আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো Assamese Medium নামৰ শিক্ষামূলক ৱেবচাইটলৈ।
আজি আমি আপোনালোকৰ বাবে Class 12 Physics Chapter 2 Question Answer in Assamese তথা বৈদ্যুতিক বিভব আৰু ধাৰকত্ব নামৰ অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আছো।
আপুনি বিচাৰিলে ইয়াৰ আলোচনা কৰা Class 12 Physics Chapter 2 Question Answer in Assamese ৰ লগতে সম্পুৰ্ণ অধ্যায়ৰ আলোচনা PDF Notes ডাউনলোড কৰিব পাৰিব।
আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি লিংকত ক্লিক কৰি PDF Notes লব পাৰে বা ইয়াতে পঢ়ি আপুনি আগন্তুক HS Final Exam ত পদাৰ্থ বিজ্ঞানৰ সম্পুৰ্ণ প্ৰশ্ন উত্তৰ কৰি ১০০% নম্বৰ পাব পাৰিব।

অনুশীলনী প্ৰশ্ন উত্তৰ | Class 12 Physics Chapter 2 Question Answer in Assamese
Q: 2.1) 16cm ব্যৱধানত দুটা আধান 5 × 10⁻⁸C আৰু -3 × 10⁻⁸C আছে। দুয়োটা আধান সংযোগী ৰেখাডালৰ কোনটো বিন্দু (বা বিন্দুবোৰত) বৈদ্যুতিক বিভৱৰ মান শূন্য হ’ব? অসীমত বিভৱৰ মান শূন্য বুলি ধৰা৷
উত্তৰ: দুটা আধান,
q₁ = 5 × 10⁻⁸C
q₂ = − 3×10⁻⁸C
আধান দুটাৰ মাজৰ দূৰত্ব, d = 16cm = 0.16m
ধৰা হ’ল, চিত্ৰত দেখুওৱাৰ দৰে আধান দুটা সংযোগী ৰেখাডালৰ ওপৰত P এটা বিন্দু।

r= q₁ আধানৰ পৰা Pৰ দূৰত্ব।
ধৰা হ’ল— বৈদ্যুতিক বিভৱ (v) P বিন্দুত শূন্য
p বিন্দুত বিভৱ, q₁ আৰু q₂ আধান দুটাৰ বাবে হোৱা বিভৱৰ যোগফলৰ সমান।
V=q₁/4πε₀r + q₂/4πε₀(d-r)……..(i)
যত,
ε₀= শূন্য স্থানৰ বৈদ্যুতিক প্রবেশ্যতা
V= 0 ৰ কাৰণে (i) নং সমীকৰণ–
q₁/r= -q₂/d-r
5×10⁻⁸/r=(-3×10⁻⁸)/(0.16-r)
(0.16/r) – 1=3/5
0.16/r=8/5
r= 0.1m = 10cm
গতিকে, আধান দুটাৰ মাজেৰে ধনাত্মক q₁ আধানটোৰ পৰা 10 cm দূৰত্বত বৈদ্যুতিক বিভৱ
শূন্য হ’ব।
যদি চিত্ৰত দেখুওৱাৰ দৰে P বিন্দুটো আধান দুটাৰ ঋণাত্মক আধান q₂ ৰ পৰা s দূৰত্বত থাকে যত বৈদ্যুতিক বিভৱ শূন্য। তেন্তে—

এই সজ্জাৰ বাবে, বিভৱ পাওঁ এইদৰে
V= q₁/4πε₀s + q₂/4πε₀(s-d) ……(ii)
V= 0, ৰ বাবে সমীকৰণ (ii) হ্রাসমান কৰি
q₁/4πε₀s=-q₂/4πε₀(s-d)
q₁/s=-q₂/s-d
5×10⁻⁸/s=(-3×10⁻⁸)/(s – 0.16)
1- 0.16/s=3/5
0.16/s=2/5
s= 0.4m = 40cm
আধান তন্ত্রটোত, বাহিৰত, ধনাত্মক আধানটোৰ পৰা 40 cm দূৰত্বত বিভৱ হ’ব শূন্য।
Q:2.2) 10 cm বাহুবিশিষ্ট নিয়মীয়া ষড়ভুজ এটাৰ প্ৰতিটো শীর্ষবিন্দুত 5 μC আধানযুক্ত আধানবোৰ আছে। ষড়ভুজটোৰ কেন্দ্ৰত বিভৱ নিৰ্ণয় কৰা।
উত্তৰ: চিত্ৰটোত দেখুওৱা হৈছে যে সুষম ষড়ভুজটোৰ বাহুকেইডালৰ প্ৰান্তত ছয়টা সমান আধান +q আছে।

আধান, q = 5μC = 5 × 10⁻⁶ C
ষড়ভুজৰ বাহু,
L =AB=BC=CD=DE =EF= FA = 10 cm
কেন্দ্ৰৰ পৰা প্ৰতিটোৰ প্ৰাস্ত বিন্দুৰ দূৰত্ব, d= 10 cm
‘O’ বিন্দুত বৈদ্যুতিক বিভৱ, V= 6xq/4πε₀d
যত, ε₀= শূন্য স্থানৰ বৈদ্যুতিক প্ৰৱেশ্যত
1/4πε₀=9×10⁹Nm⁻²C⁻²
V=6 x9x10⁹x5x10⁻⁶/ 0.1
= 2.7 x 10⁶ V
গতিকে, ষড়ভুজৰ কেন্দ্ৰবিন্দুত বিভৱ হ’ল, 2.7 x 10⁶ V
Q:3) 6cm ব্যৱধানত থকা দুটা বিন্দু A আৰু Bত ক্ৰমে 2uC আৰু -2uC আধান দুটা আছে।
(a) তন্ত্ৰটোৰ এখন সমবিভৱ পৃষ্ঠ চিনাক্ত কৰা।
(b) এই পৃষ্ঠখনৰ প্ৰতিটো বিন্দুতেই বিদ্যুৎ ক্ষেত্ৰখন কোন দিশে থাকিব?
উত্তৰ: a) নিম্নোক্ত চিত্ৰত চৰ্তসমূহ বৰ্ণনা কৰা হ’লঃ

এখন সমান সমবিভৱ পৃষ্ঠৰ সকলো বিন্দুতে মূল বিভৱ শূন্য। পৃষ্ঠখন AB ৰ লম্বভাৱে আছে।
b) এই পৃষ্ঠখনৰ ওপৰত থকা সকলো বিন্দুতে বিদ্যুৎ ক্ষেত্ৰৰ দিশ, ABৰ দিশত থকা সমতলৰ সতে লম্বভাৱে থাকে।
Q: 4)12cm ব্যাসার্ধৰ গোলকীয় পৰিবাহী এটাৰ পৃষ্ঠত সুষমভাৱে বিস্তৃত হৈ থকা আধানৰ মান 1.6 ×10⁻⁷C। বৈদ্যুতিক ক্ষেত্ৰখনৰ মান কি হ’ব?
(a) গোলকটোৰ ভিতৰত
(b) গোলকটোৰ ঠিক বাহিৰত
(c) গোলকটোৰ কেন্দ্ৰৰ পৰা 18cm দূৰত?
উত্তৰ: পৰিবাহীৰ ব্যাসাৰ্দ্ধ, r =12cm = 0.12m
a) গোলকীয় 0.12m
গোলকৰ ওপৰত সুষমভাৱে বিস্তৃত হৈ থকা আধান, q= 1.6 × 10⁻⁷ C
গোলকটোৰ ভিতৰত বিদ্যুৎক্ষেত্র শূন্য, কাৰণ গোলকটোৰ ভিতৰত যদি বিদ্যুৎক্ষেত্র থাকে ইয়াৰ আধানে ইয়াক প্রশমিত কৰিব।
b) গোলকটোৰ নামমাত্ৰ বাহিৰত বিদ্যুৎক্ষেত্র E হল-
E= q/4πε₀r²
যত
ε₀= শূন্য স্থানৰ বৈদ্যুতিক প্রৱেশ্যতা
1/4πε₀=9×10⁹Nm⁻²C⁻²
E= 1.6×10⁻⁷×9×10⁻⁹/(0.12)²
= I0⁵ NC⁻¹
গতিকে, গোলকটোৰ বাহিৰত বিদ্যুৎ ক্ষেত্র, I0⁵ NC⁻¹
c) গোলকৰ কেন্দ্ৰ বিন্দুৰ পৰা 18 m দূৰত্বত
বিদ্যুৎ ক্ষেত্র = E₁
E₁ =q/4πε₀d²
=9×10⁹ x 1.6×10⁻⁷/ (18×10⁻²)²
= 4.4×10⁴ N/C
গতিকে, কেন্দ্ৰৰ পৰা 18 cm দূৰত্বত বিদ্যুৎ ক্ষেত্ৰ
4.4×10⁴ N/C
Q:5) দুয়োখন পাতৰ মাজত বায়ু থকা সমান্তৰাল পাতযুক্ত ধাৰকটোৰ ধাৰকত্ব হ’ল 8 pF (IpF=10⁻¹²F)। পাত দুখনৰ মাজৰ দূৰত্ব আধা কৰিলে আৰু দুয়োখন পাতৰ মাজৰ অংশখিনি 6 পৰা বৈদ্যুতিক ধ্রুৱক সম্পন্ন মাধ্যমেৰে পূৰ্ণ কৰিলে ধাৰকটোৰ ধাৰকত্ব কিমান হ’ব?
উত্তৰ: ধাৰকৰ সমান্তৰাল প্লেট দুখনৰ মাজৰ ধাৰকত্ব C = 8 pF
সমান্তৰাল প্লেট দুখনৰ মাজৰ দূৰত্ব d আৰু বায়ুৰে ভৰ্তি হৈ থকাৰ হেতু ধৰা হ’ল বায়ুৰ পৰা বৈদ্যুতিক ধ্রুৱক k=1
C এতিয়া ধাৰকত্ব সূত্র মতে,
C=kε₀A/ d
=ε₀A/ d……………………..(1)
যত,
A = প্ৰতিখন প্লেটৰ ক্ষেত্ৰ কালি
ε₀= শূন্য স্থানৰ বৈদ্যুতিক প্রবেশ্যতা
যদি প্লেট দুখনৰ মাজৰ দূৰত্ব আধা কৰা হয় তেন্তে
নতুন দূৰত্ব, d=d/2
প্লেট দুখনৰ মাজত পূৰ্ণ কৰা মাধ্যমৰ পৰাবিদ্যুৎ ধ্রুবক k =6
গতিকে, ধাৰকৰ ধাৰকত্ব হ’ব,
C”= kε₀A/ d= 6ε₀A/(d/2)……………..…(2)
সমীকৰণ (i) আৰু (ii) ৰ অনুপাত লৈ আমি পাওঁ
C”=2x6C
=12C
= 12× 8 = 96pF
গতিকে, প্লেট দুখনৰ মাজত ধাৰকত্ব, 96pF.
Q: 6) 9pF ধাৰকত্বৰ তিনিটা ধাৰক শ্রেণীৱদ্ধ সজ্জাত সংযোগ কৰা হৈছে।
(a) সজ্জাটোৰ মুঠ ধাৰকত্ব কিমান?
(b) সজ্জাটোক যদিহে 120 V উৎসৰ লগত সংযোগ কৰা হয় তেন্তে প্ৰতিটো ধাৰকৰ দুই মূৰত বিভৱ ভেদ কিমান হ’ব?
উত্তৰ: a) তিনিটা ধাৰকৰ ধাৰকত্ব, C = 9pF
ধাৰকবোৰৰ শ্ৰেণীবদ্ধ সজাৰ ফলত হোৱা সমতুল্য ধাৰকত্ব (C’)
1/C”= 1/C+1/C+1/C
= 1/9+1/9+1/9
=3/9=1/3
C’ = 3uF
গতিকে, মুঠ ধাৰকত্ব হ’ব, 3uF.
b) ভল্টেজ, V= 100 V
প্ৰতিটো ধাৰকৰ বাবে বিদ্যুৎ বিভৱ V যোগান ধৰা ভল্টজৰ এক তৃতীয়াংশৰ সমান,
V’=V/3=120/ 3 = 40 V
গতিকে, প্ৰতিটো ধাৰকৰ বৈদ্যুতিক বিভৱ, 40V.।
Q:7) 2pF, 3pF আৰু 4pF ধাৰকত্বৰ তিনিটা ধাৰকক সমান্তৰালভাৱে সজ্জিত কৰা হৈছে।
a) সজ্জাটোৰ মুঠ ধাৰকত্ব কিমান হ’ব?
b) প্ৰতিটো ধাৰকত আধান হ’ব যদিহে সজ্জাটোক 100V উৎসৰ লগত সংযোগ কৰা হয়?
উত্তৰ: a) ধাৰককেইটাৰ ধাৰকত্ব হৈছে
C₁ = 2 pF
C₂ = 3 pF
c₃= 4pF
ধাৰকৰ সমান্তৰাল সজ্জাৰ কাৰণে C
C’ = 2+3+4=9PF
গতিকে, মুঠ ধাৰকত্ব হ’ব,9pF
b) ভল্টেজ, V= 100 V
তিনিটা ধাৰকৰ বাবে ধাৰকত্ব একে =V= 100V
এটা ধাৰকৰ আধান (q), ধাৰকত্ব C আৰু বিদ্যুৎ
বিভৱ V ৰ সম্বন্ধ।
q=VC………………… (i)
Cৰ বাবে=C = 2pF,
আধান = VC = 100 x 2 = 200pc = 2 x 10⁻¹⁰ C
Cৰ বাবে = 3pF,
আধান = VC = 100 x 3 = 300pC = 3 x 10⁻¹⁰C
Cৰ বাবে = 4pF.
আধান = VC = 100 × 4 = 200pC = 4 x 10⁻¹⁰ C
Q: 8) 3mm দূৰত্বত থকা আৰু দুয়োখন পাতৰ বা প্লেটৰ মাজত বায়ু থকা সমান্তৰাল পাতযুক্ত ধাৰকটোৰ প্ৰত্যেকখন পাতৰ কালি হ’ল 6×10⁻³m²। ধাৰকত্ব নির্ণয় কৰা । ধাৰকটোক যদিহে 100 Vৰ উৎসৰ লগত সংযোগ কৰা হয়, তেন্তে ধাৰকটোৰ প্ৰতিখন পাতত থকা আধানৰ মান কিমান হ’ব?
উত্তৰ: সমান্তৰাল পাত ধাৰকটোৰ প্ৰতিখন পাতৰ ক্ষেত্রফল, A= 6 x 10⁻³m²
প্লেটৰ মাজৰ দূৰত্ব, d = 3mm = 3 × 10⁻³ m ভল্টেজ,V= 100 V
এটা সমান্তৰাল পাতৰ ধাৰকৰ ধাৰকত্ব C.
C=ε₀A/d
যত,
ε₀= শূন্য স্থানৰ বৈদ্যুতিক প্রবেশ্যতা
= 8.854 ×10⁻¹²N⁻¹C⁻²M⁻²
C= 8.854×10⁻¹²x6x10⁻³/3×10⁻³
= 17.71 × 10⁻¹² F
= 17.71 pF
V বিভৱ, q আধান আৰু C ধাৰকত্বৰ লগত সম্পর্কিত⇒
V=q/C
q = VC
= 100×17.71 x 10⁻¹²
= 1.771×10⁻⁹ C
গতিকে, ধাৰকটোৰ ধাৰকত্ব 17.71 pF আৰু প্ৰতিটো পাতৰ ধাৰকত্ব 1.771 × 10⁻⁹ C.
Q: 9)অনুশীলনী 2.8ত দিয়া ধাৰকটোৰ পাত দুখনৰ মাজত যদি 3mm ডাঠৰ এখন মাইকা পাত (পৰাবিদ্যুত ধ্ৰুৱক =6) সুমুৱাই দিয়া হয়, তেন্তে কি ঘটিব ব্যাখ্যা কৰা৷ যেতিয়া—
a) ভল্টেজৰ উৎস এটা সংযোজিত হৈ থাকে
b) ভল্টেজৰ উৎসৰ সংযোগ বিচ্ছিন্ন কৰিলে।
উত্তৰ: a) মাইকা পাতখনৰ পৰাবৈদ্যুতিক ধ্ৰুৱক, k =6
প্ৰথম অৱস্থাৰ ধাৰকত্ব,C= 1.771 × 10⁻¹¹ F
নতুন ধাৰকত্ব, C’= KC = 6×1.771×10⁻¹¹=106pF
যোগান ধৰা ভল্টেজ, V = 100V
নতুন ধাৰকত্ব
q’ = C”V = 6×1.771 × 10⁻⁹ = 1.06×10⁻⁵ C
প্লেট দুখনৰ মাজেৰে বিভৱ হ’ব 100 V
b) পৰাবৈদ্যুতিক ধ্রুবক, k = 6
প্ৰথম অৱস্থাৰ ধাৰকত্ব, C = 1.771 × 10⁻¹¹ F
নতুন ধাৰকত্ব
C” = kC = 6 × 1.771 x 10⁻¹¹= 106 pF
যদি ভল্টেজৰ উৎসটো আঁতৰোৱা হয় তেন্তে আধানে প্লেটখনৰ ওপৰত কোনো প্রভাৱ নেপেলাব।
আধান = 1.771 × 10⁻⁹ C
প্লেট দুখনৰ মাজৰ বিভৱ,
V’=q/C”
=1.771×10⁻⁹/106×10⁻¹²
= 16.7 V
Q: 10) 12pF ৰ ধাৰক এটা 50V ৰ বেটাৰীৰ লগত সংযোগ কৰা হৈছে। ধাৰকটোত কিমান পৰিমাণৰ স্থিতিবৈদ্যুতিক শক্তি সঞ্চিত হ’ব?
উত্তৰ: ধাৰকটোৰ ধাৰকত্ব, C= 12pF = 12 × 10⁻¹²F
বৈদ্যুতিক বিভৱ, V = 50 V
ধাৰকটোত সঞ্চিত স্থিতি বৈদ্যুতিক শক্তিৰ সমন্ধটো,
E=½ × CV²
=½ x12×10⁻¹²x(50)²
=1.5×10⁻⁸ J
গতিকে, ধাৰকটোত সঞ্চিত স্থিতি বৈদ্যুতিক শক্তি, 1.5 x10⁻⁸J
Q: 11) 600pFৰ ধাৰকটো 200 Vৰ উৎসৰে আহিত কৰা হৈছে। ইয়াৰ পিছত উৎসটোৰ পৰা ইয়াৰ সংযোগ বিচ্ছিন্ন কৰা হ’ল আৰু উৎসটোক আন এটা 600 pF ৰ অনাহিত ধাৰকৰ সৈতে সংযোজিত কৰা হ’ল। এই প্রক্ৰিয়াটোত কিমান পৰিমাণৰ স্থিতিবৈদ্যুতিক শক্তি অপচয় হ’ল?
উত্তৰ: ধাৰকটোৰ ধাৰকত্ব, C = 600pF
বিভব পার্থক্য, V= 200 V
ধাৰকতটোত সঞ্চিত হোৱা স্থিতিবৈদ্যুতিক শক্তি,
E=½×CV²
= ½×(600×10⁻¹²)×(200)²
= 1.2×10⁻⁵ J
যদি উৎসটো ধাৰকৰ পৰা বিচ্ছিন্ন কৰা হয় আৰু
অনা এটা ধাৰক C=600 pF ইয়াৰ লগত সংযোগ কৰা হয়, তেন্তে সজ্জাটোৰ মুঠ ধাৰকত্ব,
1/C”=1/C+1/C
= 1/600+1/600 =2/600 = 1/300
C’=300pF
নতুন বৈদ্যুতিক শক্তি গণনা কৰিব পাৰি এনেদৰে,
E” =1/2x C’x V²
=1/2x300x(200)²
= 0.6×10⁻⁵ J
বৈদ্যুতিক শক্তি অপচয় হ’ল—
= E – E’
= 1.2×10⁻⁵ – 0.6×10⁻⁵
= 0.6×10⁻⁵
= 6×10⁻⁶ J
গতিকে, প্রক্রিয়াটোত বৈদ্যুতিক শক্তি অপচয় হ’ল 6×10⁻⁶ J
Q: 12) 8mC পৰিমাণৰ আধান এটা মূলবিন্দুত আছে। – 2 × 10 Cৰ ক্ষুদ্ৰ আধান এটা P (0,0,3 cm) বিন্দুৰ পৰা R (0, 6cm, 9 cm) বিন্দুটোৰ মাজেৰে Q (0, 4 cm, 0) বিন্দুলৈ আনোতে কৰিবলগীয়া কাৰ্যৰ মান গণনা কৰা।
উত্তৰ: মূল বিন্দুটোৰ আধান, q = 8mC = 8 × 10⁻³C
ক্ষুদ্ৰ আধানৰ মান, যিটো Pৰ পৰা R, Rৰ পৰা
Qলৈ অনা হৈছে।
q₁ = – 2 × 10⁻⁹ C
তলৰ চিত্ৰত সকলো বিন্দু উপস্থাপন কৰা হ’ল–

z- অক্ষৰ দিশত মূলবিন্দুৰ পৰা P বিন্দুৰ দূৰত্ব,
d₁ = 3 cm,
y – অক্ষৰ দিশত মূলবিন্দুৰ পৰা Q বিন্দুৰ দূৰত্ব
d₂=4 cm
P বিন্দুত বিভৱ V₁= q/4πε₀ d₁
Q বিন্দুত বিভৱ V₂=q/4πε₀d₂
স্থিতি বিদ্যুত বলৰ দ্বাৰা কৰা কাৰ্য W পথটোৰ
ওপৰত নিৰ্ভৰশীল নহয়।
W=q₁{V₂ – V₁}
=q₁{ q/4πε₀ d₂ – q/4πε₀ d₁}
=qq₁/4πε₀{1/d₂ – 1/d₁}
যত, 1/4πε₀= 9 x 10⁹ Nm²C⁻²
hence ,
W=9×10⁹x8x10⁻³x(-2×10⁻⁹)x{1/0.004 – 1/0.03}
= -144×10⁻³x (-25/3)
= 1.27 J
গতিকে, প্ৰক্ৰিয়াটোত কৰা কাৰ্য হ’ব 1.27J