Class 10 Maths Exercise 3.3 PDF in Assamese

আপুনি বাৰু Class 10 Maths Exercise 3.3 PDF in Assamese বিচাৰি ইয়ালৈ আহিছে নেকি বা আপুনি এইবাৰ HSLC Final Exam 2023 দিব নেকি তেন্তে এই লিখনিয়ে আপোনাক বিভিন্ন প্ৰকাৰৰ সহায় কৰিব বুলি আমি আশাবাদী।

আজিৰ আলোচনাত আমি Class 10 Maths Exercise 3.3 PDF in Assamese দিবলৈ প্ৰয়াস কৰিছো যত Assamese Medium Class 10 Maths Exercise 3.3 ৰ প্ৰতিটো প্ৰশ্নৰ সমাধান পাব।

Class 10 Maths Exercise 3.3 ত কি কি প্ৰশ্ন আছে ?

আমি যদি ভালদৰে লক্ষ্য কৰোঁ তেন্তে পাম যে Class 10 Maths Exercise 3.3 ত মুঠ 7 টা প্ৰশ্ন আছে । ইয়াত আমি পোনে পোনে প্ৰশ্ন কেইটা তলত উল্লেখ কৰিছো আৰু তাৰ সমাধান হিচাপে আমি Class 10 Maths Exercise 3.3 PDF in Assamese তলৰ লিংকত যোগান ধৰিব প্ৰয়াস কৰিছো।

Class 10 Maths Exercise 3.3 Question in Assamese

1. প্ৰতিষ্ঠাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণৰ যোৰবোৰ সমাধা কৰাঃ
(i) x + y = 14
x – y = 4
(ii) s – t = 3
s/3 + t/2 = 6
(iii) 3x – y = 3
9x – 3y = 9
(iv) 0.2x + 0.3y = 1.3
0.4x + 0.5y = 2.3

2. 2x + 3y = 11 আৰু 2x – 4y = – 24 ক সমাধা কৰা। ইয়াৰ পৰা ‘m’ ৰ মান উলিওৱা যাতে y = mx + 3
3. তলৰ সমস্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ যোৰ গঠন কৰা আৰু প্ৰতিষ্ঠাপন পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা।
(i) দুটা সংখ্যাৰ পাৰ্থক্য 26। এটা সংখ্যা আনটোৰ তিনিগুণ হ’লে সংখ্যা দুটা উলিওৱা।
(ii) দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি। কোণ দুটা নিৰ্ণয় কৰা।
(iii) এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7 খন বেট আৰু 6 টা বল কিনে 3800 টকাত। পিছত তেওঁ 3 খন বেট আৰু 5 টা বল কিনে 1750 টকাত। প্ৰতিখন েট আৰু প্ৰতিটো বলৰ দাম উলিওৱা।
(iv) এখন চহৰৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগলাগি থাকে। 10 কি.মি. দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা আৰু 15 কি.মি. ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা। নিৰ্দিষ্ট আৰু প্ৰতি কি.মি. ভ্ৰমণ এটাৰ ভাড়া কিমান? 25 কি.মি. দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিব লাগিব?
(v) এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11। যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয়, তেন্তে ভগ্নাংশটো হয় 5/6। ভগ্নাংশটো উলিওৱা।
(vi) আজিৰ পৰা পাঁচ বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ তিনিগুণ হ’ব। পাঁচ বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ সাতগুণ আছিল। তেওঁলোকৰ বৰ্তমান বয়স কিমান?

Class 10 Maths Exercise 3.3 PDF in Assamese

আপুনি যদি Class 10 Maths Exercise 3.3 PDF Assamese Medium ৰ পৰা পঢ়িব বিচাৰে তেন্তে তলত দিয়া লিংকত ক্লিক কৰক।

Class 10 Maths Exercise 3.3 PDF in Assamese

প্ৰত্যুত্তৰ দিয়ক