প্রিয় সাহিত্যিক : ভবেন্দ্ৰনাথ শইকীয়া

মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধবী সকল আজি আমি আলোচনা কৰিম অসমীয়া ৰচনা (Assamese Essay 2021) ৰ  মোৰ প্ৰিয় সাহিত্যিক “ড° ভবেন্দ্ৰনাথ শইকীয়া” ।

ভবেন্দ্ৰনাথ শইকীয়া

আপোনালোকৰ সহায়ৰ বাবে Assamese Medium য়ে Class 10 ৰ সম্পূৰ্ণ পাঠৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ আৰু HSLC 2021 EXAM ৰ বাবে প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ আমি আগবঢ়াই আছোঁ। আপোনাৰ কিবা মতামত থাকিলে Comment Section ত জনাবলৈ নাপাহৰিব।


পাতনি: ড° ভবেন্দ্ৰনাথ শইকীয়া

সাহিত্য এটা জাতিৰ দাপোন বুলি কোৱা হয় । সাহিত্যই প্ৰতিফলিত কৰে জাতিটোৰ সভ্যতা, সংস্কৃতি , ভাল-বেয়া সকলো । প্ৰতি যুগে যুগে এই ধৰালৈ অনেক লোকৰ আগমন ঘটিছে  যিয়ে নিজৰ একান্ত চেষ্টা; সাধনা আৰু মেধাৰ বলত এই ধৰাত নিজৰ নাম যুগমীয়া কৰি থৈ গৈছে ।সাহিত্যৰ জগতখনতো এনে লোকৰ সংখ্যা তাকৰ নহয় । এনে বহু সাহিত্যিক আছে যিয়ে নিজৰ প্ৰজ্ঞা আৰু মেধাৰ বলত ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে ।যাৰ কলমৰ চোকে বহুজনক ধৰাশায়ী কৰিবলৈও সক্ষম হৈছে । বাস্তৱ জীৱনৰ দুখ- দূৰ্দশা, হতাশা, প্ৰত্যাহ্বানক হেলাৰঙে জয় কৰি যাৰ কলমে উপহাৰ দিছে শ্ৰেষ্ঠতম সাহিত্য আৰু সেই সৃষ্টিয়ে মানৱ জাতিৰ অলপ হলেও উপকাৰ সাধিব পাৰিছে তেওঁৱেই শ্ৰেষ্ঠ সাহিত্যিক ।তেওঁৰ সাহিত্য কালজয়ী, অক্ষয় । এনে একোগৰাকী সাহিত্যিকেই হৈ পৰে পাঠকৰ বাবে অনুপ্ৰেৰণাৰ উৎস । 


প্রিয় সাহিত্যিক: ড° ভবেন্দ্ৰনাথ শইকীয়া

 মোৰ মনত সাঁচ বহুৱাই যোৱা এনে এগৰাকী সাহিত্যিক হৈছে ড° ভবেন্দ্ৰনাথ শইকীয়া । অসমীয়া সাহিত্যৰ জগতখন টনকিয়াল কৰাৰ ক্ষেত্ৰত তেখেত হৈছে অন্যতম পুৰোধা ।  ড° শইকীয়াৰ সূক্ষ্মবোধ আৰু স্বকীয় লিখন শৈলীৰ লগতে তেখেতৰ মানৱতাবাদী জীৱন দৰ্শনে মোক গভীৰভাৱে আকৃষ্ট কৰে । তেখেতৰ যি বিশ্লেষণ আৰু বিচাৰশৈলী সেয়া আজি ইমান বছৰৰ পিছতো প্ৰাসংগিক আৰু বাস্তৱসন্মত । সেয়ে স্বাভাৱিকতে মোৰ প্রিয় সাহিত্যিকৰ আসনত তেখেতক বহুৱাই গৌৰৱ অনুভৱ কৰিছোঁ । শিশুৰ পৰা আবাল বৃদ্ধ বনিতালৈকে সকলোৰে মাজত তেখেতৰ সাহিত্যৰ যি সমাদৰ সেয়াই তেওঁৰ সাহিত্যিক জীৱনৰ কীৰ্তিক প্ৰতিফলিত কৰে । অকল সাহিত্যৰ ক্ষেত্ৰতে নহয় অসমৰ সাংস্কৃতিক, চলচ্চিত্ৰ, সাংবাদিকতাৰ জগতখনতো তেখেতৰ অৱদান অনস্বীকাৰ্য । তেখেতৰ চুটি গল্পই প্ৰথম মোৰ কৈশোৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল তাৰ পিছত ক্ৰমান্নয়ে তেখেতৰ বহুকেইখন গ্ৰন্থ, উপন্যাস আদিয়ে তেখেতক মোৰ প্রিয় সাহিত্যিক হিচাপে অভিহিত কৰাত সহায়ক হৈছে  । 


ড° ভবেন্দ্ৰনাথ শইকীয়াৰজন্ম আৰু শিক্ষা

ড° ভবেন্দ্ৰনাথ শইকীয়াৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীৰ দিনা নগাঁওৰ ফৌজাদাৰী পট্টিত । তেখেতৰ পিতৃ আছিল বিদূৰ কুমাৰ শইকীয়া আৰু মাতৃ চম্পাবালা শইকীয়া । পিতৃ নগাঁও মোক্তাব স্কুলৰ শিক্ষক হোৱাৰ বিপৰীতে মাতৃ আছিল নিৰক্ষৰা । শিক্ষা , কৰ্মসংস্থান , বিবাহ: শইকীয়াই  ১৯৪৮ চনত তিনিটা বিষয়ত লেটাৰসহ ষ্টাৰ নম্বৰ লৈ প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় । ১৯৫০ চনত কটন কলেজৰ পৰা বিজ্ঞান শাখাত সুখ্যাতিৰে প্ৰথম বিভাগত ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত সেই কলেজৰ পৰাই ১৯৫২ চনত পাদাৰ্থবিজ্ঞানত দ্বিতীয় শ্ৰেণীৰ অনাৰ্ছসহ বি.এছ. ছি. ডিগ্ৰী লাভ কৰে ।১৯৫৫-৫৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰেচিডেন্সি কলেজৰ পৰা  পদাৰ্থ বিজ্ঞানত দ্বিতীয় শ্ৰেণীসহ স্নাতকোত্তৰ ডিগ্ৰী লয় ।১৯৬১ চনত লণ্ডন বিশ্ববিদ্যালয়ৰপৰা উল্লিখিত বিষয়ত গৱেষণা কৰি পি. এইচ.ডি আৰু একে বছৰতে লণ্ডনৰ ইম্পেৰিয়েল কলেজ অৱ ছায়েন্স এণ্ড টেকনলজিৰ ডিপ্লমা লাভ কৰে । 

শিক্ষা সমাপ্ত কৰি শইকীয়াই শিৱসাগৰ কলেজত প্ৰথম কৰ্মজীৱনৰ পাতনি মেলে পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা হিচাপে । পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত পদাৰ্থবিজ্ঞানৰ স্নাতকোত্তৰ বিভাগৰ ৰিডাৰ হিচাপে যোগদান কৰে ।  তদুপৰি তেখেতে গৌহাটী বিশ্ববিদ্যালয়ৰ আঞ্চলিক ভাষাত পাঠ্যপুথি প্ৰণয়নৰ সমন্বয়ৰক্ষী সমিতিৰ সচিব আৰু গুৱাহাটীৰ ৰেল সেৱা আয়োগৰ অধ্যক্ষ ৰূপেও নিযুক্ত হৈছিল । ১৯৬৫ চনত তেওঁ প্ৰীতি শইকীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয় । তেখেতৰ দুগৰাকী কন্যা সন্তানো আছে ।


ড° ভবেন্দ্ৰনাথ শইকীয়াসাহিত্য আৰু সাংস্কৃতিক জীৱন

ড° ভবেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য আৰু সাংস্কৃতিক পৰিক্ৰমা আছিল বিস্তৃতভাৱে পৰিব্যাপ্ত । পঞ্চম শ্ৰেণীত পঢ়ি থাকোতে পদ্য ৰচনা আৰু নৱম শ্ৰেণীত পঢ়ি  থকা অৱস্থাত ‘পথ নিৰূপন’ নামৰ গল্পৰ জৰিয়তে সাহিত্য জগতত প্ৰথম প্ৰৱেশ কৰা শইকীয়াই পিছলৈ এগৰাকী প্ৰসিদ্ধ গল্পকাৰ হিচাপে আত্মপ্ৰতিষ্ঠা লাভ কৰে । ড° শইকীয়াই ১৯৪৭ চনৰ পৰা গল্পকাৰ হিচাপে প্ৰতিষ্ঠিত হোৱাৰ পৰা অৰ্ধ শতিকা জুৰি গল্প ৰচনাৰে স্বকীয় ধাৰা এটি প্রৱৰ্তিত কৰে  । তেওঁৰ গল্পসমূহত প্ৰাত্যহিক জীৱনৰ সৰু বৰ ঘটনাৰ সৰস বৰ্ণনা, চৰিত্ৰৰ নিখুঁত ৰূপায়ণ , পৰিৱেশ আৰু পৰিস্থিতিৰ যথাযথ উপস্থাপনৰ বাবে সকলো শ্ৰেণীৰ পাঠকৰ বাবে ই সুখপাঠ্য হৈ পৰে । ‘সেন্দুৰ’ , ‘গহ্বৰ’, ‘শৃংখল’ , ‘এন্দুৰ’,  ‘প্ৰহৰী’ আদি গল্পৰ ব্যঞ্জনাময় সমাপ্তি কোনে পাহৰিব পাৰে ?! ড° শইকীয়াৰ প্ৰথম গল্প সংকলন  ‘প্ৰহৰী’ কে মুখ্য কৰি কেবাখনো গল্প সংকলন ইতিমধ্যে প্ৰকাশ পাইছে । সেয়া হ’ল -‘ বৃন্দাবন , গহ্বৰ , সেন্দুৰ , শৃংখল , ড° ভবেন্দ্ৰনাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প ( গল্প সংগ্ৰহ ) , তৰংগ , আকাশ , এই বন্দৰৰ  আবেলি , উপকন্ঠ আৰু সান্ধ্য ভ্ৰমণ ‘ । ইয়াৰে ‘শৃংখল ‘নামৰ গল্প সংকলন খনৰ বাবে তেখেতে ১৯৭৬ চনৰ সাহিত্য অকাডেমী বঁটা লাভ কৰে । 

দুই – চাৰিটামান  পদ্য আৰু চুটিগল্পৰ ৰচনাৰ পিছতে তেখেতে মেট্ৰিক পৰীক্ষা দি আজৰি হৈ ‘ ‘আতংকৰ শেষত ‘ নামৰ  ডিটেক্টিভ উপন্যাসখন লিখি ঔপন্যাসিক জীৱনৰ শুভাৰম্ভ কৰে । ১৯৫২  চনত নগাঁও পুথিঘৰ প্ৰেছে উপন্যাসখন প্ৰকাশ কৰি উলিয়ায় । তেওঁৰ সামাজিক উপন্যাস দুখন ‘ ‘অন্তৰীপ’ আৰু ‘ৰম্যভূমি ‘ । এই কেইখন উপন্যাসৰ জৰিয়তে অসমীয়া উপন্যাসৰ ইতিহাসত ড° শইকীয়াই নিজা এডোখৰ ঠাই উলিয়াই ল’বলৈ সক্ষম হ’ল । 

   অসমীয়া শিশু সাহিত্যলৈ তেখেতৰ অৱদান সাংঘাতিক ভাবে লেখত ল’বলগীয়া ।  অসমীয়া শিশু সাহিত্যৰ ভঁৰালটো চহকী কৰি থৈ যোৱাৰ ক্ষেত্ৰত তেখেত এগৰাকী অন্যতম সাহিত্যিক । শিশু আৰু কিশোৰৰ উপযোগী তেখেতৰ ৰচনাৱলী সমূহ হৈছে ‘মৰমৰ দেউতা ‘, ‘তোমালোকৰ ভাল হওঁক’, ‘শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট’, মহাদূষ্টৰ দূষ্ট বুদ্ধি আদি ।  ‘সঁফুৰা ‘ নামৰ শিশু আলোচনী খনৰ সম্পাদনা তেওঁৰ জীৱনৰ অন্যতম কীৰ্তিস্তম্ভ । 

অসমৰ ভ্ৰাম্যমাণ নাট্যজগততো তেখেত আছিল মহীৰূহ স্বৰূপ । ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে তেওঁ ২০০১ চনলৈকে ২৬ খন নাটক ৰচনা কৰিছিল ।১৯৮১-৮২ চনত ‘ ৰামধেনু’ নাটকৰ জৰিয়তে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত প্ৰৱেশ কৰা ড° শইকীয়াৰ কেইখনমান মঞ্চসফল নাট হ’ল ‘গহ্বৰ’, ‘দীনবন্ধু’ , ‘বৃন্দাবন’,  ‘সমুদ্ৰ মন্থন’ , ‘ৰম্যভূমি’, ‘গধূলি’ , ‘এজাক জোনাকীৰ জিলমিল ‘আদি । ড° ভবেন্দ্ৰনাথ শইকীয়াই এলানি ৰেডিঅ’ নাটকো লিখি থৈ গৈছে ।

অসমীয়া চলচ্চিত্ৰ জগতত ড° ভবেন্দ্ৰনাথ শইকীয়াৰ নাম প্ৰাতঃস্মৰণীয় হৈ ৰ’ব । সতী বেউলা নামৰ ছবিৰ এটি চৰিত্ৰত অভিনয়েৰে চলচিত্ৰ জগতত ভৰি দিয়া  ড° শইকীয়াই সন্ধ্যাৰাগ , অনিৰ্বাণ , অগ্নিস্নান , কোলাহল ,সাৰথি ,আৱৰ্তন , ইতিহাস আৰু হিন্দী ভাষাত কালসন্ধ্যা নিৰ্মান কৰি অসমীয়া চলচ্চিত্ৰলৈ জোৱাৰ আনে  । ইয়াৰে অগ্নিস্নান চলচ্চিত্ৰই শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা আৰু সন্ধ্যাৰাগ, অনিৰ্বাণ , কোলাহল, আৱৰ্তন , ইতিহাস আৰু সাৰথি চলচ্চিত্ৰই ৰজত কমল বঁটা লাভ কৰে  ।

ড° ভবেন্দ্ৰনাথ শইকীয়া আছিল অসমৰ প্ৰজ্ঞা আৰু সাধনাৰ দস্তাবেজ স্বৰূপ ‘প্ৰান্তিক’ ৰ বাবে পিতামহ স্বৰূপ । আজিও প্ৰান্তিকৰ ‘শেষ পৃষ্ঠাই’  ড° শইকীয়াক জীয়াই ৰাখিছে । অসমৰ প্ৰতি ঘৰে ঘৰে প্ৰান্তিক আলোচনী সমাদৃত হোৱাৰ মূলতে হ’ল ড° ভবেন্দ্ৰনাথ শইকীয়া । ১৯৮৩ চনত জন্ম লাভ কৰা শিশু আলোচনী ‘ সঁফুৰা’ৰ  সাফল্যৰ মূলতো এইজন পুৰোধা জড়িত । নির্ভুল আখৰ জোঁটনিৰ বাবেও দুয়োখন আলোচনী জনপ্ৰিয় । 

শইকীয়া দেৱৰ আত্মজীৱনী ‘ জীৱন- বৃত্ত’ ত সন্নিৱিষ্ট হৈছে তেওঁৰ জীৱনৰ দীঘ আৰু বাণী । ‘কৰ্মই ধৰ্ম’ এই বাণীক সাৰোগত কৰি দুৰাৰোগ্য ব্যাধিকো আওকাণ কৰি তেওঁ কেৱল নীৰৱে সাহিত্য- সংস্কৃতিৰ সাধনা কৰি গ’ল । সমাজৰ নিপীড়িত , অৱহেলিত শ্ৰেণীৰ বাবে গুৱাহাটী মহানগৰীৰ বেলতলাত স্থাপন কৰিলে ‘ আৰোহণ ‘ । আজিও ‘আৰোহণে’ প্ৰতি মুহূৰ্ততে তেখেতক সোঁৱৰাই আছে , আমাৰ মাজত অমৰ কৰি ৰাখিছে । লগতে তাত এটি শিশু ন্যাসো বৰ্তমান সময়ত স্থাপন কৰা হৈছে য’ত শিশুৰ বাবে প্ৰয়োজনীয় সকলোধৰণৰ সা- সুবিধা উপলব্ধ । 


ভবেন্দ্ৰনাথ শইকীয়াবঁটা আৰু সন্মান

ড° শইকীয়া দেৱে তেখেতৰ জীৱন কালত বিভিন্ন সন্মানেৰে বিভূষিত হ’বলৈ সক্ষম হৈছিল । এইসমূহৰ ভিতৰত সংগীত নাটক একাডেমী , সাহিত্য একাডেমীৰ কাৰ্যকৰী আৰু সাধাৰণ পৰিষদ , গৌহাটী বিশ্ববিদ্যালয়ৰ একাডেমীক কাউন্সিল, পুনেৰ চলচ্চিত্ৰ আৰু টেলিভিছন ইনষ্টিটিউট সমাজ আদি বিভিন্ন অনুষ্ঠান – প্ৰতিষ্ঠানৰ সন্মানীয় সদস্য , জ্যোতি চিত্ৰবনৰ সভাপতি , অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম লিমিটেডৰ অধ্যক্ষ আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি ৰূপে কাৰ্য নিৰ্বাহ কৰি ভাৰত তথা অসমৰ কলা- সাহিত্য- সংস্কৃতিৰ মঞ্চ জীপাল কৰি তুলিছিল । ১৯৮১ চনত ড° শইকীয়াক বংগীয় সাহিত্য পৰিষদে কলকাতাৰ সাহিত্যিক ‘ হৰনাথ ঘোষ বঁটা ‘,  ১৯৯০ চনত মেগৰ শৈক্ষিক ন্যাসে ‘ অসম উপত্যকা বঁটা ‘,১৯৯৮ চনত অসম চৰকাৰে অসমৰ সৰ্বোচ্চ সন্মান ‘ শ্ৰী মন্ত শংকৰদেৱ বঁটা ‘ আগবঢ়ায়। ২০০১ চনত তেখেতক ‘পদ্মশ্ৰী ‘ সন্মানেৰে বিভূষিত কৰা হয় । ডিব্ৰুগড় বিশ্ববিদ্যালয়ে চলচ্চিত্ৰ আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে ২০০১ চনৰ ১৮ অক্টোবৰৰ দিনা অনুষ্ঠিত অষ্টম সমাবর্তনত ডি. লিট উপাধিৰে সন্মানিত কৰে ।


সামৰণি

ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰ কেৱল ব্যক্তি নহয় , এক বিশাল অনুষ্ঠান । বিংশ শতিকাৰ এজন শ্ৰেষ্ঠ অসমীয়া ড° ভবেন্দ্ৰনাথ শইকীয়াক মোৰ প্রিয় সাহিত্যিক ৰূপে ক’বলৈ পাই মই গৌৰৱবোধ কৰিছোঁ । এজন জীৱন শিল্পী, প্ৰতিভাশালী অথচ নিৰহংকাৰী , সততা আৰু কৰ্মনিষ্ঠাৰ প্ৰতিভুৰুপে ড° শইকীয়াই অসমীয়া সাহিত্য সংস্কৃতি জগতত নিজাকৈ এটি স্বৰ্ণিল বাট কাটিবলৈ সক্ষম হ’ল । সেয়েহে তেখেতৰ মহাপ্ৰয়াণৰ পাছতো তেখেতক উত্তৰ পুৰুষে মনত ৰাখিছে আৰু আগলৈও ৰাখিব ।


Chinku Moni Adhikarai, M.A in Assamese