Class 8 Science Chapter 2 Question Answer | অনুজীৱ প্ৰশ্ন উত্তৰ

আপুনি বাৰু অসম চৰকাৰৰ দ্বাৰা পৰিচালিত চৰকাৰী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ দ্বিতীয় অধ্যায় ” অনুজীৱ প্ৰশ্ন উত্তৰ” অৰ্থাৎ Class 8 Science Chapter 2 Question Answer বিচাৰি আছে নেকি?

তেন্তে চিন্তাৰ কোনো কাৰণ নাই, আপুনি এই Assamese Medium নামৰ অসমীয়া শিক্ষামূলক ৱেবচাইটত ষষ্ট শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ পাব।

আজিৰ আলোচনাত আমি Class 8 Science Chapter 2 Question Answer অৰ্থাৎ অনুজীৱ প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে লৈ আহিছোঁ।

Class 8 Science Chapter 2 Question Answer

আপুনি যদি এই Class 8 Science Chapter 2 Question Answer পঢ়ি বুজি পোৱাত অসুবিধা পাইছে তেন্তে তলত দিয়া লিংকত ক্লিক কৰি আপুনি Video Class চাব পাৰে

Watch FREE Video Classes

Class 8 Science Chapter 2 Question Answer | অনুজীৱ প্ৰশ্ন উত্তৰ ২০২৩

ইয়াত আজি আমি, Class 8 Science Chapter 2 Question Answer ত অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, কিছু গুৰুত্বপূৰ্ণ বহল প্ৰশ্ন উত্তৰ লগতে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ আপোনালোকৰ বহুত সহায় হব।

খালী ঠাই পূৰ কৰা

(ক) অণুজীৱবােৰ ___ সহায়ত দেখা পোৱা যায়।
উত্তৰঃ অণুবীক্ষণ যন্ত্ৰৰ

(খ) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পােনপটীয়াকৈ ___গ্ৰহণ কৰি মাটিৰ উর্ব শক্তি বৃদ্ধি কৰে।]
উত্তৰঃ নাইট্রজেন।

(গ) ___ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়।
উত্তৰঃ ইষ্ট

(ঘ) ___ৰ দ্বাৰা কলেৰা হয়।
উত্তৰঃ বেক্টেৰিয়া

শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া

(ক) চেনি/সুৰা/হাইড্রক্লৰিক এছিড/অক্সিজেন প্রস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়।
উত্তৰঃ সুৰা

(খ) ছডিয়াম বাইকার্বনেট/ষ্ট্রেপ্টমাইছি/সুৰা/ইষ্ট এবিধ এন্টিবায়টিক।
উত্তৰঃ ষ্ট্রেপ্টমাইছি

(গ) মাইকী এনফিলিছ মহ/পঁইতাচোৰা/মাখি/পখিলা মেলেৰিয়া ৰােগ সৃষ্টি কৰা প্রট’জৱাৰবাহক।
উত্তৰঃ মাইকী এন ফিলিছ মহ

(ঘ) পৰুৱা/মাখি/জিঞা/মকৰা সংক্রামক ৰােগৰ বাহক।
উত্তৰঃ মাখি

(ঙ) তাপ/গুড়ি কৰাইষ্টকোষৰ বৃদ্ধি/ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লড়া ওফন্দি উঠে।
উত্তৰঃ ইষ্টকোষৰ বৃদ্ধি,

(চ) শৰ্কৰাৰ পৰা সুৰা প্রস্তুত হােৱা প্রক্রিয়াক নাইট্রজেন স্থিৰকৰণ/ সাঁচ কিম্বন/ সংক্রমণ বােলা হয়।
উত্তৰঃ কিম্বন

‘A’ অংশত থকা অণুজীৱবােৰক ‘B’ অংশৰ ক্ৰিয়াৰ লগত মিলােৱা

A অংশB অংশ
(i) বেক্টেৰিয়া(a) নাইট্রজেন স্থিৰকৰণ
(i) ৰাইজ’বিয়াম(b) দৈ প্রস্তুত কৰাত
(iii) লেক্ট’বেছিলাম(c) পাউৰুটিৰ প্ৰস্তুতকৰণত
(iv) ইষ্ট(d) মেলেৰিয়া ৰােগ সৃষ্টিত
(v) প্রট’জ’ৱা(e) কলেৰা ৰােগ সৃষ্টিত।
(vi) ভাইৰাছ।(f) এইডছ ৰােগ সৃষ্টিত(g) এন্টিবডি প্রস্তুত কৰাত

উত্তৰ : (i) বেক্টেৰিয়া ↔(e) কলেৰা বােগ সৃষ্টিত
(ii) ৰাইজ’বিয়াম ↔(a) নাইট্রজেন স্থিৰকৰণ
(iii) লেক্ট’বেছিলাছ – (b) দৈ প্ৰস্তুত কৰাত
(iv) ইষ্ট (c)↔ পাউৰুটিৰ প্ৰস্তুতকৰণত
(v) প্রট’জ’ ↔ (d) মেলেৰিয়া ৰােগ সৃষ্টিত
(vi) ভাইৰাছ ↔ (g) এন্টিবডি প্রস্তুত কৰাত

1: অণুজীৱবােৰ খালী চকুৰে দেখা পােৱা যায়নে? সিহঁতক কেনেকৈ দেখা পাব পাৰি?
উত্তৰ: অণুজীৱবােৰ খালী চকুৰে দেখা পােৱা নাযায়। মাটিত থকা অণুজীৱ পর্যবেক্ষণ কৰিবলৈ অলপ সেমেকা মাটি এটা বিকাৰত লৈ পানী ঢালি মিহলাই ল’ব লাগে। বিকাৰৰ তলিত গেদবােৰ জমা হ’ব। এতিয়া বিকাৰৰ পৰা পানী এটোপাল আনি অণুবীক্ষন যন্ত্ৰৰ সহায়ত চাব পাৰি। পানীত থকা অণুজীৱ চাবৰ কাৰণে পুখুৰীৰ পৰা কেইটোপালমান পানী এখন কাঁচৰ স্লাইড লৈ অণুবীক্ষন যন্ত্ৰৰে পৰ্যবেক্ষণ কৰিব পাৰি। ভেঁকুৰ জাতীয় কিছুমান অণুজীৱক আতচী কাঁচেৰে দেখা পােৱা যায়।

2: অণুজীৱৰ ডাঙৰ ভাগবােৰ কি কি?
উত্তৰঃ বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট’জ’ৱা, শেলাই।

3: মাটিত বায়ুমণ্ডলীয় নাইট্রজেন স্থিৰকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম কোৱা।
উত্তৰঃ বেক্টেৰিয়া (ৰাইজ’বিয়াম), নীল হৰিৎ শেলাই।

4: আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে ১০ শাৰী লিখা।
উত্তৰ: মানুহৰ জীৱনৰ বহুতাে প্রয়ােজনীয় কামত কিছুমান অণুজীৱ ব্যৱহাৰ কৰা হয়।

  • দৈ, পাউৰুটি, কেক আদি প্ৰস্তুতকৰণত ইহঁতক ব্যৱহাৰ কৰা হয়।
  • কিছুমান বেক্টেৰিয়া আৰু নীলা সেউজীয়া শেলাইয়ে বায়ুমণ্ডলৰ নাইট্রজেন স্থিৰকৰণ কৰি মাটিত নাইট্রজেনৰ পৰিমাণ বঢ়াই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।
  • সুৰা, মদ আৰু ভিনেগাৰ আদি ব্যৱসায়িক ভিত্তিত প্রস্তুত কৰাৰ বাবে অণুজীৱ ব্যৱহাৰ কৰা হয়।
  • বিভিন্ন ৰােগ নিবাৰণৰ কাৰণে ব্যৱহাৰ হােৱা এন্টিবায়টিক বেক্টেৰিয়া, ভেঁকুৰ আদি কিছুমান নির্দিষ্ট অণুজীৱ বিকশিত কৰি প্ৰস্তুত কৰা হয়।
  • কলেৰা, যক্ষ্মা, বসন্ত, হেপাটাইটিছ আদি বহুতাে ৰােগ প্রতিষেধক ছিটা দি প্রতিৰােধ। কৰিব পাৰি।
  • কিছুমান বেক্টেৰিয়া আৰু নীলা সেউজীয়া শেলাইয়ে বায়ুমণ্ডলৰ নাইট্রজেন স্থিৰকৰণ কৰি মাটিৰ উৰ্বৰতা বঢ়ায়।
  • অণুজীৱবােৰে মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহত থকা জৈৱিক পদার্থবােৰ পচন ঘটাই সৰল পদার্থলৈ ৰূপান্তৰ কৰে। এই সৰল পদার্থবােৰ উদ্ভিদ বা প্রাণীয়ে পুনঃ ব্যৱহাৰ কৰিব পাৰে।
  • অণুজীৱবােৰক অনিষ্টকাৰী আৰু দুর্গন্ধযুক্ত পদার্থবােৰ পচাবলৈ ব্যৱহাৰ কৰি পৰিবেশ নির্মল কৰিব পাৰি।।

5: অণুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ বিভিন্ন ধৰণে কিছুমান অণুজীৱই আমাৰ অপকাৰ কৰে। মানুহৰ মাৰাত্মক কিছুমান ৰােগ যেনে— যক্ষ্মা, কলেৰা, টায়ফয়েড, নিউমনিয়া আদি ৰােগ বেক্টেৰিয়াই সৃষ্টি কৰে। পলিঅ’, বসন্ত, এনকেফেলাইটিছ আদি ভয়ানক ৰােগ ভাইৰাছৰ দ্বাৰা সৃষ্টি হয়। প্রাণী আৰু উদ্ভিদুৰাে নানা ধৰণৰ ৰােগ সৃষ্টি কৰি অণুজীৱবােৰে আমাৰ অশেষ ক্ষতি কৰে। আমাৰ ব্যৱহাৰ্য্য বস্তু যেনে— কাপােৰ, চামৰা, প্লাষ্টিক আদি প্রায় সকলাে ধৰণৰ বস্তুৰ ওপৰত অণুজীৱই ক্রিয়া কৰি সেইবােৰ নষ্ট কৰে।ইয়াৰ উপৰিও অণুজীৱবােৰে খাদ্যৰ পচন ঘটাই আৰু খাদ্যৰ ওপৰত বিষক্রিয়া সৃষ্টি কৰে।

6: এন্টিবায়টিক কি? এন্টিবায়টিক গ্রহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে?
উত্তৰ: ৰােগ সৃষ্টিকাৰী অণুজীৱক ধ্বংস কৰিবলৈ কিছুমান নির্দিষ্ট অণুজীৱ বিকশিত কৰি প্রস্তুত কৰা ঔষধবােৰক এন্টিবায়টিক বােলে। পেনিছিলিন, ষ্ট্ৰেপটমাইছিন অণুজীৱৰ পৰা প্রস্তুত কৰা কিছুমান এন্টিবায়টিক দৰৱ।

অৰ্হতা সম্পন্ন ডাক্তৰৰ পৰামৰ্শ লৈ এই দৰৱ গ্ৰহণ কৰিব লাগে। ডাক্তৰে দিয়া নিদান অনুসৰি দৰৱৰ ক’ৰ্ছ শেষ কৰিব লাগে। অপ্রয়ােজনীয়ভাৱে এন্টিবায়টিক গ্রহণ কৰা উচিত নহয় কাৰণ শৰীৰত থকা উপকাৰী অণুজীৱৰ মৃত্যু হ’ব পাৰে।

অতিৰিক্ত প্ৰশ্ন উত্তৰ

প্রশ্ন: অণুজীৱ কি ? মাটিত থকা অণুজীৱবােৰ কেনেকৈ দেখা পাব পাৰি?
উত্তৰ; বৰফাবৃত পৰিৱেশৰ পৰা গৰম পানীৰ উইলৈ আৰু মৰুভূমিৰ পৰা আর্দ্রভূমিলৈ সকলে পৰিৱেশতে তিষ্ঠি থাকিব পৰা, সাধাৰণ চকুৰে মনিব নােৱাৰা যিবিলাক ক্ষুদ্র ক্ষুদ্র জীৱক অণুবীক্ষণ যন্ত্রৰ দ্বাৰাহে দেখা পােৱা যায় সেইবােৰ জীৱক অণুজীৱ বুলি কোৱা হয়। মাটিত থকা অণুজীৱ দেখা পাবলৈ প্রথমে অলপ পথাৰৰ সেমেকা মাটি এটা বিকাৰত পানী লৈ মিহলাই ল’ব লাগে। কিছু সময়ৰ পিছত বিকাৰৰ এটোপাল পানী শ্লাইড এখনত ৰাখি অণুবীক্ষণ যন্ত্রৰ দ্বাৰা চালে মাটিত থকা অণুজীৱবােৰ দেখা পাব পাৰি।।

প্রশ্ন: সংক্রামক ৰােগ কাক বােলে? এই ৰােগ বিয়পােৱাত কেনেকৈ বাধা দিব পাৰি?
উত্তৰঃ অণুজীৱৰ পৰা হােৱা যিবিলাক বােগ বায়ু, পানী, আহাৰ বাইজন-সিজনৰ সংস্পৰ্শৰ দ্বাৰা ৰুগীয়া লােকৰ পৰা সুস্থ লােকলৈ বিয়পে সেইবােৰক সংক্রামক ৰােগ বােলে। এই ৰােগ বিয়পােৱাত বাধা দিবলৈ তলৰ ব্যৱস্থাবােৰ গ্ৰহণ কৰিব পাৰি—

  1. ৰােগীক আচুতীয়াকৈ ৰাখিব লাগে।
  2. ৰােগীৰ বস্তু বাহানি আন মানুহৰ বস্তু বাহানিৰ পৰা আঁতৰাই থব লাগে।
  3. পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰিব লাগে।
  4. ভাল অনাময় অভ্যাস গঢ়িব লাগে।
  5. পানী উতলাই খাব লাগে।
  6. উপযুক্ত সময়ত প্রতিষেধক ছিটা দিব লাগে।

প্রশ্ন: ভাইৰাছ কি? ভাইৰাছৰ দ্বাৰা হােৱা কেইবিধমান ৰােগৰ নাম উল্লেখ কৰা।
উত্তৰ: ভাইৰাছবােৰ অণুবীক্ষণ যন্ত্রৰ সহায়ত দেখা পােৱা কিছুমান অণুজীৱ। ইহঁত কেৱল পােষক জীৱ অর্থাৎ বেক্টেৰিয়া, উদ্ভিদ বা প্রাণীবােৰৰ ভিতৰতহে বংশ বৃদ্ধি কৰিব পাৰে। চর্দি, জ্বৰ, কাহ, পলিঅ’ আদি ভাইৰাছৰ দ্বাৰা হােৱা ৰােগ।

প্রশ্ন : খাদ্য সংৰক্ষণৰ প্রয়ােজন কি?
উত্তৰঃ অণুজীৱবােৰে আমাৰ খাদ্যত কেতিয়াবা বিষাক্ত পদার্থ উৎপন্ন কৰে। সেমেকা অৱস্থাত কিছুমান অণুজীৱ খাদ্যত জন্মে আৰু খাদ্য বিষক্রিয়া ঘটায়। সেইকাৰণে খাদ্য সামগ্রী নষ্ট ননাহােৱাকৈ সংৰক্ষণ কৰাটো অতি প্রয়ােজন।

প্রশ্ন: খাদ্য সংৰক্ষণৰ তাপ আৰু শীতলীকৰণ পদ্ধতি বর্ণনা-কৰা।
উত্তৰঃ তাপ আৰু শীতলীকৰণ পদ্ধতিৰে খাদ্য সংৰক্ষণ কৰিব পাৰি। তাপ দি উতলালে বহুতাে অণুজীৱ ধ্বংস হ’ব। কম উষ্ণতাত অণুজীৱৰ বৃদ্ধি হ’ব নােৱাৰে। পাষ্টয়ৰী কৰা গাখীৰ উতলাই নােলােৱাকৈও খাব পাৰি। এনে গাখীৰ ১৫ ৰ পৰা ৩০ ছেকেণ্ডলৈ ৭০ ডিগ্ৰী ছেলছিয়াছলৈ উতলাই হঠাতে বৰফ ঠাণ্ডা কৰি জমা কৰা হয়। পেকেটৰ গাখীৰ সেইকাৰণে বেয়া হৈ নাযায়।

প্রশ্ন: প্ৰট’জ’ কি? ইহঁতৰ দ্বাৰা হােৱা দুবিধ ৰােগ উল্লেখ কৰা।
উত্তৰ: এটা কোষেৰে গঠিত চকুৰে মনিব নােৱাৰা অণুবীক্ষণ যন্ত্রৰ সহায়ত দেখা পােৱা কিছুমান অণুজীৱ। মেলেৰিয়া, গ্রহণী প্রট জ’ৱাৰ দ্বাৰা সৃষ্টি হােৱা গুৰুতৰ ৰােগ।

প্রশ্ন: প্রতিষেধক ছিটা কি? এই ছিটা দি প্ৰতিৰােধ কৰিব পৰা কেইটামান ৰােগ উল্লেখ কৰা।
উত্তৰঃ সুস্থ মানুহৰ শৰীৰত ৰােগৰ বীজাণু প্রৱেশ কৰিলে এন্টিবডি সৃষ্টি কৰি সেই ৰােগ প্ৰতিৰােধ কৰিবলৈ যি দৰব ব্যৱহাৰ কৰা হয় তাক প্রতিষেধক ছিটা বােলে।

প্ৰত্যুত্তৰ দিয়ক