ADVERTISEMENT

Class 9 Science Chapter 12 Question Answer Assamese | শব্দ প্ৰশ্ন উত্তৰ

আপুনি নৱম মান শ্ৰেণীৰ শিক্ষাৰ্থী নেকি? আপুনি Class 9 Science Question Answer তথা নৱম মান শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় সমুহৰ প্ৰশ্ন উত্তৰ বিচাৰি আছে নেকি? তেন্তে আপুনি সঠিক স্থানত আহিছে, আজি আমি Assamese Medium ত “শব্দ” তথা Class 9 Science Chapter 12 Question Answer Assamese আলোচনা কৰিব প্ৰয়াস কৰিছো।

Class 9 Science Chapter 12 Question Answer Assamese

Class 9 Science Chapter 12 Question Answer Assamese তথা নৱম মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় 12 ‘শব্দ‘ ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ দিয়াৰ উপৰিও কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ, আপুনি এজন শিক্ষাৰ্থী হিচাপে আমাৰ এই লিখনিয়ে আগন্তুক পৰীক্ষাৰ বাবে কিছু সহায় কৰিব।

Class 9 Science Chapter 12 Question Answer Assamese
ADVERTISEMENT

Blue Question Answer Page No. 162

1. বস্তুৰ কম্পনৰ ফলত শব্দৰ সৃষ্টি কেনেদৰে হয় আৰু আমাৰ কাণত পৰে?

উত্তৰঃ স্পন্দনশীল বস্তু এটাই তাৰ চৌপাশে থকা মাধ্যমৰ কণাবিলাকক কপিবলৈ বাধ্য কৰে।

কণাবোৰে কিন্তু কম্পমান বস্তুটোৰ পৰা কাণ পৰ্যন্ত ভ্ৰমণ নকৰে। কম্পমান বস্তুৰ সংস্পৰ্শত থকা মাধ্যমৰ কণা এটা পোনতে তাৰ সাম্য অৱস্থাৰ পৰা অপসৰিতহ’ব। তাৰ পিছত ই নিকটৱতী কণাটোৰ ওপৰত বল প্ৰয়োগ কৰে। তাৰ ফলত নিকটৱৰ্তী কণাটোও তাৰসাম্য অৱস্থাৰ পৰা অপসাৰিত হয়। নিকটৱৰ্তী কণাটোক অপসাৰিত কৰাৰ পিছত প্ৰথম কণাটো আগৰ অৱস্থানলৈ উভতি আহে । শব্দ আহি কাণত নপৰা পৰ্যন্ত মাধ্যমত এই প্ৰক্ৰিয়াটো চলি থাকে ।

ADVERTISEMENT
ADVERTISEMENT

Blue Question Answer Page No. 166

1. তৰংগৰ কি ধৰ্মই – (a) তীব্রতা (b) তীক্ষ্ণতা নির্ণয় কৰে?

উত্তৰঃ

(a) শব্দৰ তীব্ৰতা আৰু বিস্তাৰৰ ওপৰত নিৰ্ভৰশীল। কম্পনৰ বিস্তাৰ বেছি হ’লে সৃষ্টি হোৱা শব্দ ডাঙৰ হয় । বিস্তাৰ কম হ’লে সৃষ্টি হোৱা শব্দ দুর্বল হয়।

(b) কম্পনাংকই শব্দৰ তীক্ষ্ণতা নির্ণয় কৰে। এটা কম্পনৰ কম্পনাংক বেছিহ’লে তীক্ষ্ণতা বেছি হয়। কম্পনাংক কম হ’লৈ তীক্ষ্ণতা কম হয়। 

2. গাড়ীৰ হৰ্ণ আৰু গীটাৰ, দুই দুয়োটাৰ ভিতৰত কোনটোৰ শব্দৰ তীক্ষ্ণতা বেছি?

উত্তৰঃ গীটাৰৰ তীক্ষ্ণতা গাড়ীৰ হৰ্ণৰ তীক্ষ্ণতাতকৈ বেছি।

Blue Question Answer Page No. 166

1. শব্দ তৰংগৰ তৰংগদৈৰ্ঘ্য, কম্পনাংক, পৰ্য্যায়কাল আৰু বিস্তাৰৰ সংজ্ঞা লিখা। 

উত্তৰঃ তৰংগ দৈৰ্ঘ্য : দুটা অনুক্রমিক ঘনীভৱন বা দুটা অনুক্ৰমিক অনুভৱণৰ মাজৰ দূৰত্বক তৰংগ দৈর্ঘ্য বোলে।

কম্পনাংক : মাধ্যমৰ কোনো বিন্দুৰ মাজেদি এক ছেকেণ্ডত পাৰ হৈযোৱা তৰংগৰ সংখ্যাক তৰংগৰ কম্পনাংক বোলে।

পৰ্য্যায়কাল : মাধ্যমৰ ঘনত্বৰ এটা সম্পূৰ্ণ দোলনৰ বাবে প্ৰয়োজন হোৱা সময়ক শব্দ তৰংগৰ পৰ্য্যায়কাল বোলে।

বিস্তাৰ : শব্দ তৰংগই সাম্য অৱস্থাৰ পৰা দুয়োফালে অতিক্ৰম কৰা গৰিষ্ঠ দূৰত্বক বিস্তাৰ বোলে।

2. শব্দ তৰংগৰ কম্পনাংক আৰু তৰংগ দৈৰ্ঘ্য কিদৰে তাৰ দ্ৰুতিৰ সৈতে জড়িত হৈ আছে?

উত্তৰঃ কম্পনাংক, তৰংগ দৈৰ্ঘ আৰু দ্ৰুতিৰ মাজৰ সম্পৰ্ক হ’ল –  v = nλ

               য’ত v  = দ্রুতি

                      n = কম্পনাংক

                       λ = তৰংগ দৈৰ্ঘ্য।

3. প্রদত্ত মাধ্যম এটাত শব্দ তৰংগৰ দ্ৰুতি 440 m/sec আৰু কম্পনাকে 220 Hz | ইয়াৰ তৰংগ দৈৰ্ঘ্য নির্ণয় কৰা।

উত্তৰঃ ইয়াত, v = 440m/sec

                    n = 220 Hz

                    λ = ?

   এতিয়া      v  =  na

              ⇒ 2 = v / n

                     = 440 /220m

                     = 2 m

4. উৎসৰ পৰা 450m দূৰত্বত উপবিষ্ট ব্যাক্তি এজনে শুনি থকা স্বৰ এটাৰ কম্পনাক 500 Hz। উৎসৰ পাৰ নিৰ্গত অনুক্রমিক ঘনীভৱণবোৰৰ মাজৰ সময়ৰ অন্তৰাল কিমান?

উত্তৰঃ ইয়াত, n = 500Hz

                   T = ?

আমি জানো যে, T =  1 / n

                         =  1 / 500

                         = 0.002 sec.

Blue Question Answer Page No. 166

1. শব্দৰ তীব্ৰতা আৰু প্রাবল্যৰ মাজৰ পাৰ্থক্য কি? 

উত্তৰঃ প্ৰতি চেকেণ্ডত একক কালিৰ মাজেৰে পাৰহৈ যোৱা শব্দ শক্তিৰ পৰিমাণক শব্দৰ তৰংগৰ প্রাবল্য বোলে। আনহাতে তীব্ৰতা হ’ল শব্দলৈ কাণে দিয়া সহাঁৰিব জোখ। আমাৰ কাণে একে প্রাবল্যৰ দুটা শব্দৰ এটাক আনটোতকৈ উত্তমৰূপে ধৰা পেলালে তাক আনটোতকৈ ডাঙৰকৈ শুনিম।

Blue Question Answer Page No. 167

1. বায়ু, পানী আৰু লোৰ ভিতৰত কোনটো মাধ্যমৰ এক নিৰ্দিষ্ট উষ্ণতাত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি? 

উত্তৰঃ লো মাধ্যমত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি। ইয়াৰ পিছত পানী মাধ্যমত আৰু শেষত বায়ু মাধ্যম।

Blue Question Answer Page No. 168

1. শব্দ এটাৰ প্ৰতিধ্বনি 3 sec পিছত শুনা গ’ল। প্রতিফলন পৃষ্ঠ আৰু উৎসৰ মাজৰ দূৰত্ব কিমান? দিয়া আছে শব্দৰ দ্ৰুতি 342 m/sec

উত্তৰঃ ইয়াত, v = 342m/sec

                   t = 3 / 2 sec

                    = 1.5 sec 

                 s  = ?

আমি জানো যে,    S = v  × t   

                            = 342 × 1.5 

                            = 513

                     ∴  s = 513m

Blue Question Answer Page No. 169

1. সংগীত সময়লৰ প্ৰেক্ষাগৃহৰ মূধচখন বক্ৰাকৃতিৰ কিয় হয় ? 

উত্তৰঃ কাৰণ শব্দ প্রতিফলনৰ পিছত যাতে প্ৰেক্ষাগৃহৰ প্ৰতিটো চুক কোণলৈ যাব পাৰে।

Blue Question Answer Page No. 170

1. সাধাৰণতে মানুহৰ কাৰণৰ শ্ৰাব্য পৰিসৰ কি? 

উত্তৰঃ 20Hz ৰ পৰা 20,000 Hzৰ ভিতৰত।

2. কম্পনাংকৰ পৰিসৰ কি? 

(a) অৱশব্দৰ।

(b) অতিশব্দৰ।

উত্তৰঃ (a) 20 Hzতকৈ কম। 

(b) 20,000 Hzতকৈ বেছি।

Blue Question Answer Page No. 172

1. চাবমেৰিণ এখনে নির্গত কৰা চনাৰ স্পন্দন (Sonar Pulse) এটা সমুদ্র তলিৰ টিলা এটাত খুন্দা খাই 1.02 secত ঘূৰি আহিল। যদি লুণীয়া পানীত শব্দৰ দ্ৰুতি 1531 m/sec হয় তেন্তে টিলাটোৰ দূৰত্ব কিমান?

উত্তৰঃ ইয়াত, v = 1531m/sec

                    t = 1.02 / 2 sec

                    d = ?

আমি জানো যে,   d = V × t

                          = 1531 × 1.02 / .2

                          = 1531  × 0.51

                          = 780.81

                 ∴    d = 780.81m

Class 9 Science Chapter 12 EXERCISE Question Answer

1. শব্দ কি আৰু ইয়াক কেনেকৈ উৎপন্ন কৰা হয়?

উত্তৰঃ শব্দ হৈছে এবিধ শক্তি যিয়ে আমাৰ কাণত শ্ৰৱণৰ অনুভূতি জগায়। বস্তৰ কম্পনৰ সৃষ্টি কৰি শব্দ উৎপন্ন কৰা হয়।

2. শব্দৰ উৎসৰ ওচৰত বায়ুৰ ঘনীভবন আৰু অনুভৱন কেনেকৈ উৎপন্ন হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ শব্দ সঞ্চালিত হোৱা আটাইতকৈ সাধাৰণ মাধ্যমটো হৈছে বায়ু। স্পন্দনশীল বস্তু এটাৰ গতিয়ে সন্মুখৰ বায়ুখিনিক ঠেলি সংকুচিত কৰে আৰু ফলত অধিক চাপৰ অঞ্চল এটাৰ সৃষ্টি হয়।

চিত্ৰত দেখুওৱা এনে অঞ্চলক ঘনীভবন বোলে। স্পন্দনশীল বস্তুটোৰ পৰা এই ঘনীভবন আঁতৰি যাবলৈ আৰম্ভ কৰে। যেতিয়া স্পন্দনশীল বস্তুটো পিছফাললৈ উভতি আহে; তেতিয়া ই নিম্ন চাপৰ অঞ্চল এটাৰ সৃষ্টি কৰে যাক অনুভবন বোলে বস্তুটোৰ ক্ষীপ্ৰ অগা-পিচা গতিৰ বাবে বায়ুত ঘনীভবন আৰু অনুভৱণৰ অগ্রগামী হোৱা শব্দ তৰংগ। ঘনীভবন হ’ল উচ্চ চাপযুক্ত অঞ্চল আৰু তনুভবন হ’ল নিম্নচাপযুক্ত অঞ্চল। মাধ্যমৰ কোনো প্রদত্ত আয়তনত থকা কণাৰ সংখ্যাৰ সৈতে চাপৰ সম্পৰ্ক আছে। কণাৰ ঘনত্ব বেচি মানেই চাপ বেছি আৰু ইহঁতৰ ঘনত্ব কম মানেই চাপ কম। গতিকে মাধ্যমত শব্দৰ সঞ্চালনক ঘনত্বৰ পৰিবৰ্তনৰ বা চাপৰ পৰিবৰ্তনৰ সঞ্চালন বুলি গণ্য কৰিব পাৰি।

3. শব্দৰ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰা পৰীক্ষা এটা উল্লেখ কৰা।

উত্তৰঃ কাঁচৰ পাত্ৰ এটাত বৈদ্যুতিক ঘণ্টা এটা সুমুৱাই লোৱা হল। পাত্ৰটোৰ মুখখন বায়ু সোমাব নোৱাৰাকৈ এটা কৰ্কেৰে বন্ধ কৰি দিয়া হ’ল। পাত্ৰটোত থকা বায়ুখিনি আঁতৰাই পেলাবলৈ কাঁচৰ পাত্ৰটো এটা ভেকুৱাম পাম্পৰ লগত সংযোগ কৰা হ’ল। ঘণ্টাটোৰ সীহৰ তাৰকেইডাল কৰ্কৰ মাজেৰে আনি বিদ্যুত সংযোগ কৰা হ’ল। আৰম্ভনিতে পাত্ৰটো বায়ুৰে পূৰ্ণ কৰি ৰখা হ’ল। ঘণ্টাৰ চুইচ অন কৰিলে ঘণ্টাটো বাজিব ধৰে আৰু ইয়াৰ শব্দ স্পষ্টকৈ শুনা যায়।

এতিয়া ভেকুৱাম পাম্পৰ সহায়ত পাত্ৰটোৰ পৰা বায়ুখিনি আঁতৰাই পোলোৱা হ’ল৷ যিমানেই বেছি বায়ু পাত্ৰটোৰ পৰা আঁতৰোৱা হয়, বেলৰ শব্দ সিমানেই ক্ষীণ হৈ পৰা শুনা যায়। পাত্ৰটোৰ পৰা সকলোখিনি বায়ু আঁতৰাই পঠালে শব্দ একেবাৰে নুশুনা হ’ব।

অৱশ্যে, ঘণ্টাটোৰ হাতুৰীটোৱে এনে অৱস্থাতো ধাতুৰ পাত্ৰটোত নিৰবিচ্ছিন্নভাৱে কোবাই থাকিব। এই পৰীক্ষাটোৱে দেখুৱায় যে শব্দ তৰংগৰ প্ৰবাহৰ বাবে এটা মাধ্যমৰ প্ৰয়োজন।

4. শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কিয় কোৱা হয়?

উত্তৰঃ শব্দ তৰংগত মাধ্যমৰ কণাবোৰে এঠাইৰ পৰা আন এঠাইলৈ স্থানান্তৰিত নহয়। সিহঁতে নিজৰ সাম্য অৱস্থানৰ সাপেক্ষে অগা পিছা কৰি দুলি থাকে। সেইবাবে শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কোৱা হয়।

5. অন্ধকাৰ কোঠা এটাত বহুতৰ লগত বহি থকা অৱস্থাত শব্দৰ কোনটো বৈশিষ্ট্যৰ বাবে তোমাৰ বন্ধুক চিনাক্ত কৰিব পৰা?

উত্তৰঃ শব্দৰ গুণ বা ধ্বনি বৈশিষ্ট্য হৈছে শব্দৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য যিয়ে একে তীক্ষ্ণতা আৰু তীব্ৰতাৰ দুটা শব্দৰ মাজৰ পাৰ্থক্য অনুভুত কৰোৱায়। শুৱলা শব্দ এটাৰ গুণ উচ্চবুলি কোৱা হয়। এটা কম্পনাংকবিশিষ্ট শব্দক স্বৰ বোলে। কেইবাটাও কম্পনাংকৰ সংমিশ্ৰণত সৃষ্টি হোৱা শব্দক সুৰ বোলে আৰু ই শ্রুতিমধুৰ হয়।

6. বিজুলী আৰু ঢেৰেকণি দুয়োটা একেলগে সৃষ্টি হয়। কিন্তু বিজুলী দৃশ্যমন হোৱাৰ কেইচেকেণ্ডমানৰ পিছতহে ঢেৰেকণি শুনা যায় কিয়?

উত্তৰঃ বায়ুত পোহৰৰ বেগ প্রতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ। আনহাতে শব্দৰ বেগ প্রতি ছেকেণ্ডত 330 মিটাৰ। গতিকে আকাশত যদিও বিজুলী আৰু ঢেৰেকণি একেলগে সৃষ্টি হয় পোহৰ শব্দতকৈ সোনকালে আহি পৃথিৱী পায়। সেইবাবে আমি ঢেৰেকণি শুনাৰ আগেয়ে বিজুলী দেখিবলৈ পাওঁ।

7. ব্যাক্তি এজনৰ শ্ৰাব্য সীমাৰ পৰিসৰ 20 Hz-20KHz ৰ ভিতৰত। এই দুটা তৰংগ কম্পনাংকৰ সাপেক্ষে শব্দ তৰংগৰ বায়ুত প্ৰাৰূপিক তৰংগ দৈৰ্ঘ্য কিমান? বায়ুত শব্দৰ দ্ৰুতি 344 m/sec বুলি ধৰা।

উত্তৰঃ (i) ইয়াত, v = 344 m/sec

                       n = 20 Hz

                       λ = ?

আমি জানো যে,  v =  nλ  

                  ⇒ λ =  v / n

                         = 344 / 20

                          = 17.2m 

(ii) ইয়াত   v = 334 m/sec

                n = 20 KHz 

                   = 20,000Hz

                 λ = ?

আমি জানো যে,

            λ    = v / n 

                  = 344 /  20,000

                  = 344 / 20 × 10⁻³

                  = 17.2 x 10⁻³m

8. এলুমিনিয়ামৰ দণ্ড এডালৰ দুই মূৰত দুজন ছাত্র আছে। এজনে শিলগুটিৰে দণ্ডডাল টুকৰিয়াই দিলে। শব্দ বায়ু আৰু এলুমিনিয়ামৰ মাজেৰে গৈ ইজন ছাত্ৰৰ ওচৰ পাওঁতে লগা সময়ৰ অনুপাত উলিওৱা।

উত্তৰঃ ধৰা হ’ল এলুমিনিয়ামৰ দণ্ডডালৰ দৈৰ্ঘ্য =e 

ধৰা হ’ল Vair আৰু Val ক্ৰমে বায়ু আৰু এলুমিনিয়ামত শব্দৰ বেগ।

Vair = 346m/sec 

Val = 6,420m/sec

এতিয়া,

বায়ুত লগা সময় Tair = e / Vair

                             = e / 346 sec

এলুমিনিয়ামত লগা সময় Tair = e / Vair

                                        = e /  6420 sec

এতিয়া, Tair / Tair  = e/346 / e/6420

                           = 6420 / 34

                            = 3210 / 173 

            ∴ Tair : Tair = 3210 : 173

9. শব্দৰ উৎস এটাৰ কম্পনাংক 100 Hz। ই এক মিনিটত কিমানটা কম্পন সম্পূর্ণ কৰিব?

উত্তৰঃ ইয়াত,  n = 100 Hz

                    T = 1 মিনিট

                       = 60 ছেকেণ্ড

∴  1 ছেকেণ্ডত সম্পূৰ্ণ কৰা কম্পনাংকৰ সংখ্যা = 100 টা

∴ 60 ছেকেণ্ডত সম্পূৰ্ণ কৰা কম্পনাংকৰ সংখ্যা = 100 x 60 টা

                                                             = 6000 টা

10. পোহৰ মনা প্ৰতিফলনৰ সূত্ৰকেইটা শব্দই মানেনে? ব্যাখ্যা কৰা।

উত্তৰঃ পোহৰৰ প্ৰতিফলনৰ সূত্ৰ শব্দই মানি চলে। অর্থাৎ –

  • শব্দৰ আপাতিত ৰশ্মি, প্রতিফলিত ৰশ্মি আৰু আপাতন বিন্দুত টনা অভিলম্ব একে সমতলত থাকে।
  • শব্দৰ আপতন আৰু প্ৰতিফলনৰ দিশ দুটাই আপন বিন্দুত পৃষ্ঠৰ অভিলম্বৰ সৈতে সমান সমান কোন উৎপন্ন করে।

11. দূৰৰ বস্তু এটাই শব্দ প্রতিফলিত কৰিলে প্রতিধ্বনিৰ সৃষ্টি হ’ব। ধৰা হওঁক, শব্দৰ উৎস আৰু প্ৰতিফলক পৃষ্ঠৰ মাজৰ দূৰত্ব একে আছে। তাতকৈ গৰম দিন এটাও প্রতিধ্বনিৰ শব্দ শুনিবানে?

উত্তৰঃ বায়ুত শব্দৰ বেগ প্রতি 1°C উষ্ণতা বাঢ়িলে প্রায় 0.6 মিটাৰ/ঢেকেও কৈ বাঢ়ে । মূল শব্দতকৈ 0.1 ছেকেণ্ড পিছত প্রতিফলিত শব্দৰ প্ৰতিধ্বনি শুনা যায়৷ এতিয়া যদি উষ্ণতা বৃদ্ধি হৈ থাকে তেন্তে শব্দৰ বেগও বৃদ্ধি হৈ থাকিব। ফলত প্রতিফলিত শব্দ 0.1 ছেকেণ্ডতকৈ সোনকালে ঘুৰি আহিব। এনে হ’লে আমি প্রতিধ্বনি শুনিবলৈ নাপাম।

12. শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যাৱহাৰিক প্ৰয়োগ লিখা। 

উত্তৰঃ (i) মেগাফ’ন হৰ্ণ, শিঙ্গা আৰু চেহনাই জাতী বাদ্যযন্ত্ৰ আদিৰে শব্দ তৰংগক বিক্ষিপ্ত নকৰাকৈ কোনো এক বিশেষ দিশত সঞ্চালিত কৰা হয়। 

(ii) ষ্টেথ’স্কপত ৰোগীৰ হৃৎস্পন্দনৰ শব্দ পুণঃপুণঃ প্ৰতিফলনৰ যোগেদি চিকিৎসকৰ কাণত পৰে।

13. 500m ওখ স্তম্ভ এটাৰ শীৰ্ষৰ পৰা শিল এটা স্তম্ভৰ পাদদেশথ থকা পুখুৰীৰ পানীত পৰিবলৈ দিয়া হ’ল। পানীত পৰা শব্দটো স্তম্ভটোৰ শীৰ্ষত কেতিয়া শুনিবলৈ পোৱা যাব? দিয়া আছেg = 10m/sect আৰু শব্দৰ দ্ৰুতি = 340m/sec

উত্তৰঃ ধৰা হ’ল, শিলটো পানীত পৰোতে লগা সময় = t

দিয়া আছে, u = 0m/sec

                g = 1m/sec²

                v = 340 m/sec

                 s = 500m

                 t = ?

আমি জানে যে,

                 S = ut  + ½ gt²  

             ⇒ 500 = 0 × t + ½ 10 × t²

             ⇒ 500 = 5t² 

             ⇒ t² = 100

             ⇒  t =10

        ∴ t = 10 sec

ধৰা হ’ল, শব্দটো উভতি যাওঁতে লগা সময় = t’

এতিয়া,  v = 340m/sec

           s  = 500m .

           t  =  ?

এতিয়া ,  v = s / t’

           ⇒ t’ = s / v  

                  = 340 / 340

                  = 25 / 17

                  = 1.47

∴  t’ = 1.47 sec

নির্ণেয় সময় = t + t’

                = (10 + 1.47) sec 

                = 11.47 sec

14. শব্দ তৰংগ এটা 339 m/sec দ্ৰুতিৰে সঞ্চালিত হৈছে। যদি ইয়াৰ তৰংগ দৈৰ্ঘ্য 1.5 cm, তেন্তে তৰংগটোৰ কম্পনাংক কিমান ই শ্রাব্য হবনে?

উত্তৰঃ ইয়াত, v = 339 m/sec

                   λ = 1.5cm

                      = 1.5 / 100 m

                      = 0.015m 

                    n =  ?

আমি জানো যে,  v =   nλ

                   ⇒ n =  v / λ

                          = 339 / 0.015  

                          =  22600Hz

যিহেতু 22,600 Hz> 20,000 Hz গতিকে ই শ্রাব্য নহয়। 

15. অনুৰ্ণন কাক বোলে? ইয়াক কেনেকৈ কমাব পাৰি?

উত্তৰঃ ডাঙৰ হলঘৰ এটাত সৃষ্টি হোৱা শব্দ বেৰবোৰত পুনঃ পুনঃ প্রতিফলিত হৈ শ্ৰাব্য সীমাৰ তললৈ হ্ৰাস নোপোৱা পৰ্য্যন্ত কিছু সময়ৰ ববে শ্ৰোতাৰ কাণত বাজি থাকে। এই নিবন্ধ প্ৰদান কৰা পুনঃ পুনঃ প্ৰতিফলিণকে অনুৰণন বুলি কোৱা হয় ।

অনুৰণন কমাবৰ বাবে প্রেক্ষাগৃহত বেৰ আৰু মৃধচ শব্দ শোষণকাৰী পদার্থ যেনে আহযুকত বৰ্ড, খহটা প্লাষ্টাৰ বা ডাঠ পৰ্দাৰে আবৰা হয়৷ তদুপৰি শব্দ শোষণ কৰিব পৰা পদাৰ্থৰে বহা আসনবোৰ সজ্জিত কৰা হয়।

16. শব্দৰ তীব্রতা কাক বোলে? কি কি কাৰকৰ ওপৰত ই নিৰ্ভৰশীল। 

উত্তৰঃ শব্দৰ প্রাবল্যৰ প্ৰতি মানুহৰ কাণৰ জৈৱিক সহাঁৰিয়েই হ’ল শব্দৰ তীব্ৰতা । শব্দৰ তীব্রতা তাৰ বিস্তাৰৰ ওপৰত নিৰ্ভৰশীল। শব্দৰ তীব্রতা কম্পনৰ বিস্তাৰৰ বৰ্গৰ সমানুপাতিক।

17. চিকাৰ ধৰিবলৈ বাদুলিয়ে অতিশব্দৰ ব্যাৱহাৰ কি দৰে কৰে? 

উত্তৰঃ বাদুলীয়ে অতিশাব্দিক তৰংগ উৎপন্ন আৰু গ্ৰহণ কৰিব পাৰে। ই অভিশাব্দিক সংকেত প্ৰেৰণ কৰে আৰু ইয়াৰ চলন পথত থকা চিকাৰৰ পৰা প্রতিফলিত হৈ অহা এই সংকেতবোৰ পুণৰ গ্ৰহণ কৰিব পাৰে। অতিশাব্দিক সংকেতৰ প্ৰেৰণ আৰু গ্ৰহণৰ সময়ৰ ব্যাৱধানৰ জৰিয়তে বাদুলীয়ে নিজৰ চিকাৰৰ অৱস্থানৰ দুৰত্ব আৰু দিশ নিৰ্ধাৰণ কৰিব পাৰে। এনেকৈয়ে বাদুলীয়ে আন্ধাৰতো বিচৰণ কৰি নিজৰ খাদ্য যোগাৰৰ বাবে চিকাৰ কৰিবলৈ সক্ষম হয়।

18. পৰিস্কাৰ কৰিবলৈ অতিশব্দৰ ব্যাৱহাৰ কি দৰে হয়? 

উত্তৰঃ শংখকুণ্ডলী আকৃতিৰ নলী, অদ্ভুত আকৃতিৰ যন্ত্রাংশ, ইলেকট্রনীক উপাদান আদিৰ দৰে সহজে ঢুকি নোপোৱা ঠাইবোৰ পৰিস্কাৰ কৰিবলৈ অতিশব্দ ব্যাৱহাৰ কৰা হয়। পৰিস্কাৰ কৰিবলগীয়া বস্তুবোৰ এটা পৰিস্কাৰক দ্ৰবত ৰখা হয় আৰু তাৰ পিছত দ্ৰৱৰ মাজেৰে অতিশব্দ প্ৰেৰণ কৰা হয়। উচ্চ কম্পনাংকৰ খুন্দাত ধুলিমাকতি, তেলেতীয়া পদাৰ্থ আৰু মলবোৰ এৰাই আহে আৰু দ্ৰৱৰ তলিত জমা হয়। এই প্ৰক্ৰিয়াত বস্তুটোৰ সম্পূৰ্ণকৈ পৰিস্কাৰ হয়

19. চনাৰৰ কাৰ্যনীতি আৰু প্ৰয়োগ ব্যাখ্যা কৰা।

উত্তৰঃ এই যন্ত্ৰৰে পানীৰ তলৰ বস্তুৰ দূৰত্ব, দিশ আৰু দ্ৰুতি নিৰ্ণয় কৰা হয়। চনাৰত এটা প্ৰেৰক যন্ত্ৰ আৰু এটা গ্ৰাহক যন্ত্ৰ থাকে। এই দুটা নাওঁ বা জাহাজৰ তলিত চিত্ৰত দেখুওৱাৰ দৰে লগোৱা থাকে।

চনাৰৰ কাৰ্যনীতি

প্ৰেৰক যন্ত্ৰই অতিশাব্দিক তৰংগ উৎপন্ন কৰে আৰু প্ৰেৰণ কৰে। এই তৰংগবোৰ পানীৰ সহায়েৰে সঞ্চালিত হয় আৰু সমুদ্রতলিত থকা বস্তুত খুন্দা খাই প্ৰতিফলিত হৈ উভতি আহে আৰু গ্ৰাহক যন্ত্রই সিহঁতক ধৰা পেলায়। গ্রাহক যন্ত্রই উভতি অহা অতি শাব্দিক তৰংগবোৰক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰে তাৰ পৰবৰ্তী পৰ্য্যায়ত এই সংকেতবোৰ যথোপযুক্ত বিশ্লেষণ কাৰ্য্য সম্পন্ন হয়। পানীত শব্দৰ দ্ৰুতি আৰু অতিশব্দৰ প্ৰেৰণ আৰু সংগ্ৰহণৰ মাজৰ সময়ৰ ‘অন্তৰাল জনা থাকিলে শব্দ প্রতিফলিত কৰা বস্তুটোৰ দূৰত্ব নির্ণয় কৰিব পাৰি। ধৰা হওঁক অতিশব্দৰ প্ৰেৰণ আৰু সংগ্ৰহণৰ মাজত সময়ৰ অন্তৰাল আৰু সাগৰৰ পানীত শব্দৰ দ্ৰুতি V। গতিকে শব্দই অতিক্ৰম কৰা মুঠ দূৰত্ব 2d = Vxt I

সমুদ্র তলিৰ গভীৰতা আৰু সমুদ্র তলিৰ পাহাৰ উপত্যকা, চাবমেৰিণ, হিমশিলাখণ্ড, ডুব যোৱা জাহাজ আদিৰ অৱস্থান নিৰ্ণয়ৰ বাবে চনাৰ প্ৰযুক্তি ব্যাৱহাৰ কৰা হয়।

20. চাবমেৰিণত সংযুক্ত চনাৰ সঁজুলি এটাই সংকেত প্ৰেৰণ কৰাৰ 5 sec পিছত প্ৰতিধ্বনি ধৰা পেলালে। চাবমেৰিণৰ পৰা বস্তুটোৰ দূৰত্ব 3625 m হলে পানীত শব্দৰ দ্ৰুতি নিৰ্ণয় কৰা।

উত্তৰঃ ইয়াত,  d = 3625m

                     t =  5/2   sec

                     v = ?

আমি জানো যে,

                  v = d / t

                     = 3625 / 5/2 

                     = 3625 × 2

                     = 725 × 2

                     = 1450

∴  v = 1450m/sec

21. অতিশব্দ ব্যাৱহাৰ কৰি ধাতুৰ কুণ্ডা এটাৰ বিসংগতি কেনেকৈ ধৰা পেলোৱা হয় ব্যাখ্যা কৰা।

উত্তৰঃ ধাতুৰ টুকুৰাৰ ফাট আৰু চ্যুতি ধৰা পেলাবলৈ অতিশব্দ ব্যাৱহাৰ কৰা হয়। যন্ত্ৰ আদিৰ দৰে বৃহদাকাৰ গাঁথনি আৰু লগতে বৈজ্ঞানিক যন্ত্রপাতিৰ ধাতুৰে নিৰ্মিত অংশ ব্যাৱহাৰ কৰা হয়। ধাতুৰ কুন্দাৰ অন্তৰ্ভাগৰ ফাট বা বিচ্যুতিবোৰ বাহিৰৰ পৰা দৃশ্যমান নহয় কিন্তু ইহঁতে গাথনিবোৰ দূৰ্বল কৰি তোলে৷ ধাতুৰ কুন্দাৰ মাজেৰে অতিশব্দ প্ৰেৰম কৰা হয় আৰু প্ৰেৰিত তৰংগবোৰক সংসুচকত ধৰা পেলোৱা হয়। ধাতুৰ কুন্দাৰ অন্তৰ্ভাগৰ অতি ক্ষুদ্র বিসংগতিয়েও অতিশব্দক প্ৰতিফলিত কৰি চ্যুতি বা বিসংগতিৰ উপস্থিতি নির্ণয় কৰে। 

22. মানুহৰ কাণৰ কাৰ্য্য পদ্ধতি ব্যাখ্যা কৰা।

উত্তৰঃ কাণৰ বাহ্যিক অংশক কর্ণপালি বোলে। ই চৌপাশৰ শব্দবোৰ সংগ্ৰহ কৰে। সংগ্ৰহীত শব্দবোৰ শ্ৰৱণনলীৰে সঞ্চালিত হয়। শ্ৰৱণ নলীৰ শেষ প্ৰান্তৰ পাতল পর্দা এখন থাকে। ইয়াক কাণ-মাদল বোলে। মাধ্যমৰ ঘণীভৱন কাণমন্দলত উপনীত হ’লে পৰ্দাৰ বহিঃভাগত চাপৰ বৃদ্ধি হয় আৰু কাণমন্দলক ভিতৰলৈ ঠেলে। একেদৰে মাধ্যমৰ অনুভৱনে স্পর্ষ কৰিলে কাণমাদল বাহিৰলৈ ওলাই আহে। এইদৰে কাণমাদলত কম্পনৰ সৃষ্টি হয়। এই কম্পনক মধ্য কৰ্ণত থকা তিনিডাল হাড়ে কেবাগুনে সংবৰ্দ্ধিত কৰে। শব্দৰ পৰা উদ্ভব হোৱা সংবৰ্দ্ধিত চাপৰ পৰিবৰ্তনক মধ্যকর্ণই অন্তঃকৰ্ণলৈ প্ৰেৰণ কৰে। অন্তঃকৰ্ণত বায়ু চাপৰ পৰিবৰ্তনক কৰ্ণবৰ্তই বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰে। শ্ৰৱণস্নায়ুৰ বৈদ্যুতিক সংকেতবোৰ মগজুলৈ যায়গৈ আৰু মগজুৱে এইবোৰক শব্দ বুলি স্বীকৃতী দিয়ে।

অতিৰিক্ত প্রশ্ন উত্তৰ

1. শ্রবণ নির্বন্ধ কি ?

উত্তৰঃ মানুহৰ কাণত শ্রবণ অনুভূতি 1/10 ছেকেণ্ড সময়ত স্থায়ী হয়। ইয়াকে শ্ৰৱণ নিবন্ধ বোলে।

2. ঘড়ীৰ ছেকেণ্ডৰ কাটাৰ কম্পনাংক কিমান?

উত্তৰঃ 0.017 হার্জ ।

3. মানুহৰ মাত্ৰ শব্দ কিহৰ বাবে সৃষ্টি হয়? 

উত্তৰঃ সূৰ তন্ত্ৰীৰ কম্পনৰ বাবে।

4. শব্দ সঞ্চালনৰ মাধ্যম কাক বোলে? ই কি কি প্ৰকাৰৰ হ’ব পাৰে?

উত্তৰঃ যি পদার্থ বা বস্তুৰ মাজেৰে শব্দৰ সঞ্চালন হয় তাক মাধ্যম বোলে। ই গোটা, তৰল বা গেছীয় হ’ব পাৰে৷

5. যান্ত্ৰিক তৰংগ মানে কি? 

উত্তৰঃ স্থিতিস্থাপক মাধ্যমৰ কণাবোৰৰ কম্পনৰ ফলত যি আন্দোলনৰ সৃষ্টি হয় তাকে যান্ত্ৰিক তৰংগ বোলে।

6. তৰংগৰ প্ৰবাহৰ ফলত মাধ্যমৰ কোনো অংশ তৰংগৰ লগত প্রবাহিত হয়নে?

উত্তৰঃ তৰংগই পদাৰ্থ বহন নকৰে।

7. তৰংগই ভৰবেগ কঢ়িয়াই নিয়েনে?

উত্তৰঃ নিনিয়ে।

8. তৰংগ গতিৰ সংজ্ঞা দিয়া।

উত্তৰঃ বলপ্রয়োগৰ দ্বাৰা স্থিতিস্থাপক মাধ্যম এটাৰ কোনো অংশৰ সৰণ ঘটালে সেই অংশটো দুলিবলৈ ধৰে। উৎপন্ন হোৱা দোলন, মাধ্যমটোৰ স্থিতিস্থাপক ধৰ্মৰ বাবে মাধ্যমৰ এটা তৰপৰ পৰা আনটো তৰপলৈ সঞ্চালিত হয়। মাধ্যমটোৱেদি এনেদৰে সঞ্চাৰিত হোৱা দোলনক তৰংগগতি বোলে।

9. v = nλ সম্পর্কটো স্থাপন কৰা। ইয়াতy তৰংগৰ দ্ৰুতি, in কম্পনাকে আৰু  λ তৰংগদৈর্ঘ্য।

উত্তৰঃ মাধ্যমত তৰংগৰ সৃষ্টি কৰা এটা উৎসৰ এটা দোলন সম্পূৰ্ণ হ’লে ইয়াৰ পৰা এটা সম্পূর্ণ তৰংগ নির্গত হয়। এটা সম্পূৰ্ণ তৰংগৰ দৈৰ্ঘ্যই তৰংগ দৈৰ্ঘ্য । গতিকে উৎসব এটা পৰ্য্যায় কালত তাৰ পৰা নিৰ্গত তৰংগই এটা তৰংগ দৈৰ্ঘ্যৰ সমান দুৰত্ব অতিক্ৰম কৰে।

∴ তৰংগৰ বেগ v = λ / T ,  T উৎসৰ পৰ্য্যায়কাল

   আকৌ,         T =  1 / n,  n কম্পনাংক

                        =  1/T = n

                 ∴  v =  λ.1/T  

                        =  λ .n

                 ∴  v = nλ 

10. শব্দ তৰংগৰ প্ৰকৃতি কেনে?

উত্তৰঃ অনুদৈৰ্ঘ্য প্রকৃতিৰে।

11. শব্দ তৰংগ কঠিন মাধ্যমৰ মাজেৰে পাৰ হ’ব পাৰেনে?

উত্তৰঃ পাৰে।

12. প্ৰতিফলক সৰু আকাৰৰ হ’লে প্ৰতিধ্বনি শুনা যাবনে?

উত্তৰঃ নাযায়।

13. অতিশব্দই কেনেধৰণৰ তৰংগ বুজায়?

উত্তৰঃ অনুদৈৰ্ঘ্য যান্ত্ৰিক তৰংগ বুজায়।

14. কোনো এটা পৰিবেশত কেইবাবাটও উৎসৰ পৰা শব্দ নিৰ্গত হৈছে আটাইবিলাক শব্দ তৰংগৰ দ্ৰুতি একে হ’বনে? যদি হ’ব তেনেহ’লে কিয় হ’ব ব্যাখ্যা কৰা।

উত্তৰঃ হ’ব। কাৰণ শব্দৰ বেগ উৎসৰ ওপৰত নিৰ্ভৰ নকৰে। শব্দৰ বেগ মাধ্যমৰ ওপৰতহে নিৰ্ভৰশীল। ইয়াত যদিও শব্দ কেইবাটাও ভিন্‌ ভিন্‌ উৎসৰ পৰা নিৰ্গত হৈছেকিন্তু মাধ্যম একেটাই। মাধ্যম একে হোৱা বাবে শব্দ তৰংগৰ দ্ৰুতি এক হ’ব।

15. প্রতিধ্বনি বুলিলে কি বুজা?

উত্তৰঃ প্রতিফলিত শব্দ তৰংগই মূল শব্দৰ পৰা পৃথক আৰু স্পষ্ট শ্ৰবণৰ অনুভূমি জগালে তেনে শব্দক প্রতিধ্বনি বোলে।

16. ব্যাখ্যা কৰা –

(ক) দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত তুমি দেখিলা যে এজন মানুহে তোমাৰ পৰা প্ৰায় 150 মি. আতৰত বন্ধুকৰ গুলি ফুটাইছে। কিন্তু গুলী ফুটাৰ শব্দ মানুহজনে ট্ৰিগাৰ টিপাৰ প্ৰায় আধা ছেকেণ্ডৰ পিছতহে শুনা গ’ল। 

উত্তৰঃ ইয়াত বায়ু মাধ্যমেৰে শব্দ তৰংগই গতি কৰিছে।

আমি জানো যে বায়ত শব্দৰ বেগ

                 V = 330 মি/ছে.

          দূৰত্ব D = 150 মি.

এতিয়া, সময় T =  D / V

                     = 150 / 330

                     = 5 / 11

                     = 0.45

                     = 0.5 ছেকেণ্ড (প্রায়)

∴ গুলি ফুটাৰ প্ৰায় আধা ছেকেণ্ডৰ পিছতহে শব্দ শুনা যায়। 

(খ) ৰেলৰ চিৰিৰ একেবাৰে কাষত তোমাৰ কাণখন আছে আৰু তোমাৰ বন্ধুৱে কিছু নিলগত শিল এটাৰে ৰেলৰ চিৰিত আঘাত কৰিছে। তুমি দুটা শব্দ শুনিবা ।

উত্তৰঃ ইয়াত শব্দ দুটা মাধ্যমেৰে কাণত পৰিব। এটা হ’ল ৰেলৰ চিৰিৰ মাজেৰে আৰু আনটো বায়ুৰ মাজেৰে। তীখাৰ মাজেৰে শব্দৰ বেগ বায়ুতকৈ বেছি। সেইবাব আমি চিৰিৰ মাজেৰে অহা শব্দ প্ৰথমতে শুনিবলৈ পাওঁ আৰু বায়ুৰ মাজেৰে অহা শব্দ পিছত শুনিবলৈ পাওঁ।

(গ) চন্দ্ৰত অৱতৰণ কৰা প্ৰথম মহাকাশছাৰী দুজনৰ নাম নীল আর্মস্ট্রং আৰু এডউইন এলড্রিন। চন্দ্র পৃষ্ঠত থকা সময়খিনিত তেওঁলোকে প্ৰত্যক্ষভাৱে নিজৰ মাজত কথা-বতৰা পতা নাছিল।

উত্তৰঃ শব্দ সঞ্চাললনৰ বাবে মাধ্যমৰ প্ৰয়োজন। যিহেতু চন্দ্ৰত বায়ু নাই সেইবাবে তাত কথা-বতৰা পাতিলেও শুনা পোৱা নাযায়। সেইবাবে তেওঁলোকৰ মাজত প্ৰত্যক্ষভৱে কথা-পতৰা হোৱা নাছিল।

17. অবশব্দ আৰু অতিশব্দৰ পাৰ্থক্য লিখা।

উত্তৰঃ (ক) অৱশব্দৰ কম্পনাংক 20Hzতকৈ কম। আনহাতে অতিশব্দৰ কম্পনাংক 20,000 Hzতকৈ বেছি।

(খ) মানুহ তথা অইন প্রাণীয়ে অবশব্দ নুশুনে। কিন্তু মানুহে অতিশব্দ নুশুনিলেও বাদুলি, কুকুৰ আদি কিছুমান প্ৰাণীয়ে অতিশব্দ শুনা পায়। 

(গ) অবশব্দৰ ভেদ ক্ষমতা নাই। কিন্তু অতিশব্দৰ ভেদ ক্ষমতা আছে।

18. অতি শব্দৰ দুটা ব্যাৱহাৰ উল্লেক কৰা। 

উত্তৰঃ (ক) সাগৰ, হ্রদ আদিৰ গভীৰতা জুখিবলৈ অতিশব্দ ব্যাৱহাৰ কৰা হয়।

(খ) অতিশব্দৰ সহায়ত বৃক্ক, পিত্তাশয় আদিৰ পাথৰৰ চিকিৎসা কৰিব পাৰি। 

19. ভুল উক্তিটো চিনাক্ত কৰা।

(a) যান্ত্ৰিক তৰংগৰ সঞ্চালনৰ বাবে এটা মাধ্যমৰ প্ৰয়োজন।

(b) যান্ত্ৰিক তৰংগই শক্তি কঢ়িয়াই। 

(c) যান্ত্ৰিক তৰংগই ভৰবেগ কঢ়িয়াই ।

(d) যান্ত্ৰিক তৰংগৰ বেগ উৎসৰ ভৰবেগ কঢ়িয়াই।

উত্তৰঃ (c) যান্ত্ৰিক তৰংগই ভৰবেগ কঢ়িয়াই।

20. দুটা তৰংগৰ কম্পনাংক আৰু বেগ সমান সমান। তৰংগ দুটা তৰংগ দৈর্ঘ্য ক্ৰমে ^ আৰু , হ’লে–

(a) λ₁  < λ₂

(b) λ₁ > λ₂

(c) λ₁ = λ₂

(d) λ₁ >  λ₂

উত্তৰঃ (c) λ₁ = λ₂

21. শব্দ তৰংগ

(a) যান্ত্ৰিক তৰংগ।

(b) অনুদৈর্ঘ্য তৰংগ।

(c) চাপ তৰংগ।

(d) তিনিওটা উত্তৰেই শুদ্ধ।

উত্তৰঃ (d) তিনিওটা উত্তৰেই শুদ্ধ।

22. শব্দ তৰংগৰ বেগ সর্ব্বোচ্চ হয়।

(a) তীখাত।

(b) পানীত।

(d) ৰায়ুত।

(c) 02 

উত্তৰঃ (a) তীখাত।

23. একে উষ্ণতাত শব্দৰ বেগ সৰ্ব্বোচ্চ হ’ব

(a) H₂ত

(b) N₂ ত

(c) 0₂ত

(d) বায়ুত

উত্তৰঃ (a) H₂ত

24. যিটো কাৰকে বায়ুত শব্দৰ বেগৰ ওপৰত প্রভাব নেপেলাই সেইটো

(a) উষ্ণতা।

(b) আর্দ্রতা।

(c) বতাহ।

(d) উৎসৰ প্ৰকৃতি।

উত্তৰঃ (d) উৎসৰ প্ৰকৃতি। 

25. আৰ্দ্ৰ বায়ুত শব্দৰ বেগ –

(a) শুকান বায়ুত শব্দৰ বেগতকৈ বেছি।

(b) শুকান বায়ুত শব্দৰ বেগতকৈ কম।

(c) শুকান বায়ুত শব্দৰ বেগৰ সমান।

(d) উৎসৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি শুকান বায়ুত শব্দৰ বেগতকৈ বেছিও হ’ব পাৰে অথবা কমো হ’ব পাৰে।

উত্তৰঃ (a) শুকান বায়ুত শব্দৰ বেগতকৈ বেছি।

26. বায়ু শব্দৰ বেগ –

(a) উষ্ণতা কমিলে বাঢ়ে।

(b) উষ্ণতা বাঢ়িলে বাঢ়ে।

(c) উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল নহয়।

(d) ওপৰৰ এটাও উক্তি শুদ্ধ নহয়।

উত্তৰঃ (b) উষ্ণতা বাঢ়িলে বাঢ়ে।

27. বায়ুত অতিশব্দৰ তৰংগদৈৰ্ঘ্যৰ (মি. এককত) মান প্রায় –

(a) 10⁻² 

(b) 10²

(c) 10⁻¹

(d) 10¹

উত্তৰঃ (b) 10²

20. চাৰিটা ভিন্‌ ভিন্‌ উৎসৰ পৰা নিম্নোক্ত কম্পনাংকৰ শব্দ তৰংগ নির্গত হৈছে। তাৰে যিটো শুনা নাযায় সেইটো চিনাক্ত কৰা।

(a) 10 হার্জ।

(b) 100 হার্টজ।

(c) 1000 হার্জ।

(d) 10000 হার্জ।

উত্তৰঃ (a) 10 হার্জ।

29. অশুদ্ধ উক্তিটো চিনাক্ত কৰা।

(a) মানুহে অতিশব্দ শুনা নাপায়।

(b) সাধাৰণ শব্দতকৈ অতিশব্দ অধিক শক্তিশালী।

(c) শক্তিৰ বিশেষ হানি নোহোৱালৈ অতিশব্দ যথেষ্ট দূৰত্বলৈ সঞ্চালিত হ’ব পাৰে।

(d) শ্রাব্য শব্দতকৈ অতিশব্দৰ বেগ বেছি।

উত্তৰঃ (d) শ্রাব্য শব্দতকৈ অতিশব্দৰ বেগ।

30. অতিশব্দ এবিধ –

(a) বিদ্যুত চুম্বকীয় তৰংগ।

(b) অনুপ্রস্থ যান্ত্রিক তৰংগ।

(c) অনুদৈর্ঘ্য যান্ত্রিক তৰংগ।

(d) কোনোটো উত্তৰেই শুদ্ধ নহয়। 

উত্তৰঃ (c) অনুদৈর্ঘ্য্য যান্ত্রিক তৰংগ ।

31. SONAR শব্দৰ সম্পূর্ণ অর্থ কি?

উত্তৰঃ SONAR শব্দৰ সম্পূর্ণ অর্থ Sound Navigation And Ranging.

32. দেৱাল এখনৰ সন্মুখত মানুহ এজনে হাত চাপৰি বজোৱাৰ 1 ছেকেণ্ড পিছত তাৰ প্ৰতিধ্বনি শুনা পালে। বায়ুত শব্দৰ বেগ 330 মি./ছে. হ’লে মানুহজনৰ পৰা দেৱালখনৰ দূৰত্ব নির্ণয় কৰা।

উত্তৰঃ ইয়াত, V = 300m/sec

                   D = ?

                   T = 1 sec

এতিয়া, D = V × T / 2

              =  330 × 1 / 2

              = 165

        ∴ D = 165 m

33. এজন মানুহে বজ্রপাতৰ পোহৰ দেখাৰ 3 ছেকেণ্ড পিছত ঢেৰেকণি শুনিবলৈ পালে। বায়ুত শব্দৰ বেগ 332 m/sec হ’লৈ মানুহজনৰ পৰা কিমান আতৰত বজ্রপাত পৰিছিল।

উত্তৰঃ ইয়াত,  T = 3 sec

                    V = 332m/sec

                    D = ?

আমি জানো যে,

                    D = V × T

                       = 332 × 3

                       = 996

            ∴     D = 996 মিটাৰ

34. এটা সুৰ শলকাৰ চেকেণ্ডত 350 বাৰ স্পন্দন হয়। সুৰ শলকাৰ পৰা নিৰ্গত শব্দ শলকাৰ 50 টা স্পন্দন হোৱাৰ পিছত কিমান দূৰলৈ যাব। বায়ুত শব্দৰ বেগ 350 m/sec

উত্তৰঃ ইয়াত, n = 350 Hz

                   v = 350 m/sec

                    λ = ?

আমি জানো যে,      

                    v =  nλ 

               ⇒  λ = v / n

                       = 350 / 350

                        = 1

                ∴  λ  = 1 মিটাৰ

∴ সুৰ শলকাডালৰ 1 বাৰৰ স্পন্দনত শব্দই ভ্ৰমণ কৰা দূৰত্ব = 1 মি.

∴ 50 বাৰ স্পন্দনত শব্দই অতিক্ৰম কৰা দূৰত্ব = 50 মিটাৰ।

35. দুখন ওখ পাহাৰৰ মাজ থিয় হৈ মানুহ এজনে বন্দুকৰ গুলী ফুটালে।

তেওঁ 1 ছেকেণ্ডৰ পিছত প্ৰথমটো আৰু 2 ছেকেণ্ড পিছত দ্বিতীয়টো প্রতিধ্বনি শুনিলে। বায়ুত শব্দৰ বেগ 330 m/sec হ’লে পাহাৰ দুখনৰ মাজৰ দূৰত্ব নির্ণয় কৰা।

উত্তৰঃ ধৰা হ’ল,

d = পাহাৰ দুখনৰ মাজৰ দূৰত্ব

d₁ = মানুহজনৰ পৰা প্ৰথম পাহাৰৰ দূৰত্ব

d₂ = মানুহজনৰ পৰা দ্বিতীয় পাহাৰৰ দূৰত্ব

d = d₁ +  d₂

দিয়া আছে,

t₁ = 1 ছেকেণ্ড

t₂ = 2 ছেকেণ্ড

এতিয়া, 

d₁ = v × t₁ / 2

    = 2330 × 1 / 2

    = 165

d₂ = v × t² / 2

    = 330 × 2 / 2

    = 330m

∴ d = d₁+ d₂

      = (165 + 330) m

      = 495m

36. কি কাৰকৰ ওপৰত শব্দ তৰংগৰ দ্ৰুতি নিৰ্ভৰশীল? 

উত্তৰঃ মাধ্যমৰ প্ৰকৃতিৰ ওপৰত শব্দ তৰংগৰ দ্ৰুতি নিৰ্ভৰশীল।

37. কি মাধ্যমত শব্দ তৰংগৰ গতিবেগ অধিক ? বর্ণনা কৰা।

উত্তৰঃ কোনো মাধ্যমত শব্দৰ দ্ৰুতিৰ প্ৰকাশ ৰাশি

v = √E / f   

য’ত v হৈছে মাধ্যমটোত শব্দৰ দ্ৰুতি।

E হৈছে মাধ্যমটোৰ এটা ধ্ৰুৱক যাক স্থিতিস্থাপকতা গুণাংক বোলা হয় আৰু f হৈছে মাধ্যমটোৰ ঘনত্ব।

কঠিন পদার্থত  E/f অনুপাতৰ মান তৰল পদাৰ্থতকৈ অধিক আৰু তৰল

পদাৰ্থত E/f অনুপাতৰ মান গেছীয় পদার্থতকৈ অধিক। গতিকে, শব্দ তৰংগই

কঠিন পদাৰ্থৰ মাজেৰে সৰ্বাধিক দ্ৰুতিৰে তৰল পদাৰ্থৰ মাজেৰে মজলীয়া দ্ৰুতিৰে আৰু গেছীয় পদাৰ্থৰ মাজেৰে আটাইতকৈ কম দ্ৰুতিৰে গতি সম্পন্ন করে। 

38. গেছীয় মাধ্যমত শব্দৰ দ্ৰুতিক প্রভাবিত কৰা কাৰক সমূহ লিখা।

উত্তৰঃ

  • উষ্ণতা।
  • ঘনত্ব।
  • চাপ।
  • জলীয় বাষ্প।
  • বতাহৰ দিশ।

39. স্পষ্ট প্রতিধ্বনি শুনাৰ চৰ্ত দুটা কি কি ?

উত্তৰঃ

  • প্ৰতিফলকৰ আকাৰ ডাঙৰ হোৱাৰ লগতে কঠিন হ’ব লাগে।
  • শব্দৰ উৎস আৰু প্ৰতিফলকৰ মাজৰ নিম্নতম দূৰত্ব 16.5 মিটাৰ হ’ব লাগিব।

40. তলত উল্লেখিত কাৰ মাত কম কম্পনাংকৰ হ’ব?

  • কেচুৱা ছোৱালী।
  • কেচুৱা ল’ৰা।
  • পুরুষ।
  • মহিলা।

উত্তৰঃ (খ) কেচুৱা ল’ৰা। 

41. খালী ঠাই পূৰ কৰা :

(ক) এটা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ক বস্তুৰ —— বোলে।

(খ) কম্পনৰ ——  দ্বাৰা তীব্রতা নির্ণয় হয়।

(গ) কম্পনাংকৰ একক হৈছে —— ।

(ঘ) অবাঞ্চিত শব্দক

(ঙ) কম্পনৰ —— দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপণ কৰা হয়।

উত্তৰঃ (ক) পৰ্য্যায়কাল।

(খ) বিস্তাৰৰ।

(গ) হার্টজ।

(ঘ) কোলাহল।

(ঙ) কম্পনাংকৰ। 

42. কোলাহল আৰু সংগীতৰ মাজত পার্থক্য কি? সংগীত কেতিয়াবা কোলাহল হ’ব পাৰেনে?

উত্তৰঃ আমনিদায়ক শব্দবোৰকেই কোলাহল বুলি কোৱা হয়। আনহাতে কাণৰ বাবে আনন্দ দায়ক শব্দ সমূহক সংগীত বুলি কোৱা হয়। যেতিয়া সংগীতৰ শব্দ অতি ডাঙৰ হয় তেতিয়া কোলাহল হ’ব পাৰে।

43. আমি শব্দ কেনেকৈ শুনো?

উত্তৰঃ আমাৰ কাণৰ বহিঃঅংশৰ আকৃতি এটা টুপিৰ দৰে। যেতিয়াই শব্দ ইয়াত প্রবেশ কৰে, ই এটা গহ্বৰৰ ভিতৰলৈ অগ্ৰসৰ হয় যাৰ শেষ মূৰত পাতল ছাল এখন টানকৈ টানি ৰখা থাকে। ইয়াক কৰ্ণ পৰ্টহ বোলে। শব্দ কম্পনে কর্ণ পৰ্টহ কম্পমান কৰি তোলে। কর্ণপটহে অন্তঃকর্ণলৈ কম্পন পঠায়। তাৰ পৰা মগজুলৈ সংকেত যায়। এনেকৈয়ে শব্দ শুনো।

44. শব্দৰ প্ৰাবল্য আৰু বিস্তাৰৰ মাজৰ সম্পৰ্ক কি ? শব্দ প্রাবল্যৰ একক কি?

উত্তৰঃ শব্দৰ প্রাবল্য বিস্তাৰৰ বৰ্গৰ সামানুপাতিক। উদাহৰণস্বৰূপে যদি বিস্তাৰ দুগুণ হয়, প্রাবল্য চাৰগুণ বৃদ্ধি পাব।শব্দ প্রাবল্যৰ একক হৈছে ডেচিবেল ।

45. ঘনীভবন কি? 

উত্তৰঃ স্পন্দনশীল বস্তু এটাৰ গতিয়ে সম্মুখৰ বায়ুখিনিক ঠেলি সংকুচি কৰে আৰু ফলত অধিক চাপৰ অঞ্চল এটাৰ সৃষ্টি হয়। এনে অঞ্চলক ঘনীভবন বোলে।

46. তনুভৱন কি?

উত্তৰঃ যেতিয়া স্পন্দনশীল বস্তু পিছফাললৈ উভতি আহে তেতিয়া ই নিম্নচাপৰ অঞ্চল এটাৰ সৃষ্টি কৰে। ইয়াকে তনুভৱন বোলে।

47. অনুদৈৰ্ঘ্য আৰু অনুপ্ৰস্থ তৰংগ কাক বোলে?

উত্তৰঃ তৰংগৰ গতিৰ একে দিশত মাধ্যমৰ কণিকাৰ কম্পন হ’লে তেনে তৰংগক অনুদৈৰ্ঘ্য তৰংগ বোলে। তৰংগৰ গতিৰ দিশত লম্বভাৱে মাধ্যমৰ কণিকাৰ কম্পন হ’লে তেনে তৰংগক অনুপ্ৰস্থ তৰংগ বোলে।

48. এবিধ অনুপ্রস্থ তৰংগৰ উদাহৰণ দিয়া।

উত্তৰঃ পোহৰ।

49. তৰংগ দৈৰ্ঘ্য কাক বোলে?

উত্তৰঃ দুটা অনুক্ৰমিক ঘনীভৱন বা দুটা অনুক্রমিক অনুভবনৰ মাজৰ দূৰত্বক তৰংগ দৈৰ্ঘ্য বোলে।

50. স্বৰ আৰু সুৰ কি?

উত্তৰঃ এটা কম্পনাংক বিশিষ্ট শব্দক স্বৰ বোলে। কেইবাটাও কম্পনাংকৰ সংমিশ্ৰণত সৃষ্টি হোৱা শব্দক সুৰ বোলে।

Watch Video Class

ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment

ADVERTISEMENT