ADVERTISEMENT

প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক | Class 9 Assamese Chapter 4

Class 9 Assamese Chapter 4 তথা “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” নামৰ ডঃ ভূপেন হাজৰিকা দেৱে ৰচনা কৰা কবিতাৰ আজি আমি আলোচনা কৰিব উলাইছো।

ডঃ ভূপেন হাজৰিকা অসমৰ এজন স্বনামধন্য গীতিকাৰৰ, সুৰকাৰ আৰু লিখক। তেখেতৰ হাতত প্ৰাণ পাই উঠিছে হাজাৰ হাজাৰ গীত মাত আৰু বহুত লিখনি। ডঃ ভূপেন হাজৰিকা দেৱৰ বিভিন্ন লিখনিৰ মজৰ Class 9 Assamese Chapter 4 তথা “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” নামৰ কবিতাটো সন্নিবিষ্ট কৰা হৈছে।

প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ Class 9 Assamese Chapter 4 ৰ পৰা আজি আমি সম্পূৰ্ণ পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম।

ইয়াত আগতে আমি Class 9 Assamese ৰ আন আন অধ্যায়সমূহ আলোচনা কৰিছোঁ। যদি আপোনাৰ প্ৰয়োজন আছে তেন্তে তলৰ লিংকৰ পৰা পঢ়িব পাৰে।


Class 9 Assamese Chapter 4 । প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক

Class 9 Assamese Chapter 4 তথা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ অধ্যায়টোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ আগতে আমি কবিতাফাকি আমি পঢ়িব লাগিব। অকল কবিতাফাকি পঢ়াই নহয়, ইয়াৰ মুলভাৱ জানিব লাগিব তেতিয়াহে আমি অতি সহজেই Class 9 Assamese Chapter 4 তথা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাৰ প্ৰশ্ন উত্তৰ অতি সহজেই মনত ৰাখিব পাৰিব। তেন্তে আহক আমি আগতে মূলভাৱ আৰু কবিতা ফাকি জনি লওঁ।

ADVERTISEMENT
ADVERTISEMENT

-প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক-

‘তোমাৰ প্ৰাপ্য কি কোৱা ?’
মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে কʼলো –
‘তোমাৰ শক্তিখিনি দিয়াঁ।’
বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কʼলে –
‘তোমাৰ কাম্য কি কোৱাঁ ?’
মই কʼলোঁ ব্ৰজক, তোমাৰ শক্তিশালী
উদাত্ত কণ্ঠটি দিয়াঁ।
এদিন আকাশে কʼলে : ‘জনৈক গীতিকাৰে
অকণি আকাশ দেখোঁ মাগে ।’
তুমি কিয় আজি বাৰু
কম্পিত কণ্ঠেৰে
মাগিছাঁ সৰ্বাকাশ সত্তা ?
মই কʼলোঁ, ‘তুমিয়েতে কৈছিলাঁ ৰাতিপুৱা
যিমানে বিলাই দিবা, সিমানে মহান হʼবা,
তাৰে নাম সঁচা উদাৰতা।
সেয়েহে আকাশ তুমি
দিব যদি খুজিছাঁই
সংকীৰ্ণতা এৰি
দিয়াঁ অৱদান ৰূপে
তোমাৰ পূৰ্ণ বিশালতা,
দিয়া যদি আজিয়েই দিয়াঁ।’
মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্ৰচণ্ড শক্তি
বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি
বজ্ৰৰ কণ্ঠেৰে, ধুমুহাৰ শক্তিৰে
গীত গাই কঁপাম দিগন্ত।
দানৱৰ সমাজতো গাম মানৱৰে গীত
কলিজাৰ সঁচা সুৰ-সিক্ত।
মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ
কিঞ্চিতো যদি দিব পাৰোঁ
আকাশ
ধুমুহা
আৰু বজ্ৰক
তাৰ বাবে
শতবাৰ প্ৰণিপাত কৰোঁ।


Class 9 Assamese Chapter 4 ৰ প্ৰশ্ন উত্তৰ

প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ Class 9 Assamese Chapter 4 ত চমু উত্তৰ দিয়া, ব্যাখ্যা কৰা, ভাষা বিষয়ক আদি প্ৰশ্নৰ সম্পূৰ্ণ উত্তৰ আলোচনা কৰা হৈছে।


চমু উত্তৰ দিয়া

ক) কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিৱলৈ আহ্বান জনাইছে?
উত্তৰঃ কবিয়ে আকাশক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বন জনাইছে।

খ) কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল?
উত্তৰঃ প্ৰচণ্ড ধুমুহাই কবিৰ প্ৰাপ্য কি সুধি প্ৰশ্ন কৰিছিল।

গ) কবিক বিশাল দৃষ্টি কোনে দিলে?
উত্তৰঃ মহাকাশে কবিক বিশাল দৃষ্টি দিলে।

ঘ) ‘মুমূৰ্ষ মানবক জীবনৰ বিদ্যুৎকিঞ্চিতো যদি দিব পাৰোঁ’ – ইয়াত বিদ্যুৎ শব্দই কি বুজাইছে?
উত্তৰঃ ইয়াত ‘বিদ্যুৎ’ শব্দই পুনৰ সঞ্জীৱিত বুজাইছে।

ADVERTISEMENT

ঙ) প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল?
উত্তৰঃ প্ৰচণ্ড ধুমুহাই কবিক প্ৰাপ্য কি বুলি প্ৰশ্ন কৰিছিল।


উত্তৰ দিয়া

২) বজ্ৰই কবিক কি কি দিলে?
উত্তৰঃ বজ্ৰই কবিক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিলে।

৩) কবিয়ে ‘সচাঁ উদাৰতা’ কথাষাৰেৰে কি বুজাব খুজিছে?
উত্তৰঃ ‘সচাঁ উদাৰতা’ কথাষাৰেৰে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানবিক উদাৰতাৰ কথা বুজাব খুজিছে।

৪) কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা।
উত্তৰঃ কবিয়ে বজ্ৰৰ কন্ঠেৰে আৰু ধুমুহাৰ শক্তিৰে গীত গাই দিগন্ত কঁপাবলৈ মন মেলিছে।

৫) কবিয়ে কলিজাৰ সচাঁ সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে?
উত্তৰঃ কবিয়ে কলিজাৰ সচাঁ সুৰেৰে সিক্ত কৰি দানৱৰ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছে।

ADVERTISEMENT

৬) আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা।
উত্তৰঃ আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে প্ৰণিপাত জনোৱাৰ কাৰণ হল আকাশে কবিক প্ৰদান কৰিলে বিশাল দৃষ্টি, যাৰ জৰিয়তে কবিয়ে সংকীৰ্ণতাৰ পৰিধি ভাঙি মানুহৰ মাজত মানৱতা বোধৰ বানী দাঙি ধৰিবলৈ সক্ষম হৈছে। ধুমুহা আৰু বজ্ৰই কবিক প্ৰচণ্ড শক্তি আৰু উদাত্ত কণ্ঠ প্ৰদান কৰিছে, যি শক্তি আৰু কন্ঠেৰে কবিয়ে দানৱৰ সমাজত মানৱৰ গীত গাই দিগন্ত কঁপাবলৈ সক্ষম হৈছে। মৃতপ্ৰায় সমাজখনক কবিয়ে পুনৰ সঞ্জীৱিত কৰাত আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা পোৱা প্ৰেৰণাৰ বাবে কবিয়ে প্ৰণিপাত জনাইছে।


ব্যাখ্যা কৰা

ক) বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কলে,
তোমাৰ কাম্য কি কোৱা?
মই কলো, বজ্ৰ তোমাৰ
শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।

উত্তৰঃ “বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কলে,
তোমাৰ কাম্য কি কোৱা?
মই কলো, বজ্ৰ তোমাৰ
শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।”

উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ডঃ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানৱৰ সমাজত সম্প্ৰীতিৰ বানী প্ৰচাৰ কৰিবলৈ প্ৰকৃতিৰ উপাদান বোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰাৰ কথা কৈছে।
কবিয়ে বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কন্ঠৰে মানবতাৰ জয়গান গাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। সেয়েহে কবিয়ে বজ্ৰৰ পৰা শক্তিশালী আৰু উদাত্ত কন্ঠটি বিচাৰিছে। যাতে তেওঁ সেই শক্তিশালী উদাত্ত কন্ঠৰে মানবতাৰ জয় গান গাব পাৰে।

খ) সেয়েহে আকাশ তুমি যদি দিব খুজিছাই
সংকীৰ্ণতা এৰি দিয়া
আৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা
দিয়া যদি আজিয়েই দিয়া।

ADVERTISEMENT

উত্তৰঃ “সেয়েহে আকাশ তুমি যদি দিব খুজিছাই
সংকীৰ্ণতা এৰি দিয়া
আৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা
দিয়া যদি আজিয়েই দিয়া।”

উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ডঃ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিতাফাঁকিৰ জৰিয়তে আকাশৰ দৰে উদাৰ আৰু বিশাল মানৱতা বোধৰ কথা কোৱা হৈছে।

কবিয়ে প্ৰকৃতিৰ উপাদান বোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰিছে। আকাশৰ বিশালতাই কবিক যেন সোৱৰাই দিছে- সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানবিক উদাৰতাৰ কথা। সেয়েহে কবিয়ে নিজৰ মনটোও আকাশৰ দৰে বিশাল আৰু উদাৰ হোৱাটো কামনা কৰিছে।

গ) মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্ৰচণ্ড শক্তি
বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি।

উত্তৰঃ “মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্ৰচণ্ড শক্তি
বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি।”

উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ডঃ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদান বোৰৰ পৰা শক্তি আহৰণ কৰাৰ কথা কৈছে।

কবিয়ে মহাকাশৰ পৰা বিশাল হৃদয় আৰু উদাৰ দৃষ্টি, ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি আহৰণ কৰি মানৱতাক জয়গান গাবলৈ প্ৰয়াস কৰিছে।

ঘ) মুমূৰ্ষু মানবক জীৱনৰ বিক্ষ
কিঞ্চিতো যদি দিব পাৰোঁ
আকাশ, ধুমুহা আৰু বজ্ৰক
তাৰ বাবে প্ৰণিপাত কৰোঁ।

উত্তৰঃ “মুমূৰ্ষু মানবক জীৱনৰ বিক্ষ
কিঞ্চিতো যদি দিব পাৰোঁ
আকাশ, ধুমুহা আৰু বজ্ৰক
তাৰ বাবে প্ৰণিপাত কৰোঁ।”

উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ডঃ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক ‘নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাঁকিত মানবতাৰ সুৰ পৰিলক্ষিত হৈছে। ধুমুহাৰ দৰে প্ৰচণ্ড শক্তি লাভ কৰি সমাজৰ উত্তৰণত সেই শক্তি প্ৰয়োগ কৰিবলৈ কবি আগ্ৰহী। বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কন্ঠৰে মানবতাৰ জয়গান গাবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে। আকাশৰ বিশালতাই যেন কবিক সোৱৰাই দিছে- সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানবিক উদাৰতাৰ কথা। মুমূৰ্ষু মানবক মানৱতা বোধৰে পুনৰ সঞ্জীৱিত কৰাটোয়েই কবিৰ অভিপ্ৰায়।


ভাষা বিষয়ক

৫) তলত দিয়া শব্দবোৰৰ সমাৰ্থক শব্দ লিখা।

ধুমুহা – বৰদৈচিলা
বুকু – হৃদয়
কাম্য – বিচাৰো
সংকীৰ্ণতা – ঠেক
বিশাল-বহল
দানব – দৈত্য
প্ৰণিপাত – প্ৰণাম
সিক্ত – তিতা, ভিজা

৬) তলত দিয়া শব্দকেইটাত কি কাৰণে ‘ণ’ হৈছে লিখাঃ

কণ্ঠঃ ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হলে দন্ত্য ন মূৰ্ধন্য ণ হয়।
পূৰ্ণঃ একেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ণ হয়।

প্ৰচণ্ডঃ ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হলে দন্ত্য ন মূৰ্ধন্য ণ হয়।
সংকীৰ্ণতাঃ
প্ৰণিপাতঃ

৭) তলত দিয়া শব্দকেইটাৰ কি কাৰণে ‘ ষ’ হৈছে লিখা।

মুমূৰ্ষুঃ অ, আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰ-ৰ পাছত থকা প্ৰত্যয়ৰ স মূৰ্ধন্য ষ হয়।

দৃষ্টিঃ ট বৰ্গৰ বৰ্ণৰ সৈতে যুক্ত হলে দন্ত্য স মূৰ্ধন্য ষ হয়।

৮) সন্ধি ভাঙাঃ
দিগন্ত = দিক্ +অন্ত
সৰ্বাকাশ= সৰ্ব+ আকাশ
সংকীৰ্ণ= সম্ + কীৰ্ণ


শেষ বাক্য

Class 9 Assamese Chapter 4 তথা “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” নামৰ ডঃ ভূপেন হাজৰিকা দেৱে ৰচনা কৰা কবিতাৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আদি আজি আমি আলোচনা কৰিলোঁ। Class 9 Assamese Lesson 4 ত আলোচনা কৰা প্ৰশ্ন উত্তৰে আপোনাক সহায় কৰিব বুলি আমি আশাবাদী।

যদি আপোনাৰ Class 9 Assamese Chapter 4 ৰ কিবা প্ৰশ্ন বা অসুবিধা আছে তেন্তে আমাক Assamese Medium Facebook PageFollow কৰি জনাব পাৰে, আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ যথা সময়ত দিবলৈ যত্ন কৰিম।

ADVERTISEMENT
ADVERTISEMENT
ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

6 thoughts on “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক | Class 9 Assamese Chapter 4”

  1. ADVERTISEMENT

Leave a Comment

ADVERTISEMENT