Class 12 Biology Chapter 3 Question Answer Assamese Medium

আজি আমি আপোনালোকৰ বাবে Assamese Medium ত আলোচনা কৰিব লৈ আহিছোঁ Class 12 Biology Chapter 3 Question Answer যাৰ জৰিয়তে আপুনি অতি সহজ সৰল ভাষাত 12 Biology Chapter 3 Question Answer বুজিব পাৰিব। তলত আমি ইয়াৰ PDF Notes ও যোগান ধৰিছোঁ যত মানৱ প্ৰজনন নামৰ অধ্যায়ৰ সম্পূৰ্ণ ধাৰণা আলোচনা কৰা হৈছে।

Class 12 Biology Chapter 3 Assamese Medium —> PDF Notes

প্ৰশ্ন:১) খালী ঠাই পূৰ কৰা –
(a) মানুহৰ প্ৰজনন কাৰ্য ______ (অযৌন/যৌন)
(b) মানুহ ________ (অণ্ডপ্ৰসৱী/সন্তানপ্ৰসৱী/ডিম্ব-জৰায়ুজ) প্ৰাণী ।
(c) মানুহৰ নিষেচন _________ (বাহ্যিক/আভ্যন্তৰীণ)
(d) পুং আৰু স্ত্ৰীজনন কোষবোৰ ________ (এগুনাত্মক/দ্বিগুণাত্মক)
(e) ষোজন কোষটো __________ (এগুনাত্মক/দ্বিগুণাত্মক)
(f) পুৰঠ ফলিকল একোটাৰ পৰা ডিম্বাণু ওলাই যোৱা প্ৰক্ৰিয়াটোক _________ বোলা হয় ।
(g) ডিম্বক্ষৰণৰ উদ্দীপনা যোগোৱা হৰ্মনটো হ’ল ____________ ।
(h) পুং আৰু স্ত্ৰীজনন কোষৰ মিলনক _________ বোলে ।
(i) নিষেচন _________ ত সংঘটিত হয় ।
(j) যোজনকোষ বিভাজিত হৈ ________ গঠন কৰে যিটো জৰায়ুত আৰোপিত হয় ।
(k) গৰ্ভস্থ ভ্ৰাণাণু আৰু মাতৃদেহৰ তেজৰ সংযোগ স্থাপন কৰা গঠনটোক _________ বোলা হয় ।

উত্তৰ:-
(a) মানুহৰ প্ৰজনন কাৰ্য যৌন ।
(b) মানুহ সন্তানপ্ৰসৱী প্ৰাণী ।
(c) মানুহৰ নিষেচন আভ্যন্তৰীণ ।
(d) পুং আৰু স্ত্ৰীজনন কোষবোৰ এগুনাত্মক ।
(e) যোজন কোষটো দ্বিগুণাত্মক ।
(f) পুৰঠ ফলিকল একোটাৰ পৰা ডিম্বাণু ওলাই যোৱা প্ৰক্ৰিয়াটোক ডিম্বক্ষৰণ বোলা হয় ।
(g) ডিম্বক্ষৰণৰ উদ্দীপনা যোগোৱা হৰ্মনটো হ’ল লিউটিনাইজিং হৰ্মন ।
(h) পুং আৰু স্ত্ৰীজনন কোষৰ মিলনক নিষেচন বোলে ।
(i) নিষেচন ফেল’পিয়ান নলীকা ত সংঘটিত হয় ।
(j) যোজনকোষ বিভাজিত হৈ ভ্ৰুণ গঠন কৰে যিটো জৰায়ুত আৰোপিত হয় ।
(k) গৰ্ভস্থ ভ্ৰাণাণু আৰু মাতৃদেহৰ তেজৰ সংযোগ স্থাপন কৰা গঠনটোক অমৰা বোলা হয় ।

প্ৰশ্ন:২) পুৰুষ জনন তন্ত্ৰৰ এটা চিহ্নিত চিত্ৰ আঁকা ।
উত্তৰ:-

প্ৰশ্ন:৩) স্ত্ৰীজনন তন্ত্ৰৰ এটা চিহ্নিত চিত্ৰ আঁকা ।
উত্তৰ:-

প্ৰশ্ন:৪) শুক্ৰাশয় আৰু ডিম্বাশয় প্ৰত্যেকৰে দুটাকৈ মুখ্য কাৰ্য উল্লেখ কৰা ।
উত্তৰ:- শুক্ৰাশয়ৰ কাৰ্য্য :-
(a) শুক্ৰাশয়ে স্পাৰমেটজেনেছিছ প্ৰক্ৰিয়াৰ জৰিয়তে অপাৰমেট’য’ৱা নামেৰে পুংজনন কোষ উৎপন্ন কৰে ।
(b) চেমিনিফেৰাচ নলীকাত থকা লেইডিগ কোষবোৰে টেষ্টষ্টেৰন নামৰ এবিধ পুং যৌন হৰম’ন ক্ষৰণ কৰে । এই টেষ্টষ্টেৰণ হৰম’নে পুৰুষৰ গৌণ যৌন চৰিত্ৰবোৰ বিকাশ হোৱাত সহায় কৰে ।

ডিম্বাশয়ৰ মুখ্য কাৰ্য্য :-
(a) অ’জেনেচিছ প্ৰক্ৰিয়াৰ জড়িয়তে ডিম্বাশয়ে স্ত্ৰীজনন কোষ উৎপন্ন কৰে । ইয়াকে ডিম্ব বুলি জনা যায় ।
(b) বিকশিত হোৱা গ্ৰাফিয়ান ফলিকল বোৰে স্ত্ৰী যৌন হৰম’ন ক্ষৰণ কৰে, যাক ইষ্ট্ৰজেন বুলি কোৱা হয় । এই ইষ্ট্ৰজেন হৰম’নবিধে মহিলাৰ গৌণ যৌন চৰিত্ৰবোৰ বিকাশ হোৱাত সহায় কৰে ।

প্ৰশ্ন:৫) শুক্ৰজনি নলীকাৰ গঠন বৰ্ণনা কৰা ।
উত্তৰ:- শুক্ৰাশয়ত শুক্ৰৰ উৎপাদন বেছিকৈ পাক খাই থকা গাঁঠনিৰে সংঘটিত হয় বাবে ইয়াক শুক্ৰজনি নলীকা বোলে । এই নলীকাবোৰ টেষ্টিকুলাৰ লবিওলাত দেখা পোৱা যায় । প্ৰত্যেকটো শুক্ৰজনি নলীকাৰ ভিতৰফালে জৰমিনেল এপিথিলিয়ামে আৱৰি ৰাখে । এইদৰে ভিতৰৰ ফালে আৱৰি ৰাখোঁতে ক্ৰমে দুই প্ৰকাৰৰ কোষ থাকে । যাক ক্ৰমে স্পাৰমেট, গনিয়া আৰু চাৰটলি কোষ বুলি কোৱা হয় । স্পাৰমেটগনিয়াবোৰ পুংজনন কোষ, যিবোৰে মিঅ’ছিছ বিভাজনৰ জৰিয়তে মুখ্য স্পাৰমেটছাইট উৎপন্ন কৰে । মুখ্য স্পাৰমেটছাইটৰ পৰৱৰ্তী পৰ্যায়ত পুনৰ মিঅ’ছিছ বিভাজন ঘটি গৌণ স্পাৰমেটছাইটছ গঠন কৰে আৰু শেষত স্পাৰটিত উৎপন্ন কৰে । পিছৰ পৰ্যায়ত স্পাৰমমেটিডবোৰৰ ৰূপান্তৰ ঘটি পুংজনন কোষ উৎপন্ন কৰে যাক স্পাৰমেট’জ’ৱা বোলে । চাৰটলি কোষবোৰক শুক্ৰাশয়ৰ সহায়কাৰী আহাৰ যোগান ধৰে । ইয়াৰোপৰি কিছুমান ডাঙৰ বহুভুজী কোষ পোৱা যায় যাক ইনটাৰষ্টিছিয়েল কোষ বা লেইডিগ কোষ বুলি কোৱা হয় । এইবোৰ শুক্ৰজনী নলীকাৰ নিচেই কাষতে লাগি থাকে । এই কোষবোৰে পুংহৰম’ন ক্ষৰণ কৰে যাক টেষ্টষ্টেৰণ বোলে ।

প্ৰশ্ন:৬) শুক্ৰজনন কি ? শুক্ৰাণুজনন প্ৰক্ৰিয়াটো চমুকৈ বৰ্ণনা কৰা ।
উত্তৰ:- পুৰুষৰ অপৈণত জননকোষৰ পৰা শুক্ৰ উৎপাদন কৰা প্ৰক্ৰিয়াটোক শুক্ৰজনন বা স্পাৰমেট’জেনেছিছ বোলে ।
শুক্ৰজনন প্ৰক্ৰিয়াটো শুক্ৰাশয়ৰ ভিতৰত থকা চেমিনিফেৰাছ নলীকাত সংঘটিত হয় । স্পাৰমেট’জেনেছিছৰ সময়ত, এই ডিপ্লইড স্পাৰমেট’গনিয়ামে নিজৰ আকাৰ বৃদ্ধি কৰি এটা ডিপ্লইড মুখ্য স্পাৰমেট’ছাইট গঠন কৰে । এই ডিপ্লইড মুখ্য স্পাৰমেট’ছাইটবোৰত প্ৰথম মিঅ’ছিছ বিভাজন ঘটে, ই এটা হ্ৰাসাকৰণ বিভাজন হোৱাৰ ফলস্ৱৰূপে দুটা সমান হেপ্লইড গৌঔণ স্পাৰমেট’ছাইট গঠন কৰে । ইয়াৰ পাছত প্ৰতিটো গৌণ স্পাৰমেট’ছাইটবোৰত প্ৰথম মিঅ’ছিছ বিভাজন ঘটে

প্ৰশ্ন:৭) শুক্ৰাণুজনন নিয়ন্ত্ৰণ কৰা হৰ্মনবোৰৰ নাম লিখা ।
উত্তৰ:- ফলিকল ষ্টিমুলেটিং হৰম’ন আৰু লুটেইনাইজিং হৰম’ন, হাইপথেলামাছৰ পৰা নিৰ্গত হোৱা গনাড’ট্ৰেপিন হৰমনে ক্ষৰণ কৰে ।
এই হৰম’নবোৰে স্পাৰমেট’জেনেছিছ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ জড়িত থাকে । FSH হৰম’নে চাৰটলি কোষবোৰত ক্ৰিয়া কৰে আনহাতে, LH হৰম’নবিধে শুক্ৰাশয়ত থকা লেইডিগ কোষবোৰত ক্ৰিয়া কৰি স্পাৰমেট’জেনেছিছ প্ৰক্ৰিয়াটোক উদ্দীপনা যোগায় ।

প্ৰশ্ন:৮) শুক্ৰাণুজনন আৰু শুক্ৰাণুক্ষৰণৰ সংজ্ঞা লিখা ।
উত্তৰ:- শুক্ৰানুজনন:- স্পাৰমেটিডবোৰে পৈণত স্পাৰমেট’য’ৱালৈ বা শুক্ৰাণুলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক স্পাৰমিঅ’জেনেছিছ বোলে ।
শুক্ৰক্ষৰণ:- চাৰটলি কোষৰ পৰা পৈণত স্পাৰমেটয’ৱা নিৰ্গত হৈ চামিনিফেৰাছ নলীকাত ৰা প্ৰক্ৰিয়াটোক স্পাৰমিয়েছন বোলে ।

প্ৰশ্ন:৯) এটা পৈণত শুক্ৰাণুৰ চিহ্নিত চিত্ৰ আঁকা ।
উত্তৰ:-

প্ৰশ্ন:১০) শুক্ৰীয় জীৱদ্ৰৱ্যৰ প্ৰধান উপাদান সমূহ কি কি ?
উত্তৰ:- মুখ্য উপাদানবোৰ হৈছে শুক্ৰাণু আৰু চেমিনেল প্লাজমা । পুংজনন তন্ত্ৰত পোৱা চেমিনেল প্লাজমাৰ মুখ্য উপাদানবোৰ হৈছে মিউকাছ স্পাৰ’মেট’যৱা আৰু বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় গ্ৰন্থীবোৰে ক্ষৰণ কৰা দ্ৰব্য । চেমিনেল প্লাজমাত প্ৰচুৰ পৰিমাণে ফ্ৰুক্টজ, কেলছিয়াম, এচকাৰ্বিক এচিড আৰু নিৰ্দিষ্ট কিছুমান এনজাইম থাকে । এইবোৰে শুক্ৰাণুৰ পুষ্টি যোগোৱাৰ লগতে প্ৰতি ৰোধ ক্ষমতা প্ৰদান কৰে ।

প্ৰশ্ন:১১) পুৰুষৰ অতিৰিক্ত যৌননলী আৰু গ্ৰন্থীবোৰৰ মুখ্য কাৰ্যবোৰ উল্লেখ কৰা ।
উত্তৰ :- পুৰুষৰ অতিৰিক্ত যৌননলীবোৰ হৈছে ভাছা ইফাৰেনছিয়া, এপিডিডাইমিছ, ভাছা ডিফাৰেনছ আৰু ৰেটে টেছাটিছ । ইহঁতে শুক্ৰাণু পৰিবহনৰ লগতে অস্থায়ীভাৱে জমা কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ইয়াৰ বিপৰীতে পুং অত্যাৱশ্যকীয় গ্ৰন্থীবোৰ হৈছে চেমিনেল ভেছিকলছ, প্ৰষ্টেটগ্ৰন্থি আৰু বাল্বইডৰেথ্লেল গ্ৰন্থি । এই গ্ৰন্থিবোৰে ক্ষৰণ কৰা জুলীয়া দ্ৰৱই প্ৰজনন তন্ত্ৰটোৰ লগতে শুক্ৰাণুবোৰ পিছল কৰি তোলে । শুক্ৰাণুবোৰ এই জুলীয়া দ্ৰৱবিধত সিঁচৰিত হৈ পৰা বাবে স্ত্ৰী দেহৰ ভিতৰলৈ সহজতে যাব পাৰে । এই জুলীয়া দ্ৰৱবিধত ফ্ৰুক্টজ, এচকাৰ্বিক এছিড আৰু কিছুমান নিৰ্দিষ্ট এনজাইম থাকে প্ৰচুৰ পৰিমাণে । এইবোৰে শুক্ৰাণুলৈ প্ৰয়োজনীয় পুষ্টিকৰ আহাৰ যোগান ধৰাৰ লগতে ইয়াক সক্ৰিয় কৰি ৰাখে।

প্ৰশ্ন:১২) ডিম্বানুজনন কাক বোলে ? এই প্ৰক্ৰিয়াটো চমুকৈ ব্যাখ্যা কৰা ।
উত্তৰ:- যি প্ৰক্ৰিয়াৰে ডিম্বাশয়ৰ ভিতৰত একোটা পৈণত স্ত্ৰীজনন কোষ গঠিত হয় তাকেই ডিম্বানুজনন বোলে ।
ডিম্বানুজনন ডিম্বাশয়ত সংঘটিত হয় । ডিম্বানুজনন বা ওজেনেছিছৰ সময়ত এটা ডিপ্লইড ওগ’নিয়াম বা ডিম্ব মাতৃ কোষে নিজৰ আকাৰ বৃদ্ধি কৰি ডিপ্লইড মুখ্য অ’চাইটলৈ পৰিৱৰ্তন হয় । এই ডিপ্লইড মুখ্য অচাইটৰ প্ৰথম মিঅ’ছিছ বিভাজন সংগঠিত হয় । অৰ্থাৎ, এই বিভাজনৰ ফলস্বৰূপে দুটা অসমান হেপ্লইড কোষৰ গঠন হয় । ইয়াৰে সৰু কোষটোক প্ৰথম মেৰু দেহ বুলি জনা যায় । এই অডাইছবোৰৰ দ্বিতীয় মিঅ’ছিছ বিভাজন হয় অৰ্থাৎ কোষবোৰৰ সমানে বিভাজন হৈ দ্বিতীয় মেৰুদেহ আৰু ডিম্বক গঠন কৰে । প্ৰত্যেক অ’জেনেছিছ প্ৰক্ৰিয়াত এটা ডিপ্লিড অগ’নিয়ামে এটা এক সংখ্যক হেপ্লইড ডিম্বকৰ লগতে দুইৰ পৰা তিনি সংখ্যক মেৰুদেহ উৎপন্ন কৰে ।

প্ৰশ্ন:১৩) ডিম্বাশয়ৰ পৰিচ্ছেদ এটাৰ চিহ্নিত চিত্ৰ আঁকা ।
উত্তৰ:-

প্ৰশ্ন:১৫) তলত দিয়াবোৰৰ কাৰ্য উল্লেখ কৰা –
(a) কৰ্পাচ লুটিয়াম (b) এণ্ড’মেট্ৰিয়াম (c) এক্ৰ’জম (d) শুক্ৰাণুপুচ্ছ (e) ফিম্ব্ৰি

উত্তৰ :-
(a) কৰ্পাচ লুটিয়াম:- খণ্ডিত হোৱা গ্ৰাফিয়ান ফলিকলৰ পৰা কৰ্পাচ লুটিয়ামৰ গঠন হয় । ঋতুচক্ৰৰ সময়ত ই প্ৰগেষ্টেৰণ হৰম’ন ক্ষৰণ কৰে । এইদৰে বেছি পৰিমাণে ক্ষৰণ হোৱা প্ৰগেষ্টেৰণ হৰম’নে ফলিকল ষ্টিমুলেটিং হৰম’ন (FSH) আৰু লুইটেনাইজিং হৰম’ন ক্ষৰণত বাধা দিয়ে । ফলস্বৰূপে, অভিওলেছন প্ৰক্ৰিয়াটোত ব্যাঘাত জন্মে । ই জৰায়ুত থকা এণ্ড্ৰ’মেট্ৰিয়ামৰো দ্ৰুতভাৱে বিভাজন হোৱাত সহায় কৰি প্ৰক্ৰিয়াটো বদ্ধমূল কৰাৰ বাবে প্ৰচেষ্টা চলায় ।

(b) এণ্ড’মেট্ৰিয়াম:- ই জৰায়ুৰ আটাইতকৈ ভিতৰৰ ফালে সৃষ্টি হোৱা আৱৰণ । ইয়াত প্ৰচুৰ পৰিমাণে গ্ৰন্থি থাকে আৰু ঋতুচক্ৰৰ সময়ত বিভিন্ন দশাত ইয়াৰ কিছুমান চক্ৰিয় পৰিৱৰ্তন হৈ নিজকে ভ্ৰুণটো বিকাশৰ সময়ত বদ্ধমূল হোৱাত সহায় কৰে ।

(c) এক্ৰ’জম:- শুক্ৰাণুৰ একেবাৰে আগৰফালে মূৰৰ অংশত ইয়াক টুপি আকৃতিৰ গঠনত পোৱা যায় । এক্ৰ’জমত হাইএলোৰণিডেছ নামৰ এবিধ উৎসেচক পোৱা যায় যি বিধে ডিম্বকৰ বাহিৰৰ আৱৰণখন পাতল কৰে যাতে নিষেচনৰ সময়ত শুক্ৰাণু ডিম্বকৰ ভিতৰত প্ৰৱেশ কৰাত সহায় কৰে ।

(d) শুক্ৰাণুপুচ্ছ:- শুক্ৰাণুৰ আটাইতকৈ দীঘলীয়া অংশ এইটো, যিয়ে স্ত্ৰীৰ প্ৰজনন অংগৰ ভিতৰত শুক্ৰাণুৰ গতি লাভ কৰাত সহায় কৰে ।

(e) ফিম্ব্ৰি:- ফিম্ব্ৰিবোৰ ফেল’পিয়ান নলীকাৰ ডিম্বাশয়ৰ ফালে থকা অংশত কিছুমান আঙুলি সদৃশ প্ৰবদ্ধ হিচাপে পোৱা যায় । এইবোৰে ডিম্বকটো ধৰি ৰখাত সহায় কৰে । তাৰোপৰি এই কাৰ্যত বেছিকৈ সহায় হয় ইয়াৰ চিলিয়া সদৃশ প্ৰবদ্ধবোৰৰ বাবে ।

প্ৰশ্ন:১৬) শুদ্ধ/অশুদ্ধ উক্তি বোৰ বাচি উলিওৱা আৰু অশুদ্ধ উক্তিবোৰ শুদ্ধকৈ লিখা ।
(a) এণ্ড্ৰ’জেন হৰ্মন চাৰ্টলী কোষে ক্ষৰণ কৰে । (শুদ্ধ/অশুদ্ধ)
(b) শুক্ৰাণুবোৰে চাৰ্টলী কোষৰ পৰা পৰিপুষ্টি লাভ কৰে । (শুদ্ধ/অশুদ্ধ)
(c) লেইদিগ কোষবোৰ ডিম্বাশয়ত পোৱা যায় । (শুদ্ধ/অশুদ্ধ)
(d) লেইদিগ কোষে এণ্ড্ৰ’জেন সংশ্লেষণ কৰে । (শুদ্ধ/অশুদ্ধ)
(e) ডিম্বাণুজনন কৰ্পাচ লুটিয়ামত হয় । (শুদ্ধ/অশুদ্ধ)
(f) ৰজ:চক্ৰ গৰ্ভাৱস্থা কালত বন্ধ হৈ যায় । (শুদ্ধ/অশুদ্ধ)
(g) সতীচ্ছদ থকা নথকাটো সতীত্বৰ বিশ্বাসযোগ্য সূচক নহয় । (শুদ্ধ/অশুদ্ধ)
উত্তৰ :-
(a) অশুদ্ধ ।
(b) শুদ্ধ ।
(c) অশুদ্ধ ।
(d) শুদ্ধ ।
(e) অশুদ্ধ ।
(f) শুদ্ধ ।
(g) শুদ্ধ ।

প্ৰশ্ন:১৭) ৰজ:চক্ৰ কি ? কি হৰ্মনে ৰজ:চক্ৰ নিয়ন্ত্ৰণ কৰে ?
উত্তৰ:- ৰজ:চক্ৰ: ঋতুচক্ৰ বা ৰজ:চক্ৰ এটা শাৰীৰিক পৰিৱৰ্তন চক্ৰীয় শৃংখলা যিটো স্তন্যপায়ী প্ৰাণীৰ স্ত্ৰী-প্ৰজনন তন্ত্ৰৰ ভিতৰত সংঘটিত হয় । গোটেই চক্ৰটো সম্পূৰ্ণ হ’বলৈ প্ৰায় 24 দিন সময় লাগে । জৰায়ুত পোৱা এণ্ডথেলিয়ামৰ ভাঙোন ঘটি এই চক্ৰটোৰ অন্ত পেলায় । ভাঙি যোৱা এই এণ্ডথেলিয়াম বোৰ তেজ আৰু মিউকাছ আকাৰে যোনীয়েদি দেহৰ পৰা বাহিৰ হয় । ইয়াকে ঋতুস্ৰাৱ বা ৰজ:চক্ৰ বোলে।
ঋতুচক্ৰক ফলিকল ষ্টিমুলেটিং হৰম’ন, লুইটেনাইজিং হৰম’ন আৰু ইষ্ট্ৰ’জেন আৰু প্ৰগেষ্টেৰন আদি বিভিন্ন হৰম’নে নিয়ন্ত্ৰন কৰে ।
ফলিকুলৰ দশাত অগ্ৰজ পিটুইটেৰী গ্ৰন্থীৰ পৰা ক্ষৰণ হোৱা ফলিকুলাৰ ষ্টিমুলেটিং হৰম’ন আৰু লুইটেনাইজিং হৰম’নৰ পৰিমাণ বৃদ্ধি পায় । হাইপ’থেলামাছত থকা ক্ষৰিত হৰম’নৰ প্ৰভাৱত ফলিকল ষ্টিমুলেটিং হৰম’ন ক্ষৰণ হয়, ফলত মুখ্য ফলিকলবোৰ গ্ৰাফিয়ান ফলিকললৈ পৰিৱৰ্তন হ’বলৈ উত্তেজনা সৃষ্টি কৰে । লুইটেনাইজিং হৰম’নৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ লগে লগে ফলিকল আৰু ইষ্ট্ৰজেনৰ ক্ষৰণৰ মাত্ৰা বৃদ্ধি পায় । ইষ্ট্ৰজেনে ফলিকল ষ্টিমুলেটিং হৰম’নৰ ক্ষৰণত বাধা দিয়ে আৰু লুইটেনাইজিং হৰম’নৰ ক্ষৰণ কৰিৱলৈ উত্তেজনা সৃষ্টি কৰে । ই জৰায়ুৰ এণ্ডমেট্ৰিয়াবোৰ গোট মৰাত সহায় কৰে । লুইটেনাইজিং হৰম’নৰ পৰিমান বৃদ্ধি হ’লে গ্ৰাফিয়ান ফলিকল পৃথক হৈ পৰে আৰু ডিম্বক, ফেলপিয়ান নলীকাত ওলাই পৰে । ছেদ হৈ পৰা গ্ৰফিয়ান ফলিকলবোৰ, কৰ্পাছ লুটিয়ামলৈ পৰিৱৰ্তন হয় আৰু লুছিয়েল দশাত প্ৰগেষ্টেৰণ হৰম’ন ক্ষৰণ কৰিবলৈ আৰম্ভ কৰে । প্ৰগেষ্টেৰণ হৰম’ণে, ভ্ৰুণ গঠনৰ বাবে প্ৰয়োজন হোৱা এণ্ডমেট্ৰিয়ামৰ প্ৰস্তুতি আৰু ইয়াৰ তদাৰকী ভূমিকা পালন কৰাত সহায় কৰে । তেজত প্ৰগেষ্টেৰণ হৰম’নৰ পৰিমাণ বৃদ্ধি হ’লে লিউটেনাইজিং আৰু ফলিকল ষ্টিমুলেটিং হৰম’নৰ ক্ষৰণৰ মাত্ৰা কমি যায় । ফলত পুনৰ অভিও’লেছন হোৱাত বাধা জন্মে ।

প্ৰশ্ন:১৮) প্ৰসৱ কি ? প্ৰসৱ প্ৰৰোচনা কৰা হৰ্মনবোৰ কি কি ?
উত্তৰ:- প্ৰসৱ:- মাতৃৰ গৰ্ভত এটা ভ্ৰুণ পৈণত হোৱাৰ পিছত কেঁচুৱা আকাৰে জন্ম দিয়া প্ৰক্ৰিয়াটোক প্ৰসৱ বোলে ।
এই প্ৰক্ৰিয়াটোত জড়িত থকা হৰম’নবোৰ হৈছে এক্ৰিট’ছিন আৰু ৰিলেক্সিন । জৰায়ুৰ মায়’মেট্ৰিয়ামত থকা কোমল পেশীবোৰৰ সংকোচন ঘটাত এক্ৰিট’চিন জড়িত থাকে, যাৰ ফলত ভ্ৰুণটো প্ৰসৱৰ সময়ত জন্মনলীৰ ফাললৈ যোৱাত সহায় কৰে । আনহাতে, ৰিলেক্সিন হৰম’নে জৰায়ুৰ পৰা কেঁচুৱাটো জন্ম পাৱৰ বাবে পেলভিক পেশিবোৰ শিথিল কৰাত সহায় কৰে ।

প্ৰশ্ন:১৯) আমাৰ সমাজত প্ৰায়ে ছোৱালী জন্ম দিয়াৰ বাবে মহিলা সকলকেই দোষাৰোপ কৰা হয় । এই কথা কিয় যুক্তি সংগত নহয় কব পাৰিবানে ?
উত্তৰ:- সকলো মানৱ জাতিৰ দেহত 23 যোৰ ক্ৰম’জম থাকে । মতা মানুহৰ দেহত 22 যোৰ অ’ট’জম আৰু এক বা দুই প্ৰকাৰৰ যৌন ক্ৰম’জ’ম থাকে । এইবোৰ হয় X, নতুবা Y হয় । ইয়াৰ বিপৰীতে মাইকী মানুহৰ দেহত 22 যোৰ অ’ট’জম আৰু এযোৰ X যৌন ক্ৰম’জ’ম থাকে । এটা কেচুঁৱা ল’ৰা হ’বনে ছোৱালী হ’ব নিৰ্ধাৰণ কৰিৱলৈ, পুংজনন কোষত থকা যৌন ক্ৰম’জ’ম X বা Y যিটোৰেই স্ত্ৰীজনন কোষত থকা যৌন ক্ৰম’জ’ম X ৰ লগত মিলন ঘটিৱ, তাৰ ওপৰতে নিৰ্ভৰ কৰিৱ । যদি নিষিক্ত কৰা শুক্ৰাণুটোত X ক্ৰম’জ’ম থাকে তেন্তে তেন্তে কেচুঁৱাটো ছোৱালী হ’ৱ । আনহাতে যদি Y ক্ৰম’জ’ম থাকে তেন্তে ল’ৰা হ’ৱ। এতেকে সমাজত মহিলাসকলক ছোৱালী জন্ম দিয়াৰ বাবে দোষ জাপি দিয়াটো এক ভুল ধাৰণা ।

প্ৰশ্ন:২০) মানুহৰ ডিম্বাশয়ে এমাহত কিমান ডিম্ব ক্ষৰণ কৰে ? মাতৃয়ে যদি সদৃশ যমজ সন্তান জন্ম দিলেহেতেন, তেনেহলে কিমান ডিম্ব ক্ষৰণ কৰিলেহেতেন ? ভাতৃক (fraternal) যমজ সন্তানৰ ক্ষেত্ৰত তোমাৰ উত্তৰৰ কিবা পৰিবৰ্তন হবনে ?
উত্তৰ:- এটা ডিম্বাশয়ৰ পৰা প্ৰতি মাহে এটাকৈ ডিম্বক নিৰ্গমন হয় । যেতিয়া এটাৰ পাছত এটাকৈ, দুটা সন্তানৰ জন্ম হয়, তেতিয়া তাক যমজ বুলি কোৱা হয় । সাধাৰণতে এটা ডিম্বকৰ পৰা দুটা সন্তানৰ জন্ম হয় যেতিয়া প্ৰথম যোজন কোষটোৰ ভাঙোনৰ পাছত আগতীয়াকৈ ব্লাষ্টমিয়েৰবোৰ পৃথক। ফলস্বৰূপে নতুনকৈ গঠন হোৱা যোজন কোষ দুটাৰ বংশগত সাজোন একে হয় বাবে ইহঁতক যমজ বোলে।
যদিহে যমজ সন্তান দুটা একে ভাই-ককাই হয়, তেন্তে সিহঁত দুটা ভিন্ন ডিম্বকৰ পৰা গঠন হয়, এইটো ঘটিৱ যেতিয়া দুটা ডিম্বক (প্ৰত্যেক ডিম্বাশয়ৰ পৰা এটাকৈ) একে সময়তে নিৰ্গমন হৈ দুটা শুক্ৰাণুৰ লগত নিষেচনত লিপ্ত হয় । সেইবাবে নতুনকৈ জন্ম হোৱা কোষ দুটাৰ জিনৰ সাঁজোন ভিন্ন হয় । ফলস্বৰূপে ইয়াকে অসদৃশ যমজ বুলি কোৱা হয় ।

Leave a Comment