Class 10 Social Science History Chapter 2 Question Answer | মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

আপুনি দশম মান শ্ৰেণীৰ শিক্ষাৰ্থী নেকি? আপুনি Class 10 Social ৰ ইতিহাস ভাগৰ “মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম” নামৰ অধ্যায়ৰ প্ৰশ্ন উত্তৰ বিচাৰি আছে নেকি? তেন্তে আপুনি সঠিক স্থানত আহিছে, আমি Assamese Medium ত আজি Class 10 Social Science History Chapter 2 Question Answer দিবলৈ প্ৰয়াস কৰিছো।

আমি আশাবাদী যে, আজিৰ আলোচনাৰ জৰিয়তে Class 10 Social Science History Chapter 2 Question Answer য়ে আপোনাক বহুত সহায় কৰিব আগন্তুক পৰীক্ষাৰ বাবে। আপুনি যদি প্ৰথমবাৰৰ বাবে Assamese Medium ত আহিছে তেন্তে আমাৰ Assamese Medium YouTube ChannelSubscribe কৰাৰ লগতে Assamese Medium Facebook PageFollow কৰি আমাৰ সৈতে পোনপতীয়াকৈ যোগাযোগ কৰিব পাৰে। আমি আপোনাৰ যিকোনো সমস্যাৰ সমাধান যথা সময়ত দিবলৈ প্ৰয়াস কৰিম।

Class 10 Social Science History Chapter 2 Question Answer

Class 10 Social Science History Chapter 2 Question Answer | মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম প্ৰশ্ন উত্তৰ

ইয়াত আমি Class 10 Social Science History Chapter 2 Question Answer ত সাঙুৰি লৈছোঁ অতি চমু উত্তৰ, চমু উত্তৰ, বহল প্ৰশ্ন উত্তৰ আদিৰ ওপৰিও কিছু কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ প্ৰয়াস কৰা হৈছে। আমি আশা কৰোঁ আপুনি এই লিখনি পঢ়িলে আগন্তুক পৰীক্ষাৰ বাবে Class 10 Social Science History Chapter 2 Question Answer শুদ্ধভাৱে কৰিব পাৰিব।

Class 10 Social Chapter 2 History MCQ

1) কোন চনৰ কোন তাৰিখে ভাৰত স্বাধীন
(a) ১৯৪৭ চনৰ ১৪ আগষ্টত
(b) ১৯৪৭ চনৰ ১৫ আগষ্টত
(c) ১৯৪৭ চনৰ ২৬ আগষ্টত
(d) ১৯৪৭ চনৰ ১৬ আগষ্টত
উত্তৰ: (b) ১৯৪৭ চনৰ ১৫ আগষ্টত

2) মহাত্মা গান্ধীৰ মৃত্যু কেতিয়া হয় ?
(a) ১৯৪৮ চনৰ ৩০ জানুৱাৰীত
(b) ১৯৪৮ চনৰ ৩০ আগষ্টত
(c) ১৯৪৮ চনৰ ২৫ আগষ্টত
(d) ১৯৪৮ চনৰ ৩১ আগষ্টত
উত্তৰ : (a) ১৯৪৮ চনৰ ৩০ জানুৱাৰীত

3) ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ ‘কেবিনেট মিছন’পঠিয়াইছিল ? (HSLC-2022)
(i) ১৯৩৫ আগষ্ট মাহত
(ii) ১৯৪৫ জুলাই মাহত
(iii) ১৯৪৬ মাৰ্চ মাহত
(iv) ১৯৪৭ আগষ্ট মাহত
Ans : (iii) ১৯৪৬ চনৰ মাৰ্চ মাহত

4) মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল ?
(a) ১৮৬০ চনৰ ২ অক্টোবৰত
(b) ১৮৬৯ চনৰ ২ অক্টোবৰত
(c) ১৮৭০ চনৰ ২ অক্টোবৰত
(d) ১৮৭১ চনৰ ২ অক্টোবৰত
উত্তৰ: (b) ১৮৬৯ চনৰ ২ অক্টোবৰত

5) মহাত্মা গান্ধীৰ জন্মস্থান-
(a) লাহোৰত
(b) গোজৰাটৰ পোৰবন্দৰ
(c) বিহাৰত
(c) কলিকতাত ।
উত্তৰ : (b) গোজৰাটৰ পোৰবন্দৰ

6) সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোণ প্রথমতে প্রয়োগ কৰিছিল ?
(a) দক্ষিণ আফ্ৰিকাত
(b) ইংলেণ্ডত
(c) আফ্ৰিকাত
(d) লণ্ডত
উত্তৰ : (a) দক্ষিণ আফ্ৰিকাত

7) ব্ৰিটিছ চৰকাৰে নাইট হুড উপাধি কাক প্ৰদান কৰিছিল ?
(a) গোপালকৃষ্ণ গোখলে
(b) বিপিনচন্দ্ৰ পাল
(c) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়
(d) ৰবীন্দ্ৰনাথ ঠাকুৰ
উত্তৰ: (d) ৰবীন্দ্ৰনাথ ঠাকুৰ

8) কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল ?
(a) মৌলানা চৌকত আলি আৰু মহম্মদ আলি নেতৃত্বত
(b) বিপিন চন্দ্র পাল আৰু লাল-বাল-পালৰ নেতৃত্বত
(c) লালা লাজপত ৰায় আৰু গোপাল কৃষ্ণ গোখলেৰ নেতৃত্বত
উত্তৰ : (a) মৌলানা চৌকত আলি আৰু মহম্মদ আলি নেতৃত্বত

9) চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?
(a) ১৯২০ চনৰ ৫ ফেব্ৰুৱাৰীত
(b) ১৯২১ চনৰ ৫ ফেব্ৰুৱাৰীত
(c) ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত
(d) ১৯২৩ চনৰ ৫ ফেব্ৰুৱাৰীত
উত্তৰঃ (c) ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত

10) সত্যাগ্রহ বা অহিংসাৰ আন্দোলন কেতিয়া আৰম্ভ হৈছিল ?
(a) ১৯১৫ চনত
(b) ১৯১৭ চনত
(c) ১৯১৮ চনত
(d) ১৯১৯ চনত
উত্তৰ: (d) ১৯১৯ চনত

11) জালিৱানৱালাবাগৰ হত্যাকাণ্ড, কেতিয়া সংঘটিত হৈছিল ?
(a) ১৯১৯ চনৰ ১৩ এপ্রিলত
(b) ১৯১৯ চনৰ ১০ এপ্ৰিলত
(c) ১৯১৯ চনৰ ১৫ এপ্ৰিলত
(d) ১৯১৯ চনৰ ১৬ এপ্ৰিলত
উত্তৰ: (a) ১৯১৯ চনৰ ১৩ এপ্ৰিলত

12) সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান ?
(a) ৩৮০ কিঃমিঃ
(b) ৩৮২ কিঃমিঃ
(c) ৩৮৫ কিঃমিঃ
(d) ৩৮৬ কিঃমিঃ
উত্তৰ: (c) ৩৮৫ কিঃমিঃ

13) কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান দিছিল ?
(a) অসহযোগ আন্দোলনৰ সময়ত
(b) ভাৰত ত্যাগ আন্দোলনৰ সময়ত
(c) সত্যাগ্রহ আন্দোলনৰ সময়ত
(d) খিলাফৎ আন্দোলনৰ সময়ত
উত্তৰ : (b) ভাৰত ত্যাগ আন্দোলনৰ সময়ত

14) সীমান্ত গান্ধী নামে কাক জনা যায় ৷
(a) চৌকত আলি
(b) মহম্মদ আলি
(c) খান আব্দুল গফুৰ খান
(d) আলি খান
উত্তৰ: (c) খান আব্দুল গফুৰ খান

15) কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগানটো দিছিল? (HSLC-2018)
(a) আইন অমান্য আন্দোলাত
(b) অসহযোগ আন্দোলনত
(c) ভাৰত ত্যাগ আন্দোনত
(d) খিলাফৎ আন্দোলনত
উত্তৰ: (c) ভাৰত ত্যাগ আন্দোনত৷

16) ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা বৃটিছ প্ৰধানমন্ত্ৰীজন আছিল— (HSLC-2019)
(i) ক্লিমেন্ট এট্‌লি
(ii) উইনষ্টন চার্চিল
(iii) ৰামছে মেকডোনাল্ড
(iv) থেৰেচা মে’ই
Ans: (iii) ৰামছে মেকডোনাল্ড

17) চৌৰীচৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল ? (HSLC-2020)
(i) ৫ ফেব্ৰুৱাৰী, ১৯২২
(ii) ৩১ জানুৱাৰী, ১৯২২
(iii) ৮ আগষ্ট, ১৯৪২
(iv) ৬ এপ্রিল, ১৯১৯
Ans: (i) ৫ ফেব্ৰুৱাৰী, ১৯২২

18) ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল ? (HSLC-2022)
(i) ফেব্ৰুৱাৰী, ১৯৪৭
(ii) জুন, ১৯৪৭
(iii) জুলাই, ১৯৪৭
(iv) মার্চ, ১৯৪৭
Ans : (iii) জুলাই, ১৯৪৭

19) লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল ?
(a) জৱাহৰলাল নেহেৰুৱে
(b) মহাত্মা গান্ধীয়ে
(c) গোপাল কৃষ্ণ গোখলে
(d) সীমান্ত গান্ধীয়ে
উত্তৰ : (b) মহাত্মাগান্ধীয়ে

20) ১৯৩২ চনত সাম্প্ৰদায়িক বাঁটোৱাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধান মন্ত্ৰীজনৰ নাম কি আছিল ?
(a) ৰামজে মেক্‌ ডোনাল্ড
(b) মেকডোনাল্ড
(c) উইনষ্টন চার্চিল
(d) ওপৰৰ এটাও নহয
উত্তৰ : (a) ৰামজে মেক্‌ ডোনাল্ড

21) ‘ভাৰত ত্যাগ’ আন্দোলন কেতিয়া হৈছিল ?
(a) ১৯৪০ চনত
(c) ১৯৪২ চনত
(b) ১৯৪১ চনত
(d) ১৯৪৩ চনত
উত্তৰ: (c) ১৯৪২ চনত

22) আজাদ ফৌজৰ প্ৰতিষ্ঠাতা কোন?
(a) কেপ্তেইন মোহন সিঙ
(b) নেতাজী সুভাষ চন্দ্র বসু
(c) ৰাম বিহাৰী বসু
(d) মহাত্মাগান্ধী
উত্তৰ : (b) নেতাজী সুভাষ চন্দ্র বসু

23) “মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’ – এই বাণীটো কোন ভাৰতীয় নেতাৰ আছিল ?
(a) ৰাম বিহাৰী বসুৰ
(b) কেপ্তেইন মোহন সিঙৰ
(c) সুভাষ চন্দ্ৰ বসুৰ
(d) বাল গংগাধৰ তিলক।
উত্তৰ: (c) সুভাষ চন্দ্ৰ বসুৰ

24) জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কাৰ নিৰ্দেশত হৈছিল ?
(a) মিঃক্লিমেন্টৰ নিৰ্দেশত
(b) লর্ড পেথিক লন্সে
(c) এ.ভি আলেকজেণ্ডাৰ
(d) জেনেৰেল ডায়াৰৰ
উত্তৰ: (d) জেনেৰেল ডায়াৰৰ নিৰ্দেশত

25) ৰবীন্দ্ৰনাথ ঠাকুৰে কেতিয়া বৃটিছ চৰকাৰে দিয়া নাইট উপাধি পৰিত্যাগ কৰিছিল ?
(a) সত্যাগ্রহ আন্দোলনৰ সময়ত
(b) ভাৰত ত্যাগ আন্দোলনৰ
(c) অসহযোগ আন্দোলনৰ সময়ত
(d) জালিৱানৱালাবাগৰ হত্যা কাণ্ডৰ প্ৰতিবাদত
উত্তৰ : (d) জালিৱানৱালাবাগৰ হত্যা কাণ্ডৰ প্ৰতিবাদত

26) বাংলাদেশে কেতিয়া স্বাধীনতা লাভ কৰে ?
(a) ১৯৭০ চনৰ মাৰ্চ মাহত
(b) ১৯৭১ চনৰ মাৰ্চ মাহত
(c) ১৯৭২ চনৰ মাৰ্চ মাহত
(d) ১৯৭৩ চনৰ মাৰ্চ মাহত
উত্তৰ ঃ (b) ১৯৭১ চনৰ মাৰ্চ মাহত

27) ভাৰত আৰু পাকিস্থানৰ সীমাৰেখাক কি নামেৰে জনা যায় ?
(a) ৰেডক্ৰছ
(b) ৰেডক্লিক
(c) ৰেডক্লিফ
(d) ৰেডফ্লিক
উত্তৰ: (c) ৰেডক্লিফ

28) স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্রী কোন হয় ?
(a) জৱহৰলাল নেহৰু
(b) ৰাজা ৰামমোহন ৰায়
(c) মহাত্মা গান্ধী
উত্তৰ : (a) জৱহৰলাল নেহৰু

অতি চমু উত্তৰৰ প্ৰশ্ন

১) মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ?
উত্তৰঃ ১৮৬৯ চনৰ ২ অক্টোৱৰত ǀ

২) সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল ?
উত্তৰঃ দক্ষিণ আফ্ৰিকাত।

৩) ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় ‘নাইট উপাধি’ ত্যাগ কৰিছিল ?
উত্তৰঃ জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত

৪) কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎআন্দোলনৰ সূচনা হৈছিল ?
উত্তৰঃ মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত ।

৫) চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?
উত্তৰঃ ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত।

৬) কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল ?
উত্তৰঃ লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা ছাইমন বিৰোধী সমদলৰ ওপৰত পুলিছে নিৰ্দয় ভাৱে লাঠি চালনা কৰে, য’ত লাজপত ৰায় বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই তেওঁ মৃত্যু বৰণ কৰে ।

৭) কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশন ত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ?
উত্তৰঃ ১৯২৯ চনৰ লাহোৰত বহা কংগ্ৰেছৰ অধিৱেশনত।

৮)গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডীৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান ?
উত্তৰঃ ৩৮৫ কিলোমিটাৰ দূৰত্ব।

৯) সীমান্ত গান্ধী নামেৰে কাক জনা যায় ?
উত্তৰঃ খান আব্দুল গফুৰ খান ।

১০) লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্রেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল ?
উত্তৰঃ মহাত্মা গান্ধীয়ে ।

১১) ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল ?
উত্তৰঃ ৰামজে মেকডোনাল্ড।

১২) কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে “কৰিম কিম্বা মৰিম” শ্লোগান দিছিল?
উত্তৰঃ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন

১৩) আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন ?
উত্তৰঃ নেতাজী সুভাষচন্দ্ৰ বসু ।

১৪) ‘মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’ এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল ?
উত্তৰঃ নেতাজী সুভাষচন্দ্ৰ বসুৰ ।

১৫) ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায় ?
উত্তৰঃ ৰেডক্লিফ লাইন ǀ

দীঘল উত্তৰৰ প্ৰশ্ন

১) সত্যাগ্ৰহ বুলিলে কি বুজা ? যি তিনিটা স্হানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা ǀ
উত্তৰঃ সত্যাগ্ৰহ হল এক আধ্যাত্মিক আন্দোলন,এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চত কৰণ প্ৰক্ৰিয়া ǀ ১৯১৭-১৮ চনত উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেড়া আৰু আহমেদাবাদত সংঘটিত তিনিটা ঘটনাৰ সমাধানৰ ক্ষেত্ৰত সত্যাগ্ৰহ ক ব্যৱহাৰ কৰিছিল আৰু তাত দেখুওৱা দক্ষতাৰ বাবে পৰবৰ্তী সময়ত তেও এজন প্ৰভাৱশালী ৰাজলৈতিক নেতা হিচাপে স্বীকৃতি লাভ কৰিছিল ǀ উক্ত ঘটনা কেইটা আছিল-

  1. চম্পাৰণত তেওঁ ভূ-স্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল ǀ
  2. খেড়াত, কৃষকসকলৰ খেতিনষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক কৰৰ বিপক্ষে মাত মাতিছিল ǀ
  3. আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে মাত মাতিছিল ǀ

উল্লেখযোগ্য যে উক্ত প্ৰতিটো কাৰ্যসূচীতে তেওঁ ‘সত্যাগ্ৰহ’ক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল য’ত আদৰ্শ আছিল সত্য আৰু অহিংসা ǀ

২) ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল ?
উত্তৰঃ ২৮ জুন ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ সূচনা হৈছিল ǀএই যুদ্ধত বিশ্বৰ দেশসমূহ দুটা ফৈদত বিভক্ত হৈ এই যুদ্ধত অংশ গ্ৰহণ কৰিছিল ǀ তাৰে এটা পক্ষত আছিল মিত্ৰ শক্তি যত অংশগ্ৰহণকাৰী দেশবোৰ আছিল- ব্ৰিটেইন,ফ্ৰান্স,ৰুচিয়া,জাপান আৰু আনটো পক্ষ আছিল কেন্দ্ৰীয় শক্তি- জাৰ্মানী,অষ্ট্ৰীয়া,হাংগেৰী,ইটালী,বুলগেৰিয়া আৰু অট্টোমান সাম্ৰাজ্য ǀঅট্টোমান সম্ৰাজ্য হল তুৰ্কী সকলে নেতৃত্ব দিয়া কিছুমান ইছলামিক ৰাষ্ট্ৰৰ (ইৰাক,ইজিপ্ত,লেবেনান,পেলেষ্টাইন ইত্যাদি) গোট ǀ১২৯৯ খ্ৰীষ্টাব্দত আৰম্ভ হোৱা এই সাম্ৰাজ্য ১৪শ, ১৫শ আৰু ১৬শ শতিকাত প্ৰৱল প্ৰতাপী হৈ উঠিছিল ǀ অট্টমান সাম্ৰাজ্যৰ অধীনত ইছলাম ধৰ্মাম্বলী লোকৰ কেইবাখনো প্ৰবিত্ৰ স্হান অন্তভুক্ত হৈ আছিল ǀখালিফে ইয়াৰ নেতৃত্ব বহন কৰিছিল ǀ প্ৰথম বিশ্বযুদ্ধত কেন্দ্ৰীয় শক্তি পৰাজিত হোৱাৰ পিছত মিত্ৰ শক্তিৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰিবলগীয়া হয় ǀশান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত মিত্ৰ শক্তিৰ অধীনত থকা অট্টোমান সাম্ৰাজ্যৰ ৰাষ্ট্ৰবোৰ ভাগ ভাগ হৈ পৰে আৰু ইছলাম ধৰ্মৰ নেতা খালিফ ৰ স্হিতি ক্ৰমাৎ দুৰ্বল হৈ পৰে ǀ সেই সময়ত গোটেই বিশ্বৰ মুছলমানসকলে নিজৰ পবিত্ৰ স্হানসমূহৰ নিৰাপত্তা আশা কৰি খিলাফৎ আন্দোলন গঢ়ি তুলিছিল ǀ মৌলানা মহম্মদ আলি আৰু মৌলানা চৌকত আলিয়ে ১৯১৯ চনত ‘সদৌ ভাৰত মুছলিম সমাবৰ্তন আহ্বান’ কৰি ভাৰতবৰ্ষৰ ইছলাম ধৰ্মৰ লোকসকলক এই আন্দোলনত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰে ǀ পৰবৰ্তী সময়ত মহাত্মা গান্ধীকে ধৰি দেশৰ ইছলাম ধৰ্মাম্বলী লোকে এই আন্দোলনলৈ সমৰ্থন আগবঢ়ায় ǀ

৩) ১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ? ইয়াৰ কাৰ্যসূচী কি আছিল ? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল ?
উত্তৰঃ ‘অসহযোগ আন্দোলন’ আছিল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত সংঘটিত হোৱা প্ৰথম সৰ্ববৃহৎ আন্দোলন যত দেশৰ বেছিভাগ প্ৰান্তৰ লোকে স্বতঃস্ফুত ভাৱে অংশগ্ৰহণ কৰিছিল ǀ অসহযোগ আন্দোলনত ইন্ধন যোগোৱা প্ৰদান কাৰক সমূহ আছিল –

  1. প্ৰথম বিশ্বযুদ্ধত ভাৰতীয় সকলৰ অসন্তুষ্টি
  2. ৰাওলট আইনৰ দমনমূলক নীতি
  3. ১৯১৯ চনৰ জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড
  4. ব্ৰিটিছৰ দ্বাৰা ভাৰতৰ অৰ্থনৈতিক শোষণ
  5. খিলাফৎ আন্দোলনৰ প্ৰতি সমৰ্থন

উক্ত ঘটনাৱলীৰ পৰিপেক্ষিতত ১৯২০ চনৰ ১ আগষ্টত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ হয়। ইয়াৰ বিভিন্ন কাৰ্যসূচীসমূহ আছিল-

  1. বিদেশী বয়বস্তু, বস্ত্ৰ,সুৰা আদি বৰ্জন কৰা
  2. ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিদ্যালয় মহাবিদ্যালয় ত্যাগ
  3. দেশৰ বিভিন্ন প্ৰান্তত জাতীয় শিক্ষানুষ্ঠানৰ গঠন
  4. দেশৰ স্বাৰ্থত কাছাৰী ত্যাগ কৰা উকীলসকলৰ পৰিয়ালৰ ভৰণপোষণৰ ব্যৱস্হা কৰা-
  5. স্বেচ্ছাসেৱকক সদস্যভৰ্তি কৰোৱা
  6. দেশত যঁতৰ প্ৰস্তুত কৰা
  7. জনগণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজৰ দ্বাৰা সমগ্ৰ দেশ ভ্ৰমণ কাৰ্যসূচী
  8. আন্দোলনটোৰ খৰচ বহন কৰিব পৰাকৈ আৰ্থিক গোট গঠন কৰা ǀ

সমগ্ৰ দেশতে অসহযোগ আন্দোলনে ব্যাপক সহাৰি লাভ কৰাৰ সময়তে ১৯২২ চনৰ ৫ ফ্ৰেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৌৰাত স্হানীয় পুলিছ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয় ǀ এই ঘটনাত তিনিজন প্ৰতিবাদকাৰী পুলিছৰ গুলীত নিহত হোৱাত উন্মত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২জন পুলিছক হত্যা কৰে ǀ এই ঘটনাত মৰ্মাহত হৈ গান্ধীজীয়ে অসহযোগ আন্দোলন বন্ধ ৰখাৰ সিদ্ধান্ত লয় ǀ অৱশেষত ১৯২২ চনৰ ২২ ফ্ৰেব্ৰুৱাৰীত অসহযোগ আন্দোলন আনুষ্ঠানিকভাৱে অন্ত পৰে ǀ

৪) আইন অমান্য অন্দোলনৰ মূল লক্ষ্য কি আছিল ? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল ?
উত্তৰঃ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গঠিত চাইমন কমিছমৰ বিৰোধিতাৰে আইন অমান্য আন্দোলনৰ আৰম্ভণি হৈছিল ǀ এই কমিছমখনত ভাৰতীয়লোকৰ কোনো প্ৰতিনিধিত্ব নথকাৰে বাবে ১৯২৭ চনত গঠিত এই আইনখনক ভাৰতবাসীয়ে শ্বেতকায়সকলৰ কমিছন বুলি অভিহিত কৰিছিল ǀ ১৯২৮ চনত কলিকতাত বহা কংগ্ৰেছৰ অধিবেশনখনত ব্ৰিটিছ চৰকাৰক সকীয়াই দিয়া হৈছিল যে- ভাৰতত ডমিনিয়নৰ ব্যৱস্হা নকৰিলে , দেশজুৰি আইন অমান্য আন্দোলন গঢ়ি তোলা হব ǀ ১৯৩১ চনত ব্ৰিটিছ অপশাসনৰ অৱসান বিচাৰি ভাইচৰয় লৰ্ড আৰউইনলৈ ১১ টা দাবী সম্বলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰা হয়-

  • মাদক দ্রব্যৰ প্ৰচলন বন্ধ কৰা।
  • টকা আৰু ষ্টার্লিঙৰ অনুপাত সলনি কৰা।
  • মাটিৰ খাজনাৰ পৰিমাণ কম কৰা।
  • লোণ কৰ বন্ধ কৰা।
  • সৈন্য বাহিনীৰ ব্যয় কমোৱা।
  • প্রশাসনীয় ব্যয় সংকোচন কৰা।
  • বিদেশী কাপোৰত সীমা শুল্ক আৰোপ কৰা।
  • ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা।
  • অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি কৰা।
  • সকলো ৰাজনৈতিক বন্ধীক মুক্তি দিয়া।
  • আত্ম ৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্রশস্ত্ৰ ৰখাৰ বৈধতা প্রদান কৰা ।

এই আন্দোলনৰ বৈশিষ্ট্য সমূহ হৈছে –

  1. আন্দোলনৰ সমান্তৰালভাৱে গান্ধীজীয়ে লোণ সত্যাগ্ৰহ (দাণ্ডী যাত্ৰা) আৰম্ভ কৰিছিল ǀ ১৯৩০ চনৰ ২২ মাৰ্চত গান্ধী আৰু তেওঁৰ অনুগামীসকলে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰপৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডি নামৰ ঠাই টুকুৰালৈ যাত্ৰা আৰম্ভ কৰিছিল ǀ উক্ত ঠাইত উপস্হিত হৈ গান্ধীজীয়ে নিজে লোণ প্ৰস্তুত কৰি চৰকাৰৰ প্ৰতি প্ৰত্যাহবানৰ সৃষ্টি কৰিছিল ǀ পিছলৈ সমগ্ৰ দেশৰ অন্য প্ৰান্তটো লোণ আইনক প্ৰত্যাহবান জনোৱা হৈছিল ǀ
  2. উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত খান আব্দুল গফৰ খান ৰ নেতৃত্বত ‘ৰেড চাৰ্টছ’ হিচাপে জনপ্ৰিয় ‘খুদাই খিদমদগাৰ’ সকলে আন্দোলনটো চলাই নিছিল ǀ
  3. আন্দোলনৰ বাবে কংগ্ৰেছে লণ্ডনত অনুষ্ঠিত প্ৰথম ঘূৰণীয়া মেজমেল ত অংশ গ্ৰহণ কৰা নাছিলǀ

৫) কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্রামত আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমর্থনত যুক্তি দিয়া।
উত্তৰঃ ১৯৩৯ চনৰ ছেপ্তেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল ǀ গান্ধী আৰু নেহেৰু দুয়োজনেই হিটলাৰ আৰু নাৎসী বাহিনীৰ বিৰোধী আছিল ǀ কিন্তু ভাৰতৰ ক্ষেত্ৰত ‘সম্পূৰ্ণ স্বাধীনতাৰ’ প্ৰস্তাৱ গ্ৰহণ কৰিলে ব্ৰিটিছ বাহিনীক বিশ্বযুদ্ধত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ǀ কিন্তু ব্ৰিটিছে সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰে ǀ প্ৰতিবাদস্বৰূপে কংগ্ৰেছৰ মন্ত্ৰীসকলে ১৯৩৯ চনত মন্ত্ৰিত্ব ত্যাগ কৰে ǀ

১৯৪২ চনত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী ছাৰ ষ্টফাৰ্ড ক্ৰিপছক ভাৰতলৈ প্ৰেৰণ কৰে ǀ উদ্দেশ্য আছিল – ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ সৈতে আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্ৰিটিছৰ পক্ষত সহায় আৰু সমৰ্থন গোটোৱা ǀক্ৰিপছ মিছনৰ প্ৰস্তাৱত যুদ্ধৰ অন্তত ভাৰতৰ বাবে ডমিনিয়ন ব্যৱ্স্হা কৰা ,লগতে এখন সাংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ কাৰণে পৃথক সংবিধানৰ অধিকাৰ প্ৰদান কৰা হব বুলি ঘোষণা কৰা হৈছিল ǀ অৱশেষত ক্ৰিপছ মিছনো ব্যৰ্থ হয় ǀ
ইয়াৰ লগতে ভাৰত ত্যাগ আন্দোলনৰ অন্য কিছুমান কাৰণ আছিল- জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, পূৰ্ববংগত সন্ত্ৰাস, ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাৱ ইত্যাদি ǀ

ভাৰত ত্যাগ আন্দোলন দীৰ্ঘম্যাদি নাছিল যদিও ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰতা,সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অন্যান্য উদাহৰণ আছিল ǀ স্বাধীনতাৰ জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ স্বতঃস্ফুত অংশগ্ৰহণে এই আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল ǀ স্বাধীনতাৰ বাবে আপোচবিহীন ভাৱে কৰা এই সংগ্ৰামত জাতি,ধৰ্ম নিৰ্বিশেষে ছাত্ৰ,মহিলা,খেতিয়ক আৰু শ্ৰমিক সকলো জপিয়াই পৰিছিল ǀ এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত কৰিছিল ǀ সকলো দিশৰ পৰা চালিজাৰি চাই এই আন্দোলনৰ কাৰ্যসূচীক মাইলৰ খুটি বুলি অভিহিত কৰিব পাৰি ǀ

৬)ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটি চমু টোকা লিখা ǀ
উত্তৰঃ ভাৰতীয় জাতীয় সেনাবাহিনীৰ ধাৰণাটো প্ৰথমে পোষণ কৰিছিল মালয় ব্ৰিটিছ সেনা বাহিনীত চাকৰি কৰি পিছত জাপানী সৈন্যৰ হাতত আত্মসমৰ্পণ কৰা ভাৰতীয় সেনা বিষয়া কেপ্টেইন মোহন সিঙে ǀ

১৯৪২ চনত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিল ǀইয়াৰ ঠিক পিছতে বেংককত বহা অধিবেশনত লীগৰ সভাপতি হিচাপে বিদেশবাসী জাতীয়তাবাদী নেতা ৰাসবিহাৰী বসুক নিৰ্বাচিত কৰাৰ লগতে ভাৰতীয় জাতীয় সেনাক পুনৰ গঠনৰ সিদ্ধান্ত লোৱা হয় ǀ জাপানত অনুস্হিত লীগৰ এখন বৈঠকত সুভাষ চন্দ্ৰ বসুক ভাৰতীয় জাতীয় সেনাৰ মুৰব্বী ৰ দায়িত্ব প্ৰদান কৰা হয় ǀ

১৯৪৩ চনৰ অক্টোবৰত,তেওঁ ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্হায়ী চৰকাৰ(আজাদ হিন্দ চৰকাৰ) গঠন কৰি ব্ৰিটিছ মুক্ত ভাৰত গঠনৰ সিদ্ধান্ত লয় ǀ ভাৰতীয় জাতীয় সেনা বাহিনীক পুনৰ গঠন কৰা হয় ǀ যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্যবাহিনীত অন্তভুক্তিৰ বাবে ব্যৱস্হা কৰা হয় ǀ যুদ্ধৰ বাবে অৱশ্যকীয় পুজি গঠনৰ ব্যৱস্হা হাতত লয় ǀ ‘ঝান্সি ৰাণী ৰেজিমেন্ট’ নামৰ মহিলাৰ বাহিনী এটাও গঠন কৰা হয় ǀ

ভাৰতীয় জাতীয়সেনাৰ মূল শ্লোগান আছিল ‘জয় হিন্দ’ ǀ ব্ৰিটিছ আৰু সহযোগী সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগলাগি ব্ৰহ্মদেশ, ইম্ফল আৰু কহিমাত যুদ্ধ জয় কৰিছিল ǀ বসুৰ বিখ্যাত ‘মোক তেজ দিয়া আৰু মই তোমাক স্বাধীনতা দিম ’ উক্তিয়ে সৈন্যসকলক অনুপ্ৰাণিত কৰিছিল ǀ কিন্তু বিশ্বযুদ্ধত জাপানৰ পৰাজয় আৰু আত্মসমৰ্পণে ভাৰতীয় জাতীয় সৈন্যবাহিনীকো আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে ǀ

Download PDF Notes

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম প্ৰশ্ন উত্তৰ PDF

Watch Video Class

শেষ বাক্য

আপুনি এতিয়ালৈকে পঢ়ি আছিল Class 10 Social Science History Chapter 2 Question Answer, আমি ইয়াত আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ Class 10 Social Assamese Medium তথা দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞান।

2 thoughts on “Class 10 Social Science History Chapter 2 Question Answer | মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম”

Leave a Comment