Class 10 Mathematics Chapter 7 in Assamese | HSLC 2024

Class 10 Mathematics Chapter 7 in Assamese ৰ সম্পূৰ্ণ অনুশীলনীৰ সমাধান লৈ আমি আকৌ এবাৰ আহিছোঁ Assamese Medium লৈ। আশা কৰো আপোনালোকৰ প্ৰয়োজনত আমি অলপ হলেও সহায়ৰ হাত আগবঢ়াব পাৰোঁ।

Watch FREE Video Classes

মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধবী সকল। আমি এতিয়া আলোচনা কৰিব গৈ আছোঁ Class 10 Mathematics Chapter 7 in Assamese তথা “স্থানাংক জ্যামিতি” অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ সপ্তম অধ্যায়।

Class 10 Mathematics Chapter 7 in Assamese

Class 10 Mathematics Chapter 7 in Assamese 2024

ইয়াত আমি কোনো সূত্ৰৰ কথা আলোচনা নকৰি কেৱল Class 10 Mathematics Chapter 7 in Assamese ৰ অনুশীলনীৰ প্ৰতিটো প্ৰশ্নৰ সমাধান দিবলৈ চেষ্টা কৰিছোঁ। আমি Class 10 Maths Ex 7.1 in Assamese pdf, Class 10 Maths Ex 7.2 in Assamese pdf, Class 10 Maths Ex 7.3 in Assamese pdf, Class 10 Maths Ex 7.4 in Assamese pdf ইয়াত ডাউনলোড কৰাৰ বাবে আৰু প্ৰতিটো অনুশীলনীৰ প্ৰথম প্ৰশ্নৰ সমাধানৰ আৰ্হি হিচাপে প্ৰকাশ কৰিছো। আপুনি ইচ্ছা কৰিলে ডাউনলোড কৰিব পাৰে।

Class 10 Mathematics Chapter 7 in Assamese ত অতি প্ৰয়োজনীয় কিছু সূত্ৰ হিচাপে আহিব। যদি আপুনি এই সূত্ৰ সমূহ জানি এই অধ্যায়ৰ অনুশীলনীৰ সমাধান কৰিব চেষ্টা কৰি আছে তেন্তে একে বাৰেই সহজ হৈ পৰিব।

  • দূৰত্বৰ সূত্ৰ
  • বিভাজনৰ সূত্ৰ
  • ত্ৰিভুজৰ কালিৰ সূত্ৰ

Class 10 Maths Exercise 7.1 in Assamese

  1. তলৰ প্ৰতিটো বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা।
    • (2, 3), (4, 1)
    • (-5, 7), (-1, 3)
    • (a, b), (-a, -b)
  2. 0, 0) আৰু (36, 15) ৰ মাজত দূৰত্ব উলিওৱা।
  3. (1, 5), (2, 3) আৰু (-2, -11) বিন্দুকেইটা একৰেখীয় হয়নে নিৰ্ণয় কৰা।
  4. (5, -2), (6, 4) আৰু (7, -2) বিন্দুকেইটা এটা সমবাহু ত্ৰিভূজৰ শীৰ্ষবিন্দু হয় নে নহয় পৰীক্ষা কৰা।
  5. এটা শ্ৰেণীকোঠাত 4 জন বন্ধু চিত্ৰত দিয়াৰ দৰে A, B, C আৰু D স্থানত বহিছে। চম্পা আৰু চামেলি শ্ৰেণী কোঠআলৈ সোমাই গ’ল আৰু অলপ সময় নিৰীক্ষণ কৰাৰ পাছত চম্পাই চামেলিক সুধিলে “ABCD এটা বৰ্গ বুলি তুমা নাভাবানে?” চামেলিয়ে বৰ্গ নহ’ব বুলি জনালে। দূৰত্বৰ সূত্ৰ ব্যৱহাৰকৰি তেওঁলোক দুজনীৰ কোন শুদ্ধ নিৰূপণ কৰা।
  6. তলৰ বিন্দুবিলাকে যদি চতুৰ্ভূজ গঠন কৰে তেনেহ’লে সেই চতুৰ্ভূজৰ স্বৰূপ নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰৰ সাপেক্ষে কাৰণ দাঙি ধৰা।
    • (-1, -2), (1, 0), (-1, 2), (-3, 0)
    • (-3, 5), (3, 1), (0, 3), (-1, -4)
    • (4, 5), (7, 6), (4, 3), (1, 2)

7. (2, -5) আৰু (-2, 9) বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা।
8. y ৰ সেই মান নিৰ্ণয় কৰা যাৰ বাবে P(2, -3) আৰু Q(10, y) বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক হয়।
9. যদি Q(0, 1) বিন্দুটো P(5, -3) আৰু R(x, 6) ৰ পৰা সমদূৰৱৰ্তী তেন্তে x অৰ মান উলিওৱা। তদুপৰি QR আৰু PR ৰ দূৰত্বকেইটা উলিওৱা।
10. x আৰু y ৰ মাজৰ সম্পৰ্ক উলিওৱা যাতে (x, y) বিন্দুটো (3, 6) আৰু (-3, 4) বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী হয়।

Download PDF Solution

ওপৰত উল্লেখ কৰা প্ৰতিটো প্ৰশ্নৰ সমাধান Class 10 Maths Ex 7.1 Solution in Assamese PDF হিচাপে তলত দিয়া লিংকত যোগান ধৰাৰ প্ৰয়াস কৰিছো। ইয়াৰ ওপৰিও আমি ইয়াত এটা Sample Solution ও দিছোঁ যাতে আপুনি অনুমান কৰিব পাৰে কি Class 10 Maths Ex 7.1 in Assamese সমাধান দিয়া হৈছে। আপুনি যদি Class 10 Maths Ex 7.1 Solution in Assamese লাগে বুলি ভাৱে তেন্তে তলত দিয়া হৈছে লিংকত ক্লিক কৰক।

Class 10 Maths Exercise 7.1 Solution in Assamese PDF

Watch Video Class

Class 10 Maths Exercise 7.2 in Assamese

  1. (-1, 7) আৰু (4, -3) ৰ ,সংযোগী ৰেখাখণ্ডক 2 : 3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা।
  2. (4, -1) আৰু (-2, -3) ৰ সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দু কেইটাৰ স্থানাংক নিৰ্ণয় কৰা।
  3. তোমালোকৰ স্কুলৰ আয়তাকাৰ খেল পথাৰ ABCD ত খেল দিৱস উপলক্ষে খেল-ধেমালি অনুষ্ঠিত কৰিবলৈ চক্ পাউদাৰেৰে 1 মিটাৰৰ ব্যৱধানত কিছুমান লাইন টনা হ’ল। 100 টা ফুলৰ টাব এটাৰ পৰা আনটোৰ ব্যৱধান 1 মিটাৰকৈ চিত্ৰত দেখুওৱাৰ দৰে ADৰ দিশত ৰখা হ’ল। নীহাৰিকাই দ্বিতীয় লাইন ডালেৰে AD ৰ 1/4 অংশ দৌৰি গৈ তাতে এখন সেউজীয়া পতাকা পুতি থ’লে। পদ্মই অষ্টম লাইন ডালেৰে AD ৰ 1/5 অংশ দৌৰি গৈ তাতে এখন ৰঙা পতাকা পুতি থ’লে। এই পতাকা দুখনৰ মাজৰ দূৰত্ব কিমান? যদি ৰশ্মিয়ে আগৰ পতাকা দুখন সংযোগী ৰেখআখণ্ডৰ ঠিক মধ্যস্থানত এখন নীয়া পতাকা পুতিব লগা হয়, তেন্তে তেওঁ কোন স্থানত এই পতাকাখন পুতিব?
  4. (-1, 6) বিন্দুটোৱে (-3, 10) আৰু (6, -8) বিন্দু সংযোগী ৰেখাক কি অনুপাতত ভাগ কৰিব?
  5. A(1, -5) আৰু B(-4, 5) বিন্দু সংযোগী ৰেখআখণ্ডক x-অক্ষই কি অনুপাতত ছেদ কৰিব নিৰ্ণয় কৰা। লগতে ছেদ বিন্দুটোৰ স্থানাংকও উলিওৱা।
  6. যদি (1, 2), (4, y), (x, 6) আৰু (3, 5) বিন্দুকেইটা এইটো ক্ৰমতে এটা সামান্তৰিকৰ শীৰ্ষবিন্দু হয় তেন্তে x আৰু y উলিওৱা।
  7. এটা বৃত্তৰ এডাল ব্যাস AB ৰ A বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা যেতিয়া বৃত্তটোৰ কেন্দ্ৰ (2, -3) আৰু B বিন্দুৰ স্থানাংক (1, 4)।
  8. যদি A আৰু B বিন্দুৰ স্থানাংক ক্ৰমে (-2, -2) আৰু (2, -4), তেন্তে P বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা যাতে AP = 3/7AB আৰু P বিন্দুটো AB ৰেখআখণ্ডৰ ওপৰত থাকে।
  9. A(-2, 2) আৰু B(2, 8) বিন্দু সংযোগী ৰেখাখণ্ডক চাৰিটা সমান ভাগত ভাগ কৰা বিন্দুকেইটাৰ স্থানাংক উলিওৱা।
  10. এটা ৰম্বাছৰ কালি নিৰ্ণয় কৰা যদিহে তাৰ শীৰ্ষবিন্দু বিলাকৰ স্থানাংক ক্ৰম অনুসৰি (3, 0), (4, 5), (-1, 4) আৰু (-2, -1)।

Download PDF Solution

ওপৰত উল্লেখ কৰা প্ৰতিটো প্ৰশ্নৰ সমাধান Class 10 Maths Ex 7.2 Solution in Assamese PDF হিচাপে তলত দিয়া লিংকত যোগান ধৰাৰ প্ৰয়াস কৰিছো। ইয়াৰ ওপৰিও আমি ইয়াত এটা Sample Solution ও দিছোঁ যাতে আপুনি অনুমান কৰিব পাৰে কি হিচাপে Class 10 Maths Ex 7.2 in Assamese সমাধান দিয়া হৈছে। আপুনি যদি Class 10 Maths Ex 7.2 Solution in Assamese লাগে বুলি ভাৱে তেন্তে তলত দিয়া হৈছে লিংকত ক্লিক কৰক

Class 10 Maths Exercise 7.2 Solution in Assamese

Watch Video Class

Class 10 Maths Exercise 7.3 in Assamese

  1. ত্ৰিভূজৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক হ’ল
    • (2, 3), (-1, 0), (2, -4)
    • (-5, -1), (3, -5), (5, 2)
  2. তলৰ প্ৰতিটো ক্ষেত্ৰত ‘k’ ৰ মান উলিওৱা যেতিয়া সেই বিন্দুবিলাক একৰেখীয়।
    • (7, -2), (5, 1), (3, k)
    • (8, 1), (k, -4), (2, -5)
  3. (0, -1), (2, 1) আৰু (0, 3) শীৰ্ষবিন্দু কেইটাৰে গঠিত ত্ৰিভূজটোৰ বাহুবিলাকৰ মধ্যবিন্দুকেইটা সংযোগ কৰি গঠন কৰা ত্ৰিভূজটোৰ কালি নিৰ্ণয় কৰা। এই ত্ৰিভূজটোৰ কালি আৰু প্ৰদত্ত ত্ৰিভূজটোৰ কালিৰ অনুপাত নিৰ্ণয় কৰা।
  4. সেই চতুৰ্ভূজটোৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক ক্ৰম অনুসৰি (-4, -2), (-3, -5), (3, -2) আৰু (2, 3)।
  5. তোমালোকে নৱম শ্ৰেণীত পঢ়ি আহিছা যে ত্ৰিভূজৰ মধ্যমা এডালে ত্ৰিভূজটোক দুটা ভাগত ভাগ কৰে যাৰ কালি সমান। ∆ABC ৰ ক্ষেত্ৰত ইয়াৰ স্যাপন কৰা যদি ইয়াৰ শীৰ্ষবিন্দুকেইটা A(4, -6), B(3, -2) আৰু C(5, 2)।

Download PDF Solution

ওপৰত উল্লেখ কৰা প্ৰতিটো প্ৰশ্নৰ সমাধান Class 10 Maths Ex 7.2 Solution in Assamese PDF হিচাপে তলত দিয়া লিংকত যোগান ধৰাৰ প্ৰয়াস কৰিছো। ইয়াৰ ওপৰিও আমি ইয়াত এটা Sample Solution ও দিছোঁ যাতে আপুনি অনুমান কৰিব পাৰে কি হিচাপে Class 10 Maths Ex 7.2 in Assamese সমাধান দিয়া হৈছে। আপুনি যদি Class 10 Maths Ex 7.2 Solution in Assamese লাগে বুলি ভাৱে তেন্তে তলত দিয়া হৈছে লিংকত ক্লিক কৰক

Class 10 Maths Exercise 7.3 Solution in Assamese PDF

Watch Video Class

শেষ বাক্য

আজি আমি আকৌ Class 10 Mathematics ৰ আন এটা অধ্যায় “স্থানাংক জ্যামিতি” ৰ সম্পূৰ্ণ সমাধান আলোচনা কৰিছোঁ। আশা কৰো আপোনালোকে ইয়াক শিকিবলৈ যত্ন কৰিছে আৰু আন আন ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে এই আলোচ্য বিষয়সমূহ আপোনাৰ বন্ধু বান্ধবীৰ সৈতে ভাগ-বতৰা কৰিব।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment