ADVERTISEMENT

Class 9 Assamese Chapter 14 Question Answer | প্ৰশ্ন উত্তৰ

সুখ নামত নৱম মান শ্ৰেণীৰ অসমীয়াৰ ১৪তম অধ্যায়ৰ প্ৰশ্ন উত্তৰ তথা Class 9 Assamese Chapter 14 Question Answer আজি আমি Assamese Medium ত আলোচনা কৰিবলৈ আপোনালোকক স্বাগতম জনাইছো। আপুনি যদি Class 9 Assamese Medium ৰ এজন শিক্ষাৰ্থী তেন্তে ইয়াত আপুনি Class 9 ৰ প্ৰতিটো বিষয়ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ পাব।

ইয়াৰ আগতে আমি Class 9 Assamese Chapter 1 Question Answer, Class 9 Assamese Chapter 2 Question Answer, Class 9 Assamese Chapter 3 Question Answer, Class 9 Assamese Chapter 4 Question Answer বা Class 9 Assamese Chapter 5 Question Answer আলোচনা কৰিছো, আপুনি যদি পঢ়িব খোজে তেন্তে লিংকত ক্লিক কৰি পঢ়িব পাৰে।

শ্ৰেণীনৱম শ্ৰেণীৰ (IX)
বিষয়অসমীয়া (Assamese)
কিতাপৰ নামসাহিত্য চয়নিকা
উপলব্ধপ্ৰশ্নৰ উত্তৰ
পাঠ (Lesson)সুখ
মাধ্যমঅসমীয়া
পাঠ্যক্ৰমছেবা (SEBA )
ADVERTISEMENT
Class 9 Assamese Chapter 14 Question Answer

সুখ Class 9 Assamese। প্ৰশ্ন উত্তৰ Class 9 Assamese Chapter 14

ইয়াত আমি সুখ Class 9 Assamese Chapter 14 ৰ অতি চমু প্ৰশ্নৰ উত্তৰ, সুখ কবিতাৰ মূলভাৱ, ব্যাখ্যা কৰাকে আদি কৰি সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈছে।

অতি চমু উত্তৰ দিয়া: Class 9 Assamese Chapter 14 Question Answer

ক) মানুহৰ সুখ-দুখৰ আচল কথা কি?
উত্তৰঃ সুখ-দুখৰ মনেই কাৰণ মনক ৰাখিব থিত, — অর্থাৎ সুখ- দুখৰ কাৰণ হ’ল স্থিৰ মন।

(খ) কেনেকুৱা ধৰণৰ ভাৱে মানুহক তললৈ বুৰায় বুলি কবিলে কৈছে?
উত্তৰ: মই মােৰ’ ভাবে তললৈ বুৰাৰ নাপাবা ৰক্ষাৰ তীৰ। অর্থাৎ মানুহৰ অহংভাৱে মানুহক অধঃপতনৰ দিশে লৈ যায়।

ADVERTISEMENT
ADVERTISEMENT

(গ) নিঃস্বার্থৰ বাট কেনেকুৱা ?
উত্তৰঃ নিঃস্বার্থৰ বাট, সেন্দুৰীয়া আলি, সুগন্ধি কুসুম ফুলে —অর্থাৎ নি-স্বার্থবান মানুহৰ পথ যাত্রা সদায় মসৃন আৰু আনন্দ মুখৰ হয়।

(ঘ) কবি আনন্দ চন্দ্র আগৰৱালাক কিয় ‘ভাঙনি কোঁৱৰ বুলি কোৱা হয় ?
উত্তৰ : আগৰৱালাই কেইবাটিও ইংৰাজী কবিতা অসমীয়ালৈ সুৱলাকৈ ভাঙনি কৰা বাবে তেওঁ ভাঙনি কোঁৱৰ’আখ্যা দিয়া হৈছে।

(ঙ) কাক আপােন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে?
উত্তৰ: পৰক আপােন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে।

(চ) কবিৰ মতে প্রকৃত সুখ কেনেকৈ পাব পাৰি
উত্তৰঃ ধৰ্মৰ্ত থাকি, নিস্বার্থভাৱে সকলােকে আপােন কৰি ল’ব পাৰিলে প্রকৃত সুখ পােৱা যায়।

২। কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা?
উত্তৰঃ সুখ হৈছে মূলতঃ মন বা শৰীৰত অনুভূত হােৱা তৃপ্তিকৰ অৱস্থা, মানসিক বা শাৰীৰিক সন্তুষ্টি। সুখ বিচাৰি মানুহ ব্যাকুল হলেও প্রকৃত সুখ পাবলৈ হ’লে মানুহে স্বার্থত্যাগ কৰিব পাৰিব লাগিব, আনৰ কাৰণে খাটিব লাগিব বা আনৰ দুখত দুখী হ’ব পাৰিব লাগিব। সকলােকে আপােন কৰি ল’ব পৰা গুণেও মানুহক সুখী কৰে। নিস্বার্থ মানুহবােৰ সুখী হয়। যিয়ে নিঃস্বার্থ মনােভাৱেৰে এক সুন্দৰ জীৱন- যাপন কৰে, সকলােৰে মাজত বিশ্বপ্রেমৰ বাণী বিলাই আদর্শজীৱনৰ গৰাকী হয়— তেওঁৰ বাবে সুখৰ কেতিয়াও ওৰ নপৰে বুলি কবিয়ে দৃঢ়তাৰে ব্যক্ত কৰিছে।

ব্যাখ্যা কৰা : Class 9 Assamese Chapter 14 Question Answer

(ক) অকল নিজৰ নিমিত্তে নহয়
আমাৰ জীৱন ভাই, পৰৰ কাৰণে খাটিব পাৰিলে
সংসাৰ সুখৰ ঠাই।

উত্তৰ : উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ ৰ অন্তৰ্গত কবি আনন্দ চন্দ্ৰ আগৰৱালা দেৱে লিখা ‘সুখ’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
মানুহ স্বার্থপৰ হব নালাগে। নিজৰ বাহিৰেও পৰৰ কথা চিন্তা কৰিব লাগে। নিজে নাখায় অইনক খাবলৈ দিব পৰাতাে মহৎ গুণ। যদি অইনৰ দুখ-সুখত নিজক বিলনী কৰি দিব পৰা যায় তেতিয়া হ’লে সংসাৰত কত দুখৰ ঠাই পােৱা নাযায়।

খ) গাই গােটা পেটে ভঁৰাল নহবা
লােকৰ দুখলৈ চোৱা,

মানুহৰ সেৱা মানুহৰ পূজা।
পবিত্ৰ বৰত লােৱা।

উত্তৰ: উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা অন্তৰ্গত কবি আনন্দ চন্দ্ৰ আগৰৱালা দেৱে লিখা ‘সুখ’ নামৰ কবিতাটোৰ পৰা।
তুলি দিয়া হৈছে।
অসমীয়াত এষাৰ কথা আছে যে সকলো বামুণ মৰক মােৰ, পেটটো ভৰক। মানুহ অত্যাধিক ব্যক্তিকেন্দ্রিক হ’ব নালাগে। নিজৰ যেনেকৈ ভােক পিয়াহ থাকে তেনেকৈ অইনৰাে ভােক পিয়াহ থাকে। সেয়ে সকলােখিনি নিজে ভক্ষণ নকৰি আনৰ কাৰণেও চিন্তা কৰিব লাগে। মানৱ সেৱা হ’ল প্রকৃত সেৱা। গতিকে কবিয়ে এই প্রকৃত সেৱাৰ নামত নিজকে উৎসর্গিত কৰিবলৈ সকলােকে আহ্বান জনাইছে।

(গ) স্বার্থৰ বাটত দুখৰ কাঁইট
খােজে পতি বিন্ধ হুলে
নিঃস্বার্থৰ বাট সেন্দুৰীয়া আলি
সুগন্ধি কুলুম ফুৰে।

উত্তৰ: উক্ত কবিতা ফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা’(নতুন)ৰ অন্তৰ্গত কবি আনন্দ চন্দ্ৰ আগৰৱালা দেৱে লিখা সুখ’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
স্বার্থপৰ মানুহৰ বিপদ অনেক। এনেকুৱা মানুহ সকলােৰে বাবে চকুৰ কুটা দাঁতৰহুল’ সদৃশ হয়। এই ধৰণৰ মানুহে সংসাৰত অনেক দুখকষ্ট ভােক কৰিব লগা হয়। কিন্তু নিঃস্বার্থবান মানুহ সকলােৰে আপােন। এই ধৰণৰ মানুহৰ বাবে সংসাৰ পথত বাধা বিঘিনী নাথাকে। যি পিনেই গতি কৰে সেইপিনেই ‘জয় জয়-ময় ময়’।।

ভাষা বিষয়ক প্ৰশ্ন উত্তৰ

১। উদাহৰণটো চাই বাকী কেইটা কৰাঃ উদাহৰণঃ আপােন→পৰ।
উত্তৰঃ দুখ→সুখ
স্বার্থ →নিস্বার্থ।
অভাব →উভৈনদী
সন্তোষ→ অসন্মেষ


Class 9 Assamese Chapter 14 Question Answer ৰ শেষ বাক্য

ইয়াত আমি এতিয়ালৈকে Class 9 Assamese Chapter 14 Question Answer আলোচনা কৰিলোঁ। আপুনি যদি Class 9 Assamese Medium ৰ এজন শিক্ষাৰ্থী তেন্তে এই লিখনিয়ে আপোনাক পৰীক্ষাৰ বাবে বহুত সহায় কৰিব। আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাত কিবা অসুবিধা থাকিলে অনুগ্ৰহ কৰি Assamese Medium Facebook PageFollow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে, আমি আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ যথা সময়ত দিবলৈ প্ৰয়াস কৰিম।

ADVERTISEMENT

This Post Has 2 Comments

  1. ADVERTISEMENT
  2. Nice going… keep it up!! I hope you can achieve your aim in future very well
    [Dev Library] Get here study material for all classes, Board, NCERT, CBSC, NEET, JEE, Regional language eBook, entrance exams, competitive exams, and the latest education news. go to Dev Library

প্ৰত্যুত্তৰ দিয়ক