Class 10 Maths Chapter 15 Assamese Medium

আপুনি দশম মান শ্ৰেণীৰ শিক্ষাৰ্থী নেকি? আপুনি Class 10 Maths Chapter 15 Assamese Medium তথা অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ গণিত বিষয়ৰ পঞ্চদশ অধ্যায় “সম্ভাৱিতাExercise 15.1 ৰ সমাধান বিচাৰি আছে নেকি?

হয়, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱী সকল, আজি আমি Assamese MediumClass 10 Maths Chapter 15 ৰ সম্পূৰ্ণ সমাধান ইয়াত আলোচনা কৰাৰ প্ৰয়াস কৰিছো। আশা কৰোঁ আপোনালোকে, এই অধ্যায়ৰ সমাধানে আপোনাক বহু প্ৰকাৰে সহায় কৰিব।

আপুনি যদি Class 10 Maths Assamese MediumVideo Class চাব খোজে, তেন্তে ‘Assamese MediumYouTube Channel ত চাব পাৰিব।

Class 10 Maths Chapter 15 Assamese Medium

Class 10 Maths chapter 15 Assamese Medium | সম্ভাৱিতাৰ অনুশীলনী ১৫.১

1. তলৰ উক্তিবোৰ সম্পূৰ্ণ কৰা:

(i) ঘটনা E ৰ সম্ভাৱিতা + ঘটনা ‘E নহয়’ৰ সম্ভাৱিতা ____
(ii) কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হ’ল ______ এনেকুৱা ঘটনাক কয় ________
(iii) নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা হ’ল _______ এনেকুৱা ঘটনাক ________ বোলে
(iv) এটা পৰীক্ষাৰ সকলো প্রাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হ’ল _______
(v) এটা ঘটনাৰ সম্ভাৱিতা _________ তকৈ ডাঙৰ বা সমান আৰু _________ তকৈ সৰু বা সমান

2. তলৰ কোনবোৰ পৰীক্ষাৰ ফলাফল সমশক্য? ব্যাখ্যা কৰা।
(i) এজন ড্রাইভাৰে এখন গাড়ী ষ্টাৰ্ট দিবলৈ যত্ন কৰিছে। গাড়ীখন ষ্টাৰ্ট হ’বও পাৰে বা নহ’বও পাৰে।
(ii) এজন খেলুৱৈয়ে এটা বাস্কেট বল ভৰাব বিচাৰিছে। তেওঁ ভৰাব পাৰে বা নোৱাৰিবও পাৰে।
(iii) এটা প্ৰশ্নৰ উত্তৰ সত্য বা অসত্য বুলি দিয়াৰ চেষ্টা কৰা হৈছে। উত্তৰটো শুদ্ধ বা অশুদ্ধ হ’ব পাৰে।
(iv) এটা কেচুৱা জন্ম হ’ল। এইটো ল’ৰা বা ছোৱালী হ’ব পাৰে।

3. এখন ফুটফল খেলত কোনটো দলে আৰম্ভণিতে বলটো লব সেয়া সিদ্ধান্ত লবলৈ কিয় এটা বিশুদ্ধ মুদ্ৰাৰ টচ্ কৰাটো দৰকাৰ বুলি বিবেচনা কৰে?

4. তলৰ কোনকেইটা এটা ঘটনাৰ সম্ভাৱিতা হ’ব নোৱাৰে।
(A) 3/2 (B) -1.5 (C) 15% (D) 0.7

5.যদি P(E) = 0.05, তেন্তে ‘E নহয়’ৰ সম্ভাৱিতা কি?

6. এটা মোনাত মাত্ৰ নেমুৰ স্বাদৰ মৰ্টন আছে। মালিনীয়ে মোনাটো নোচোৱাকৈ এটা মর্টন ল’লে। তেওঁ লোৱাটোৰ সম্ভাৱিতা কি যাতে –
(i) এটা কমলা স্বাদৰ মৰ্টন লয়?
(ii) এটা নেমু স্বাদৰ মৰ্টন লয়?

7. এটা 3 জনীয়া ছাত্ৰৰ দলত দিয়া আছে যে 2 জন ছাত্ৰৰ একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা 0.992। 2 জন ছাত্ৰৰ একে জন্মদিন হোৱাৰ সম্ভাৱিতা কি?
8. এটা মোনাত 3টা ৰঙা আৰু 5টা ক’লা ৰঙৰ আছে । মোনাটোৰপৰা এটা বল যাদৃচ্ছিকভাৱে টনা হ’ল। টনা বলটোৰ (i)ৰঙা ৰঙৰ হোৱা (ii) ৰঙা নোহোৱাৰ সম্ভাৱিতা কি?
9. এটা বাকচত 5 টা ৰঙা মাৰ্বল, 8 টা বগা মাৰ্বল আৰু 4 টা সেউজীয়া মাৰ্বল আছে। বাকচৰপৰা যিকোনো এটা মাৰ্বল যাদৃচ্ছিকভাৱে লোৱা হ’ল। মাৰ্বলটোৰ –
(i) ৰঙা হোৱা
(ii) বগা হোৱা
(iii) সেউজীয়া নোহোৱাৰ সম্ভাৱিতা কি?

10. এটা টেমাত এশটা 50 পইচা, পঞ্চাশটা 1 টকীয়া, বিশটা 2 টকীয়া আৰু দহটা ১টকীয়া মুদ্রা আছে। টেমাটো ওপৰমুখ তল কৰিলে এটা মুদ্ৰা ওলাই পৰাটো সমশক্য হ’লে, মুদ্ৰাটো –
(i) 50 পইচা হোৱা
(ii) 5 টকীয়া নোহোৱাৰ সম্ভাৱিতা কি?

Class 10 Maths Chapter 15 Ex 15.1 Q1-Q10 Solution Assamese Medium

Assamese Medium ত আজি আমি Exercise 15.1 Q11 – Q16 Solution PDF Notes সমাধান দিবলৈ আমি প্ৰস্তুত কৰিছো আৰু আপোনাৰ বাবে তলৰ লিংকত আপলোড কৰিছো। আপুনি তাৰ পৰা ডাউনলোড কৰিব পাৰিব।

তলত আমি Class 10 Maths Ex 15.1 Q11-Q16 উল্লেখ কৰিছো আৰু তাৰ সমাধান সমূহ তলৰ PDF ত দিয়া হৈছে কাৰণ গণিত বিষয়ৰ সমাধন টাইপ কৰাত বহুত অসুবিধা হয়। আপুনি যদি Class 10 Maths Assamese Medium ৰ Video Class চাব খোজে, তেন্তে ‘Assamese Medium‘ YouTube Channel ত চাব পাৰিব।

Class 10 Maths Chapter 15 Ex 15.1 Assamese Medium Q11-Q16 | সম্ভাৱিতাৰ অনুশীলনী ১৫.১

11. গোপীয়ে তেওঁৰ একুৱেৰিয়ামৰ বাবে এখন দোকানৰপৰা এটা মাছ কিনি আনিলে। চিত্র 15.4ত দেখুওৱাৰ দৰে দোকানীজনে 5টা মতা মাছ আৰু 8 মাইকী মাছ থকা চৌব্বাচাৰ পৰা যাদৃচ্ছিকভাৱে যিকোনো এটা মাছ ধৰি দিলে। মাছটো মতা মাছ হোৱাৰ সম্ভাৱিতা কি?

12. এখন খেল এডাল চলন্ত কাউঁচিনযুক্ত, যিডাল 1, 2, 3, 4, 5, 6, 7, 8 যিকোনো এটা সংখ্যাৰ পিনে টোৱাই ৰৈ যায় আৰু এই ফলাফল সমশক্য। সম্ভাৱিতা কি যাতে এইডালে গৈ ৰয়—
(i) 8ত?
(ii) এটা অযুগ্ম সংখ্যাত?
(iii) 2তকৈ ডাঙৰ এটা সংখ্যাত?
(iv) 9 তকৈ সৰু এটা সংখ্যাত?

13. এটা লুডুগুটি এবাৰ মাৰি পঠিওৱা হৈছে।
(i) এটা মৌলিক সংখ্যা,
(ii) 2 আৰু 6 ৰ মাজৰ এটা সংখ্যা;
(ii) এটা অযুগ্ম সংখ্যা, পোৱাৰ সম্ভাৱিতা নির্ণয় কৰা।

14. ভালদৰে মিহলোৱা 52 টা কাৰ্ড থকা এযোৰ তাচপাতৰপৰা এটা কাৰ্ড টানি লোৱাহ’ল।
(i) এটা ৰঙা ৰঙৰ ৰজা
(ii) এটা মুখ কার্ড
(iv) হৰতনৰ গোলাম
(iii) এটা ৰঙা মুখ কার্ড
(v) এটা ইস্কাপন
(vi) ৰোহিতনৰ ৰাণী, পোৱাৰ সম্ভাৱিতা নির্ণয় কৰা

15. ৰোহিতনৰ পাঁচটা কার্ড— দহ, গোলাম, ৰাণী, ৰজা আৰু টেক্কা তলমুৱা কৰি ভালদৰে মিহলোৱা হ’ল। এটা কার্ড যাদৃচ্ছিকভাৱে টনা হ’ল।
(i) কাৰ্ডটো ৰাণী হোৱাৰ সম্ভাৱিতা কি?
(ii) যদি ৰাণী টনা হয় আৰু একাষৰীয়াকৈ ৰখা হয়, দ্বিতীয় কাৰ্ডটো টানিলে (ক) এটা টেক্কা (খ) এজনী ৰাণী পোৱাৰ সম্ভাৱিতা কি?

16. 12 টা বেয়া কলম দুৰ্ভাগ্যৱশতঃ 132 টা ভাল কলমৰ লগত মিহলি হ’ল। মাত্ৰ চকুৰে চাই এটা কলম ভালনে বেয়া কোৱাটো সম্ভৱ নহয়। গোটটোৰপৰা এটা কলম তুলি লোৱা হ’ল, কলমটো ভাল হোৱাৰ সম্ভাৱিতা নির্ণয় কৰা।

Download PDF Now: Class 10 Maths Chapter 15 Ex 15.1 Q11-Q16 Solution Assamese Medium

Class 10 Maths Ex 15.1 Q17-Q25 Assamese Medium | সম্ভাৱিতাৰ অনুশীলনী ১৫.১

17. (i) 20 টা বাল্বৰ টোপোলা এটাৰ 4 টা বাল্ব বেয়া। টোপোলাটোৰপৰা এটা বাল্ব যাদুচ্ছিকভাৱে লোৱা হ’ল। বাল্বটো বেয়া হোৱাৰ সম্ভাৱিতা কি?
(ii) ধৰাহ’ল (i) ত টনা বাল্বটো বেয়া নহয় আৰু ইয়াক পুনঃস্থাপন কৰা নহ’ল। এতিয়া বাকীখিনিৰপৰা এটা বাল্ব টনা হ’ল। এই বাল্বটো বেয়া নোহোৱাৰ সম্ভাৱিতা কি?

18. এটা বাকচত 1ৰ পৰা 90 নম্বৰ দি থোৱা 90 খন ডিচ্ক (থাল) আছে। যদি এখন থাল যাদৃচ্ছিকভাৱে বাকচৰপৰা টনা হয়, তেন্তে ইয়াত

  • (i) এটা দুটা অংকৰ সংখ্যা
  • (ii) এটা পূর্ণবর্গ সংখ্যা
  • (iii) 5 ৰে হৰণ যোৱা এটা সংখ্যা, লিখি থোৱাৰ সম্ভাৱিতা কি?

19. এজন শিশুৰ এটা লুডুগুটি আছে যাৰ ছয়খন পিঠিৰ তলত দেখুওৱাৰ দৰে আখৰ ওলায়। A B C D E A গুটিটো এবাৰ মাৰি পঠিওৱা হ’ল। (i) A, (ii) D ওলোৱাৰ সম্ভাৱিতা কি?

21. 144 টা বলপেন থকা এক মুঠা বলপেনত 20 টা বলপেন বেয়া আছে আৰু বাকীবোৰ ভাল। নুৰিয়ে এটা কলম কিনিব যদিহে ই ভাল হয় আৰু বেয়া হ’লে নিকিনে। দোকানীয়ে যাদৃচ্ছিকভাৱে এটা কলম আনিলে আৰু তাইক দিলে। সম্ভাবিতা কি যাতে,
(i) তাই এইটো কিনে,
(ii) তাই এইটো নিকিনে?

22. উদাহৰণ (13) লোৱাঁ। (i) তলৰ তালিকাখন সম্পূৰ্ণ কৰা:

দুটা ‘গুটিত সংখ্যাৰ সমষ্টি’23456789101112
সম্ভাৱিতা1/65/361/36

(ii) এজন ছাত্রই যুক্তি দিলে যে, তাত ‘11 টা সম্ভাব্য ফলাফল 2, 3, 4, 5, 6, 7, 8,9, 10, 11 আৰু 12। সেইকাৰণে, সিহঁতৰ প্ৰত্যেকৰে সম্ভাৱিতা 1/11 তুমি এই যুক্তিত একমতনে?’তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা।

23. এটা খেল হ’ল— এটা এটকীয়া মুদ্ৰা লৈ 3 বাৰ টচ্ কৰা আৰু প্ৰত্যেকবাৰতে ইয়াৰ ফলাফল লিখি ৰাখা। হানিফ খেলখনত জয়ী হ’ব যদি সি আটাইবোৰ ফলাফল একে পায় অর্থাৎ তিনিটা মুণ্ড বা তিনিটা পুচ্ছ পায় আৰু অন্যহাতে পৰাজিত হ’ব। হানিফ খেলখনত পৰাজিত হোৱাৰ সম্ভাৱিতা নির্ণয় কৰা।

24. এটা লুডুগুটি দুবাৰ মাৰি পঠিওৱা হ’ল। সম্ভাৱিতা কি যাতে
(i) এবাৰো 5 নোলায় ?
(ii) অন্ততঃ এবাৰ 5 ওলায় ?
[ইংগিত: এটা লুডুগুটি দুবাৰ আৰু দুটা লুডুগুটি এবাৰ একেলগে মাৰি পঠিওৱা পৰীক্ষা একে বুলি বিবেচনা কৰা হয়]

25. তলৰ কোনকেইটা উক্তি সত্য আৰু কোনকেইটা অসত্য ? তোমাৰ উত্তৰৰ কাৰণ দর্শোৱা।
(i) যদি দুটা মুদ্ৰা একেলগে টচ্ কৰা হয় তেন্তে তাত তিনিটা ফলাফল থাকে— দুয়োটা মুণ্ড, দুয়োটা পুচ্ছ বা প্রত্যেকৰে এটা। সেইবাবে, এই ফলাফলৰ প্ৰতিটোৰে সম্ভাৱিতা হ’ল
(ii) যদি এটা লুডুগুটি দলিওৱা হয়, তাত দুটা ফলাফল থাকে এটা অযুগ্ম সংখ্যা আৰু এটা যুগ্ম সংখ্যা। সেইকাৰণে, এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা হ’ল 1/2

Download PDF Now: Class 10 Maths Chapter 15 Ex 15.1 Q17-Q25 Solution Assamese Medium

শেষ বাক্য: আজি আমি আলোচনা কৰিলোঁ Class 10 Maths Chapter 15 Ex 15.1 Q1-Q25 ৰ সমাধান। আপুনি যদি এই সমাধানত কিবা অসুবিধা পাইছে তেন্তে comment section ত জনাব। আমি আপোনাৰ যিকোনো সমস্যাৰ সমাধান দিবলৈ প্ৰয়াস কৰিম। বিশেষ সুবিধাৰ বাবে আপুনি Assamese Medium Facebook Page, Assamese Medium Instagram Page, Twitter ত Follow কৰিব পাৰে।

প্ৰত্যুত্তৰ দিয়ক