জনন স্বাস্থ‍্য প্ৰশ্ন উত্তৰ | Class 12 Biology Chapter 4

Class 12 Biology Chapter 4 Question Answer in Assamese যদি আপুনি বিচাৰি ইয়ালৈ আহিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই, আমি Assamese Medium ৱেবচাইটৰ জৰিয়তে আপোনাৰ বাবে প্ৰস্তুত কৰিছো Class 12 Biology Chapter 4 Question Answer in Assamese যি আপুনি তলত দিয়া লিংকৰ জৰিয়তে PDF Download কৰিব পাৰিব।

জনন স্বাস্থ‍্য প্ৰশ্ন উত্তৰ | Class 12 Biology Chapter 4 Question Answer in Assamese

Class 12 Biology Chapter 4

প্ৰথমতে আমি ইয়াত Class 12 Biology Chapter 4 Question in Assamese গোটেইখিনি উল্লেখ কৰিছো আৰু তাৰ পিছত Class 12 Biology Chapter 4 Question Answer in Assamese আৰু Class 12 Biology Chapter 4 Question Answer in Assamese PDF এটা প্ৰস্তুত কৰি তলৰ লিংকত দিয়াৰ ব্যৱস্থা কৰিছো।

Watch YouTube Video

জনন স্বাস্থ‍্য প্ৰশ্ন উত্তৰচমু

১। জনসংখ্যা বিস্ফোৰণ মানে কি ?
উত্তৰঃ জনসংখ্যা অতি দ্ৰুত হাৰত হোৱা বৃদ্ধিকে জনসংখ্যা বিস্ফোৰণ বুলি কোৱা হয়।

২। জনন আৰু শিশু স্বাস্থ‍্যৰ যতন আঁচনিখনৰ মুখ‍্য উদ্দেশ্য কি ?
উত্তৰঃ প্ৰজননৰ বিভিন্ন দিশ সমূহৰ লগতে এক সুস্থ জননস্বাস্থ‍্য সম্পন্ন সমাজ গঢ়াৰ বাবে প্ৰদান কৰা সুবিধা আৰু সহযোগবোৰৰ বিষয়ে মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰাটোৱে হৈছে এই আঁচনি সমূহৰ মূখ‍্য কাম ।

৩। এমনিওচেন্টেচিচ বা ভ্ৰূণৰস পৰীক্ষা কিয় বন্ধ কৰা হৈছে ?
উত্তৰঃ এমনিওচেন্টেচিচৰ সহায়ত ভ্ৰূণ চিনাক্ত কৰিব পৰা হোৱাৰ কন‍্যাভ্ৰূণ হত‍্যাৰ হাৰ যথেষ্ট বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক বন্ধ কৰা হৈছে ।

৪। জনন স্বাস্থ‍্য বুলিলে কি বুজা ?
উত্তৰঃ সাধাৰণতে জননস্বাস্থ‍্য বুলিলে নিৰোগী আৰু স্বাভাৱিক ভাৱে কাৰ্য্যক্ষম জননাংগক বুজায় যদিও ই মানুহৰ প্ৰজননৰ আৱেগিক আৰু সামাজিক দিশবোৰকো সামৰি লোৱা দেখা যায় ।

বিশ্ব স্বাস্থ্য সংস্থা (WHO) ৰ মতে মানুহৰ প্ৰজননৰ সকলো দিশ যেনে― দৈহিক আৱেগিক , আচৰণ আৰু সামাজিক এই আটাইবোৰৰেই সমুদায় স্বাভাৱিক আৰু সন্ত্তলিত কাৰ্য্যক্ষমতাকেই জনন বোলা হয় ।

৫। স্ত্ৰীসকলে ব‍্যৱহাৰ কৰা কপাৰ – টিয়ে কেনেকৈ এক সফল গৰ্ভনিৰোধক হিচাপে কাম কৰে ?
উত্তৰঃ কপাৰ – টি হৈছে এক জৰায়োভ‍্যন্তৰীণ কৌশল । ই হৰ্মণ মুক্তকাৰী আৰু জৰায়ুক ভ্ৰূণ আৰোপণৰ বাবে অনুপযোগী কৰি তোলাৰ উপৰিও জৰায়ুৰ গ্ৰীৱাৰ মাজেৰে শুক্ৰাণুৰ চলাচল অসম্ভৱ কৰি তোলে ।

৬। মুখেৰে গ্ৰহণ কৰা স্ত্ৰী গৰ্ভনিৰোধকৰ হৰ্মনৰ গঠন বা নাম লিখা।ই কেনেকৈ গৰ্ভনিৰোধক হিচাপে কাম কৰে বৰ্ণনা কৰা ।
উত্তৰঃ মুখেৰে গ্ৰহণ কৰা স্ত্ৰী গৰ্ভনিৰোধকত কম পৰিমাণে প্ৰজষ্টজেন আৰু ইষ্ট্ৰ’জেন – প্ৰজেষ্টজেন হৰ্মনৰ সংযোজন থকা দেখা যায় ।

এই হৰ্মনবোৰে ডিম্বক্ষৰণ আৰু আৰোপণ কাৰ্য্যত বাধা দিয়াৰ উপৰিও যোনি গ্ৰীবাই ক্ষৰণ কৰা মিউকাচ বা শ্লেষ্মাৰ প্ৰকৃত সলনি কৰি দিয়ে যাতে যোনি গ্ৰীবাৰ মাজেৰে কোনো শুক্ৰাণুৰেই প্ৰকাশ ঘটিব নোৱাৰে ।

৭। MTP ৰ বিষয়ে এটি চমুটোকা লিখা ।
উত্তৰঃ গৰ্ভকাল সম্পূৰ্ণ হোৱাৰ আগতে ইচ্ছাকৃতভাৱে কৰা গৰ্ভপাতক চিকিৎসাসন্মত গৰ্ভপাত বা প্ৰৰোচিত গৰ্ভপাত (MTP) বোলে । সমগ্ৰ পৃথিৱীত বছৰি ৪৫ ৰ পৰা ৫০ মিলিয়ন MTP কৰা হয় । যদিও জনসংখ্যা হ্ৰাসকৰণত MTP ৰ উল্লেখযোগ্য ভূমিকা আছে তথাপিও জনসংখ্যা হ্ৰাস উদ্দেশ্যে ইয়াক ব‍্যৱহাৰ কৰা নহয় এতিয়ালৈ ইয়াক ন‍্যায়সংগত কৰা হোৱা নাই যদি ১৯৭১ চনত MTP ক অপব‍্যৱহাৰ কৰিব নোৱাৰাকৈ (যেনে স্ত্ৰী হত‍্যা ইত‍্যাদি) কিছুমান কঠোৰ নিয়মৰ দ্বাৰা বিধিবদ্ধকৰণ কৰিছে ।

৮। জন্ম নিয়ন্ত্ৰণৰ ৰাসায়নিক পদ্ধতিৰ আলোচনা কৰা ।
উত্তৰঃ জন্ম নিয়ন্ত্ৰণৰ ৰাসায়নিক পদ্ধতিটো হৈছে হৰ্মনযুক্ত (IUD) ৰ ব‍্যৱহাৰ যেনে প্ৰজেষ্টেৰণযুক্ত (progestasert , LNG – 20) ইত্যাদি । এই ধৰণৰ জৰায়ুভ‍্যন্তৰীণ কৌশল (IUD) বোৰে জৰায়ুৰ ভিতৰত শুক্ৰাণুৰ চলন ক্ষমতা নোহোৱা কৰি নিষেচন ক্ষমতা ৰোধ কৰে ।

৯। টিউবেক্টমি আৰু ভেচেক্টমিৰ মাজৰ পাৰ্থক্য লিখা ।
উত্তৰঃ

টিউবেক্টমিভেচেক্টমি
ক) ই স্ত্ৰীৰ নিৰ্বীজকৰণ পদ্ধতি ।ক) ই পুৰুষৰ নিৰ্বীজকৰণ পদ্ধতি ।
খ) ইয়াত পুৰুষৰ শুক্ৰবাহী নলীত অস্ত্ৰোপচাৰ কৰা হয় ।খ) ইয়াত মহিলাৰ ফেল’পিয়ান নলীত অস্ত্ৰোপচাৰ কৰা পদ্ধতি অৱলম্বন কৰা হয় ।

১০। প্ৰাকৃতিক পদ্ধতিত জন্ম নিয়ন্ত্ৰণ বুলিলে কি বুজা ?
উত্তৰঃ জন্ম নিয়ন্ত্ৰণৰ প্ৰাকৃতিক পদ্ধতি হ’ল পৰ্যাবৃত্ত সংগম । ইয়াৰ ৰজঃচক্ৰৰ ১০ ৰ পৰা ১৭ দিনৰ ভিতৰত সংগম কাৰ্য্যৰ পৰা বিৰত থাকিব লাগে ; কিয়নো , এই সময়ছোৱাত নাৰীৰ ডিম্বাশয়ৰ পৰা ডিম্বক্ষৰণ হয় আৰু সেয়ে নিষেচনৰ সম্ভাৱনাও অতি বেছি । ইয়াৰ উপৰিও উপনয়ন বা মৈথুন ব‍্যাঘাতকৰণ আৰু স্তন‍্যৰক্ষীক এমেন’ৰিয়া আন দুটা পৰম্পৰাগত জন্ম নিয়ন্ত্ৰণ পদ্ধতি ‌।

১১। প্ৰতিষ্ঠাপন কি ? ইহঁতে কেনেকৈ নিষেচনত বাধা দিয়াত সহায় কৰে ?
উত্তৰঃ প্ৰতিষ্ঠাপন হৈছে কেৱল প্ৰজেষ্ট’জেন লগত ইষ্ট্ৰ’জেনৰ সংযোজন হৰ্মন ছালৰ তলত প্ৰয়োগ কৰা কাৰ্য্য ।ইয়াৰ কাৰ্য্যকুশলতা পিল বা বড়িৰ সৈতে একে আৰু কাৰ্য্যকালো অধিক । ধষৰ্ণ বা অসাৱধান সংগম য’ত গৰ্ভধাৰণৰ সম্ভাৱনা অধিক তাত জৰুৰীকালীন গৰ্ভৰোধক হিচাপে ইয়াক বা IUD , সংগমৰ ৭২ ঘন্টাৰ ভিতৰত ব‍্যৱহাৰ কৰিলে ই অধিক ফলদায়ক হোৱা দেখা যায় ।

জনন স্বাস্থ‍্য প্ৰশ্ন উত্তৰ: প্ৰশ্নোওৰ

১। বৰ্তমান সময়ত ভাৰতবৰ্ষত বৰ্দ্ধিত স্তৰৰ জনসংখ্যা এটা চিন্তাৰ বিষয় । ইয়াক নিয়ন্ত্ৰণ কৰাৰ কিছুমান উপায় লিখা ।
উত্তৰঃ বৰ্দ্ধিত জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ উপায়সমূহ হ’ল ―

  • সৰু সৰু পৰিয়ালবোৰক বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধক পদ্ধতি অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া ।
  • বিবাহৰ বাবে উপযুক্ত নিম্নতম বয়স মহিলাৰ বাবে ১৮ বছৰ আৰু পুৰুষৰ বাবে ২১ বছৰ নিৰ্দ্ধাৰ কৰি প্ৰণয়ন কৰা আইন ।
  • সৰু পৰিয়াললৈ আগবঢ়োৱা চৰকাৰী উদগণি আৰু উপহাৰ ।

২। বিদ‍্যালয় স্তৰত প্ৰজননৰ লগত জড়িত দিশ বা কথাসমূহৰ বিষয়ে দিবলগীয়া পৰামৰ্শৰ বিষয়ে আলোচনা কৰা ।
উত্তৰঃ বিদ‍্যালয় স্তৰত ছাত্ৰ – ছাত্ৰীসকলক যৌন শিক্ষা দিয়াটো অতিশয় জৰুৰী ; কিয়নো , ই উঠি অহা যুৱচামক জনন অংগৰ বিষয়ে সম‍্যক ধাৰণা , বয়ঃসন্ধি আৰু ইয়াৰ লগত জড়িত পৰিবৰ্তনসমূহ , নিৰাপদ আৰু স্বাস্থ‍্য সন্মত যৌন কাৰ্য্য , যৌন ৰোগ (STD) AIDS আদিৰ বিষয়ে পোৱা যথোপযুক্ত জ্ঞানে সুস্থ জনন স্বাস্থ্য লাভ কৰাত সহায় কৰে।ইয়াৰ উপৰিও উপযুক্ত যৌন শিক্ষাই যুৱক – যুৱতীসকলক যৌন সম্পৰ্কীয় অন্ধবিশ্বাস আৰু ভুল ধাৰণাবোৰৰ পৰা মুক্ত কৰি সকলোকে এই বিষয়ত যথেষ্ট সজাগ কৰে । গতিকে বিদ‍্যালয় স্তৰত যৌন শিক্ষা প্ৰৱৰ্তন কৰি এইবোৰ অন্তৰ্ভুক্ত কৰিব লাগে ।

৩। STD মানে কি ? মানুহৰ তিনিটা STD লিখা । ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?
উত্তৰঃ STD মানে Sexually Transmitted Disease বা যৌনৰোগ। মানুহৰ তিনিবিধ যৌনৰোগ হৈছে ―
১) গ’নৰীয়া
২) চিফিলিছ আৰু
৩) ট্ৰাইক’ম’নিয়ছিছ
ইয়াৰ প্ৰতিৰোধ কৰিবলৈ কৰণীয় হ’ল ―
১) অজ্ঞাত ব‍্যক্তি অথবা একাধিক ব‍্যক্তিৰ লগত যৌন সম্ভোগ পৰিহাৰ কৰা ।
২) সংগমৰ সময়ত সদায় ক’নড’মৰ ব‍্যৱহাৰ কৰা আৰু
৩) যৌনৰোগ বুলি সন্দেহ হ’লে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা আৰু নিশ্চিত হ’লে সম্পূৰ্ণকৈ চিকিৎসা কৰা।

৪। টেষ্ট’টিউব বেবিৰ বিষয়ে এটি চমু টোকা লিখা ।
উত্তৰঃ এই প্ৰক্ৰিয়া সহায়কাৰী জনন প্ৰযুক্তিৰ অন‍্যতম কৃত্ৰিম নিষিক্তকৰণ বা IVF পদ্ধতি । টেষ্ট’টিউব বেবী নামেৰে জনাজাত এই আঁচনিৰ স্ত্ৰীৰ পৰা অথবা দাতা মহিলাৰ পৰা ডিম্বাণু আৰু স্বামী বা দাতা পুৰুষৰ পৰা শুক্ৰাণু সংগ্ৰহ কৰি প্ৰৰীক্ষাগাৰৰ ভিতৰত যথোপযুক্ত পৰিৱেশত ডিম্বাণু আৰু শুক্ৰাণুৰ মিলনৰ ঘটাই যোজনকোষ সৃষ্টি কৰি লোৱা হয় ।

পিছত যোজন কোষটো ভ্ৰূণ স্থানান্তৰ প্ৰক্ৰিয়াৰে স্ত্ৰী গৰ্ভলৈ স্থানান্তৰ কৰা হয় । এনে ভ্ৰূণ ৮ টা ব্লাষ্ট’মেয়াৰ অৱস্থাপ্ৰাপ্ত হ’লে স্ত্ৰীৰ ফেল’পিয়ান নলীতে সংস্থাপন কৰা হয় যাক আন্তঃফেল’পিয়ান স্থানান্তৰকৰণ বোলে । আনহাতে পৰীক্ষানলীত ভ্ৰূণৰ বৃদ্ধি ৮ ব্লাষ্ট’মেয়াৰতকৈ অধিক হ’লে আন্তঃজৰায়ু স্থানান্তৰকৰণ প্ৰক্ৰিয়াৰে স্ত্ৰীৰ জৰায়ুৰ ভিতৰত সংস্থাপন কৰি ভ্ৰূণৰ বিকাশ হ’বলৈ দিয়া হয় । যিবোৰ মহিলাই গৰ্ভধাৰণ কৰিবলৈ অক্ষম হয় , তেনে ক্ষেত্ৰত মহিলাৰ শৰীৰত নিষেচিত হোৱা ভ্ৰূণ একে পদ্ধতিৰে স্থানান্তৰকৰণ কৰা হয় ।

৫। জন্মনিয়ন্ত্ৰণৰ প্ৰতিবন্ধক পদ্ধতিৰ বিষয়ে লিখা ।
উত্তৰঃ জন্ম নিয়ন্ত্ৰণৰ প্ৰতিবন্ধক পদ্ধতিত কোনো বিশেষ ভৌতিক প্ৰতিবন্ধকৰ প্ৰয়োগৰ দ্বাৰা শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনত বাধা দিয়া হয় । এই পদ্ধতি পুৰুষ , মহিলা উভয়ৰে ক্ষেত্ৰত প্ৰযোজ্য ।

পুৰুষৰ বাবে এনে এবিধ প্ৰতিবন্ধক হৈছে ক’নডম । ই এবিধ পাতল ৰবৰ বা লেটেক্সৰ মিহি আৱৰণ । সংগমৰ সময়ত ক’নডম ব‍্যৱহাৰ গৰ্ভধাৰণত বাধা দিয়াৰ উপৰিও কৰোতাক AIDS আৰু অন‍্যান‍্য যৌনৰোগৰ পৰা ৰক্ষা কৰে ।

মহিলা এনে প্ৰতিবন্ধক সমূহ হৈছে ― ডায়াফ্ৰাম আৰু ভল্ট আদি । এইবোৰে ৰবৰেৰে তৈয়াৰী আৰু সংগমৰ সময়ত স্ত্ৰী জনন নলীত সুমুৱাই দি জৰায়ু গ্ৰীৱা বন্ধ কৰি দিয়া হয় ; ই গ্ৰীৱাৰ মাজেৰে শুক্ৰাণুৰ প্ৰৱেশত বাধা দি গৰ্ভধাৰণ ৰোধ কৰে ।

৬। চিকিৎসাসন্মত গৰ্ভপাত কিয় কৰোৱা হয় ?
উত্তৰঃ গৰ্ভকাল সম্পূৰ্ণ হোৱাৰ আগতে ইচ্ছাকৃতভাৱে কৰা গৰ্ডপাতক চিকিৎসাসন্মত গৰ্ভপাত বা প্ৰৰোচিত গৰ্ভপাত বোলে । যদিও জনসংখ‍্যা হ্ৰাসকৰণত এই চিকিৎসা সন্মত গৰ্ভপাতৰ উল্লেখযোগ্য ভূমিকা আছে। প্ৰকৃতাৰ্থত ইয়াক জনসংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্যে ব‍্যৱহাৰ কৰা নহয় । ইয়াক দৰাচলতে অসাৱধানতাৰে সংগম কাৰ্য্যত লিপ্ত হোৱা আৰু সংগম অথবা বলাৎকাৰৰ সময়ত গৰ্ভনিৰোধক ব‍্যৱহাৰ নকৰাৰ ফলতে হোৱা অবাঞ্চিত গৰ্ভধাৰণ ৰোধ কৰিবলৈ ব‍্যৱহাৰ কৰা হয় । ইয়াৰ উপৰিও কিছুমান বিশেষ ক্ষেত্ৰ যেনে ― গৰ্ভৱস্থা চলি থকাটো যদি মাতৃ বা গৰ্ভস্থ ভ্ৰূণ বা উভয়ৰ বাবে অন‍্যায়কাৰী তেনে ক্ষেত্ৰতো এই চিকিৎসাসন্মত গৰ্ভপাত অতি দৰকাৰী ।

৭। আন্তঃফেল’পিয়ান স্থানান্তৰণ (GIFT) পদ্ধতিৰ বিষয়ে চমুকৈ লিখা ‌।
উত্তৰঃ সহায়কাৰী জনন প্ৰযুক্তিৰ অন্তৰ্গত আন এক পদ্ধতি হ’ল ― আন্তঃফেল’পিয়ান স্থানান্তৰণ । এই পদ্ধতিত ডিম্বাণু এগৰাকী দাতা মহিলাৰ পৰা সংগ্ৰহ কৰি ডিম্বাণু উৎপাদন কৰিবলৈ অক্ষম আন এগৰাকী মহিলা যিয়ে নিষেচন আৰু ভ্ৰূণবিকাশৰ বাকী পৰ্যায়ৰ বাবে উপযুক্ত পৰিৱেশ প্ৰদান কৰিবলৈ সক্ষম তেনে মহিলাৰ ফেল’পিয়ান নলীত সংস্থাপন কৰা হয় ।

জনন স্বাস্থ‍্য প্ৰশ্ন উত্তৰ: গুৰুত্বপূৰ্ণ ৰচনাধৰ্মী

১। মাতৃ , শিশুস্বাস্থ‍্য আৰু পৰিয়াল পৰিকল্পনাৰ অধীনত কি কি আঁচনি হাতত লোৱা হৈছে ?
উত্তৰঃ মাতৃ , শিশু স্বাস্থ‍্য আৰু পৰিয়াল পৰিকল্পনা অধীনত প্ৰজননৰ বিভিন্ন দিশসমূহৰ লগতে এক সুস্থ জনন স্বাস্থ্য সম্পন্ন সমাজ গঢ়াৰ বাবে প্ৰদান কৰা সুবিধা আৰু সহযোগবোৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰাটোৱে হৈছে মুখ্য কাম ।

বৰ্তমানে চৰকাৰী আৰু বেচৰকাৰী সংস্থা কিছুমানে দৃশ্য শ্ৰাব‍্য আৰু ছপা মাধ‍্যমৰ সহায়ত প্ৰজননৰ লগত জড়িত বিভিন্ন দিশ সমূহৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবে ভিন ভিন পদক্ষেপ গ্ৰহণ কৰিছে ।

যুৱক – যুৱতীসকলে যাতে যৌন সম্পৰ্কীয় অন্ধবিশ্বাস আৰু ভুল ধাৰণাবোৰৰ বলি হ’ব নোৱাৰে তাৰ বাবে উপযুক্ত শিক্ষা প্ৰদানৰ উদ্দেশ্য বিদ‍্যালয়সমূহত যৌন শিক্ষা প্ৰদানৰ ব‍্যৱস্থা কৰিছে ।

এই ক্ষেত্ৰত আন কিছুমান কাৰ্য্যসূচী হ’ল ― ক্ৰমবৰ্দ্ধমান কন‍্যাভ্ৰূণ হত‍্যা ৰোধ কৰাৰ বাবে ভ্ৰূণৰস পৰীক্ষাবা এমনিওচেন্টেচিচৰ ওপৰত ন‍্যায়িক প্ৰতিবন্ধকতাৰ প্ৰয়োগ ।বিস্তৃত হাৰত শিশুৰ টিকাকৰণ আদি ।

২। জন্ম নিয়ন্ত্ৰণ যুক্তিসংগত দৃষ্টিভংগীৰ বিকাশ ঘটোৱাটো ভাৰতবৰ্ষত কিয় প্ৰয়োজনীয় ? বিভিন্ন জন্ম নিয়ন্ত্ৰণ পদ্ধতিৰ বিষয়ে লিখা ।
উত্তৰঃ জন্ম নিয়ন্ত্ৰণ পদ্ধতিসমূহৰ বিকাশ ঘটোৱাটো ভাৰতবৰ্ষৰ বাবে অতিকৈ প্ৰয়োজনীয় ; কিয়নো , বৰ্দ্ধিত জনসংখ্যা নিয়ন্ত্ৰণত ই যথেষ্ট সহায় কৰিব ।

অবাঞ্চিত গৰ্ভধাৰণ ৰোধ কৰিবলৈ সাধাৰণতে অবলম্বন কৰা কেতবোৰ গৰ্ভনিৰোধ পদ্ধতি তলত আলোচনা কৰা হ’ল ―

বৰ্তমানে বিস্তৃত পৰিসৰৰ গৰ্ভনিৰোধণৰ পদ্ধতি ব‍্যৱহাৰৰ বাবে পোৱা যায় ।

এইবোৰক তলত দিয়া ধৰণে শ্ৰেণীবদ্ধ কৰিব পাৰি ―

প্ৰাকৃতিক / পৰম্পৰাগত , পতিবন্ধক , IUD , মুখীয় গৰ্ভনিৰোধক , অনুবিন্ধনীয় , প্ৰতিষ্ঠাপনীয় আৰু অস্ত্ৰোপচাৰৰ প্ৰণালী ।গৰ্ভনিৰোধনৰ প্ৰাকৃতিক পদ্ধতি ডিম্বাণু আৰু শুক্ৰাণুৰ মিলনত বাধা দিয়া নীতিৰ ওপৰত আধাৰিত । ইয়াৰে এটা পদ্ধতি হ’ল পৰ্যাবৃত্ত সংগম।এই পদ্ধতিত ৰজঃচক্ৰৰ ১০ ৰ পৰা ১৭ দিনৰ ভিতৰত সংগম কাৰ্য্যৰ পৰা বিৰত থাকিব লাগে ।

উপনয়ন বা মৈথুন ব‍্যাঘাতকৰণ আন এক প্ৰাকৃতিক পদ্ধতি স্তন‍্যক্ষৰণীক এমেন’ৰিয়াও এটা পৰম্পৰাগত গৰ্ভনিৰোধক পদ্ধতি ।

প্ৰতিবন্ধক পদ্ধতিত কোনো বিশেষ ভৌতিক প্ৰতিবন্ধকৰ প্ৰয়োগৰ দ্বাৰা শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনত বাধা দিয়া হয় । ই পুৰুষৰ আৰু মহিলা দুয়োৰে ক্ষেত্ৰৰ প্ৰযোজ‍্য । যেনে ক’নডম পুৰুষৰ বাবে আৰু চায়াফ্ৰাম , জৰায়ু গ্ৰীৱাৰ টুপী আৰু ভল্ট মহিলাৰ বাবে ।জন্ম নিৰোধৰ আন এক জনপ্ৰিয় পদ্ধতি হৈছে জৰায়োভ‍্যন্তৰীণ কৌশল চমুকৈ IUD বোলা হয় । ইয়াত চিকিৎসক বা অভিজ্ঞ নাৰ্চৰ সহায়ত স্ত্ৰীৰ যোনিৰ মাজেৰে IUD বোৰ জৰায়ুৰ ভিতৰলৈ সুমুৱাই দিয়া হয় ।

কম পৰিমাণৰ প্ৰজেষ্টজেন বা এষ্ট্ৰ’জেন – প্ৰজেষ্টজেনৰ সংযোজন মুখেৰে গ্ৰহণ কৰা মহিলাৰ অন‍্যতম গৰ্ভনিৰোধন পদ্ধতি । এইবোৰ হ’ৰ্মন ছালৰ তলত ইঞ্জেকচন বা প্ৰতিষ্ঠাপন হিচাপেও ব‍্যৱহাৰ কৰা হয় । গৰ্ভনিৰোধৰ চূড়ান্ত পদ্ধতি হৈছে অস্ত্ৰোপচাৰ যাক নিৰ্বীজকৰণও বোলা হয় । এই পদ্ধতিত জননতন্ত্ৰত থকা জননকোষ পৰিবহন কৰা নলী বন্ধ কৰি দি গৰ্ভধাৰণ ৰোধ কৰা হয় ।

৩। সহায়কাৰী জনন প্ৰযুক্তি কি ? সহায়কাৰী জনন প্ৰযুক্তিত ব‍্যৱহাৰ হোৱা বিভিন্ন বিশেষ প্ৰযুক্তিৰ বৰ্ণনা কৰা ।
উত্তৰঃ অনুৰ্বৰতা ক্লিনিক আদিয়ে অনুৰ্বৰ দম্পতিৰ সন্তান লাভৰ বাবে সক্ষম কৰাত সহায় কৰিব পাৰে যদিও ইয়াত সফল নহ’লে আন বিশেষ প্ৰযুক্তিৰ সহায় লোৱা হয় যাক সহায়কাৰী জনন প্ৰযুক্তি বা চমুকৈ ART বোলা হয় ।

এই প্ৰযুক্তিৰ ভিতৰত ―

ক) কৃত্ৰিম নিষিক্তকৰণ পদ্ধতি বা IVF পদ্ধতি ।
খ) জননকোষৰ আন্তঃফেল’পিয়ান স্থানান্তৰকৰণ বা GIFT পদ্ধতি , আৰু
গ) আন্তঃকোষ প্ৰৰসীয় শুক্ৰাণু ইনজেকচন বা ICSI পদ্ধতি উল্লেখযোগ্য।

(ক) IVF পদ্ধতি :- এই পদ্ধতিক টেষ্ট টিউব বেবী নামেৰেও জনা যায় । ইয়াত স্ত্ৰী অথবা দাতা মহিলাৰ পৰা ডিম্বাণু আৰু স্বামী বা দাতা পুৰুষৰ পৰা শুক্ৰাণু সংগ্ৰহ কৰি পৰীক্ষাগাৰৰ ভিতৰত শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন ঘটাই যোজন কোষৰ সৃষ্টি কৰা হয় আৰু পিছত তাক স্ত্ৰীগৰ্ভলৈ স্থানান্তৰ কৰা হয় আৰু ভ্ৰূণৰ সম্পূৰ্ণ বিকাশ হ’বলৈ দিয়া হয় ।

(খ) GIFT পদ্ধতি :- এই পদ্ধতিত দাতা মহিলাৰ পৰা ডিম্বাণু সংগ্ৰহ কৰি আন এগৰাকী মহিলাৰ ফেল’পিয়ান নলীত সংস্থাপন কৰা হয় যি গৰাকী মহিলা ডিম্বাণু উৎপাদন কৰিবলৈ অক্ষম কিন্তু নিষেচন আৰু ভ্ৰূণবিকাশৰ বাকী পৰ্য‍্যায়ৰ বাবে উপযুক্ত পৰিৱেশ প্ৰদান কৰিবলৈ সক্ষম ।

(গ) ICSI পদ্ধতি :- ই হৈছে পৰীক্ষাগাৰত ভ্ৰূণ সৃষ্টিৰ অন‍্য এক পদ্ধতি , য’ত ডিম্বাণুৰ ভিতৰলৈ প্ৰত‍্যেক্ষভাৱে শুক্ৰাণু বেজীৰ সুমুৱাই নিষেচন ঘটোৱা হয় । পুৰুষ সংগীয়ে যদি শুক্ৰ নিক্ষেপণ কৰিবলৈ অক্ষম হয় নাইবা যদি সখলিত বীৰ্যত শুক্ৰাণুৰ সংখ্যা যথেষ্ট কম হয় , তনেহ’লে এই ICSI পদ্ধতিৰে এনে দোষ শুধৰাব পৰা যায় । ইয়াত স্বামী বা অন‍্য সুস্থ পুৰুষৰ পৰা বীৰ্য্য সংগ্ৰহ কৰি কৃত্ৰিমভাৱে স্ত্ৰীৰ যোনি অথবা জৰায়ুৰ ভিতৰলৈ নিক্ষেপ কৰি নিষেচন হ’বলৈ দিয়া হয় ।

৪। স্কুলীয়া শিশুৰ মাজত যৌন শিক্ষৰ প্ৰৱৰ্তন কৰাৰ বিষয়ে পাঁচটা সঠিক যুক্তি বৰ্ণনা কৰা ।
উত্তৰঃ স্কুলীয়া শিশু বা যুৱক – যুৱতীসকলৰ মাজত যৌন শিক্ষাৰ প্ৰৱৰ্তন কৰাৰ ফলত যথেষ্ট পৰিমাণে উপকৃত হ’ব পাৰি ; কিয়নো , ইয়াৰ ফলত ―

  1. ছাত্র – ছাত্ৰী , যুৱক – যুৱতীসকলে যৌন সম্পৰ্কীয় অন্ধবিশ্বাস আৰু ভুল ধাৰণাবোৰৰ বলি হ’ব নালাগিব ।
  2. যৌন শিক্ষাই জনন অংগসমূৰ সম‍্যক ধাৰণা আৰু ছাত্ৰ – ছাত্রীৰ মাজত বয়ঃসন্ধি কালত ইয়াৰ লগত জড়িত পৰিবৰ্তনসমূহৰ বিষয়ে জ্ঞান দিয়াত সহায় কৰে । ই নিৰাপদ আৰু স্বাস্থ‍্যসন্মত যৌন কাৰ্য্য , যৌনৰোগ STD , AIDS আদিৰ সম্পৰ্কে পোৱা জ্ঞানে উঠি অহা যুৱচামক সুস্থ জনন স্বাস্থ্য লাভ কৰাত সহায় কৰে ।
  3. যৌন পীড়ন অপৰাধ আদি সামাজিক সমস‍্যাৰ বিষয়ে জানিলে সকলো সজাগ হৈ ইয়াক বন্ধ আৰু দূৰীকৰণত সহায় কৰিব পাৰিব ।
  4. স্কুলীয়া শিশুক বিদ‍্যালয়ত যৌন শিক্ষাৰ সম‍্যাক জ্ঞান দিলে তেওঁলোকে লুকাই চুৰকৈ জনাৰ চেষ্টা কৰাৰ বিৰত থাকিব ‌।
  5. এখন দায়িত্বশীল আৰু সুস্থ সমাজ গঠনত যৌন শিক্ষা বিদ‍্যালয় স্তৰত প্ৰদান কৰিলে যথেষ্ট সহায়ক হয় ।

৫। প্ৰজনন ক্ষমতাহীনতাৰ সমস্যাৰ সমাধানৰ উপায় সমূহ আলোচনা কৰা ।
উত্তৰঃ বৰ্তমান কালত বহুতো লোকে সন্তানহীনতা বা গৰ্ভধাৰণ ক্ষমতা নাইকীয়া হৈছে যাৰ কাৰণে বহুতে বিকল্প ব‍্যৱস্থা ল’বলৈ আগ্ৰহ প্ৰকাশ কৰিছে । প্ৰজনন ক্ষমতা লোপ পোৱা সকলে নিন্মোক্ত ব‍্যৱস্থাৱলীৰে সমাধান পাব পাৰে ।
ক) টেষ্ট’টিউব বেবি:- এই প্ৰক্ৰিয়া সহায়কাৰীজনন প্ৰযুক্তিৰ অন‍্যতম কৃত্ৰিম নিষিক্তকৰণ বা IVF পদ্ধতি । এই প্ৰক্ৰিয়াত স্ত্ৰীৰ পৰা অথবা দাতা মহিলাৰ পৰা ডিম্বাণু আৰু স্বামী বা দাতা পুৰুষৰ পৰা । শুক্ৰাণু সংগ্ৰহ কৰি পৰীক্ষাগাৰৰ ভিতৰত যথোপযুক্ত পৰিৱেশত ডিম্বাণু আৰু শুক্ৰাণুৰ মিলন ঘটাই যোজন কোষ সৃষ্টি কৰাই লোৱা হয় ।

পিছত যোজন কোষটো ভ্ৰূণ স্থানান্তৰ প্ৰক্ৰিয়াৰে স্ত্ৰী গৰ্ভলৈ স্থানান্তৰ কৰা হয় । এনে ভ্ৰূণ আঠটো ব্লাষ্টমেয়াৰ অৱস্থা প্ৰাপ্ত হ’লে স্ত্ৰীৰ ফেল’পিয়ান নলীতে সংস্থাপন কৰা হয় যাক আন্তঃ ফেলপিয়ান স্থানান্তৰণ বোলে । আনহাতে পৰীক্ষানলীত ভ্ৰূণৰ বৃদ্ধি আঠটো ব্লাস্কমেয়াৰতকৈ বেছি হ’লে আন্তঃজৰায়ু স্থানান্তৰণ প্ৰক্ৰিয়াৰে স্ত্ৰীৰ জৰায়ুৰ ভিতৰত সংস্থাপন কৰি ভ্ৰূণৰ বিকাশ হ’বলৈ দিয়া হয় । যিবোৰ মহিলাই গৰ্ভধাৰণ কৰিবলৈ অক্ষম হয় অথবা যিসকল পুৰুষৰ বীৰ্য্যত শুক্ৰাণুৰ সংখ্যা কম তেওঁলোকে এই প্ৰক্ৰিয়াৰে সন্তান জন্ম দিয়া সম্ভৱ ।

খ) আন্তঃফেলপিয়ান স্থানান্তৰণ পদ্ধতি :- সহায়কাৰী জনন প্ৰয়ুক্তিৰ অন্তৰ্গত আন এক পদ্ধতি হ’ল আন্তঃফেলপিয়ান স্থানান্তৰণ । ইয়াত ডিম্বাণুক দাতা মহিলা এগৰাকীৰ পৰা সংগ্ৰহ কৰি ডিম্বাণু উৎপাদন কৰিবলৈ অক্ষম হোৱা আন এগৰাকী মহিলাৰ প্ৰজনন নলীকাত সংস্থাপন কৰি নিষেচন আৰু ভ্ৰূণ বিকাশৰ বাকী পৰ্য্যায়বোৰ স্বাভাৱিক ধৰণে অনুকৰণ কৰা হয় ।

গ) ICSI পদ্ধতি :- ই হৈছে পৰীক্ষাগাৰত ভ্ৰূণ বিকাশৰ অন‍্য এক পদ্ধতি।ইয়াত পৈনত ডিম্বাণু সংগ্ৰহ কৰি ইয়াৰ ভিতৰত পৈণত শুক্ৰাণুক বেজীৰ দ্বাৰা সুমুৱাই দি নিষেচন ঘটোৱা হয় । পুৰুষ সংগী যদি শুক্ৰাণু নিক্ষেপ কৰিবলৈ অক্ষম তেন্তে এই প্ৰক্ৰিয়াৰে সুফল পাব পাৰে । ইয়াত স্বামী বা কোনো সুস্থ পুৰুষৰ পৰা বীৰ্য্য সংগ্ৰহ কৰি কৃত্ৰিমভাৱে মহিলাৰ যোনীত বা জৰায়ুত নিক্ষেপ কৰি নিষেচন ঘটোৱা হয় ।

ঘ) কৃত্ৰিম শুক্ৰাণু নিক্ষেপ :- পুৰুষ সংগীয়ে স্ত্ৰী সংগীৰ যোনী বা জৰায়ুত যদি শুক্ৰাণু নিক্ষেপ সঠিকভাৱে কৰিব নোৱাৰে বা শুক্ৰাণুৰ সংখ্যা যথেষ্ট কম হোৱা কাৰণে নিষেচন ঘটাব নোৱাৰিলে এই পদ্ধতিক অনুসৰণ কৰা হয় । এই পদ্ধতিত পুৰুষ সংগীৰ পৰা বীৰ্য্য স‌ংগ্ৰহ কৰি তাক গাঢ়ীকৰণ কৰা হয় আৰু শেষত স্ত্ৰীৰ যোনীত কৃত্ৰিম পদ্ধতিৰে নিক্ষেপ কৰা হয় । এনেদৰে নিষেচন সম্পাদন কৰি প্ৰজনন ক্ষমতাহীন সকলৰ কাৰণে আশাৰ বতৰা কঢ়িয়াইছে ।

Leave a Comment