি দিয়ে ǀ সেই সময়তে তলে তলে সংগ্ৰাম চলাই থকা বিদ্ৰোহৰ মূল নেতা টিকেন্দ্ৰজিৎক দেশান্তৰিত কৰিবলৈ ইংৰাজে ৰজা কুলচন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰে ǀ কিন্তু দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম চলোৱা টিকেন্দ্ৰজিৎক ইংৰাজৰ কথা মতে দেশান্তৰিত কৰা কুলচন্দৰ পক্ষে সম্ভৱ নহৈছিল ǀ সেয়ে অসমৰ ছীফ কমিচনাৰ জে ডব্লিউ কুইন্টন আৰু চাৰিজন বিষয়াই তেওঁক ধৰিবলৈ যোৱাত স্বাধীনতা প্ৰয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে ǀ এই ঘটনাৰ প্ৰতিশোধ লবলৈ এটা ডাঙৰ সৈন্যবাহিনীৰ দল মণিপুৰলৈ ৰাওনা হয় আৰু তাত বীৰ টিকেন্দ্ৰজিৎক আটক কৰিবলৈ সক্ষম হয় ǀ ব্ৰিটিছ শাসনৰ বিৰোধিতা, বিষয়াক হত্যা কৰাৰ অপৰাধত টিকেন্দ্ৰজিৎক ফাঁচী দিয়া হয় আৰু ৰজা কুলচন্দ্ৰক নিৰ্বাসন দণ্ড দিয়া হয় ǀ

Download PDF Notes

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ প্ৰশ্ন উত্তৰ PDF

Watch Video Class

শেষবাক্য

আজি আমি আপোনালোকৰ বাবে Class10 Social Science History Chapter 3 Question Answer আলোচনা কৰিলোঁ, আশা কৰো আপোনালোকে এই অধ্যায়ৰ প্ৰশ্ন উত্তৰসমূহ বুজি পাইছে। যদি Class10 Social Science History Chapter 3 Question Answer সমন্ধে কিবা অসুবিধা থাকে তেন্তে Comment Section ত জনাব পাৰে। আমি আপোনাৰ যিকোনো সমস্যাৰ সমাধান দিবলৈ প্ৰয়াস কৰিম।

4 thoughts on “Class10 Social Science History Chapter 3 Question Answer | অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ”

Leave a Comment