ADVERTISEMENT

শস্য উৎপাদন আৰু ব্যৱস্থাপনা | Class 8 Science Chapter 1 Question Answer

আপুনি যদি অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছে আৰু আজি ইয়াত (Class 8 Science Chapter 1 Question Answer) শস্য উৎপাদন আৰু ব্যৱস্থাপনা নামৰ অধায়ৰ প্ৰশ্ন উত্তৰ বিছাৰি আহিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই।

Watch FREE Video Classes

Class 8 Science Chapter 1 Question Answer
ADVERTISEMENT

আমি Assamese Medium নামৰ ৱেবচাইটৰ জৰিয়তে আপোনালোকৰ বাবে আজি লৈ আহিছোঁ Class 8 Science Chapter 1 Question Answer in Assamese, যত আলোচনা কৰিব গৈ আছে সম্পূৰ্ণ পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ।

Class 8 Science Chapter 1 Question Answer in Assamese

১) তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা:- ওপঙি, পানী, শস্য, পোষক দ্ৰব্য, চোহোৱা

ক) একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ………. বুলি কোৱা হয় ।
উত্তৰ:- শস্য ।

খ) শস্য সিঁচাৰ আগতে মাটি ডৰা …………… হয় ।
উত্তৰ:- চহোৱা ।

ADVERTISEMENT
ADVERTISEMENT

(গ) নষ্ট হোৱা বীজবোৰ পানীত …………… থাকে ।
উত্তৰ:- ওপঙি ।

(ঘ) শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা …………. আৰু ……….. প্ৰয়োজন হয় ।
উত্তৰ:- পোষক দ্ৰব্য আৰু পানী ।

২) ‘ ক ‘ স্তম্ভৰ লগত ‘ খ ‘ স্তম্ভ মিলোৱা ।

ক ‘ স্তম্ভখ ‘ স্তম্ভ
(ক) খাৰিফ শস্য(ক) ঘেঁহু, বুট, মটৰ মাহ।
(খ) ৰবি শস্য(খ) ইউৰিয়া আৰু ছুপাৰ ফছফেট।
(গ) ৰাসায়নিক সাৰ(গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ গো – মূত্ৰ আৰু উদ্ভিদৰ অবশিষ্ট দ্ৰব্য।
(ঘ) জৈৱিক সাৰ(ঘ) ধান আৰু যৱ ।

উত্তৰ:-

ক ‘ স্তম্ভখ ‘ স্তম্ভ
(ক) খাৰিফ শস্য(ক) (ঘ) ধান আৰু যৱ ।
(খ) ৰবি শস্য(খ) ঘেঁহু, বুট, মটৰ মাহ।
(গ) ৰাসায়নিক সাৰ(গ) ইউৰিয়া আৰু ছুপাৰ ফছফেট।
(ঘ) জৈৱিক সাৰ(ঘ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ গো – মূত্ৰ আৰু উদ্ভিদৰ অবশিষ্ট দ্ৰব্য।

ক) খাৰিফ শস্য ।
উত্তৰ:- মাকৈ আৰু ছয়াবিন ।

খ) ৰবি শস্য ।
উত্তৰ:- সৰিয়হ আৰু তিচি ।

৪) তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা ।

ক) মাটি চহোৱা ।
উত্তৰ:- মাটি চহোৱা শস্য উৎপাদনৰ প্ৰথম কাম । কৃষি কাৰ্যত প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হল মাটি ডৰা চহোৱা । চহোৱা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে । গছৰ শিপাই চহোৱা মাটিত তললৈ গলেও অতি সহজে উশাহ লব পাৰে । চহোৱা মাটিয়ে কেঁচু আৰু মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধিত সহায় কৰে ।

মাটি চহ কৰা বা ঢিলা কৰা পদ্ধতিটোকে মাটি চহোৱা বোলে । নাঙলৰ দ্বাৰা এই কাম কৰা হয় । নাঙল সাধাৰণতে কাঠ আৰু লোৰ সহায়ত সজা হয় । ইয়াক এহাল বলধ বা ম’হৰ দ্বাৰা টনোৱা হয়। এহাল বলধৰ সহায়ত এখন মানুহে সহজে মাটি চহোৱা কাম কৰিব পাৰে ।

খ) বীজ সিঁচা ।
উত্তৰ:- শস্য উৎপাদনৰ প্ৰধান কাম হল বীজ সিঁচা । প্ৰয়োজনীয় সাৰ, পানী দি মাটি ডৰা ভালদৰে চহোৱাৰ পিছত উন্নত জাতৰ বীজ নিৰ্বাচন কৰা হয় । বীজবোৰ এক নিৰ্দিষ্ট দূৰত্ব আৰু গভীৰতাত ৰোপন কৰিব লাগে যাতে শস্যবোৰ বেছিকৈ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পোষক দ্ৰব্য আৰু পানী পাব পাৰে ।

চুপি আকৃতিৰ পাইপ সংলগ্ন পৰম্পৰাগত সঁজুলিৰ ব্যৱহাৰ কৰি বীজ সিঁচিব পাৰি । আজিকালি ট্ৰেক্টৰৰ সহায়ত বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিচিব পাৰি । সমভাৱে সমান দূৰত্ব আৰু গভীৰতাত, এই সজুলিয়ে বীজবোৰ সিঁচে । বীজ সিঁচাৰ পাছত বীজবোৰ মাটিৰে ঢাক খাইছে নে নাই তাক যন্ত্ৰটোৱে নিজে নিশ্চিত কৰে ।

ফলত বীজবোৰ চৰাইৰ পৰা ৰক্ষা পৰে । বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচিলে খেতিয়কৰ শাৰীৰিক শ্ৰম কমে আৰু সময়ো ৰাহি হয় ।

গ) বনবাত নিৰোৱা ।
উত্তৰ:- খেতি পথাৰত শস্যৰ বাহিৰে গজি উঠা অনাবশ্যকীয় উদ্ভিদ সমূহ আঁতৰোৱাকে বনৱাত নিৰোৱা বোলে । শস্যৰ বৃদ্ধিৰ কাৰণে বণবাত নিৰোৱা প্ৰয়োজনীয় কাম । বীজ সিঁচাৰ আগতে অপতৃণ বোৰ উভালি পেলাব পাৰি । সাধাৰণতে ফুল আৰু গুটি ধৰাৰ আগতেই অপতৃণ নিৰোৱাৰ ব্যৱস্থা লব লাগে । খন্তি, কোৰ আদি ব্যৱহাৰ কৰি বনবাত নিৰোৱা কাম কৰিব পাৰি ।

ঘ) মৰণা মৰা ।
উত্তৰ:- পৈণত শস্য চপোৱাৰ পাছত চপোৱা শস্যৰ বীজবোৰ শীহ আৰু গা – গছৰ পৰা পৃথক কৰা ব্যৱস্থাক মৰণা মৰা বোলে । খেতিয়ক সকলে চোতালত চপোৱা শস্য গৰুৱে পিটন দি বীজবোৰ পৃথক কৰি লয় । আজিকালি বা দিয়া যন্ত্ৰৰ সহায়ত শীহ, পতানৰ পৰা বীজ পৃথক কৰিব পাৰি । কমবাইন মেচিনৰ দ্বাৰা শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম কৰা হয় ।

৫) জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি ? বৰ্ণনা কৰা ।
উত্তৰ:- জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদবোৰ হল –

  1. ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ আনহাতে জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য ।
  2. ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয় আনহাতে জৈৱিক সাৰ পথাৰত প্ৰস্তুত কৰিব পাৰি।
  3. ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে আনহাতে জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে ।
  4. ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে আনহাতে জৈৱিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব নোৱাৰে ।

৬) জলসিঞ্চন কি ? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা ।
উত্তৰ:- শস্যৰ বিকাশৰ কাৰণে মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ বিভিন্ন সময়ত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে । পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হল –

  • পানী ছটিওৱা ব্যৱস্থা :- পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ব্যৱস্থা উপযোগী । পানী অহা মূল নলী এডালত এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমুৰত ঘূৰ্ণন শীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা হয় । পাম্পৰ চাপ যুক্ত পানী মূল নলীয়েদি প্ৰবাহিত হলে ঘূৰ্ণন শীল বিন্ধৰে পানী জোৰেৰে ওলাই যায় আৰু বৰষুণৰ পানীৰ দৰেই শস্যৰ ওপৰত পানীৰ ছিটিকনি পৰে ।
  • পানী নিগৰোৱা ব্যৱস্থা :- এই ব্যৱস্থাত পানী নিগৰাই টোপ টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয় । সেয়ে এই ব্যৱস্থাক পানী নিগৰোৱা ব্যৱস্থা বোলে । উদ্ভিদৰ শিপাৰ অৱস্থানত পানী নিগৰাই পেলোৱা ব্যৱস্থাৰে জলসিঞ্চন কৰি পানী সংৰক্ষণ কৰিব পাৰি । ফলৰ গছ, বাগিছা আৰু ডাঙৰ গছত পানী যোগানৰ ই এক উত্তম ব্যৱস্থা । পানীৰ অভাৱ থকা শুকান ঠাইৰ কাৰণে এই ব্যৱস্থা আশীৰ্বাদ স্বৰূপ ।

৭) বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয়, তেতিয়া কি হব ? আলোচনা কৰা ।
উত্তৰ:- ঘেঁহু শস্যৰ বিকাশ শীত কালতহে সম্ভৱ ।বৰ্ষা ঋতুত এই শস্য কৰিলে উপযুক্ত বৃদ্ধি লাভ নহব । কাৰণ বৰ্ষা ঋতুত মাটিৰ আৰ্দ্ৰতা আৰু উষ্ণ প্ৰবাহ অধিক হয় । আৰ্দ্ৰতা, উষ্ণতা আদিবোৰে উদ্ভিদৰ বৃদ্ধিত প্ৰভাৱ পেলায় ।

৮) একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটি ডৰাত কেনে প্ৰভাৱ পৰে, বৰ্ণনা কৰা ।
উত্তৰ:- একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটি ডৰাত পোষক দ্ৰব্যৰ পৰিমাণ কমি যাব । পোষক দ্ৰব্য বোৰে শস্যৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজন । পোষক দ্ৰব্যৰ পৰিমাণ কমি গলে শস্যৰ বৃদ্ধি ভাল নহব ।

৯) অপতৃন কি ? সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ?
উত্তৰ:- খেতি পথাৰত শস্যৰ বাহিৰেও স্বাভাৱিক ভাৱে যিবিলাক অপ্ৰয়োজনীয় উদ্ভিদ গজে সেইবোৰক অপতৃন বোলে ।
অপতৃনবোৰ মাটি চহোৱাৰ সময়ত উভালি পেলোৱা হয় । সময়ে সময়ে খন্তী বা কোৰ আদি ব্যৱহাৰ কৰি অপতৃন নিৰোৱাৰ ব্যৱস্থা কৰিব পাৰি । অপতৃননাশক দ্ৰব্য আদি পথাৰত ছটিয়াই অপতৃন নিয়ন্ত্ৰণ কৰা হয় ।

১০) তলত দিয়া বাকচ সমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায় । ক) চেনিৰ কাৰখানালৈ শস্য পঠোৱা । খ) জলসিঞ্চন । গ) খেতি চপোৱা । ঘ) বীজ সিঁচা/ ৰোৱা । ঙ) মাটি চহোৱা । চ) পথাৰত হাল বোৱা ছ) সাৰ প্ৰয়োগ ।
উত্তৰ:- ক) পথাৰত হাল বোৱা ।
খ) মাটি চহোৱা ।
গ) বীজ সিঁচা/ ৰোৱা ।
ঘ) সাৰ প্ৰয়োগ ।
ঙ) জলসিঞ্চন ।
চ) খেতি চপোৱা ।
ছ) চেনিৰ কাৰখানালৈ শস্য পঠোৱা ।

১১) তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখল সমূহ সম্পূৰ্ণ কৰা ।

ক) গুটি ।
উত্তৰ:- বীজ ।

খ) মাহ জাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া ।
উত্তৰ:- ৰাইজোবিয়াম ।

গ) পথাৰত পানী যোগান ধৰা ব্যৱস্থা ।
উত্তৰ:- জলসিঞ্চন ।

ঘ) শীত কালত খেতি কৰা শস্য ।
উত্তৰ:- ৰবি শস্য ।

ঙ) এবিধ ৰাসায়নিক সাৰ ।
উত্তৰ:- ইউৰিয়া ।

চ) চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কাম ।
উত্তৰ:- মৰণা ।

ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment

ADVERTISEMENT