অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ

মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱী সকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ Assamese Medium লৈ। আন দিনৰ দৰে আজি আমি আকৌ আলোচনা কৰিম দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ প্ৰথম অধ্যায় “অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদৰ সম্পূৰ্ণ তথ্য

আজি আমাৰ আলোচ্য বিষয় হল Class 10 Social Science ৰ দ্বিতীয় খণ্ড “ভূগোল” ৰ প্ৰথম অধ্যায় “অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ Class 10 “। কিন্তু ইয়াত আমি কি আলোচনা কৰিম তাৰ বিষয়ে আগতে অলপ উল্লেখ কৰিব খুজিছোঁ।

যিহেতু Class 10 Social Science ত আন আন বিষয় যেনে গণিত বা বিজ্ঞানৰ নিচিনা জটিল জটিল সমাধান কৰিব লগীয়া নাই সেই কাৰণে আমি কেৱল ইয়াত পাঠ্যভিত্তিক প্ৰশ্ন উত্তৰ আৰু কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰৰ কথা আলোচনা কৰিব যত্ন কৰিম।

অৰ্থনৈতিক ভূগোল প্ৰশ্ন উত্তৰ

অৰ্থনৈতিক ভূগোল প্ৰশ্ন উত্তৰ : কি কি আছে ইয়াত?

আপুনি যদি Class 10 Social ৰ এই অধ্যায়টো ভালদৰে পঢ়ে তেন্তে নিশ্চয় বুজিব পাৰিব আৰু সেই কাৰণে আমি ইয়াত অন্তৰ্নিহিত কি কি বিষয় আলোচনা কৰিব অহা নাই। আমি ইয়াত অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ” ৰ বিভিন্ন বিষয় বস্তু যিবোৰ পাঠটোত সন্নিবিষ্ট কৰা হৈছে। বিষয় সমূহ প্ৰধানত: অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা আৰু বিষয়বস্তু, অৰ্থনৈতিক ভূগোলৰ পৰিসৰ আৰু শাখা সমূহ, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখা সমূহ, সম্পদৰ অৰ্থ আৰু গুৰুত্ব, সম্পদৰ শ্ৰেণী বিভাজন আৰু ব্যৱহাৰ, সম্পদৰ প্ৰকাৰ, জীৱিয় আৰু অজীৱিয় সম্পদ, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ, ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ, সম্পদৰ সংৰক্ষণ – ইয়াৰ প্ৰয়োজনীয়তা আৰু পদ্ধতি।

Class 10 Social Science ৰ দ্বিতীয় খণ্ড “ভূগোল” ৰ প্ৰথম অধ্যায় “অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ” নামৰ এই Lesson ত বিশেষকৈ উপৰত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ উপৰিও সম্পদৰ উপকাৰিতা, কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীল ধৰ্মৰ বিষয় সমূহ সন্নিৱিষ্ট কৰা হৈছে।

Class 10 Social Chapter 1 Geography MCQ | অর্থনৈতিক ভূগোল MCQ

1) তলৰ কোনটো অজীৱীয় সম্পদ ?
(a) গছ-গছনি
(b) জীৱ-জন্তু
(c) ভেঁকুৰ
(d) বায়ু
উত্তৰঃ (d) বায়ু

2) তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ
(a) বায়ু
(c) শস্য
(b) পানী
(d) কয়লা
উত্তৰ: (d) কয়লা

3) তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী?
(a) এশিঙিয়া গড়
(b) নলগাহৰি
(c) জিৰাফ
(d) মিথুন
উত্তৰ: (b) নলগাহৰি

4) সম্পদ কেই প্ৰকাৰৰ বিভক্ত ?
(a) দুই প্ৰকাৰৰ
(c) চাৰি প্ৰকাৰৰ
(b) তিনি প্ৰকাৰৰ
(d) পাঁচ প্ৰকাৰৰ
উত্তৰঃ (b) তিনি প্ৰকাৰৰ

5) তলৰ কোনটো অ-নবীকৰণযোগ্য সম্পদ?(HSLC-2017)
(a) পানী
(b) সূৰ্যৰ ৰশ্মি
(c) গছ-গছনি
(d) প্রাকৃতিক গেছ
উত্তৰ: (d) প্রাকৃতিক গেছ

6) তলৰ সম্পদসমূহৰ কোনবিধ সম্পদ অজীৱীয় ? (HSLC-2017)
(a) বায়ু
(b) উদ্ভিদ
(c) জন্তু বোৰ
(d) শস্য
উত্তৰ: (a) বায়ু

7) তলৰ কোনটো মানৱসৃষ্ট সম্পদ (HSLC-2018)
(a) অৰণ্য
(b) জলসিঞ্চন
(c) নদ-নদী
) (d) খনিজ তেল
উত্তৰ : (b) জলসিঞ্চন।

8) তলত দিয়াবোৰৰ কোনটো মানৱসৃষ্ট সম্পদ ?(HSLC-2020)
(i) নদী
(ii) খনিজ তেল
(iii) জলসিঞ্চন নলা
(iv) অৰণ্য
Ans: (iii) জলসিঞ্চন নলা

9) তলৰ কোনটো এটা অজীৱীয় সম্পদ?(HSLC-2022)
(i) বায়ু
(iii) ভেঁকুৰ
(ii) বেক্টেৰিয়া
(iv) শস্য 900
Ans : (i) বায়ু

10) ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত বিভক্ত ।
(a) পাঁচটা
(b) চাৰিটা
(c) দুটা
(d) তিনিটা।
উত্তৰঃ (c) দুটা

11) মানুহৰ কোন প্ৰকাৰৰ কাৰ্যকলাপৰ বিষয়ে অর্থনৈতিক ভূগোল অধ্যয়ন কৰা হয়?
(a) ৰাজনৈতিক কার্যকলাপ
(b) অর্থনৈতিক কার্যকলাপ
(c) প্রাকৃতিক কার্যকলাপ
(d) ব্যক্তিগত কার্যকলাপ ।
উত্তৰঃ (b) অর্থনৈতিক কার্যকলাপ

12) আধুনিক অর্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপে কোনজন ব্যক্তিক আখ্যা দিয়া হৈছে?
(a) জন্স
(b) ডাকেনৱাল্ড
(c) কার্জন
(d) জর্জ ছিজহ’ম।
উত্তৰ: (d) জৰ্জ ছিজহ’ম৷

13) ভাৰতীয় বন গৱেষণা আৰ.শিক্ষা সংস্থা
কেতিয়া স্থাপন কৰা হয় ?
(a) ১৮৮৬
(b) ১৯৮৬
(c) ১৭৮৬
(d) ১৯৮৮
উত্তৰ: (b) ১৯৮৬

14) তলৰ কোনটো মানৱ সৃষ্ট সম্পদ?
(a) নদ-নদী
(c) অৰণ্য
(b) খনিজ তেল
(d) জলসিঞ্চন নলা
উত্তৰ: (d) জলসিঞ্চন নলা

15) মানুহ সম্পদৰ লগত কেইটা ধৰণে জড়িত
(a) দুই ধৰণে
(b) তিনি ধৰণে
(c) পাঁচ ধৰণে
(d) সাত ধৰণে
উত্তৰ: (a) দুই ধৰণে

16) তলৰ কোনটো প্ৰাকৃতিক সম্পদ নহয় ।
(a) নদ-নদী
(b) অৰণ্য
(c) বায়ু
(d) ঘৰ-দুৱাৰ
উত্তৰ: (d) ঘৰ-দুৱাৰ

17) বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয় ?
(a) দুই জুনত
(b) চাৰি জুনত
(c) পাঁচ জুনত
(d) সাত জুনত
উত্তৰ : (c) পাঁচ জুনত

18) IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাত অন্তর্গত ?
(a) UNDP
(c) WWF
(b) UNESCO
(d) UNEP
উত্তৰ : (b) UNESCO

19) IUCN কোন চনত প্ৰতিষ্ঠা হৈছিল?
(a) ১৭৪৮
(b) ১৮৪৮
(c) ১৯৪৮
(d) ১৯৪৭
উত্তৰঃ (b) ১৮৪৮

20) পুনৰাৱৰ্তনৰ উদাহৰণ-
(a) কল-কাৰখানা
(c) পুতলা
(b) লোহাৰ সামগ্ৰী
(d) ঘৰ
উত্তৰঃ (b) লোহাৰ সামগ্ৰী

21) তলৰ কোনটো জাতীয় সম্পদ ?
(a) নর্দমা
(b) খাল
(c) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
(d) জান-জুৰি
উত্তৰ: (c) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

22) তলৰ কোনটো বিশ্ব সম্পদ?
(a) মন্দিৰ
(c) দলং
(b) নদ-নদী
(d) সাগৰ-মহাসাগৰ
উত্তৰ: (d) সাগৰ-মহাসাগৰ

23) তলত উল্লেখিত কোনটো ব্যক্তিগত সম্পদ ?
(a) ৰাস্তা-ঘাট
(b) গছ-গছনি
(c) কর্মদক্ষতা . . …
(d) শিক্ষানুষ্ঠান
উত্তৰ : (c) কর্মদক্ষতা

24) তলৰ কোনবিধ অনৱীকৰণযোগ্য সম্পদ (HSLC-2019)
(i) পানী
(ii) উদ্ভিদ (4)
(iii) প্রাকৃতিক গেছ
(iv) সূৰ্যৰ ৰশ্মি
Ans : (iii) প্রাকৃতিক গেছ

অৰ্থনৈতিক ভূগোল: পাঠ্য ভিত্তিক প্ৰশ্ন উত্তৰ

১.অৰ্থনৈতিক ভূগোল কাক বোলে ? ইয়াৰ মূল বিষয় বস্তু কি ? অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা।

উত্তৰ: ভূগোলৰ যি শাখা ত সম্পাদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্য্যকলাপৰ স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলে । ভূ-পৃষ্ঠাত বিৰাজ কৰা প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানবোৰ ,মানুহৰ কাৰ্য-প্ৰণালি ,বিভিন্ন ঠাইৰ পৰা অৰ্থনৈতিক কাৰ্যকলাপ,দেশত পোৱা বিভিন্ন সম্পদ আৰু ইয়াৰ ব্যৱহাৰ এইবোৰ আলোচনা কৰাই অৰ্থনৈতিক ভূগোলৰ মূল বিষয় বস্তু। তদুপৰি ,কৃষি খণ্ড,পৰিবহন ব্যৱস্থা, বজাৰ নীতি,পৰ্যটন বিভাগ আদিৰ বিষয়ে আলোচনা কৰাও অৰ্থনৈতিক ভূগোল ৰ মূল বিষয় বস্তু।

অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখা বোৰ হ’ল-কৃষি ভূগোল,ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল আদি।

২.অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ: অৰ্থনৈতিক ভূগোলত প্ৰধান কৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়া সমূহ অধ্যয়ন কৰা হয়।ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিশেষ প্ৰশ্নকেইটাৰ ওপৰত প্ৰতিষ্ঠিত –

  • অৰ্থনৈতিক কাৰ্যটো ক’ত অৱস্থিত ?
  • অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট বোৰ কি কি ?
  • অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত ?
  • অৰ্থনৈতিক কাৰ্যটো য’ত আছে তাতে কিয় হৈছে ?
  • অৰ্থনৈতিক কাৰ্যটো য’ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ’লে বেছি ভাল হ’লহেতেন নেকি?

উক্ত পাঁচটা প্ৰশ্নৰ প্ৰথম তিনিটাৰ লগত পৰস্পৰাগত অৰ্থনৈতিক ভূগোল জড়িত।কিন্তু পাছৰ দুটা প্ৰশ্নই বিশেষকৈ আধুনিক অৰ্থনৈতিক ভূগোলৰ ভেটি ৰচনা কৰিছে।আধুনিক ভূগোলৰ পিতৃ স্বৰূপ জৰ্জ ছিজহ’মৰ মতে এখন ঠাই অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। আন দুজন অৰ্থনৈতিক ভূগোলবিদ জন্স আৰু ডােৰ্কেনৱাল্ডৰ মতে অৰ্থনৈতিক ভূগোল বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কাৰ্যকলাপৰ লগত জড়িত আৰু লগতে কিছুমান অঞ্চল কিয় উৎপাদনত আগবঢ়া আৰু আন কিছুমান অঞ্চল কিয় আমদানি আৰু ব্যৱসায়-বানিজ্যত আগবঢ়া এনে প্ৰশ্নবোৰৰ উত্তৰ উদ্ ঘাটনত সহায় কৰে। অৰ্থাৎ অৰ্থনৈতিক ভূগোলে মূলতঃ মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু পৰিৱেশিক অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্ক অধ্যয়ন কৰে।

৩. মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা ? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি ?

উত্তৰ: যি বৃত্তি বা কাৰ্যকলাপৰ দ্বাৰা মানুহে পৰিৱেশ ৰ লগত সমন্বয় ৰাখি উৎপাদন, আমদানি আৰু ব্যৱসায়-বাণিজ্যত আগবাঢ়িব পাৰে তাকে মানুহৰ অৰ্থনৈতিক বৃত্তি বোলে । অৰ্থনৈতিক ভূগোলে মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু পৰিৱেশিক অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্ক অধ্যয়ন কৰে। মানুহৰ অৰ্থনৈতিক বৃত্তিবোৰ চাৰি প্ৰকাৰৰ –

  1. প্ৰাথমিক বৃত্তি
  2. দ্বিতীয় বৃত্তি
  3. তৃতীয়ক বৃত্তি
  4. চতুৰ্থক বৃত্তি ‌

৪. অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰ: মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ ভিন ভিন হোৱাৰ লগতে অৰ্থনৈতিক ভূগোলত বহুতো শাখা দেখা যায় । অৰ্থনৈতিকভূগোলৰ এনেবোৰ বিশেষ শাখাই মানুহৰ বিভিন্ন অৰ্থনৈতিক কাৰ্য আৰু সেইবোৰৰ লগত জড়িত বিভিন্ন কথা-বতৰাবোৰ আলোচনা কৰে।অৰ্থনৈতিক ভূগোল আৰু ইয়াৰ শাখা-উপশাখাৰ অধ্যয়ন সম্পদ ভূগোলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তুবোৰ তলত দিয়া হ’ল –

  1. কৃষি ভূগোল:- অৰ্থনৈতিক ভূগোলৰ এটি অন্যতম প্ৰধান শাখা । ইয়াত কৃষি কাৰ্যৰ লগত জড়িত কাৰণ সমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্ৰ, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।
  2. ঔদ্যোগিক ভূগোল:- ইয়াৰ উদ্যোগ স্থাপনৰ লগত জড়িত অৰ্থনৈতিক তথা অন্যান্য কাৰকবোৰ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থাৰ লগত জড়িত সূত্ৰ, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।
  3. সম্পদ ভূগোল:- ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ৱ্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়।
  4. পৰিবহন ভূগোল:- ইয়াত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ,সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়ত তথা অৰ্থনৈতিক উন্নয়ন যেনে- ঔদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্ৰৰ উন্নয়নত পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়।
  5. বজাৰ ভূগোল:- ইয়াত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰক সমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰ সমূহ অধ্যয়ন কৰা হয়।
  6. পৰিকল্পনা আৰু উন্নয়ন ভূগোল :- ইয়াত অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকবোৰ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্ৰক্ৰিয়া আদি অধ্যয়ন কৰা হয়।
  7. পৰ্যটন ভূগোল:- ইয়াত পৰ্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পৰ্যটনৰ প্ৰকাৰ, পৰ্যটন ব্যৱস্থাৰ উন্নয়ন প্ৰক্ৰিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।

৫. সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয় ?

উত্তৰ: সম্পদ ভূগোলক অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়। সম্পদৰ প্ৰকৃতি আৰু উৎকৃষ্ট ব্যৱহাৰৰ যোগেদি মানৱ-কল্যাণ আৰু আৰ্থ-সামাজিক উৎকৃষ্ট সাধন সম্ভৱ হৈছে। সম্পদবোৰৰ কাৰ্যকাৰিতা আৰু উপকাৰীতা গুণ থকা বাবে দেশ এখনৰ অৰ্থনৈতিক বিকাশ সম্ভৱ হয়। তদুপৰি মানৱ সমাজৰ উন্নয়নো সম্পদৰ ওপৰতেই নিৰ্ভৰ কৰে। সেয়েহে দেশ এখনৰ উন্নয়নৰ বাবে সম্পদে অতিগুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে এইটো দিশৰ সম্পদ ভূগোলক অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বুলি কোৱা হয়।

৬. সম্পদ বুলিলে কি বুজা ?

উত্তৰ: মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। সম্পদৰ প্ৰধান বৈশিষ্ট্যবোৰ হ’ল – কাৰ্যকাৰিতা, উপকাৰীতা আৰু পৰিৱৰ্তনশীলতা ।

৭. সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা ।
উত্তৰ:
সম্পদ পৰিৱৰ্তনশীল । কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ৱ্যৱহাৰ নহলেও ‘মানুহৰ বাবে অপকাৰী হলেও ভৱিষ্যতে সেই একেটা সামগ্ৰীয়েই মানৱ কল্যাণত ৱ্যৱহাৰ হ’ব পাৰে এনে সামগ্ৰী সমূহৰ যিবোৰে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেই বোৰক নিৰপেক্ষ বা নিষ্ক্ৰয় সামগ্ৰী বোলা হয়। আনহাতে, যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবোৰক প্ৰতিৰোধক বোলা হয়। মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰোধক মানুহৰ সু- প্ৰচেষ্টাত সম্পদ লৈ ৰূপান্তৰিত হৈছে।সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে। সেইকাৰণে সম্পদক পৰিৱৰ্তনশীল বুলি কোৱা হয়।

৮. সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণ সহ আলোচনা কৰা।

উত্তৰ: মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়।যেনে- বায়ু, পানী, মাটি, গছ-গছনি আদি। সম্পদৰ বাবেহে মানৱ সমাজৰ বিভিন্ন দিশত উন্নয়ন সম্ভৱ হৈছে।সম্পদ অকল ব্যক্তিগত কল্যাণৰ বাবেই নহয়, জনসাধাৰণৰ কল্যাণৰ বাবেও লাগতিয়াল। এই সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবেই মানুহৰ মৌলিক প্ৰয়োজন- খাদ্য, বস্ৰ, বাসস্থান আৰু অন্যান্য চাহিদা পূৰণৰ লগতে জীৱন ধাৰণৰ মানৰ উন্নয়ন সম্ভৱ হৈছে। মানুহৰ প্ৰয়োজনীয় বহুসম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছিভাগৰে ব্যৱহাৰিক দিশটো মানুহে প্ৰয়োজন অনুসৰি দি লয় । তদুপৰি প্ৰকৃতিত থকা সামগ্ৰিবোৰৰ কাৰ্যকাৰীতা আৰু উপকাৰীতা সম্পৰ্কে গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তেহে উদ্ঘাটন কৰা হয়।

৯. সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:
মানুহ আৰু সম্পদৰ মাজত এটা গভীৰ সম্পৰ্ক আছে। সম্পদৰ লগত মানুহ ওতঃপ্ৰোতভাৱে জড়িত। সম্পদৰ অবিহনে মানুহৰ বিকাশ অসম্ভৱ। মানুহৰ সম্পদৰ লগত দুই ধৰনে জড়িত, সম্পদৰ উৎপাদক হিচাবে আৰু সম্পদৰ উপভোক্তা হিচাপে। প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্রীয়েই প্ৰয়োজন সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জড়িয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰৰ উপযোগী কৰি তুলে। যেনে – বাঁহৰ পৰা কাগজ , কঁপাহৰ পৰা কাপোৰ আদি প্ৰকৃতিক সমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহক কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়।এনেবোৰ গুণ থকা বাবে মানুহকো সম্পদৰ অন্তৰ্ভুক্ত কৰি মানৱ সম্পদ আখ্যা দিয়া হৈছে।

১০. সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা।

উত্তৰ: সম্পদ আৰু বিজ্ঞানৰ মাজত এটা গভীৰ সম্পৰ্ক আছে। উল্লেখযোগ্য যে প্ৰকৃতি, মানুহ আৰু সমাজ-সংস্কৃতি তথা বিজ্ঞান প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই একো একোটা সম্পদৰ সৃষ্টি হয়। এই বিজ্ঞান আৰু প্ৰযুক্তিৰ ফলতেই পৃথিৱীত পোৱা বহু সম্পদ মানুহে প্ৰয়োজন অনুসৰি নিজৰ ব্যৱহাৰৰ উপযোগী কৰি লয়। প্ৰাকৃতিকভাৱে পোৱা বহু সম্পদৰ উপৰিও আন বহুবোৰ সম্পদ যেনে- প্ৰযুক্তি, ঘৰ-দুৱাৰ, উদ্যোগ-কাৰখানা আদি বিজ্ঞান প্ৰযুক্তিৰ ফলতেই সম্ভৱ হৈছে। সম্পদৰ পৰিৱৰ্তনশীল বৈশিষ্ট্য আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ফলত আজি উপকাৰী বুলি গণ্য হোৱা এটা সামগ্ৰী বা পৰিঘটনা সময়ৰ গতিত অপকাৰী বা নিষ্ক্ৰিয় সমগ্ৰীলৈ ৰূপান্তৰিত হ’ব পাৰে। মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নৰ ফলতেই পৃথিৱীত পোৱা বহু নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰোধৰ মানুহৰ সু- প্ৰচেষ্টাত সম্পদলৈ ৰূপান্তৰিত হৈছে। মানুহৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায় লৈ নতুন নতুন সম্পদৰ উদঘাটন কৰিব পাৰিছে । এই বিজ্ঞান আৰু প্ৰযুক্তিৰ ফলতেই মানুহে প্ৰয়োজন অনুসৰি সম্পদবোৰ পৃথিৱীৰ বুকুৰ পৰা আহৰণ কৰিব পাৰিছে |

১৩. নৱীকৰণ আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য কি কি ? উদাহৰণসহ চমুকৈ লিখা।

উত্তৰ: পৃথিৱীৰ যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত নৱীকৰণ প্ৰক্ৰিয়াৰে পুনঃ ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰি তেনেবোৰ সম্পদক নৱীকৰণযোগ্য সম্পদ বোলা হয়। উদাহৰণস্বৰূপে, পানী, গছ-গছনি, মাটি ইত্যাদি।আনহাতে আমি যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত আকৌ ব্যৱহাৰ কৰিব নোৱাৰে তেনে সম্পদক অনৱীকৰণযোগ্য সম্পদ বোলে। উদাহৰণ স্বৰূপে:- কয়লা, খনিজ তেল আদি।

১৪. সম্পদ সংৰক্ষণ বুলিলে কি বুজা ইয়াৰ প্ৰয়োজনীয়তা কি ? or সম্পদ সংৰক্ষণ ৰ প্ৰয়োজনীয়তা কি ?
উত্তৰ:
সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱ্হাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। অতীতত, এই পৃথিৱীত সম্পদৰ পৰিমাণ তেনেই সীমিত আছিল আৰু তাৰ বিপৰীত প্ৰতিৰোধক বা নিষ্ক্ৰিয় সামগ্ৰীৰ পৰিমাণ বেছি আছিল। সেই সময়ত পৃথিৱীত মানুহৰ সংখ্যা আছিল অতি সীমিত আৰু মানুহৰ প্রয়োজনীয় বস্তুৰ পৰিমাণও সীমিত আছিল।বৰ্তমান জনসংখ্যা বঢ়াৰ লগে লগে পৃথিৱীৰ সম্পদসমূহ লাহে লাহে শেষ হৈ আহিছে।যি হাৰত মূল্যবান সম্পদবোৰ নিঃশেষ হ’ব লাগিছে বা ব্যৱহাৰ হ’ব লাগিছে এইবোৰ দেখি অনুমান হয় যে অদূৰ ভৱিষ্যতে মানুহৰ বাবে কোনো ধৰণৰ সম্পদ নাথাকিব আৰু যিবিলাক থাকিব সেইবোৰ ব্যবহাৰৰ অনুপযোগী হ’বগৈ।সেয়ে মানৱ জাতি তথা অন্য জীৱ জন্তুৰ প্ৰতি লক্ষ্য ৰাখি, বৰ্তমান আমি পাই থকা বা দেখি থকা সম্পদবোৰ কোনো ধৰণৰ বিনাশ আৰু অপব্যৱ্হাৰ নোহোৱাকৈ ৰখাটো আমাৰ আটাইৰে কৰ্তব্য আৰু ই অতিকে প্ৰয়োজনীয় দিশ।

১৫. সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা।
উত্তৰ:
সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে তলত চমুকৈ আলোচনা কৰা হ’ল –

  1. বিকল্প সম্পদৰ সন্ধান: আমি যিবোৰ সম্পদ ব্যৱহাৰ কৰি আহিছোঁ এইবোৰৰ উপৰিও অন্য বিকল্প সম্পদৰ সম্ভাৱনা চিন্তা চৰ্চা এই পদ্ধতিৰ অন্তৰ্ভূক্ত।
  2. পুনৰাৱৰ্তন: ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰ ব্যৱহাৰ কৰা পদ্ধতিক পুনৰাৱৰ্তন পদ্ধতি বোলা হয়।
  3. অভিযোজনা বা নৱপ্ৰচলন: গৱেষণাৰ জৰিয়তে নতুন সম্পদৰ আৱিষ্কাৰৰ লগতে নতুন কৌশল ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধি।
  4. বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস: কেঁচা সামগ্ৰীৰ পৰা প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে আমি বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস কৰি সম্পদৰ সংৰক্ষণ কৰিব পাৰোঁ।
  5. জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ: সম্পদ সংৰক্ষণ ৰ জ্ঞান থকাটো আমাৰ অতি জৰুৰী বিষয়। সেয়ে শিক্ষা সংগ্ৰহ কৰিলেহে সংৰক্ষণৰ বিষয়ে আমি প্ৰয়োগ কৰিব লাগে।

চমূ টোকা লিখা

(ক) সম্পদ: মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলাবোৰ বস্তুকেই সম্পদ বোলা হয় । পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ- গছনি, ফল-মূল, খনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল । সেয়েহে এইবোৰ সম্পদ । সম্পদৰ কাৰ্যকাৰিতা,উপকাৰিতা আৰু পৰিবৰ্তনশীলতা-এই তিনিটা বৈশিষ্ট্য লক্ষ্য কৰা যায় ǀ

(খ) মানৱ সম্পদ: প্রাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কার্যদক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্রহৰ প্রয়োজন হয় ǀ এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয় ǀ যেনে- কৃষক, ডাক্তৰ ,শ্ৰমিক,শিক্ষক ইত্যাদি ǀ

(গ) সম্পত্তি: যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলে ǀ সম্পত্তিৰ যোগান তুলনামূলক ভাৱে সীমিত আৰু ইয়াক মূল্যৰ জৰিয়তে এজনৰ পৰা আনএজনলৈ হস্তান্তৰ কৰিব পাৰি ǀ যেনে- ঘৰ, টেলিভিছন, মোবাইল ফোন, মাটি, গাড়ী ইত্যাদিবোৰৰ বিনিময় মূল্য আছে, সেয়হে এইবোৰ সম্পত্তি ǀ সকলো সম্পত্তিয়েই সম্পদ ǀ

(ঘ) নবীকৰণযোগ্য সম্পদ: পৃথিবীত উপলব্ধ প্রাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্রমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনববত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নবীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে ǀ যেনে-সূর্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নবীকৰণযোগ্য সম্পদ।

(ঙ) ব্যক্তিগত সম্পদ: মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে- ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয় ।

(চ) জাতীয় সম্পদ: এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলবোৰ সম্পদ যেনে- ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জস্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যবস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয় । উদাহৰণস্বন্ধপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ ǀ

(ছ) জীৱীয় সম্পদ: প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ ǀ উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ ।

(জ) সম্পদ সংৰক্ষণ: কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে ǀ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ ǀ উদাহৰণস্বৰূপে- খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায় ǀ

(ঝ) সম্পদৰ পুনৰাৱর্তন: সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপ

পাৰ্থক্য লিখা

ক) সম্পদ আৰু সম্পত্তি

উত্তৰ:-সম্পদ আৰু সম্পত্তিৰ মাজত পাৰ্থক্য হল-

সম্পদসম্পত্তি
১. মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয় ।
২. সম্পদৰ উদাহৰণ হল-সূৰ্যৰ পোহৰ, বায়ু, গছ-গছনি, খনিজ তেল আদি ।
৩. সকলোবোৰ সম্পদ সম্পত্তি হব নোৱাৰে।
১. আনহাতে, যিবোৰ বস্তু আমাৰ প্ৰয়োজন হোৱাৰ উপৰিও বিনিময় মূল্য আছে তেনেবোৰ বস্তুকে সম্পত্তি বোলা হয় ।
২. আনহাতে, গছ- গছনি, ঘৰ দুৱাৰ , যান বাহনৰ, মাটি বাৰী আদি।
৩. আনহাতে, সকলোবোৰ সম্পত্তি সম্পদ হয়।

খ) অৰ্থনৈতিক ভূগোল আৰু সম্পদ।

উত্তৰ:- অৰ্থনৈতিক ভূগোল আৰু সম্পদৰ পাৰ্থক্য হ’ল

অৰ্থনৈতিক ভূগোলসম্পদ
১. ভূগোল বিজ্ঞানৰ এটা শাখাৰ নাম হ’ল অৰ্থনৈতিক ভূগোল।ই এটা অঞ্চলৰ বা কোনো এখন দেশৰ অৰ্থনৈতিক বিষয় বস্তুৰ বিষয়ে অধ্যয়ন কৰে।
২. অৰ্থনৈতিক ভূগোলৰ তুলনাত সম্পদৰ সংজ্ঞা তেনেই সীমিত।
১. আনহাতে অৰ্থনৈতিক ভূগোলৰ এটা শাখাৰ নাম হ’ল সম্পদ।
২. আনহাতে, এখন দেশত পোৱা বিভিন্ন সম্পদবোৰৰ বিষয়েহে কেৱল সম্পদে আলোচনা কৰে।

গ) সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী।

উত্তৰ:- সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰীৰ পাৰ্থক্য হ’ল

সম্পদনিষ্ক্ৰিয় সামগ্ৰী
১. মানুহৰ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ সামগ্ৰীকেই আমি সম্পদ বুলিব পাৰো।

২. অতীতত এই পৃথিৱীত সম্পদৰ পৰিমাণ কম আছিল ।
১. কিন্তু, যিবোৰ বস্তুৰ পৰা মানুহ তথা সমাজৰ কোনো উপকাৰ সাধন নহয় বা অনিষ্ট নহয় তেনেবোৰ বস্তুকেই নিষ্ক্ৰিয় সামগ্ৰী বোলে ।
২. আনহাতে , নিষ্ক্ৰিয় সামগ্ৰীৰ পৰিমাণ বেছি আছিল।

ঘ) জৈৱিক আৰু অজৈৱিক সম্পদ

উত্তৰ:- জৈৱিক আৰু অজৈৱিক সম্পদৰ পাৰ্থক্য হ’ল

জৈৱিক সম্পদঅজৈৱিক সম্পদ
১. পৃথিৱীৰ যিবোৰ সম্পদত জীৱ জন্তু থাকে তেনেবোৰ সম্পদক জৈৱিক সম্পদ বোলা হয়।

২. গছ গছনি, চৰাই চিৰিকটি, মানুহ, জীৱ জন্তু , পথাৰৰ শস্য আদি জৈৱিক সম্পদৰ উদাহৰণ।

১. আনহাতে, যিবোৰ সম্পদ নিৰ্জীৱ সেইবোৰ সম্পদক অজৈৱিক সম্পদ বোলা হয়।
২. আনহাতে, পানী, বায়ু, খনিজ পদাৰ্থ, কয়লা আদি অজৈৱিক সম্পদৰ উদাহৰণ।

ঙ) নৱীকৰণ আৰু অনৱীকৰণ যোগ্য সম্পদ।
উত্তৰ:-
নৱীকৰণ আৰু অনৱীকৰণযোগ্য সম্পদৰ পাৰ্থক্য হ’ল

নৱীকৰণ যোগ্য সম্পদঅনৱীকৰণ যোগ্য সম্পদ
১.পৃথিৱীত পোৱা সম্পদ সমূহৰ কিছুমান সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত নৱীকৰণ প্ৰক্ৰিয়াৰে একেবাৰে নিঃশেষ নোহোৱাকৈ ৰাখিব পাৰি তেনে সম্পদ বোৰক নৱীকৰণ সম্পদ বোলে।

১. আনহাতে, যিবোৰ সম্পদ এবাৰ ব্যৱহাৰৰ পিছত নৱীকৰণ কৰিবলৈ নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায় তেনে সম্পদবোৰক অনবিকৰণ সম্পদ বোলে।

চ) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ।
উত্তৰ:-
ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদৰ পাৰ্থক্য হল

ব্যক্তিগত সম্পদজাতীয় সম্পদ
১. মানুহৰ নিজ নিজ দখলত থকা সম্পদবোৰক ব্যক্তিগত সম্পদ বোলা হয়।
২. ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা আদি ব্যক্তিগত সম্পদৰ উদাহৰণ।
১. আনহাতে কোনো এখন দেশৰ দখলত থকা সম্পদ সমূহক জাতীয় সম্পদ বোলা হয়।
২. আনহাতে, ৰাস্তাঘাট, দলং, দেশৰ অৰণ্য, শিক্ষানুষ্ঠান আদি জাতীয় সম্পদৰ উদাহৰণ।

ছ) মানৱ সৃষ্টি আৰু মানৱ সম্পদ।
উত্তৰ:-
মানৱ সৃষ্টি আৰু মানৱ সম্পদৰ পাৰ্থক্য হ’ল

মানৱ সৃষ্টি সম্পদমানৱ সম্পদ
১.মানুহে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ জৰিয়তে প্ৰকৃতিৰ বিভিন্ন সামগ্ৰী অতি মূল্যবান সমগ্ৰীলৈ ৰূপান্তৰ কৰে নিজৰ প্ৰয়োজন অনুসৰি। তেনে ধৰণৰ মানৱ সৃষ্টি সম্পদ বোলে।
২.বাঁহৰ পৰা কাগজ, কঁপাহৰ পৰা কাপোৰ আদি মানৱ সৃষ্ট সম্পদ।
১. আনহাতে , মানুহে নিজেই বিভিন্ন সম্পদ সৃষ্টি কৰে নিজৰ জ্ঞান বুদ্ধিৰ বলত সেয়ে মানুহ নিজেই এক প্ৰকাৰ সম্পদ। তাকে আমি কওঁ মানৱ সম্পদ।
২. আনহাতে উচ্চ শিক্ষা, সু-স্বাস্থ্য, কাৰ্য দক্ষতা মানৱ সম্পদৰ উদাহৰণ।

শুদ্ধ উত্তৰ বাছি উলিওৱা

1) তলৰ কোনটো মানৱসৃষ্ট সম্পদ ?
ক) নদ- নদী খ) খনিজ তেল
গ) জলসিঞ্চন নলা ঘ) অৰণ্য
উত্তৰ:- গ) জলসিঞ্চন নলা
2) তলৰ কোনটো অজীৱীয় সম্পদ
ক) বায়ু খ) গছ-গছনি
গ) জীৱ- জন্ত ঘ) ভেঁকুৰ
উত্তৰ:- ক) বায়ু
3) তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ ?
ক) বায়ু খ) পানী
গ) শস্য ঘ) কয়লা
উত্তৰ:- ঘ) কয়লা ।
4) তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী ?
ক) এশিঙীয়া গঁড় খ) নল গাহৰি
গ) জিৰাফ ঘ) মিথুন
উত্তৰ:- খ) নল গাহৰি ।
5) IUCN সন্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সন্থাৰ অন্তর্গত ?
ক) UNESCO খ) UNDP
গ) WWF ঘ) UNEP

উত্তৰ:- ক) UNESCO

অতি চমু প্ৰশ্নোত্তৰ

১৷ ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰ: ভূগোল বিষয়টো প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে আৰু ভাগকেইটা হৈছে— প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল৷
২৷ ভূগোলৰ কোনটো প্ৰধান শাখাত অৰ্থনৈতিক ভূগোল অন্তৰ্গত?
উত্তৰ: ভূগোলৰ মানৱ ভূগোল শাখাটোত অৰ্থনৈতিক ভূগোল অন্তৰ্গত৷
৩৷ অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা দিয়া৷
উত্তৰ: ভূগোলৰ যি শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, সেই শাখাটোকেই অৰ্থনৈতিক ভূগোল বুলি কোৱা হয়৷
৪৷ কি কি কাৰকৰ বাব‍ে ভূ-পৃষ্ঠৰ প্ৰাকৃতিক পৰিৱেশ বেলেগ বেলেগ হয়?
উত্তৰ: ভূ-প্ৰকৃতি, ভূ-তাত্ত্বিক গঠনৰ পাৰ্থক্য, জলবায়ু, মাটিৰ বৈশিষ্ট্যৰ তাৰতম্যৰ আদি কাৰকৰ বাব‍ে ভূ-পৃষ্ঠৰ প্ৰাকৃতিক পৰিৱেশ বেলেগ বেলেগ হয়৷
৫৷ দুবিধ প্ৰাকৃতিক দুৰ্যোগৰ নাম লিখা৷
উত্তৰ: দুবিধ প্ৰাকৃতিক দুৰ্যোগ হ’ল— ভূমিকম্প আৰু বানপানী৷
৬৷ উপকূলীয় অঞ্চল কেনে অৰ্থনৈতিক কাৰ্যত আগবঢ়া?
উত্তৰ: উপকূলীয় অঞ্চল মাছৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যত আগবঢ়া৷
৭৷ ঘাঁহনিৰ প্ৰাচুৰ্যপূৰ্ণ অঞ্চলবোৰ কেনে অৰ্থনৈতিক কাৰ্যত আগবঢ়া?
উত্তৰ: ঘাঁহনিৰ প্ৰাচুৰ্যপূৰ্ণ অঞ্চলবোৰ পশুপালনত আগবঢ়া৷
৮৷ সাৰুৱা সমভূমি অঞ্চল কেনে অৰ্থনৈতিক কাৰ্যত আগবঢ়া?
উত্তৰ: সাৰুৱা সমভূমি অঞ্চল কৃষিৰ ক্ষেত্ৰত আগবঢ়া৷
৯৷ অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু কি?
উত্তৰ: অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু হ’ল—মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ৷
১০৷ আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন?
উত্তৰ: আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ হ’ল জৰ্জ ছিজ্‌হ’ম৷
১১৷ জৰ্জ ছিজহ’মৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কি?
উত্তৰ: জৰ্জ ছিজহ’মৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য হ’ল এখম ঠাইৰ অৰ্থনৈতিক গতি আৰু দিশ নিৰ্ণয় কৰা৷
১২৷ মানুহৰ অৰ্থনৈতিক‍ বৃত্তি কেই প্ৰকাৰৰ?
উত্তৰ: মানুহৰ অৰ্থনৈতিক‍ বৃত্তি চাৰি প্ৰকাৰৰ৷
১৩৷ প্ৰাথমিক বৃত্তি মানে কি?
উত্তৰ: যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা নিজৰ প্ৰয়োজনীয় সম্পদ আহৰণ কৰে, তাক‍ে প্ৰাথমিক বৃত্তি বুলি কোৱা হয়৷
১৪৷ দ্বিতীয়ক বৃত্তি মানে কি?
উত্তৰ: যিবিলাক কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলে, সেইবিলাক কাৰ্যকে দ্বিতীয়ক বৃত্তি বুলি কোৱা হয়৷
১৫৷ তৃতীয়ক বৃত্তি মানে কি?
উত্তৰ: যিবিলাক কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায়, সেইবিলাককে তৃতীয়ক বৃত্তি বুলি কোৱা হয়৷
১৬৷ চতুৰ্থক বৃত্তি মানে কি?
উত্তৰ:যিবিলাক কাৰ্যই দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সূচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে, সেইবিলাককে চতুৰ্থক বৃত্তি বুলি কোৱা হয়৷‍
১৭৷ প্ৰাথমিক বৃত্তিৰ এটা উদাহৰণ দিয়া৷
উত্তৰ: প্ৰাথমিক বৃত্তিৰ এটা উদাহৰণ হ’ল— কৃষিকাৰ্য৷
১৮৷ দ্বিতীয়ক বৃত্তিৰ এটা উদাহৰণ দিয়া৷
উত্তৰ: দ্বিতীয়ক বৃত্তিৰ এটা উদাহৰণ হ’ল— নিৰ্মাণকাৰ্য৷
১৯৷ তৃতীয়ক বৃত্তিৰ এটা উদাহৰণ দিয়া৷
উত্তৰ: তৃতীয়ক বৃত্তিৰ এটা উদাহৰণ হ’ল— যাতায়ত৷
২০৷ চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ দিয়া৷
উত্তৰ: চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ হ’ল— প্ৰশাসন৷

২০৷ চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ দিয়া৷
উত্তৰ: চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ হ’ল— প্ৰশাসন৷

২১৷ অৰ্থনৈতিক ভূগোল অধ্যয়নৰ যিকোনো দুটা পদ্ধতি উল্লেখ কৰা৷
উত্তৰ: অৰ্থনৈতিক ভূগোল অধ্যয়নৰ দুটা পদ্ধতি হ’ল—আঞ্চলিক পদ্ধতি আৰু বিষয়বস্তু সম্বন্ধীয় বা পণ্যদ্ৰব্য সম্বন্ধীয় পদ্ধতি৷
২২৷ অৰ্থনৈতিক ভূগোলৰ যিকোনো দুটা শাখা উল্লেখ কৰা৷
উত্তৰ: অৰ্থনৈতিক ভূগোলৰ দুটা শাখা হ’ল—কৃষি ভূগোল আৰু ঔদ্যোগিক ভূগোল৷
২৩৷ বহনক্ষম উন্নয়ন মানে কি?
উত্তৰ: যি উন্নয়নে ভৱিষ্যৎ প্ৰজন্মসমূহৰ প্ৰয়োজনীয়তাবোৰ পূৰণ কৰাৰ সামৰ্থ্যৰ ক্ষেত্ৰত আপোচ নকৰাকৈ বৰ্তমান প্ৰজন্মৰ নিজ নিজ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে, তাকে বহনক্ষম উন্নয়ন বুলি কোৱা হয়৷
২৪৷ সম্প্ৰতি কিয় সকলো অৰ্থনৈতিক কাৰ্যতে বহনক্ষম উন্নয়নত গুৰুত্ব দিয়া হৈছে?
উত্তৰ: যিহেতু সকলো অৰ্থনৈতিক কাৰ্য বা উন্নয়ন প্ৰক্ৰিয়া পৰিৱেশৰ লগত ওতপ্ৰোতভাৱে জড়িত, সেয়ে সম্প্ৰতি সকলো অৰ্থনৈতিক কাৰ্যতে বহনক্ষম উন্নয়নত গুৰুত্ব দিয়া হৈছে৷
২৫৷ কৃষি ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: কৃষি ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) কৃষিৰ প্ৰকাৰ
খ) কৃষিকাৰ্যৰ বিতৰণ আৰু পদ্ধতি৷
২৬৷ ঔদ্যোগিক ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: ঔদ্যোগিক ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) ঔদ্যোগিক সামগ্ৰীৰ বিতৰণ
খ) উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ৷
২৭৷ সম্পদ ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: সম্পদ ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) সম্পদৰ প্ৰকাৰ
খ) সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক৷
২৮৷ পৰিবহণ ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: পৰিবহণ ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) সম্পদৰ বিতৰণত পৰিবহণৰ ভূমিকা
খ) পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ৷
২৯৷ বজাৰ ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: বজাৰ ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ
খ) বজাৰৰ প্ৰকাৰ আৰু বিতৰণ৷
৩০৷ পৰিকল্পনা আৰু উন্নয়ন ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: পৰিকল্পনা আৰু উন্নয়ন ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ
খ) পৰিকল্পনা ব্যৱস্থা৷
৩১৷ পৰ্যটন ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: পৰ্যটন ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) পৰ্যটনৰ প্ৰকাৰ
খ) পৰ্যটন ব্যৱস্থাপ উন্নয়ন প্ৰক্ৰিয়া৷
৩২৷ সম্পদ কাক বোলে?
উত্তৰ: মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুকেই সম্পদ বুলি কোৱা হয়৷
৩৩৷ সম্পদৰ যিকোনো দুটা উদাহৰণ দিয়া৷
উত্তৰ: সম্পদৰ দুটা উদাহৰণ হ’ল— বায়ু আৰু পানী৷
৩৪৷ মানুহৰ মৌলিক প্ৰয়োজন কেইটা আৰু কি কি?
উত্তৰ: মানুহৰ মৌলিক প্ৰয়োজন তিনি‍টা আৰু সেইকেইটা হৈছে— খাদ্য, বস্ত্ৰ আৰু বাসস্থান৷
৩৫৷ পৃথিৱীৰ যিকোনো বস্তুৱেই সম্পদ হয়নে?
উত্তৰ: পৃথিৱীৰ যিকোনো বস্তুৱেই সম্পদ নহয়৷ সম্পদ হ’বলৈ হ’লে বস্তু এটাৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা থাকিব লাগিব৷
৩৬৷ অৰ্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদ হ’বলৈ বস্তু এটাৰ কি কি গুণ থাকিব লাগে?
উত্তৰ: অৰ্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদ হ’বলৈ বস্তু এটাৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ থাকিব লাগে৷
৩৭৷ সম্পদৰ লগত মানুহ কি কি ধৰণে জড়িত?
উত্তৰ: সম্পদৰ লগত মানুহ দুই ধৰণে জড়িত— ক) সম্পদৰ উৎপাদক হিচাপে আৰু খ) সম্পদৰ উপভোক্তা হিচাপে৷
৩৮৷ প্ৰাকৃতিক সম্পদ কাক বোলে?
উত্তৰ: প্ৰাকৃতিক কাৰকৰ দ্বাৰা প্ৰকৃতিত সৃষ্টি হোৱা সম্পদসমূহকেই প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়৷
৩৯৷ মানৱসৃষ্ট সম্পদ কাক বোলে?
উত্তৰ: মানুহে নিজৰ জ্ঞআন, বুদ্ধি, দক্ষতা আৰু কৌ শলেৰে নিজৰ ব্যৱহাৰৰ উপযোগীকৈ যিবোৰ সম্পদ সৃষ্টি কৰি লয়, সেইবোৰকে মানৱসৃষ্ট সম্পদ বুলি কোৱা হয়৷

৪০৷ মানৱ সম্পদ বুলিলে কি বুজা?
উত্তৰ: প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ মানুহৰ কাৰ্যদক্ষতা, শি‍ক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয় আৰু এনে গুণবিলাকৰ বাবেই মানুহকো এক শ্ৰেণীৰ সম্পদ হিচাপে ধৰা হয় আৰু এয়াই হৈছে মানৱ সম্পদ৷

৪১৷ দুবিধ প্ৰাকৃতিক সম্পদৰ উদাহৰণ দিয়া৷
উত্তৰ: প্ৰাকৃতিক সম্পদৰ দুটা উদাহৰণ হ’ল— উদ্ভিদ আৰু বন্যপ্ৰাণী৷
৪২৷ দুবিধ মানৱসৃষ্ট সম্পদৰ উদাহৰণ দিয়া৷
উত্তৰ: মানৱসৃষ্ট সম্পদৰ দুটা উদাহৰণ হ’ল— ঔষধ, গৃহ নিৰ্মাণ সামগ্ৰী৷
৪৩৷ নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে?
উত্তৰ: যিবিলাক সামগ্ৰীয়ে মানুহক কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে, তেনে সামগ্ৰীকেই নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বুলি কোৱা হয়৷
৪৪৷ প্ৰতিৰোধক সামগ্ৰী বা পৰিঘটনা কাক বোলে?
উত্তৰ: যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহক অপকাৰ সাধন কৰে, তেনে সামগ্ৰী বা পৰিঘটনাকেই প্ৰতিৰোধক সামগ্ৰী বা প্ৰতিৰোধক পৰিঘটনা বোলে৷
৪৫৷ দামোদৰ বান্ধ ক’ত অৱস্থিত?
উত্তৰ: দামোদৰ বান্ধ ঝাৰখণ্ডত অৱস্থিত৷
৪৬৷ সম্পত্তি বুলিলে কি বুজা?
উত্তৰ: যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, তেনে সামগ্ৰীকেই সম্পত্তি বুলি কোৱা হয়৷
৪৭৷ সম্পত্তিৰ যিকোনো দুটা বৈশিষ্ট্য লিখা৷
উত্তৰ: সম্পত্তিৰ দুটা বৈশিষ্ট্য হ’ল—
ক) সম্পত্তিৰ যোগান তুলনামূলকভৱে সীমিত আৰু ইয়াক এজনৰ পৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি৷
খ) সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰ আৰু অপকাৰ দুয়োটাই হ’ব পাৰে৷  
৪৮৷ সম্পদ আৰু সম্পত্তিৰ মাজৰ যিকোনো এটা পাৰ্থক্য লিখা৷
উত্তৰ: সম্পদ আৰু সম্পত্তিৰ মাজৰ এটা পাৰ্থক্য হ’ল—সকলো সম্পত্তিয়েই সম্পদ, কিন্তু সকল‍ো সম্পদ সম্পত্তি নহ’বও পাৰে৷
৪৯৷ সৃষ্টি প্ৰক্ৰিয়া অনুসৰি‍ সম্পদসমূহক বহলভাৱে কেইটা ভাগত ভাগ কৰা হৈছে?
উত্তৰ: সৃষ্টি প্ৰক্ৰিয়া অনুসৰি‍ সম্পদসমূহক বহলভাৱে তিনি‍টা ভাগত ভাগ কৰা হৈছে৷
৫০৷ প্ৰাকৃতিক সম্পদসমূহক কি কি অৱস্থাত পোৱা যায়?
উত্তৰ: প্ৰাকৃতিক সম্পদসমূহক গোটা, জুলীয়া, গেছীয়, ধাতৱ আৰু অধাতৱ অৱস্থাত পোৱা যায়৷
৫১৷ কাগজ কিহৰ পৰা প্ৰস্তুত কৰা হয়?
উত্তৰ: বাঁহৰ পৰা কাগজ প্ৰস্তুত কৰা হয়৷
৫২৷ খনিজ পদাৰ্থৰ পৰা প্ৰস্তুত কৰা দুবিধ বস্তুৰ নাম লিখা৷
উত্তৰ: খনিজ পদাৰ্থৰ পৰা প্ৰস্তুত কৰা দুবিধ বস্তু হ’ল— ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য৷
৫৩৷ অৰ্থনৈতিকভাৱে সমৃদ্ধিশালী পৃথিৱীৰ যিকোনো দুখন দেশৰ নাম লিখা৷
উত্তৰ: অৰ্থনৈতিকভাৱে সমৃদ্ধিশালী পৃথিৱীৰ দুখন দেশ হ’ল— জাপান আৰু টাইৱান৷
৫৪৷ প্ৰাকৃতিক গঠন-বৈশিষ্ট্য আনুসৰি সম্পদক কি কি ভাগত ভাগ কৰা হৈছে?
উত্তৰ: প্ৰাকৃতিক গঠন-বৈশিষ্ট্য আনুসৰি সম্পদক জীৱীয় আৰু অজীৱীয়— এই দুই ভাগত ভাগ কৰা হৈছে
৫৫৷ জীৱীয় সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: জীৱীয় সম্পদৰ দুটা উদাহৰণ হ’ল— উদ্ভিদ আৰু প্ৰাণী৷
৫৬৷ অজীৱীয় সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: অজীৱীয় সম্পদৰ দুটা উদাহৰণ হ’ল— মাটি আৰু শিল৷
৫৭৷ ব্যৱহাৰৰ উপযোগিতা অনুসৰি সম্পদক কি কি ভাগত ভাগ কৰা হৈছে?
উত্তৰ: ব্যৱহাৰৰ উপযোগিতা অনুসৰি সম্পদক নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য— এই দুই ভাগত ভাগ কৰা হৈছে৷
৫৮৷ নৱীকৰণযোগ্য বা পুনঃসৃষ্টি‍ক্ষম সম্পদ কাক বোলে?
উত্তৰ: যিবিলাক সম্পদ অনৱৰত  ব্যৱহাৰ কৰি থকাৰ পাছতো নৱীকৰণ বা পুনঃসৃষ্টি কৰিব পাৰি, সেইবিলাকক সম্পদকেই নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়৷
৫৯৷ অনৱীকৰণযোগ্য বা ক্ষয়শীল সম্পদ কাক বোলে?
উত্তৰ: যিবিলাক সম্পদ অনৱৰত  ব্যৱহাৰ কৰি থকাৰ পাছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি, সেইবিলাকক সম্পদকেই অনৱীকৰণযোগ্য সম্পদ বা ক্ষয়শীল বুলি কোৱা হয়৷
৬০৷ নৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: নৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ হ’ল— বায়ু আৰু পানী৷

৬১৷ অনৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: অনৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ হ’ল— খনিজ তেল আৰু কয়লা৷
৬২৷ মালিকীস্বত্বৰ ভিত্তিত সম্পদক কি কি ভাগত ভাগ কৰা হৈছে?
উত্তৰ: মালিকীস্বত্বৰ ভিত্তিত সম্পদক তিনিটা ভাগত ভাগ কৰা হৈছে আৰু সেইকেইটা হ’ল—ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক বা বিশ্ব সম্পদ৷
৬৩৷ ব্যক্তিগত সম্পদ কাক বোলে?
উত্তৰ: মানুহৰ নিজ নিজ অধিকাৰ বা দখলত থকা সম্পদসমূহকেই ব্যক্তিগত সম্পদ বুলি কোৱা হয়৷
৬৪৷ জাতীয় সম্পদ কাক বোলে?
উত্তৰ: এখন দেশৰ তত্ত্বাৱধানত বা দখলত থকা সম্পদসমূহকেই জাতীয় সম্পদ বুলি কোৱা হয়৷
৬৫৷ আন্তৰ্জাতিক বা বিশ্ব সম্পদ কাক বোলে?
উত্তৰ: সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদসমূহক একেলগে আন্তৰ্জাতিক সম্পদ বা বিশ্ব সম্পদ বুলি কোৱা হয়৷
৬৬৷ ব্যক্তিগত সম্পদৰ দুটা উদাহণ দিয়া৷
উত্তৰ: ব্যক্তিগত সম্পদৰ দুটা উদাহণ হ’ল— কৰ্মদক্ষতা আৰু সা-সম্পত্তি৷
৬৭৷ জাতীয় সম্পদৰ দুটা উদাহণ দিয়া৷
উত্তৰ: জাতীয় সম্পদৰ দুটা উদাহণ হ’ল—ৰাস্তা-ঘাট আৰু অভয়াৰণ্য৷
৬৮৷ আন্তৰ্জাতিক সম্পদৰ দুটা উদাহণ দিয়া৷
উত্তৰ: আন্তৰ্জাতিক সম্পদৰ দুটা উদাহণ হ’ল—সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডল৷
৬৯৷ বিশ্ব সম্পদসমূহৰ উদ্‌ঘাটন আৰু ব্যৱহাৰ কোনটো সংস্থাই পৰিচালনা কৰে?
উত্তৰ: ৰাষ্ট্ৰসংঘই বিশ্ব সম্পদসমূহৰ উদ্‌ঘাটন আৰু ব্যৱহাৰ পৰিচালনা কৰে৷
৭০৷ বিতৰণ অনুসৰি প্ৰাকৃতিক সম্পদক কি কি ভাগত ভাগ কৰা হৈছে?
উত্তৰ: বিতৰণ অনুসৰি প্ৰাকৃতিক সম্পদক দুটা ভাগত ভাগ কৰা হৈছে আৰু সেইকেইটা হ’ল— চিৰবিৰাজমান সম্পদ আৰু স্থানিক সম্পদ৷
৭১৷ চিৰবিৰাজমান সম্পদ বুলিলে ‍কি বুজা?
উত্তৰ: যিবিলাক প্ৰাকৃতিক সম্পদ সকলো ঠাইতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলব্ধ, তেনে প্ৰাকৃতিক সম্পদকে চিৰবিৰাজমান সম্পদ বুলি কোৱা হয়৷
৭২৷ স্থানিক সম্পদ বুলিলে ‍কি বুজা?
উত্তৰ: যিবিলাক প্ৰাকৃতিক সম্পদ পৃথিৱীৰ কিছুমান বিশেষ বিশেষ ঠাইতহে উপলভ্য, তেনে প্ৰাকৃতিক সম্পদকে স্থানিক সম্পদ বুলি কোৱা হয়৷
৭৩৷ চিৰবিৰাজমান সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: চিৰবিৰাজমান সম্পদৰ দুটা উদাহৰণ হ’ল— সূৰ্যৰ ৰশ্মি আৰু বায়ু৷
৭৪৷ স্থানিক সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: স্থানিক সম্পদৰ দুটা উদাহৰণ হ’ল— কয়লা আৰু খনিজ তেল৷
৭৫৷ সম্পদ সংৰক্ষণ বুলিলে কি বুজা?
উত্তৰ: কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদৰ সংৰক্ষণ বুলি কোৱা হয়৷
৭৬৷ সম্পদ সংৰক্ষণ কাৰ্যসূচীৰ মূল উদ্দেশ্য কি?
উত্তৰ: সম্পদ সংৰক্ষণ কাৰ্যসূচীৰ মূল উদ্দেশ্য হ’ল—প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদসমূহ এনদেৰে আহৰণ কৰা যাতে ইয়াৰ পৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ৷
৭৭৷ পৃথিৱীত জৈৱ বৈচিত্ৰ্য হ্ৰাস পোৱাৰ এটা কাৰণ উল্লেখ কৰা৷
উত্তৰ: পৃথিৱীত জৈৱ বৈচিত্ৰ্য হ্ৰাস পোৱাৰ এটা কাৰণ হ’ল— অৰণ্য ধ্বংসকাৰ্য৷
৭৮৷ অসমৰ দুবিধ মূল্যৱান উদ্ভিদৰ নাম লিখা৷
উত্তৰ: অসমৰ দুবিধ মূল্যৱান উদ্ভিদ হ’ল—অৰ্জুন আৰু অগৰু৷
৭৯৷ দুবিধ বিলুপ্তপ্ৰায় প্ৰাণীৰ নাম লিখা৷
উত্তৰ: দুবিধ বিলুপ্তপ্ৰায় প্ৰাণীৰ নাম হ’ল— সোণালী বন্দৰ আৰু শগুণ৷
৮০৷ IUCN-ৰ সম্পূৰ্ণ নাম লিখা৷
উত্তৰ: IUCN-ৰ সম্পূৰ্ণ নাম হ’ল— আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা (International Union for Conservation of Nature)৷

৮১৷ IUCN কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত?
উত্তৰ: IUCN ৰাষ্ট্ৰসংঘ নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত৷
৮২৷ UNESCO-ৰ সম্পূৰ্ণ নাম লিখা৷
উত্তৰ: UNESCO-ৰ সম্পূৰ্ণ নাম হ’ল—ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈ‍জ্ঞানিক আৰু সাংস্কৃতিক সংস্থা (United Nation’s Educational, Scientific and Cultural Organization)৷
৮৩৷ UNESCO কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত?
উত্তৰ: UNESCO ৰাষ্ট্ৰসংঘ নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত৷
৮৪৷ কাৰ প্ৰচেষ্টাত IUCN গঠিত হৈছিল?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ প্ৰথম সঞ্চালকপ্ৰধান জুলিয়ান হাক্স্‌লেৰ প্ৰচেষ্টাত প্ৰচেষ্টাত IUCN গঠিত হৈছিল৷
৮৫৷ IUCN কেতিয়া গঠিত হৈছিল?
উত্তৰ: ১৯৪৮ চনত IUCN গঠিত হৈছিল৷
৮৬৷ IUCN-ৰ মূল উদ্দেশ্য কি?
উত্তৰ: IUCN-ৰ মূল উদ্দেশ্য হ’ল— সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা৷
৮৭৷ WWF-ৰ সম্পূৰ্ণ নাম লিখা৷
উত্তৰ: WWF-ৰ সম্পূৰ্ণ নাম হ’ল—বিশ্বজোৰা প্ৰকৃতি পুঁজি (World Wide Fund fof Nature)‍৷
৮৮৷ IUCN-ৰ নেতৃত্বত গঠন হোৱা দুটা সংস্থাৰ নাম লিখা৷
উত্তৰ: IUCN-ৰ নেতৃত্বত গঠন হোৱা দুটা সংস্থাৰ নাম হ’ল—IUCN আৰু  WCMC৷
৮৯৷ ভাৰতৰবৰ্ষৰ পৰিৱেশ সম্পৰ্কীয় মন্ত্ৰণালয়টোৰ নাম কি?
উত্তৰ: ভাৰতৰবৰ্ষৰ পৰিৱেশ সম্পৰ্কীয় মন্ত্ৰণালয়টোৰ নাম হ’ল— পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়৷
৯০৷ ভাৰতীয় বন গৱেষণা আৰু শি‍ক্ষা সংস্থা কেতিয়া গঠন কৰা হৈছি‍ল?
উত্তৰ: ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শি‍ক্ষা সংস্থা গঠন কৰা হৈছি‍ল৷
৯১৷ পৰিৱেশ সুৰক্ষাৰ হকে কাম কৰা ভাৰতৰ দুটা বেচৰকাৰী সংস্থাৰ নাম লিখা৷
উত্তৰ: পৰিৱেশ সুৰক্ষাৰ হকে কাম কৰা ভাৰতৰ দুটা বেচৰকাৰী সংস্থাৰ নাম হ’ল—বি‍জ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ (Centre for Science and Environment) আৰু গ্ৰীনপিছ ইণ্ডিয়া (Greenpeace India)৷
৯২৷ পৰিৱেশ সুৰক্ষাৰ হকে কাম কৰা অসমৰ দুটা বেচৰকাৰী সংস্থাৰ নাম লিখা৷
উত্তৰ: পৰিৱেশ সুৰক্ষাৰ হকে কাম কৰা অসমৰ দুটা বেচৰকাৰী সংস্থাৰ নাম হ’ল— ‘আৰণ্যক’ আৰু ‘অসম বি‍জ্ঞান সমিতি’৷
৯৩৷ বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰ: ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়৷
৯৪৷ সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰাৰ বাবে যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা৷
উত্তৰ: সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰাৰ বাবে দুটা ব্যৱস্থা হ’ল—
ক) বিকল্প সম্পদৰ সন্ধান
খ) বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস৷
৯৫৷ কপাহী সূতাৰ বিকল্প হিচাপে কি সম্পদ ব্যৱহাৰ কৰিব পাৰি?
উত্তৰ: কপাহী সূতাৰ বিকল্প হিচাপে কৃত্ৰিম আঁহ ব্যৱহাৰ কৰিব পাৰি৷
৯৬৷ প্ৰাকৃতিক ৰবৰৰ বিকল্প হিচাপে কি সম্পদ ব্যৱহাৰ কৰিব পাৰি?
উত্তৰ: প্ৰাকৃতিক ৰবৰৰ বিকল্প হিচাপে কৃত্ৰিম ৰবৰ ব্যৱহাৰ কৰিব পাৰি৷
৯৭৷ পুনৰাৱৰ্তন প্ৰক্ৰিয়া বুলিলে কি বুজা?
উত্তৰ: সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ যি প্ৰক্ৰিয়াৰ জৰিয়তে ব্যৱহাৰ-উপযোগী কেঁচা সামগ্ৰীৰ পুনৰ্বব্যৱহাৰ কৰা হয়, সেই প্ৰক্ৰিয়াকেই পুনৰাৱৰ্তন বুলি কোৱা হয়৷
৯৮৷ ৰাসায়নকি সাৰৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰা উচিত?
উত্তৰ: ৰাসায়নকি সাৰৰ পৰিৱৰ্তে জৈৱ সাৰ ব্যৱহাৰ কৰা উচিত৷
৯৯৷ ৰাসায়নকি কীটনাশক দ্ৰব্যৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰা উচিত?
উত্তৰ: ৰাসায়নকি কীটনাশক দ্ৰব্যৰ পৰিৱৰ্তে জৈৱ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা উচিত
১০০৷ সম্পদৰ প্ৰধান বৈশিষ্ট্যকেইটা লিখা৷
উত্তৰ: সম্পদৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল— উপকাৰিতা, কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীল ধৰ্ম৷

১০১৷ “সম্পদ হ’বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব”— কোনে কৈছিল?

উত্তৰ: “সম্পদ হ’বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব”— অৰ্থনীতিবিদ জিম্মাৰমেনে কৈছিল?

১০২৷ মানুহ এবিধ সম্পদ হয়নে?উত্তৰ: মানুহ এবিধ সম্পদ হয়৷

১০৩৷ খনিজ তেলৰ পৰা প্রস্তুত কৰা দুবিধ সামগ্ৰীৰ নাম লিখা।
উত্তৰ: খনিজ তেলৰ পৰা প্রস্তুত কৰা দুবিধ সামগ্ৰীৰ নাম হ’ল— ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য৷

Download PDF Notes

অৰ্থনৈতিক ভূগোল প্ৰশ্ন উত্তৰ PDF

Watch Video Class

অৰ্থনৈতিক ভূগোল: কি শিকিলোঁ?

আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি Assamese Medium ত সকলো বিনামূলীয়া শিক্ষাদান কৰাৰ যত্ন কৰি আছোঁ । সেই হেতুকে আজি আমি অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ” নামৰ অধ্যায় Class 10 Social Science ৰ প্ৰথম অধ্যায়ৰ পাঠ্য ভিত্তিক প্ৰশ্ন, অনুশীলন প্ৰশ্নৰ উত্তৰ, সাম্ভাব্য প্ৰশ্নৰ উত্তৰ সন্নিবিষ্ট কৰিলোঁ। এই গোটেই খিনি প্ৰশ্ন উত্তৰ আমি এটা PDF Notes হিচাপে প্ৰস্তুত কৰিম আৰু আপোনাৰ সুবিধাৰ বাবে Free Download কৰাৰ ব্যৱস্থা কৰা হব বুলি মই আশাবাদী।

আপুনি যদি আমাৰ লিখনি সমূহ পঢ়ি ভাল পাইছে বা আপুনি এজন Assamese Medium ত পঢ়া Class 10 ৰ ছাত্ৰ তেন্তে ই আপোনাক বহুত ক্ষেত্ৰত লাভালাভ কৰিব।

Prepared By: Rehena Pareveen

Leave a Comment