আগমনৰ বস্তুগত ভিত্তি প্ৰশ্ন উত্তৰ

আপুনি বাৰু Class 12 Logic Chapter 2 Question Answer তথা দ্বাদশ শ্ৰেণীৰ তৰ্ক বিজ্ঞানৰ দ্বিতীয় অধ্যায়ৰ (C) অংশ আগমনৰ বস্তুগত ভিত্তি প্ৰশ্ন উত্তৰ বিচাৰি ইয়ালৈ আহিছে নেকি? তেন্তে চিন্তাৰ কোনো কৰোঁ নাই, আমি Assamese Medium ৱেবচাইটে আপোনালোকৰ বাবে আজি Class 12 Logic Chapter 2 Question Answer তথা দ্বিতীয় অধ্যায়ৰ (C) অংশ আগমনৰ বস্তুগত ভিত্তি প্ৰশ্ন উত্তৰ লৈ আহিছোঁ।

Watch FREE Video Classes

আগমনৰ বস্তুগত ভিত্তি প্ৰশ্ন উত্তৰ: Class 12 Logic Chapter 2 Question Answer

আজিৰ আলোচনাত Class 12 Logic Chapter 2 Question Answer ৰ অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, দীঘল প্ৰশ্ন উত্তৰ লগতে আনুসঙ্গিক যিমান প্ৰশ্ন আছে তাৰ সম্পুৰ্ণ উত্তৰ দিয়াৰ প্ৰয়াস কৰা হৈছে।

অতি চমু উত্তৰৰ প্ৰশ্ন

১। ‘নিৰীক্ষণ হৈছে ঘটনাৰ আৱিস্কাৰ আৰু পৰীক্ষণ হৈছে ঘটনাৰ সৃষ্টি’। এই কথাষাৰি কোনে কৈছিল?
উত্তৰঃ বেইনে।

দীঘল উত্তৰৰ প্ৰশ্ন

১। পৰ্যবেক্ষণ কি? ইয়াৰ সাধাৰণ বৈশিষ্ট্যবোৰ আলোচনা কৰা।
উত্তৰঃ পৰ্যবেক্ষণ হৈছে কোনো এক নিৰ্দিষ্ট উদ্দেশ্যৰ দ্বাৰা প্ৰণোদিত অতি সতৰ্কভাৱে আৰু সুনিয়ন্ত্ৰিতভাৱে কৰা এক প্ৰকাৰ প্ৰত্যক্ষ।

পৰ্যবেক্ষণৰ সূত্ৰটো বিশ্লেষণ কৰিলে তলত উল্লেখ কৰা বৈশিষ্ট্যবোৰ পোৱা যায়—

ক) পৰ্যবেক্ষণ হৈছে এক প্ৰকাৰ প্ৰত্যক্ষঃ পৰ্যবেক্ষণত চকু, কাণ, নাক, জিভা আৰু ছালৰ লগত বস্তুৰ পোনপটীয়াকৈ বা প্ৰত্যক্ষভাৱে সংযোগ হয়। এই পাঁচবিধ ইন্দ্ৰিয়ক জ্ঞানেন্দ্ৰিয় বোলা হয়। এই সংযোগৰ ফলত বস্তু সম্বন্ধে আমাৰ এটা ধাৰণা হয় আৰু তাৰ পৰা প্ৰত্যক্ষভাৱে আমাৰ জ্ঞান জন্মে।

খ) পৰ্যবেক্ষণ এক উদ্দেশ্যযুক্ত প্ৰত্যক্ষঃ পৰ্যবেক্ষণত সদায় এটা উদ্দেশ্য নিহিত হৈ থাকে। যিকোনো প্ৰত্যক্ষকে আমি পৰ্যবেক্ষণ বুলি ক’ব নোৱাৰে। দিনত প্ৰত্যক্ষ কৰা সৰু-বৰ সকলোবোৰ ঘটনাকে আমি মনত ৰাখিব নোৱাৰো। কাৰণ মনৰ পৰা কোনো প্ৰস্তুতি নথকাকৈ বা মনযোগ নিদিয়াকৈ সেই ঘটনাবোৰ প্ৰত্যক্ষ কৰা হয়। গতিকে নিৰ্দিষ্ট্য উদ্দেশ্য প্ৰণোদিত প্ৰত্যক্ষহে পৰ্যবেক্ষণ।

গ) পৰ্যবেক্ষণ এক প্ৰকাৰ নিৰ্বাচনাত্মকঃ পৰ্যবেক্ষণ এক উদ্দেশ্য প্ৰণোদিত প্ৰত্যক্ষ। সেই উদ্দেশ্য পূৰণ কৰাৰ বাবে যি বস্তু বা ঘটনা প্ৰয়োজনীয় সেই বস্তু বা ঘটনাক বাচি লৈ আন-আন অপ্ৰয়োজনীয় বিষয়বোৰক বৰ্জন কৰি প্ৰয়োজনীয় বিষয় প্ৰত্যক্ষ কৰা হয়। সেই কাৰণে পৰ্যবেক্ষণ নিৰ্বাচনাত্মক প্ৰত্যক্ষ।

ঘ) পৰ্যবেক্ষণ সদায় সু-নিয়ন্ত্ৰিতঃ পৰ্যবেক্ষণ কৰোতে একোটা উদ্দেশ্য ৰাখি বিষয়বস্তুক বাচি লোৱা হয়। অলাগতিয়াল বিষয়ৰ পৰা মনক আতৰাই আনি সতৰ্কভাৱে আৰু সু-নিয়ন্ত্ৰিতভাৱে কেৱল নিৰ্বাচিত বিষয়বস্তুক প্ৰত্যক্ষ কৰা হয়। এনে প্ৰত্যক্ষই হ’ল পৰ্যবেক্ষণ।

২। কোনো ঘটনাক পৰ্যবেক্ষণ কৰাৰ সময়ত কি কি চৰ্ত পালন কৰিব লাগে উল্লেখ কৰা। অথবা তৰ্কবিদ জয়চিয়ে আগবঢ়োৱা চৰ্তবোৰ কি কি লিখা।
উত্তৰঃ কোনো ঘটনাক বৈজ্ঞানিকভাৱে বা নিৰ্ভূলভাৱে পৰ্যবেক্ষণ পৰিবলৈ হ’লে কিছুমান চৰ্ত বা নিয়ম পালন কৰিবলগীয়া হয়। তৰ্কবিজ্ঞানী জয়চিৰ মতে পৰ্যবেক্ষণৰ এনে চৰ্ত তিনিটা। যেনে- (ক) বৌদ্ধিক চৰ্ত, (খ) শাৰীৰিক বা দৈহিক চৰ্ত আৰু (গ) নৈতিক চৰ্ত।

ক) বৌদ্ধিক চৰ্তঃ জ্ঞানৰ প্ৰতি থকা আকাংক্ষা বা আগ্ৰহ বা অনুসন্ধিৎসাই হৈছে পৰ্যবেক্ষণৰ বৌদ্ধিক চৰ্ত। কোনো বিষয় বা সমস্যা বা ঘটনা আদিৰ বাখ্যা সম্পৰ্কে জানিবলৈ কৰা ইচ্ছা বা আগ্ৰহেই হৈছে পৰ্যবেক্ষণৰ বৌদ্ধিক চৰ্ত। যিলোকৰ নজনাটোক জনাৰ, নেদেখাটোৰ দেখাৰ, আৰু নোকোৱাটোক কোৱাৰ প্ৰতি মনত হেঁপাহ বা অগ্ৰহ নাই তেনে লোকে ঘটনাক প্ৰত্যক্ষ কৰিব পাৰিলেওঁ পৰ্যবেক্ষণ নোৱাৰে।

খ) শাৰীৰিক বা দৈহিক চৰ্তঃ পৰ্যবেক্ষণৰ সময়ত পৰ্যবেক্ষণৰ জ্ঞানেন্দ্ৰিয়সমূহ সুস্থ বা স্বাভাৱিক অৱস্থাত থকা একান্ত প্ৰয়োজন। কাৰণ অসুস্থ ইন্দ্ৰিয়ৰে ঘটনাক নিৰ্ভূলভাৱে প্ৰত্যক্ষ কৰিব নোৱাৰি।

গ) নৈতিক চৰ্তঃ পৰ্যবেক্ষণৰ নৈতিক চৰ্ত হৈছে কুসংস্কাৰৰ পৰা মুক্ত এটি নিৰপেক্ষ মন। পৰ্যবেক্ষণৰ সময়ত পৰ্যবেক্ষকৰ মন অন্ধবিশ্বাস, কুসংস্কাৰ, পূৰ্বধাৰণা, পক্ষপাতিত্য আদিৰ পৰা মুক্ত হ’ব লাগিব। অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ ঘটনাক পৰ্যবেক্ষণ কৰিলে ই দোষযুক্ত হয়।

৩। পৰ্যবেক্ষণৰ ওপৰত এটি চমুটোকা লিখা। অথবা পৰ্যবেক্ষণ কাক বোলে?
উত্তৰঃ পৰ্যবেক্ষণ হৈছে কোনো এক নিৰ্দিষ্ট উদ্দেশ্যৰ দ্বাৰা প্ৰণোদিত অতি সতৰ্কভাৱে আৰু সুনিয়ন্ত্ৰিতভাৱে কৰা এক প্ৰকাৰ প্ৰত্যক্ষ। পৰ্যবেক্ষণ এক প্ৰকাৰ প্ৰত্যক্ষ যাক আমাৰ ইন্দ্ৰিয়ৰ মাধ্যমেৰে লাভ কৰা হয়। পৰ্যবেক্ষণ এক প্ৰকাৰ প্ৰত্যক্ষ যদিও ই নিৰ্দিষ্ট্য উদ্দেশ্য প্ৰণোদিত প্ৰত্যক্ষ হ’ব লাগে। সেইবাবে পৰ্যবেক্ষণ অনিবাৰ্যভাৱে নিৰ্বাচনাত্মক হ’ব লাগে। নিৰ্দিষ্ট্য উদ্দেশ্য পূৰণ বাবে অপ্ৰাসংগিক ঘটনাক বাদ দি প্ৰাসংগিক ঘটনাক প্ৰত্যক্ষ কৰাটোৱেই পৰ্যবেক্ষণ। এনে পৰ্যবেক্ষণ সুনিয়ন্ত্ৰিত প্ৰত্যক্ষ। পৰ্যবেক্ষণৰ দ্বাৰা আমি আমাৰ বাহ্যিক আৰু মানসিক অৱস্থাকো পৰ্যবেক্ষণ কৰিব পাৰো। আগমনৰ ক্ষেত্ৰত পৰ্যবেক্ষণ অতি গুৰুত্বপূৰ্ণ। অৱশ্যে এই পৰ্যবেক্ষণ শুদ্ধ হ’বলৈ হ’লে বৌদ্ধিক চৰ্ত, শাৰীৰিক বা দৈহিক চৰ্ত আৰু নৈতিক চৰ্ত মানিবলগা হয়। কাৰণ আমাৰ অমনোযোগিতা, পূৰ্বধাৰণা, কুসংস্কাৰ আদিৰ প্ৰভাৱত পৰ্যবেক্ষণ দোষযুক্ত হৈ পৰে।

৪। নিৰীক্ষণ কাক বোলে? ইয়াৰ বৈশিষ্ট্যবোৰ চমুকৈ লিখা।
উত্তৰঃ কোনো এক উদ্দেশ্য অনুসৰি প্ৰাকৃতিক পৰিৱেশত প্ৰাকৃতিক ঘটনাৰ সুনিয়ন্ত্ৰিতভাৱে কৰা প্ৰত্যক্ষকে নিৰীক্ষণ বোলে। নিৰীক্ষণৰ এই সংজ্ঞাটো বিশ্লেষণ কৰি চালে তলত উল্লেখ কৰা বৈশিষ্ট্যবোৰ পোৱা যায়—

ক) নিৰীক্ষণ এক নিৰ্দিষ্ট্য উদ্দেশ্য প্ৰণোদিত প্ৰত্যক্ষ সুনিয়ন্ত্ৰিত প্ৰত্যক্ষ। নিৰীক্ষণৰ উদ্দেশ্য অনুসৰি প্ৰত্যক্ষৰ বিষয়বস্তু নিৰ্বাচন কৰি সুনিয়ন্ত্ৰিতভাৱে প্ৰত্যক্ষ কৰা হয়।

খ) নিৰীক্ষণৰ বিষয়বস্তু প্ৰাকৃতিক। নিৰীক্ষণৰ বাবে প্ৰয়োজনীয় বিষয়বস্তু সংগ্ৰহ কৰাৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে নিৰীক্ষণৰ বিষয়বস্তুৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ নাথাকে।

গ) নিৰীক্ষণৰ পৰিৱেশ প্ৰাকৃতিক। নিৰীক্ষণৰ বিষয়বস্তুৰ বাবে যেনেকৈ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, ঠিক সেইদৰে ইয়াৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ বাবেও প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে নিৰীক্ষণৰ পৰিৱেশো নিৰীক্ষকৰ নিয়ন্ত্ৰণত নাথাকে।

গতিকে দেখা যায় যে নিৰীক্ষণ হৈছে কোনো এটা উদ্দেশ্য অনুসৰি কোনো প্ৰাকৃতিক ঘটনাক প্ৰাকৃতিক পৰিৱেশত কৰা এক সুনিয়ন্ত্ৰিত প্ৰত্যক্ষ।

৫। পৰীক্ষণ কাক বোলে? ইয়াৰ বৈশিষ্ট্যবোৰ চমুকৈ লিখা।
উত্তৰঃ কোনো এটা নিৰ্দিষ্ট উদ্দেশ্য অনুসৰি কৃত্ৰিম পৰিৱেশত কৃত্ৰিমভাৱে কোনো বস্তু বা ঘটনা সৃষ্টি কৰি তাক সুনিয়ন্ত্ৰিতভাৱে প্ৰত্যক্ষ কৰাকে পৰীক্ষণ বোলে। পৰীক্ষণৰ এই সংজ্ঞাটো বিশ্লেষণ কৰি চালে তলত উল্লেখ কৰা বৈশিষ্ট্যবোৰ পোৱা যায়—
ক) পৰীক্ষণ এক উদ্দেশ্য প্ৰণোদিত, সুনিয়ন্ত্ৰিত আৰু অনিবাৰ্যভাৱে নিৰ্বাচনাত্মক প্ৰত্যক্ষ। পৰীক্ষণৰ কাৰণে কোনো এক বিষয় বা বস্তু নিৰ্বাচন কৰি সুনিয়ন্ত্ৰিতভাৱে পৰীক্ষকে প্ৰত্যক্ষ কৰিব লগা হয়।
খ) পৰীক্ষণৰ বিযয়বস্তু কৃত্ৰিম। পৰীক্ষণৰ কাৰণে কৃত্ৰিমভাৱে কোনো বস্তু বা ঘটনা সৃষ্টি কৰি প্ৰত্যক্ষ কৰা হয় বাবে বিষয়বস্তুৰ কাৰণে পৰীক্ষকে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগা নহয়। গতিকে পৰীক্ষণৰ বিষয়বস্তু পৰীক্ষকৰ নিয়ন্ত্ৰণত থাকে।
গ) পৰীক্ষণৰ পৰিৱেশ কৃত্ৰিম। পৰীক্ষকে সৃষ্টি কৰা কৃত্ৰিম পৰিৱেশতহে পৰীক্ষণৰ বিষয়বস্তু প্ৰত্যক্ষ কৰা হয়। গতিকে পৰীক্ষণত পৰিৱেশ পৰীক্ষকৰ নিয়ন্ত্ৰণত থাকে।

৬। পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ সুবিধাবোৰ লিখা।
উত্তৰঃ পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ সুবিধাবোৰ হ’ল—
ক) পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ পৰিসৰ অতি ব্যাপক। সমগ্ৰ প্ৰকৃতি জগতখনেই হ’ল নিৰীক্ষণৰ পৰিসৰৰ অন্তৰ্গত। জগতৰ সকলো ঘটনাকে নিৰীক্ষণ কৰিব পাৰি, কিন্তু পৰীক্ষণ কৰিব নোৱাৰি।
খ) নিৰীক্ষণৰ সহায়ত কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ পোনে- পোনে নিৰ্ণয় কৰিব পাৰি। কিন্তু এই সুবিধাটো পৰীক্ষণত পোৱা নাযায়।
গ) নিৰীক্ষণৰ স্থান পৰীক্ষণৰ আগত। কোনো ঘটনাক নিৰীক্ষণ নকৰাকৈ পৰীক্ষণ কৰাটো সম্ভৱ নহয়। সেইবাবে নিৰীক্ষণেই পৰীক্ষণৰ আৰম্ভ কৰাৰ বাট মুকলি কৰি দিয়ে বুলি কোৱা হয়।

৭। নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ সুবিধাবোৰ লিখা।
উত্তৰঃ নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ সুবিধাবোৰ তলত উল্লেখ কৰা হ’ল—

ক) পৰীক্ষণৰ ক্ষেত্ৰত বিষয়বস্তু আৰু পৰিৱেশ পৰীক্ষকৰ নিয়ন্ত্ৰণত থাকে বাবে ইয়াত ধীৰ, স্থিৰ আৰু সতৰ্কভাৱে ঘটনাৰ প্ৰত্যক্ষ কৰিব পাৰি। এই সুবিধাটো নিৰীক্ষণত পোৱা নাযায়।
খ) পৰীক্ষণত ঘটনাৰ সঠিক বিশ্লেষণ আৰু অপ্ৰাসংগিক বিষয় বৰ্জন কৰিব পাৰি। কিন্তু নিৰীক্ষণত এনে সুবিধা পোৱা নাযায়।
গ) পৰীক্ষণত পৰীক্ষা কাৰ্য বাৰে-বাৰে কৰিব পাৰি আৰু প্ৰয়োজন সাপেক্ষে পৰিৱেশওঁ সলনি কৰিব পাৰি। কিন্তু নিৰীক্ষণত নোৱাৰি।
ঘ) পৰীক্ষণত কাৰ্যকাৰণ সম্বন্ধক সহকাৰ্য আৰু সহসম্বন্ধৰ পৰা পৃথক কৰিব পাৰি।
ঙ) পৰীক্ষণত কাৰণ আৰু কাৰ্যৰ পৰিমাণগত স্বভাৱ লক্ষ্য কৰিব পাৰি কিন্তু নিৰীক্ষণত এনে সুবিধা নাই।

৮। পৰীক্ষণ আৰু নিৰীক্ষণৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা।
উত্তৰঃ পৰীক্ষণ আৰু নিৰীক্ষণৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল—

ক) নিৰীক্ষণৰ বিষয়বস্তু হল প্ৰাকৃতিক। নিৰীক্ষণৰ বাবে প্ৰয়োজনীয় বিষয়বস্তু সংগ্ৰহ কৰাৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।
আনহাতে, পৰীক্ষণৰ বিষয়বস্তু হ’ল কৃত্ৰিম। পৰীক্ষণৰ কাৰণে কৃত্ৰিমভাৱে কোনো বস্তু সৃষ্টি কৰি প্ৰত্যক্ষ কৰা হয় বাবে বিষয়বস্তুৰ কাৰণে পৰীক্ষকে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়।
খ) নিৰীক্ষণৰ বিষয়বস্তু নিৰীক্ষকৰ নিয়ন্ত্ৰণত নাথাকে। আনহাতে, পৰীক্ষণৰ বিষয়বস্তু পৰীক্ষকৰ নিয়ন্ত্ৰণত থাকে।
গ) নিৰীক্ষণৰ সহায়ত কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ পোনপটীয়াকৈ নিৰ্ণয় কৰিব পাৰি। আনহাতে, পৰীক্ষণত কাৰ্যকাৰণ সম্বন্ধক সহকাৰ্য় আৰু সহবৰ্তিতা সম্বন্ধৰ পৰা পৃথক কৰিব পাৰি।
ঘ) নিৰীক্ষণত কাৰণ আৰু কাৰ্যৰ পৰিমাণগত স্বভাৱ লক্ষ্য কৰিব নোৱাৰি।আনহাতে, পৰীক্ষণ কাৰণ আৰু কাৰ্যৰ পৰিমাণগত স্বভাৱ লক্ষ্য কৰিব পাৰি।
ঙ) নিৰীক্ষণ পৰীক্ষণৰ ওপৰত নিৰ্ভৰশীল নহয়। কিন্ত পৰীক্ষণ নিৰীক্ষণৰ ওপৰত নিৰ্ভৰশীল।

৯। অপৰ্যবেক্ষণ দোষ আৰু ভ্ৰান্ত পৰ্যবেক্ষণ দোষৰ মাজত পাৰ্থক্য লিখা।
উত্তৰঃ ক) অপৰ্যবেক্ষণ দোষত যি যি পৰ্যবেক্ষণ কৰিব লাগে সেইবোৰ পৰ্যবেক্ষণ কৰা নহয়। আনহাতে, ভ্ৰান্ত পৰ্যবেক্ষণ দোষৰ ক্ষেত্ৰত এটা বস্তুক আন এটা বস্তু বুলি প্ৰত্যক্ষ কৰা হয়।
খ) অপৰ্যবেক্ষণ দোষ সদায় নঞাৰ্থক। আনহাতে ভ্ৰান্ত পৰ্যবেক্ষণ দোষ সদায় সদৰ্থক।
গ) অপৰ্যবেক্ষণ দোষত প্ৰয়োজনীয় তথ্যসমূহ আমাৰ অজ্ঞাতসাৰে ৰৈ যায়।আনহাতে, ভ্ৰান্ত পৰ্যবেক্ষণ দোষত আমাৰ অজ্ঞাতসাৰে ৰৈ নাযায়।
ঘ) অপৰ্যবেক্ষণ দোষৰ মূল কাৰণ হৈছে অন্ধবিশ্বাস, কুসংস্কাৰ আদি। আনহাতে, ভ্ৰান্ত পৰ্যবেক্ষণৰ মূল কাৰণ হৈছে অন্ধবিশ্বাস, কুসংস্কাৰ, পূৰ্বধাৰণা, পক্ষপাতিত্য, প্ৰত্যাশা, প্ৰতিকূল পৰিৱেশ আদি।

১০। পৰ্যবেক্ষণ দোষৰ ওপৰত এটি চমু টোকা লিখা।
উত্তৰঃ পৰ্যবেক্ষণৰ জৰিয়তে আগমনত যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, কিন্তু মনৰ অমনোযোগিতা, পূৰ্বধাৰণা, কুসংস্কাৰ, অন্ধবিশ্বাস, আদিৰ প্ৰভাৱত পৰ্যবেক্ষণত যি দোষ ঘটে তাকেই পৰ্যবেক্ষণ দোষ বোলে। তৰ্কবিজ্ঞানী মিলৰ মতে পৰ্যবেক্ষণ দোষ দুই প্ৰকাৰৰ- ভ্ৰান্ত পৰ্যবেক্ষণ দোষ বা কু-পৰ্যবেক্ষণ দোষ আৰু অপৰ্যবেক্ষণ দোষ বা অনবেক্ষণ দোষ। পৰ্যবেক্ষণৰ সহায়ত যেতিয়া ভুলকৈ পৰ্যবেক্ষণ কৰা হয়, তেতিয়া ভ্ৰান্ত পৰ্যবেক্ষণ ঘটে। ভ্ৰান্ত পৰ্যবেক্ষণ দুই প্ৰকাৰৰ- ব্যক্তিগত ভ্ৰান্ত পৰ্যবেক্ষণ দোষ আৰু সাৰ্বজনীন ভ্ৰান্ত পৰ্যবেক্ষণ দোষ। যেনে ৰচী এডালক সাপ বুলি পৰ্যবেক্ষণ কৰাই হ’ল ব্যক্তিগত ভ্ৰান্ত পৰ্যবেক্ষণ দোষ। আকৌ চলন্ত ৰেলগাড়ীত গৈ থাকিলে দূৰৈৰ গছ-গছনি বৃত্তাকাৰে পিছফালে ঘূৰি থকা যেন অনুমান হয়। এনে পৰ্যবেক্ষণ সাৰ্বজনীন ভ্ৰান্ত পৰ্যবেক্ষণ দোষ।
আনহাতে, পৰ্যবেক্ষণৰ সময়ত যি যি লক্ষ্য কৰা বা দেখা উচিত তাক লক্ষ্য নকৰাৰ ফলত পৰ্যবেক্ষণত যি দোষ ঘটে তাকে অপৰ্যবেক্ষণ বা অনবেক্ষণ দোষ বোলে। ই দুই প্ৰকাৰৰ-
(ক) প্ৰাসংগিক দৃষ্টান্তৰ অনবেক্ষণ দোষ। যেনে- কণী খাই পৰীক্ষা দিলে পৰীক্ষা বেয়া হয়।
(খ) প্ৰাসংগিক পাৰিপাৰ্শ্বিক অৱস্থাৰ অনবেক্ষণ দোষ। যেনে- কলিকতা মহানগৰীত মৃত্যুৰ হাৰ অধিক।

১১। “নিৰীক্ষণ আৰু পৰীক্ষণৰ মজত পাৰ্থক্য মাত্ৰ পৰিমাণগতহে, মূলগত নহয়” -উক্তিটো বাখ্যা কৰা।
উত্তৰঃ নিৰীক্ষণত কোনো এক বিশেষ উদ্দেশ্য অনুসৰি প্ৰাকৃতিক পৰিৱেশত প্ৰাকৃতিক ঘটনাক সুনিয়ন্ত্ৰিতভাৱে প্ৰত্যক্ষ কৰা হয়।
আনহাতে, পৰীক্ষণত কোনো এক বিশেষ উদ্দেশ্যৰ দ্বাৰা প্ৰণোদিত হৈ কৃত্ৰিম পৰিৱেশত কৃত্ৰিম উপায়েৰে কোনো বস্তু বা ঘটনা সুনিয়ন্ত্ৰিতভাৱে প্ৰত্যক্ষ কৰা হয়।
নিৰীক্ষণ আৰু পৰীক্ষণৰ সূত্ৰ দুটা বিশ্লেষণ কৰিলে তলত উল্লেখ কৰা সাদৃশ্য আৰু বৈসাদৃতাশ্যবোৰ পোৱা যায়—

সাদৃশ্যঃ ক) নিৰীক্ষণ আৰু পৰীক্ষণ দুয়োটাই এক বিশে, উদ্দেশ্য প্ৰণোদিত সুনিয়ন্ত্ৰিত আৰু অনিবাৰ্যভাৱে নিৰ্বাচনাত্মক প্ৰত্যক্ষ। দুয়োটাতে উদ্দেশ্য অনুসৰি বিষয়বস্তু নিৰ্বাচন কৰি আন-আন অপ্ৰাসংগিক বিষয়ৰ পৰা মনত আতৰাই আনি প্ৰাসংগিক বা প্ৰয়োজনীয় বিষয়ত মন নিবদ্ধ কৰা হয়।
খ) নিৰীক্ষণ আৰু পৰীক্ষণ- উভয়ৰে উদ্দেশ্য হৈছে স্বৰূপ বা প্ৰকৃতিৰ উদ্ঘাটন, তাৰ ওপৰত ভিত্তি কৰি কাৰণ নিৰ্ণয় কৰা।

বৈসাদৃশ্যঃ ক) নিৰীক্ষণৰ বিষয়বস্তু প্ৰাকৃতিক কিন্তু পৰীক্ষণৰ বিষয়বস্তু কৃত্ৰিম।
প্ৰকৃতিয়ে যোগান ধৰা ঘটনাৱলীয়েই নিৰীক্ষণৰ বিষয়বস্তু। প্ৰাকৃতিক নিয়ম অনুসৰি প্ৰাকৃতিক ঘটনাবোৰ যেতিয়া যি মুহূৰ্তত অবিৰ্ভাৱ হয়, তেতিয়া সেইবোৰক সুনিয়ন্ত্ৰিতভাৱে প্ৰত্যক্ষ কৰিবলগীয়া হয়। বিষয়বস্তু নিৰীক্ষকৰ নিয়ন্ত্ৰণত নাথাকে।
আনহাতে, পৰীক্ষণৰ বিষয়বস্তু কৃত্ৰিম আৰু বিষয়বস্তু পৰীক্ষকৰ নিয়ন্ত্ৰণাধীন থাকে। সেইবাবে পৰীক্ষকে বিষয়বস্তুৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়।

খ) নিৰীক্ষণত পৰিৱেশ প্ৰাকৃতিক, কিন্তু পৰীক্ষণত পৰিৱেশ কৃত্ৰিম। নিৰীক্ষণত প্ৰাকৃতিক পৰিৱেশত প্ৰাকৃতিক ঘটনাবোৰ যেতিয়া তেতিয়া সেইবোৰক প্ৰত্যক্ষ কৰিবলগীয়া হয়। পৰিৱেশৰ বাবে নিৰীক্ষকে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। কিন্তু পৰীক্ষণত পৰিৱেশ কৃত্ৰিম। গৱেষণাগাৰ বা বিজ্ঞানাগাৰ হৈছে পৰীক্ষণৰ পৰিৱেশ। সেইবাবে পৰিৱেশৰ বাবে পৰীক্ষক প্ৰকৃতিৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়।
নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত এনোবোৰ সাদৃশ্য আৰু বৈসাদৃশ্য লক্ষ্য কৰি বেইনে মন্তব্য কৰিছে যে নিৰীক্ষণ হৈছে ঘটনাৰ আৱিস্কাৰ আৰু পৰীক্ষণ হৈছে ঘটনাৰ সৃষ্টি।
নিৰীক্ষণ আৰু পৰীক্ষণৰ সম্বন্ধ সম্পৰ্কীয় এনে মন্তব্য আংশিকভাৱে সত্য।। কাৰণ নিৰীক্ষণত ইন্দ্ৰিয়সমূহ স্বাভাৱিক শক্তিবৃদ্ধি কৰিবলৈ বৈজ্ঞানিক যন্ত্ৰপাতি ব্যৱহাৰ কৰা হয়। আকৌ পৰীক্ষণত যিবোৰ উপাদানেৰে পৰীক্ষা আৰম্ভ কৰা হয়, সেইবোৰ প্ৰকৃতিজগতৰ অমূল্য সম্পদ।
ষ্টক আদি কিছুমান তৰ্কবিজ্ঞানীৰ মতে “নিৰীক্ষণ হৈছে নিষ্ক্ৰিয় অভিজ্ঞতা আৰু পৰীক্ষণ হৈছে সক্ৰিয় অভিজ্ঞতা।” এনে মন্তব্যও সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়। কাৰণ নিৰীক্ষণ হৈছে বিশেষ উদ্দেশ্য প্ৰণোদিত সুনিয়ন্ত্ৰিত আৰু অনিবাৰ্যভাৱে নিৰ্বাচনাত্মক প্ৰত্যক্ষ। এনে সুনিয়ন্ত্ৰণ আৰু নিৰ্বাচন নিষ্ক্ৰিয় মনৰ দ্বাৰা সম্ভৱ হ’ব নোৱাৰে। তাৰোপৰি প্ৰাকৃতিক ঘটনাবোৰ কেতিয়া ঘটিব আৰু কিমান সময় স্থায়ী হ’ব। সতৰ্কতা, একাগ্ৰতা, মানসিক প্ৰস্তুতি ধৈৰ্য আগিৰ প্ৰয়োজন।
আকৌ পৰীক্ষণ কাৰ্য আৰম্ভ কৰাত মন সক্ৰিয় হ’লেওঁ পৰীক্ষণৰ পৰিণতি নিৰ্ণয় কৰা মন নিষ্ক্ৰিয়। পৰীক্ষকে ইচ্ছা কৰিলে পৰিণতিৰ গতি সলনি কৰিব পাৰে।
গতিকে দেখা যায় যে নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত মূলগত বা উদ্দেশ্যৰ পালৰ পৰা কোনো প্ৰভেদ নাই, প্ৰভেদ হৈছে মাত্ৰ পৰিমাণগতহে। নিৰীক্ষণত প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীলতা বেছি, সেইকাৰণে সক্ৰিয়গত পৰিমাণ কম। আনহাতে, পৰীক্ষণত প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীলতা কম আৰু সেইবাবে সক্ৰিয়তাৰ পৰিমাণ বেছি। সেয়েহে তৰ্কবিজ্ঞানী জেভেনচে মন্তব্য কৰিছে –“ নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত পাৰ্থক্য মাথোন পৰিমাণগতহে, মূলগত নহয়”।

Leave a Comment