Indian Constitution Question Answers | ভাৰতীয় গণতন্ত্ৰ

আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক Assamese Medium লৈ যত আজি আমি আলোচনা কৰিম Class 10 Social ScienceIndian Constitution Question Answers ৰ বিষয়ে। ইয়াৰ আগতে আমি Indian Constitution Class 10 Social অধ্যায়ৰ সম্পূৰ্ণ ধাৰণাৰ আন এটা পোষ্ট আপোনাৰ বাবে Share কৰিছিলোঁ, যদি আপুনি পঢ়িব বিচাৰিছে তেন্তে লিংকত ক্লিক কৰি পঢ়িব পাৰিব। Click on the link to read out the full concept on Indian Constitution Class 10 Social Science in Assamese.


অতি চমু  প্ৰশ্ন উত্তৰ :Indian Constitution Question Answers

১) ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল।

উত্তৰ:- শ্ৰমিক দল ǀ

২) কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল ?

উত্তৰ:- ১৯৪৬ চনৰ মাৰ্চ মাহত

৩) সংবিধান সভাৰ প্ৰথম সভা পতি কোন আছিল ?

উত্তৰ:- ডঃ সচিদানন্দ সিংহ ।

৪) খচৰা সমিতিৰ অধ্যক্ষ জনৰ নাম কি ?

উত্তৰ:- ড ̊ বি আৰ আম্বেদকাৰ

৫ ) সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল ?

উত্তৰ:- ৪২ তম সংশোধনী  ।

৬) ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে ?

উত্তৰ:- Foedus শব্দৰ পৰা আহিছে ।

৭) যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক বোলা হয় ।

উত্তৰ:- আমেৰিকা যুক্তৰাষ্ট্ৰক 

৮) ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে ?

উত্তৰ:- নাই 

৯) ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ?

উত্তৰ:- ইংলেণ্ডৰ সংবিধানৰ পৰা 


চমু উত্তৰৰ প্ৰশ্ন: Indian Constitution Question Answers

) ব্ৰিটিছ চৰকাৰে কেবিনেট মিচনক কিয় ভাৰতলৈ পঠাইছিল ?

উত্তৰ:– ভাৰতবর্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে কেবিনেট মিছনক ভাৰতবৰ্ষত পঠিওৱা হৈছিল ।

) ১৯৪৭ চনত ১৫ আগষ্ট পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰত শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনৰখন কোনে প্ৰস্তুত কৰিছিল ?

উত্তৰ:- ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন ǀ  এই আইনখন ব্ৰিটিছ সংসদে প্ৰস্তুত কৰিছিল ।

) প্ৰস্তাৱনাতআমি ভাৰতীয় জনসাধাৰণেবুলি কিয় উল্লেখ কৰা হৈছে ?

উত্তৰ:- কাৰণ সংবিধানখনৰ প্ৰকৃত ৰচক ভাৰতীয় জনগণ । সংবিধান ভাৰতীয় জণগণৰ বাবেই তৈয়াৰ কৰা হৈছে আৰু জনগণেই ইয়াৰ অন্তঃনিহিত শক্তি ǀ

) সাৰ্বভৌম মানে কি ?

উত্তৰ:- সাৰ্বভৌম  হৈছে- 

  1. ই ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা 
  2. এটা নিৰ্দিষ্ট ভূখণ্ডত নিজ ববীয়া , সকলো অধিকাৰ সমৃদ্ধ হৈ থাকিব পৰা অৱস্হা..
  3. আন বাহিৰা শক্তিৰ অধীন নোহোৱা অৱস্হা ǀ

) কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাতসমাজবাদীআৰুধৰ্মনিৰপেক্ষশব্দ দুটা সন্নিবিষ্ট কৰা হৈছে ?

উত্তৰ:- ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে ৪২ তম সংশোধনী ǀ

) ‘অৰ্ধ যুক্তৰাষ্ট্ৰকাক বোলে ?

উত্তৰ:- যি ৰাষ্ট্ৰৰ শাসন ব্যৱস্হাত যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্যৰ লগতে একান্তক চৰকাৰৰ বৈশিষ্ট্যও  দেখা যায় তাক ‘অৰ্ধ-যুক্তৰাষ্ট্ৰ’ বোলে ।

) কোন কেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল ?

উত্তৰ:- “১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন” ǀ


দীঘল উত্তৰৰ প্ৰশ্ন : Indian Constitution Question Answers

)ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা ?

উত্তৰ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো হল সংবিধানৰ পাতনি ǀ ইয়াত সংবিধানৰ দৰ্শন,আদৰ্শ আৰু লক্ষ্যবোৰ সংক্ষিপ্ত ৰূপত লিপিবদ্ধ হৈ আছে ǀ প্ৰস্তাৱনাটো উল্লেখিক কথাবোৰ জানিলেহে সংবিধানৰ বিষয়ে জানিব পাৰি ǀপ্ৰস্তাৱনাটোক সংবিধানখনৰ আত্মা বুলিব পাৰি ǀ

ইয়াত উল্লেখিত আদৰ্শসমূহ হৈছে- স্বাধীনতা, ন্যায় ,সমতা আৰু ভাতৃত্ববোধ ǀ

() স্বাধীনতা – ভাৰতত বাস কৰা প্ৰতিজন নাগৰিকক চিন্তা ,মত প্ৰকাশ,ধৰ্ম আৰু উপাসনাৰ ক্ষেত্ৰত স্বাধীনতা দিয়া হৈছে ǀ  

() ন্যায় সংবিধানে প্ৰতিজন ভাৰতীয় লোকৰ সামাজিক,অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় সুনিশ্চত কৰিছে ǀসামাজিক ন্যায় প্ৰতিষ্টাৰ বাবে জাতি ধৰ্ম আৰু বৰ্ণ ভিত্তিত খতা সামাজিক বৈষম্যবোৰ দূৰ কৰিবলৈ সকলো দৰকাৰী ব্যৱস্হা লোৱা হব ǀ ৰাজনৈতিক ন্যায়ৰ ক্ষেত্ৰত সকলোকে এটা নিৰ্দিষ্ট বয়সৰ পিছত চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ লবলৈ সুবিধা দিয়া ৰ কথা কোৱা হৈছে  ,অৰ্থনৈতিক ন্যায় প্ৰতিষ্টাৰ বাবে সমাজৰ পৰা ধনী দুখীয়াৰ শ্ৰেমী বিভাজন আতৰাবলৈ ব্যৱস্হা গ্ৰহণৰ আশ্বাস দিয়া হৈছে ǀ

() সমতা– আইনৰ চকুত সকলো সমান ǀপৰম্পৰাগত সামাজিক বৈষম্যবোৰ আতৰ কৰি সকলোকে সমানে সা সুবিধা প্ৰদান কৰিবলৈ  চৰকাৰ যত্নপৰ হোৱা উচিত ǀ

() ভাতৃত্ববোধ – ভাৰতত বাস কৰা লোকসকলে কোনেও কাকো হেয় জ্ঞান নকৰি পৰস্পৰে পৰস্পৰৰ প্ৰতি মৰম চেনেহ আৰু ভাতৃত্ববোধৰ ভাৱ ৰখাটো দৰকাৰী ǀ

২) ‘সাৰ্বভৌম’ ,’সমাজবাদী’ ,’ধৰ্মনিৰপেক্ষ’ , ‘গণতান্ত্ৰিক’  আৰু ‘গণৰাজ্য’ বুলিলে কি বুজা বহলাই লিখা

উত্তৰঃ

সাৰ্বভৌম  

  1. ই ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা ǀ
  2. এটা নিৰ্দিষ্ট ভূখণ্ডত নিজ ববীয়া , সকলো অধিকাৰ সমৃদ্ধ হৈ থাকিব পৰা অৱস্হা..
  3. আন বাহিৰা শক্তিৰ অধীন নোহোৱা অৱস্হা ǀ

সমাজবাদী

  1. এটা শ্ৰেণী হীন সমাজ ব্যৱস্হা যত কোনো ধনী দুখীয়া নাথাকে
  2. উৎপাদন ব্যৱস্হা ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হব 
  3. সমাজবাদী ব্যৱস্হাত সম্পদৰ সমবিতৰণ হব ǀ

ধৰ্মনিৰপেক্ষ 

  1. কোনো ধৰ্মক চৰকাৰী স্বীকৃতি দিয়া নহয়
  2. সকলো ধৰ্ম সমান বুলি ধৰা হয়
  3. সকলোৱে নিজ ইচ্ছানুযায়ী কোনো ধৰ্ম গ্ৰহণ আৰু প্ৰচাৰ কৰিব পাৰে ǀ

গণতন্ত্ৰ

  1. চৰকাৰ ব্যৱস্হা যত এটা নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় ǀ ইয়াৰ জড়িয়তে জনগণে তেওলোকৰ প্ৰতিনিধি নিৰ্বাচিত কৰে  আৰু সেই প্ৰতিনিধিৰে গঠিত চৰকাৰে দেশ পৰিচালনা কৰে ǀ

গণৰাজ্য

  • ৰাষ্ট্ৰপ্ৰধানজন বংশানুক্ৰমে শাসনত অধিস্হিত নহয় ǀ
  • তেওঁক জনগণে পৰোক্ষভাৱে এক নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্বাচিত কৰে ǀ

) নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটা আলোচনা কৰা ?

উত্তৰ:- সংবিধান সভাৰ প্ৰথম বৈঠকত ১৯৪৬ চনৰ১৩ ডিচেম্বৰ তাৰিখে নেহৰুৱে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল । ১৯৪৭ চনৰ ২২ জানুৱাৰী তাৰিখে সংবিধান সভাই ইয়াক গ্ৰহণ কৰে ।

ইয়াৰ মূল প্ৰস্তাৱকেইটা

  1. সংবিধান সভাই ভাৰতবৰ্ষক “স্বাধীন, সাৰ্বভৌম , প্ৰজাতন্ত্ৰ” হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ ।
  2. ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তভুক্ত হ’ব বিচৰা দেশীয় ৰাজ্য বিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ’ব ।
  3. ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক  স্বীকৃতি প্ৰদান কৰা হ’ব ।
  4. দেশত বসবাস কৰা অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব ।
  5. দেশৰ স্বাধীনতা, সাৰ্বভৌম আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব ।
  6. আন্তজাতিক সু-সম্পৰ্ক, বিশ্ব শান্তি ৰক্ষা আৰু জণগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াবǀ
  7. জনসাধাৰণক  সকলো ক্ষমতাৰ অধিকাৰী কৰা হয় ǀ চৰকাৰ আৰু ইয়াৰ বিভিন্ন অংগবোৰে জণগণৰ পৰা ক্ষমতা লাভ কৰিব ǀ
  8. সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্বশাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যদা লাভ কৰিব ǀ

উল্লেখযোগ্য যে নেহেৰুৰ প্ৰস্তাৱৰ আলম লৈ তথা দেশৰ হাজাৰ বছৰীয়া কৃষ্টি সভ্যতা আৰু সংস্কৃতিক গুৰুত্ব দি সংবিধান প্ৰণেতা সকলে সংবিধানৰ আদৰ্শ নিৰূপণ কৰিছিল ǀ

) ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্হাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ǀ

উত্তৰঃ এখন যুক্তৰাষ্ট্ৰত থাকিবলগীয়া বৈশিষ্ট্যসমূহৰ সকলোখিনি বৈশিষ্ট্যৰ উপস্হিতি ভাৰতবৰ্ষৰ ক্ষেত্ৰত দেখা নাযায় ǀলিখিত সংবিধান,দুই প্ৰকাৰৰ চৰকাৰ, দ্বি-সদনযুক্ত বিধানসণ্ডল,সংবিধানৰ সৰ্বোচ্চতা ,সৰ্বোচ্চ ন্যায়ালয় ব্যৱস্হা ইত্যাদি যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ভাৰতত দেখা যায় ǀ তথাপি ভাৰতবৰ্ষৰ শাসনব্যৱস্হাত কিছু এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যও পৰিলক্ষিত হয় ǀ সেয়ে আমাৰ ব্যৱস্হাটোক ‘অৰ্ধ-যুক্তৰাষ্ট্ৰ’ বুলিব পাৰি ǀ

তাৰোপৰি, ভাৰতৰ সংবিধানৰ কতো ‘যুক্তৰাষ্ট্ৰ’ শব্দটো প্ৰয়োগ কৰা হোৱা নাই তাৰ পৰিবৰ্তে ভাৰতক এখন ‘ৰাজ্যসমূহৰ অগং’ বুলি উল্লেখ কৰা হৈছে ǀ ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্হা নাই ǀ

অন্য যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ দেশৰ অংগৰাজ্যবোৰ আতৰি যোৱাৰ অধিকাৰ দিয়া হোৱা নাই ǀ

যুক্তৰাষ্ট্ৰীয় ব্যৱস্হাৰ বিপৰীতে ভাৰতত এখন শক্তিশালী কেন্দ্ৰীয় চৰকাৰ উপস্হিতি লক্ষ্যকৰা যায় ǀ সাংবিধানিকভাৱে ক্ষমতাৰ বিভাজন কৰা হৈছে যদিও এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক অধিক কতৃত্ব দিয়া হৈছে ǀ

) ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহৰ ওপৰত বাখ্যা আগবঢ়োৱা ǀ

উত্তৰঃ ভাৰতীয় সংসদীয় গণতন্ত্ৰ ব্যৱস্হাই জনসাধাৰণৰ ওচৰত দায়বদ্ধ এখন চৰকাৰ গঠনৰ ব্যৱস্হা কৰিছে ǀ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে সীমিত ৰূপত ভাৰতত সংসদীয় পদ্ধতিৰ ব্যৱস্হা কৰিছিল ǀ পৰবৰ্তী সময়ত সংবিধান প্ৰণেতাসকলে সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধানখন অনুসৰণ কৰিছিল ǀ অৱশ্যে এই ক্ষেত্ৰত ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰক সম্পূৰ্ণৰূপে  অনুধাৱন নকৰি ভাৰতৰ ৰাজনৈতিক,সামাজিক প্ৰেক্ষাপটত ইয়াক কিছু নতুন ৰূপত গঢ় দিছিল ǀ

ভাৰতৰ সংসদীয় গণতন্ত্ৰত বৰ্তমান তলৰ বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়-

  1. আমাৰ দেশৰ ৰাষ্ট্ৰপ্ৰধানজন (ৰাষ্ট্ৰপতি) সংসদীয় পদ্ধতিৰ চৰকাৰৰ অন্যদেশৰ দৰে বংশানুক্ৰমিক নহয় বৰঞ্চ তেওঁ পৰোক্ষভাৱে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয় ǀ
  2. ভাৰতত সংসদ বা সদনখন দুটা ভাগত বিভক্ত ǀএখন উচ্চসদন (আন এটা নাম ৰাজ্যসভা)আৰু আনখন নিম্নসদন(আন এটা নাম লোকসভা)ǀউচ্চসদন অংগৰাজ্যবোৰৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত আৰু নিম্নসদন জণগণৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত ǀ ভাৰতৰ উচ্চসদনৰ গঠন আৰু ক্ষমতা, ইংলেণ্ডৰ উচ্চসদন হাউচ অৱ লৰ্ডচত কৈ বহু পৃথক ǀ
  3. সংসদীয় পদ্ধতিৰ চৰকাৰত সংসদখন যিমান শক্তিশালী হব লাগিছিল ভাৰতত সংসদখন সিমান শক্তিশালী নহয় ǀ

আপুনি যদি Assamese MediumClass 10 Social Science ৰ যিকোনো বিষয়ৰ Concept লব খুজিছে বা প্ৰতিটো অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ পাব বিচাৰিছে তেন্তে এতিয়াই Facebook Page Assamese MediumLike & Follow কৰিব পাৰে। ইয়াত আপুনি Class 10 ৰ যিকোনো বিষয়ৰ ওপৰত সবিশেষ আলোচনা আৰু প্ৰশ্ন উত্তৰ পাব।

প্ৰত্যুত্তৰ দিয়ক