Class 10 Social History Chapter 1 | বংগ বিভাজন আৰু স্বদেশী আন্দোলন

Class 10 Social History Chapter 1 তথা বংগ বিভাজন আৰু স্বদেশী আন্দোলন নামৰ ইতিহাস অংশৰ প্ৰথম অধ্যায় আজি আমি আলোচনা কৰিবলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ।

আমি ইয়াত বিশেষকৈ ১৯০৫-১৯১১ চনলৈ বংগ বিভাজন আৰু স্বদেশী আন্দোলনত কি কি ঘটনা সংঘটিত হৈছে তাৰ আলোচনা কৰিম।

Class 10 Social History Chapter 1

ইয়াৰ আগতে আমি Class 10 Social ৰ আন আন অধ্যায় সমূহ নিয়াৰিকৈ আলোচনা কৰিছোঁ, সম্পূৰ্ণ পাঠ্যপুথিত থকা প্ৰশ্ন উত্তৰ সমূহ আলোচনা কৰাৰ উপৰিও আগন্তুক HSLC 2024 পৰীক্ষাৰ বাবে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈছে। আপুনি যদি Class 10 Social ৰ আলোচনা কৰা অধ্যায় সমূহ পঢ়িব বিচাৰে তেন্তে তলৰ লিংকত ক্লিক কৰক।

আজি আমি আলোচনা কৰিম Class 10 Social History Chapter 1 অৰ্থাৎ সমাজ বিজ্ঞান দশম মান শ্ৰেণীৰ ইতিহাস অংশৰ প্ৰথম অধ্যায় বংগ বিভাজন আৰু স্বদেশী আন্দোলন। বৰ্তমানৰ ভাৰতবৰ্ষৰ বিষয়ে জানিবলৈ হলে ইয়াৰ ইতিহাস জনাটো খুবেই জৰুৰী। সেয়ে সমাজ বিজ্ঞান দশম মান শ্ৰেণীত (Class 10 Social Science) এই ইতিহাস বিষয় অন্তৰ্ভুক্ত কৰিছে।

সমাজ বিজ্ঞান দশম মান শ্ৰেণীৰ (Class 10 Social History Chapter 1) ৰ ইতিহাস অংশৰ প্ৰথম অধ্যায় বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলনৰ মূল বিষয়বোৰ হৈছে:

  1. বংগ ভংগৰ পটভূমি
  2. স্বদেশী আন্দোলন
  3. জাতীয় সাহিত্য
  4. স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা
  5. মুছলিম লীগৰ প্ৰতিষ্ঠা
  6. স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ
  7. স্বদেশী আন্দোলনৰ অৱদান
  8. বংগ বিভাজন
  9. স্বদেশী আন্দোলনৰ ফলাফল
  10. জাতীয় শিক্ষা
  11. স্বদেশী শিল্প উদ্যোগ
  12. চৰকাৰ আন্দোলনবিৰোধী কৰ্মপন্থা

ওপৰত উল্লেখ কৰা বিষয় সমূহ নিয়াৰিকৈ পঢ়িলে নিশ্চয় আপুনি সকলো কথা বুজি পাব। সেই কাৰণে আমি সময় নষ্ট নকৰি কেৱল মাত্ৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন নামৰ অধ্যায়ত হব পৰা সকলো প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিব প্ৰয়াস কৰিছোঁ।

Class 10 Social History Chapter 1- বংগ বিভাজন আৰু স্বদেশী আন্দোলন প্ৰশ্ন উত্তৰ

ইয়াত আমি অনুশীলনৰ প্ৰশ্ন উত্তৰ, সাম্ভাব্য প্ৰশ্নৰ উত্তৰ, অতি চমু প্ৰশ্নৰ উত্তৰ, চমু প্ৰশ্নৰ উত্তৰ আদি সন্নিৱিষ্ট কৰাৰ উপৰিও কিছু অতিৰিক্ত প্ৰশ্নৰ উত্তৰ যোগান ধৰিছো যাতে আগন্তুক HSLC 2024 Final Exam ত আপুনি বংগ বিভাজন আৰু স্বদেশী আন্দোলন নামৰ অধ্যায়ৰ পৰা অহা প্ৰশ্নৰ উত্তৰ কৰিব পাৰে।

Class 10 Social Chapter 1 History MCQ

1) ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ?
(a) নবাব ছলিমউল্লা
(b) নীলতন চৰকাৰ
(c) অম্বিকাগিৰি ৰায়চৌধুৰী
(d) আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়
উত্তৰ: (d) আচার্য প্রফুল্ল চন্দ্ৰ ৰায়

2) বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল ?
(a) ১৯১০ চনৰ ১১ ডিচেম্বৰত
(b) ১৯১২ চনৰ ১২ ডিচেম্বৰত
(c) ১৯১১ চনৰ ১১ ডিচেম্বৰত
(d) ১৯১১ চনৰ ১০ ডিচেম্বৰত
উত্তৰ: (c) ১৯১১ চনৰ ১১ ডিচেম্বৰত

3) “ডি ডন” পত্ৰিকাৰ সম্পাদক কোন আছিল ?
(a) চাৰু দাস বন্দোপাধ্যায়
(b) সতীশচন্দ্র মুখোপাধ্যায়
(c) ৰবীন্দ্ৰনাথ ঠাকুৰ
(d) আব্দুল ৰছুল
উত্তৰ : (b) সতীশচন্দ্ৰ মুখোপাধ্যায়

4) ১৯০৬ চনত মুচলিম লীগ গঠনত সহায় কৰা ব্রিটিশ প্রশাসকজন কোন আছিল ? (HSLC-2017)
(a) লর্ড মিন্টো
(b) লর্ড কার্জন
(c) লর্ড কর্ণৱালিছ
(d) লর্ড ৰিপন
উত্তৰ: (a) লর্ড মিন্টো

5) কাৰ কাৰ্যকালত ‘বংগ বিভাজন আঁচনিখন’ কাৰ্যকৰী হৈছিল ? (HSLC-2017)
(a) লর্ড মাউন্টবেটেন
(b) লর্ড উইলিয়াম বেন্টিংক
(c) লর্ড ডেলহাউচী
(d) লর্ড কার্জন
উত্তৰ : (d) লর্ড কার্জন

6) স্বদেশী আন্দোলনৰ সময়ত কোনখন কাকত প্ৰকাশ হৈ আছিল ?
(a) অৰুণোদয়
(b) যুগান্তৰ
(c) বন্দিনী ভাৰত
(d) ওপৰৰ এটাও নহয
উত্তৰ : (b) যুগান্তৰ

7) যুগান্তৰ’পত্রিকাখনৰ সম্পাদক কোন আছিল ?
(a) অম্বিকাগিৰি ৰায়চৌধুৰী
(b) আচাৰ্য্য প্রফুল্ল চন্দ্ৰ ৰায়
(c) লক্ষ্মীনাথ বেজবৰুৱা
(d) ভূপেন্দ্রনাথ দত্ত
উত্তৰ: (d) ভূপেন্দ্ৰনাথ দত্ত

8) বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল ?
(a) লর্ড কার্জন
(b) লর্ড নেথানিয়েল কার্জন
(c) এন্ড্রুফেজাৰ
(d) লর্ড মিন্টো
উত্তৰ: (b) লর্ড নেথানিয়েল কার্জন

9) কোন চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল ?
(a) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত
(b) ১৯০৫ খ্ৰীষ্টাব্দৰ ১০ অক্টোবৰত
(c) ১৯০০ খ্ৰীষ্টাব্দৰ ১১ অক্টোবৰত
(d) ১৯০৪ চনত ১৫ অক্টোবৰত
উত্তৰ : (a) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত

10) ‘বন্দিনী ভাৰত’ নামৰ নাটকখনৰ ৰচক কোন ?
(a) আচাৰ্য্য প্রফুল্ল চন্দ্ৰ ৰায়
(b) ভূপেন্দ্রনাথ দত্ত
(c) অম্বিকাগিৰি ৰায় চৌধুৰী
(d) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰঃ (c) অম্বিকাগিৰি ৰায় চৌধুৰী

11) বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ?
(a) ১৯০৬ চনৰ ১০ মাৰ্চত
(b) ১৯০৬ চনৰ ১১ মাৰ্চত
(c) ১৯০৫ চনৰ ১০ মাৰ্চত
(d) ১৯০৬ চনৰ ১০ মাৰ্চত
উত্তৰ : (a) ১৯০৬ চনৰ ১০ মাৰ্চত

12) মুছলিম লীগৰ কাৰ্যালয় লক্ষ্ণৌলৈ স্থানান্তৰিত কেতিয়া কৰা হৈছিল ?
(a) ১৯০৫ খ্ৰীষ্টাব্দতৰ মাৰ্চ মাহত
(b) ১৯১৫ খ্ৰীষ্টাব্দত মাৰ্চ মাহত
(c) ১৯১০ খ্রীষ্টাব্দত মাৰ্চ মাহত
(d) ১৯১১ খ্রীষ্টাব্দত মাৰ্চ মাহত
উত্তৰঃ (c) ১৯১০ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত

13) “ইউনাইটেড বেংগল ষ্টোৰছ কেতিয়া প্রতিষ্ঠা কৰা হৈছিল ?
(a) ১৯০৫ চনত
(b) ১৯০৬ চনত
(c) ১৯০৭ চনত
(d) ১৯০৯ চনত
উত্তৰ : (a) ১৯০৫ চনত

14) ১৯৩২ চনত সাম্প্ৰদায়িক বটোৱাৰা ঘোষণা কৰা বৃটিছ প্ৰধান মন্ত্ৰীজন আছিল – (2019)
(a) ক্লিমেন্ট এটলি
(b) উইনষ্টন চার্চিল
(c) ৰামছে মেকডোনল্ড
(d) থেৰেছা মেই
উত্তৰঃ (c) ৰামছে মেকডোনল্ড

15) বিদেশী পণ্য বৰ্জৰ্ণৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল ?
(a) জাতীয় কংগ্ৰেছৰ দ্বাবিংশতিতম অধিৱেশনত
(b) জাতীয় কংগ্ৰেছৰ দ্বাবিংশ অধিৱেশনত
(c) জাতীয় কংগ্ৰেছৰ ত্ৰয়োবিংশতিতম অধিৱেশনত
(d) জাতীয় কংগ্ৰেছৰ ত্ৰয়োবিংশতি অধিৱেশনত
উত্তৰ : (a) জাতীয় কংগ্ৰেছৰ দ্বাবিংশতিতম অধিৱেশনত

16) অবিভক্ত বংগ দেশৰ মুঠ জনসংখ্যা কিমান আছিল ?
(a) ৫৫ নিযুত
(b) ৫৪ নিযুত
(c) ৫৩ নিযুত
(d) ৫২ নিযুত
উত্তৰ ঃ (b) ৫৪ নিযুত

17) প্রশ্নঃ ‘বন্দে মাতৰম’ গীতটোৰ ৰচক কোন আছিল ?
(a) প্রফুল্ল চন্দ্ৰ ৰায়
(b) ৰবীন্দ্ৰনাথ ঠাকুৰ
(c) বঙ্কিমচন্দ্ৰ চেটার্জী
(d) বিঙ্কিমচন্দ্ৰ চেটার্জী
উত্তৰ: (c) বঙ্কিমচন্দ্ৰ চেটার্জী

18) প্রশ্ন : কোন চনত মুছলিম লীগৰ সংগঠন গঢ়ি উঠিছিল ?
(a) ১৯০৫ চনত
(b) ১৯০৬ চনত
(c) ১৯০৭ চনত
(d) ৫২ নিযুত
উত্তৰ : (b) ১৯০৬ চনত

19) ভাইচৰয় লর্ড মিন্টোৰ ব্যক্তিগত সচিবজনৰ নাম কি আছিল ?
(a) কর্ণেল ডানলপ স্মিথ
(b) লাল-বাল-পাল
(c) ছাৰ এ. ঠি অৰণ ডেলৰ
(d) এলিজাবেথ নবোল
উত্তৰ : (a) কর্ণেল ডানলপ স্মিথ

20) ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী কাছাৰ ইংৰাজৰ অধীনলৈ যায় কোন খ্ৰীষ্টাব্দত ?
(a) ১৮৩০ খ্রীষ্টাব্দত
(b) ১৮৩১ খ্ৰীষ্টাব্দত
(c) ১৮৩২ খ্ৰীষ্টাব্দত
(d) ১৮৩৩ খ্রীষ্টাব্দত
উত্তৰ: (c) ১৮৩২ খ্ৰীষ্টাব্দত

21) মটক আৰু শদিয়া ৰাজ্য কেতিয়া ইংৰাজৰ অধীনস্থ হয় ?
(a) ১৮৩৮ খ্রীষ্টাব্দত
(b) ১৮৩৯ খ্ৰীষ্টাব্দত
(c) ১৮৪০ খ্রীষ্টাব্দত
(d) ১৮৪১ খ্রীষ্টাব্দত
উত্তৰ : (b) ১৮৩৯ খ্ৰীষ্টাব্দত

22) পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল ?
(a) কলকতা
(b) পূর্ব বংগ
(c) ঢাকা
(d) কাছাৰ
উত্তৰঃ (c) ঢাকা

23) কোনজন ব্যক্তিয়ে বৃটিছ চৰকাৰক ‘নাইটহুড’ উপাধি দিছিল।
(a) বাল গংগাধৰ তিলকে
(b) প্রফুল্ল চন্দ্ৰ ৰাযে
(c) ৰবীন্দ্ৰনাথ ঠাকুৰে
(d) লাল-বাল-পালে
উত্তৰঃ (c) ৰবীন্দ্ৰনাথ ঠাকুৰে

24) ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বস্ত্ৰ প্রতিষ্ঠান গঢ়ি তুলিছিল ?
(a) বেংগল টেক্‌নিকেল প্রতিষ্ঠান
(b) স্বদেশী বস্ত্র প্রতিষ্ঠান
(c) স্বদেশী ভাণ্ডাৰ
(d) বঙ্গ বস্ত্ৰ উদ্যোগ
উত্তৰঃ (c) স্বদেশী ভাণ্ডাৰ

25) স্বৰাজ আমাৰ জন্মগত স্বত্ব আৰু ই আমাৰ কাম্য।”— উত্ত উক্তিটো কাৰ ? 17
(a) অম্বিকাগিৰি ৰায়চৌধুৰীৰ
(b) বালগংগাধৰ তিলকৰ
(c) মহাত্মা গান্ধীৰ
(d) প্রফুল্ল চন্দ্ৰ ৰায়ৰ
উত্তৰ: (b) বাল গংগাধৰ তিলকৰ

26) স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচিছিল ?
(a) ২০ টা
(b) ২২ টা
(c) ২৩ টা
(d) ২৪ টা
উত্তৰঃ (c) ২৩ টা

27) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্ব গড়ি উঠা সংগঠনটো কি আছিল ?
(a) যুৱ সংসদ
(c) বেংগল সংসদ
(b) ছাত্র সংসদ
(d) স্বদেশী সংসদ
উত্তৰ : (b) ছাত্র সংসদ

অতি চমু প্ৰশ্ন উত্তৰ

১। বংগবিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল ?
উত্তৰঃ বংগবিভাজন লর্ড কার্জন ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল।

২। ১৯০৫ খ্রীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কার্যকৰী হৈছিল ?
উত্তৰঃ ১৯০৫ খ্রীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কার্যকৰী হৈছিল ।

৩। বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্রহণ কৰা হৈছিল ?
উত্তৰঃ ১১০৫ চনৰ ২০ জুলাইত দিনাজপুৰৰ মহাৰাজৰ পৌৰােহিত্যত অনুষ্ঠিত এক বিশাল জনসভাত বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ গ্রহণ কৰা হৈছিল ।

৪। স্বদেশী আন্দোলনৰ সময়ছােৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখনৰ সম্পাদনা কোনে কৰিছিল ?
উত্তৰঃ স্বদেশী আন্দোলনৰ সময়ছােৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখনৰ সম্পাদনা ভূপেন্দ্রনাথ দত্তই কৰিছিল।

৫। বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ?
উত্তৰঃ বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ ’ নামৰ অনুষ্ঠানটো ১৯০৬ খ্রীষ্টাব্দৰ ১১ মার্চত গঠন কৰা হৈছিলল।

৬। ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ?
উত্তৰঃ বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা হ’ল- আচার্য প্রফুল্লৰায় ।

৭। কাৰ পৌৰােহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিবেশনে ভাৰতীয়ৰ বাবে স্বৰাজ’বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ?
উত্তৰঃ দাদাভাই নৌৰজীৰ পৌৰােহিত্যত ১৯০৬ চনত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্রেছৰ বার্ষিক অধিৱেশনত স্বৰাজ’বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ৷

৮। বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল ?
উত্তৰঃ বংগদেশৰ একত্ৰিকৰণ ১৯১১ খ্রীষ্টাব্দৰ ২ ডিচেম্বৰত হৈছিল ।

পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ

১ । বংগ বিভাজনে সৃষ্টিকৰা ‘পূর্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হােৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগােলিক সংমণ্ডল উল্লেখ কৰা ।
উত্তৰঃ বংগদেশত দ্রুতভাৱে উন্মেষ হােৱা জাতীয়তাবাদ ধ্বংস কৰিবলৈ আৰু ইয়াত বিৰাজ কৰাহিন্দু – মুছলমানৰ মাজৰ একতা বিনষ্ট কৰিবলৈ ভাইচৰয় লর্ড কার্জনৰ প্রতিনিধিত্বত ব্রিটিছ চৰকাৰে বংগদেশক দুখন প্ৰদেশত বিভক্ত কৰিবলৈ সিন্ধান্ত গ্রহণ কৰে । অসমৰ লগত বংগদেশৰ নিমােক্ত তিনিটা সংমণ্ডল সংলগ্ন কৰি ‘পূৰ্ববংগ আৰু অসম’ নামৰ নতুন প্রদেশখন গঠন কৰা হয়–ক ) ঢাকা । খ ) চট্টগ্রাম । গ ) ৰাজশাহী।

২। বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা ।
উত্তৰঃ ব্রিটিছ চৰকাৰে প্ৰশাসনীয় সুবিধা প্রাপ্তিয়েই বংগ বিভাজনৰ প্ৰধান উদ্দেশ্য বুলি ঘােষণা কৰিছিল যদিও ইয়াৰ অন্তর্নিহিত উদ্দেশ্য ভিন্ন আছিল । ব্রিটিছ চৰকাৰৰ দ্বাৰা বংগ বিভাজনৰ প্রধান উদ্দেশ্যসমূহ হল-

  • বংগ প্রদেশত দ্রুতভাৱে উন্মেষ হােৱা জাতীয়তাবাদৰ ঢৌ প্রতিবােধ কৰা । বংগ প্রদেশক জাতীয়তাবাদৰ প্রাণকেন্দ্র হিচাপে বিবেচনা কৰা হৈছিল ।
  • খ) ভাৰতত ব্রিটিছ সাম্রাজ্যৰ সুস্থিৰতাৰ ক্ষেত্ৰত ভাবুৰি অৱতাৰণা কৰিব পৰা হিন্দু – মুছলমানৰ মাজৰ একতা বিনষ্ট কৰা ।
  • গ) বংগ প্রদেশক এনেদৰে ভাগ কৰা যাতে নতুনকৈ বিভক্ত হােৱা প্ৰদেশৰ এখনত হিন্দুসকল সংখ্যালঘুত পৰিণত হয় আৰু আনখন প্ৰদেশত মুছলমানসকল সংখ্যালঘুত পৰিণত হয় । এই পদক্ষেপে দুয়ােটা গােটে সংঘবদ্ধভাৱে চৰকাৰৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হােৱাৰ সম্ভাৱনা নাইকিয়া কৰিব ।
  • ঘ) মুছলমান নেতাসকলক সন্তুষ্ট কৰা আৰু জাতীয়তাবাদ বিকাশত অগ্রণী ভূমিকা লােৱা হিন্দু বঙালীসকলক দুর্বল কৰা ।
  • ঙ ) কংগ্ৰেছ দলৰ ব্রিটিছ বিৰােধী চৰমপন্থীসকলক নিয়ন্ত্রণ কৰা ।

৩। বংগ বিভাজনবিৰােধী ‘আন্দোলনে স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা
উত্তৰঃ ১৯০৩ খ্রীষ্টাব্দৰ ৬ ডিচেম্বৰত ব্রিটিছ কর্তৃপক্ষই বংগ বিভাজনৰ প্রস্তাৱ উত্থাপন কৰে । অতি সােনকালে সুৰেন্দ্রনাথ বেনার্জী , বিপিন চন্দ্র পাল , অৰবিন্দ ঘােষ , ৰবীন্দ্রনাথ ঠাকুৰ , ৰাসবিহাৰীবসু আদি নেতাসকলে বংগ প্ৰদেশত তীব্রভাৱে বংগ বিভাজনবিৰােধী আন্দোলন গঢ়ি তােলে ।

তেওঁলােকে অনুভৱ কৰিছিল যে প্রদেশখনত বিৰাজ কৰা হিন্দু – মুছলমানৰ একতা বিনষ্ট কৰিবলৈহে এই প্রয়াস কৰা হৈছিল । তেওঁলােকে তীব্র জনমত গঠনৰ উদ্দেশ্যে আৰু জনসচেতনতা সৃষ্টিৰ উদ্দেশ্যে স্বাক্ষৰ সংগ্রহৰ অভিযান আৰম্ভ কৰিছিল । তেওঁলােকে ভাৰত সচিবৰ ওচৰত ৭০,০০০ স্বাক্ষৰ থকা প্রতিবাদপত্র অৰ্পণ কৰিছিল যদিও ব্রিটিছ চৰকাৰ আঁকোৰগােজ হৈ থাকিল ।

জনসাধাৰণে ব্রিটিছ চৰকাৰৰ এই পৰিকল্পনাৰ বিৰুদ্ধে প্রবল প্রতিবাদীকাৰ্যসূচী আৰু বিক্ষোভ গঢ়ি তুলিছিল । ব্রিটিছ চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে বংগদেশত তীব্র জনসংগ্ৰামৰ অৱতাৰণা হয় । জাতি – বর্ণ নির্বিশেষে সকলাে লােকে এই আন্দোলনত যােগদান কৰে ।

জাতীয় কংগ্ৰেছ নেতাসকলে এই নতুন গণ আন্দোলনৰ বৃহৎ সম্ভাৱনা উপলব্ধি কৰি ইয়াকজাতীয় আন্দোলনলৈ ৰূপান্তৰিতকৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে ।১৯০৫ চনৰ ডিচেম্বৰত বাৰাণসীত অনুষ্ঠিত অধিৱেশনত তেওঁলােকে বিভাজন বিষয়টোৰ উধ্বলৈ গতি কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে।এই নতুন আন্দোলনক স্বদেশী আন্দোলন বুলি অভিহিতৰা হৈছিল ।

কিয়নাে ই বংগৰ সীমা অতিক্রম কৰিছিল আৰু সমগ্র দেশৰ মানুহে বিদেশী বস্তু বর্জন , স্বদেশী বস্তু গ্রহণ আৰু চৰকাৰ প্রদত্ত খিতাপ আৰু পদবী প্রত্যাহাৰৰ ধাৰণা আকোৱালি লৈছিল । এনেদৰে , ব্রিটিছৰ বিৰুদ্ধে হােৱা এই আন্দোলনৰ পৰ্যায়টোক স্বদেশী আন্দোলন’বুলি অভিহিত হৈছিল ।

৪। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ স্বদেশী আন্দোলনৰ এটা বৃহৎঅৱদান এয়ে আছিল যে ই জাতীয় শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত যথেষ্টঅৰিহণা আগবঢ়াইছিল । এই আন্দোলনে ছাত্র সমাজৰ মনােযােগ আকর্ষণ কৰিছিল আৰু বহুতাে ছাত্রই স্বদেশী আন্দোলনত সক্রিয়ভাৱে অংশ গ্রহণ কৰিছিল ।

ইয়াৰ পৰিণতিত বংগ প্রদেশ চৰকাৰৰ মুখ্য সচিব আৰু ডব্লিউ কাৰ্লাইলে ১৯০৫ চনৰ ১০ অক্টোবৰত এক জাননীৰ জৰিয়তে চৰকাৰ বিৰােধী আন্দোলনত অংশ গ্রহণ নকৰিবলৈ ছাত্ৰসকলক সকীয়াই দিছিল।এই জাননীৰ বিৰুদ্ধে ছাত্ৰসকলে তীব্রভাৱে প্রতিবাদ সাব্যস্ত কৰিলে আৰু শ্রেণীকোঠা ত্যাগৰ কাৰ্যসূচী গ্রহণ কৰিলে ।

১৯০৫ চনৰ ৪ নৱেম্বৰত চৰকাৰৰ অন্যার্য জাননীৰ বিৰুদ্ধে ৰবীন্দ্রনাথ ঠাকুৰে কলিকতাৰ পটলডাঙা মল্লিবাৰীত ছাত্ৰসকলৰ এক বিশাল সমাৱেশ সংগঠিত কৰিলে আৰু ইয়াতেই চৰকাৰৰ নির্দেশনা অমান্য কৰিবলৈ ‘এন্টি – চার্কুলাৰ ছ’চাইটি ’ গঠন কৰিলে । বিপিন চন্দ্র পাল , ৰবীন্দ্রনাথ ঠাকুৰ , আব্দুল ৰছুল প্ৰমুখ্যে বিশিষ্ট নেতাসকলে ছাত্ৰসকলক চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনালে ।

সতীশ চন্দ্র মুখার্জীয়ে ডন ছ’চাইটি’নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দিলে । এই ছ’চাইটিয়ে কার্জনৰ বিশ্ববিদ্যালয় আইন ( ১৯০৪ ) আৰু কাৰ্লাইয়ৰ জাননী ( ১৯০৫ ) সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰিছিল । এই বিশিষ্ট নেতাসকলে জাতীয় উদ্দেশ্যৰ আধাৰত জাতীয় শিক্ষাৰ ধাৰণা উত্তৰণ কৰিছিল ।

১৯০৫ খ্রীষ্টাব্দত ৰবীন্দ্রনাথ ঠাকুৰে কলিকতা আৰু ৰংপুৰত ‘বংগ জাতীয় বিদ্যালয়’নামেৰে দুখন শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰে । ৰবীন্দ্রনাথ ঠাকুৰক অনুসৰণ কৰি সমগ্ৰ বংগ প্রদেশত বহুতাে বিশিষ্ট ব্যক্তিয়ে বিভিন্ন বিদ্যালয় স্থাপন কৰে।ৰাসবিহাৰী বসুৰ নেতৃত্বত ১৯০৬ খ্রীষ্টাব্দতকলিকতাৰ টাউন হলত জাতীয় শিক্ষা পৰিষদ’গঠন হয়। ১৯০৬ খ্রীষ্টাব্দৰ ১৫ আগষ্টত বংগ জাতীয় মহাবিদ্যালয় স্থাপিত হয় ।

এনেদৰে স্বদেশী আন্দোলনৰ সময়ছেৱাত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্রাথমিক বিদ্যালয় স্থাপন হয় । এই সময়ছােৱাতে বেংগল টেকনিকেল ইনষ্টিটিউট স্থাপন হয় যি পৰবৰ্তী পৰ্যায়ত যাদৱপুৰ বিশ্ববিদ্যালয়লৈ উন্নীত হয় । একেদৰে স্বদেশী আন্দোলনৰ অংশ হিচাপে দেশৰ বিভিন্ন অংশেত জাতীয় বিদ্যালয় স্থাপন হয় ।

ইয়াৰে কেইখনমান হৈছে বিহাৰ বিদ্যাপীঠ ( পাটনা ), সমর্থ বিদ্যালয় (মহাৰাষ্ট্র) আৰু গুজৰাট বিদ্যালয় (গুজৰাট) ।

৫। স্বদেশী আন্দোলনৰ সময়ছােৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল ?
উত্তৰঃ স্বদেশী আন্দোলনে আত্মশক্তি বিকাশৰ উদ্যম বৃদ্ধি কৰাৰ ফলত ভাৰতীয় উদ্যোগৰ বিকাশৰ পথ প্রশস্ত হৈছিল । বিদেশী বস্তু বর্জনৰ মানসিকতা গঢ়ি উঠাত মানুহে স্থানীয়ভাৱে নির্মিত বস্তুৰ প্রতি হাবিয়াহ কৰিলে । ইয়াৰ ফলত দেশৰ বিভিন্ন অংশত কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান আৰু বহুতাে ক্ষুদ্র উদ্যোগ গঢ়ি উঠিছিল ।

সূতা কটা কল , ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ , সৰিয়হৰ তেল , চাবােন , চেনি , জুইশলা , বিস্কুট আদিৰ উদ্যোগ স্থাপন হয় । এই সময়ছােৱাতে জাতীয় বেংক আৰু জাতীয় বীমা প্রতিষ্ঠান স্থাপিত হৈছিল । এই সময়ছােৱাত প্রতিষ্ঠা হােৱা এটা প্রতিষ্ঠান আছিল ‘স্বদেশী ভাণ্ডাৰ’ যি পৰৱর্তী পর্যায়ত এক উল্লেখযােগ্য বস্ত্র প্রতিষ্ঠানত পৰিণত হৈছিল।

ইয়াক ৰবীন্দ্রনাথ ঠাকুৰেপ্ৰতিষ্ঠা কৰিছিল । যোগেশ চন্দ্র চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ যৌথ প্রচেষ্টাত কলিকতাৰ বউবজাৰত ‘ ইণ্ডিয়ান ষ্টোৰছ’ স্থাপিত হৈছিল । কলিকতাৰ কর্ণৱালিছ ষ্ট্রীটত সৰলা দেৱী চৌধুৰীয়ে লক্ষী ভাণ্ডাৰ স্থাপন কৰিছিল । এই সময়ছােৱাতে ‘ইউনাইটেড বেংগল ষ্টেৰছ’ স্থাপিত হৈছিল।

১৯০৬ খ্রীষ্টাব্দৰ আগষ্ট মাহত নীলৰতন চৰকাৰে ‘বংগলক্ষী কটন মিল’ স্থাপন কৰিছিল । আনহাতে ১৯০৬ খ্রীষ্টাব্দৰ জুলাই মাহত আচার্য প্রফুল্ল ৰায়ে ‘ বেংগল কেমিকেলছ ’ নামৰ উদ্যোগটো স্থাপন কৰে । ১৯০৭ খ্রীষ্টাব্দত জামছেদপুৰত জামছেদজী টাটাৰ দ্বাৰা টাটা লৌহ শিল্প কাৰখানাৰ স্থাপন এই ক্ষেত্ৰত অন্য এক উল্লেখনীয় পদক্ষেপ ।

১৯০৫ খ্রীষ্টাব্দৰ ১৭ ডিচেম্বৰত আৰ চি দাসৰ পৌৰােহিত্যত পােন প্রথমবাৰৰ বাবে বাৰাণসীত ভাৰতীয় উদ্যোগ সন্মিলন অনুষ্ঠিত হয় । এই সন্মিলনে স্বদেশী উদ্যোগৰ সম্ভাৱনীয়তা সম্পর্কে ভাৰতীয় লােকসকলক সজাগ কৰিছিল । এনেদৰে , স্বদেশী আন্দোলনে দেশৰ ঔদ্যোগিক বিকাশক অনুপ্রাণিত কৰিছিল ।

৬। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্রিটিছ চৰকাৰে কি কি আন্দোলন বিৰােধী কার্যসূচী গ্রহণ কৰিছিল ?
উত্তৰঃ স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশে ব্রিটিছ চৰকাৰে গ্ৰহণ কৰা আন্দোলনবিৰােধী কার্যসূচীসমূহ আছিল এনেধৰণৰ –

ক) ব্রিটিছ চৰকাৰে জাতীয় কংগ্রেছৰ উদাৰপন্থী নেতাসকলক এই আশাতেই বিভিন্ন উপাধি , পদক আৰু পদ যাচিছিল যাতে তেওঁলােকে চৰকাৰৰ ক্রিয়াকলাপত সহযােগিতা কৰিব। উদাৰপন্থী কংগ্ৰেছ নেতাসকলক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ , ভাইচৰয় পৰিষদৰ সদস্য পদ , ব্রিটিছ সংসদ সদস্যপদ যচা হৈছিল।

সুৰেন্দ্ৰনাথ বেনাৰ্জী , গােপাল কৃষ্ণ গােখলে , বিপিন চন্দ্র পাল প্রমুখ্যে কংগ্ৰেছ নেতাসকলৰ স্থিতি দৃঢ় আছিল আৰু চৰকাৰে আগবঢ়োৱা প্রস্তাৱ প্রত্যাখ্যান কৰিছিল ।

খ) ব্রিটিছচৰকাৰে মুছলমান নেতাসকলক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছিল যাতে তেওঁলােকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ফালৰি কাটি আহে। কংগ্ৰেছৰ প্রতি বিৰােধ প্রদর্শন কৰাৰ উদ্দেশ্যে মুছলমানসকলৰ এটা ৰাজনৈতিক দল গঠন কৰিবলৈ তেওঁলােকক উৎসাহিত কৰিছিল । এই ক্ষেত্ৰত তেওঁলােক যথেষ্টসফল হয় ।

৭) স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা
উত্তৰঃ- স্বদেশী আন্দোলনে ভাৰতৰ জাতীয় সাহিত্য, জাতীয় শিক্ষাৰ বিকাশ ঘটোৱাৰ লগতে মহিলা সকলৰ সাহসী ভূমিকাক দেশৰ প্ৰেক্ষাপটত সবলভাৱে দাঙি ধৰিছিল ǀ
) জাতীয় শিক্ষাৰ বিকাশ –
স্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ৰ শিক্ষা ব্যৱস্হাৰ ওপৰত বাৰুকৈয়ে পৰিছিল ǀ ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতা ৰ প্ৰতি লক্ষ ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R W Carlyle য়ে ১৯০৫ চনৰ ১০ অক্টোবৰৰ দিনা এখন জাননী জাৰী কৰি তেওঁলোকক আন্দোলনত অংশ গ্ৰহণ নকৰিবলৈ সকিয়াই দিছিল ǀ এই জাননীৰ বিৰোদ্ধে বংগত প্ৰবল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল ǀ
১৯০৫ চনৰ ৪ নৱেম্বৰৰ দিনা ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত ‘এন্টি ছাৰ্কুলাৰ ছ’চাইটি’ গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ǀ
বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু আব্দুল ৰচুল প্ৰমুখ্যে নেতাসকলে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল ǀ
সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ সম্পাদিত “The Dawn” কাকত খনত কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক তাৰ পৰা ওলাই জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল ǀ তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰুদাস বন্দোপাধ্যায় ৰ লগত লগ লাদি The Dawn Society নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল ǀ এই Society য়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন(১৯০৪) আৰু কাৰ্লাইল জাননীৰ (১৯০৫)ৰ সৰব বিৰোধিতা কৰি জাতীয় শিক্ষাক নতুন ৰূপত গঢ় দিবলৈ আন্দোলন কৰিছিল ǀ স্বদেশী আন্দোলনৰ সময়ত বিশেষকৈ বংগত কেইবাটাও জাতীয় শিক্ষা অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্ম হৈছিল ǀ সেইবোৰ হৈছে –

  • বংগ জাতীয় বিদ্যালয় (৬ আগষ্ট,১৯০৫ চন) ৰবীন্দ্ৰনাথ ঠাকুৰ
  • জাতীয় বিদ্যালয়,ৰংপুৰ(৮ নৱেম্বৰ,১৯০৫চন)
  • জাতীয় শিক্ষা পৰিষদ (১১ মাৰ্চ, ১৯০৬) অধ্যক্ষ ৰাসবিহাৰী বসু
  • বংগ জাতীয় মহাবিদ্যালয় (১৫ আগষ্ট, ১৯০৬ চন)
  • Bangla Technical Institute ( পিছলৈ যাদৱপুৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়)

জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত ‘বিহাৰ বিদ্যাপীঠ’, মহাৰাষ্ট্ৰত ‘সমৰ্থ বিদ্যালয়’, আৰু গুজৰাটত ‘গুজৰাট বিদ্যালয়’ প্ৰতিষ্ঠা হৈছিল ǀ স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩০০০ খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল ǀ

খ) জাতীয় শিল্পৰ বিকাশ
স্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিবেশৰ সৃষ্টি কৰিছিল ǀইয়াৰ লগতে সেই সময়ত স্বদেশী দ্ৰব্য আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাও স্বদেশী উদ্যোগ প্ৰতিষ্ঠাত উদগণি যোগাইছিল ǀ
সেই উদ্যোগ আছিল বিশেষকৈ সূতা কটা কল,ক্ষুদ্ৰ আৰু মজলীয়া তাত শাল উদ্যোগ,সৰিয়হ, তেল, চাবোন, চেনী,জুইশলা ,বিস্কুট ইত্যাদি ǀ ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী ǀ

স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেতবোৰ উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে-

  1. ১৮৯৭ চনত ৰবীন্দ্ৰ নাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা ‘স্বদেশী ভাণ্ডাৰ’
  2. ১৯০৫ চনত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠা ইণ্ডিয়ান ষ্টোৰচ
  3. ১৯০৩ চনত ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে প্ৰতিষ্ঠা কৰা লক্ষী ভাণ্ডাৰ
  4. ১৯০৬ চনত আব্দুল হালিম গজনবিয়ে প্ৰতিষ্ঠা কৰা ইউনাইটড বেংগল ষ্টোৰচ

বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদিৰ দৰে ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল ǀস্বদেশী আন্দোলনৰ সময়তে নীল ৰতন চৰকাৰৰ উদ্যোগত ( ১ আগষ্ট, ১৯০৬ চনত) বংগলক্ষী কটন মিল,
আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ তত্বাবধানত (২৫ জুলাই ১৯০৬ চনত) বেংগল কেমিকেলছ আৰু জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা (১৯০৭ চনত) গঢ়লৈ উঠিছিল ǀ বংগদেশৰ দৰে ভাৰতৰ অন্যান্য প্ৰান্তটো বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠান জন্ম হৈছিল ǀ ১৯০৫ চনৰ ৭ ডিচেম্বৰত আৰ চি দত্তৰ পৌৰহিত্যত বাৰাণসীত প্ৰথমখন ‘ভাৰতীয় উদ্যোগ সন্মিলন’ অনুষ্ঠিত হৈছিল ǀ এই সন্মিলনত স্বদেশী শিল্পৰ প্ৰচুৰ সম্ভাৱনীয়তা ৰ লগতে দেশীয় শিল্প উদ্যোগসমূহ পুনৰ জীৱিত কৰাৰ কাৰণে ৰাইজ ঐক্যবদ্ধ হৈছিল ǀ

গ) স্বদেশী আন্দোলনত মহিলা সকলৰ সবল ভূমিকা-

  • ভাৰতবৰ্ষৰ স্বদেশী আন্দোলনৰ সময়ছোৱাত মহিলাসকলে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ǀপুৰুষৰ সমানে মহিলা সকলেও বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল ǀ সৰলা দেৱী চৌধাৰীণীয়ে মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ অনুকৰণত পশ্চিমবংগত বীৰ অষ্টমী ব্ৰত , প্ৰজ্ঞাপাদিত্য উৎসৱ আৰু ব্যায়াম সমিতি আদিৰ আয়োজন কৰি যুৱক-যুৱতীসকলক লাঠীখেল, কুস্তি আদিৰ প্ৰশিক্ষণ দিছিল ǀ
  • সৰলা দেৱী চৌধাৰীণীয়ে ‘ভাৰতী’ নামৰ এখন পত্ৰিকা সম্পাদনা কৰি বংগদেশৰ যুৱ শক্তিক আন্দোলনত জপিয়াই পৰিবলৈ আঙাবান জনাইছিল ǀ
  • ভগিনী নিবেদিতাই কলিকতাত ইয়ং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰশীল হবলৈ শিকাইছিল ǀ
  • স্বদেশী আন্দোলনত বংগদেশৰ মহিলাসকলৰ সাহসিকতাৰ কথা লণ্ডনৰ পৰা ওলোৱা “ডেইলি টেলিগ্ৰাফ’’ ত (১৯০৭ চনৰ ১১ অক্টোবৰত )প্ৰকাশ পাইছিল ǀ

৮) স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা ǀ
উত্তৰঃ- স্বদেশী আন্দোলনৰ অৱদান সমূহ হৈছে –

  1. স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হয় ǀ দেশৰ সমূহ জণগণ একগোট হৈ শক্তিশালী ইংৰাজৰ বিৰুদ্ধে থিয় হলে গণ আন্দোলনত যে বিজয় নিশ্চিত , সেই শিক্ষা স্বদেশী আন্দোলনৰ যোগদানৰ জৰিয়তে জানিব পাৰিছিল ǀ
  2. স্বদেশী আন্দোলনৰ যোগেদি ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল ǀ স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰহিত্যত ১৯০৬ চনত কলিকতাত বহা অধিবেশনত পোনপ্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল ǀ
  3. স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল ǀ আগ্নেয়াস্ত্ৰৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিলǀ

চমু টোকা লিখা

1. কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ, 2. মাৰ্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা ), 3. নৱাব ছলিমউল্লা

(১) কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ভাৰতবৰ্ষৰ শিল্প সংস্কৃতি জগতৰ এক উজ্জ্বল নক্ষত্ৰ বুলিব পাৰি ǀ স্বদেশী আন্দোলনৰ সময়ছোৱাত তেখেতে নিজৰ সৃষ্টি ৰাজীৰে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনক এক সুকীয়া মাত্ৰা প্ৰদান কৰি গৈছে ǀ
স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে সেই সময়ত যি ২৩ টা গীত ৰচনা কৰিছিল সেইকেইটাক আজিও ভাৰতীয় সংস্কৃতিৰ সম্পদৰূপে গণ্য কৰা হয় ǀ ‘আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালবাসি’ শীৰ্ষক গীতটি ১৯৭২ চনত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত ৰূপে মান্যতা দিয়া হয় ǀযদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে..ৰ দৰে গীতে দেশবাসীৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল ǀ‘জণ-গণ-মন অধিনায়ক’ শীৰ্ষক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীতৰ স্ৰষ্টা ৰবীন্দ্ৰনাথ ঠাকুৰ ǀকবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী আন্দোলনৰ পটভূমিত ‘ভাই ভাই এক ঠাই’ নামৰ এটা বিখ্যাত প্ৰৱন্ধও ৰচনা কৰিছিল ǀ
স্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিবেশৰ সৃষ্টি কৰিছিল ǀতাৰে পৰিপ্ৰেক্ষিতত ১৮৯৭ চনত ৰবীন্দ্ৰ নাথ ঠাকুৰে ‘স্বদেশী ভাণ্ডাৰ’ নামৰ এটা বস্ত্ৰ প্ৰতিষ্ঠান জন্ম দিছিল ǀ
ৰবীন্দ্ৰ নাথ ঠাকুৰে স্বদেশী আন্দোলনৰ সময়ত ৰাজনৈতিকভাৱেও সক্ৰিয়ভূমিকা পালন কৰিছিল ǀ স্বদেশী শিক্ষাৰ বিকাশৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯০৫ চনৰ ৬ আগষ্টত বংগ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰে ǀ ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতা ৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R W Carlyle য়ে ১৯০৫ চনত এক জাননী জাৰি কৰিছিল যাৰ বিৰুদ্ধে বংগত প্ৰবল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল ǀ ১৯০৫ চনৰ ৪ নৱেম্বৰৰ দিনা ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত ‘এন্টি ছাৰ্কুলাৰ ছ’চাইটি’ গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ǀ
ৰবীন্দ্ৰনাথ ঠাকুৰে, সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ আৰু চাৰুদাস বন্দোপাধ্যায় ৰ লগত লগ লাদি The Dawn Society নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল ǀ

(২) মাৰ্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা )

ভগিনী নিবেদিতা যাৰ অন্য এটা নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবোল ǀ তেওঁ জন্ম হৈছিল ১৮৬৪ চনত আয়াৰলেণ্ডত ǀ স্বদেশী আন্দোলনৰ সময়ত তেওঁ, নাৰী আৰু যুৱক যুৱতীসকলৰ মাজৰত এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ǀ ভগিনী নিবেদিতাই কলিকতাত ইয়ং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰশীল হবলৈ শিকাইছিল ǀ এইগৰাকী মহিয়সী নাৰীয়ে ১৯১১ চনত মৃত্যুবৰণ কৰে ǀ

(৩) নৱাব ছলিমউল্লা

স্বদেশী আন্দোলনৰ সময়ছোৱাত ঢাকাৰ নৱাব আছিল ছলিমউল্লা ǀ লৰ্ড কাৰ্জনে ছলিমউল্লাৰ জৰিয়তে পূৰ্ব বংগৰ জনতাক একগোট কৰি ব্ৰিটিছৰ অধীন কৰিব বিচাৰিছিল ǀ সেই উদ্দেশ্যে ছলিমউল্লাক নগণ্য সুতৰ বিনিময়ত ১৪ লাখ টকাৰ ধাৰো দিয়া হৈছিল ǀ
১৯০৬ চনত ৩০ ডিচেম্বৰ ত নৱাব ছলিমউল্লাৰ আহ্বান ক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান লগলাগি ‘সৰ্বভাৰতীয় মুছলীম লীগ’ গঠন কৰিছিল ǀ ‘মুছলীম লীগ’গ ঠন হোৱাৰ দিনাই ছলিমউল্লাই ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য ঘোষণা কৰি কৈছিল যে মুছলমান ৰাইজৰ মনৰ পৰা ভয়,শংকা আৰু পাৰস্পৰিক বিদ্বেষ ভাৱ আতৰাব লাগিব ǀতেওঁলোকে ব্ৰিটিছ চৰকাৰৰ প্ৰতি থকা আনুগত্য প্ৰসাৰ কৰিব লাগিব আৰু ব্ৰিটিছ চৰকাৰেও মুছলমান ৰাইজৰ অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা সচেতন হব লাগিব ǀ

Download PDF Notes

বংগ বিভাজন আৰু স্বদেশী আন্দোলন প্ৰশ্ন উত্তৰ PDF

Watch Video Class

শেষ বাক্য

সমাজ বিজ্ঞান দশম মান শ্ৰেণীৰ (Class 10 Social Science) ৰ ইতিহাস অংশৰ প্ৰথম অধ্যায় বংগ বিভাজন আৰু স্বদেশী আন্দোলন ওপৰত আলোচনা কৰা হল। ইয়াৰ ওপৰিও যদি আপোনাৰ মনত কিবা প্ৰশ্ন উদয় হয় তেন্তে Comments Section ত জনাব নেপাহৰিব। আমি আপোনাৰ সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা অব্যাহত ৰাখিম।

আপুনি ইচ্ছা কৰিলে আমাৰ হৈয়ে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব। ইয়াৰ বাবে আপুনি Assamese Medium Facebook PageFollow কৰি আমাৰ সৈতে কথা পাতিব পাৰিব।

7 thoughts on “Class 10 Social History Chapter 1 | বংগ বিভাজন আৰু স্বদেশী আন্দোলন”

Leave a Comment