Class 10 Science Chapter 13 Assamese Medium

Class 10 Science Chapter 13 Assamese Medium অৰ্থাৎ দশম মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞান বিষয়ৰ ১৩তম অধ্যায় তথা “বিদ্যুৎ- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া” ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্ন আৰু Class 10 Science Chapter 13 Assamese Medium অনুশীলনীৰ প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিবলৈ Assamese Medium ত আপোনালোকক স্বাগতম জনাইছোঁ।

ইয়াৰ আগেয়ে আমি ইয়াত Class 10 Science ৰ পৰা আন আন অধ্যায় সমূহৰ সমাধান কৰিবলৈ প্ৰয়াস কৰিছোঁ। যদি আপুনি এতিয়াও Class 10 Assamese Medium ৰ এজন ছাত্ৰ হৈ পঢ়া নাই তেন্তে আগন্তুক HSLC 2022 ৰ বাবে প্ৰয়োজন হব। আপুনি তলত দিয়া Class 10 Science ৰ অধ্যায় সমূহৰ লিংকৰ পৰা পঢ়িব পাৰে।

Class 10 Science Chapter 13 Assamese Medium

Class 10 Science Chapter 13 Assamese Medium Question Answer

প্ৰশ্ন উত্তৰ বুলি কলে আমি Class 10 Science Chapter 13 Assamese Medium ৰ পাঠ্যপুথিৰ আধাৰত ৰচিত সকলো প্ৰশ্ন আমি ইয়াত উত্তৰ দিবলৈ প্ৰয়াস কৰিছোঁ। ইয়াত Assamese Medium Class 10 Science Chapter 13 ত দিয়া পৃষ্ঠা অনুসৰি প্ৰশ্ন উত্তৰ দিবলৈ যত্ন কৰিছো। আপুনি তলৰ অংশত Class 10 Science Chapter 13 Assamese Medium Question Answer পাব।

প্ৰশ্নাৱলী Page No. 224

1.দণ্ডচুম্বকৰ কাষলৈ আনিলে দিগদর্শন যন্ত্রৰ কাটাডাল কিয় বিক্ষেপিত হয় ?
উত্তৰ
– দিগদৰ্শন যন্ত্ৰ হৈছে এটুকুৰা সৰু দণ্ড চুম্বক ৷ যিহেতু দুটা চুম্বকৰ একেধৰণৰ মেৰুৰ মাজত বিকৰ্ষণ আৰু বেলেগ ধৰণৰ মেৰুৰ মাজত আকৰ্ষণ হয় সেয়েহে দণ্ডচুম্বকৰ কাষলৈ আনিলে দিগদর্শন যন্ত্রৰ কাটাডাল বিক্ষেপিত হয় ৷

প্ৰশ্নাৱলী Page No 228 Class 10 Science Chapter 13

1.এডাল দণ্ড চুম্বকৰ কেউকাষৰ চৌম্বক বলৰেখাবােৰ অংকন কৰা।
উত্তৰ

2.চৌম্বক বলৰেখাৰ ধর্মসমূহ তালিকাভূক্ত কৰা।
উত্তৰ
– চৌম্বক বলৰেখাৰ ধৰ্মসমূহ তলত উল্লেখ কৰা হ’ল –
(i) চৌম্বক বলৰেখাবোৰ চুম্বক এটাৰ উত্তৰ মেৰুৰ পৰা ওলায় আৰু দক্ষিণ মেৰুত সোমায় ৷
(ii) চৌম্বকৰ অৰ্ন্তভাগত বলৰেখাৰ দিশ ইয়াৰ দক্ষিন মেৰুৰ পৰা উত্তৰ মেৰুলৈ হয় ৷
(iii) চৌম্বক বলৰেখাবিলাক বন্ধ বক্ৰ ৷
(iv) দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে ৷

3.দুডাল চৌম্বক বল ৰেখাই কিয় পৰম্পৰ কটাকটি কৰিব নােৱাৰে ?
উত্তৰ
– দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি কৰিব নোৱাৰে ৷ যদি কৰে তেন্তে তাৰ অৰ্থ হ’ব যে কটাকটি কৰা বিন্দুত দিকদৰ্শন যন্ত্ৰৰ কাঁটাই দুটা দিশ নিৰ্দেশ কৰিছে, যিটো সম্ভৱ নহয় ৷

প্ৰশ্নাৱলী Page No. 229

1.এখন টেবুলৰ সমতলত তাৰৰ বৃত্তাকাৰ কুণ্ডলী এটা বিবেচনা কৰা। ধৰা হওঁক, ঘড়ীৰ কাটাৰ দিশত ইয়াৰ মাজেৰে প্রবাহ চালিত হৈছে। কুণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চৌম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্রয়ােগ কৰা।
উত্তৰ

চিত্ৰত দেখা গৈছে যে টেবুলৰ সমতলত ৰখা তাঁৰৰ বৃত্তাকাৰ কুণ্ডলীটোৰ মাজেৰে ঘড়ীৰ কাটাৰ দিশত বিদ্যুত প্ৰবাহ হৈছে ৷ সোঁহাতৰ বুঢ়া আঙুলি নীতি প্ৰয়োগ কৰিলে দেখা যায় যে কুণ্ডলীটোৰ ভিতৰত চুম্বক বলৰেখাবিলাক টেবুলখনৰ তললৈ সোমাব আৰু কুণ্ডলীটোৰ বাহিৰত চুম্বক বলৰেখাবিলাক টেবুলখনৰ পৰা ওপৰলৈ ওলাই আহিব ৷

2. এটা প্রদত্ত অঞ্চলত চৌম্বক ক্ষেত্ৰৰ প্রকৃতি সুষম। ইয়াক প্ৰদৰ্শন কৰি চিত্র অংকন কৰা।
উত্তৰ-

ওপৰৰ চিত্ৰটোত দেখা যায় যে এটা প্ৰবাহ যুক্ত চ’লেনইডৰ ভিতৰৰ চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম ৷

3. শুদ্ধ উত্তৰ বাছি উলিওৱা।
প্রবাহযুক্ত দীঘল চ’লেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্র (a)শূন্য
(b) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে কমি যায়। (c) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে বাঢ়ি যায়। (d) সকলাে বিন্দুতে একে থাকে।
উত্তৰ- (d) সকলাে বিন্দুতে একে থাকে।

প্ৰশ্নাৱলী Page No. 231

1. চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্হাত প্ৰটন এটাৰ নিম্নোক্ত কোনটো ধর্ম সলনি হ’ব পাৰে ? (ইয়াত এটাতকৈ বেছি উওৰ থাকিব পাৰে) (a) ভৰ (b) দ্ৰুতি (c) বেগ (d) ভৰ বেগ
উত্তৰ– (c) বেগ আৰু (d) ভৰ বেগ

2. কাৰ্যকলাপ 13.7ত AB দণ্ডৰ সৰন কেনেদৰে প্ৰভাবিত হ’ব যদি (i) AB দণ্ডৰ প্ৰবাহ বৃদ্ধি কৰা হয়, (ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰা হয়, আৰু (iii) AB দণ্ডৰ দৈৰ্য বৃদ্ধি কৰা হয় ?
উত্তৰ-

  1. AB দণ্ডৰ প্ৰবাহ বৃদ্ধি কৰিলে দণ্ডডালত প্ৰয়োগ হোৱা বল বাঢ়িব ৷ সেইবাবে দণ্ডডালৰ অধিক জোৰত সৰন ঘটিব ৷
  2. পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰিলও দণ্ডডালত প্ৰয়োগ হোৱা বল বাঢ়িব ফলত দণ্ডডাল অধিক জোৰত সৰন ঘটিব ৷
  3. একেদৰে AB দণ্ডৰ দৈৰ্য বৃদ্ধি কৰিলেও দণ্ডডালৰ সৰণত একেই প্ৰভাৱ দেখা যাব ৷

3. পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কৰা এটা (আলফা কণা) চৌম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ’ল। চুম্বক ক্ষেত্রৰ দিশ হ’ব- (a) দক্ষিণমুৱা (b) পূৱমুৱা (c) নিম্নমুখী (d) উৰ্দ্ধমুখী
উত্তৰ– (d) উৰ্দ্ধমুখী

প্ৰশ্নাৱলী Page No. 233

1.ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা।
উত্তৰ- ফ্লেমিঙৰ বাওঁহাতৰ নীতি অনুসৰৰি যদি আমাৰ বাওঁহাতৰ বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিয়া হয় আৰু যদি তৰ্জনী আঙুলিয়ে চৌম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ অথবা তাৰ ওপৰত ক্ৰিয়াশীল বলৰ দিশ সূচাব ৷

2. বৈদ্যুতিক মটৰৰ মূলনীতিটো কি ?
উত্তৰ- বৈদ্যুতিক মটৰ বিদ্যুত- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াক মূলনীতি হিচাপে লৈ প্ৰস্তুত কৰা হয় ৷ কোনো এটা কুণ্ডলীৰ মাজেৰে বিদ্যুত প্ৰবাহ ঘটিলে কুণ্ডলিটোয়ে চৌম্বক বলৰেখাৰ সৃষ্টি কৰে ৷

3. বৈদ্যুতিক মটৰত ফলা আঙঠিৰ ভূমিকা কি?
উত্তৰ- বৈদ্যুতিক মটৰত ফলা আঙঠিটো দিক পৰিবৰ্তক হিচাপে কাম কৰে ৷ ই মটৰত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰে ৷

প্ৰশ্নাৱলী Page No. 236

1.কুণ্ডলীত প্রবাহ আবিষ্ট কৰা বিভিন্ন উপায়বােৰ ব্যাখ্যা কৰা।
উত্তৰ- কুণ্ডলীত প্রবাহ আবিষ্ট কৰা বিভিন্ন তলত উল্লিখ কৰা হ’ল–
(i) এটা কুণ্ডলীৰ সাপেক্ষে এডাল চুম্বকক গতি কৰালে কুণ্ডলিটোত প্ৰবাহ আবিষ্ট হ’ব ৷
(ii) এটা অশ্ব-খুৰা চুম্বকৰ দুই মেৰুৰ মাজত এটা কুণ্ডলী তীব্ৰভাৱে ঘুৰালে কুণ্ডলীটোত প্ৰবাহ আবিষ্ট হ’ব ৷

প্ৰশ্নাৱলী Page No. 237

1.এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি লিখা।
উত্তৰ- বৈদ্যুতিক জেনেৰেটৰ এটা বিদ্যুৎ চুম্বকীয় আৱেশক মূলনীতি হিচাপে লৈ প্ৰস্তুত কৰা হয় ৷ কোনো এটা কুণ্ডলী চুম্বক ক্ষেত্ৰ এটাত গতি কৰিলে বা ঘুৰিলে কুণ্ডলিটোত বিদ্যুৎ আবিষ্ট হয়৷

2.প্রত্যক্ষ প্রবাহৰ উৎস কেইটামানৰ নাম লিখা।
উত্তৰ- প্রত্যক্ষ প্রবাহৰ উৎস কেইটামানৰ উদাহৰণ – DC জেনেৰেতৰ, কোষ ইত্যাদি ৷

3.পৰিৱৰ্তীত প্রবাহ কোনবিলাক উৎসই উৎপাদন কৰে।
উত্তৰ- AC জেনেৰেতৰ, শক্তি উৎপাদন কেন্দ্ৰ ইত্যআদি ৷

4 শুদ্ধটো বাছি উলিওৱা:: তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্র এখনত ঘূৰােৱা হৈছে। আৱিষ্ট প্রবাহৰ দিশ প্রতি
a) দুপাকত সলনি হ’ব । (b) এপাকত সলনি হ’ব (c) আধা পাকত সলনি হ’ব (d) এপাকৰ চাৰি ভাগৰ এভাগত সলনি হ’ব।
উত্তৰ- প্ৰতি আধা পাকত সলনি হ’ব ৷

প্ৰশ্নাৱলী Page No. 238

1. বৈদ্যুতিক বর্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হােৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা।
উত্তৰ- বৈদ্যুতিক বর্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হােৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম- ফিউজ আৰু ভূমি তাঁৰ ৷

2. এটা বৈদ্যুতিক ওভেনৰ ক্ষমতা 2 KW আৰু ইয়াক 5A প্রবাহ ক্ষমতাৰ ঘৰুৱা বর্তনী এটাৰ (220V ৰ) লগত সংযােগ কৰা হৈছে। কি ফলাফল তুমি আশা কৰিবা ? আলােচনা কৰা।
উত্তৰ- দিয়া আছে,
বৈদ্যুতিক ওভেনৰ ক্ষমতা, P = 2KW
= 2 x 1000
=2000W
বিভৱভেদ, V = 220 ভল্ট
P=VI
I=P/V
I=2000/220
I=9.09A

দেখা গ’ল যে বৈদ্যুতিক ওভেনটো ভালদৰে চলিবলৈ 9.09A বিদ্যুত প্ৰবাহৰ প্ৰয়োজন ৷ যিহেতু ঘৰুৱা বৰ্তনীটো 5A প্ৰবাহ ক্ষমতা যুক্ত, সেয়েহে উক্ত ওভেনটো বৰ্তনীটোত সংযোগ কৰিলে বৰ্তনীতো নষ্ট হোৱা সম্ভাবনা আছে ৷

3. ঘৰুৱা বৈদ্যুতিক বর্তনীবিলাক অত্যাধিক বােজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল’বা ?
উত্তৰ- ঘৰুৱা বৈদ্যুতিক বর্তনীবিলাক অত্যাধিক বােজাৰ পৰা ৰক্ষা কৰিবলৈ তলত উল্লেখিত সাবধানতাবোৰ ল’ব লাগে –

  1. ঘৰুৱা বৈদ্যুতিক বর্তনীবিলাকত সদায় এডাল ভূমি সংযোগী তাঁৰ থাকিব লাগে ৷
  2. সকলো ঘৰৰ বৰ্তনীত এডাল ফিউজ তাঁৰ থকা উচিত ৷
  3. একেতা খাঁজত অত্যাধিক সজুলি সংযোগ কৰিব নালাগে ৷
  4. একে সময়তে অত্যাধিক সজুলি ব্যৱহাৰ কৰিব নালাগে ৷

অনুশীলনী প্ৰশ্ন উত্তৰ

Q. 1. তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্ৰ শুদ্ধভাৱে বর্ণনা কৰে?
(a) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত।
(b) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত।
(c) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী (radial) ৰেখাৰে গঠিত।
(d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্র থকা এককেন্দ্রীক বৃত্তৰে গঠিত।
Ans. (d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত।

Q. 2. বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে–
(a) বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া
(b) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্ৰক্ৰিয়া।
(c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া
(d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূর্ণনৰ প্ৰক্ৰিয়া।
Ans. (d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূর্ণনৰ প্ৰক্ৰিয়া।

Q. 3. বৈদ্যুতিক প্রবাহ উৎপন্ন সঁজুলিক–
(a) জেনেৰেটৰ বোলা হয়।
(b) গেলভেন মিটাৰ বোলা হয়।
(c) এমিটাৰ বোলা হয়
(d) মটৰ বোলা হয়।
Ans. (a) জেনেৰেটৰ বোলা হয়।

Q. 4. পৰিবর্তী প্রবাহ জেনেৰেটৰ আৰু প্রত্যক্ষ প্রবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পার্থক্যটো হৈছে–
(a) পৰিবৰ্তী প্রবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে।
(b) প্রত্যক্ষ প্রবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে।
(c) পৰিৱৰ্তী প্রবাহ জেনেৰ্টেৰে উচ্চ বিভবভেদ উৎপন্ন কৰে।
(d) পৰিবৰ্তী প্রবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক্ পৰিবৰ্ত্তক থাকে।
Ans. (d) পৰিৱর্তী প্রবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক্ পৰিবৰ্ত্তক থাকে।

Q. 5. বর্তী (Short Circuit) হোৱাৰ সময়ত বৰ্ত্তনীটোত প্ৰবাহ
(a) বুজন পৰিমাণে কমি যায়।
(b) সলনি নহয়।
(c) বুজন পৰিমাণে বৃদ্ধি পায়।
(d) অবিৰ্তভাবে সলনি হয়।
Ans. (c) বুজন পৰিমাণে বৃদ্ধি পায়।

Q. 6. তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা।
(a) এটা বৈদ্যুতিক মটৰে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে।
Ans. ভুল। শুদ্ধ— এটা বৈদ্যুতিক মটৰে বিদ্যুৎ শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰিত কৰে।

(b) এটা বৈদ্যুতিক জেনেৰেটেৰে বিদ্যুৎ-চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কার্য সম্পাদন কৰে।
Ans. শুদ্ধ।

(c) এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হ’ব।
Ans. শুদ্ধ

(d) সেউজীয়া অন্তৰকৰ তাঁৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে।
Ans. ভুল। শুদ্ধ – সেউজীয়া অন্তৰ্কৰ তাঁৰক সাধাৰণতে ভূমি সংযোগী তাঁৰ বোলে।

7.চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা।
উত্তৰ- চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি –
i) বৰ্তনী এটাৰে বিদ্যৎ প্ৰবাহ কৰিলে চৌম্বক ক্ষেত্র উৎপন্ন হয় ৷
ii) চ’লেনিড এটাৰ মাজেৰে বিদ্যৎ প্ৰবাহ কৰিলে চৌম্বক ক্ষেত্র উৎপন্ন হয় ৷

8. চ’লেনিডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্রবাহযুক্ত চলেনই এটাৰ উত্তৰ মেৰু আৰু দক্ষিন মেৰু নির্ণয় কৰিব পাৰিবানে? ব্যাখ্যা কৰা।
উত্তৰ- চ’লেনিড হ’ল চুঙা এটাৰ আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলী ৷

চ’লেনইড বা বহুত পাকযুক্ত বৃত্তাকাৰ কুণ্ডলিত বিদ্যৎ প্ৰবাহ হলে কুণ্ডলীটোৰ মাজেৰে আৰু কেউকাষে চুম্বক বলৰেখাৰ সৃষ্টি হয় ৷ চলেনইডৰ এটা মূৰ চৌম্বক উত্তৰ মেৰু আৰু আনটো মূৰ দক্ষিণ মেৰুৰ দৰে আচৰন কৰে ৷
এডাল দণ্ড চুম্বকৰ সহায়ত অতি সহজে প্রবাহযুক্ত চ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিন মেৰু নির্ণয় কৰিব পৰি ৷ যিহেতু দুটা চুম্বকৰ একেধৰণৰ মেৰুৰ মাজত বিকৰ্ষণ আৰু বেলেগ ধৰণৰ মেৰুৰ মাজত আকৰ্ষণ হয় ৷ সেয়েহে এডাল দণ্ড চুম্বকৰ উত্তৰ মেৰু চ’লেনইডৰ এটা মূৰৰ উচৰত আনিলে যদি আকৰ্ষণ হয় চ’লেনইডৰ উক্ত মূৰটো দক্ষিন মেৰু বুলি প্ৰমাণ হ’ব আনহাতে বিকৰ্ষণ হ’লে উত্তৰ মেৰু ৷ এটা মেৰু চিনাক্ত হ’লে আনটো মেৰু সহজে নিৰ্ণয় কৰিব পাৰি ৷

9.চৌম্বক ক্ষেত্রত স্থাপন কৰা প্রবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্ব্বচ্চ হয় ?
উত্তৰ- যেতিয়া প্ৰবাহৰ দিশ চৌম্বক ক্ষেত্ৰৰ দিশৰ লগত লম্ব হয় তেতিয়া চৌম্বক ক্ষেত্রত স্থাপন কৰা প্রবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল সৰ্ব্বচ্চ হয় ৷

10. ধৰা হওঁক তুমি কোঠা এটাত বেৰৰ ফালে পিঠি দি বহি আছ। ইলেকট্রনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সমুখৰ বেৰলৈ অনুভূমিকভাৱে আহিছে। এই কিৰণ ডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিচ্যুত হৈছে ৷ চৌম্বক ক্ষেত্ৰৰ দিশ কি হ’ব?
উত্তৰ- ফ্লেমিঙৰ বাওঁহতীয়া নীতি প্ৰয়োগ কৰিলে দেখা যায় চৌম্বক ক্ষেত্ৰৰ দিশ নিম্নমুখী হ’ব ৷

11. বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্র অংকন কৰা। ইয়াৰ মূলনীতি আৰু কার্যপ্রণালী ব্যাখ্যা কৰা। বৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম কি?
উত্তৰ-

মূলনীতি – বৈদ্যুতিক মটৰ বিদ্যুত- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াক মূলনীতি হিচাপে লৈ প্ৰস্তুত কৰা হয় ৷ কোনো এটা কুণ্ডলীৰ মাজেৰে বিদ্যুত প্ৰবাহ ঘটিলে কুণ্ডলিটোয়ে চৌম্বক বলৰেখাৰ সৃষ্টি কৰে ৷
কার্যপ্রণালী – চিত্ৰত দেখুওৱাৰ দৰে বৈদ্যুতিক মটৰ আয়তাকাৰ কুণ্ডলী ABCD ৰে গঠিত ৷ কুণ্ডলীটোৰ AB আৰু CD বাহু চুম্বক ক্ষেত্ৰৰ লম্ব হিচাপে ৰখা হেছে ৷ এটা ফলা আঙঠিৰ দুটা অৰ্ধাংশ P আৰু Qৰ লগত কুণ্ডলীটোৰ প্ৰান্ত দুটা সংযোগ কৰা হৈছে ৷ P আৰু Qৰ বৰ্হিভাগৰ পৰিবাহী ফাল দুটাই লৰচৰ কৰিব নোৱাৰা ব্ৰাচ X আৰু Yক স্পৰ্শ কৰি আছে ৷
বেটেৰীৰ পৰা AB বাহুৰে বিদ্যুৎ প্ৰবাহ হ’লে ফ্লেমিঙৰ বাওঁহতীয়া নীতী অনুসৰি AB বাহুত ক্ৰিয়া কৰা বলে ইয়াত তললৈ ঠেলিব আৰু CD বাহুত ক্ৰিয়া কৰা বলে ইয়াত ওপৰলৈ ঠেলিব ৷ আধা পাক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰাৰ পিছত Qয়ে X ব্ৰাচক স্পৰ্শ কৰিব আৰু Pয়ে Y ব্ৰাচক স্পৰ্শ কৰিব ৷ ফলত কুণ্ডলীটোত প্ৰবাহ বিপৰীত মুখী হৈ DCBA পথেৰে প্ৰবাহিত হ’ব ৷ বৈদ্যুতিক মটৰত ফলা আঙঠিয়ে দিক্ পৰিবৰ্তক হিচাপে কাম কৰে ৷ গতিকে আগতে তললৈ ঠেলা খোৱা AB বাহু এইবাৰ ওপৰলৈ ঠেলা খাব আৰু CD তললৈ ৷ এই দৰে কুণ্ডলী আৰু অক্ষদণ্ড একে দিশত অবিৰতভাৱে ঘূৰি থাকিব ৷ বৈদ্যুতিক মটৰত ফলা আঙঠিটো দিক পৰিবৰ্তক হিচাপে কাম কৰে ৷ ই মটৰত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰে ৷

12. বৈদ্যুতিক মটৰ ব্যৱহৃত হােৱা কেইবিধমান সঁজুলীৰ নাম লিখা।
উত্তৰ- বৈদ্যুতিক মটৰ ব্যৱহৃত হােৱা কেইবিধমান সঁজুলীৰ নাম – বৈদ্যুতিক পাংখা, ৰেফ্ৰিজাৰেটৰ, মিক্সাৰ ইত্যাদি ৷

13.অন্তৰিত তামৰ তাঁৰৰ কুণ্ডলী এটা গেলভেন মিটাৰ এটাৰ লগত সংযােগ কৰা হৈছে। যদি এডাল দণ্ড চুম্বক (i) কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে (ii) কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে (iii) কুণ্ডলীৰ অন্তভাগত স্থিতিশীল অৱস্থাত ৰাখিলে কি হব?
উত্তৰ- গেলভেন’মিটাৰ হেছে বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰিব পৰা এটা সজুঁলি ৷
অন্তৰিত তামৰ তাঁৰৰ কুণ্ডলী এটা গেলভেন’মিটাৰ এটাৰ লগত সংযােগ কৰিলে –

  1. যদি এডাল দণ্ড চুম্বক কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিয়া হয়, গেলভেন’মিটাৰৰ কাঁটাডালৰ এক ক্ষণস্থায়ী বিক্ষেপন দেখা যাব ৷
  2. যদি এডাল দণ্ড চুম্বক কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই অনা হয়, গেলভেন’মিটাৰৰ কাঁটাডালৰ বিক্ষেপন পূৰ্বৰ বিক্ষেপনৰ ওলোটা হ’ব ৷
  3. যদি এডাল দণ্ড চুম্বক কুণ্ডলীৰ অন্তভাগত স্থিতিশীল অৱস্থাত ৰখা হয়, গেলভেন’মিটাৰৰ কাঁটাডালৰ কোনো বিক্ষেপন দেখা নাযাব ৷

14. দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে। A কুণ্ডলীত প্রবাহ পৰিবর্তন হলে B কুণ্ডলীত প্রবাহ আৱিষ্ট হবনে? কাৰণ দর্শাৱা।
উত্তৰ- দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে। A কুণ্ডলীত প্রবাহ পৰিবর্তন হলে B কুণ্ডলীত প্রবাহ আৱিষ্ট হ’ব ৷ কাৰণ A কুণ্ডলীত প্রবাহ পৰিবর্তন হলে তাৰ লগত সংলগ্ন বৰৰেখাবোৰ সলনি হয় ৷ ইয়াৰ ফলতে B কুণ্ডলীত প্রবাহ আৱিষ্ট হয় ৷ এই প্ৰক্ৰিয়াটোক বিদ্যুৎ চুম্বকীয় অৱেশ বোলে ৷

15. (i) প্রবাহযুক্ত পােন পৰিবাহীৰ কেউকাষে সৃষ্টি হােৱা চৌম্বক ক্ষেত্ৰৰ, (ii) চৌম্বক ক্ষেত্র এখনৰ লম্বভাবে স্থাপন কৰা প্রবাহযুক্ত পােন পৰিবাহী এডালে অনুভৱ কৰা বল আৰু (iii) চৌম্বক ক্ষেত্র এখনত ঘূৰাওঁতে কুণ্ডলীত আৱিষ্ট হােৱা প্ৰবাহৰ দিশ নির্ণয় কৰাৰ নিয়ম উল্লেখ কৰা।
উত্তৰ-

(i) সোঁহাতৰ বুঢ়া আঙুলি নীতি ৷
(ii) ফ্লেমিঙৰ বাঁওহতীয়া নীতি
(iii) ফ্লমিঙৰ সোঁহতীয়া নীতি ৷

16. চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি আৰু কার্যপ্রণালী বর্ণনা কৰা। ইয়াত ব্রাচদুডালৰ কাম কি ?
উত্তৰ –

মূলনীতি– বৈদ্যুতিক জেনেৰেটৰ এটা বিদ্যুৎ চুম্বকীয় আৱেশক মূলনীতি হিচাপে লৈ প্ৰস্তুত কৰা হয় ৷ কোনো এটা কুণ্ডলী চুম্বক ক্ষেত্ৰ এটাত গতি কৰিলে বা ঘুৰিলে কুণ্ডলিটোত বিদ্যুৎ আবিষ্ট হয়৷
কার্যপ্রণালী :– চিত্ৰত দেখুওৱাৰ দৰে জেনেৰেটৰৰ মূ্ল অংশ হ’ল এটা ঘূৰ্ণায়মান কুণ্ডলি ABCD যাক চুম্বকৰ দুটা মেৰুৰ মাজত ৰখা হৈছে ৷ কুণ্ডলীৰ মূৰ দুয়োটা R1 আৰু R2 আঙঠি দুটাৰ লগত সংযোগ কৰা হয় ৷ দুডাল স্থিতিশীল পৰিবাহী ব্ৰাচ B1 আৰু B2 যথাক্ৰমে R1 আৰু R2 ৰ লগত পৃথকে পৃথকে হেচা দি ৰখা হয় ৷
ধৰাহওঁক ABCD কুণ্ডলীটোক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰোৱা হেছে ৷ AB বাহু ওপৰলৈ উঠিছে আৰু CD বাহু তললৈ নামিছে ৷ ফ্লেমিঙৰ সোঁহতীয়া নীতি অনুসৰি আৱিষ্ট প্ৰবাহ ABCD দিশত চালিত হ’ব৷ আধা পাক ঘূৰাৰ পিছত CD বাহু ওপৰলৈ আৰু AB বাহু তললৈ যাবলৈ আৰম্ভ হ’ব ৷ ফলত আবিষ্ট প্ৰবাহৰ দিশ সলনি হৈ DCBAৰ দিশত চালিত হ’ব ৷ বহিঃ বৰ্তনীত B1 আৰু B2 ৰে প্ৰবাহ চলিত হ’ব ৷ গতিকে প্ৰতি আধা পাক ঘূৰ্ণনত জেনেৰেটৰে পৰিবৰ্তীত প্ৰবাহৰ(AC) যোগান ধৰিব ৷ জেনেৰেটৰৰ ব্ৰাচদুডাৰ যোগেদি উৎপাদিত শক্তি বহিঃবৰ্তনীত প্ৰবাহ হয় ৷

17. এটা বৈদ্যুতিক হ্রস্ববর্তনী (Short Circuit) কেতিয়া সংঘটিত হয় ?
উত্তৰ- এটা বৈদ্যুতিক হ্রস্ববর্তনী (Short Circuit) তলত উল্লেখিত কাৰক বোৰৰ বাবে সংঘটিত হ’ব পাৰে –
(i) সজীৱ আৰু উদাসীন তাঁৰৰ অবাঞ্চিত সংযোগ ঘটিলে ৷
(ii) যোগান ধৰা বিভৱৰ আকস্মিক বৃদ্ধি হ’লে ৷
(iii) একেটা খাঁজৰ পৰা অত্যাধিক সজুলি সংযোগৰ ফলত কেতিয়াবা হ্রস্ববর্তনী হ’ব পাৰে ৷

18. ভূমি সংলগ্ন তাঁৰৰ কাম কি? ধাতুৰ সঁজুলিবােৰ ভূমি সংলগ্ন কৰাৰ প্রয়ােজন কিয় ?
উত্তৰ- ভূমি সংলগ্ন তাঁৰ বিদ্যুৎ বৰ্তনীৰ এবিধ সুৰক্ষা ব্যৱস্থা ৷ ধাতুৰ সজুলিৰ শৰীৰ ভূমি সংযোগী তাঁৰৰ লগত সংলগ্ন কৰিলে ই প্ৰবাহক ভূমিলৈ কম ৰোধৰ পৰিবাহী পথ এটাৰ যোগান ধৰে ৷ সঁজুলিৰ ধাতুৰ শৰীৰলৈ এই প্ৰবাহ নিঃসাৰিত হ’লে এই ব্যৱস্থাই ধাতুৰ শৰীৰৰ বিভৱ ভূমিৰ সৈতে একে কৰি ৰাখে, ফলত ব্যৱহাৰকাৰীয়ে অনুভৱ কৰা বৈদ্যুতিক আঘাত সিমান প্ৰচণ্ড নহ’ব পাৰে ৷

Class 10 Science Chapter 12 PDF Note in Assamese

শেষ বাক্য হিচাপে

শেষ বাক্য হিচাপে ইয়াত কবলৈ একো নাই যদি উল্লেখ কৰিব খোজো যে আমি এতিয়ালৈকে Class 10 Science Chapter 13 Assamese Medium ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ যত্ন কৰিছো। যদি ইয়াত Class 10 Science Chapter 13 Assamese Medium Question Answer ত আৰু কোনো প্ৰশ্ন উত্তৰ দিবলৈ বাকী আছে তেন্তে আপুনি অনুগ্ৰহ কৰি Comment Section ত জনাব পাৰে।

ইয়াৰ ওপৰিও যদি আপুনি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিবলৈ প্ৰয়াস কৰে তেন্তে Assamese Medium Facebook PageFollow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ অব্যাহত ৰাখিব পাৰে।

This Post Has 2 Comments

প্ৰত্যুত্তৰ দিয়ক