Class 9 Assamese Question Answer [Total 16 Chapters]

Class 9 Assamese Question Answer তথা অসমীয়া মাধ্যমৰ নৱম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে সম্পূৰ্ণ (Full Syllabus PDF Notes) ৰ যোগান ধৰাৰ উপৰিও ইয়াত Class 9 Assamese Medium ৰ আন আন বিষয় সমূহৰ সম্পূৰ্ণ সমাধান ইয়াত দিবলৈ প্ৰয়াস কৰা হৈছে।

অসমীয়া মাধ্যমৰ MIL ৰ পদ্য, গদ্য আৰু ব্যাকৰণৰ সকলো বিষয় যি Board Of Secondary Education অৰ্থাৎ SEBA ৰ পৰীক্ষাৰ বাবে প্ৰয়োজন আছে সকলো ইয়াত আপুনি বিনামূলীয়া বাবে পাব।

Class 9 Assamese ত বৰ্তমান বাধ্যতামূলক হিচাপে ৫ টা পদ্য আৰু ৭ টা গদ্য দিয়াৰ ওপৰিও বৈকল্পিক হিচাপে Class 9 Assamese ত ২ টা পদ্যাংশ আৰু ২ টা গদ্যাংশ দিয়া আছে।

আমি ওপৰত উল্লেখ কৰা পদ্যাংশ আৰু গদ্যাংশ মুঠ ১৬ অধ্যায়ৰ সম্পূৰ্ণ Notes আমি তলত দি দিছোঁ। আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি তাত কোনো অসুবিধা নহুৱাকৈ পঢ়িব পাৰিব।

ইয়াৰ উপৰিও যদি আপোনাৰ বুজিব লগা কিবা আছে তেন্তে আমাৰ Assamese Medium Facebook PageFollow কৰি তাত আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি অতি সোনকালেই আপোনাৰ প্ৰতিটো সমস্যাৰ সমাধান দিবলৈ যত্ন কৰিম।

Class 9 Assamese Question Answer

Table of Contents

Class 9 Assamese Question Answer Chapter 1 | শিশুলীলা প্ৰশ্ন উত্তৰ

শিশুলীলাৰ অতি চমু প্ৰশ্নৰ উত্তৰ

(ক) ‘কৃষ্ণগীত গাৱন্ত সুন্দৰী’।।
—-কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন?

উত্তৰঃ ‘কৃষ্ণগীত গাৱন্ত সুন্দৰী’ — কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী হ’ল যশোদা।

(খ) ‘কণত কুণ্ডল দোলে অতি।’
—কাৰ কণৰ কুণ্ডলৰ কথা কৈছে?

উত্তৰঃ ‘কণত কুণ্ডল দোলে অতি’ ইয়াত যশোদাৰ কনৰ কুণ্ডলৰ কথা কোৱা হৈছে।

(গ) ‘কাম্পে কোপে অৰুণ অধৰ।’
—-ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে?

উত্তৰঃ কাম্পে কোপে অৰুণ অধৰ’ ইয়াত শ্ৰীকৃষ্ণৰ অৰুন অধৰৰ কথা কোৱা হৈছে।

(ঘ) ‘মথনিত ধৰিয়া নিষেধি’।
—-‘মথনি’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘মথনি’ শব্দৰ অৰ্থ হ’লঃ গাখীৰ ঘুঁচিবলৈ ব্যৱহাৰ কৰা এবিধ সজুলি।

(ঙ) ‘নোজোড়ে আঙ্গুল দুই জৰী’—-ইয়াত কাৰ জৰীৰ নাটনি হৈছে?
উত্তৰঃ ‘নোজোড়ে আঙ্গুল দুই জৰী’ — ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰীৰ নাটনি হৈছে।

(চ) ‘ৰুণ ঝুণ কেয়ূৰ কঙ্কণ’ ।
—-কাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুণঝুণ’ শব্দৰ কথা ইয়াত কোৱা হৈছে?

উত্তৰঃ ‘ৰুণ ঝুণ কেয়ূৰ কঙ্কণ’ — ইয়াত যশোদাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুন-ঝুন’ শব্দৰ কথা কোৱা হৈছে।

শিশুলীলাৰ প্ৰশ্ন-উত্তৰ

১। ‘শিশুলীলা’ পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।
উত্তৰঃ
 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘কীত্তন ঘোষা’ৰ অন্তগত ‘শীশুলীলা’ পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটোও অতি সুন্দৰ ভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ-পেচ কৰে থিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণয়ো মাক যশোদৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে। মাকৰ মনেযোগ আকষন কৰাৰ বাবে ঘৰৰ বয়-বস্তু ভাঙি, দলিয়াই লণ্ড-ভণ্ড কৰিছে। মাকৰ খং উঠাত ভ.তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি আপুনি মাকৰ হাতত ধৰাও দিছে। শিশুলীলাৰ আখ্যনিভাগ কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মাহনীয় ৰূপ। এয়াযেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি।

২। শংকৰদেৱৰ মহত্ত্বম সৃষ্টি ‘কীতন-ঘোষা’ৰ বিষয়ে এটি চমুটোকা লিখা।
উত্তৰঃ
 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীতিস্তম্ভ হলঃ ‘কীত্তন ঘোষা’ । নাম প্ৰসঙ্গৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰৱত্তিত একশৰন নাম ধমৰ মূলপুঠি। বিভিন্ন ছন্দৰ প্ৰয়েগ, ৰসৰ প্ৰধান্য তথা ভক্তিধমৰ গুনানুকীত্তনেৰে ভৰপুৰ কীতন ঘোষাত ৯ টা অধ্যায় আছে। সাহিত্যিক গুনেৰে সমৃদ্ধ কীতন ঘোষাই ভক্তি ৰসৰ ফল্গুধাৰা নিঃসৰন কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধৰনৰ মনটো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে।

৩। ‘শিশুলীলা’ পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ
 ‘শিশুলীলা’ পাঠটি শ্ৰীমন্ত শংকৰদেৱেৰ দ্বাৰা বিৰচিত ‘কীতন-ঘোষা’ৰ অন্তগত। ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ পতি পূনব্ৰহ্ম অৱতাৰ । সেইজন ভগৱানেই ভকতৰ মনোকামনা পূৰনৰ হেতু সাধাৰন মানৱশিশুৰূপে যশোদাৰ পুত্ৰহৈ জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে। ‘শিশুলীলা’ মহাপুৰুষ শংকৰদেৱৰ ভগৱত প্ৰেমৰ সুন্দৰ নিদেশন।

মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূণ ‘শিশুলীলা’ পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা পূৰন কৰিবলৈ সদাই যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত । যি জনা পৰম ঈশ্বৰক মহা মহা । যোগী সধিক সকলে তপ-যপ কৰিও দশন লাভ কৰিব নোৱাৰে; সেইজনা পৰম পুৰুষ ইশ্বৰক একমত্ৰ ভক্তিৰ জৰিয়তেই যশোদাই নিজপুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সাধাৰন মানৱী যশোদা ভগৱানক লাভ কৰিও অহংকাৰ মুক্ত হব পৰা নাছিল। সেয়েহে কৃষ্ণই তেওঁক নচুৱাই ৰং চাইছে। পৰমহ্ম কৃষ্ণক নিজ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উড়লত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফল হৈছে।

ভগবান শ্ৰীকৃষ্ণ অনাদি অনন্ত। সাংসাৰিক মায়া মাহৰ স্ত্ৰষ্টা, কালৰ অধিকাৰী। সেইজন ভগৱান সবব্যপ্ত, সবশক্তিমান। কেৱল ভকতিৰ জৰিসতেহে তেওঁক লাভ কৰা সম্ভৱ। এয়ে ‘শিশুলীলা’ পাঠটিৰ তাৎপৰ্য ।

৪। ‘তাহাঙ্ক তনয় মানি বলে।
যশোদা বান্ধন্ত উডুখলে।’ —-কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ
 ‘তাহাঙ্ক…………..
………………..উডুখলে’। – উক্ত পদফাঁকিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ‘শিশুলীলা’ নামৰ পাঠটিত পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই উড়ালত বান্ধি যোৱাৰ প্ৰয়াস কৰাৰ কৰা প্ৰকাশ কৰিছে।
যশোদা আছিল শীকৃষ্ণৰ পৰম ভক্ত। ভকতিৰ বলতেই যশোদাই ত্ৰীজগতৰ পতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰ ৰূপে লাভ কৰিছিল। মহা মহা যোগী, মাধব সকলে বছৰ বছৰ ধৰি তপ -যপ কৰিও যিজনা ভগৱানক দশন পাবলৈও সক্ষম হোৱা নাছিল; সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভকতিৰ জৰিয়তেই পুত্ৰ ৰূপে লাভ কৰিছিল। নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত খং অভিমান কৰিছিল, আনকি বান্ধি থবলৈও প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে – ভগৱান সদায় ভকতৰ অধিন। ভকতে যি ৰূপতেই তেওঁক বিচাৰে তেওঁ সেই ৰূপতেই ভকতক ধৰা দিয়ে।

৫। ‘নাহি আদি অন্ত পূৰ্বাপৰ।
পূৰ্ণব্ৰহ্মা জগত ঈশ্বৰ ।।’ —- ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা।

উত্তৰঃ ‘নাহি……………
………………………..ইশ্বৰ’! —- কবিতা ফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূনব্ৰহ্ম অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে।
ভগৱান শ্ৰীকৃষ্ণই প্ত্ৰ ৰূপে যশোদাৰ ঘৰত ওপজি নানান লীলা খেলা কৰিছিল। শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল, মাকক কাম কৰিবলৈ আমনি কৰিছিল, স্তনপান কৰিবলৈ নাপাই দধিভাণ্ড ভাঙিছিল, লৱনু চুৰ কৰি নিজেও খাইছিল আৰু ভান্দৰকো দিছিল। শিশুকৃষ্ণৰ উপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শান্তি ৰূপে ৰচীৰে উড়লত বান্ধি থবলৈ প্ৰয়াস কৰিছিল। কিন্তু শ্ৰীকৃষ্ণ হল পৰম ভগৱান। তেওঁক একোৰেই আৱদ্ধ কৰিব নোৱাৰি। সোয়েহে যশোদাই তেওঁক বান্ধিব বিছাৰোতে প্ৰতিবাৰতেই দুই আঙুল ৰচীৰ নাটনি হল। অৱশেষত মাকৰ প্ৰৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে। সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই, তেৱেই এই সৰাচৰ জগতৰ পৰম পুৰুষ। ত্ৰি জগতৰ সৃষ্টিকতা পূন ব্ৰহ্ম অৱতাৰা

শিশুলীলা পাঠ্যৰ ব্যাখ্যা

(ক) যাক যোগী নপাৱে ধ্যানত।
হেন হৰি পলান্ত ভয়ত।।
উত্তৰঃ “যাক……………………..
……………………………ভয়ত।”

——উক্ত পদফাঁকি আমাৰ পাঠ্যপুঠিৰ অন্তগত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘শিশুলীলা’ নামৰ পাঠটিত পৰা তুলি দিয়া হৈছে।
পদফাঁকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অবগত কৰাইছে।
শ্ৰীকৃষ্ণ হল পৰম পুৰুষ ভগৱান। ত্ৰি জগতৰ সৃস্টি কতা। তেওঁক মহা মহা যোগী সকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে। কিন্তু সেইজনা পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়তে শিশুকৃষ্ণই পলাই ফুৰিব লগিয়াও হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত। ভগৱান ভক্তৰ অধীন। সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তিৰ মহিমা প্ৰকাশ উক্তপদফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে।

(খ) ভাণ্ড ভাঙ্গি আবে যাইবি কোথা।
খাইবো আজি কৃষ্ণ তোৰ মাথা।।
উত্তৰঃ “ভাণ্ড……………………..
……………………………মাথা”।

উক্ত পদফাঁকি আমাৰ পাঠৰ অন্তগত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত ‘শিশুলীলা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
কবিতা ফাঁকিত যশোদাই শ্ৰীকৃষ্ণক দৈ লৱনুৰ টেকেলি ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে।
শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তন পান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱা বাবে শ্ৰীকৃষ্ণই খঙতে দৈ, লবনুৰ টেকেলিবোৰ মজিয়াত চতিয়াই নিজেও খাইছে আৰু বান্দৰকো দিছে। যশোদাই জুইৰ পৰা গাখীৰ নমাইথৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং উঠিছে আৰু কৃষ্ণক এইবোৰ দুষ্টালি কৰাৰ বাবে গালি পাৰিছে। পদফাঁকিৰ জৰিয়তে মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ ঘটিছে।

(গ) পাচে পাচে যশোদা খেদন্ত।
ভয়ে লাগ মাৱক নেদেন্ত।।
উত্তৰঃ “পাচে……………
………………….নেদন্ত”

উক্ত কবিতাফাঁকি আমাৰ পাঠৰ অন্তগত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত ‘শিশুলীলা’ ৰ পৰা তুলি দিয়া হৈছে।
পৰম ভক্ত যশোদাই নিজা ভকতিৰ বলত ত্ৰিজগতৰ পতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীকৃষ্ণয়ো শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল। মাকৰ স্তনপান কৰিব নাপায় শিশু কৃষ্ণই দৈ লৱনুৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল। সৱনুবোৰ মজিয়াত চটিয়াইছিল নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ডদেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাৰী তুলি লৈছিল মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল। এনেদৰে মাতৃ পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতাফঁকিৰ জৰিয়তে খুব সুন্দৰকৈ বননা কৰিছে।

৬। শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা।
উত্তৰঃ
 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ‘কীতন ঘোষাৰ’ অন্তৰ্গত শিশুলীলা পাঠটি পৰম তত্ত্ব প্ৰকাশক। পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সুন্দৰ ভাৱে কবিজনাই দাঙি ধৰিছে। এফালে শিশুকৃষ্ণৰ দুষ্টালিৰ মাজেৰে সাধাৰণ মানৱ শিশুৰ ৰূপটি দাঙি- উপৰিও তেওঁৰ লীলা মহিমাৰ মাজেৰে ভগৱৎ ৰূপটোও আমাক সোৱঁৰাই থাকিবলৈ পাহৰা নাই।

কামত ব্যস্ত মাকক শিশু কৃষ্ণই আমনি কৰিছে। স্তন পিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তন পান কৰাইছে। তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে। দধি দুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে, মজিয়াত সিঁচৰিত কৰিছে, বান্দৰকো দিছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানব শিশুৰ ৰূপটি অতি সুন্দৰ ভাৱে দাঙি ধৰিছে।

আনহাতে, শ্ৰীকৃষ্ণৰ পৰম পুৰুষ ভগৱান। তেওঁ অনাদি অনন্ত, যি জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্ম। ভগৱান ভক্তৰ অধীন। ভকতবৎসল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে। কিন্তু যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখাইছে। মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে তেতিয়া বাৰে বাৰে দুই আঙুল জৰি কম হৈছে। এনেদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান এই কথাও কবিজনাই সোৱঁৰাই দিৱলৈ পাহৰা নাই।

৭। মহাকোপে কোঠা পশিলন্ত
সিঞ্চিৰাই লৱনু ভুজন্ত।।- কোনো অতি খঙেৰে কোঠাত সোমাইছিল? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা।

উত্তৰঃ শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল। মাক যশোদাই দধি মথি থাকোতে শিশুকৃষ্ণৰ মাকৰ স্তন পাণ কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰস্নেহত আপ্লুত হৈ যশোদায়ো কৃষ্ণক কোলাত লৈ মাতৃদুগ্ধ পান কৰাইছিল। তেনেকুৱা সময়তে যশোদাই আখাত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গল। মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱা বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল আৰু দধি ভাণ্ড শিলগুটি মাৰি ভাঙি লৱণু বোৰ চাওিওফালে সিঁচৰিত কৰিছিল।

৮। কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা।
উওৰ: কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল, খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অবস্থা হোৱা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজে ধৰা দিছিল।

শিশুলীলাৰ ভাষা বিষয়ক প্ৰশ্ন উত্তৰ

১। তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাথক শব্দ লিখাঃ
কৰ্ণঃ কান
অৰুণঃ সূয্য
দধিঃ দৈ
বস্ত্ৰঃ কাপোৰ
বদনঃ মুখ
লৱণুঃ মাখন
কোপঃ খং, ৰাগ
দশনঃ দাঁত
দুগ্ধঃ গাখীৰ
ঈশ্বৰঃ ভগৱান

২। তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰুপ লিখাঃ
তাহাঙ্কঃ তেওঁক
নোজোৰেঃ নাটে
খসিঃ খহি
ৰহিলঃ ৰল
আসিঃ আহি
ভৈলাঃ হ’ল
আসান্তঃ আহিছে
শিলায়েঃ শিলেৰে
কাম্পেঃ কঁপে
মাৱকঃ মাকক
বসিঃ বহি
প্ৰয়াসিঃ চেষ্টাকৰা
খেদন্তঃ খেদিলে

৩। তলৰ শব্দকেইটাত কি কি কাৰণত মূদ্ধন্য ণ আৰু মূদ্ধন্য ষ হৈছে বুজাই লিখাঃ
অৰুণ, কঙ্কণ, কৰ্ণ, শ্ৰোণী, ভাণ্ড, নিষেধি
উত্তৰঃ

অৰুনঃ ঋ, ৰ, ষ আৰু ‘নʼ ৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে `নʼ ৰ ঠাইত `ণʼ হৈছে।
কঙ্কণঃ স্বাভাৱিকতে `ণʼ হৈছে।
কৰ্ণঃ ঋ, ৰ, ষ `নʼ মাজত থাকিলে শেষৰ `নʼ `ণʼ হয়। ইয়াত ৰ কাষৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে শেষৰ `নʼ `ণ ʼ হৈছে।
ভাণ্ডঃ `টʼ বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে `নʼ `ণʼ হৈছে।
নিষেধঃ ই কাৰান্ত উপসৰ্গৰ পিছত স্থা, সিধ্, সিচ, লস্ প্ৰভৃতি ধাতুৰ `সʼ `ষʼ হয়।

৪। পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা।
উত্তৰঃ
 পিন্ধি, গৈয়া, বান্ধি, ধৰিয়া, পিবে।

Class 9 Assamese Question Answer Chapter 2 | মানৱ বন্দনা প্ৰশ্ন উত্তৰ

মানৱ বন্দনা Class 9 Assamese ভাব-বিষয়ক প্ৰশ্নৱালী

(ক) ‘মানুহেই পৰাপৰ’ বোলা কথাষাৰৰ অথ কি?
উত্তৰঃ
 মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হ’লঃ মানুহেই সকলো জীৱতকৈ শ্ৰেষ্ঠ, পৰম সত্য।

(খ) মানুহক ময়াপী জীৱ বোলাৰ অথ কি?
উত্তৰঃ
 এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি।অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য। ই যেন এক প্ৰকাৰ মায়া সদৃশ। সেয়েহে মানুহক মায়াপী জীৱ বুলি কৈছে ।

(গ) পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি?
ত্তৰঃ কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটোৱেই হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্য-অৰ্ঘ্য লৈ মানুহক পূজা কৰিব দিছে।

২। মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা।
উত্তৰঃ
 মানৱ বন্দনা Class 9 Assamese সাৰাংশ আমি প্ৰথমতে আলোচনা কৰিছোঁ, আপুনি তাৰ পৰা পঢ়িব পাৰে বা জানি লওক।

৩। এই যে পৃথিৱী স্বগতো অধিক
মানুহৰ নিজাপী ঘৰ।
কথাষাৰৰ অৰ্থ বুজাই লিখা।

উত্তৰঃ এই যে পৃথিৱী স্বৰ্গতো অধিক…..
মানুহৰ নিজাপী ঘৰ । মানুহৰ নিজাপী বুলি কবিয়ে পৃথিৱী খনৰ কথাকে বুজাইছে । কাৰন – মানুহ সদায় এই পৃথিৱী খনতেই থাকিই লাগিব। এই পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুয়ে অতি প্ৰয়োজনীয়। আমি প্ৰত্যেকেই ভাল বেয়া, সচাঁ মিছা, সুখ দুখৰ অনূভৱ এই পৃথিৱীখনতেই, মানুহৰ মাজতেই পাওঁ। সেয়েহে মানৱক ভালপোৱা কবিয়ে এই পৃথিৱী খনক স্বৰ্গতকৈয়ো অধিক সুখৰ আলয় আৰু মানুহৰ প্ৰকৃততে নিজৰে ঘৰ বুলি কৈছে।

মানৱ বন্দনা Class 9 Assamese বাখ্যা

৪।
(ক) মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।

উত্তৰঃ মানৱী জনম…………..
……মৰমতে।
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ’ মানব বন্দনাʼনামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে।
মানুহৰ পাৰস্পাৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰততেই সৰগৰ সুখ লাভ কৰিব পাৰি এই কথাকেই কবিতাফাঁকিত প্ৰকাশ পাইছে।
মানৱতাবাদী কবিয়ে কবিতাটিত মানৱৰ জয়গান গাইছে। কবিতাটিত কবিয়ে এই মানৱী জনমটোত মানুহৰ সেৱাত ব্ৰতী হবলৈ উপদেশ দিছে। মানুহৰ মাজত মৰম চেনেহৰ আদান প্ৰদানৰ জৰিয়তে মানুহে এই ধৰাতলতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰিব। মানুহৰ মাজত থকা পাৰস্পাৰিক মৰমকেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে।

(খ) মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কোৱ,
কৰা কৰা পূজা পাদ্য অঘ্য লই
জয় জয় জয় মানৱ দেৱ।

উত্তৰঃ মানুহেই দেৱ মানুহেই সেৱ………………

উক্ত কবিতাফাঁকি ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰা প্ৰসংগত উক্ত কবিতাফাঁকি উল্লেখ কৰা হৈছে।
এই পৃথিৱীত মানুহেই হ’ল নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰধান কৰ্ত্তব্য। এই চৰাচৰৰ মাজত পৰম শক্তি ৰূপে জিলিকি থকা মানব সত্তাক সেৱা কৰাটোয়েই হৈছে মানুহৰ পৰম ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহৰ পূজা কৰিবলৈ কৈছে আৰু মানুহৰ জয়গান গাবলৈ কৈছে।

মানৱ বন্দনা Class 9 Assamese ভাষা-বিষয়ক প্ৰশ্ন

৫। সমাথক শব্দ লিখাঃ
মানুহঃ মানৱ, মানুহ
সংগঃ লগ, বন্ধু
পৃথিৱীঃ ধৰা
সোঁতঃ ঢৌ, লহৰ
স্বৰ্গঃ সৰগ
দেৱঃ দেৱতা

৬। সংস্কৃত কম, ধম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা।

ধৰ্মঃ ধৰম
কৰ্মঃ কৰম
মত্যঃ মৰত
দেৱঃ দেৱতা

চমু উত্তৰ দিয়া

ক) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে?
উত্তৰঃ যিবোৰ গীত সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবিৰ মূল সকলোৱে ধৰিব নোৱাৰে, তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নোবোলে।

খ)সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে?
উত্তৰঃ সদায় কাণেৰে শুনা সৰু কথাটিয়ে গীতৰ ৰূপ লৈ আমাৰ প্ৰাণ টানি ধৰে।

গ) কবিৰ মতে কোনবোৰ বস্তু অজৰ-অমৰ?
উত্তৰঃ নিমজ ভাব গতিৰ সকলোবোৰ কৌশলী বিদ্যাকে কবিয়ে অজৰ-অমৰ বুলি কৈছে।

ঘ) কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়?
উত্তৰঃ যিবোৰ গীত আৰু ছবি সকলোৱে বুজি পায় আৰু যিবোৰ গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ নাহৰ তোলে, তেনেবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়।

ঙ) `সিহে পায় নিজে নিজে আলাসত ঠাই’ – ইয়াত `আলাস’ শব্দটোৰ অৰ্থ কি?
উত্তৰঃ`সিহে পায় নিজে নিজে আলাসত ঠাই’-ইয়াত `আলাস’ শব্দটোৰ অৰ্থ হ’লঃ আকাশ, শূন্য কিন্তু কবিতাটিত `আলাস’ শব্দটোৱে হৃদয়ত বুজাইছে।

উত্তৰ দিয়া

২) ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা – কবিতাটোৰ সহায়ত বুজাই লিখা।
উত্তৰঃ গীত বা সংগীত আৰু ছবি বা চিত্ৰ-এই দুয়োবিধেই চৌষষ্ঠীকলাৰ অন্তৰ্গত। এই কলাৰ জৰিয়তে মানৱমনে আনন্দ লাভ কৰে। এই কলাৰ গৰাকী হবলৈ মানুহক একান্তই সাধনাৰ প্ৰয়োজন। কেৱল শব্দৰ বিন্যাসেই গীত হব নোৱাৰে বা কেৱল ৰঙৰ সমাহাৰ হলেই তাক উৎকৃষ্ট ছবিৰ মৰ্যদা দিব নোৱাৰি। যিবোৰ সুৰীয়া শব্দই সৰ্বসাধাৰণ হৃদয়ত আনন্দৰ জোৱাৰ তুলিবলৈ সক্ষম হয় তাকেই গীত বুলি কোৱা হয়।

আনহাতে, যিবোৰ চিত্ৰই মানুহৰ মনত প্ৰশান্তিৰ ভাৱ জগায়, যিবোৰ চিত্ৰ সৰ্বসাধাৰণে বুজি পায় তাকে মহ্য চিত্ৰ বুলি কোৱা হয়। অৰ্থাৎ ভাল গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ সৃষ্টি কৰে।

৩) সদায় চকুৰে দেখা পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা? নিজৰ মতামত আগবঢ়োৱা।
উত্তৰঃ
 আমাৰ চাৰিওফালে বিভিন্ন গছ লতিকাৰে ভৰি আছে। সাধাৰণতে আমি আমাৰ চৌপাশৰ পৰিবেশ ভালদৰে নিৰীক্ষণ নকৰোঁ। কিন্তু আমি সদায়ে দেখি থকা এই চৌপাশৰ পৰিবেশটোকেই যদি কোনো চিত্ৰকৰে ৰং তুলিকাৰে আমাৰ আগত দাঙি ধৰে আমি তেতিয়া তাত অনিন্দ সুন্দৰ সৌন্দৰ্য্য দেখিবলৈ পাওঁ। ইয়াৰ দ্বাৰা কবিয়ে আমাক কবলৈ বিচাৰিছে যে যিকোনো সাধাৰণ বস্তুকে কলাত্মক ৰূপেৰে অসাধাৰণ ৰূপে দাঙি ধৰিব পাৰি। অৰ্থাৎ কলাৰ জৰিয়তে সকলোতে অসাধাৰণত্ব আৰোপ কৰিব পাৰি।

৪) কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নোবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ননা কৰা।
উত্তৰঃ
 কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে তেখেতৰ `গীত আৰু ছবি’ নামৰ কবিতাটিত প্ৰকৃত গীত আৰু ছবিৰ সৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কবলৈ গৈ কৈছে যে যিবোৰ গীত সৰ্বসাধাৰণে বুজি নাপায় আৰু যিবোৰ ছবি সৰ্বসাধাৰণে ধৰিব নোৱাৰে, তেনেকুৱা গীত আৰু ছবিৰ পৰা তেওঁলোকে ৰস আহৰণ কৰিব নোৱাৰে। ফলত তেওঁলোকৰ হৃদয়ে কোনো আনন্দ অনূভৱ কৰিব নোৱাৰে। সেয়েহে তেনেবোৰ দুৰ্বোধ্য গীত আৰু ছবিক কোনোৱে ভাল নোবোলে বুলি কবিয়ে কৈছে।
আনহাতে, যিবোৰ গীত আৰু ছবিয়ে সৰ্বসাধাৰণ মীননৰ অন্তৰত আনন্দৰ জোৱাৰ তোলে, যিবোৰ গীতৰ শব্দ, সুৰ-লয়ে মানুহৰ অন্তৰত সুৰৰ ঝঙ্কাৰ তোলে, যিবোৰ ছবিৰ কলাত্মক উপস্থাপনে মানৱৰ মনত সৌন্দৰ্যবোধৰ ধাৰণা দিয়ে তেনেবোৰ গীত আৰু ছবিক সকলোৱে আদৰি লৈ হৃদয়ৰ মণিকোঠাত স্হান দিয়ে। যিবোৰ সদায়ে চিৰস্থায়ী হৈ ৰয়।

৫) গীত আৰু ছবি’ কবিতাটোৰ সাৰাংশ লিখা।
উত্তৰঃ
 গীত আৰু ছবি’ – কবিতাটোৰ কবি দুৰ্গেশ্বৰ শৰ্মা।কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে।
কবিয়ে কবিতাটিৰ আৰম্ভণিতে কৈছে যে – যিবোৰ গীত আৰু ছবিয়ে মানুহৰ মনত আনন্দৰ জোৱাৰ তুলিব নোৱাৰে, যিবোৰ গীত আৰু ছবি সাধাৰণ মানুহে সহজতে বুজিব নোৱাৰে, তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নাপায়। আনহাতে, যিবোৰ গীত আৰু ছবিয়ে মানুহক ৰস বোধৰ খোৰাক দিয়ে, হৃদয়ত আনন্দৰ নাহৰ তোলে তেনেবোৰ গীত আৰু ছবিয়ে সকলোৰে মনত ঠাই অধিকাৰ কৰিব পাৰে। অৰ্থাৎ সৰু বিষয়বস্তু এটাৰো কলাত্মক উপস্থাপনে মানুহক আকৰ্ষণ কৰিব পাৰে। আমি সদায় দেখি থকা গছ পাতখিলাও যেতিয়া চিত্ৰকৰে ৰং- তুলিকাৰে দাঙি ধৰে তেতিয়া সি অনন্য হৈ ধৰা দিয়ে। থিক তেনেদৰে আমি শুনি থকা কথাবোৰেই যেতিয়া গীতিকাৰে সুৰেৰে সজায়, সি আমাৰ কাণত অমৃত হৈ বৰষে। সৰু সৰু বিষয়বস্তু বোৰকো সূশ্ম ভাৱ অনুভূতিৰে কলাত্মক ৰূপত প্ৰকাশ কৰিলে তাৰ কেতিয়াও মৃত্যু নহয়। এইবোৰ কৌশলী বিদ্যা অজৰ-অমৰ। সকলোতে এই বিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিব পাৰে ; বিভিন্ন ঠাইভেদে ই বিভিন্ন ৰূপ পৰিগ্ৰহণ কৰে।

বাখ্যা কৰা

ক) সদায় চকুৰে দেখা গছ পাতটিও
ছবিটিত ভাল হৈ পৰে,

সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হলে প্ৰাণ টানি ধৰে।

উত্তৰঃ “সদায় চকুৰে দেখা গছ পাতটিও
ছবিটিত ভাল হৈ পৰে,
সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হলে প্ৰাণ টানি ধৰে।”
উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠৰ দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত `গীত আৰু ছবি’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
সূক্ষ্মতকৈও সূক্ষ্ম সাধাৰণ বিষয়ো কলাত্মক ৰূপত দাঙি ধৰিলে সিঅসাধাৰণ ৰূপত জিলিকি উঠাৰ প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উপস্থাপন কৰিছে।

আমি সদায়ে দেখি থকা গছৰ পাত খিলা যেতিয়া চিত্ৰকৰে ৰং তুলিকা বোলাই অংকন কৰে তেতিয়া সি আমাৰ চকুত অসাধাৰণ হৈ দেখা দিয়ে। আমি সদায় শুনি থকা কথাবোৰ যেতিয়া সুৰ লয়েৰে সজাই তোলা হয় তেতিয়া সি আমাৰ মনত আনন্দৰ লহৰ তোলে। অৰ্থাৎ সৰ্বসাধাৰণে বুজি পোৱাকৈ কলাত্মক ৰূপত উপস্থাপনে গীত আৰু ছবিক মহত্ব প্ৰদান কৰে।

খ) মিহি ভাব মিহি গতি কৌশলী বিদ্যাৰ
নাই মৃত্যু অজৰ-অমৰ
য’তে পৰে ত’ তে গজে, বিভিন্ন আকাৰ
ঠাই বুজি দীঘল-ডাঙৰ।

উত্তৰঃ মিহি ভাব…………….
………………….. ডাঙৰ।’
উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ ৰচনা কৰা `গীত আৰু ছবি’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কলাত্মক কৌশলী বিদ্যা যে অজৰ-অমৰ সেই প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উপস্থাপন কৰিছে।
সাধাৰণ বিষয়বস্তু কলাত্মক উপস্থাপনৰ জৰিয়তে মানুহৰ হৃদয়ত স্হান লাভ কৰিবলৈ সক্ষম হয়। এই কলাত্মক কৌশলক কবিয়ে অজৰ অমৰ বুলি কৈছে। ইয়াৰ কেতিয়াও মৃত্যু নাই, ই চিৰস্থায়ী। ঠাইভেদে ইয়াৰ প্ৰকাৰ ভিন্ন হব পাৰে।

ভাষা-বিষয়ক প্ৰশ্ন উত্তৰ

৭) সমাৰ্থক শব্দ লিখা :

জগতঃ পৃথিৱী, ধৰণী
উলাহঃ উৎসাহ, আনন্দ
চকুঃ নয়ন, অক্ষি
সৰুঃ ক্ষুদ্ৰ, সুক্ষ্ম
ভালঃ উত্তম, সজ
কানঃ কৰ্ণ

৮) বাক্য ৰচনা কৰা:কৌশলী বিদ্যা, অজৰ-অমৰ, আলাসত ঠাই, ডাঙৰ-দীঘল

কৌশলী বিদ্যাঃ কৌশলী বিদ্যাৰ সহায়ত সুক্ষ্ম বিষয়কো কলাত্মক ৰূপত উপস্থাপন কৰিব পাৰি।

অজৰ-অমৰঃ শংকৰদেৱৰ ৰচনাৰাজি অসমীয়া সাহিত্যত সদায়ে অজৰ-অমৰ হৈ থাকিব।

আলাসত ঠাইঃ সুমধুৰ গীতক শ্ৰোতা ডানতাই আলাসত ঠাই দিয়ে।

ডাঙৰ-দীঘলঃ ৰমেনক আইতাকে বৰ কষ্টৰে ডাঙৰ-দীঘল কৰিছে।

৯) বিপৰীত শব্দ লিখা:

মিহিঃ খহটা
প্ৰাণঃ নিস্প্ৰাণ
মৃত্যুঃ জন্ম
মূলঃ অতিৰিক্ত
ক্ষুদ্ৰঃ বৃহৎ

Class 9 Assamese Question Answer Chapter 3 | গীত আৰু ছবি প্ৰশ্ন উত্তৰ

Class 9 Assamese Question Answer Chapter 4 | প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক

চমু উত্তৰ দিয়া

ক) কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিৱলৈ আহ্বান জনাইছে?
উত্তৰঃ কবিয়ে আকাশক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বন জনাইছে।

খ) কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল?
উত্তৰঃ প্ৰচণ্ড ধুমুহাই কবিৰ প্ৰাপ্য কি সুধি প্ৰশ্ন কৰিছিল।

গ) কবিক বিশাল দৃষ্টি কোনে দিলে?
উত্তৰঃ মহাকাশে কবিক বিশাল দৃষ্টি দিলে।

ঘ) ‘মুমূৰ্ষ মানবক জীবনৰ বিদ্যুৎকিঞ্চিতো যদি দিব পাৰোঁ’ – ইয়াত বিদ্যুৎ শব্দই কি বুজাইছে?
উত্তৰঃ ইয়াত ‘বিদ্যুৎ’ শব্দই পুনৰ সঞ্জীৱিত বুজাইছে।

ঙ) প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল?
উত্তৰঃ প্ৰচণ্ড ধুমুহাই কবিক প্ৰাপ্য কি বুলি প্ৰশ্ন কৰিছিল।

উত্তৰ দিয়া

২) বজ্ৰই কবিক কি কি দিলে?
উত্তৰঃ বজ্ৰই কবিক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিলে।

৩) কবিয়ে ‘সচাঁ উদাৰতা’ কথাষাৰেৰে কি বুজাব খুজিছে?
উত্তৰঃ ‘সচাঁ উদাৰতা’ কথাষাৰেৰে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানবিক উদাৰতাৰ কথা বুজাব খুজিছে।

৪) কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা।
উত্তৰঃ কবিয়ে বজ্ৰৰ কন্ঠেৰে আৰু ধুমুহাৰ শক্তিৰে গীত গাই দিগন্ত কঁপাবলৈ মন মেলিছে।

৫) কবিয়ে কলিজাৰ সচাঁ সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে?
উত্তৰঃ কবিয়ে কলিজাৰ সচাঁ সুৰেৰে সিক্ত কৰি দানৱৰ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছে।

৬) আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা।
উত্তৰঃ আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে প্ৰণিপাত জনোৱাৰ কাৰণ হল আকাশে কবিক প্ৰদান কৰিলে বিশাল দৃষ্টি, যাৰ জৰিয়তে কবিয়ে সংকীৰ্ণতাৰ পৰিধি ভাঙি মানুহৰ মাজত মানৱতা বোধৰ বানী দাঙি ধৰিবলৈ সক্ষম হৈছে। ধুমুহা আৰু বজ্ৰই কবিক প্ৰচণ্ড শক্তি আৰু উদাত্ত কণ্ঠ প্ৰদান কৰিছে, যি শক্তি আৰু কন্ঠেৰে কবিয়ে দানৱৰ সমাজত মানৱৰ গীত গাই দিগন্ত কঁপাবলৈ সক্ষম হৈছে। মৃতপ্ৰায় সমাজখনক কবিয়ে পুনৰ সঞ্জীৱিত কৰাত আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা পোৱা প্ৰেৰণাৰ বাবে কবিয়ে প্ৰণিপাত জনাইছে।

ব্যাখ্যা কৰা

ক) বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কলে,
তোমাৰ কাম্য কি কোৱা?
মই কলো, বজ্ৰ তোমাৰ
শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।

উত্তৰঃ “বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কলে,
তোমাৰ কাম্য কি কোৱা?
মই কলো, বজ্ৰ তোমাৰ
শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।”

উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ডঃ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানৱৰ সমাজত সম্প্ৰীতিৰ বানী প্ৰচাৰ কৰিবলৈ প্ৰকৃতিৰ উপাদান বোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰাৰ কথা কৈছে।
কবিয়ে বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কন্ঠৰে মানবতাৰ জয়গান গাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। সেয়েহে কবিয়ে বজ্ৰৰ পৰা শক্তিশালী আৰু উদাত্ত কন্ঠটি বিচাৰিছে। যাতে তেওঁ সেই শক্তিশালী উদাত্ত কন্ঠৰে মানবতাৰ জয় গান গাব পাৰে।

খ) সেয়েহে আকাশ তুমি যদি দিব খুজিছাই
সংকীৰ্ণতা এৰি দিয়া
আৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা
দিয়া যদি আজিয়েই দিয়া।

উত্তৰঃ “সেয়েহে আকাশ তুমি যদি দিব খুজিছাই
সংকীৰ্ণতা এৰি দিয়া
আৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা
দিয়া যদি আজিয়েই দিয়া।”

উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ডঃ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিতাফাঁকিৰ জৰিয়তে আকাশৰ দৰে উদাৰ আৰু বিশাল মানৱতা বোধৰ কথা কোৱা হৈছে।

কবিয়ে প্ৰকৃতিৰ উপাদান বোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰিছে। আকাশৰ বিশালতাই কবিক যেন সোৱৰাই দিছে- সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানবিক উদাৰতাৰ কথা। সেয়েহে কবিয়ে নিজৰ মনটোও আকাশৰ দৰে বিশাল আৰু উদাৰ হোৱাটো কামনা কৰিছে।

গ) মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্ৰচণ্ড শক্তি
বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি।

উত্তৰঃ “মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্ৰচণ্ড শক্তি
বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি।”

উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ডঃ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদান বোৰৰ পৰা শক্তি আহৰণ কৰাৰ কথা কৈছে।

কবিয়ে মহাকাশৰ পৰা বিশাল হৃদয় আৰু উদাৰ দৃষ্টি, ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি আহৰণ কৰি মানৱতাক জয়গান গাবলৈ প্ৰয়াস কৰিছে।

ঘ) মুমূৰ্ষু মানবক জীৱনৰ বিক্ষ
কিঞ্চিতো যদি দিব পাৰোঁ
আকাশ, ধুমুহা আৰু বজ্ৰক
তাৰ বাবে প্ৰণিপাত কৰোঁ।

উত্তৰঃ “মুমূৰ্ষু মানবক জীৱনৰ বিক্ষ
কিঞ্চিতো যদি দিব পাৰোঁ
আকাশ, ধুমুহা আৰু বজ্ৰক
তাৰ বাবে প্ৰণিপাত কৰোঁ।”

উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ডঃ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক ‘নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাঁকিত মানবতাৰ সুৰ পৰিলক্ষিত হৈছে। ধুমুহাৰ দৰে প্ৰচণ্ড শক্তি লাভ কৰি সমাজৰ উত্তৰণত সেই শক্তি প্ৰয়োগ কৰিবলৈ কবি আগ্ৰহী। বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কন্ঠৰে মানবতাৰ জয়গান গাবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে। আকাশৰ বিশালতাই যেন কবিক সোৱৰাই দিছে- সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানবিক উদাৰতাৰ কথা। মুমূৰ্ষু মানবক মানৱতা বোধৰে পুনৰ সঞ্জীৱিত কৰাটোয়েই কবিৰ অভিপ্ৰায়।

ভাষা বিষয়ক

৫) তলত দিয়া শব্দবোৰৰ সমাৰ্থক শব্দ লিখা।

ধুমুহা – বৰদৈচিলা
বুকু – হৃদয়
কাম্য – বিচাৰো
সংকীৰ্ণতা – ঠেক
বিশাল-বহল
দানব – দৈত্য
প্ৰণিপাত – প্ৰণাম
সিক্ত – তিতা, ভিজা

৬) তলত দিয়া শব্দকেইটাত কি কাৰণে ‘ণ’ হৈছে লিখাঃ

কণ্ঠঃ ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হলে দন্ত্য ন মূৰ্ধন্য ণ হয়।
পূৰ্ণঃ একেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ণ হয়।

প্ৰচণ্ডঃ ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হলে দন্ত্য ন মূৰ্ধন্য ণ হয়।
সংকীৰ্ণতাঃ
প্ৰণিপাতঃ

৭) তলত দিয়া শব্দকেইটাৰ কি কাৰণে ‘ ষ’ হৈছে লিখা।

মুমূৰ্ষুঃ অ, আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰ-ৰ পাছত থকা প্ৰত্যয়ৰ স মূৰ্ধন্য ষ হয়।

দৃষ্টিঃ ট বৰ্গৰ বৰ্ণৰ সৈতে যুক্ত হলে দন্ত্য স মূৰ্ধন্য ষ হয়।

৮) সন্ধি ভাঙাঃ
দিগন্ত = দিক্ +অন্ত
সৰ্বাকাশ= সৰ্ব+ আকাশ
সংকীৰ্ণ= সম্ + কীৰ্ণ

Class 9 Assamese Question Answer Chapter 5 | মোৰ দেশ প্ৰশ্ন উত্তৰ

  • Class 9 Assamese Question Answer Chapter 5
  • Class 9 Assamese Question Answer Chapter 6
  • Class 9 Assamese Question Answer Chapter 7
  • Class 9 Assamese Question Answer Chapter 8
  • Class 9 Assamese Question Answer Chapter 9
  • Class 9 Assamese Question Answer Chapter 10

Leave a Reply

Your email address will not be published.