Class 8 Science Chapter 3 Question Answer in Assamese

আপুনি বাৰু অসম চৰকাৰৰ দ্বাৰা পৰিচালিত চৰকাৰী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ তৃতীয় অধ্যায় “সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক প্ৰশ্ন উত্তৰ” অৰ্থাৎ Class 8 Science Chapter 3 Question Answer in Assamese বিচাৰি আছে নেকি?

তেন্তে চিন্তাৰ কোনো কাৰণ নাই, আপুনি এই Assamese Medium নামৰ অসমীয়া শিক্ষামূলক ৱেবচাইটত ষষ্ট শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ পাব।

আজিৰ আলোচনাত আমি Class 8 Science Chapter 3 Question Answer in Assamese অৰ্থাৎ সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে লৈ আহিছোঁ।

Watch FREE Video Classes

আপুনি যদি এই Class 8 Science Chapter 3 Question Answer in Assamese পঢ়ি বুজি পোৱাত অসুবিধা পাইছে তেন্তে ওপৰত দিয়া লিংকত ক্লিক কৰি আপুনি Video Class চাব পাৰে

Class 8 Science Chapter 3 Question Answer in Assamese

Class 8 Science Chapter 3 Question Answer in Assamese | সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক প্ৰশ্ন উত্তৰ ২০২৩

ইয়াত আজি আমি, Class 8 Science Chapter 3 Question Answer in Assamese ত অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, কিছু গুৰুত্বপূৰ্ণ বহল প্ৰশ্ন উত্তৰ লগতে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ আপোনালোকৰ বহুত সহায় হব।

পাঠ্যভিত্তিক প্ৰশ্ন উত্তৰ

১) কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কিয় ? ব্যাখ্যা কৰা ।
উত্তৰ:- কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কাৰণ সেই বোৰ আহ মানুহে পেট্ৰ’লিয়াম জাত দ্ৰব্যৰ পৰা যন্ত্ৰৰ সহায়ত সংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত উৎপাদন কৰা হয় । যেনে – পলিয়েষ্টাৰ, নাইলন আদি কিছুমান সাংশ্লেষিক আহ ।

২) শুদ্ধ উত্তৰত ✓ চিন দিয়া ।
সাংশ্লেষিক আঁহ সমূহৰ পৰা ৰেয়ন বেলেগ, কিয়নো –
ক) ইয়াৰ এটা ৰেচম – সদৃশ ৰূপ আছে ।
খ) ইয়াক কাঠৰ – মণ্ডৰ পৰা পোৱা যায় ।
গ) প্ৰাকৃতিক আঁহবোৰৰ দৰে ইয়াৰ আহবোৰ বব পাৰি ।
উত্তৰ:- খ) ইয়াক কাঠৰ – মণ্ডৰ পৰা পোৱা যায় ।

৩) উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা ।

ক) সাংশ্লেষিক আঁহবোৰক …………………… বা …………………… বুলিও কোৱা হয় ।
উত্তৰ:- কৃত্ৰিম, মানৱ সৃষ্ট ।

খ) সাংশ্লেষিক আঁহবোৰক …………………….. নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয় ।
উত্তৰ:- পেট্ৰ’লিয়াম ।

গ) সাংশ্লেষিক আঁহবোৰৰ দৰে প্লাষ্টিকো এবিধ ……………………….. ।
উত্তৰ:- কৃত্ৰিম উৎস ।

৪) নাইলনৰ আঁহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া ।
উত্তৰ:- পেৰাচুট আৰু পৰ্বতাৰোহীয়ে ব্যৱহাৰ কৰা ৰচী বোৰ নাইলনৰ আঁহেৰে তৈয়াৰী। ইয়াৰ পৰা বুজা যায় যে নাইলনৰ আঁহবোৰ বৰ শক্তিশালী ।

৫) খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পছন্দ কৰা হয় কিয় ?
উত্তৰ:- খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পছন্দ কৰা হয় কাৰণ –

  • প্লাষ্টিকে খাদ্য দ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে ।
  • প্লাষ্টিকত মামৰে নধৰে ।
  • প্লাষ্টিকৰ পাত্ৰ বোৰ পাতল আৰু টান থাকে ।
  • প্লাষ্টিকৰ পাত্ৰ বোৰ বেছি দিন টিকে ।

৬) তাপনমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য ব্যাখ্যা কৰা ।
উত্তৰ:- তাপনমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্যবোৰ হল –

  • তাপনমনীয় প্লাষ্টিক তাপ দি লেহুকা কৰিব পাৰি আনহাতে তাপদৃঢ় প্লাষ্টিক তাপ দিলেও সহজে লেহুকা নহয়।
  • তাপনমনীয় প্লাষ্টিক বোৰ তাপৰ সুপৰিবাহী আনহাতে তাপদৃঢ় প্লাষ্টিক বোৰ তাপৰ কুপৰিবাহী।
  • তাপনমনীয় প্লাষ্টিক বোৰ খেলনা, ফণী নানা ধৰণৰ পাত্ৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় আনহাতে তাপদৃঢ় প্লাষ্টিক বোৰ টিভি ছেট, বাচন – বর্তনৰ হেণ্ডেল, যান – বাহন আদিত ব্যৱহাৰ কৰা হয় ।

৭) তলত দিয়া বোৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ব্যাখ্যা কৰা ।
ক) ছছপেনৰ নাল, খ) বিদ্যুতৰ প্লাগ/ ছুইচ/ প্লাগ ব‘ৰ্ড ।

উত্তৰ (ক):- তাপদৃঢ় প্লাষ্টিক অতি টান । সাধাৰণ তাপে ইয়াক গলাব নোৱাৰে । ই তাপৰ কুপৰিবহী বাবে হাতেৰে ধৰিব পাৰি । সেয়েহে তাপদৃঢ় প্লাষ্টিক ছছপেনৰ নাল বনোৱাত ব্যৱহাৰ কৰা হয় ।

খ) বিদ্যুতৰ প্লাগ/ ছুইচ/ প্লাগ ব‘ৰ্ড ।
উত্তৰ (খ):- তাপদৃঢ় প্লাষ্টিক বিদ্যুতৰ কুপৰিবহী । গতিকে ইয়াৰ মাজেৰে বিদ্যুৎ চালিত নহয় । এনে সুবিধা থকাৰ বাবে বিদ্যুতৰ প্লাগ/ ছুইচ/ প্লাগ ব’ৰ্ডত তাপদৃঢ় প্লাষ্টিক ব্যৱহাৰ কৰা হয় ।

৮) তলত দিয়া সামগ্ৰী সমূহৰ পদাৰ্থ বোৰক “পুনৰাবৰ্তন কৰিব পৰা” আৰু “পুনৰাবৰ্তন কৰিব নোৱাৰা” হিচাপে শ্ৰেণীভূক্ত কৰা –ক) টেলিফোনৰ সা – সৰঞ্জাম । খ) প্লাষ্টিকৰ খেলনা । গ) কুকাৰৰ নাল । ঘ) কেৰি – বেগ । ঙ) বল – পইন্ট পেন । চ) প্লাষ্টিকৰ বাটি । ছ) বৈদ্যুতিক তাঁৰৰ প্লাষ্টিক আৱৰণ । জ) প্লাষ্টিক চকী । ঝ) বৈদ্যুতিক ছুইচ ।
উত্তৰ:-

পুনৰাবৰ্তন কৰিব পৰা সামগ্ৰী হল –পুনৰাবৰ্তন কৰিব নোৱাৰা সামগ্ৰী হল –
ক) প্লাষ্টিকৰ খেলনা ।
খ) কেৰি – বেগ ।
গ) প্লাষ্টিকৰ বাটি ।
ঘ) বৈদ্যুতিক তাঁৰৰ প্লাষ্টিক আৱৰণ ।
ঙ) প্লাষ্টিক চকী ।
ক) টেলিফোনৰ সা – সৰঞ্জাম ।
খ) কুকাৰৰ নাল ।
গ) বল – পইন্ট পেন ।
ঘ) বৈদ্যুতিক ছুইচ ।

৯)ৰাণাই গ্ৰীষ্ম কালৰ বাবে ছাৰ্ট কিনিব খুজিছে । তেওঁ কপাহী ছাৰ্ট নে সাংশ্লেষিক আঁহেৰে তৈয়াৰী ছাৰ্ট কিনাটো উচিত হব ? কাৰণ দৰ্শাই ৰানাক উপদেশ দিয়া ।
উত্তৰ:- ৰাণাই গ্ৰীষ্ম কালৰ বাবে ছাৰ্ট কিনিব খুজিছে । তেওঁ কপাহী ছাৰ্ট কিনাটো উচিত হব ।

কাৰণ কপাহী ছাৰ্ট গ্ৰীষ্ম কালত শৰীৰৰ পৰা নিৰ্গত ঘাম শোষণ কৰে । ঘাম শোষণৰ বাবে শৰীৰৰ উষ্ণতাও ঘামৰ লগত শোষিত হয় । গতিকে শৰীৰ শীতল থাকে । কিন্তু সাংশ্লেষিক পদাৰ্থৰ ছাৰ্ট ঘাম শোষণ কৰিব নোৱাৰে । গতিকে শৰীৰ শীতল নহয় আৰু পিন্ধি অসুবিধা অনুভৱ হয় । গতিকে ৰানাক কপাহী ছাৰ্ট কিনাৰ পৰামৰ্শ দিয়া উচিত ।

১০) প্ৰকৃতিগত ভাৱে প্লাষ্টিক সমূহ যে অ – ক্ষয়কাৰী তাক দেখুৱাবলৈ উদাহৰণ দিয়া ।
উত্তৰ:- প্ৰকৃতিগত ভাৱে প্লাষ্টিক সমূহ যে অ – ক্ষয়কাৰী । কাৰণ ইয়াত যিকোনো বস্তু থব পাৰি । মামৰ নধৰে আৰু খাদ্য দ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে । মামৰে নধৰে বাবে ই ক্ষয় নাযায় । ইয়াৰ পৃষ্ঠ মিহি বাবে ক্ষয় কম হয় ।

১১) টুথ ব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নে ? ব্যাখ্যা কৰা।
উত্তৰ:- টুথ ব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নহয় । নোমবোৰ নালতকৈ বেছি কোমল প্লাষ্টিকেৰে তৈয়াৰী হব লাগে ।

১২) ” পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা ” – এই পৰামৰ্শৰ ওপৰত মতামত দিয়া ।
উত্তৰ:- পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে । কাৰণ প্লাষ্টিক পচি নাযায় আৰু পুৰিলে পৰিবেশ প্ৰদূষিত গেছ নিৰ্গত হয় । ফলত পানী, মাটি আৰু বায়ুক সমানে প্ৰদূষিত কৰে । সেয়ে পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে ।

১৩) “A” স্তম্ভত দিয়া শব্দবোৰক “B” স্তম্ভত দিয়া খণ্ড – বাক্যৰ লগত শুদ্ধকৈ মিলোৱা –

“A” স্তম্ভ“B” স্তম্ভ
(ক) পলিয়েষ্টাৰ(ক) কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় ।
(খ) টেফলন(খ) পেৰাচুট আৰু মোজা বনাবলৈ ব্যৱহাৰ কৰা হয় ।
(গ) ৰেয়ন(গ) কৰাল নলগা/ লাগি নধৰা ৰন্ধন সা –
সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা হয় ।
(ঘ) নাইলন(ঘ) সহজে শোটোৰা নপৰা কাপোৰ ।

উত্তৰ:-

“A” স্তম্ভ“B” স্তম্ভ
(ক) পলিয়েষ্টাৰসহজে শোটোৰা নপৰা কাপোৰ ।
(খ) টেফলনকৰাল নলগা/ লাগি নধৰা ৰন্ধন সা –
সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা হয় ।
(গ) ৰেয়নকাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় ।
(ঘ) নাইলনপেৰাচুট আৰু মোজা বনাবলৈ ব্যৱহাৰ কৰা হয় ।

১৪) ” সাংশ্লেষিক আঁহসমূহৰ উৎপাদনে আচলতে বন সংৰক্ষণত সহায় কৰি আছে ” – মতামত দিয়া ।
উত্তৰ:- যদি সাংশ্লেষিক আঁহ উৎপন্ন নহয় তেন্তে আমাৰ দৈনন্দিন জীৱন যাপনত ব্যৱহাৰ কৰা সামগ্ৰী সমূহ বনজাত উদ্ভিদৰ পৰা তৈয়াৰ কৰিব লগা হ’লহেতেন । ফলত সামগ্ৰী উৎপাদন কৰিবলৈ হাবি – বনৰ উদ্ভিদ কাটি তহিলং কৰিব লগা হল হেঁতেন ।

কিন্তু সাংশ্লেষিক আঁহ উৎপাদনৰ পাছত এইবোৰৰ দ্বাৰা সামগ্ৰী তৈয়াৰ হোৱাৰ বাবে বনৰ উদ্ভিদ বোৰ বাছি গৈছে। গতিকে সাংশ্লেষিক আঁহসমূহৰ উৎপাদনে বন সংৰক্ষণত সহায় কৰি আছে ।

১৫) তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবহী সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা।
উত্তৰ:- তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবহী । যদি আমি এডাল প্লাষ্টিকৰ তাঁৰেৰে বিদ্যুৎ বৰ্ত্তনী এটা তৈয়াৰ কৰো, তেন্তে তাৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত নহয় । ইয়াৰ পৰাই তাপ নমনীয় প্লাষ্টিক বিদ্যুতৰ কুপৰিবহী বুলি প্ৰমাণ পোৱা যায় ।

অতিৰিক্ত প্ৰশ্ন উত্তৰ

1ঃ আঁহবােৰৰ প্ৰকাৰ কি কি? প্রত্যেকৰে উদাহৰণ দিয়া।
উত্তৰঃ আহবােৰৰ প্ৰকাৰ দুটা
(i) প্রাকৃতিক আঁহ। উদাহৰণ-পাট, মুগা, মৰাপাট, তচৰ আদি।
(ii) কৃত্রিম বা সাংশ্লেষিক আহ। উদাহৰণ-নাইলন, টেৰিলিন আদি।

2ঃ পলিমাৰ বা বহুযােগী কাক কয়? এটা উদাহৰণ দিয়া।
উত্তৰঃ জৈৱ যৌগৰ অসংখ্য সৰু সৰু অণু লগ লাগি যি ডাঙৰ যৌগ উৎপন্ন হয় তাকে পলিমাৰ বা বহুযযাগী বােলে। Poly মানে বহুত mer মানে অংশ উদাহৰণস্বৰূপে পলিথিন এটা পলিমাৰ।

3: এটা প্রাকৃতিক পলিমাৰৰ উদাহৰণ দিয়া।
উত্তৰঃ কপাহ প্রাকৃতিক পলিমাৰৰ উদাহৰণ।

4: ৰেয়ন বা কৃত্রিম পাট কাক বােলে?
উত্তৰঃ কাঠৰ মণ্ডৰ পৰা ৰায়ায়নিক প্রক্রিয়াৰে তৈয়াৰ কৰা আহক ৰেয়ন বা কৃত্রিম পাট বােলে।

5ঃ নাইলন কেনেকৈ তৈয়াৰ কৰা হৈছিল?
উত্তৰঃ নাইলন কয়লা, পানী আৰু বায়ুৰ পৰা তৈয়াৰ কৰা হৈছিল। ই মানৱসৃষ্টি কৃত্রিম আঁহ। নাইলন প্রথম সাংশ্লেষিক আঁহ।

6ঃ পলিয়েষ্টাৰ কি? টেৰিলিন কি?
উত্তৰ পলিয়েষ্টাৰ হ’ল এবিধ সাংশ্লেষিক আঁহ। ই পেট্ৰ’লিয়ামজাত। টেৰিলিন এবিধ জনপ্রিয় পলিয়েষ্টাৰ।

7ঃ দুবিধ থার্ম প্লাষ্টিকৰ নাম লিখা।
উত্তৰঃ PVC আৰু পলিথিন দুবিধ থার্মপ্লাষ্টিক।

৪ঃ জৈৱ পচনশীল আৰু জৈৱ অপচনশীল বস্তু মানে কি বুজা? উদাহৰণ দিয়া।
উত্তৰঃ যিবােৰ পদার্থ বেক্টেৰিয়াৰ ক্ৰিয়াৰ দ্বাৰা গেলি পচি মাটিৰ লগত মিহলি হয়, সেইবােৰক জৈৱ পচনশীল বস্তু বােলে। উদাহৰণ-কাঠ, প্রাণীদেহ আদি।
যিবােৰ পদার্থ মাটিত বা পানীত বহু বছৰ ধৰি থাকিলেও পচি নাযায় তাক জৈৱ অপচনশীল বস্তু বােলে। উদাহৰণ— প্লাষ্টিক, কাচ আদি।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment