পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা | প্ৰশ্ন উত্তৰ & MCQ

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা নামৰ অধ্যায়টো আজি আমি আলোচনা কৰিবলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ Assamese Medium লৈ। আজি আমি আলোচনা কৰিম সমাজ বিজ্ঞান দশম মান শ্ৰেণীৰ (Class 10 Social Science) ৰ ভূগোল অংশৰ দ্বিতীয় অধ্যায় পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা।

সমাজ বিজ্ঞান দশম মান শ্ৰেণীৰ(Class 10 Social Science) ৰ ভূগোল অংশৰ দ্বিতীয় অধ্যায় পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাৰ মূল বিষয় বস্তু বোৰ আমি পঢ়িলে অতি সহজেই বুজিব পাৰিব আৰু সেয়ে আমি ইয়াত সবিশেষ আলোচনা নকৰোঁ। কিন্তু এই অধ্যায় বা পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাত কি কি পঢ়িব সেয়া উল্লেখ কৰিব বিচাৰিছো।

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা নামৰ অধ্যায়টোত বিশেষকৈ পৰিৱেশ কি, পৰিৱেশৰ প্ৰধান সমস্যা সমূহ কি কি, প্ৰদূষণ আৰু মৰুকৰণ বুলিলে কি বুজা আৰু গোলকীয় উত্তাপ বৃদ্ধি আদিৰ বিষয়ে উল্লেখ কৰা হৈছে।

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

ইয়াত অনুশীলনৰ প্ৰশ্ন উত্তৰ, সাম্ভাব্য প্ৰশ্নৰ উত্তৰ, অতিৰিক্ত প্ৰশ্নৰ উত্তৰ, অতি চমু প্ৰশ্নৰ উত্তৰ, চমু প্ৰশ্নৰ উত্তৰ আদি সন্নিৱিষ্ট কৰি ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে প্ৰস্তুত কৰি উলিওৱা হৈছে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাৰ সমাধান।

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাৰ প্ৰশ্ন উত্তৰ

যদিও আমি ইয়াত Class 10 Social Science ৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা নামৰ অধ্যায় আলোচনা কৰি আছিলো কিন্তু ইয়াত তেনে কোনো বিষয় আলোচনা কৰাৰ প্ৰয়োজন নাই বুলিয়ে বিবেচনা কৰা ভাল । তেন্তে আহক আমি এতিয়া আলোচনা কৰো পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা নামৰ অধ্যায়ত থকা সম্পূর্ণ অনুশীলনৰ প্ৰশ্ন উত্তৰ।

Class 10 Social Chapter 2 Geography MCQ | পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা MCQ

1. কোনজন ভূগোল-বিজ্ঞানীয়ে স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বুলি কৈছে?
(a) পিটাৰ
(c) হেগেট
(b) পিটাৰ হেগেট
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (b) পিটাৰ হেগেট

2. স্থলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান অংশ আৱৰি আছে
(a) ২৭ শতাংশ
(b) ২৯ শতাংশ
(c) ৩০ শতাংশ
(d) ২৫ শতাংশ
উত্তৰঃ (b) ২৯ শতাংশ

3. জল মণ্ডলে ভূ-পৃষ্ঠৰ কিমান অংশ আগুৰি আছে ।
(a) ৭০ শতাংশ
(b) ৭১ শতাংশ
(c) ৭৫ শতাংশ
(c) ৭২ শতাংশ
উত্তৰ: (b) ৭১ শতাংশ

4. ৰাষ্ট্ৰ সংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলনখন কিমান চনত অনুষ্ঠিত হৈছিল ?
(a) ১৯৭২ চনত
(c) ১৯৭৭ চনত
(b) ১৯৭৪ চনত
(c) ১৯৭৯ চনত
উত্তৰ: (c) ১৯৭৭ চনত

5. ১৯৭৭ চনৰ ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলনখন ক’ত অনুষ্ঠিত হৈছিল ?
(a) আফ্রিকা মহাদেশৰ নাইৰ ‘বিতত
(b) কেলিফর্নিয়াত
(c) আমেৰিকাৰ নাহৰ বিতত
(d) দক্ষিণ আফ্ৰিকাত
উত্তৰ : (a) আফ্রিকা মহাদেশৰ নাইৰ বিতত

6. সম্প্রতি পৃথিৱীৰ স্থল’ভাগৰ কিমান অংশ ভূমি মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে ?
(a) ৩১ শতাংশ
(c) ৩৫ শতাংশ
(b) ৩৩ শতাংশ
(d) ৩৭ শতাংশ
উত্তৰ : (c) ৩৫ শতাংশ

7. বর্তমানে মৰুকৰণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্রস্ত মহাদেশ খন কি ?
(a) আমেৰিকা
(b) উত্তৰ আমেৰিকা
(c) পশ্চিম আমেৰিকা
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (b) উত্তৰ আমেৰিকা

8. জীৱ মণ্ডলত এতিয়ালৈকে কিমান উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি চিনাক্ত কৰণ হৈছে?
(a) ১.৭১ নিযুত
(b) ১.৭৫ নিযুত
(c) ১.৭৬ নিযুত
(d) ১.৭৭ নিযুত
উত্তৰঃ (b) ১.৭৫ নিযুত

9. স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান শতাংশ কার্বনডাই-অক্সাইড থাকে ?
(a) 0.025
(c) 0.06
(b) 0.035
(d) 0.03१
উত্তৰ: (b) ০.০৩৫

10. বায়ুমণ্ডল ভূ-পৃষ্ঠৰ পৰা কিমান উচ্চতালৈ প্ৰসাৰিত ?
(a) প্রায় ৪৬০ কিলোমিটাৰ
(b) প্রায় ৪৭০ কিলোমিটাৰ
(c) প্রায় ৪৮০ কিলোমিটাৰ
(d) প্রায় ৪৯০ কিলোমিটাৰ
উত্তৰ: (c) প্রায় ৪৮০ কিলোমিটাৰ

11. কিমান চনত মাউণ্ট পিনাটু’ব’ৰ উদ্‌গিৰণ হৈছিল
(a) ১৯৯০ চনত
(b)১৯৯১ চনত
(c) ১৮৯০ চনত
(d)১৮৯১ চনত
উত্তৰঃ (b) ১৯৯১ চনত

12. পৰিৱেশৰ প্ৰধান উপাদান কেইটা ?
(a) তিনিটা
(b) চাৰিটা
(c) পাছটা
(d) ছয়টা
উত্তৰ: (a) তিনিটা

13. তলৰ কোনবিধ সেউজ গেছ?
(a) অম্লজান
(b) অক্সিজেন
(c) মিথেন
(d) কার্বনডাই-অক্সাইড
উত্তৰঃ (c) কার্বনডাই-অক্সাইড

14. সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ-গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী ?
(a) অক্সিজেন
(c) নাইট্ৰজেন
(b) কার্বন ডাই-অক্সাইড
(d) আর্গন।
উত্তৰ: (b) কার্বন ডাই-অক্সাইড

15. বায়ুমণ্ডলত কার্বনডাই অক্সাইডৰ পৰিমাণ কিমান ?
(a) 0.00 %
(b) 0.035 %
(c) ০.৩৫%
(d) ৩.৩৫%
উত্তৰঃ (b) ০.০৩৫ %

16. এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয়—(HSLC-2018)
(a) মেৰু অঞ্চলত
(b) অৰণ্য অঞ্চলত
(c) ঔদ্যোগিক অঞ্চলত
(d) ঘাঁহনি অঞ্চলত
উত্তৰ : (c) ঔদ্যোগিক অঞ্চলত ।

17. সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী (HSLC-2019)
(a) অক্সিজেন
(c) নাইট্রোজেন
(b)কার্বন ডাই-অক্সাইড
(d) আর্গন
Ans: (b)কার্বন ডাই-অক্সাইড

18. বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কিমান ?(HSLC-2020)
(a) 0.0035%
(b) 0.035%
(c) 0.35%
(d) 3.35%
Ans : (b) 0.035%

19. তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয় ?(HSLC-2022)
(i) কার্বন ডাইঅক্সাইড
(ii) অ’য’ন
(iii) মিথেন
(iv) নাইট্ৰাছ অক্সাইড
Ans : (ii) অ’য’ন

20. পৃথিৱীৰ প্ৰাকৃতিক অৱস্থা কেইটা মণ্ডলে পৰিৱেশ নিৰুপন কৰিছে ?
(a) দুটা
(b) তিনিটা
(c) চাৰিটা
(d) ছয়টা
উত্তৰ: (c) চাৰিটা

Class 10 Social Chapter 2 Geography MCQ

1. কোনজন ভূগোল-বিজ্ঞানীয়ে স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বুলি কৈছে?
(a) পিটাৰ
(c) হেগেট
(b) পিটাৰ হেগেট
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (b) পিটাৰ হেগেট

2. স্থলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান অংশ আৱৰি আছে
(a) ২৭ শতাংশ
(b) ২৯ শতাংশ
(c) ৩০ শতাংশ
(d) ২৫ শতাংশ
উত্তৰঃ (b) ২৯ শতাংশ

3. জল মণ্ডলে ভূ-পৃষ্ঠৰ কিমান অংশ আগুৰি আছে ।
(a) ৭০ শতাংশ
(b) ৭১ শতাংশ
(c) ৭৫ শতাংশ
(c) ৭২ শতাংশ
উত্তৰ: (b) ৭১ শতাংশ

4. ৰাষ্ট্ৰ সংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলনখন কিমান চনত অনুষ্ঠিত হৈছিল ?
(a) ১৯৭২ চনত
(c) ১৯৭৭ চনত
(b) ১৯৭৪ চনত
(c) ১৯৭৯ চনত
উত্তৰ: (c) ১৯৭৭ চনত

5. ১৯৭৭ চনৰ ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলনখন ক’ত অনুষ্ঠিত হৈছিল ?
(a) আফ্রিকা মহাদেশৰ নাইৰ ‘বিতত
(b) কেলিফর্নিয়াত
(c) আমেৰিকাৰ নাহৰ বিতত
(d) দক্ষিণ আফ্ৰিকাত
উত্তৰ : (a) আফ্রিকা মহাদেশৰ নাইৰ বিতত

6. সম্প্রতি পৃথিৱীৰ স্থল’ভাগৰ কিমান অংশ ভূমি মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে ?
(a) ৩১ শতাংশ
(c) ৩৫ শতাংশ
(b) ৩৩ শতাংশ
(d) ৩৭ শতাংশ
উত্তৰ : (c) ৩৫ শতাংশ

7. বর্তমানে মৰুকৰণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্রস্ত মহাদেশ খন কি ?
(a) আমেৰিকা
(b) উত্তৰ আমেৰিকা
(c) পশ্চিম আমেৰিকা
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (b) উত্তৰ আমেৰিকা

8. জীৱ মণ্ডলত এতিয়ালৈকে কিমান উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি চিনাক্ত কৰণ হৈছে?
(a) ১.৭১ নিযুত
(b) ১.৭৫ নিযুত
(c) ১.৭৬ নিযুত
(d) ১.৭৭ নিযুত
উত্তৰঃ (b) ১.৭৫ নিযুত

9. স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান শতাংশ কার্বনডাই-অক্সাইড থাকে ?
(a) 0.025
(c) 0.06
(b) 0.035
(d) 0.03१
উত্তৰ: (b) ০.০৩৫

10. বায়ুমণ্ডল ভূ-পৃষ্ঠৰ পৰা কিমান উচ্চতালৈ প্ৰসাৰিত ?
(a) প্রায় ৪৬০ কিলোমিটাৰ
(b) প্রায় ৪৭০ কিলোমিটাৰ
(c) প্রায় ৪৮০ কিলোমিটাৰ
(d) প্রায় ৪৯০ কিলোমিটাৰ
উত্তৰ: (c) প্রায় ৪৮০ কিলোমিটাৰ

11. কিমান চনত মাউণ্ট পিনাটু’ব’ৰ উদ্‌গিৰণ হৈছিল
(a) ১৯৯০ চনত
(b)১৯৯১ চনত
(c) ১৮৯০ চনত
(d)১৮৯১ চনত
উত্তৰঃ (b) ১৯৯১ চনত

12. পৰিৱেশৰ প্ৰধান উপাদান কেইটা ?
(a) তিনিটা
(b) চাৰিটা
(c) পাছটা
(d) ছয়টা
উত্তৰ: (a) তিনিটা

13. তলৰ কোনবিধ সেউজগেছ?
(a) অম্লজান
(b) অক্সিজেন
(c) মিথেন
(d) কার্বনডাই-অক্সাইড
উত্তৰঃ (c) মিথেন

14. সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ-গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী ?
(a) অক্সিজেন
(c) নাইট্ৰজেন
(b) কার্বন ডাই-অক্সাইড
(d) আর্গন।
উত্তৰ: (b) কার্বন ডাই-অক্সাইড

15. বায়ুমণ্ডলত কার্বনডাই অক্সাইডৰ পৰিমাণ কিমান ?
(a) 0.00 %
(b) 0.035 %
(c) ০.৩৫%
(d) ৩.৩৫%
উত্তৰঃ (b) ০.০৩৫ %

16. এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয়—(HSLC-2018)
(a) মেৰু অঞ্চলত
(b) অৰণ্য অঞ্চলত
(c) ঔদ্যোগিক অঞ্চলত
(d) ঘাঁহনি অঞ্চলত
উত্তৰ : (c) ঔদ্যোগিক অঞ্চলত ।

17. সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী (HSLC-2019)
(a) অক্সিজেন
(c) নাইট্রোজেন
(b)কার্বন ডাই-অক্সাইড
(d) আর্গন
Ans: (b)কার্বন ডাই-অক্সাইড

18. বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কিমান ?(HSLC-2020)
(a) 0.0035%
(b) 0.035%
(c) 0.35%
(d) 3.35%
Ans : (b) 0.035%

19. তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয় ?(HSLC-2022)
(i) কার্বন ডাইঅক্সাইড
(ii) অ’য’ন
(iii) মিথেন
(iv) নাইট্ৰাছ অক্সাইড
Ans : (ii) অ’য’ন

20. পৃথিৱীৰ প্ৰাকৃতিক অৱস্থা কেইটা মণ্ডলে পৰিৱেশ নিৰুপন কৰিছে ?
(a) দুটা
(b) তিনিটা
(c) চাৰিটা
(d) ছয়টা
উত্তৰ: (c) চাৰিটা

অনুশীলনৰ প্ৰশ্ন উত্তৰ

১. পৰিৱেশ বুলিলে কি বুজা নিজৰ ভাষাত লিখা।
উত্তৰ:-কোনো জীৱ বা জীৱসমষ্টিৰ কেউকাষৰ অৱস্থাকে সাধাৰণতে পৰিৱেশ বুলি কোৱা হয়।এই উপাদান বোৰৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে। পৰিৱেশৰ উপাদানবোৰে জড় আৰু জীৱ উভয়কে সামৰি লয়। সহজ অৰ্থত পৰিৱেশ বুলিলে সেয়ে কোনো এখন ঠাই বা অঞ্চলত বিৰাজ কৰা উপাদান বোৰৰ মাজৰ সম্পৰ্কৰ জালিখনকে বুজায়।

২. পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা।
উত্তৰ:-পৰিৱেশৰ কেইটামান জৈৱ-উপাদানৰ নাম হ’ল বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, অণুজীৱ,প্ৰাণী আদি। পৰিৱেশৰ কেইটামান অজৈৱ উপাদানৰ নাম হ’ল- মাটি, পানী, বায়ু, জড়হীন বস্তু আদি।

৩. স্থলমণ্ডল বুলিলে কি বুজা লিখা।
উত্তৰ:- শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলে।এই স্থলমণ্ডলে পৃথিৱীৰ মহাদেশ কেইখনক সামৰি লৈছে।ভূ-পৃষ্ঠাৰ প্ৰায় ২৯ শতাংশ আগুৰি আছে। পাহাৰ-পৰ্বত, মালভূমি, সমভূমি, নদী,-উপত্যকা, উপকূল আদি স্থলমণ্ডলৰ ভিতৰত পৰে।

৪. জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা।
উত্তৰ:- পৃথিৱীৰ সাগৰ মহাসাগৰবোৰেজলমণ্ডল গঠন কৰিছে। স্থলমণ্ডলত থকা নদ-নদী, হ্ৰদ আদি জলাশয়বোৰো জলমণ্ডলৰ অন্তৰ্গত।

৫. বায়ুমণ্ডল কিহেৰে গঠিত লিখা।
উত্তৰ:-অক্সিজেন, নাইট্ৰজেন, কাৰ্বন-ডাই-অক্সাইড, আৰ্গন আদি গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত হয়।

৬. জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা।
উত্তৰ:-জীৱমণ্ডলে পৃথিৱীৰ জীৱ, অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰকে সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ,স্থলভাগৰ কিছু মিটাৰ গভীৰতা লৈ বিয়পি থকা অংশ, সাগৰ মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকটি আৰু কীট-পতংগ উৰি ফুৰা অংশ। জীৱমণ্ডলত এতিয়ালৈকে ১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত মানুহ হৈছে এটা মাত্ৰ প্ৰজাতি।

৭. পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধ চমুকৈ লিখা।
উত্তৰ:- পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটা হ’ল স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। পৃথিৱীৰ এই চাৰিটা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল। ইহঁতৰ মাজত চলি থকা আন্তঃক্ৰিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে। মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জিলিৰ যোগেদি পৃথিৱীৰ পৰিৱেশ নিৰাপণ কৰিছে।এই পৰিৱেশ পৰিৱৰ্তনশীল। স্থান আৰু কাল ভেদে পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন ঘটে। এই চাৰিওটা মণ্ডল পাৰস্পৰিক সম্পৰ্কৰ যোগেদি যুক্ত হৈ আছে।এই সম্পৰ্কৰ মাধ্যমেদি পৃথিৱীত যি অৱস্থাৰ সৃষ্টি হৈছে তাকে বহল অৰ্থত পৰিৱেশ বুলি কয়। পৃথিৱীৰ পৰিৱেশ এটা অতি বিশাল আৰু জটিল তন্ত্ৰ। এই বিশাল তন্ত্ৰৰ ভিতৰতে পৃথিৱীৰ প্ৰতিখন ঠাই বা অঞ্চলৰ পৰিৱেশে ক্ৰিয়া কৰি আছে। অৰ্থাৎ পৃথিৱীৰ সকলো ঠাইৰ পৰিৱেশ গোলকীয় পৰিৱেশ তন্ত্ৰ একো একোটা অংশ মাথোন।

৮. পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা।
উত্তৰ:- পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ হ’ল – জনসংখ্যা বৃদ্ধি, উদ্যোগীকৰণ, নগৰীকৰণ, যাতায়ত পৰিবহণৰ পৰিবৰ্ধন কৃষিভূমিৰ বৃদ্ধি আদি।

৯. পাৰিৱেশিক সমস্যা কি ব্যাখ্যা কৰা।
উত্তৰ:- এই পৃথিৱীত মানুহৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে বিভিন্ন সম্পদৰ প্ৰয়োজন হৈ পৰিল। এই সম্পদ বা প্ৰয়োজনীয়তা বস্তুবোৰ প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰাৰ ফলত, পৰিৱেশৰ ভাৰসাম্য বিনিষ্ট হ’ব ধৰিলে। ইয়াৰ ফলত কিছুমান নতুন সমস্যাৰ সৃষ্টি হ’ল । গতিকে পৰিৱেশৰ লগত সম্পৰ্ক থকা এই সমস্যাবোৰক পাৰিৱেশিক সমস্যা বোলা হয়।

১০. ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা।
উত্তৰ:- ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক তিনিটা ভাগত ভগাব পাৰি-
(ক) স্থানীয় সমস্যা
(খ) আঞ্চলিক সমস্যা আৰু
(গ) গোলকীয় সমস্যা ।

১১. পৰাৱেশৰ স্থানীয় সমস্যা কি ? উদাহৰণ দি লিখা।
উত্তৰ:- উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা যিবোৰ পৰিৱেশিক সমস্যা একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থাকিব পাৰে, সেইবোৰ সমস্যাকে পৰিৱেশিক সমস্যা বোলে। উদাহৰণস্বৰূপে এটা ক্ষুদ্র উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ, বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা আদি।

১২. পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ লিখা।
উত্তৰ:- অসম ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা, বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা আদি আঞ্চলিক সমস্যাৰ উদাহৰণ।

১৩. কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা।
উত্তৰ:- যিবোৰ পৰিৱেশ সমস্যাই সমগ্ৰ পৃথিৱীৰ সামৰি লয় আৰু প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, সেইবোৰ সমস্যাকে গোলকীয় সমস্যা বুলি কোৱা হয়। উদাহৰণ স্বৰূপে গোলকীয় উত্তাপ বৃদ্ধি। এই সমস্যা বায়ুমণ্ডলৰ লগত জড়িত হোৱাৰ কাৰণে বিস্তৃতিৰ ফালৰ পৰা অসীম। ইয়াৰ প্ৰভাৱ বায়ুমণ্ডলৰ লগতে পৃথিৱীৰ পৰিৱেশৰ জলভাগ, স্থলভাগ আৰু জীৱজগতৰ ওপৰতো পৰে।

১৪. পৰিৱেশৰ প্ৰধান সমস্যা সমূহ উল্লেখ কৰা ?
উত্তৰ:- পৰিৱেশৰ প্ৰধান সমস্যা সমূহ হ’ল – প্ৰদূষণ, মৰুকৰণ, ভূমিস্খলন, ভূমিক্ষয়, গোলকীয় উত্তাপ বৃদ্ধি, কৃত্ৰিম বান, সাগৰ পৃষ্ঠৰ উণ্খান আদি প্ৰধান।

১৫. প্ৰদূষণৰ অৰ্থ লিখা।
উত্তৰ:- অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকেপ্ৰদূষণ বোলা হয়। যেনে:- সীহ, ছালফাৰ ডাই অক্সাইড, কাৰ্বন মন’অক্সাইড আদি পৰিৱেশ প্ৰদূষকে প্ৰদূষণৰ সৃষ্টি কৰে।

১৬. পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা।
উত্তৰ:- বায়ুমণ্ডলৰ দৰে পানীও প্ৰদূষিত হয়। পানীৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, পদাৰ্থকণা, অণুজীৱ, বিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটায়। গুণৰ পৰিৱৰ্তন ঘটোৱা এনে প্ৰক্ৰিয়াকে পানী প্ৰদূষণ বোলা হয়। ,সহজ ভাষাত দূষিত পদাৰ্থ মিহলি হৈ নিৰ্মল পানীক ব্যৱহাৰৰ অনুপযোগী কৰা কাৰ্যকে পানী প্ৰদূষণ বোলা হয়। সাধাৰণতে পানীৰ উৎসত মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰ পৰা নিৰ্গত অপদ্ৰৱ্য পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। প্ৰদূষিত পানীয়ে তাত থকা উদ্ভিদ আৰু প্ৰাণীৰ ক্ষতি সাধন কৰে। সাধাৰণতে ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰ অঞ্চলৰ মাজেদি বা কাষেদি প্ৰৱাহিত নদ-নদীৰ পানী প্ৰদূষিত কৰে।
বৃহৎ ঔদ্যোগিক অঞ্চলৰ আশে-পাশে থকা জলাশয়ৰ পানীভাগত এচিডৰ পৰিমাণ বৃদ্ধি পালেও পানী প্ৰদূষিত হয়। বায়ুমণ্ডলত জমা হোৱা ছালফাৰ-ডাই-অক্সাইড আৰু নাইট্ৰ’জেন অক্সাইড এচিড বৰষুণৰূপে নামি আহি জলাশয় আদিৰ পানী প্ৰদূষিত কৰে।পানী প্ৰদূষিত মানুহৰ স্বাস্থ্য হানিৰ লগতে মহাদেশৰ মাটিভাগৰো উৰ্বৰতা হ্ৰাস কৰে।

১৭. মাটি প্ৰদূষণৰ ওপৰত এটা চমু টোকা লিখা।
উত্তৰ:- মাটি প্ৰকৃতিৰ এবিধ অতি গুৰুত্বপূৰ্ণ উপাদান। মানুহৰ বাবে ই এক অপৰিহাৰ্য সম্পদ। মাধৱ সভ্যতাৰ বিকাশ প্ৰধানকৈ এই সম্পদৰ ওপৰত ভিত্তি কৰিয়েই সম্ভৱ হৈ উঠিছে মানৱজনিত কাৰণতেই মাটি সম্পদ প্ৰদূষণৰ কবলত পৰিছে। সাধাৰণতে মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা , তেলষ্ক্ৰিয়া পদাৰ্থ। এচিড বৰষুণ আদি মিহলি হ’লে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু উৰ্বৰতা হ্ৰাস পায়।
সাধাৰণতে আধুনিক কৃষিকৰ্য, উদ্যোগৰ ধ্বংসই মাটি প্ৰদূষণৰ প্ৰধান কাৰণ। কৃষিৰ আধুনিকীকৰণ কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰ, জলসিঞ্চন, কীটনাশক দৰৱ আদিৰ প্ৰয়োগ বৃদ্ধি কৰিছে। ৰাসায়নিক সাৰৰ প্ৰয়োগে মাটিৰ স্বাভাৱিক গঠন আৰু গুণাগুণৰ যিদৰে সলনি ঘটায়, সেইদৰে ভূমিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে। তদুপৰি কীটনাশক আৰু অপতৃণনাশক দৰৱ প্ৰযোগৰ কৰিলেও নিৰ্দিষ্ট কীট পতংগ আৰু অলাগতিয়াল উদ্ভিদৰ মাটিত থকা উপকাৰী প্ৰাণী আৰু অণুজীৱও ধ্বংসৰ মুখত পৰে। ইয়ে মাটিৰ প্ৰাকৃতিক গুণৰ পৰিৱৰ্তন ঘটাই মাটিক প্ৰদূষিত কৰে। তদুপৰি উদ্যোগিক আৰ্বজনা আৰু ৰাসায়নিক পদাৰ্থয়ো মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে । ভূগৰ্ভৰ পৰা কয়লা, খাৰুৱা তেল আদি উত্তোলন কৰোঁতেও সেইবোৰৰ কিছু অংশ অসাৱধানবশতঃ ওচৰৰ মাটিত মিহলি হৈ প্ৰদূষিত কৰে। এইদৰে মাটি প্ৰদূষণে এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে।

১৮. বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা।
উত্তৰ:- পৃথিৱীৰ বায়ুমণ্ডল প্ৰধানকৈ গেছীয় পদাৰ্থৰ দ্বাৰা গঠিত। বায়ু দূষিতকাৰী প্ৰাকৃতিক কাৰকৰ ভিতৰত আগ্নেয় উদগিৰণেই প্ৰধান । উদগীৰণৰ সময়ত নিৰ্গত হোৱা ধোৱা, ছাই আৰু গেছীয় পদাৰ্থই বায়ু প্ৰদূষিত কৰে। ইয়াৰ উপৰি পৃথিৱীৰ বিশেষ কিছুমান অঞ্চলত প্ৰায়ে সংঘটিত বনজুয়েও বায়ুমণ্ডল দূষিত কৰে। বায়ুমণ্ডল প্ৰধানকৈ মানুহৰ কাৰ্যৱলীয়ে প্ৰদূষিত কৰিছে। শিল্প উদ্যোগৰ প্ৰসাৰ,নগৰীকৰণ, যান-বাহন বৰ্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ আদি মানুহৰ কাৰ্যসমূহ হ’ল পৃথিৱীৰ বায়ুমণ্ডল দূষিত হোৱাৰ প্ৰধান কাৰক।

১৯. মৰুভূমি কাক বোলে ? মৰুকৰণৰ সংজ্ঞা দিয়া।
উত্তৰ:- যিবোৰ অঞ্চল বালিৰে আবৃত্ত হৈ থাকে তাকে মৰুভূমিৰ বোলে।এইবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ কম আৰু বাস্পীভৱন বেছি বাবে মৰুভূমিৰ পৰিৱেশ শুকান। এইবোৰ অঞ্চলত গছ গছনিও কম থাকে।
মৰুকৰণ এনেকুৱা এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে। মৰুকৰণ প্ৰক্ৰিয়াই মৰুভূমিবোৰৰ সম্প্ৰসাৰণ ঘটায় আৰু নতুন নতুন ঠাইক মৰুভূমিত পৰিণত কৰে।

২০. মৰুকৰণৰ কাৰণ দৰ্শোৱা।
উত্তৰ:- মৰুকৰণৰ কাৰণ বোৰ হ’ল-
(ক) প্ৰাকৃতিক কাৰকৰ ভিতৰত খৰাং বতৰে মৰুকৰণ প্ৰক্ৰিয়াত সহায় কৰে। খৰাং বতৰে মৰুকৰণ প্ৰক্ৰিয়াত সহায় কৰে। খৰাং অৱস্থাই ভূমিৰ উৎপাদন ক্ষমতা হ্ৰাসকৰাৰ লগতে উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্ৰভাৱ পেলায়। ইয়ে মৰুকৰণ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰে।
(খ) গোলকীয় উত্তাপ বৃদ্ধিয়ে মৰুকৰণ প্ৰক্ৰিয়াক ভয়াৱহ ৰূপ দিছে। উত্তাপ বৃদ্ধিয়ে উষ্ণ মৰুভূমিবোৰৰ পৰিৱেশ আৰু অধিক শুকান কৰি তুলি আছে।
(গ) মানুহৰ কাৰ্য্য কলাপেও মৰুকৰণ প্ৰক্ৰিয়াক সহায় কৰে মানুহৰ কাৰ্যকলাপৰ ভিতৰত অত্যাধিক পশুচাৰণ, কৃষি প্ৰসাৰ আৰু বননি ধ্বংসই প্ৰধান।
(ঘ) দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে মৰু আৰু মৰুপ্ৰায় অঞ্চলবোৰত মানুহৰ সংখ্যা বঢ়াইছে আৰু মৰুভূমিৰ প্ৰসাৰ ঘটাত যথেষ্ট সহায় কৰিছে।

২১. মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে?
উত্তৰ:- মৰুকৰণ সমস্যা এটা ডাঙৰ সমস্যা। মৰুকৰণ জনিত সমস্যাৰ সমাধান সমগ্র বিশ্ববাসীৰ সন্মুখত এতিয়া এটা জটিল প্ৰত্যাহান আন্তৰ্জাতিক সহযোগ অবিহনে এই সমস্যাৰ সমাধান সম্ভৱ নহয়। গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে প্ৰক্ৰিয়াৰ লগত জড়িত থকাৰ কাৰণে মৰুকৰণ সমস্যা ক্ৰমে জটিল হৈ আহিছে। মানৱ কাৰ্যাৱলীৰ বাবে এই সমস্যা আৰু অধিক জটিল হৈ পৰিছে। এই সমস্যাৰ সমাধানৰ বাবে জনসাধাৰণ আৰু লগতে চৰকাৰে কিছুমান পদক্ষেপ হাতত ল’ব লাগিব। জনসাধাৰণৰ মাজত পৰিৱেশৰ প্ৰতি সজাগতা আনিবলৈ কিছুমান সংস্থা আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু স্থানীয় পৰ্যায়ত স্থাপন কৰিলে ভৱিষ্যতে এই সমস্যাটো সমাধান কৰিব পৰা যাব।

২২. গোলকীয় উত্তাপ বৃদ্ধি কি ? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা।
উত্তৰ:- পৃথিৱীৰ বায়ুমণ্ডলৰ পৰিৱৰ্তন প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত বায়ুমণ্ডলৰ লগত ভূ-পৃষ্ঠাতো যি উত্তাপ বৃদ্ধি হৈছে তাকে গোলকীয় উত্তাপ বৃদ্ধি বোলে।এই গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে পৃথিৱীত বহুতো সমস্যাৰ সৃষ্টি হৈছে।
গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰকবোৰ হ’ল- বায়ুমণ্ডলত থকা কিছুমান গেছে ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ৰাখিব পাৰে। এনে গেছবোৰৰ ভিতৰত কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰাছ অক্সাইড, মিথেন, জলীয় বাষ্প আদি । সেউজগৃহ গেছ বোলে। এই সকলোবোৰ গেছৰ পৰিমাণ ০.১ শতাংশ। এইবোৰ গেছে বায়ুমণ্ডলৰ সৈতে ভূ-পৃষ্ঠতো উত্তাপৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। কিন্তু যিকোনো কাৰণতে বায়ুমণ্ডলত এই গেছ বোৰৰ স্থিতি ৰ তাৰতম্য ঘটিলে, উত্তাপৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটে। বায়ুমণ্ডলত সেউজ গেছৰ পৰিমাণ বাঢ়িলে সাধাৰণতে বায়ুমণ্ডলৰ উত্তাপ বাঢ়ে।

২৩. গোলকীয় উষ্ণতা বৃদ্ধিয়ে কি কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা।
উত্তৰ:- গোলকীয় উষ্ণতা বৃদ্ধিয়ে সৃষ্টি কৰিব পৰা সমস্যাসমূহ হ’ল –
(ক) মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন ।
(খ) উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম বৃদ্ধি।
(গ) ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন।
(ঘ) শস্যৰ উৎপাদন হ্ৰাস ।
(ঙ) মৰুকৰণ।

২৪. গোলকীয় উত্তাপ বৃদ্ধিৰ ৰোধ কৰাৰ উপায় সমূহ লিখা ?
উত্তৰ:- গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় সমূহ হ’ল-
ক) সেউজ গৃহ গেছৰ পৰিমাণ হ্ৰাস কৰা,
খ) বৃক্ষ ৰূপন কৰা আৰু বনাঞ্চল সুৰক্ষিত কৰা,
গ) যান-বাহনৰ চলাচল কম কৰা,
ঘ) চহৰৰ পৰা অলপ আঁতৰত উদ্যোগ স্থাপন কৰা আদি।

কিছু অতিৰিক্ত প্ৰশ্নৰ উত্তৰ

১) পৰিৱেশৰ উপাদান সমূহ কি কি ?
উত্তৰ:- পৰিৱেশৰ উপাদান বুলি কলে কোনো এটা অঞ্চলত পোৱা জড় আৰু জীৱ সকলো বস্তুকে সামৰি লয়। ইয়াত মানুহ আৰু মানুহৰ ক্ৰিয়াকলাপ ও অন্তৰ্ভূক্ত হয় ।

২) সেউজগৃহ গেছ কাক বোলে ?
উত্তৰ:- বায়ুমণ্ডলত (Atmosphere) থকা কাৰ্বন-ডাই-অক্সাইড গেছে, ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি বায়ুমণ্ডলত বিশেষ এক উপযোগী উত্তাপ বাহাল ৰখাত সহায় কৰে। একে ধৰণে কাম অন্য কিছুমান গেছো বায়ুমণ্ডল পোৱা যায় সেই গেছবোৰকে সেউজ গৃহ গেছ বোলা হয়।

৩) সেউজ গৃহ গেছ কেইবিধৰ নাম উল্লেখ কৰা।
উত্তৰ :- সেউজ গৃহ গেছ কেইবিধমানৰ নাম হ’ল
ক) মিথেন
খ) নাইট্ৰাছ অক্সাইড
গ) ক্লৰ’ফ্লুৰ’কাৰ্বনছ

৪. গোলকীয় উত্তাপ বৃদ্ধি ত অৰিহনা যোগাৱা কাৰক বিলাক কি কি ?
উত্তৰ:- গোলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যোগোৱা গেছ সমূহ হ’ল
ক) বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি
খ) অৰণ্য ধ্বংস
গ) আৰ্দ্ৰভূমি
ঘ) কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱৰ প্ৰয়োগ
ঙ) মৰুপ্ৰান্তীয় অঞ্চলবোৰত অত্যাধিক পশুচাৰণ।

৫) উৎপত্তি অনুসৰি পাৰিৱেশিক সমস্যাবোৰ উদাহৰণ সহ শ্ৰেণী বিভক্ত কৰা।
উত্তৰ:- উৎপত্তি অনুসৰি পাৰিৱেশিক সমস্যা সমূহ –
ক) ভূ-আন্দোলনজনিত সমস্যা (উদাহৰণ: ভূমিকম্প, আগ্নেয়গিৰী, চুনামি)
খ) বায়ুপ্ৰবাহজনিত সমস্যা( উদাহৰণ: ঘূৰ্ণীবতাহ, ধুমুহা )
গ) নিৰ্বনীৰণজনিত সমস্যা( উদাহৰণ: ভূমিক্ষয়, ভূমিস্খলন )
ঘ) প্ৰদূষণজনিত সমস্যা( উদাহৰণ: বায়ু প্ৰদূষণ, জল প্ৰদূষণ, ভূমি প্ৰদূষণ)

৬. মৰুকৰণ বুলিলে কি বুজা ?
উত্তৰ:- মৰুকৰণ এক পাৰিৱেশিক সমস্যা। পৃথিৱীত যিবিলাক মৰুভূমি আছে সেইবোৰ ক্ৰমে আয়তন বৃদ্ধি পায় মৰুভূমিৰ প্ৰসাৰ হব লাগিছে। এইদৰে মৰুভূমিৰ প্ৰসাৰ ঘটোৱা প্ৰক্ৰিয়াক মৰুকৰণ বোলা হয়।

৭. অসমক কিয় ‘জংঘলৰ ৰাজ্য’ বুলি কোৱা হয়?
উত্তৰ:- কিছু বছৰ আগলৈকে অসমক গছ- গছনি আৰু জীৱ জন্তুৰ সংখ্যা ভৰপূৰ হৈ আছিল আৰু এখন সেউজীয়া ৰাজ্য আছিল। সেইবাবে অসমক জংঘলৰ ৰাজ্য বুলি কোৱা হৈছিল।

৮. মৌচুমী বতাহ কাক বোলে ?
উত্তৰ:- মৌচুমী শব্দটো এটা আৰবী শব্দ। ইয়াৰ অৰ্থ ঋতু। ঋতু অনুসৰি যি বতাহ বলে তাকে মৌচুমী বতাহ বোলে।

৯. ফলক বিবৰ্তন কাক বোলে ?
উত্তৰ:- পৃথিৱীৰ খোলাটো কিছুমান ফলকৰে গঠিত এই ফলকবোৰে সদায় গতিশীল অৱস্থাত থাকে। যাৰ ফলত পৃথিৱীৰ উপৰি ভাগত আমি বিভিন্ন ভূ- অৱয়ৰ বা পৰিঘটনা দেখিবলৈ পাওঁ। ফলকৰ এই পৰিঘটনাক ফলক বিবৰ্তন বোলা হয়।

১০. বায়ুমণ্ডলত স্বাভাৱিক অৱস্থাত কিমান পৰিমাণৰ কাৰ্বনডাই অক্সাইড থাকে ?
উত্তৰ:- ০.০৩৫ শতাংশ।

১১. স্থানীয় সমস্যাৰ এটা উদাহৰণ দিয়া।
উত্তৰ:- নৈৰ গৰা খহনীয়া।

১২. গোলকীয় সমস্যাৰ এটা উদাহৰণ উল্লেখ কৰা।
উত্তৰ:- গোলকীয় উত্তাপ বৃদ্ধি।

১৩. ব্ৰহ্মপুত্ৰ নদীৰ অৱাহিকাৰ মাটি কালি কিমান ?
উত্তৰ:- ৫,৮০,০০০ বৰ্গ কি. মি.

১৪. ১৯৫০ চনৰ ভূমিকম্পৰ প্ৰাৱল্য কিমান আছিল?
উত্তৰ:- ৮.৭

১৫. বৰদৈচিলা অসমত কেতিয়া আহে ?
উত্তৰ:- এপ্ৰিল মাহত।

১৬. অসমত অৱস্থিত ভূমিকম্প বলয়টোৰ নাম কি ?
উত্তৰ:- আল্পছ-হিমালয়-ভূ-কম্পবলয়।

১৭. ৰিখটাৰ স্কেল কাক বোলে ?
উত্তৰ:- যি স্কেলৰ সহায়ত ভূমিকম্প প্ৰাৱল্য জোখা হয় তাকে ৰিখটাৰ স্কেল বোলে।

১৮. অসমৰ বানপানী সমস্যাৰ চাৰিটা কাৰণ উল্লেখ কৰা।
উত্তৰ:- অসমৰ বানপানী সমস্যাৰ চাৰিটা কাৰণ হ’ল
ক) কম সময়ৰ ভিতৰত অধিক বৰষুণ যাৰ ফলত অধিক পানী বৈ যাব নোৱাৰি উপত্যকা অঞ্চলত বানপানী সমস্যাৰ সৃষ্টি কৰে।
খ) অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰৰ তলিখন গভীৰ নহয় যাৰ ফলত বেছি পানী বহন কৰাৰ ক্ষমতা নাই, সেয়ে অতিৰিক্ত পানীখিনিয়ে কিছুদিনৰ বাবে ইয়াৰ উপত্যকা অঞ্চল বানপানীৰ সৃষ্টি কৰে।
গ) অসম তথা ব্ৰহ্মপুত্ৰৰ সমতলখন ঢাল অতি সামান্য সেয়ে বৰষুণৰ পানীবোৰ লাহে লাহে বৈ যাওঁতে ইয়াৰ উপত্যকা অঞ্চলত বানপানীৰ সৃষ্টি কৰে।
ঘ) ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈ সমূহৰ ব্যাপক গৰাখহনীয়াৰ ফলত দ অঞ্চলবোৰত অৱক্ষেপন হোৱাৰ বাবে অসমত বানপানী সমস্যাৰ সৃষ্টি কৰে।

১৯. বহনক্ষম উন্নয়নৰ অৰ্থ লিখা।
উত্তৰ:- বহনক্ষম উন্নয়ন মানে এক বিবেচনা সম্পন্ন উন্নয়ন ব্যৱস্থা। এই উন্নয়নে সমাজৰ বৰ্তমান আৰু ভৱিষ্যত সুৰক্ষাৰ অনুকূলে কাম কৰে।

Download PDf Notes

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা প্ৰশ্ন উত্তৰ PDF

Watch Video Class

শেষ বাক্য

আজি আমি আলোচনা কৰিলোঁ দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞান (Class 10 Social Science) ৰ ভূগোল অংশৰ দ্বিতীয় অধ্যায় পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাৰ বিষয়ে। যিকোনো বিষয়ৰ প্ৰশ্নৰ উত্তৰ আৰু ইয়াৰ বিষয়ে জানিবলৈ Assamese Medium Facebook Page ফেচবুক পেজত আনক Follow কৰিব পাৰে। ইয়াৰ দ্বাৰা দুখীয়া লৰা – ছোৱালী উপকৃত হব বুলি আমি আশাবাদী। ভাল লাগিলে আপোনালোকে SHARE কৰিব। আপোনালোকক সদায় কৰিবলৈ প্ৰস্তুত।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

3 thoughts on “পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা | প্ৰশ্ন উত্তৰ & MCQ”

Leave a Comment