ADVERTISEMENT

Class 10 Science Chapter 5 Assamese Medium Question Answer

মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজনৰ প্ৰশ্ন উত্তৰ তথা Class 10 Science Chapter 5 Assamese Medium Question Answer প্ৰশ্ন উত্তৰ আমি আজি আলোচনা কৰিব গৈ আছো কিন্তু তাৰ আগতে ইয়াত কিছু কিছু পাঠ্যপুথিৰ কথা আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ।

Class 10 Science Chapter 5 Assamese Medium ত বহু গুৰুত্বপুৰ্ণ কথা আলোচনা কৰা হৈছে। মৌলৰ পৰ্যাবৃত্ত তালিকা কিদৰে প্ৰস্তুত কৰা হল তাৰে ইতিবৃত্তি আলোচনা কৰা হৈছে।

ড’বাৰেইনাৰৰ ট্ৰয়াদ (Dobereiner’s Triads), নিউলেণ্ডছৰ অষ্টক সূত্ৰ (Newland’s Law of Octaves) মেণ্ডেলিভৰ পৰ্য্যবৃত্ত তালিকা প্ৰস্তুতৰ সফলতা বা বিফলতাৰ ওপৰিও হেনৰী ম’জলে কিদৰে আধুনিক মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন কিদৰে কৰিলে তাৰ বিষয়ে বিতং আলোচনা কৰা হৈছে।

ইয়াত আমি Class 10 Science Chapter 5 Assamese Medium Question Answer ৰ পাঠ্যপুথিৰ ধাৰণা আলোচনা নকৰি পোনে পোনে পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। কিন্তু তাৰ আগতে আপোনাৰ সুবিধাৰ বাবে আমি আলোচনা কৰা Class 10 Science ৰ আন আন অধ্যায় সমূহ ইয়াত যোগান ধৰিব প্ৰয়াস কৰিছোঁ, আপুনি বিচাৰিলে পঢ়িব পাৰে।

Class 10 Science Chapter 5 Assamese Medium Question Answer
ADVERTISEMENT

Class 10 Science Chapter 5 Assamese Medium Question Answer

আজি আমি ইয়াত অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞান বিষয়ৰ পঞ্চম অধ্যায় “মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন” ৰ পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ লগতে অনুশীলনীৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ।

ADVERTISEMENT
ADVERTISEMENT

Class 10 Science Chapter 5 MCQ in Assamese

  1. এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ’ল 2, 8, 71 তলত মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ?(HSLC-2020)
    (i) N (7)
    (ii) F (9)
    (iii) P (15)
    (iv) Ar (18)
    উত্তৰ : (ii) F (9)
  2. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা ‘K’ মৌলৰ অক্সাইডটোৰ সংকেত হ’ল (HSLC-2022)
    (i) KO2,
    (ii) K2O
    (iii) K2O3
    (iv) K 2 O 2
    উত্তৰ : (ii) K2O
  3. পৰ্য্যাবৃত্ত তালিকাৰ পৰ্য্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিবৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয় ?
    (a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে
    (b) যোজক ইলেকট্ৰনৰ সংখ্যা বাঢ়ে
    (c) পৰমাণুসমূহে সহজতে সিহঁতৰ ইলেকট্রন ত্যাগ কৰিব পাৰে
    (d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে
    উত্তৰঃ (c) পৰমাণুসমূহে সহজতে সিহঁতৰ ইলেকট্রন ত্যাগ কৰিব পাৰে।
  4. মৌল X যে XCI, সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি ?
    (a) Na
    (c) Al
    (b) Mg
    (d) Si
    উত্তৰ : (b) Mg
  5. পৰ্য্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্য্যায়ত থকা ধাতু সমূহৰ নাম লিখা ।(HSLC ’16)
    (a) কার্বন, হাইড্রজেন
    (b) লিথিয়াম, বেৰিলিয়াম
    (c) জিংক, আৰ্চেনিক
    (d) কেডমিয়াম, ফ্রেমিয়াম
    উত্তৰ: (b) লিথিয়াম, বেৰিলিয়াম
  6. মৌলৰ পৰ্য্যাবৃত্ত তালিকাৰ পৰ্য্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণবিক ব্যাসার্ধক্রমান্বয়ে (HSLC’16)
    (a) বাঢ়ে
    (b) কমে
    (c) একেই থাকে
    (d) ওপৰৰ এটাও নহয়
    উত্তৰ : (b) কমে
  7. পর্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে এটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোন (HSLC-2018)
    (a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে
    (b) যোজক ইলেকট্ৰনৰ সংখ্যা বাঢ়ে
    (c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায
    (d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে
    উত্তৰ : (d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে
  8. মৌল X যে XCI, সংকেতৰ ক্ল’ৰাইড কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গত থকা সম্ভাৱনা সবাতোকৈ বেছি (HSLC-2019)
    (i) Na
    (ii) Mg
    (iii) Al
    (iv) Si
    উত্তৰ : (ii) Mg
  9. ট্রায়াড সূত্ৰ আগবঢ়াইছিল—
    (a) ড’ বাৰেইনাৰে
    (b) মেণ্ডেলিফ
    (c) লোমাৰ মেয়বিন
    (d) নিউলেণ্ডে
    উত্তৰ : (a) ড’বাৰেইনাৰে
  10. আধুনিক পর্যায়বৃত্ত তালিকাৰ ভিত্তি হ’ল—
    (a) পাৰমাণবিক ভৰ
    (b) পাৰমাণৱিক সংখ্যা
    (c) নিউট্ৰ’নৰ সংখ্যা
    (d) ইলেকট্ৰ’নৰ সংখ্যা
    উত্তৰ : (b) পাৰমাণৱিক সংখ্যা
  11. আধুনিক পর্যাবৃত্ত তালিকাখন প্ৰস্তুত কৰা বিজ্ঞানীজনৰ নাম হ’ল-
    (a) মেণ্ডেলিফ
    (c) নীলছ বৰ
    (b) মজলি
    (d) নিউলেণ্ড
    উত্তৰ : (c) নীলছ বৰ
  12. অষ্টক সূত্ৰটো আগবঢ়াইছিল –
    (a) মেয়াৰ
    (b) ড’বাৰেইনাৰ
    (c) নিউলেণ্ড
    (d) মজলি
    উত্তৰ: (c) নিউলেণ্ড
  13. মেণ্ডেলিফৰ দিনত মৌলৰ সংখ্যা আছিল—
    (a) 63
    (c) 9
    (b) 109
    (d) 65
    উত্তৰ : (a) 63
  14. তলত দিয়াবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা ।
    (a) P
    (b) s
    (c) Cl
    (d) Si
    উত্তৰ : (d) Si
  15. একে বৰ্গত থকা মৌল দুটা হ’ল –
    (a) N, O
    (b) Ne, Ar
    (c) K, Ca
    (d) Mn, Fe
    উত্তৰ : (b) Ne, Ar
  16. একে পর্যায়ত থকা মৌল দুটা হ’ল-
    (a) H, He
    (b) Li, Na
    (c) O,s
    (d) B, Al
    উত্তৰ : (a) H, He
  17. তলৰ কোন কেইটা মৌল ড’বাৰেইনাৰে ট্ৰায়াড পোৱা যায়—
    (a) N, P, As
    (c) Ca, cl, P
    (b) Ca, Sr, Ba
    (d) Li, Sr, I
    উত্তৰ : (b) Ca, Sr, Ba
  18. নিউলেণ্ডৰ সময়ত মৌলৰ সংখ্যা ধৰা হৈছিল—
    (a) 50
    (c) 56
    (b) 65
    (d) 105
    উত্তৰ : (c) 56
  19. আধুনিক পর্যাবৃত্ত তালিকাত পঞ্চম পৰ্যায়ত থকা মৌলৰ সংখ্যা হ’ল—
    (a) 8
    (b) 32
    (c) 18
    (d) 20
    উত্তৰ : (c) 18
  20. একে পর্যায়ত থকা মৌলবোৰৰ বাওফালৰ পৰা সোফাললৈ পাৰমাণবিক ব্যাসাৰ্দ্ধ—
    (a) কমি যায়
    (c) একেইথাকে
    (b) বাঢ়ে
    (d) প্রথমতেকমে, পিছতবাঢ়ে
    উত্তৰ : (a) কমি যায়
  21. একে বর্গত থকা মৌল কেইটা-
    (a) Li, Na, k
    (c) Na, Mg, Al
    (b) Li, Be, B
    (d) P,S, Cl
    উত্তৰ : (a) Li, Na, k
  22. পাৰমাণৱিক সংখ্যা 12 হ’লে যোজ্যতা হ’ব-
    (a) 1
    (c) 4
    (b) 2
    (d) 3
    উত্তৰ : (b) 2
  23. আধুনিক পর্যাবৃত্ত তালিকাৰ ভিত্তি হ’ল-
    (a) পাৰমাণৱিক ভৰ
    (b) পৰমাণু ক্রমাংক
    (c) ইলেকট্রনীয় বিন্যাস
    (c) যোজ্যতা
    উত্তৰ : (b) পৰমাণু ক্রমাংক
  24. B, Be, O আৰু Nমৌলকেইটাৰ পাৰমাণৱিক ব্যাসাৰ্দ্ধৰ অধোক্রম হ’ব—
    (a) Be>B>N>O
    (c) B>Be>O>N
    (b) O>N>B>Be
    (d) N>O>Be>B
    উত্তৰ : (a) Be>B>N>O
  25. মৌলসমূহক শ্ৰেণীবিভাজন কৰা পৰ্যাবৃত্ত তালিকাৰ উদ্ভাৱকজন হ’ল-
    (a) লোথাৰ মেয়াৰ
    (b) ই. ৰাডাৰফ’ৰ্ড
    (c) জে. ডব্লিউ. ডবাৰেইনাৰ
    (d) ডি. আই. মেণ্ডেলিভ
    উত্তৰ : (d) ডি. আই. মেণ্ডেলিভ
  26. ক্ষাৰ ধাতু সমূহৰ বহিঃতম খোলত থকা ইলেক্ট্ৰনৰ সংখ্যা হৈছে-
    (a) 1
    (b) 2
    (c) 8
    (d) 4
    উত্তৰ : (a) 1
  27. সবাতোকৈ বিদ্যুৎ ঋণাত্মক মৌলটো হৈছে—
    (a) O
    (b) F
    (c) Cl
    (d) Na
    উত্তৰ : (b) F
  28. পর্যাবৃত্ত তালিকাৰ দ্বিতীয় আৰু চতুর্থ পৰ্যায়ৰ মৌল যথাক্রমে——
    (a) 2, 8
    (b) 8, 8
    (c) 8, 18
    (d) 18, 18
    উত্তৰ : (c) 8, 18
  29. তলত দিয়া মৌলসমূহৰ আয়নীকৰণ শক্তি কোনটোৰ আটাইতকৈ বেছি?
    (a) Li
    (b) B
    (c) N
    (d) o
    উত্তৰ : (c) N
  30. Na, K, Rb আৰু Cs ৰ ধাতবীয় গুণৰ বৰ্ধিত ক্ৰমটো হৈছে—
    (a) Cs < Rb < K < Na
    (b) Na < K < Rb < Cs
    (c) Cs < Na < K<Rb
    (d) Na < Cs < K<Rb
    উত্তৰ : (b) Na < K< Rb < Cs
  31. পর্যাবৃত্ত তালিকাৰ কেইটা বৰ্গ আছে?
    (a) 16টা
    (b) 12টা
    (c) 18টা
    (d) 14টা
    উত্তৰ : (c) 18 টা
  32. আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত কোনকেইটা ধাতু ?
    (a) লিথিয়াম আৰু মেগনেচিয়াম
    (b) লিথিয়াম আৰু হাইড্ৰনিয়াম
    (c) মেগনেলিয়াম আৰু বেৰিলিয়াম
    (d) লিথিয়াম আৰু বেৰিলিয়াম
    উত্তৰ : (d) লিথিয়াম আৰু বেৰিলিয়াম
  33. ট্রায়াড সূত্ৰ আগবঢ়োৱা জার্মান বিজ্ঞানীজনৰ নাম লিখা
    (a) জে. ডব্লিউ. ড’বাৰেইনাৰ
    (b) এ. আৰ নিউলেণ্ড
    (c) ৰাডাৰফৰ্ড
    (d) ওপৰৰ এটাও নহয
    উত্তৰ : (a) জে. ডব্লিউ. ড’বাৰেইনাৰ
  34. অষ্টক সূত্ৰটো কোনজন বিজ্ঞানীয়ে আগবঢ়ায়।
    (a) জে. ডব্লিউ. ড’বাৰেইনাৰ
    (b) ৰাডাৰফৰ্ড
    (c) এ আৰ নিউলেণ্ড
    (d) ওপৰৰ এটাও নহয়
    উত্তৰঃ (c) এ আৰ নিউলেণ্ড
  35. মেণ্ডেলিফৰ তালিকাখনক কি বুলি কোৱা হয় ৷
    (a) মেণ্ডেলিক তালিকা
    (b) মৌল তালিকা
    (c) পর্যায়ক্রম তালিকা
    (d) পর্যাবৃত্ত তালিকা
    উত্তৰ : (d) পর্যাবৃত্ত তালিকা
  36. মেণ্ডেলিফৰ দিনত কিমানটা মৌলৰ অস্তিত্বৰ সম্বন্ধে জনা গৈছিল ?
    (a) 63 টা
    (c) 61 টা
    (b) 62 টা
    (d) 60 টা
    উত্তৰ : (a) 63 টা
  37. মৌলবোৰৰ ভৌতিক আৰু ৰাসায়নিক ধর্মবোৰ মৌলবোৰৰ –—অনুযায়ী পৰ্যায়ক্রমে পৰিবৰ্তন হয় ৷
    (a) পাৰমাণৱিক ওজন
    (b) পাৰমাণৱিক ক্ৰম
    (c) পাৰমাণৱিক ভৰ
    (d) ওপৰৰ এটাও নহয
    উত্তৰঃ (c) পাৰমাণৱিক ভৰ
  38. আধুনিকপর্যাবৃত্ত তালিকাৰ ভিত্তি কি ?
    (a) পাৰমাণৱিক সংখ্যা
    (b) পাৰমাণৱিক ভৰ
    (c) পাৰমাণৱিক ক্ৰম
    (d) ওপৰৰ এটাও নহয়
    উত্তৰ : (a) পাৰমাণৱিক সংখ্যা
  39. আধুনিক পর্যাবৃত্ত তালিকাত পর্যায় আৰু বৰ্গৰ সংখ্যা কিমান ?
    (a) 5 টা পৰ্যায় আৰু 12টা বৰ্গ
    (b) 7 টা পৰ্যায় আৰু 15টা বৰ্গ
    (c) 5 টা পৰ্যায় আৰু 16টা বৰ্গ
    (d) 7 টা পৰ্যায় আৰু 1 ৪টা বৰ্গ
    উত্তৰ : (d) 7 টা পৰ্যায় আৰু 1 ৪টা বৰ্গ
  40. আধুনিক পর্যাবৃত্ত তালিকাখন কোনে প্রস্তুত কৰিছিল ?
    (a) নীলব’ৰ
    (b) জে. ডব্লিউ. ড’বাৰেইনাৰ
    ((c) এ. আৰ নিউলেণ্ড
    (d) ৰাডাৰফৰ্ড
    উত্তৰ : (a) নীলব’ৰ
  41. পর্যাবৃত্ত তালিকাৰ পৰ্যায় কাক বোলে ?
    (a) থিয়কৈ থকা শাৰীবোৰক
    (b) পথালিকৈ থকা শাৰীবোৰক
    (c) কোণীয়াকৈ থকা শাৰীবোৰক
    (d) ওপৰৰ এটাও নহয
    উত্তৰ: (b) পথালিকৈ থকা শাৰীবোৰক
  42. দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত থকা মৌলৰ সংখ্যা কিমান ?
    (a) আঠটা
    (b) দুটা
    (c) দহটা
    (d) ছয়টা
    উত্তৰ : (a) আঠটা
  43. বৰ্গ এটাত মৌলৰ যোজ্যতাৰ কি পৰিবৰ্তন হয় ?
    (a) কমি যায়
    (b) বাঢ়ে
    (c) প্রথমে কমে তাৰ পিছত বাঢ়ে
    (d) একো পৰিৱৰ্তন নহয়
    উত্তৰ : (d) একো পৰিৱৰ্তন নহয

প্ৰশ্নাৱলী Page No 81 Class 10 Science Chapter 5 Assamese Medium

1.নিউলেণ্ডছ অষ্টকৰ স্তম্ভবােৰত ড’বাৰেইনাৰৰ ট্রায়াড আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা
উত্তৰ – হয়, নিউলেণ্ডছ অষ্টকৰ স্তম্ভবােৰত ড’বাৰেইনাৰৰ ট্রায়াড আছিল ৷ ড’বাৰেইনাৰৰ লিথিয়াম(Li) , ছ’ডিয়াম(Na) , আৰু পটেছিয়ামেৰে(K) গঠিত ট্ৰায়াডটো নিউলেণ্ডছ অষ্টকৰ এটা স্তম্ভত আছিল ৷

2. ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবােৰ কি কি আছিল ?
উত্তৰ – ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবােৰ তলত উল্লেখ কৰা হ’ল –
(i) ড’বাৰেইনাৰে সেইসময়লৈকে জ্ঞাত হোৱা মৌলবোৰৰ মাজৰ পৰা মাত্ৰ তিনিটা ট্ৰায়াডহে চিনাক্ত কৰিব পাৰিছিল ৷
(ii) পিছলৈ আবিস্কাৰ হোৱা মৌলবোৰক ট্ৰায়াড হিচাপে শ্ৰেণীভূক্ত কৰিব পৰাকৈ ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ পদ্ধতিটো ব্যৱহাৰোপযোগী নাছিল ৷

3. নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবােৰ কি কি আছিল ?
উত্তৰ – নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবােৰ তলত উল্লেখ কৰা হ’ল –
(i) নিউলেণ্ডছৰ অষ্টক সূত্ৰ কেৱল কেলছিয়াম পৰ্যন্তহে হোৱা পোৱা গৈছিল ৷
(ii) নিউলেণ্ডছে প্ৰকৃতিত কেৱল 56 টা মৌল থকা বুলিহে জানিছিল ৷ পৰবৰ্ত্তী কালত আৱিস্কাৰ হোৱা মৌলবোৰৰ ধৰ্মবোৰ অষ্টক সূত্ৰৰ লগত খাপ খোৱা নাছিল ৷
(iii) নিউলেণ্ডছে তেঁওৰ তালিকা খনত মৌলবোৰ সজাওঁতে একেটা স্থানতে দুটাকে মৌলক স্থান দিছিল ৷ উদাহৰন – ক’বাল্ট(Co) আৰু নিকেলৰ(Ni) স্থান একেটা ৷
(iv) তেঁও তালিকাখনত ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে স্থান দিছিল ৷ উদাহৰণ – ক’বাল্ট(Co) আৰু নিকেলৰ(Ni)ৰ ধৰ্ম বেলেগ হলেও ফ্ল’ৰিণ(F) , ক্ল’ৰিণ(Cl) , আৰু ব্ৰ’মিণৰ (Br) সৈতে একে স্তম্ভতে স্থান দিছিল ৷
(v) আইৰনৰ ধৰ্ম ক’বাল্ট(Co) আৰু নিকেলৰ(Ni)ৰ লগত মিলে যদিও ইয়াক এই মৌল কেইতাৰ পৰা আঁতৰত ঠাই দিয়া হৈছে ৷

প্ৰশ্নাৱলী Page No 85 Class 10 Science Chapter 5 Assamese Medium

1.মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নির্ণয় কৰা।-K, C, Al, Si, Ba.
উত্তৰ – Kৰ অক্সাইডৰ সংকেত হ’ব -K2O
C ৰ অক্সাইডৰ সংকেত হ’ব – CO2
Alৰ অক্সাইডৰ সংকেত হ’ব- Al2O3
Siৰ অক্সাইডৰ সংকেত হ’ব – SiO2

2. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হােৱাৰ পূর্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যিকোনাে দুটা)
উত্তৰ – স্কেনডিয়াম (Sc) আৰু জাৰ্মেনিয়াম (Ge) |

3. মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবােৰ (criteria) কি কি আছিল ?
উত্তৰ – মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবােৰ তলত উল্লেখ কৰা হৈছে –
(i) মেণ্ডেলিভে মৌলসমূহৰ পাৰমানৱিক ভৰৰ সৈতে সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ সম্পৰ্কে পৰীক্ষা কৰি চাইছিল ৷
(ii) ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু হাইড্ৰ’জেনৰে সৈতে গঠন কৰা যোগবোৰৰ ওপৰত মেণ্ডিলিভে গুৰুত্ব দিছিল ৷
(iii) মৌল এটাক শ্ৰেণীভুক্ত কৰিবলৈ তেওঁ মৌলটোৱে গঠন কৰা হাইড্ৰাইড আৰু অক্সাইড সমূহৰ সংকেতক মৌলতোৰ অন্যতম মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিল ৷

4. সম্ভ্ৰান্ত গেছবােৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে ?
উত্তৰ – সম্ভ্ৰান্ত গেছবােৰ অতিশয় নিস্ক্ৰীয় আৰু আমাৰ বায়ুমণ্ডত এইবোৰ নিচেই কম মাত্ৰাত থাকে বাবে এইবোৰ আৱিস্কৃত হওঁতে বহু পলম হৈছিল ৷সেইবাবে সম্ভ্ৰান্ত গেছবােৰক এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছে ৷

ADVERTISEMENT

প্ৰশ্নাৱলী Page No 90 Class 10 Science Chapter 5 Assamese Medium

1. আধুনিক পৰ্য্যাবৃত্ত তালিকাই মেন্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আঁসােৱাহবােৰ কি দৰে দূৰ কৰিছিল ?
উত্তৰ – আধুনিক পৰ্য্যাবৃত্ত তালিকাই মেন্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আঁসােৱাহবােৰ তলত উল্লেখ কৰা ধৰণে দূৰ কৰিছিল –
(i) আধুনিক পৰ্য্যাবিত্ত তালিকাত মৌলৰ পাৰমানৱিক সংখ্যাক ভিত্তি হিচাপে লোৱা হৈছে৷ সেইবাবে মৌলবোৰক সজাওঁতে একেটা স্থানত দুটাকে মোলক স্থান দিব লগীয়া হোৱা নাই ৷
(ii) আধুনিক পৰ্য্যাবিত্ত তালিকাত হাইড্ৰ’জেনৰ স্থান নিৰূপন কৰা হৈছে ৷
(iii) আধুনিক পৰ্য্যাবিত্ত তালিকাত মৌলৰ সমস্থানিকবোৰক সিহঁতৰ মৌলৰ লগত একেলগে স্থান দিয়া হৈছে ৷

2. মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তােমাৰ এই বাচনিৰ ভিত্তি কি?
উত্তৰ – মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুৱাব বুলি ভবা দুটা মৌল হ’ল কেলছিয়াম(Ca) আৰু বেৰিয়াম(Ba) ৷ এই বাচনিৰ কাৰণ হ’ল তিনিওঁটা মৌলৰে যোজক ইলেকট্ৰনৰ সংখ্যা একে (২) ৷ ইহঁতৰ বৰ্গ এটাই (বৰ্গ – ২) ৷

3. নাম লিখা (a) বহিৰতম কক্ষত এটাকৈ ইলেকট্রন থকা তিনিটা মৌলৰ।
উত্তৰ – লিথিয়াম(Li), ছডিয়াম(Na) আৰু পটেছিয়াম(K) ৷
(b) বহিৰতম কক্ষত দুটাকৈ ইলেকট্রন থকা দুটা মৌলৰ।
উত্তৰ – মেগনেছিয়াম (Mg) আৰু কেলছিয়াম(Ca) ৷
(c) পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌলৰ।
উত্তৰ – হিলিয়াম(He), নিয়ন(Ne) , আৰ্গন(Ar)

4.(a) লিথিয়াম, ছডিয়াম, পটেছিয়াম—এই আটাইকেইটা ধাতু । ইহঁতে পানীৰে সৈতে বিক্রিয়া কৰি হাইড্রজেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে?
উত্তৰ – লিথিয়াম, ছডিয়াম আৰু পটেছিয়ামৰ পৰমানুৰ সাদৃশ্য আছে –
(i) ইহঁতৰ যোজক ইলেকট্ৰনৰ সংখ্যা 1 ৷
(ii) ইহঁতক বৰ্গ একত স্থান দিয়া হৈছে ৷
(b) হিলিয়াম এটা নিষ্ক্রিয় গেছ আৰু নিয়ননা এটা প্রায় নিষ্ক্রিয় গেছ। ইহঁতৰ পৰমাণুবােৰৰ মাজত কি মিল থকা দেখা যায় ?
উত্তৰ – হিলিয়াম আৰু নিয়নৰ পৰমাণুৰ মাজত থকা মিলবোৰ তলত উল্লেখ কৰা হৈছে –
(i) ইহঁতৰ পৰিপূৰ্ণ বহিৰতম কক্ষ আছে ৷
(ii) ইহঁতক বৰ্গ 18ত স্থান দিয়া হৈছে ৷

5. আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্রথম দহােটা মৌলৰ ভিতৰত কোনকেইটা ধাতু?
উত্তৰ – আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্রথম দহােটা মৌলৰ ভিতৰত ধাতু – লিথিয়াম (Li) আৰু বেৰীলিয়াম (Be) ৷

ADVERTISEMENT

6. পৰ্য্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ’ব বুলি অনুমান কৰিবা ?
Ga, Ge, As, Se, Be
উত্তৰ – পৰ্য্যাবৃত্ত তালিকাত পৰ্যায় এটাত সোঁফালে ক্ৰমে ধাতৱীয় ধৰ্ম কমে আৰু বৰ্গ এটাত তললৈ ই বাঢ়ে ৷ সেয়েহে Ga, Ge, As, Se, Be মৌল কেইতাৰ ভিতৰত Be আটাইতকৈ বেছি ধাতৱধৰ্মী হ’ব ৷

ADVERTISEMENT
ADVERTISEMENT
ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment

ADVERTISEMENT