বিজ্ঞানৰ বিশেষ সূত্ৰ – নতুন কথা জানিবলৈ উৎসাহী মানুহৰ বাবে

আপুনি শিক্ষাৰ্থীয়ে হওঁক বা শিক্ষক নাইবা আন কোনো কামৰ লগত জঢ়িত ব্যক্তি, কিছু কিছু বস্তু আছে যি সকলোৱে জনা অতি প্ৰয়োজন আৰু তাৰ মাজৰ পৰাই আজি লৈ আহিছোঁ কিছু বিজ্ঞানৰ বিশেষ সূত্ৰ।

বিজ্ঞান পৰা ছাত্ৰ ছাত্ৰীৰ বাবেই ই কেৱল প্ৰয়োজন নহয়, নতুন কথা জানিবলৈ উৎসাহী সকলো মানুহৰ বাবেই এই বিজ্ঞানৰ বিশেষ সূত্ৰ প্ৰয়োজন। তেন্তে আহক আমি বেছি সময় নষ্ট নকৰাকৈ কিছু বিজ্ঞানৰ বিশেষ সূত্ৰ আলোচনা কৰো।

🔸 আধুনিক পৰ্যাবৃত্ত সূত্ৰ (Modern Periodic Law): মৌলৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক সংখ্যা অনুযায়ী পৰ্যায়ক্ৰমে পৰিবৰ্তন হয়।

🔸 এভ’গ্ৰেড্ৰ’ৰ সূত্ৰ (Avogadro’s Law): একে উষ্ণতা আৰু চাপত সম আয়তনৰ সকলোবোৰ গেছত সম সংখ্যক অণু থাকে।
– এভ’গ্ৰেড্ৰ’

🔸 ওমৰ সূত্ৰ (Ohm’s Law): স্থিৰ উষ্ণতাত কোনো ধাতৱ পৰিবাহীৰ মাজেৰে প্ৰবাহিত প্ৰবাহ পৰিবাহীৰ দুয়োমূৰৰ বিভৱভেদৰ সমানুপাতিক।‌‌ ~ ওমৰ

🔸 কুলম্বৰ সূত্ৰ (Coulomb’s Law): দুটা বৈদ্যুতিক আধানৰ মাজৰ দুৰত্ব দুগুণ বৃদ্ধি কৰিলে সিহঁতৰ মাজত ক্ৰিয়া কৰা বলৰ মান পূৰ্বৰ মানতকৈ এক-চতুৰ্থাংশ হ্ৰাস পায়।

🔸 চাৰ্লছৰ সূত্ৰ (Charles’s law) : স্থিৰ চাপত নিৰ্দিষ্ট ভৰৰ কোনো গেছৰ আয়তন ইয়াৰ প্ৰকৃত উষ্ণতাৰ প্ৰত্যক্ষ সমানুপাতিক।

🔸 বয়লৰ সূত্ৰ (Boyle’s law): স্থিৰ উষ্ণতাত নিৰ্দিষ্ট ভৰৰ কোনো গেছৰ আয়তন ইয়াৰ চাপৰ ব্যস্তানুপাতিক। ~ বয়ল

🔸 ডেল্টনৰ সূত্ৰ (Dalton’s law): পৰস্পৰৰ ভিতৰত সাধাৰণতে ৰাসায়নিক বিক্ৰিয়া সংঘটিত নকৰা দুই বা ততোধিক গেছৰ মিশ্ৰ এটাৰ চাপ, গেছীয় মিশ্ৰটোৰ উপাদান গেছসমূহৰ আংশিক চাপৰ সমষ্টিৰ সমান।

🔸 ফেৰাডেৰ বিদ্যুৎ বিশ্লেষণৰ সূত্ৰ :
👉 প্ৰথম সূত্ৰ : বিদ্যুৎ বিশ্লেষণৰ ফলত বিদ্যুৎদ্বাৰত অৱক্ষিপ্ত হোৱা আয়তন ওজন বিদ্যুৎ বিশ্লেষণৰ দ্ৰৱটোৰ মাজেৰে প্ৰবাহিত হোৱা মুঠ বিদ্যুতৰ পৰিমাণৰ প্ৰত্যক্ষ সমানুপাতিক।
👉 দ্বিতীয় সূত্ৰ : বিভিন্ন বিদ্যুৎ বিশ্লেষণৰ মাজেৰে একে পৰিমাণৰ বিদ্যুৎ দ্বাৰত অৱক্ষিপ্ত হোৱা আয়নবোৰৰ ওজনবোৰ সেইবোৰৰ ৰাসায়নিক তুল্যাংকৰ সমানুপাতিক।

🔸 নিউটনৰ শীতলীকৰণ সূত্ৰ (Newton’s law of cooling): উষ্ণ বস্তু এটাৰ উষ্ণতা হ্ৰাসৰ হাৰ, উক্ত বস্তুটোৰ আৰু পৰিবেশৰ উষ্ণতাৰ পাৰ্থক্যৰ সমানুপাতিক হ’ব, যদিহে পৰিৱেশ আৰু উষ্ণ বস্তুটোৰ মাজৰ উষ্ণতাৰ পাৰ্থক্য কম হয়।

🔸 প্ৰতিফলনৰ নিয়ম (Laws Of Reflection):
👉 আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একে সমতলত থাকে।
👉 আপতন কোণ আৰু প্ৰতিফলন কোণ সমান, অৰ্থাৎ <i=<r

🔸 প্ৰতিসৰণৰ নিয়ম (Laws of Refraction):
👉 আপতন কোণৰ Sin আৰু প্ৰতিসৰণ কোণৰ Sin ৰ অনুপাত ধ্ৰুৱক, অৰ্থাৎ sin i/sin r = ধ্ৰুৱক।
👉 আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একে সমতলত থাকে।

🔸 প্ৰাকৃতিক নিৰ্বাচনৰ নিয়ম (Laws of Natural Selection): ডাৰউইনৰ মতে জীৱই বৰ্তি থাকিবৰ বাবে বা অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হয়।
ডাৰউইনৰ মতবাদৰ ভিত্তি হৈছে –
(i) প্ৰজননৰ উচ্চ হাৰ।
(ii) বৰ্তি থকাৰ বাবে সংগ্ৰাম।
(iii) যোগ্যতমৰ উৰ্ধতন।
(iv) প্ৰাকৃতিক নিৰ্বাচন।

🔸 বংশগতিৰ সূত্ৰ (Laws of Heredity): বংশগতিৰ সূত্ৰক মেণ্ডেলীয় সূত্ৰ বুলিও আখ্যা দিয়া হয়। বংশগতিৰ সূত্ৰকেইটা হৈছে –
(i) পৃথকীকৰণ সূত্ৰ।
(ii) স্বতন্ত্ৰ বিন্যাস সূত্ৰ
(iii) যুগ্ম কাৰকৰ সূত্ৰ
(iv) প্ৰভাৱীতা সূত্ৰ

🔸 ভৰ-শক্তি সমীকৰণ (Mass – Energy Equations): যদি E = ‘m’ ভৰৰ বস্তুৰ বিনাশৰ জৰিয়তে নিৰ্গত শক্তিৰ পৰিমাণ আৰু c = পোহৰৰ বেগ, তেন্তে E = mc2, যিয়ে সূচায় যে, ভৰ আৰু শক্তি আন্তঃপৰিৱৰ্তনশীল। ~ আইনষ্টাইন

🔸 লেমাৰ্কৰ সূত্ৰ (Lamarck Theory): অংগসমূহৰ প্ৰভাৱী আৰু অপ্ৰভাৱী ব্যৱহাৰে জীৱদেহৰ গঠনত কিছু পৰিৱৰ্তন সাধন কৰে।

Leave a Comment