Class 9 Assamese Chapter 5 l মোৰ দেশ প্ৰশ্ন উত্তৰ

Class 9 Assamese Chapter 5 তথা মোৰ দেশ নামৰ নৱম মান শ্ৰেণীৰ অসমীয়া মাধ্যমৰ কবিতাৰ সম্পূৰ্ণ আলোচনা আজি আমি কৰিবলৈ প্ৰয়াস কৰিছোঁ। আশা কৰো আপুনি Class 9 ৰ ছাত্ৰ হিচাপে বা এজন শিক্ষক হিচাপেও এই Class 9 Assamese Chapter 5 তথা মোৰ দেশ কবিতাৰ বিষয়ে কৰা আলোচনা সহায় কৰিব।

মোৰ দেশ তথা Class 9 Assamese Chapter 5 ৰ মূলভাৱ, পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ লগতে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ আজি আমি Assamese Medium ত আলোচনা কৰিম।

পোন প্ৰথমতে আমি মূলভাৱ বা আন আন প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ আগতে কবিতাটো বা তাৰ মূলভাৱ জানি বুজি লোৱা ভাল।


মোৰ দেশ

মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ ।
মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে
শ‍ইচ-সোনোৱালী ভৱিষ্যতৰ সপোন । মোৰ জীৱনৰ আহেঁ আহেঁ
মোৰ যৌৱনৰ কোহেঁ-কোহেঁ সেই সপোনৰ কলৰোল ।

দেশে-দেশে দেশ আছে । এনে বহু দেশৰ অৰঙে-দৰঙে
ম‍ই ঘূৰিছোঁ । বহু বন্ধুৰ সতে হাতে-হাত ধৰি ফুৰিছোঁ ।
কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা
পাহাৰতলিত খন্তেক জিৰাইছোঁ । বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ
কথা পাতিছোঁ । তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা ।

এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ । যাৰ বুকুৰ উমে মোক দিছে
ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য । জীৱনৰ নতুন অৰ্থ ।
এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ
প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস । প্ৰতিটো ঋতুৱে
মোক দি যায় জীৱনৰ আশীৰ্বাদ ।

মোৰ দেশৰ বাবে ম‍ই জীয়াই আছোঁ । এই দেশৰ বাবে ম‍ই
জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ । ৰণুৱা, বনুৱা, হালোৱা
এই সকলোৰে মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ ম‍ই আছোঁ ।
জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান ম‍ই শুনিছোঁ ।
শত্ৰু-মিত্ৰ সকলোকে ম‍ই চিনিছোঁ । সিহঁতৰ অন্তৰ ম‍ই বিশ্বাসেৰে
জিনিছোঁ । শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই দিছোঁ – ভঁৰালৰ
এমুঠি ধান, পৰাণৰ একোটি গান ।

আৰুতো মোৰ একো নাই !
মোৰ দেশ – মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগ‍ই
মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন
পৰ্বত-মূললৈ ….


আমি Class 9 Assamese Chapter 5 তথা মোৰ দেশ নামৰ কবিতাটো পঢ়িলো গতিকে এতিয়া জানিব লগা বিষয় হল ‘মোৰ দেশ’ কবিতাটোৰ মূলভাৱ।

মোৰ দেশ কবিতাটোৰ মূলভাৱ

‘মোৰ দেশ’ কবিতাটোৰ কবি হীৰেণ ভট্টাচাৰ্য। সুগন্ধি কবি হীৰেণ ভট্টাচাৰ্য দেৱৰ `মোৰ দেশ’ নামৰ কবিতাটি এটি স্বদেশ প্ৰেম মূলক কবিতা। কবিৰ বাবে নিজৰ দেশখন প্ৰাণতকৈও, গানতকৈও আপোন। তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাই দেশখনৰ উন্নতিৰ কথাকেই সোঁৱৰাই। পৃথিৱীৰ বিভিন্ন দেশ কবিয়ে ঘূৰিছে, বিভিন্ন ঠাইৰ মানুহৰ লগত আন্তৰিকতা স্থাপন কৰিছে ; কিন্তু তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি কবি সদা আকৃষ্ট, দায়বদ্ধ। এই দেশৰ প্ৰতিটো পুৱাই কবিক দিয়ে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস আৰু প্ৰতিটো ঋতুৱে যেন কবিক দিয়ে জীৱনৰ আশীৰ্বাদ। সেয়েহে কবিয়ে এই দেশৰ প্ৰতিজন শ্ৰমিকৰ লগত নিজকে বিলীন কৰি দিছে। সকলোকে ঐক্যবদ্ধ ভাৱে ৰখাৰ প্ৰয়াস কৰিছে। শত্ৰু- মিত্ৰ সকলোকে অন্তৰ জিনি পৰস্পৰৰ মাজত শান্তিৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। দেশৰ প্ৰতি গভীৰ ভালপোৱা কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে।

Class 9 Assamese Chapter 5 প্ৰশ্ন উত্তৰ

ইয়াত আমি ভাব- বিষয়ক প্ৰশ্ন উত্তৰ, মূলভাৱ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ আৰু কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তেন্তে আহক Class 9 Assamese Chapter 5 ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ জানি লওঁ আহক।

ভাব- বিষয়ক প্ৰশ্ন উত্তৰ

১। অতি চমু উত্তৰ দিয়া

ক) হীৰেণ ভট্টাচাৰ্যৰ কত জন্ম হৈছিল?
উত্তৰ:- হীৰেণ ভট্টাচাৰ্যৰ ১৯০২ চনত যোৰহাটত জন্ম হৈছিল।

খ) হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।
উত্তৰ:- হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হল – চিত্ৰবন আৰু মনন।

গ) দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে?
উত্তৰ:- দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনিছে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ।

২। `মোৰ দেশ’ কবিতাটোৰ মূলভাৱ লিখা।
উত্তৰ:- `মোৰ দেশ’ কবিতাটোৰ মূলভাৱঃ

‘মোৰ দেশ’ কবিতাটোৰ কবি হীৰেণ ভট্টাচাৰ্য। সুগন্ধি কবি হীৰেণ ভট্টাচাৰ্য দেৱৰ `মোৰ দেশ’ নামৰ কবিতাটি এটি স্বদেশ প্ৰেম মূলক কবিতা। কবিৰ বাবে নিজৰ দেশখন প্ৰাণতকৈও, গানতকৈও আপোন। তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাই দেশখনৰ উন্নতিৰ কথাকেই সোঁৱৰাই। পৃথিৱীৰ বিভিন্ন দেশ কবিয়ে ঘূৰিছে, বিভিন্ন ঠাইৰ মানুহৰ লগত আন্তৰিকতা স্থাপন কৰিছে ; কিন্তু তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি কবি সদা আকৃষ্ট, দায়বদ্ধ। এই দেশৰ প্ৰতিটো পুৱাই কবিক দিয়ে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস আৰু প্ৰতিটো ঋতুৱে যেন কবিক দিয়ে জীৱনৰ আশীৰ্বাদ। সেয়েহে কবিয়ে এই দেশৰ প্ৰতিজন শ্ৰমিকৰ লগত নিজকে বিলীন কৰি দিছে। সকলোকে ঐক্যবদ্ধ ভাৱে ৰখাৰ প্ৰয়াস কৰিছে। শত্ৰু- মিত্ৰ সকলোকে অন্তৰ জিনি পৰস্পৰৰ মাজত শান্তিৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। দেশৰ প্ৰতি গভীৰ ভালপোৱা কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে।

৩। বাখ্যা কৰা :

ক) অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।

উত্তৰঃ
`অনৈক্যৰ মাজত………..
……….. হৈ মই আছোঁ।’
— উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত `মোৰ দেশ’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবি হীৰেন ভট্টাচাৰ্য।
কবিতাফাঁকি মাজেৰে কবিয়ে দেশত শান্তিৰ বাতাবৰণ সৃষ্টিৰ কথা কৈছে। আমাৰ দেশ ভাৰতবৰ্ষখন বহুজাতিক আৰু বহুভাষিক দেশ। বিভিন্ন জাতি- ধৰ্মালম্বী লোকৰ বাসস্থান ভাৰতবৰ্ষৰ উন্নতিৰ প্ৰধান অন্তৰায় হল অনৈক্য আৰু বিৰোধ। কবিয়ে দেশৰ প্ৰতিজন বনুৱা, হালোৱা, ৰণুৱাক একত্ৰিত সবকে একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ প্ৰয়োগ কৰিছিল। দেশৰ ঐক্য, সংহতি আৰু সম্প্ৰীতিৰ তেওঁ সদা সচেতন প্ৰহৰীস্বৰূপ।

খ) মোৰ জীৱনৰ আঁহে আঁহে
মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল।

উত্তৰ:-
`মোৰ জীৱনৰ…………
………………. কলৰোল।’
-উদ্ধৃত কবিতাফাঁকি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য দেৱৰ দ্বাৰা ৰচিত কবিতা `মোৰ দেশ’ ৰ পৰা তুলি দিয়া হৈছে।
কবিয়ে নিজৰ দেশখনক প্ৰাণাধিক ভাল পায়। তেওঁৰ প্ৰতিটো কথা কামৰ মাজত দেশৰ প্ৰগতিৰ বাৰ্তাই প্ৰকাশ পায়। তেওঁৰ জীৱন, যৌৱন দেশৰ বাবেই অৰ্পন কৰিছে। দেশখনৰ সোণালী ভৱিষ্যতৰ সপোণ কবিৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি আছে। কবিতাফাঁকিৰ মাজেৰে কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে।

৪। কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ- `মোৰ দেশ’ কবিতাটিত এটি স্বদেশপ্ৰেমমূলক কবিতা। কবি হীৰেন ভট্টাচাৰ্য। কবিৰ বাবে নিজৰ দেশখন গানতকৈও, প্ৰাণতকৈও আপোন। তেওঁৰ প্ৰতিটো কামতে দেশখনৰ প্ৰগতি বাৰ্তা লুকাই থাকে। তেওঁ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি সদায় দায়বদ্ধ। সেয়েহে তেওঁ দেশৰ ৰণুৱা, বনুৱা, হালোৱা অৰ্থাৎ শ্ৰমিক শ্ৰেণীটোৰ লগত মিলি পৰিছে। সকলোকে যাতে ঐক্য আৰু সম্প্ৰীতিৰ ডোলেৰে বান্ধিব পাৰে তাৰ বাবে অহৰহ যত্ন কৰিছে। কবিয়ে বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশক স্থান দিছে। এনেদৰে কবিতাটিত কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে।

৫। প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে?
উত্তৰঃ- প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে।

৬। শান্তিৰ চৰাইজনীক আডালি ভৰাই কবিয়ে কি দিছে?
উত্তৰ:- শান্তিৰ চৰাইজনীক আডালি ভৰাই কবিয়ে দিছে – ভৰাঁলৰ এমুঠি ধান, পৰানৰ একোটি গান।

ভাষা- বিষয়ক

৭) সমাৰ্থক শব্দ লিখাঃ দেশ , কাম , কলৰোল , সাগৰ, সপোণ, বন্ধু, শেষ, সম্ভাৰ, শইচ, বুকু, তৰংগ, কল্লোল
উত্তৰ:-

দেশ – ৰাষ্ট্ৰ
কাম – কৰ্ম
কলৰোল – কলৰৱ
সাগৰ – সমূদ্ৰ
সপোণ – স্বপ্ন
বন্ধু – মিত্ৰ
শেষ – সমাপ্ত
সম্ভাৰ – সামগ্ৰী
শইচ – শস্য
বুকু – হৃদয়
তৰংগ – ঢৌ
কল্লোল – কলৰৱ

৮। বিপৰীতাৰ্থক শব্দ লিখা: সপোন, দেশ , জীৱন, পাহাৰ, ঐক্য, সংহতি, শয়ন, বিশ্বাস, শত্ৰু
উত্তৰ:-

সপোন – দিঠক
দেশ – বিদেশ
জীৱন – মৰণ
পাহাৰ- ভৈয়াম
ঐক্য – অনৈক্য
সংহতি – বিৰোধ
শয়ন – জাগৰণ
বিশ্বাস – অবিশ্বাস
শত্ৰু – মিত্ৰ।

অতিৰিক্ত প্ৰশ্ন উত্তৰ

এতিয়ালৈকে আমি Class 9 Assamese Chapter 5 তথা ‘মোৰ দেশ’ নামৰ কবিতাৰ সম্পূৰ্ণ পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ যদিও এই মূহুৰ্তত আমি অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিব পৰা নাই। পৰৱৰ্তী সময়ত আমি Class 9 Assamese Chapter 5 Additional Question Answer আলোচনা কৰিম।


শেষ বাক্য হিচাপে Class 9 Assamese Chapter 5

Class 9 Assamese Chapter 5 ৰ শেষ বাক্য হিচাপে আমি ইয়াত লবলগীয়া একো নাই। ইয়াত আমি আমাৰ সাদ্য অনুযায়ী প্ৰশ্ন উত্তৰ আলোচনা কৰিব প্ৰয়াস কৰিছোঁ।

যদি আপুনি Class 9 Assamese Chapter 5 ৰ কোনো প্ৰশ্ন বিচাৰি পাইছে কিন্তু উত্তৰ লিখাত অসুবিধা তেন্তে Assamese Medium Facebook PageFollow কৰি পোনপটীয়াকৈ আমাক জনাব পাৰে। আমি যথা সম্ভৱ আপোনাৰ প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

3 thoughts on “Class 9 Assamese Chapter 5 l মোৰ দেশ প্ৰশ্ন উত্তৰ”

Leave a Comment